লূকে লিখা শুভবাৰ্তা
২১ তাৰ পাছত যীচুৱে চাই দেখিলে যে ধনী লোকসকলে দান-পাত্ৰত দান দি আছে। ২ তেতিয়া তেওঁ এগৰাকী দুখীয়া বিধৱাক একেবাৰে কম মূল্যৰ দুটা মুদ্ৰা* দিয়া দেখিলে ৩ আৰু কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, এই দুখীয়া বিধৱাগৰাকীয়ে সেই সকলোতকৈ বেছি দিলে। ৪ কিয়নো তেওঁলোক সকলোৱে নিজৰ অধিক হোৱা ধনৰ পৰা দিছিল, কিন্তু সেই বিধৱাগৰাকীয়ে অভাৱ হোৱাৰ সত্ত্বেও তেওঁৰ ওচৰত যি আছিল, সেই সকলো দিলে।”
৫ পাছত যেতিয়া তেওঁলোকৰ মাজৰ কিছুমানে মন্দিৰটো কিমান ধুনীয়া ধুনীয়া শিলেৰে আৰু ঈশ্বৰলৈ সমৰ্পণ কৰা বস্তুবোৰেৰে সজোৱা হৈছে বুলি কথা পাতি আছিল, ৬ তেতিয়া তেওঁ কʼলে, “এনে এদিন আহিব যেতিয়া এই সকলো যি তোমালোকে দেখিছা, এইবোৰৰ এটাও শিল, আনটো শিলৰ ওপৰত নাথাকিব। সকলোবিলাক ধ্বংস হৈ যাব।” ৭ তেতিয়া শিষ্যসকলে তেওঁক সুধিলে, “গুৰু, এইবোৰ আচলতে কেতিয়া হʼব আৰু এইবোৰ যে ঘটিব, তাৰ চিন কি হʼব?” ৮ তেওঁ কʼলে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা। কাৰণ বহুতো লোকে মোৰ নামেৰে আহি কʼব, ‘মই সেইজনেই’ আৰু ‘নিৰ্ধাৰিত সময় ওচৰ পালেহি।’ তোমালোকে তেওঁলোকৰ পিছে পিছে নাযাবা। ৯ ইয়াৰ উপৰিও, যেতিয়া তোমালোকে যুদ্ধ আৰু হুলস্থুলৰ* খবৰ শুনিবা, তেতিয়া ভয় নাখাবা। কিয়নো প্ৰথমে এইদৰে হʼব লাগিব, কিন্তু তেতিয়াই অন্ত নহʼব।”
১০ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ বিৰুদ্ধে উঠিব। ১১ ডাঙৰ ডাঙৰ ভূমিকম্প হʼব আৰু ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হʼব। ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা যাব আৰু আকাশত ডাঙৰ ডাঙৰ চিন দেখিবলৈ পোৱা যাব।
১২ কিন্তু এইবোৰ হোৱাৰ আগতেই লোকসকলে তোমালোকক গ্ৰেপ্তাৰ কৰিব, তোমালোকক তাড়না দিব, তোমালোকক সভাঘৰবোৰত গতাই দিব আৰু জেলত বন্দী কৰিব। মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু ৰাজ্যপালবিলাকৰ ওচৰলৈ নিয়া হʼব। ১৩ তেতিয়া তোমালোকে সাক্ষ্য দিবলৈ সুযোগ পাবা। ১৪ সেইবাবে, নিজকে বচাবলৈ কি কʼম, তাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতি নকৰিম বুলি থিৰাং কৰি লোৱা। ১৫ কাৰণ মই তোমালোকক কʼবলৈ এনে শব্দ আৰু এনে বুদ্ধি দিম যে সকলো বিৰোধীয়ে মিলিও তোমালোকক বিৰোধ কৰিব নোৱাৰিব আৰু একো কʼবও নোৱাৰিব। ১৬ আনকি, তোমালোকৰ মা-দেউতা, ভাই-ককাই, সম্বন্ধীয় আৰু বন্ধুসকলেও তোমালোকক ন্যায়াধীশৰ হাতত গতাই দিব* আৰু তোমালোকৰ মাজৰ কিছুমানক হত্যা কৰা হʼব। ১৭ মোৰ নামৰ কাৰণে সকলোৱে তোমালোকক ঘিণ কৰিব। ১৮ কিন্তু তোমালোকৰ মূৰৰ এডালি চুলিও নষ্ট নহʼব। ১৯ তোমালোকে ধৈৰ্য্য ধৰিলে নিজৰ জীৱন বচাব পাৰিবা।
২০ যেতিয়া যিৰূচালেমক সৈন্যসকলে আগুৰি ধৰা তোমালোকে দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা। ২১ তেতিয়া যিসকলে যিহূদিয়াত আছে, তেওঁলোকে পাহাৰৰ ফালে পলাবলৈ আৰম্ভ কৰক আৰু যিসকলে যিৰূচালেমৰ ভিতৰত আছে, তেওঁলোকে বাহিৰলৈ ওলাই যাওক আৰু যিসকলে গাঁওবোৰত আছে, তেওঁলোকে যিৰূচালেমলৈ নাযাওক। ২২ কিয়নো সেই দিন প্ৰতিশোধ লোৱাৰ* দিন হʼব যাতে শাস্ত্ৰত লিখা সকলো কথা পূৰ হয়। ২৩ গৰ্ভৱতী তিৰোতা আৰু কেঁচুৱাক গাখীৰ খোৱাওঁতা তিৰোতাসকলৰ বাবে সেই দিনটো কিমান যে ভয়ানক হʼব! কাৰণ গোটেই দেশত দুৰ্দশা দেখিবলৈ পোৱা যাব আৰু এই লোকসকলক শাস্তি দিয়া হʼব। ২৪ তেওঁলোকক তৰোৱালেৰে হত্যা কৰা হʼব আৰু তেওঁলোকক গোটেই ৰাষ্ট্ৰত বন্দী কৰি লৈ যোৱা হʼব আৰু যেতিয়ালৈকে ৰাষ্ট্ৰবোৰৰ* কাৰণে নিৰ্ধাৰিত কৰা সময় পূৰ নহয়, তেতিয়ালৈকে যিৰূচালেমক ৰাষ্ট্ৰবোৰে ভৰিৰে গচকিব।
২৫ ইয়াৰ উপৰিও সূৰ্য্য, চন্দ্ৰ আৰু তৰাবোৰত চিন দেখিবলৈ পোৱা যাব আৰু পৃথিৱীৰ ৰাষ্ট্ৰৰ লোকসকলৰ ওপৰত সংকট হʼব, কিয়নো সাগৰ আৰু ঢৌৰ তৰ্জন-গৰ্জনৰ কাৰণে তেওঁলোকে বাচিবলৈ কোনো উপায় বিচাৰি নাপাব। ২৬ পৃথিৱীত আৰু কি কি হʼব, এই চিন্তা আৰু ভয়ৰ কাৰণে লোকসকল অজ্ঞান হৈ পৰিব। কাৰণ আকাশৰ শক্তিবোৰ লৰোৱা হʼব। ২৭ ইয়াৰ পাছত তেওঁলোকে মানুহৰ পুত্ৰক শক্তি আৰু মহিমাৰে সৈতে মেঘৰ ওপৰত অহা দেখিব। ২৮ কিন্তু যেতিয়া এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হʼব, তেতিয়া তোমালোকে মোৰ দাঙি চিধাকৈ থিয় হʼবা, কিয়নো তোমালোকে উদ্ধাৰ পোৱাৰ সময় ওচৰ চাপিছেহি।”
২৯ যীচুৱে তেওঁলোকক এটা উদাহৰণ দিলে: “ডিমৰু গছ আৰু আন সকলো গছবোৰলৈ মন কৰা। ৩০ যেতিয়া সেই গছবোৰে কুঁহিপাত মেলে, তেতিয়া সেয়া দেখি গৰমকাল ওচৰ পালেহি বুলি তোমালোকে জানা। ৩১ ঠিক সেইদৰে, যেতিয়া তোমালোকে এই সকলো কথা হোৱা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিছেহি বুলি জানিবা। ৩২ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে এই সকলো কথা পূৰ নহʼব, তেতিয়ালৈকে এই যুগৰ লোকসকল কেতিয়াও লুপ্ত নহʼব। ৩৩ আকাশ আৰু পৃথিৱী লুপ্ত হʼব, কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহʼব।
৩৪ কিন্তু তোমালোকে সাৱধানে থাকা যাতে বেছিকৈ খোৱা-বোৱা আৰু জীৱনৰ চিন্তাৰ গধুৰ বোজাই যেন তোমালোকৰ হৃদয়ক হেঁচি নধৰে আৰু হঠাতে সেই দিন যেন তোমালোকৰ ওপৰত ৩৫ ফান্দৰ দৰে নাহে। কিয়নো সেই দিন পৃথিৱীত থকা সকলো লোকৰ ওপৰত আহিব। ৩৬ সেইবাবে, সতৰ্ক হৈ থাকা আৰু সকলো সময়তে প্ৰাৰ্থনা আৰু মিনতি কৰি থাকা যাতে যিবোৰ ঘটনা ঘটিব, তাৰ পৰা তোমালোকে বাচিব পাৰা আৰু মানুহৰ পুত্ৰৰ আগত থিয় হʼব পাৰা।”
৩৭ এইদৰে যীচুৱে দিনত মন্দিৰত শিকাইছিল আৰু ৰাতি চহৰৰ পৰা বাহিৰলৈ ওলাই জৈতুন নামৰ পাহাৰত গৈ থাকিছিল। ৩৮ সকলোৱে মন্দিৰত তেওঁৰ কথা শুনিবলৈ ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।