বুধবাৰ, ২৪ ছেপ্টেম্বৰ
যি হওক, আমি যি পথে এইখিনি পালোঁহি, তাতেই চলোঁহঁক।—ফিলি. ৩:১৬.
আজি বহুতো ভাই-ভনীয়ে নিজৰ সেৱা বঢ়াবলৈ বহুতো চেষ্টা কৰি আছে। যেনে, কিছুমানে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হৈছে, আন কিছুমান ভাই-ভনীয়ে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰি আছে। যদি আপুনিও এনে লক্ষ্য ৰাখিব পাৰে, তেনেহʼলে নিশ্চয় ৰাখক। যিহোৱাৰ লোকসকলে উৎসাহেৰে তেওঁৰ সেৱা কৰিবলৈ সদায় চেষ্টা কৰি থাকে। (পাঁচ. ১৬:৯) কিন্তু আপুনি যদি এতিয়া এইদৰে কৰিব নোৱাৰে, তেনেহʼলে নিৰাশ নহʼব। এয়াও নাভাবিব যে আপুনি সেই ভাই-ভনীসকলৰ তুলনাত একোৱেই কৰিব পৰা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, আপুনি ধৈৰ্য্যেৰে খ্ৰীষ্টৰ পথত দৌৰি থাকক। (মথি ১০:২২) আপুনি নিজৰ দক্ষতা আৰু পৰিস্থিতিৰ অনুসৰি যি কৰিব পাৰে, সেয়া কম বুলি নাভাবিব। যিহোৱাই আপোনাৰ সেৱাক বহুত মুল্যৱান বুলি ভাবে। এইদৰে সম্পূৰ্ণ মনেৰে তেওঁৰ সেৱা কৰি বাপ্তিষ্মাৰ পাছতো আপুনি যীচুৰ পিছে পিছে চলি থাকিব পাৰিব।—গীত. ২৬:১. w২৪.০৩ ১০ ¶১১
বৃহস্পতিবাৰ, ২৫ ছেপ্টেম্বৰ
তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে।—কল. ২:১৩.
আমাৰ পিতৃ যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে যদি আমি অনুতাপ কৰিম, তেনেহʼলে তেওঁ আমাক ক্ষমা কৰিব। (গীত. ৮৬:৫) গতিকে আমি যদি নিজৰ ভুলৰ বাবে সঁচাকৈ অনুতাপ কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাৰ সকলো পাপ ক্ষমা কৰিলে। আমি মনত ৰাখিব পাৰোঁ যে যিহোৱা দয়া দেখুৱা ঈশ্বৰ হয়। আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, সেইবোৰ কাম কৰিবলৈ তেওঁ আমাক নকয়। ইয়াৰ পৰিৱৰ্তে যেতিয়া আমি মনে-প্ৰাণে তেওঁৰ সেৱা কৰোঁ, তেতিয়া তেওঁ তাক মূল্যাংকন কৰে। আমি বাইবেলত কোৱা সেই লোকসকলৰ উদাহৰণবোৰলৈও ধ্যান দিয়া উচিত, যিসকলে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিছিল। পাঁচনি পৌলৰ বিষয়ে আকৌ মন কৰক। তেওঁ বহু বছৰলৈকে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিলে, হাজাৰ কিলোমিটাৰলৈকে যাত্ৰা কৰিলে আৰু বহুতো মণ্ডলী আৰম্ভ কৰিলে। কিন্তু যেতিয়া তেওঁৰ পৰিস্থিতি সলনি হʼল, তেতিয়া আগতে তেওঁ যিমান প্ৰচাৰ কৰিব পাৰিছিল, সিমান কৰিব পৰা নাছিল। গতিকে ইয়াৰ বাবে তেওঁ যিহোৱাৰ অনুমোদন হেৰুৱাইছিল নে? নহয়। পৌলে যিমান কৰিব পাৰিছিল, সিমান কৰি থাকিল আৰু ইয়াৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। (পাঁচ. ২৮:৩০, ৩১) ঠিক সেইদৰে আমাৰ পৰিস্থিতিও একেদৰে নাথাকে, কেতিয়াবা আমি বেছিকৈ কৰিব পাৰোঁ আৰু কেতিয়াবা কম। কিন্তু আমি কিমান কৰিব পাৰিছোঁ তালৈ যিহোৱাই ধ্যান নিদিয়ে। ইয়াৰ পৰিৱৰ্তে আমি কি উদ্দেশ্যেৰে তেওঁৰ সেৱা কৰি আছোঁ তালৈ ধ্যান দিয়ে। w২৪.০৩ ২৭ ¶৭, ৯
শুক্ৰবাৰ, ২৬ ছেপ্টেম্বৰ
ৰাতিপুৱা . . . যীচুৱে উঠি বাহিৰলৈ গʼল আৰু এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। —মাৰ্ক ১:৩৫.
প্ৰাৰ্থনাৰ ক্ষেত্ৰত যীচুৱে নিজৰ শিষ্যসকলৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। পৃথিৱীত থাকোঁতে তেওঁ বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ প্ৰায়ে ব্যস্ত থাকিছিল আৰু লোকসকলে তেওঁৰ আশে-পাশে আছিল, সেইবাবে তেওঁ কেতিয়া প্ৰাৰ্থনা কৰিব এই বিষয়ে তেওঁ আগতীয়াকৈ ভাবিছিল। (মাৰ্ক ৬:৩১, ৪৫, ৪৬) তেওঁ ৰাতিপুৱা সোনকালে উঠিছিল যাতে প্ৰাৰ্থনাত যিহোৱাৰ লগত কথা পাতিব পাৰে। এবাৰ যেতিয়া তেওঁ গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছিল, তেতিয়া তেওঁ গোটেই ৰাতি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (লূক ৬:১২, ১৩) মৃত্যুৰ আগনিশা যীচুৱে বহু বাৰ প্ৰাৰ্থনা কৰিলে, কিয়নো পৃথিৱীত যিহোৱাই তেওঁক যি দায়িত্ব দিছিল, সেয়া পূৰ কৰিবলগীয়া আছিল। (মথি ২৬:৩৯, ৪২, ৪৪) যীচুৰ পৰা আমি শিকিব পাৰোঁ যে ব্যস্ত থাকিলেও আমি প্ৰাৰ্থনা কৰাৰ বাবে সময় উলিওৱা উচিত। তেওঁৰ দৰে আমিও ৰাতিপুৱা সোনকালে বা ৰাতি প্ৰাৰ্থনা কৰিবলৈ সময় নিৰ্ধাৰিত কৰিব পাৰোঁ। এইদৰে কৰি আমি দেখুৱাম যে যিহোৱাই প্ৰাৰ্থনা কৰাৰ যি সুযোগ দিছে, তাক আমি কৃতজ্ঞতা দেখুৱাইছোঁ। w২৩.০৫ ৩ ¶৪-৫