মঙ্গলবাৰ, ২৩ ছেপ্টেম্বৰ
“তুমি ধৈৰ্য্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি” ভাগৰি নপৰিলা। —প্ৰকা. ২:৩.
এই শেষ কালত পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু আমি অতি আনন্দিত যে আমি যিহোৱাৰ সংগঠনৰ ভাগ হওঁ। যিহোৱাই আমাক পৰিয়াল হিচাপে মণ্ডলীৰ ভাই-ভনীসকলক দিছে, যিসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰে আৰু একতাত থাকে। (গীত. ১৩৩:১) ইয়াৰ লগতে তেওঁ আমাক শিকাই যে পতি-পত্নী আৰু লʼৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে। (ইফি. ৫:৩৩–৬:১) ইয়াৰ উপৰিও চিন্তাবোৰৰ সন্মুখীন হʼবলৈ আৰু আনন্দিত থাকিবলৈ তেওঁ আমাক জ্ঞান আৰু বুদ্ধিও দিয়ে। এয়া সঁচা যে আমি যিহোৱাৰ সংগঠনত বহুতো আশীৰ্বাদ পাওঁ। তথাপিও তেওঁৰ বিশ্বাসী হৈ সেৱা কৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। কিয় বাৰু? কিয়নো বহু বাৰ কোনো এজন ভাই বা ভনীয়ে এনে কিবা কয় বা কৰে, যিয়ে আমাৰ মনক আঘাত দিয়ে। অথবা আমি হয়তো কিবা দুৰ্বলতাৰ বাবে একেটা ভুল বাৰে বাৰে কৰোঁ আৰু নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিতো আমি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ, (১) যেতিয়া কোনো ভাই বা ভনীয়ে আমাৰ মনক আঘাত দিয়ে, (২) যেতিয়া আমাৰ জীৱন সংগীয়ে আমাৰ হৃদয়ত আঘাত দিয়ে বা (৩) যেতিয়া আমি নিজৰ ভুলৰ বাবে নিৰাশ হৈ পৰোঁ। w২৪.০৩ ১৪ ¶১-২
বুধবাৰ, ২৪ ছেপ্টেম্বৰ
যি হওক, আমি যি পথে এইখিনি পালোঁহি, তাতেই চলোঁহঁক।—ফিলি. ৩:১৬.
আজি বহুতো ভাই-ভনীয়ে নিজৰ সেৱা বঢ়াবলৈ বহুতো চেষ্টা কৰি আছে। যেনে, কিছুমানে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হৈছে, আন কিছুমান ভাই-ভনীয়ে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰি আছে। যদি আপুনিও এনে লক্ষ্য ৰাখিব পাৰে, তেনেহʼলে নিশ্চয় ৰাখক। যিহোৱাৰ লোকসকলে উৎসাহেৰে তেওঁৰ সেৱা কৰিবলৈ সদায় চেষ্টা কৰি থাকে। (পাঁচ. ১৬:৯) কিন্তু আপুনি যদি এতিয়া এইদৰে কৰিব নোৱাৰে, তেনেহʼলে নিৰাশ নহʼব। এয়াও নাভাবিব যে আপুনি সেই ভাই-ভনীসকলৰ তুলনাত একোৱেই কৰিব পৰা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, আপুনি ধৈৰ্য্যেৰে খ্ৰীষ্টৰ পথত দৌৰি থাকক। (মথি ১০:২২) আপুনি নিজৰ দক্ষতা আৰু পৰিস্থিতিৰ অনুসৰি যি কৰিব পাৰে, সেয়া কম বুলি নাভাবিব। যিহোৱাই আপোনাৰ সেৱাক বহুত মুল্যৱান বুলি ভাবে। এইদৰে সম্পূৰ্ণ মনেৰে তেওঁৰ সেৱা কৰি বাপ্তিষ্মাৰ পাছতো আপুনি যীচুৰ পিছে পিছে চলি থাকিব পাৰিব।—গীত. ২৬:১. w২৪.০৩ ১০ ¶১১
বৃহস্পতিবাৰ, ২৫ ছেপ্টেম্বৰ
তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে।—কল. ২:১৩.
আমাৰ পিতৃ যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে যদি আমি অনুতাপ কৰিম, তেনেহʼলে তেওঁ আমাক ক্ষমা কৰিব। (গীত. ৮৬:৫) গতিকে আমি যদি নিজৰ ভুলৰ বাবে সঁচাকৈ অনুতাপ কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাৰ সকলো পাপ ক্ষমা কৰিলে। আমি মনত ৰাখিব পাৰোঁ যে যিহোৱা দয়া দেখুৱা ঈশ্বৰ হয়। আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, সেইবোৰ কাম কৰিবলৈ তেওঁ আমাক নকয়। ইয়াৰ পৰিৱৰ্তে যেতিয়া আমি মনে-প্ৰাণে তেওঁৰ সেৱা কৰোঁ, তেতিয়া তেওঁ তাক মূল্যাংকন কৰে। আমি বাইবেলত কোৱা সেই লোকসকলৰ উদাহৰণবোৰলৈও ধ্যান দিয়া উচিত, যিসকলে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিছিল। পাঁচনি পৌলৰ বিষয়ে আকৌ মন কৰক। তেওঁ বহু বছৰলৈকে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিলে, হাজাৰ কিলোমিটাৰলৈকে যাত্ৰা কৰিলে আৰু বহুতো মণ্ডলী আৰম্ভ কৰিলে। কিন্তু যেতিয়া তেওঁৰ পৰিস্থিতি সলনি হʼল, তেতিয়া আগতে তেওঁ যিমান প্ৰচাৰ কৰিব পাৰিছিল, সিমান কৰিব পৰা নাছিল। গতিকে ইয়াৰ বাবে তেওঁ যিহোৱাৰ অনুমোদন হেৰুৱাইছিল নে? নহয়। পৌলে যিমান কৰিব পাৰিছিল, সিমান কৰি থাকিল আৰু ইয়াৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। (পাঁচ. ২৮:৩০, ৩১) ঠিক সেইদৰে আমাৰ পৰিস্থিতিও একেদৰে নাথাকে, কেতিয়াবা আমি বেছিকৈ কৰিব পাৰোঁ আৰু কেতিয়াবা কম। কিন্তু আমি কিমান কৰিব পাৰিছোঁ তালৈ যিহোৱাই ধ্যান নিদিয়ে। ইয়াৰ পৰিৱৰ্তে আমি কি উদ্দেশ্যেৰে তেওঁৰ সেৱা কৰি আছোঁ তালৈ ধ্যান দিয়ে। w২৪.০৩ ২৭ ¶৭, ৯