ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

সোমবাৰ, ২২ ছেপ্টেম্বৰ

সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা আৰু তেওঁলোকক পিতৃ আৰু পুত্ৰৰ নামেৰে বাপ্তিষ্মা দিয়া। —মথি ২৮:১৯.

আন লোকসকলেও যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ নাম ব্যৱহাৰ কৰাটো যীচুৱে বিচাৰিছিল। সেই সময়ৰ কিছুমান ধৰ্মগুৰুৱে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ নাম বহুত পবিত্ৰ হয়, সেইবাবে তেওঁৰ নাম লোৱাটো উচিত নহয়। কিন্তু যীচুৱে মানুহে বনোৱা পৰম্পৰাক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু নিজৰ পিতৃৰ নাম মহিমা কৰি থাকিল। এটা উদাহৰণলৈ মন কৰক। এবাৰ গেৰাচেনীয়াবিলাকৰ এলেকাত দুষ্ট স্বৰ্গদূত সোমাই থকা এজন ব্যক্তিক যীচুৱে ঠিক কৰিলে। এয়া দেখি লোকসকলে বহুত ভয় খালে আৰু তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ যীচুক মিনতি কৰিলে। (মাৰ্ক ৫:১৬, ১৭) কিন্তু তাত থকা লোকসকলেও যিহোৱাৰ নাম জনাটো যীচুৱে বিচাৰিছিল। সেইবাবে, তাৰ পৰা যোৱাৰ আগতে তেওঁ যিজন ব্যক্তিক ঠিক কৰিছিল, তেওঁক যীচুৰ বিষয়ে নহয় যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে তাৰ বিষয়ে লোকসকলক জনাবলৈ কʼলে। (মাৰ্ক ৫:১৯) যীচুৱে আজিও এয়াই বিচাৰে। গোটেই পৃথিৱীত তেওঁৰ পিতৃৰ নাম ঘোষণা হোৱাটো তেওঁ বিচাৰে। (মথি ২৪:১৪; ২৮: ২০) যেতিয়া আমি এই কামত ভাগ লওঁ, তেতিয়া আমাৰ ৰজা যীচু বহুত আনন্দিত হয়। w২৪.০২ ১০ ¶১০

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

মঙ্গলবাৰ, ২৩ ছেপ্টেম্বৰ

“তুমি ধৈৰ্য্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি” ভাগৰি নপৰিলা। —প্ৰকা. ২:৩.

এই শেষ কালত পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু আমি অতি আনন্দিত যে আমি যিহোৱাৰ সংগঠনৰ ভাগ হওঁ। যিহোৱাই আমাক পৰিয়াল হিচাপে মণ্ডলীৰ ভাই-ভনীসকলক দিছে, যিসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰে আৰু একতাত থাকে। (গীত. ১৩৩:১) ইয়াৰ লগতে তেওঁ আমাক শিকাই যে পতি-পত্নী আৰু লʼৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে। (ইফি. ৫:৩৩–৬:১) ইয়াৰ উপৰিও চিন্তাবোৰৰ সন্মুখীন হʼবলৈ আৰু আনন্দিত থাকিবলৈ তেওঁ আমাক জ্ঞান আৰু বুদ্ধিও দিয়ে। এয়া সঁচা যে আমি যিহোৱাৰ সংগঠনত বহুতো আশীৰ্বাদ পাওঁ। তথাপিও তেওঁৰ বিশ্বাসী হৈ সেৱা কৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। কিয় বাৰু? কিয়নো বহু বাৰ কোনো এজন ভাই বা ভনীয়ে এনে কিবা কয় বা কৰে, যিয়ে আমাৰ মনক আঘাত দিয়ে। অথবা আমি হয়তো কিবা দুৰ্বলতাৰ বাবে একেটা ভুল বাৰে বাৰে কৰোঁ আৰু নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিতো আমি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ, (১) যেতিয়া কোনো ভাই বা ভনীয়ে আমাৰ মনক আঘাত দিয়ে, (২) যেতিয়া আমাৰ জীৱন সংগীয়ে আমাৰ হৃদয়ত আঘাত দিয়ে বা (৩) যেতিয়া আমি নিজৰ ভুলৰ বাবে নিৰাশ হৈ পৰোঁ। w২৪.০৩ ১৪ ¶১-২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বুধবাৰ, ২৪ ছেপ্টেম্বৰ

যি হওক, আমি যি পথে এইখিনি পালোঁহি, তাতেই চলোঁহঁক।—ফিলি. ৩:১৬.

আজি বহুতো ভাই-ভনীয়ে নিজৰ সেৱা বঢ়াবলৈ বহুতো চেষ্টা কৰি আছে। যেনে, কিছুমানে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হৈছে, আন কিছুমান ভাই-ভনীয়ে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰি আছে। যদি আপুনিও এনে লক্ষ্য ৰাখিব পাৰে, তেনেহʼলে নিশ্চয় ৰাখক। যিহোৱাৰ লোকসকলে উৎসাহেৰে তেওঁৰ সেৱা কৰিবলৈ সদায় চেষ্টা কৰি থাকে। (পাঁচ. ১৬:৯) কিন্তু আপুনি যদি এতিয়া এইদৰে কৰিব নোৱাৰে, তেনেহʼলে নিৰাশ নহʼব। এয়াও নাভাবিব যে আপুনি সেই ভাই-ভনীসকলৰ তুলনাত একোৱেই কৰিব পৰা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, আপুনি ধৈৰ্য্যেৰে খ্ৰীষ্টৰ পথত দৌৰি থাকক। (মথি ১০:২২) আপুনি নিজৰ দক্ষতা আৰু পৰিস্থিতিৰ অনুসৰি যি কৰিব পাৰে, সেয়া কম বুলি নাভাবিব। যিহোৱাই আপোনাৰ সেৱাক বহুত মুল্যৱান বুলি ভাবে। এইদৰে সম্পূৰ্ণ মনেৰে তেওঁৰ সেৱা কৰি বাপ্তিষ্মাৰ পাছতো আপুনি যীচুৰ পিছে পিছে চলি থাকিব পাৰিব।—গীত. ২৬:১. w২৪.০৩ ১০ ¶১১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক