দেওবাৰ, ২১ ছেপ্টেম্বৰ
তিৰোতাবিলাকো ধীৰ, . . . আৰু সকলো বিষয়ত বিশ্বাসিনী হব লাগে।—১ তীম. ৩:১১.
সৰু লʼৰা-ছোৱালীবিলাক বহুত সোনকালে ডাঙৰ হয়। আমিও বাঢ়ি থকাৰ প্ৰয়োজন অৰ্থাৎ আমি পৰিপক্ক হৈ থাকিব লাগিব। লʼৰা-ছোৱালীবিলাক নিজে নিজে ডাঙৰ হয়, কিন্তু আমি এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼবলৈ পৰিশ্ৰম কৰিব লাগিব। (১ কৰি. ১৩:১১; ইব্ৰী ৬:১, ২) এয়া আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াৰ বাবে যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থকাটো অতি গুৰুত্বপূৰ্ণ। আমি যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায় লʼব লাগিব, তেতিয়াহে আমি এনে গুণবোৰ বঢ়াব পাৰিম, যাৰ পৰা যিহোৱাই আনন্দিত হʼব, আমি এনে দক্ষতা শিকিব পাৰিম যি আমাৰ কামত আহিব আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব পাৰিম। (হিতো. ১:৬) যিহোৱাই মানুহক পুৰুষ আৰু স্ত্ৰী হিচাপে সৃষ্টি কৰিছিল। (আদি. ১:২৭) পুৰুষ আৰু স্ত্ৰী দেখাত বেলেগ হোৱাৰ লগতে তেওঁলোকৰ মাজত আৰু কিছুমান পাৰ্থক্য আছে। যেনে, যিহোৱাই তেওঁলোকক বেলেগ বেলেগ দায়িত্ব দিছে। এই দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ তেওঁলোকে কিছুমান গুণ বঢ়াবলগীয়া হয় আৰু কিছুমান দক্ষতাও শিকিবলগীয়া হয়।—আদি. ২:১৮. w২৩.১২ ১৮ ¶১-২
সোমবাৰ, ২২ ছেপ্টেম্বৰ
সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা আৰু তেওঁলোকক পিতৃ আৰু পুত্ৰৰ নামেৰে বাপ্তিষ্মা দিয়া। —মথি ২৮:১৯.
আন লোকসকলেও যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ নাম ব্যৱহাৰ কৰাটো যীচুৱে বিচাৰিছিল। সেই সময়ৰ কিছুমান ধৰ্মগুৰুৱে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ নাম বহুত পবিত্ৰ হয়, সেইবাবে তেওঁৰ নাম লোৱাটো উচিত নহয়। কিন্তু যীচুৱে মানুহে বনোৱা পৰম্পৰাক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু নিজৰ পিতৃৰ নাম মহিমা কৰি থাকিল। এটা উদাহৰণলৈ মন কৰক। এবাৰ গেৰাচেনীয়াবিলাকৰ এলেকাত দুষ্ট স্বৰ্গদূত সোমাই থকা এজন ব্যক্তিক যীচুৱে ঠিক কৰিলে। এয়া দেখি লোকসকলে বহুত ভয় খালে আৰু তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ যীচুক মিনতি কৰিলে। (মাৰ্ক ৫:১৬, ১৭) কিন্তু তাত থকা লোকসকলেও যিহোৱাৰ নাম জনাটো যীচুৱে বিচাৰিছিল। সেইবাবে, তাৰ পৰা যোৱাৰ আগতে তেওঁ যিজন ব্যক্তিক ঠিক কৰিছিল, তেওঁক যীচুৰ বিষয়ে নহয় যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে তাৰ বিষয়ে লোকসকলক জনাবলৈ কʼলে। (মাৰ্ক ৫:১৯) যীচুৱে আজিও এয়াই বিচাৰে। গোটেই পৃথিৱীত তেওঁৰ পিতৃৰ নাম ঘোষণা হোৱাটো তেওঁ বিচাৰে। (মথি ২৪:১৪; ২৮: ২০) যেতিয়া আমি এই কামত ভাগ লওঁ, তেতিয়া আমাৰ ৰজা যীচু বহুত আনন্দিত হয়। w২৪.০২ ১০ ¶১০
মঙ্গলবাৰ, ২৩ ছেপ্টেম্বৰ
“তুমি ধৈৰ্য্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি” ভাগৰি নপৰিলা। —প্ৰকা. ২:৩.
এই শেষ কালত পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু আমি অতি আনন্দিত যে আমি যিহোৱাৰ সংগঠনৰ ভাগ হওঁ। যিহোৱাই আমাক পৰিয়াল হিচাপে মণ্ডলীৰ ভাই-ভনীসকলক দিছে, যিসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰে আৰু একতাত থাকে। (গীত. ১৩৩:১) ইয়াৰ লগতে তেওঁ আমাক শিকাই যে পতি-পত্নী আৰু লʼৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে। (ইফি. ৫:৩৩–৬:১) ইয়াৰ উপৰিও চিন্তাবোৰৰ সন্মুখীন হʼবলৈ আৰু আনন্দিত থাকিবলৈ তেওঁ আমাক জ্ঞান আৰু বুদ্ধিও দিয়ে। এয়া সঁচা যে আমি যিহোৱাৰ সংগঠনত বহুতো আশীৰ্বাদ পাওঁ। তথাপিও তেওঁৰ বিশ্বাসী হৈ সেৱা কৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। কিয় বাৰু? কিয়নো বহু বাৰ কোনো এজন ভাই বা ভনীয়ে এনে কিবা কয় বা কৰে, যিয়ে আমাৰ মনক আঘাত দিয়ে। অথবা আমি হয়তো কিবা দুৰ্বলতাৰ বাবে একেটা ভুল বাৰে বাৰে কৰোঁ আৰু নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিতো আমি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ, (১) যেতিয়া কোনো ভাই বা ভনীয়ে আমাৰ মনক আঘাত দিয়ে, (২) যেতিয়া আমাৰ জীৱন সংগীয়ে আমাৰ হৃদয়ত আঘাত দিয়ে বা (৩) যেতিয়া আমি নিজৰ ভুলৰ বাবে নিৰাশ হৈ পৰোঁ। w২৪.০৩ ১৪ ¶১-২