শনিবাৰ, ২০ ছেপ্টেম্বৰ
পৰস্পৰে প্ৰেম কৰা।—যোহ. ১৩:৩৪.
যদি আমি মণ্ডলীত কিছুমান ভাই-ভনীক প্ৰেম কৰোঁ আৰু কিছুমানক নকৰোঁ, তেনেহʼলে প্ৰেম কৰাৰ বিষয়ে যীচুৱে দিয়া আজ্ঞা পালন কৰা নাই। এয়া সঁচা যে আমি মণ্ডলীৰ কিছুমান ভাই-ভনীক আন ভাই-ভনীতকৈ বেছিকৈ প্ৰেম কৰোঁ। যীচুৱেও এইদৰে কৰিছিল। (যোহ. ১৩:২৩; ২০:২) কিন্তু পাঁচনি পিতৰে আমাক এয়াও মনত পেলাই দিয়ে যে সকলো খ্ৰীষ্টানে “ভাইমাত্ৰকেই প্ৰেম কৰা” উচিত, যিদৰে আমি নিজৰ পৰিয়ালৰ সদস্যক কৰোঁ। (১ পিত. ২:১৭) পিতৰে আমাক আগ্ৰহেৰে এজনে-আনজনক প্ৰেম কৰিবলৈ উৎসাহিত কৰিছে। (১ পিত. ১:২২) যেতিয়া পিতৰে ‘আগ্ৰহেৰে প্ৰেম’ কৰা বুলি কৈছিল, তাৰ অৰ্থ এয়াই আছিল যে যেতিয়া আমাক কাৰোবাক প্ৰেম কৰিবলৈ ইচ্ছা নকৰে, তেতিয়াও প্ৰেম কৰা উচিত। উদাহৰণস্বৰূপে, হয়তো কোনো এজন ভায়ে আমাৰ মনত আঘাত দিছে, তেতিয়া আমাৰ সেই ভাইজনক প্ৰেম কৰাৰ পৰিৱৰ্তে তেওঁ যিদৰে ব্যৱহাৰ কৰিলে সেইদৰে ব্যৱহাৰ কৰিবলৈ মন যায়। আমি প্ৰতিশোধ লʼলে ঈশ্বৰ আমাৰ পৰা আনন্দিত নহয়। (যোহ. ১৮:১০, ১১) পিতৰে লিখিলে, “অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি, বৰং আশীৰ্ব্বাদ কৰা।” (১ পিত. ৩:৯) যেতিয়া আপুনি এইদৰে আগ্ৰহেৰে প্ৰেম কৰিব, তেতিয়া আনৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। w২৩.০৯ ২৮-২৯ ¶৯-১১
দেওবাৰ, ২১ ছেপ্টেম্বৰ
তিৰোতাবিলাকো ধীৰ, . . . আৰু সকলো বিষয়ত বিশ্বাসিনী হব লাগে।—১ তীম. ৩:১১.
সৰু লʼৰা-ছোৱালীবিলাক বহুত সোনকালে ডাঙৰ হয়। আমিও বাঢ়ি থকাৰ প্ৰয়োজন অৰ্থাৎ আমি পৰিপক্ক হৈ থাকিব লাগিব। লʼৰা-ছোৱালীবিলাক নিজে নিজে ডাঙৰ হয়, কিন্তু আমি এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼবলৈ পৰিশ্ৰম কৰিব লাগিব। (১ কৰি. ১৩:১১; ইব্ৰী ৬:১, ২) এয়া আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াৰ বাবে যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থকাটো অতি গুৰুত্বপূৰ্ণ। আমি যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায় লʼব লাগিব, তেতিয়াহে আমি এনে গুণবোৰ বঢ়াব পাৰিম, যাৰ পৰা যিহোৱাই আনন্দিত হʼব, আমি এনে দক্ষতা শিকিব পাৰিম যি আমাৰ কামত আহিব আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব পাৰিম। (হিতো. ১:৬) যিহোৱাই মানুহক পুৰুষ আৰু স্ত্ৰী হিচাপে সৃষ্টি কৰিছিল। (আদি. ১:২৭) পুৰুষ আৰু স্ত্ৰী দেখাত বেলেগ হোৱাৰ লগতে তেওঁলোকৰ মাজত আৰু কিছুমান পাৰ্থক্য আছে। যেনে, যিহোৱাই তেওঁলোকক বেলেগ বেলেগ দায়িত্ব দিছে। এই দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ তেওঁলোকে কিছুমান গুণ বঢ়াবলগীয়া হয় আৰু কিছুমান দক্ষতাও শিকিবলগীয়া হয়।—আদি. ২:১৮. w২৩.১২ ১৮ ¶১-২
সোমবাৰ, ২২ ছেপ্টেম্বৰ
সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা আৰু তেওঁলোকক পিতৃ আৰু পুত্ৰৰ নামেৰে বাপ্তিষ্মা দিয়া। —মথি ২৮:১৯.
আন লোকসকলেও যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ নাম ব্যৱহাৰ কৰাটো যীচুৱে বিচাৰিছিল। সেই সময়ৰ কিছুমান ধৰ্মগুৰুৱে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ নাম বহুত পবিত্ৰ হয়, সেইবাবে তেওঁৰ নাম লোৱাটো উচিত নহয়। কিন্তু যীচুৱে মানুহে বনোৱা পৰম্পৰাক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু নিজৰ পিতৃৰ নাম মহিমা কৰি থাকিল। এটা উদাহৰণলৈ মন কৰক। এবাৰ গেৰাচেনীয়াবিলাকৰ এলেকাত দুষ্ট স্বৰ্গদূত সোমাই থকা এজন ব্যক্তিক যীচুৱে ঠিক কৰিলে। এয়া দেখি লোকসকলে বহুত ভয় খালে আৰু তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ যীচুক মিনতি কৰিলে। (মাৰ্ক ৫:১৬, ১৭) কিন্তু তাত থকা লোকসকলেও যিহোৱাৰ নাম জনাটো যীচুৱে বিচাৰিছিল। সেইবাবে, তাৰ পৰা যোৱাৰ আগতে তেওঁ যিজন ব্যক্তিক ঠিক কৰিছিল, তেওঁক যীচুৰ বিষয়ে নহয় যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে তাৰ বিষয়ে লোকসকলক জনাবলৈ কʼলে। (মাৰ্ক ৫:১৯) যীচুৱে আজিও এয়াই বিচাৰে। গোটেই পৃথিৱীত তেওঁৰ পিতৃৰ নাম ঘোষণা হোৱাটো তেওঁ বিচাৰে। (মথি ২৪:১৪; ২৮: ২০) যেতিয়া আমি এই কামত ভাগ লওঁ, তেতিয়া আমাৰ ৰজা যীচু বহুত আনন্দিত হয়। w২৪.০২ ১০ ¶১০