ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

শুক্ৰবাৰ, ১৯ ছেপ্টেম্বৰ

পৰস্পৰে প্ৰেম কৰোঁহঁক।—১ যোহ. ৪:৭.

‘আমি পৰস্পৰক প্ৰেম’ কৰাটো সকলোৱে বিচাৰোঁ। কিন্তু যীচুৱে যি কৈছিল, সেয়াও আমি মনত ৰখা উচিত। তেওঁ এবাৰ এইদৰে কৈছিল, “বহুতো লোকৰ প্ৰেম ঠাণ্ডা হৈ পৰিব।” (মথি ২৪:১২) যীচুৱে কোৱাৰ অৰ্থ এয়া নাছিল যে তেওঁৰ শিষ্যসকলৰ প্ৰেম ঠাণ্ডা হʼব। কিন্তু আজি আমি জগতত এইদৰে হোৱাটো দেখিবলৈ পাইছোঁ। লোকসকলৰ প্ৰেম শেষ হʼবলৈ ধৰিছে। সেইবাবে, আমিও সাৱধান হোৱা উচিত যাতে আমি তেওঁলোকৰ দৰ নহওঁ। সেইবাবে, আহক আমি এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত মন কৰোঁ: আমি নিজৰ ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ বুলি কেনেকৈ জানিব পাৰোঁ? আমি ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ, এয়া জনাৰ এটা ভাল উপায় হৈছে কিছুমান পৰিস্থিতিত আমি ভাই-ভনীসকলৰ লগত কেনে ব্যৱহাৰ কৰোঁ, তালৈ ধ্যান দিয়া। (২ কৰি. ৮:৮) এনে এটা পৰিস্থিতিৰ বিষয়ে পাঁচনি পিতৰে কৈছিল। তেওঁ এইদৰে কৈছিল, “বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।” (১ পিত. ৪:৮) ইয়াৰ অৰ্থ হৈছে যেতিয়া ভাই-ভনীসকলৰ পৰা কিবা ভুল হয় বা তেওঁলোকে এনে কিছুমান কথা কয় অথবা কাম কৰে, যাৰ বাবে আমাক বহুত দুখ লাগে, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাও তাৰ পৰা জানিব পাৰি যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ। w২৩.১১ ১০-১১ ¶১২-১৩

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শনিবাৰ, ২০ ছেপ্টেম্বৰ

পৰস্পৰে প্ৰেম কৰা।—যোহ. ১৩:৩৪.

যদি আমি মণ্ডলীত কিছুমান ভাই-ভনীক প্ৰেম কৰোঁ আৰু কিছুমানক নকৰোঁ, তেনেহʼলে প্ৰেম কৰাৰ বিষয়ে যীচুৱে দিয়া আজ্ঞা পালন কৰা নাই। এয়া সঁচা যে আমি মণ্ডলীৰ কিছুমান ভাই-ভনীক আন ভাই-ভনীতকৈ বেছিকৈ প্ৰেম কৰোঁ। যীচুৱেও এইদৰে কৰিছিল। (যোহ. ১৩:২৩; ২০:২) কিন্তু পাঁচনি পিতৰে আমাক এয়াও মনত পেলাই দিয়ে যে সকলো খ্ৰীষ্টানে “ভাইমাত্ৰকেই প্ৰেম কৰা” উচিত, যিদৰে আমি নিজৰ পৰিয়ালৰ সদস্যক কৰোঁ। (১ পিত. ২:১৭) পিতৰে আমাক আগ্ৰহেৰে এজনে-আনজনক প্ৰেম কৰিবলৈ উৎসাহিত কৰিছে। (১ পিত. ১:২২) যেতিয়া পিতৰে ‘আগ্ৰহেৰে প্ৰেম’ কৰা বুলি কৈছিল, তাৰ অৰ্থ এয়াই আছিল যে যেতিয়া আমাক কাৰোবাক প্ৰেম কৰিবলৈ ইচ্ছা নকৰে, তেতিয়াও প্ৰেম কৰা উচিত। উদাহৰণস্বৰূপে, হয়তো কোনো এজন ভায়ে আমাৰ মনত আঘাত দিছে, তেতিয়া আমাৰ সেই ভাইজনক প্ৰেম কৰাৰ পৰিৱৰ্তে তেওঁ যিদৰে ব্যৱহাৰ কৰিলে সেইদৰে ব্যৱহাৰ কৰিবলৈ মন যায়। আমি প্ৰতিশোধ লʼলে ঈশ্বৰ আমাৰ পৰা আনন্দিত নহয়। (যোহ. ১৮:১০, ১১) পিতৰে লিখিলে, “অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি, বৰং আশীৰ্ব্বাদ কৰা।” (১ পিত. ৩:৯) যেতিয়া আপুনি এইদৰে আগ্ৰহেৰে প্ৰেম কৰিব, তেতিয়া আনৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। w২৩.০৯ ২৮-২৯ ¶৯-১১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

দেওবাৰ, ২১ ছেপ্টেম্বৰ

তিৰোতাবিলাকো ধীৰ, . . . আৰু সকলো বিষয়ত বিশ্বাসিনী হব লাগে।—১ তীম. ৩:১১.

সৰু লʼৰা-ছোৱালীবিলাক বহুত সোনকালে ডাঙৰ হয়। আমিও বাঢ়ি থকাৰ প্ৰয়োজন অৰ্থাৎ আমি পৰিপক্ক হৈ থাকিব লাগিব। লʼৰা-ছোৱালীবিলাক নিজে নিজে ডাঙৰ হয়, কিন্তু আমি এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼবলৈ পৰিশ্ৰম কৰিব লাগিব। (১ কৰি. ১৩:১১; ইব্ৰী ৬:১, ২) এয়া আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াৰ বাবে যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থকাটো অতি গুৰুত্বপূৰ্ণ। আমি যিহোৱাৰ পবিত্ৰ শক্তিৰ সহায় লʼব লাগিব, তেতিয়াহে আমি এনে গুণবোৰ বঢ়াব পাৰিম, যাৰ পৰা যিহোৱাই আনন্দিত হʼব, আমি এনে দক্ষতা শিকিব পাৰিম যি আমাৰ কামত আহিব আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব পাৰিম। (হিতো. ১:৬) যিহোৱাই মানুহক পুৰুষ আৰু স্ত্ৰী হিচাপে সৃষ্টি কৰিছিল। (আদি. ১:২৭) পুৰুষ আৰু স্ত্ৰী দেখাত বেলেগ হোৱাৰ লগতে তেওঁলোকৰ মাজত আৰু কিছুমান পাৰ্থক্য আছে। যেনে, যিহোৱাই তেওঁলোকক বেলেগ বেলেগ দায়িত্ব দিছে। এই দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ তেওঁলোকে কিছুমান গুণ বঢ়াবলগীয়া হয় আৰু কিছুমান দক্ষতাও শিকিবলগীয়া হয়।—আদি. ২:১৮. w২৩.১২ ১৮ ¶১-২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক