থিচলনীকীয়াসকললৈ প্ৰথম চিঠি
৪ ভাইসকল, তোমালোকে আমাৰ পৰা শিকিছিলা যে ঈশ্বৰক আনন্দিত কৰিবলৈ তোমালোকৰ আচাৰ-ব্যৱহাৰ কেনে হোৱা উচিত আৰু সঁচাকৈ তোমালোকৰ আচাৰ-ব্যৱহাৰ এইদৰেই হয়। এতিয়া আমি প্ৰভু যীচুৰ নামেৰে তোমালোকক অনুৰোধ কৰোঁ আৰু তোমালোকক উৎসাহিত কৰোঁ যে তোমালোকে সম্পূৰ্ণৰূপে এইদৰে কৰি থাকা। ২ তোমালোকে জানা যে আমি প্ৰভু যীচুৰ ফালৰ পৰা তোমালোকক কি কি নিৰ্দেশনা* দিছিলোঁ।
৩ ঈশ্বৰৰ ইচ্ছা এয়েই যে তোমালোক পবিত্ৰ হৈ থাকা আৰু অনৈতিক শাৰীৰিক সম্পৰ্কৰ* পৰা দূৰত থাকা। ৪ আৰু তোমালোক প্ৰতিজনে পবিত্ৰতা আৰু আদৰেৰে সৈতে নিজৰ শৰীৰক* নিয়ন্ত্ৰণত ৰাখিবলৈ শিকিব লাগিব। ৫ তোমালোকে ঈশ্বৰক নজনা ৰাষ্ট্ৰৰ লোকসকলৰ দৰে নহʼবা, যিসকলে লোভেৰে আৰু নিয়ন্ত্ৰণ নোহোৱাকৈ নিজৰ কামভাৱ পূৰ কৰে। ৬ কোনেও এই ক্ষেত্ৰত নিজৰ সীমা পাৰ নকৰক আৰু নিজৰ ভাইৰ ক্ষতি নকৰক, কিয়নো যিহোৱাই* এই সকলো কামৰ শাস্তি দিয়ে, যিদৰে আমি তোমালোকক আগতেও কৈছিলোঁ আৰু কঠোৰ সাৱধানবাণী দিছিলোঁ। ৭ কাৰণ ঈশ্বৰে আমাক অশুচি কামৰ কাৰণে নহয়, কিন্তু পবিত্ৰ হʼবলৈ মাতিছে। ৮ সেইবাবে, যিজন মানুহে এই কথাক অস্বীকাৰ কৰে, তেওঁ কোনো মানুহক নহয়, ইয়াৰ পৰিৱৰ্তে সেইজন ঈশ্বৰক অস্বীকাৰ কৰে, যিজনে তোমালোকক নিজৰ পবিত্ৰ শক্তি দিয়ে।
৯ কিন্তু ভাতৃপ্ৰেমৰ বিষয়ে তোমালোকলৈ মই একো লিখাৰ প্ৰয়োজন নাই, কিয়নো তোমালোকক ঈশ্বৰে নিজেই এজনে-আনজনক প্ৰেম কৰিবলৈ শিকাইছে। ১০ আৰু সঁচাকৈ তোমালোকে মাকিদনিয়াৰ সকলো ভাইসকলক প্ৰেম কৰি আছা। কিন্তু ভাইসকল, আমি তোমালোকক উৎসাহিত কৰিছোঁ যে তোমালোকে আৰু বেছিকৈ এইদৰে কৰি থাকা। ১১ আৰু যিদৰে মই তোমালোকক নিৰ্দেশনা দিছিলোঁ, সেই অনুসৰি তোমালোকে শান্তিৰে জীৱন-যাপন কৰিবলৈ, আনৰ বিষয়ত নোসোমাবলৈ আৰু নিজৰ হাতেৰে পৰিশ্ৰম কৰিবলৈ লক্ষ্য ৰাখা ১২ যাতে বাহিৰৰ লোকসকলৰ দৃষ্টিত তোমালোকৰ আচাৰ-ব্যৱহাৰ ভদ্ৰ হয় আৰু তোমালোকৰ বস্তুৰ কোনো অভাৱ নহয়।
১৩ ইয়াৰ উপৰিও ভাইসকল, যিসকল মৃত্যুৰ টোপনিত আছে, তেওঁলোকৰ ভৱিষ্যৎ কি হʼব, এই কথা তোমালোকে নজনাকৈ থকাটো মই নিবিচাৰোঁ যাতে তোমালোকে সেই লোকসকলৰ দৰে শোক নকৰা, যিসকলৰ ওচৰত কোনো আশা নাই। ১৪ যদি আমাৰ বিশ্বাস আছে যে যীচু মৰিল আৰু জীয়াই উঠিল, তেনেহʼলে আমাৰ এয়াও বিশ্বাস আছে যে যিসকল যীচুৰ লগত একতাত মৃত্যুৰ টোপনিত গʼল, তেওঁলোকক ঈশ্বৰে যীচুৰ যোগেদি জীয়াই তুলিব। ১৫ কিয়নো আমি যিহোৱাৰ* বাক্যৰে তোমালোকক কওঁ যে আমাৰ মাজৰ যিসকলে প্ৰভুৰ উপস্থিতিৰ সময়ছোৱাত জীয়াই থাকিব, তেওঁলোক কোনোপধ্যেই সেই লোকসকলতকৈ আগেয়ে স্বৰ্গলৈ নাযাব, যিসকল ইতিমধ্যে মৃত্যুৰ টোপনিত গৈছে। ১৬ কিয়নো প্ৰভু নিজেই প্ৰধান স্বৰ্গদূতৰ ডাঙৰ মাতেৰে মাত লগাই স্বৰ্গৰ পৰা নামিব আৰু ঈশ্বৰৰ তুৰি বজোৱা হʼব আৰু যিসকলৰ খ্ৰীষ্টৰ লগত একতাত মৃত্যু হৈছে, তেওঁলোক প্ৰথমে জীয়াই উঠিব। ১৭ ইয়াৰ পাছত আমি যিসকল জীৱিত আৰু বাচি থাকিম, তেওঁলোকৰ লগত আমাক মেঘৰ মাজত উঠাই নিয়া হʼব যাতে আমি বতাহত প্ৰভুক লগ পাম। এইদৰে আমি সদায় প্ৰভুৰ লগত থাকিম। ১৮ সেইবাবে, এই সকলো কথাৰ যোগেদি এজনে-আনজনক শান্ত্বনা দি থাকা।