মথিয়ে লিখা শুভবাৰ্তা
২০ সেইবাবে, স্বৰ্গৰাজ্য সেই মালিকৰ দৰে হয়, যাৰ আঙুৰৰ খেতি আছিল। তেওঁ নিজৰ খেতিত কাম কৰিবলৈ মানুহ বিচাৰি ৰাতিপুৱা সোনকালে ওলাই গʼল। ২ তেওঁ কাম কৰা লোকসকলক গোটেই দিন কাম কৰাৰ বাবে এক দীনাৰ* দিবলৈ সন্মত হʼল আৰু তেওঁ লোকসকলক নিজৰ খেতিলৈ পঠাই দিলে। ৩ তাৰ পাছত তেওঁ তৃতীয় ঘণ্টাৰ* সময়ছোৱাত বাহিৰলৈ ওলাই গৈ দেখিলে যে বজাৰৰ কিনাৰত এনে কিছুমান লোক থিয় হৈ আছিল, যিসকলে কোনো কাম পোৱা নাছিল। ৪ খেতিৰ মালিকে তেওঁলোকক কʼলে, ‘তহঁতেও মোৰ আঙুৰৰ খেতিলৈ গৈ কাম কৰ আৰু যি উচিত, মই তহঁতক দিম।’ ৫ তেতিয়া তেওঁলোকে তালৈ গʼল। তেওঁ আকৌ প্ৰায় ছয়* আৰু ন ঘণ্টাৰ* সময়ছোৱাত বাহিৰলৈ ওলাই এইদৰেই কৰিলে। ৬ অৱশেষত, তেওঁ প্ৰায় ১১ ঘণ্টাৰ* সময়ছোৱাত বাহিৰলৈ ওলাল আৰু আন কিছুমান লোকক থিয় হৈ থকা দেখিলে। তেতিয়া খেতিৰ মালিকে তেওঁলোকক সুধিলে, ‘তহঁতি গোটেই দিন এনেই ইয়াত কিয় থিয় হৈ আছিলি?’ ৭ তেওঁলোকে কʼলে, ‘আমাক কোনেও কামত লগোৱা নাই।’ তেতিয়া তেওঁ কʼলে, ‘তহঁতেও মোৰ আঙুৰৰ খেতিলৈ যা।’
৮ যেতিয়া গধূলি হʼল, তেতিয়া খেতিৰ মালিকজনে কাম চোৱা-চিতা কৰা মানুহজনক কʼলে, ‘কাম কৰা লোকসকলক মাতি, শেষত অহা লোকসকলৰ পৰা আৰম্ভ কৰি, প্ৰথমে অহা কেইজনলৈকে হাজিৰা দিয়া।’ ৯ যিসকলে ১১ ঘণ্টাত কাম কৰিবলৈ আৰম্ভ কৰিছিল, তেওঁলোকে আহি প্ৰতিজনে এক দীনাৰকৈ* পালে। ১০ যেতিয়া প্ৰথমে কাম আৰম্ভ কৰা লোকসকল আহিল, তেতিয়া তেওঁলোকে মনে মনে ভাবিলে যে তেওঁলোকে বেছি হাজিৰা পাব। কিন্তু তেওঁলোককো এক দীনাৰকৈ দিয়া হʼল। ১১ এক দীনাৰ পোৱাৰ পাছত তেওঁলোকে মালিকক বেয়াকৈ কʼবলৈ ধৰিলে, ১২ ‘আমি গোটেই দিন ইমান ৰʼদত কাম কৰিলোঁ, কিন্তু এই শেষত কাম কৰিবলৈ অহা লোকসকলে মাত্ৰ এঘণ্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে!’ ১৩ কিন্তু মালিকজনে তেওঁলোকৰ মাজৰ এজনক কʼলে, ‘চা ভাই, মই তোৰ লগত একো অন্যায় কৰা নাই। তই মোৰ ইয়াত এক দীনাৰত কাম কৰিবলৈ সন্মত হোৱা নাছিলি নে? ১৪ সেইবাবে, তোৰখিনি তই লৈ যা, মই তোক যিমান দিলোঁ, শেষত অহা লোকসকলকো সিমানেই দিব বিচাৰোঁ। ১৫ মোৰ পইচা, মোৰ নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰাৰ অধিকাৰ মোৰ নাই নে? নে মই ভাল কাম* কৰা দেখি তোৰ হিংসা লাগিছে?’* ১৬ এইদৰে যিসকলে শেষত আছে, তেওঁলোকে প্ৰথম হʼব আৰু যিসকলে প্ৰথমত আছে, তেওঁলোক শেষত হʼব।”
১৭ যেতিয়া তেওঁলোক সকলোৱে যিৰূচালেমলৈ গৈ আছিল, তেতিয়া ৰাস্তাত যীচুৱে নিজৰ ১২ জন শিষ্যক অকলশৰীয়াকৈ নি কʼলে, ১৮ “চোৱা! আমি যিৰূচালেমলৈ গৈ আছোঁ, আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলৰ* হাতত গতাই দিয়া হʼব। তেওঁলোকে তেওঁক মৃত্যুদণ্ডৰ আজ্ঞা দিব। ১৯ তাৰ পাছত তেওঁক ইস্ৰায়েলী নোহোৱা লোকসকলৰ হাতত গতাই দিব। আৰু তেওঁলোকে তেওঁক ঠাট্টা কৰিব, চাবুকেৰে কোবাব আৰু কাঠত আঁৰি মাৰি পেলাব। আৰু তৃতীয় দিনাখন তেওঁক জীয়াই তোলা হʼব।”
২০ ইয়াৰ পাছত চিবদিয়ৰ পত্নী তেওঁৰ দুজন লʼৰাৰ লগত যীচুৰ ওচৰলৈ আহি তেওঁক মূৰ দোৱাই প্ৰণাম কৰিলে। তেওঁ যীচুৰ পৰা কিবা খুজিব বিচাৰিছিল। ২১ যীচুৱে তেওঁক কʼলে, “তুমি কি বিচাৰি আহিছা?” তেওঁ যীচুক কʼলে, “আপুনি এই প্ৰতিজ্ঞা কৰক যেন আপোনাৰ ৰাজ্যত মোৰ এই দুজন লʼৰাই এজনে আপোনাৰ সোঁহাতে আৰু আনজনে বাওঁহাতে বহিবলৈ পায়।” ২২ যীচুৱে কʼলে, “তোমালোকে নাজানা, তোমালোকে কি বিচাৰি আছা। মই যি পাত্ৰত খাবলৈ গৈছোঁ, তোমালোকে সেই পাত্ৰৰ পৰা খাব পাৰিবা নে?” তেওঁলোকে কʼলে, “হয়, পাৰিম।” ২৩ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে মোৰ পাত্ৰৰ পৰা নিশ্চয় খাবা, কিন্তু মোৰ সোঁহাতে বা বাওঁহাতে বহিবলৈ অনুমতি দিয়াৰ অধিকাৰ মোৰ নাই। মোৰ পিতৃয়ে যি লোকসকলৰ কাৰণে ইয়াক ৰাখিছে, তেওঁলোককেই দিয়া হʼব।”
২৪ যেতিয়া আন দহজনে এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই দুজন ভাই-ককায়েকৰ ওপৰত বহুত খং কৰিলে। ২৫ কিন্তু যীচুৱে নিজৰ শিষ্যসকলক নিজৰ ওচৰলৈ মাতি কʼলে, “তোমালোকে জানা যে জগতৰ অধিকাৰীয়ে লোকসকলৰ ওপৰত শাসন চলায় আৰু ডাঙৰ ডাঙৰ মানুহে তেওঁলোকৰ ওপৰত অধিকাৰ চলায়। ২৬ কিন্তু তোমালোকৰ মাজত এইদৰে হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, তোমালোকৰ মাজত যিজনে ডাঙৰ হʼব বিচাৰে, তেওঁ তোমালোকৰ সেৱক হোৱা উচিত ২৭ আৰু যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হʼব বিচাৰে, তেওঁ তোমালোকৰ দাস হোৱা উচিত। ২৮ ঠিক যেনেকৈ মানুহৰ পুত্ৰয়ো সেৱা পাবলৈ নহয়, কিন্তু সেৱা কৰিবলৈ আৰু বহুতো লোকৰ জীৱনৰ কাৰণে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিবলৈহে আহিল।”
২৯ তেওঁলোকে যিৰীহো নগৰৰ পৰা ওলাই যাওঁতে লোকসকলৰ এটা ডাঙৰ ভীৰে যীচুৰ পিছে পিছে আহিবলৈ ধৰিলে। ৩০ আৰু চোৱা! দুজন অন্ধ ব্যক্তি ৰাস্তাৰ কাষত বহি আছিল। যীচু সেই ৰাস্তাইদি যোৱা শুনি তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “হে প্ৰভু, দায়ূদৰ বংশ, আমাক দয়া কৰক।” ৩১ কিন্তু লোকসকলে তেওঁলোকক মনে মনে থাকিবলৈ ধমকি দিলে। কিন্তু তেওঁলোকে আৰু জোৰকৈ চিঞৰিলে, “হে প্ৰভু, দায়ূদৰ বংশ, আমাক দয়া কৰক।” ৩২ তেতিয়া যীচু ৰৈ গʼল আৰু তেওঁলোকক মাতি সুধিলে, “তোমালোকে কি বিচাৰা, মই তোমালোকৰ কাৰণে কি কৰিম?” ৩৩ তেওঁলোকে কʼলে, “প্ৰভু, আমাৰ চকু ভাল কৰি দিয়ক।” ৩৪ এয়া দেখি যীচুৰ হৃদয় দয়াৰে ভৰি পৰিল আৰু যীচুৱে তেওঁলোকৰ চকু চুলে। সেই সময়তে তেওঁলোকৰ চকু ভাল হৈ গʼল আৰু তেওঁলোকে যীচুৰ পিছে পিছে গʼল।