কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি
৯ পবিত্ৰ লোকসকলৰ সেৱা কৰাৰ বিষয়ে আচলতে মই তোমালোকলৈ লিখাৰ প্ৰয়োজন বুলি নাভাবোঁ, ২ কিয়নো মই জানোঁ যে তোমালোকে সহায় কৰিবলৈ সাজু হৈ আছা। আৰু মই মাকিদনিয়াৰ ভাইসকলক গৰ্বেৰে কৈ আছোঁ যে আখায়াৰ ভাইসকলে যোৱা এবছৰ ধৰি সহায় কৰিবলৈ ইচ্ছা কৰিছে। আৰু তোমালোকৰ উৎসাহে তেওঁলোকৰ মাজৰ বহুতো লোকক উৎসাহিত কৰিছে। ৩ কিন্তু মই ভাইসকলক তোমালোকৰ ওচৰলৈ আগতীয়াকৈ পঠোৱাৰ কাৰণ হৈছে যাতে এই বিষয়ত আমি তোমালোকৰ বিষয়ে যি গৰ্বেৰে কৈছিলোঁ, এই কথা ভুল বুলি প্ৰমাণিত নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে যেন সাজু হৈ থাকিব পাৰা, যিদৰে তোমালোকে সাজু হৈ থাকিবা বুলি মই তেওঁলোকক কৈছিলোঁ। ৪ নহʼলে মাকিদনিয়াৰ ভাইসকলে যদি মোৰ লগত তালৈ আহে আৰু এয়া দেখে যে তোমালোকে সাজু হৈ থকা নাই, তেনেহʼলে তোমালোকৰ ওপৰত আমি যি ভৰসা কৰিছোঁ, তাৰ কাৰণে আমি আৰু তোমালোকেও লাজত পৰিব লাগিব। ৫ সেইবাবে, মই ভাইসকলক বহু আগতেই তোমালোকৰ তাত যাবলৈ উৎসাহিত কৰাটো প্ৰয়োজন বুলি ভাবিলোঁ যাতে তেওঁলোকে উদাৰতাৰে দিয়া তোমালোকৰ উপহাৰ প্ৰস্তুত কৰি থয়, যি দিবলৈ তোমালোকে প্ৰতিজ্ঞা কৰিছিলা। এইদৰে এই দান জোৰ কৰি লোৱা নহয়, ইয়াৰ পৰিৱৰ্তে উদাৰতাৰে দিয়া উপহাৰ হʼব।
৬ এই ক্ষেত্ৰত যিজনে অলপকৈ সিঁচে, তেওঁ অলপকৈ দাব, কিন্তু যিজনে বেছিকৈ সিঁচে, তেওঁ বেছিকৈ দাব। ৭ প্ৰতিজনে যিদৰে নিজৰ মনত থিৰাং কৰিছে, সেইদৰে কৰক, দিওঁ নিদিওঁকৈ বা কিবা হেঁচাত পৰি নিদিয়ক, কিয়নো ঈশ্বৰে আনন্দ মনেৰে দিয়া লোকসকলক প্ৰেম কৰে।
৮ তোমালোকৰ ওপৰত মহা-কৃপা দেখুৱাৰ ঈশ্বৰৰ প্ৰচুৰ পৰিমাণে ক্ষমতা আছে যাতে তোমালোকৰ ওচৰত সকলো বস্তু অধিক মাত্ৰাত হওক আৰু সকলো ভাল কাম কৰিবলৈ যি প্ৰয়োজন হয়, সেই সকলো তোমালোকৰ ওচৰত অধিক মাত্ৰাত হওক। ৯ (যিদৰে লিখাও আছে, “তেওঁ উদাৰতাৰে ভগাই দিলে, তেওঁ দুখীয়াসকলক দান দিলে। তেওঁৰ ভাল কাম সদায় কাললৈকে থাকে।” ১০ যিসকলে সিঁচে ঈশ্বৰে তেওঁলোকক অধিক মাত্ৰাত বীজ দিয়ে আৰু খোৱা লোকসকলক ৰুটি দিয়ে, তেৱেঁই তোমালোকক সিঁচিবলৈ অধিক মাত্ৰাত বীজ দিব আৰু তোমালোকৰ ভাল কামৰ শস্য বৃদ্ধি কৰিব।) ১১ ঈশ্বৰে তোমালোকক প্ৰচুৰ আশীৰ্বাদ দিছে যাতে তোমালোকেও প্ৰচুৰ পৰিমাণে দান দিব পাৰা আৰু আমি যেতিয়া তোমালোকৰ এই দান আন লোকসকলক দিম, তেতিয়া লোকসকলে ঈশ্বৰক ধন্যবাদ দিব। ১২ কিয়নো এই জন-সেৱা পবিত্ৰ লোকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কেৱল কৰা নহয়, কিন্তু ঈশ্বৰক বহুত ধন্যবাদ দিবলৈও কৰা হয়। ১৩ তোমালোকে সাহায্যৰ কাৰণে এই যি সেৱা কৰা, তাৰ কাৰণে লোকসকলে ঈশ্বৰৰ মহিমা কৰে, কিয়নো তোমালোকে খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা প্ৰচাৰ কৰা, সেই শুভবাৰ্তাৰ অধীনতো থাকা আৰু তোমালোকে তেওঁলোকৰ কাৰণে আৰু সকলোৰে কাৰণে হৃদয় খুলি দান দিয়া। ১৪ তেওঁলোকে তোমালোকৰ কাৰণে ঈশ্বৰলৈ মিনতি কৰে আৰু তোমালোকক প্ৰেম কৰে, কিয়নো তোমালোকৰ ওপৰত ঈশ্বৰে প্ৰচুৰ পৰিমাণে মহা-কৃপা দিছে।
১৫ আহা আমি সেই দানৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ, যি দানৰ বিষয়ে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।