ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ কৰিন্থীয়া ৯
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ কৰিন্থীয়া ৯:১

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

১ কৰিন্থীয়া ৯:৫

ফুটনোট

  • *

    বা “কোনো খ্ৰীষ্টান ভনীক বিয়া কৰি।”

  • *

    পিতৰ বুলিও কোৱা হৈছিল।

১ কৰিন্থীয়া ৯:২৫

ফুটনোট

  • *

    বা “প্ৰতিজন খেলুৱৈয়ে।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ কৰিন্থীয়া ৯:১-২৭

কৰিন্থীয়াসকললৈ প্ৰথম চিঠি

৯ যি ইচ্ছা তাকেই কৰিবলৈ মই স্বাধীন নহওঁ নে? মই এজন পাঁচনি* নহওঁ নে? মই আমাৰ প্ৰভু যীচুক দেখা নাই নে? তোমালোক প্ৰভুত মোৰ পৰিশ্ৰমৰ ফল নোহোৱা নে? ২ মই আনৰ কাৰণে পাঁচনি নহʼলেও তোমালোকৰ কাৰণে নিশ্চয় হওঁ! কাৰণ তোমালোকেই সেই প্ৰমাণ, যিয়ে দেখুৱায় যে মই প্ৰভুৰ এজন পাঁচনি।

৩ যিসকলে মোৰ বিচাৰ কৰে, তেওঁলোকক মই এই উত্তৰ দিছোঁ: ৪ আমি খোৱা-বোৱা কৰাৰ অধিকাৰ নাই নে? ৫ আমি বিয়া কৰি নিজৰ বিশ্বাসী পত্নীক* নিজৰ লগত নিবলৈ অধিকাৰ নাই নে, যিদৰে বাকী পাঁচনি, প্ৰভুৰ ভাই আৰু কৈফাও* কৰে? ৬ অথবা কেৱল বাৰ্ণব্বা আৰু ময়েই প্ৰয়োজনীয়তা পূৰ কৰিবলৈ কাম কৰাৰ প্ৰয়োজন আছে নে? আমি কোনো কাম নকৰাকৈ থকাৰ আমাৰ অধিকাৰ নাই নে? ৭ এনে কোন সৈনিক আছে, যিজনে নিজৰ খৰচ-পাতি নিজেই বহন কৰে? এনে কোন আছে, যিজনে দ্ৰাক্ষাবাৰী পাতিও তাৰ ফল নাখায়? বা এনে কোন ৰখীয়া আছে, যিজনে জাকৰ চোৱা-চিতাতো কৰে, কিন্তু তাৰ গাখীৰৰ কিছু অংশও নলয়।

৮ মই এই কথাবোৰ কেৱল মানুহৰ দৃষ্টিৰে কৈ আছোঁ নে? নিয়মেও এই কথাবোৰেই নকয় নে? ৯ কাৰণ মোচিৰ নিয়মত লিখা আছে, “তোমালোকে মৰণা মাৰোঁতে ষাঁৰ গৰুৰ মুখ নাবান্ধিবা।” ঈশ্বৰে কেৱল ষাঁৰ গৰুবোৰৰ বিষয়ে চিন্তা কৰি এইদৰে কৈছে নে? ১০ তেওঁ এই কথা আমাৰ কাৰণে কোৱা নাছিল নে? আচলতে এই কথা আমাৰ কাৰণেই লিখা হৈছিল। কাৰণ যিজনে হাল বায়, তেওঁ শস্য পাবলৈ আশা ৰখাটো ভুল নহয় আৰু যিজনে মৰণা মাৰে, তেওঁ শস্যৰ ভাগ পাবলৈ আশা ৰখাটো ভুল নহয়।

১১ আমি তোমালোকৰ মাজত ঈশ্বৰৰ বাক্য সিঁচিলোঁ, তেনেহʼলে তাৰ সলনি তোমালোকে আমাৰ প্ৰয়োজনীয়তা পূৰ কৰাটো ভুল হʼব নে? ১২ আন লোকসকলৰ যদি তোমালোকৰ পৰা এনেধৰণৰ সহায় লাভ কৰাৰ অধিকাৰ থাকে, তেনেহʼলে আমাৰ আৰু বেছি অধিকাৰ নাই নে? তথাপিও আমি কেতিয়াও এই অধিকাৰ ব্যৱহাৰ কৰা নাই। ইয়াৰ পৰিৱৰ্তে, আমি সকলো সহ্য কৰি আছোঁ যাতে আমাৰ কাৰণে খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পাত কোনো বাধা নাহে। ১৩ তোমালোকে নাজানা নে যিসকলে মন্দিৰৰ পবিত্ৰ সেৱাৰ লগত জড়িত কামবোৰ কৰে, তেওঁলোকে মন্দিৰৰ পৰা পোৱা বস্তুবোৰ খায়? আৰু যিসকলে বেদীৰ ওচৰত সেৱা কৰাত লাগি থাকে, তেওঁলোকে বেদীত বলিদান কৰা বস্তুবোৰৰ অংশ পায়? ১৪ ঠিক সেইদৰে, প্ৰভুৱে শুভবাৰ্তা শুনোৱা লোকসকলৰ কাৰণেও এই আজ্ঞা দিছে যে শুভবাৰ্তাৰ যোগেদি তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ হওক।

১৫ কিন্তু মই ইয়াৰ পৰা এটাও ব্যৱস্থাৰ সুযোগ লোৱা নাই। আচলতে মোৰ কাৰণে এইবোৰ কৰা হওক বুলি মই এই কথাবোৰ লিখা নাই, কিয়নো ইয়াতকৈতো মই মৰি যোৱাই ভাল। মই গৰ্ব কৰাৰ মোৰ ওচৰত যি কাৰণ আছে, ইয়াক মই আন মানুহক কাঢ়ি লʼবলৈ নিদোঁ। ১৬ এতিয়া যদি মই শুভবাৰ্তা শুনাওঁ, তেনেহʼলে এয়া মোৰ কাৰণে গৰ্ব কৰাৰ কোনো কাৰণ নাই, কিয়নো এনে কৰাটো মোৰ কৰ্তব্য হয়। যদি মই শুভবাৰ্তা নুশুনাওঁ, তেনেহʼলে মই নিজকে ধিক্কাৰ দিছোঁ! ১৭ যদি মই এই কাম নিজৰ ইচ্ছাৰে কৰোঁ, তেনেহʼলে মই পুৰস্কাৰ পাম। আৰু যদি মই এই কাম ইচ্ছা নোহোৱাৰ সত্ত্বেও কৰোঁ, তেতিয়াও মই প্ৰবন্ধকৰ কাম কৰি আছোঁ, যি প্ৰভুৱে মোক দিছে। ১৮ সেই পুৰস্কাৰ কি হয়, যি মই পাম? এয়াই যে যেতিয়া মই শুভবাৰ্তা শুনাওঁ, তেতিয়া বিনামূল্যত শুভবাৰ্তা শুনাওঁ যাতে মই শুভবাৰ্তাৰ ক্ষেত্ৰত নিজৰ অধিকাৰক বেয়া ব্যৱহাৰ নকৰোঁ।

১৯ যদিও মই কোনো মানুহৰ দাস নহওঁ, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ যাতে মই বেছিতকৈ বেছি লোকসকলক খ্ৰীষ্টৰ পথত আনিব পাৰোঁ। ২০ মই যিহূদীসকলৰ কাৰণে যিহূদীৰ দৰে হʼলোঁ যাতে যিহূদীসকলক আনিব পাৰোঁ। যিসকল নিয়মৰ অধীনত আছে, তেওঁলোকৰ কাৰণে মই নিয়মৰ অধীনত থকা লোকসকলৰ দৰে হʼলোঁ যাতে যিসকল নিয়মৰ অধীনত আছে, তেওঁলোকক আনিব পাৰোঁ, যদিও মই নিজেই নিয়মৰ অধীনত নাই। ২১ ঈশ্বৰৰ ওচৰত মই নিয়ম নথকা মানুহ নহওঁ, কিয়নো মই খ্ৰীষ্টৰ নিয়মৰ অধীনত আছোঁ। তথাপি মই নিয়ম নথকা লোকসকলৰ কাৰণে নিয়ম নথকা লোকসকলৰ দৰে হʼলোঁ যাতে তেওঁলোকক আনিব পাৰোঁ। ২২ মই দুৰ্বল লোকসকলৰ কাৰণে দুৰ্বল হʼলোঁ যাতে দুৰ্বল লোকসকলক আনিব পাৰোঁ। মই সকলো ধৰণৰ লোকসকলৰ কাৰণে সকলো হʼলোঁ যাতে মই সকলো উপায়েৰে কিছুমান লোকৰ উদ্ধাৰ কৰিব পাৰোঁ। ২৩ মই সকলো শুভবাৰ্তাৰ কাৰণে কৰোঁ যাতে এই খবৰ মই আনক শুনাব পাৰোঁ।

২৪ তোমালোকে নাজানা নে দৌৰত ভাগ লোৱা সকলোৱে দৌৰে, কিন্তু এজনেই পুৰস্কাৰ পায়? এইদৰে দৌৰা যেন তোমালোকে পুৰস্কাৰ পোৱা। ২৫ প্ৰতিযোগিতাত ভাগ লোৱা লোকসকলে* সকলো কথাত আত্মনিয়ন্ত্ৰণ কৰে। তেওঁলোকে এনে কিৰীটিৰ কাৰণে এই সকলো কৰে, যি ধ্বংস হৈ যাব পাৰে। কিন্তু আমি সেই কিৰীটিৰ কাৰণে কৰোঁ, যি কেতিয়াও ধ্বংস নহʼব। ২৬ সেইবাবে, মই দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নোহোৱাকৈ নহয়। মই ঘোচা মাৰোঁ, কিন্তু বতাহত ঘোচা মৰাৰ দৰে নামাৰোঁ। ২৭ কিন্তু আনক প্ৰচাৰ কৰাৰ পাছত নিজে যেন কোনো কাৰণৰ বাবে অযোগ্য নহওঁ, সেই কাৰণে মই নিজৰ শৰীৰক মাৰি আঘাত কৰোঁ আৰু ইয়াক দাস বনাই নিয়ন্ত্ৰণত ৰাখোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক