কৰিন্থীয়াসকললৈ প্ৰথম চিঠি
১০ ভাইসকল, তোমালোকে এই কথা জনাটো মই বিচাৰোঁ যে আমাৰ সকলো পূৰ্বপুৰুষে মেঘৰ তলত আছিল আৰু তেওঁলোক সকলোৱে সমুদ্ৰৰ মাজেদি পাৰ হৈছিল। ২ যেতিয়া তেওঁলোকে মেঘৰ তলত আছিল আৰু সমুদ্ৰৰ মাজেদি পাৰ হৈছিল, তেতিয়া তেওঁলোকে মোচিত বাপ্তিষ্মা লৈছিল। ৩ সকলোৱে ঈশ্বৰৰ পৰা পোৱা একে আহাৰ খাইছিল ৪ আৰু ঈশ্বৰৰ পৰা পোৱা একে পানী খাইছিল। কাৰণ তেওঁলোকে ঈশ্বৰৰ সেই শিলাৰ পৰা খাইছিল, যি তেওঁলোকৰ লগত গৈছিল আৰু সেই শিলাই খ্ৰীষ্টক চিত্ৰিত কৰিছিল।* ৫ তথাপি ঈশ্বৰে তেওঁলোকৰ মাজৰ বেছিভাগ লোকৰ পৰা আনন্দিত নাছিল। সেইবাবে, তেওঁলোকক অৰণ্যত* হত্যা কৰা হʼল।
৬ যিবোৰ ঘটিছিল, তাৰ পৰা আমি শিকিব পাৰোঁ যে তেওঁলোকে যিদৰে বেয়া কথাবোৰৰ ইচ্ছা কৰিছিল, ঠিক সেইদৰে আমি যেন নকৰোঁ। ৭ নাইবা আমি মূৰ্তিপূজা কৰা লোকসকলৰ দৰেও নহওঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে কৰিছিল, যেনেকৈ শাস্ত্ৰত লিখা আছে, “লোকসকলে বহি খোৱা-বোৱা কৰিলে। তাৰ পাছত তেওঁলোকে ফূৰ্তি কৰিবলৈ ধৰিলে।” ৮ নাইবা আমি অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাৰো পাপ নকৰোঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে কৰিছিল আৰু এদিনতে তেওঁলোকৰ মাজৰ ২৩,০০০ জন লোকক হত্যা কৰা হʼল। ৯ নাইবা আমি যিহোৱাৰ* পৰীক্ষাও নলওঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে তেওঁৰ পৰীক্ষা লৈছিল আৰু সাপে খোঁটাৰ কাৰণে মৃত্যু হৈছিল। ১০ নাইবা আমি ভোৰভোৰাইও নাথাকোঁ, যিদৰে তেওঁলোকৰ মাজৰ কিছুমানে ভোৰভোৰাইছিল আৰু এজন স্বৰ্গদূতৰ যোগেদি মৃত্যু হৈছিল। ১১ তেওঁলোকৰ লগত যিবোৰ ঘটিল, সেইবোৰ আমাৰ কাৰণে উদাহৰণ হয় আৰু জগতৰ ব্যৱস্থাৰ শেষ সময়ছোৱাত জীয়াই থকা লোক অৰ্থাৎ আমাৰ কাৰণে সতৰ্কবাণী লিখা হৈছিল।
১২ সেইবাবে, যিজনে থিয় হৈ আছোঁ বুলি ভাবে, তেওঁ সাৱধান হওক যেন তেওঁ পৰি নাযায়। ১৩ মানুহে সাধাৰণতে যি সমস্যাৰ সন্মুখীন হয়, সেইবোৰৰ বাহিৰে আন কোনো সমস্যা তোমালোকৰ ওপৰত অহা নাই। কিন্তু ঈশ্বৰ বিশ্বাসযোগ্য হয় আৰু তেওঁ তোমালোকক এনে কোনো পৰীক্ষাত পৰিবলৈ নিদিব, যি তোমালোকে সহিব নোৱাৰা। কিন্তু পৰীক্ষাৰ লগতে তেওঁ তোমালোকক তাৰ পৰা ওলাই আহিবলৈ ৰাস্তাও দেখুৱাব যাতে তোমালোকে ইয়াক সহ্য কৰিব পাৰা।
১৪ সেইবাবে মৰমৰ বন্ধুসকল, মূৰ্তিপূজাৰ পৰা দূৰলৈ পলোৱা। ১৫ মই তোমালোকক বিবেচক বুলি ভাবি তোমালোকৰ লগত কথা পাতি আছোঁ। তোমালোকে নিজেই নিৰ্ণয় লোৱা যে মই যি কৈ আছোঁ, সেয়া সঠিক হয় নে ভুল হয়। ১৬ যেতিয়া আমি ধন্যবাদৰ পাত্ৰৰ কাৰণে ধন্যবাদ দিওঁ, তেতিয়া আমি খ্ৰীষ্টৰ তেজৰ সহভাগীতা নহওঁ নে? যেতিয়া আমি ৰুটি ভাঙি খাওঁ, তেতিয়া আমি খ্ৰীষ্টৰ শৰীৰৰ সহভাগীতা নহওঁ নে? ১৭ ৰুটি এটাই আৰু আমি বহুত হৈও এক শৰীৰ হওঁ। কাৰণ আমি সকলোৱেই সেই ৰুটিৰ পৰাই খাওঁ।
১৮ জন্মগত ইস্ৰায়েলীসকললৈ মন কৰা। যিসকলে বলিদানৰ পৰা খায়, তেওঁলোক বেদীৰ সহভাগীতা নহয় নে? ১৯ তেনেহʼলে মই মূৰ্তি বা মূৰ্তিবোৰৰ আগত উছৰ্গা কৰা বলিদান গুৰুত্বপূৰ্ণ হয় বুলি কʼব বিচাৰিছোঁ নে? ২০ নহয়। ইয়াৰ পৰিৱৰ্তে মই এয়া কৈ আছোঁ যে ইস্ৰায়েলী নোহোৱা লোকসকলে যি বলিদান আগবঢ়ায়, সেয়া ঈশ্বৰৰ কাৰণে নহয়, কিন্তু দুষ্ট স্বৰ্গদূতবিলাকৰ কাৰণে বলিদান আগবঢ়ায় আৰু তোমালোকে দুষ্ট স্বৰ্গদূতৰ লগত সহভাগী হোৱাটো মই নিবিচাৰোঁ। ২১ তোমালোকে যিহোৱাৰ* পাত্ৰ আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ পাত্ৰ, এই দুয়োটাৰ পৰা খাব নোৱাৰা। তোমালোকে যিহোৱাৰ* মেজ আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ মেজ, এই দুয়োটাৰ পৰা খাব নোৱাৰা। ২২ অথবা “আমি যিহোৱাৰ* খং তুলিবলৈ চেষ্টা কৰি আছোঁ নে”? আমি তেওঁতকৈ বেছি শক্তিশালী হওঁ নে?
২৩ সকলো কথা আইন-সংগত, কিন্তু সকলো কথা লাভজনক নহয়। সকলো কথা আইন-সংগত, কিন্তু সকলো কথাই উৎসাহিত নকৰে। ২৪ প্ৰতিজনে নিজৰ লাভৰ কাৰণে নহয়, কিন্তু আনৰ লাভৰ কাৰণে চিন্তা কৰি থাকক।
২৫ বজাৰত যিয়েই মাংস বিক্ৰী কৰা হয়, সেয়া খোৱা। তোমাৰ বিবেকৰ কাৰণে সোধ-পোছ নকৰিবা। ২৬ কাৰণ “পৃথিৱী আৰু ইয়াৰ সকলো বস্তু যিহোৱাৰ* হয়।” ২৭ যদি কোনো অবিশ্বাসীয়ে তোমালোকক খাবলৈ মাতে আৰু তোমালোকে যাব বিচাৰা, তেনেহʼলে যিয়েই তোমালোকৰ সন্মুখত ৰখা হয়, সেয়া খোৱা আৰু নিজৰ বিবেকৰ কাৰণে কোনো সোধ-পোছ নকৰিবা। ২৮ কিন্তু কোনোৱে যদি তোমালোকক কয়, “এয়া বলিদানৰ পৰা হয়,” তেনেহʼলে তেওঁ কোৱাৰ কাৰণে আৰু বিবেকৰ কাৰণে সেয়া নাখাবা। ২৯ বিবেক মানে তোমালোকৰ বিবেক নহয়, কিন্তু আনৰ বিবেক। মই নিজৰ এই স্বাধীনতা ব্যৱহাৰ কৰিব নিবিচাৰোঁ যাতে আনৰ বিবেকে মোক দোষী বুলি নকয়। ৩০ যদিও মই প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া খাওঁ, তথাপি তাৰ কাৰণে যদি আনে মোক দোষী বুলি কয়, তেনেহʼলে মই সেয়া খোৱাটো সঠিক হʼব নে?
৩১ সেইবাবে, তোমালোকে খোৱা-বোৱা বা যিয়েই কাম নকৰা কিয়, সকলো ঈশ্বৰৰ মহিমাৰ কাৰণে কৰা। ৩২ তোমালোকে যিহূদী আৰু গ্ৰীকসকলৰ কাৰণে, লগতে ঈশ্বৰৰ মণ্ডলীৰ কাৰণে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ নহʼবা। ৩৩ যিদৰে ময়ো সকলো বিষয়ত সকলোকে আনন্দিত কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু নিজৰ লাভৰ কাৰণে নহয়, কিন্তু বহুতো লোকৰ লাভৰ কাৰণে চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে উদ্ধাৰ পাব পাৰে।