ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • গালাতীয়া ৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

গালাতীয়া কিতাপৰ সাৰাংশ

      • বিশ্বাস আৰু নিয়মত লিখা কামবোৰৰ মাজত পাৰ্থক্য (১-১৪)

        • যিজন ভাল মানুহ হয়, তেওঁ নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব (১১)

      • অব্ৰাহামৰ লগত কৰা প্ৰতিজ্ঞা নিয়মৰ আধাৰত নহয় (১৫-১৮)

        • খ্ৰীষ্ট, অব্ৰাহামৰ বংশ (১৬)

      • নিয়মৰ আৰম্ভণি; ইয়াৰ উদ্দেশ্য (১৯-২৫)

      • বিশ্বাস কৰাৰ যোগেদি ঈশ্বৰৰ পুত্ৰ হোৱা (২৬-২৯)

        • যিসকল খ্ৰীষ্টৰ হয়, তেওঁলোক অব্ৰাহামৰ বংশৰ হয় (২৯)

গালাতীয়া ৩:২

ফুটনোট

  • *

    আক্ষ., “জানিব।”

গালাতীয়া ৩:৬

ফুটনোট

  • *

    অতি. ক৫ চাওক।

গালাতীয়া ৩:১৬

ফুটনোট

  • *

    আক্ষ., “বীজ।”

  • *

    আক্ষ., “বীজবোৰ।”

গালাতীয়া ৩:১৯

ফুটনোট

  • *

    আক্ষ., “বীজ।”

গালাতীয়া ৩:২৪

ফুটনোট

  • *

    বা “অভিভাৱক।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
গালাতীয়া ৩:১-২৯

গালাতীয়াসকললৈ চিঠি

৩ হে গালাতীয়াৰ অবুজ লোকসকল, কোনে তোমালোকক ভুলালে? তোমালোককতো স্পষ্টকৈ বুজোৱা হৈছিল যে যীচু খ্ৰীষ্টক কিয় কাঠত গজাল মাৰি দিয়া হʼল। ২ মই তোমালোকক কেৱল এটা কথা সুধিব* বিচাৰোঁ। তোমালোকে পবিত্ৰ শক্তি, নিয়মত লিখা কামবোৰ কৰাৰ কাৰণে পাইছিলা, নে শুভবাৰ্তা শুনি বিশ্বাস কৰাৰ কাৰণে? ৩ তোমালোকে ইমানেই অবুজ নে? তোমালোকে পবিত্ৰ শক্তিৰ অনুসৰি চলিবলৈ আৰম্ভ কৰিছিলা, এতিয়া শেষত মানুহৰ চিন্তাধাৰা অনুসৰি চলিব বিচাৰা নে? ৪ তোমালোকে ইমান দুখ এনেই সহন কৰিছিলা নে? নহয়, তোমালোকে এনেই সহন কৰা নাছিলা। ৫ সেইবাবে, যিজনে পবিত্ৰ শক্তি দিয়ে আৰু তোমালোকৰ মাজত ডাঙৰ ডাঙৰ কাম কৰে, তেওঁ এইদৰে তোমালোকে নিয়মত লিখা কামবোৰ কৰাৰ কাৰণে কৰে, নে তোমালোকে শুভবাৰ্তা শুনি তাৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে কৰে? ৬ অব্ৰাহামেও “যিহোৱাৰ* ওপৰত বিশ্বাস কৰিলে আৰু ইয়াৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।”

৭ নিশ্চয় তোমালোকে জানা যে যিজনে বিশ্বাসেৰে চলে, কেৱল তেৱেঁই অব্ৰাহামৰ বংশৰ হয়। ৮ যিহেতু ঈশ্বৰে তেওঁৰ শাস্ত্ৰৰ যোগেদি বহুত আগতেই ঘোষণা কৰিছিল যে ইস্ৰায়েলী নোহোৱা লোকসকলক তেওঁলোকৰ বিশ্বাসৰ যোগেদি ভাল মানুহ বুলি গণিত কৰা হʼব, সেইবাবে তেওঁ অব্ৰাহামক এই শুভবাৰ্তা দিছিল, “তোমাৰ যোগেদি সকলো জাতিয়ে আশীৰ্বাদ পাব।” ৯ সেইবাবে, যিসকলে বিশ্বাসেৰে চলে, তেওঁলোকে অব্ৰাহামৰ দৰেই আশীৰ্বাদ পায়, যিজনৰ বিশ্বাস আছিল।

১০ যিসকলে কেৱল নিয়মত লিখা কামবোৰৰ ওপৰত ভৰসা কৰে, তেওঁলোক অভিশপ্ত, কিয়নো লিখা আছে, “যি কোনোৱে নিয়মৰ কিতাপত লিখা সকলো কথা পালন নকৰে, তেওঁ অভিশপ্ত।” ১১ ইয়াৰ উপৰিও, এই কথা স্পষ্ট যে নিয়মৰ যোগেদি কাকো ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি গণ্য কৰিব নোৱাৰি, কিয়নো লিখা আছে, “যিজন ভাল মানুহ হয়, তেওঁ নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব।” ১২ নিয়মৰ লগত বিশ্বাসৰ কোনো সম্পৰ্ক নাছিল। তাত কেৱল এয়া কোৱা আছিল, “যি কোনোৱে এই কামবোৰ কৰে, তেওঁ জীয়াই থাকিব।” ১৩ খ্ৰীষ্টই আমাক কিনি নিয়মৰ অভিশাপৰ পৰা মুকলি কৰিলে আৰু আমাৰ ঠাইত তেওঁ নিজেই অভিশপ্ত হʼল, কিয়নো লিখা আছে, “যিজনক কাঠত আঁৰি দিয়া হয়, তেওঁ অভিশপ্ত।” ১৪ এইদৰে হোৱাৰ কাৰণ হৈছে যে অব্ৰাহামে যি আশীৰ্বাদ পাইছিল, সেয়া খ্ৰীষ্ট যীচুৰ যোগেদি যেন ইস্ৰায়েলী নোহোৱা লোকসকলে পায় আৰু আমি নিজৰ বিশ্বাসৰ যোগেদি সেই পবিত্ৰ শক্তি যেন পাওঁ, যাৰ প্ৰতিজ্ঞা কৰা হৈছিল।

১৫ ভাইসকল, মই দৈনন্দিন জীৱনৰ এটা উদাহৰণ দি বুজাইছোঁ: কোনো চুক্তি, লাগিলে সেয়া মানুহে কৰাই নহওক কিয়, এবাৰ যেতিয়া কাৰ্যকৰী কৰি দিয়া হয়, তেনেহʼলে তাক কোনেও সলনি কৰিব নোৱাৰে আৰু তাত কোনো কথা যোগো দিব নোৱাৰে। ১৬ অব্ৰাহাম আৰু তেওঁৰ বংশৰ* লগত প্ৰতিজ্ঞা কৰা হৈছিল। বহুতো লোকক প্ৰতিজ্ঞা কৰাৰ দৰে শাস্ত্ৰই এইদৰে কোৱা নাই, “আৰু তোমাৰ বংশবোৰ,”* ইয়াৰ পৰিৱৰ্তে কেৱল এজনক কোৱাৰ দৰে কৈছিল, “আৰু তোমাৰ বংশ,” যি খ্ৰীষ্ট হয়। ১৭ মই এয়াও কৈছোঁ: ঈশ্বৰে যি চুক্তি বা প্ৰতিজ্ঞা আগতে কৰিছিল, তাক সেই নিয়মে সলনি কৰি নিদিয়ে, যি ৪৩০ বছৰৰ পাছত আহিছিল। ১৮ কাৰণ যদি উত্তৰাধিকাৰ নিয়মৰ আধাৰত দিয়া হয়, তেনেহʼলে এয়া প্ৰতিজ্ঞাৰ কাৰণে দিয়া নহʼলহেঁতেন। কিন্তু আচলতে ঈশ্বৰে দয়া দেখুৱাই এই উত্তৰাধিকাৰ অব্ৰাহামক এই প্ৰতিজ্ঞাৰ যোগেদি দিছিল।

১৯ তেনেহʼলে এই নিয়ম কিয় দিয়া হʼল? পাপ প্ৰকাশ কৰিবলৈ দিয়া হʼল আৰু এই নিয়ম সেই প্ৰতিজ্ঞা কৰা বংশ* নহালৈকে বৰ্তি থাকিবলৈ দিয়া হʼল। এই নিয়ম স্বৰ্গদূতৰ যোগেদি এজন মধ্যস্থতাকাৰীৰ হাতত দিয়া হৈছিল। ২০ যʼত কেৱল এটা পক্ষ থাকে, তাত মধ্যস্থতাকাৰীৰ প্ৰয়োজন নহয়, ঈশ্বৰে কেৱল সেই পক্ষ হয়, যিজনে এই প্ৰতিজ্ঞা কৰিছে। ২১ তেনেহʼলে, নিয়ম ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিৰুদ্ধে হয় নে? কেতিয়াও নহয়! কিয়নো জীৱন দিব পৰা নিয়ম দিয়া হʼলে, এজন মানুহে নিয়ম পালন কৰিয়েই ভাল মানুহ বুলি গণিত হʼব পাৰিলেহেঁতেন। ২২ কিন্তু শাস্ত্ৰই সকলোকে পাপৰ হাতত গতাই দিলে যাতে যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ যোগেদি পোৱা প্ৰতিজ্ঞা সেই লোকসকলৰ কাৰণে হয়, যিসকলে যীচুৰ ওপৰত বিশ্বাস কৰে।

২৩ কিন্তু বিশ্বাস অহাৰ আগলৈকে আমি নিয়মৰ অধীনত সুৰক্ষিত আৰু বন্দী হৈ আছিলোঁ আৰু সেই বিশ্বাসৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, যি প্ৰকাশ হʼবলগীয়া আছিল। ২৪ এইদৰে নিয়মে আমাক খ্ৰীষ্টলৈকে লৈ যাবলৈ আমাৰ চোৱা-চিতা কৰোঁতা* হʼল যাতে আমি বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণিত হওঁ। ২৫ এতিয়া বিশ্বাস আহি পালে, সেইবাবে আমি কোনো চোৱা-চিতা কৰাজনৰ অধীনত নাই।

২৬ আচলতে তোমালোক সকলোৱে খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰৰ পুত্ৰ হোৱা। ২৭ কাৰণ তোমালোক সকলোৱে, যিসকলে খ্ৰীষ্টত বাপ্তিষ্মা লৈছা, তোমালোকে খ্ৰীষ্টক পিন্ধি লৈছা। ২৮ যিহূদী বা গ্ৰীক, দাস বা স্বাধীন লোক, পুৰুষ বা স্ত্ৰী কাৰো মাজত কোনো পাৰ্থক্য নাই, কাৰণ তোমালোক খ্ৰীষ্ট যীচুৰ শিষ্য হিচাপে একতাত আছা। ২৯ আৰু যদি তোমালোক খ্ৰীষ্টৰ হোৱা, তেনেহʼলে তোমালোক সঁচাকৈ অব্ৰাহামৰ বংশৰ হোৱা আৰু প্ৰতিজ্ঞাৰ অনুসৰি উত্তৰাধিকাৰী হোৱা।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক