ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ তীমথিয় ৬
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ তীমথিয় কিতাপৰ সাৰাংশ

      • দাসে নিজৰ মালিকসকলক আদৰ কৰক (১, ২)

      • মিছা শিক্ষক; টকা-পইচাৰ প্ৰতি প্ৰেম (৩-১০)

      • ঈশ্বৰৰ সেৱকক নিৰ্দেশনা (১১-১৬)

      • ভাল কামত ধনী হোৱা (১৭-১৯)

      • নিজৰ সম্পত্তি চম্ভালি ৰাখা (২০, ২১)

১ তীমথিয় ৬:৩

ফুটনোট

  • *

    বা “স্বাস্থ্যকৰ।”

১ তীমথিয় ৬:৪

ফুটনোট

  • *

    বা “নিন্দাজনক কথা কয়।”

১ তীমথিয় ৬:৮

ফুটনোট

  • *

    বা হয়তো, “মূৰ ঢাকিবলৈ ঠাই।”

১ তীমথিয় ৬:১৭

ফুটনোট

  • *

    বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

  • *

    বা “আদেশ।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ তীমথিয় ৬:১-২১

তীমথিয়লৈ প্ৰথম চিঠি

৬ দাসসকলে সকলো সময়ত নিজৰ মালিকসকলক সম্পূৰ্ণ আদৰৰ যোগ্য বুলি ভাবক যাতে ঈশ্বৰৰ নাম আৰু খ্ৰীষ্টৰ শিক্ষাৰ কেতিয়াও বদনাম নহয়। ২ আৰু যিসকল দাসৰ মালিক খ্ৰীষ্টান হয়, তেওঁলোকে নিজৰ মালিকসকলক অনাদৰ নকৰক, কিয়নো তেওঁলোক তেওঁলোকৰ ভাই হয়। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে আৰু বেছি আনন্দেৰে তেওঁলোকৰ সেৱা কৰক, কিয়নো যিসকলে তেওঁলোকৰ ভাল সেৱাৰ পৰা লাভৱান হৈ আছে, তেওঁলোক খ্ৰীষ্টান আৰু প্ৰিয় ভাই হয়।

এইবোৰ কথাই শিকাই থাকা আৰু এইবোৰ পালন কৰিবলৈ উৎসাহিত কৰি থাকা। ৩ যদি কোনোবাই বেলেগ শিক্ষা শিকায় আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ লাভজনক* শিক্ষাৰ লগত সন্মত নহয় আৰু ঈশ্বৰৰ ভক্তিৰ লগত মিল খোৱা শিক্ষাৰ লগত সন্মত নহয়, ৪ তেনেহʼলে তেওঁলোকে অহংকাৰেৰে ভৰি পৰে আৰু তেওঁলোকৰ কোনো বুদ্ধি নাই। তেওঁলোকে তৰ্ক-বিতৰ্ক কৰা আৰু অনৰ্থক কথাবোৰক লৈ কাজিয়া কৰাত লাগি থাকে। এইদৰে কৰি তেওঁলোকে ঈৰ্ষা, কাজিয়া আৰু এজনে-আনজনক বদনাম কৰে,* তেওঁলোকে বেয়া উদ্দেশ্যেৰে সন্দেহ কৰে। ৫ সেই লোকসকলে সৰু সৰু কথাত কাজিয়া কৰে, এই সকলো কাম সেই লোকসকলে কৰে, যিসকলৰ মন ভ্ৰষ্ট হৈ গৈছে আৰু যিসকলে সত্যৰ পৰা আঁতৰি গৈছে। তেওঁলোকে ভাবে যে ঈশ্বৰক ভক্তি কৰাটো উপাৰ্জন কৰাৰ উপায় হয়। ৬ কিন্তু এয়া সঁচা যে সন্তুষ্ট থাকি ঈশ্বৰৰ ভক্তি কৰিলে আমি বেছিকৈ লাভৱান হʼব পাৰিম। ৭ কিয়নো আমি জগতলৈ একো লৈ অহা নাই আৰু ইয়াৰ পৰাও একো লৈ যাব নোৱাৰোঁ। ৮ সেইবাবে, যদি আমাৰ ওচৰত খাবলৈ আৰু পিন্ধিবলৈ* আছে, তেনেহʼলে আমি তাতেই সন্তুষ্ট হোৱা উচিত।

৯ কিন্তু যিসকল লোকে যিকোনো পৰিস্থিতিত ধনী হʼব বিচাৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰি যায় আৰু মূৰ্খতাৰে ভৰা আৰু বিপদজনক ইচ্ছাবোৰত সোমাই পৰে, যিয়ে মানুহক ধ্বংস আৰু বিনাশৰ ফালে লৈ যায়। ১০ টকা-পইচাৰ প্ৰতি থকা প্ৰেম সকলো ধৰণৰ দুষ্টতাৰ শিপা হয় আৰু ইয়াত পৰি কিছুমান লোকে ভ্ৰান্ত হৈ বিশ্বাসৰ পৰা আঁতৰি গৈছে আৰু তেওঁলোকে বহুতো দুখ-কষ্টেৰে নিজকে খোচা মাৰিছে।

১১ কিন্তু হে ঈশ্বৰৰ সেৱক, তুমি এইবোৰ কথাৰ পৰা দূৰলৈ পলোৱা। ইয়াৰ পৰিৱৰ্তে সঠিক কাম, ঈশ্বৰৰ ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য্য আৰু কোমলতাৰ গুণ বিকশিত কৰাত লাগি থাকা। ১২ বিশ্বাসৰ কাৰণে ভালদৰে যুঁজি থাকা, সেই অনন্ত জীৱনক দৃঢ়ভাৱে ধৰি ৰাখা, যাৰ কাৰণে তোমাক মতা হৈছিল আৰু যাৰ বিষয়ে তুমি বহুতো লোকৰ আগত সাক্ষ্য দিছিলা।

১৩ সকলোকে জীয়াই ৰাখোঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যিজনে পন্তীয় পীলাতৰ আগত ভালদৰে সাক্ষ্য দিছিল, সেই যীচু খ্ৰীষ্টৰ সাক্ষাতে মই তোমাক এই আদেশ দিছোঁ ১৪ যে যি আজ্ঞা তোমাক দিয়া হৈছে, সেয়া নিষ্কলংক আৰু নিৰ্দোষী হৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্ট প্ৰকাশ নোহোৱালৈকে পালন কৰি থাকা। ১৫ প্ৰভু যীচু খ্ৰীষ্টই নিৰ্ধাৰিত সময়ত নিজকে প্ৰকাশ কৰিব। তেওঁ ধন্য আৰু একমাত্ৰ শক্তিশালী সম্ৰাট, ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু হয়। ১৬ কেৱল তেওঁৰেই ওচৰত অমৰতা আছে, তেওঁ সেই পোহৰত থাকে, যʼত কোনেও যাব নোৱাৰে আৰু যাক কোনো মানুহে দেখাও নাই আৰু চাবও নোৱাৰে। তেওঁৰ আদৰ হৈ থাকক আৰু তেওঁৰ শক্তি সদায় থাকক। আমেন।

১৭ যিসকলে এই জগতত* ধনী হয়, তেওঁলোকক নিৰ্দেশনা* দিয়া যে তেওঁলোকে যেন অহংকাৰী হৈ নপৰে আৰু নিজৰ আশা ধন-সম্পত্তিৰ ওপৰত যেন নাৰাখে, যি আজি আছে কাইলৈ নাথাকিব, ইয়াৰ পৰিৱৰ্তে নিজৰ আশা ঈশ্বৰৰ ওপৰত যেন ৰাখে, যিজনে প্ৰচুৰ পৰিমাণে সেই সকলো দিয়ে, যিবোৰৰ আমি আনন্দ লওঁ। ১৮ তেওঁলোকক এয়াও কোৱা যে তেওঁলোকে যেন ভাল কাম কৰে আৰু ভাল কামত ধনী হয়, উদাৰশীল হয় আৰু তেওঁলোকৰ ওচৰত যি আছে, সেয়া আনক দিবলৈ সাজু থাকে। ১৯ এইদৰে তেওঁলোকে যেন ঈশ্বৰৰ দৃষ্টিত ৰত্ন জমা কৰি আছে অৰ্থাৎ ভৱিষ্যতৰ কাৰণে এক ভাল ভিত্তি স্থাপন কৰিছে যাতে প্ৰকৃত জীৱনক দৃঢ়তাৰে ধৰি ৰাখিব পাৰে।

২০ হে তীমথিয়, তোমাক যি সম্পত্তি দিয়া হৈছে তাক চম্ভালি ৰাখা। সেই অনৰ্থক কথাবোৰৰ পৰা দূৰত থাকা, যি পবিত্ৰ কথাবোৰৰ বিৰুদ্ধে হয় আৰু মিছা জ্ঞানৰ ধাৰণাৰ পৰাও দূৰত থাকা। ২১ এনেধৰণৰ জ্ঞানক অনুকৰণ কৰাৰ কাৰণে কিছুমান লোকে বিশ্বাসৰ পৰা আঁতৰি গৈছে।

ঈশ্বৰৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক