পাঁচনিৰ কৰ্ম্ম
১৫ তাৰ পাছত যিহূদিয়াৰ পৰা কিছুমান লোক আন্তিয়খিয়ালৈ আহিল আৰু ভাইসকলক এয়া শিকাবলৈ ধৰিলে, “যেতিয়ালৈকে তোমালোকে মোচিৰ নিয়মৰ অনুসৰি চুন্নৎ নকৰা, তেতিয়ালৈকে তোমালোকে উদ্ধাৰ পাব নোৱাৰা।” ২ কিন্তু এই বিষয়ে যেতিয়া পৌল আৰু বাৰ্ণব্বাৰ লগত তেওঁলোকৰ বহুত তৰ্ক-বিতৰ্ক আৰু কাজিয়া হʼল, তেতিয়া এই বিষয়ে আলোচনা কৰিবলৈ পৌল আৰু বাৰ্ণব্বাৰ লগতে আন কিছুমান ভাইক যিৰূচালেমত থকা পাঁচনি* আৰু প্ৰাচীনসকলৰ ওচৰলৈ পঠিয়াবলৈ ব্যৱস্থা কৰা হʼল।
৩ মণ্ডলীয়ে তেওঁলোকক কিছু দূৰ আগবঢ়াই দিলে আৰু তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়াৰ মাজেদি গৈ থাকোঁতে ইস্ৰায়েলী নোহোৱা লোকসকলে নিজকে সলনি কৰি ঈশ্বৰৰ ফলীয়া হোৱাৰ বিষয়ে তাত থকা ভাইসকলক বৰ্ণনা কৰিলে। এয়া শুনি ভাইসকলে অতি আনন্দিত হʼল। ৪ যেতিয়া তেওঁলোকে যিৰূচালেম পালেগৈ, তেতিয়া মণ্ডলী, পাঁচনি আৰু প্ৰাচীনসকলে তেওঁলোকক আনন্দেৰে আদৰণি জনালে আৰু পৌল আৰু বাৰ্ণব্বাই, ঈশ্বৰে তেওঁলোকৰ যোগেদি কৰা সেই সকলো কামৰ বিষয়ে তেওঁলোকক জনালে। ৫ কিন্তু ফৰীচীবিলাকৰ গোটৰ কিছুমান লোক, যিসকলে প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিছিল, তেওঁলোকে নিজৰ বহা ঠাইৰ পৰা উঠি কʼলে, “তেওঁলোকক চুন্নৎ কৰাব লাগিব আৰু মোচিৰ নিয়ম পালন কৰিবলৈ আদেশ দিব লাগিব।”
৬ তেতিয়া পাঁচনি আৰু প্ৰাচীনসকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হʼল। ৭ তেওঁলোকে এই বিষয়ে গভীৰভাৱে ভাবিলে আৰু তেওঁলোকৰ মাজত দীঘলীয়া আলোচনা* হʼল। ইয়াৰ পাছত পিতৰে উঠি তেওঁলোকক কʼলে, “ভাইসকল, তোমালোকে ভালদৰে জানা যে তোমালোকৰ মাজৰ পৰা প্ৰথমে ঈশ্বৰে মোক বাছনি কৰিলে যাতে ইস্ৰায়েলী নোহোৱা লোকসকলে শুভবাৰ্তা শুনে আৰু বিশ্বাস কৰে। ৮ আৰু ঈশ্বৰ, যিজনে হৃদয়ক জানে, তেওঁ আমাৰ নিচিনা তেওঁলোককো পবিত্ৰ শক্তি দি তেওঁলোকক বাছনি কৰিলে বুলি প্ৰমাণ দিলে। ৯ তেওঁ আমাৰ আৰু তেওঁলোকৰ মাজত কোনো পক্ষপাত নকৰিলে, ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ বিশ্বাসৰ কাৰণে তেওঁলোকৰ হৃদয় শুচি কৰিলে। ১০ গতিকে, এতিয়া তোমালোকে শিষ্যসকলৰ কান্ধত এনে যুঁৱলি তুলি কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছা, যি যুঁৱলি আমাৰ পূৰ্বপুৰুষসকলে উঠাব পৰা নাছিল আৰু আমিও পৰা নাই? ১১ ইয়াৰ পৰিৱৰ্তে, আমাৰ বিশ্বাস আছে যে প্ৰভু যীচুৰ মহা-কৃপাৰ কাৰণে আমি যেনেকৈ উদ্ধাৰ পাওঁ, তেনেকৈ তেওঁলোকেও উদ্ধাৰ পায়।”
১২ এয়া শুনি সকলোৱে মনে মনে থাকিল আৰু তেওঁলোকে বাৰ্ণব্বা আৰু পৌলৰ কথা শুনিবলৈ ধৰিলে যে ঈশ্বৰে কেনেকৈ তেওঁলোকৰ যোগেদি ইস্ৰায়েলী নোহোৱা লোকসকলৰ মাজত বহুতো চমৎকাৰ আৰু আশ্চৰ্য্যজনক কামবোৰ কৰিলে। ১৩ তেওঁলোকৰ কথা শেষ হোৱাৰ পাছত যাকোবে কʼলে, “ভাইসকল, মোৰ কথা শুনা। ১৪ চিমোনে* বৰ্ণনা কৰি কʼলে যে ঈশ্বৰে কেনেকৈ প্ৰথমবাৰ ইস্ৰায়েলী নোহোৱা লোকসকলৰ ফালে ধ্যান দিলে যাতে তেওঁলোকৰ মাজৰ পৰা এনে লোকসকলক একগোট কৰিব পাৰে, যিসকলক ঈশ্বৰৰ নামেৰে জনা যায়। ১৫ আৰু ভৱিষ্যবক্তাসকলে কোৱা কথাও ইয়াৰ লগত মিল খায়, যিদৰে লিখা আছে: ১৬ ‘এই সকলো কথাৰ পাছত মই আকৌ আহিম আৰু দায়ূদৰ ভাঙি যোৱা ঘৰ* পুনৰাই বনাম আৰু তাৰ ধ্বংসস্থানবিলাক পুনৰাই নিৰ্মাণ কৰিম আৰু ইয়াক আগৰ দৰে কৰি তুলিম ১৭ যাতে তাৰ বাকী থকা লোকসকলে সকলো ৰাষ্ট্ৰৰ লগত মিলি মনে-প্ৰাণে যিহোৱাক* বিচাৰে, যাৰ বিষয়ে যিহোৱাই* কৈছিল যে তেওঁলোকক মোৰ নামেৰে মতা হয়। ঈশ্বৰে এইবোৰ যি কৰি আছে, ১৮ তেওঁ বহু আগতেই এইবোৰ কৰিবলৈ থিৰাং কৰিছিল।’ ১৯ সেইবাবে, মোৰ নিৰ্ণয়* এয়া যে ইস্ৰায়েলী নোহোৱা লোকসকলৰ মাজৰ পৰা যিসকলে ঈশ্বৰৰ সেৱা কৰিব বিচাৰে, তেওঁলোকক যেন আমি আমনি নকৰোঁ। ২০ কিন্তু তেওঁলোকক এয়া লিখি পঠাওঁ যে তেওঁলোকে যেন মূৰ্তি পূজাৰ দ্বাৰা অপবিত্ৰ হোৱা বস্তুবোৰৰ পৰা, অনৈতিক শাৰীৰিক সম্পৰ্কৰ* পৰা, ডিঙি চেপি মৰা জন্তুৰ মাংসৰ পৰা* আৰু তেজৰ পৰা আঁতৰি থাকে। ২১ কাৰণ প্ৰাচীন সময়ৰ পৰাই এনে লোকসকল আছে, যিসকলে মোচিৰ কিতাপত লিখা এই কথাবোৰ প্ৰত্যেক চহৰত প্ৰচাৰ কৰি আহিছে, প্ৰতিটো বিশ্ৰাম-বাৰে* সভাঘৰত তেওঁৰ কিতাপ পঢ়ি শুনাই আহিছে।”
২২ তাৰ পাছত পাঁচনিসকল আৰু প্ৰাচীনসকলে গোটেই মণ্ডলীৰ লগত মিলি নিৰ্ণয় লʼলে যে তেওঁলোকে পৌল আৰু বাৰ্ণব্বাৰ লগত নিজৰ মাজৰ পৰা বাছনি কৰা ব্যক্তি কেইজনক আন্তিয়খিয়ালৈ পঠাব অৰ্থাৎ বাৰ্চব্বা বুলি কোৱা যিহূদা আৰু চীলক পঠাব, যিসকলে ভাইসকলৰ বিভিন্ন কামত নেতৃত্ব লৈছিল। ২৩ তেওঁলোকে এই ভাইসকলৰ হাতত এই চিঠি লিখি পঠালে:
“আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াত থকা ইস্ৰায়েলী নোহোৱা ভাইসকললৈ, তোমালোকৰ ভাই অৰ্থাৎ পাঁচনিসকল আৰু প্ৰাচীনসকলৰ নমস্কাৰ! ২৪ আমি শুনিলোঁ যে আমাৰ ইয়াৰ পৰা কিছুমান লোকে গৈ তোমালোকক এনে কথা কʼলে যাৰ বাবে তোমালোকে চিন্তিত হʼলা। আৰু তেওঁলোকে তোমালোকৰ বিশ্বাস নাইকীয়া কৰিবলৈ চেষ্টা কৰিলে। কিন্তু আমি তেওঁলোকক এনে কোনো নিৰ্দেশনা দিয়া নাছিলোঁ। ২৫ সেইবাবে, আমি সকলোৱে একমত হৈ নিৰ্ণয় লʼলোঁ যে আমি কিছুমান ভাইক বাছনি কৰি আমাৰ প্ৰিয় বাৰ্ণব্বা আৰু পৌলৰ লগত তেওঁলোকক তোমালোকৰ ওচৰলৈ পঠাম। ২৬ এই দুয়োজনে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদত পেলাইছিল। ২৭ আমি যিহূদা আৰু চীলক পঠাইছোঁ যাতে তেওঁলোকেও তোমালোকক এই বিষয়ে জনাব পাৰে। ২৮ আমি পবিত্ৰ শক্তিৰ সহায়ত এই নিৰ্ণয় লৈছোঁ যে এই গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বাহিৰে আমি তোমালোকৰ ওপৰত কোনো বোজা জাপি নিদিওঁ: ২৯ তোমালোকে মূৰ্তিৰ আগত বলি দিয়া বস্তুবোৰৰ পৰা, তেজৰ পৰা, ডিঙি চেপি মৰা জন্তুৰ মাংসৰ পৰা আৰু অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা সদায় আঁতৰি থাকা। যদি তোমালোকে সাৱধানে থাকি এইবোৰৰ পৰা সদায় আঁতৰি থাকা, তেনেহʼলে তোমালোকৰ ভাল হʼব। ভালদৰে থাকা!”*
৩০ তাৰ পাছত যেতিয়া এই লোকসকলক বিদায় দিয়া হʼল, তেতিয়া তেওঁলোকে আন্তিয়খিয়ালৈ গʼল আৰু তেওঁলোকে সকলো শিষ্যক একগোট কৰি তেওঁলোকক সেই চিঠি দিলে। ৩১ চিঠি পঢ়ি তেওঁলোকে বহুত উৎসাহ পালে আৰু বহুত আনন্দিত হʼল। ৩২ যিহূদা আৰু চীল, ভৱিষ্যবক্তা আছিল, সেইবাবে তেওঁলোকে বহুতো ভাষণ দি ভাইসকলৰ সাহস বঢ়ালে আৰু তেওঁলোকক মজবুত কৰিলে। ৩৩ তেওঁলোকে তাত কিছু সময় কটালে। তাৰ পাছত তাত থকা ভাইসকলে তেওঁলোকক বিদায় দিলে আৰু তেওঁলোকে সেই ভাইসকলৰ ওচৰলৈ উভতি আহিলে, যিসকলে তেওঁলোকক পঠাইছিল। ৩৪* —— ৩৫ কিন্তু পৌল আৰু বাৰ্ণব্বাই আন্তিয়খিয়াতে থাকিল আৰু বহুতো লোকৰ লগত মিলি যিহোৱাৰ* বাক্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি থাকিল আৰু শিকাই থাকিল।
৩৬ তাৰ কিছু দিনৰ পাছত পৌলে বাৰ্ণব্বাক কʼলে, “বʼলা* আমি যি যি চহৰত যিহোৱাৰ* বাক্য প্ৰচাৰ কৰিছিলোঁ, তাত আকৌ গৈ ভাইসকল কেনে আছে চাই আহোঁ।” ৩৭ বাৰ্ণব্বাই থিৰাং কৰি লৈছিল যে তেওঁ নিজৰ লগত যোহনকো লৈ যাব, যিজনক মাৰ্ক বুলিও কোৱা হয়। ৩৮ কিন্তু পৌলে তেওঁক নিজৰ লগত লৈ যাব বিচৰা নাছিল, কিয়নো তেওঁ পাম্ফুলিয়াত তেওঁলোকক এৰি গুচি গৈছিল আৰু তেওঁ এই কামত তেওঁলোকক সহযোগ কৰা নাছিল। ৩৯ এই কথাক লৈ পৌল আৰু বাৰ্ণব্বাৰ মাজত কাজিয়া হʼল, সেইবাবে তেওঁলোকে বেলেগ বেলেগ হৈ গʼল। বাৰ্ণব্বাই মাৰ্কক লৈ জাহাজেৰে কুপ্ৰলৈ ওলাই গʼল। ৪০ কিন্তু পৌলে চীলক বাছনি কৰিলে। পৌলৰ ওপৰত যিহোৱাৰ* মহা-কৃপা থাকিবলৈ ভাইসকলে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিলে। তাৰ পাছত তেওঁলোক দুয়োজনে ওলাই গʼল। ৪১ তেওঁলোকে চিৰিয়া আৰু কিলিকিয়া এলেকাৰ মাজেদি গৈ মণ্ডলীবোৰক মজবুত কৰি গৈ থাকিল।