পাঁচনিৰ কৰ্ম্ম
২৫ সেই প্ৰদেশত আহি ক্ষমতা গ্ৰহণ কৰাৰ তিনি দিনৰ পাছত ফীষ্টে কৈচৰীয়াৰ পৰা যিৰূচালেমলৈ গʼল। ২ তেতিয়া প্ৰধান পুৰোহিত আৰু যিহূদীসকলৰ প্ৰধান লোকসকলে তেওঁৰ ওচৰত পৌলৰ বিৰুদ্ধে নিজৰ অভিযোগ জনালে। তেওঁলোকে ফীষ্টক মিনতি কৰিবলৈ ধৰিলে ৩ তেওঁ যেন পৌলক তেওঁলোকৰ অনুৰোধত যিৰূচালেমলৈ পঠায়। কিন্তু তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল যে তেওঁলোকে লুকাই থাকিব আৰু ৰাস্তাতেই পৌলক হত্যা কৰিব। ৪ কিন্তু ফীষ্টে পৌলক কৈচৰিয়াতে বন্দী কৰি ৰাখিবলৈ আৰু মই নিজেই সোনকালে তালৈ যাবলগীয়া আছে বুলি কʼলে। ৫ তেওঁ কʼলে, “সেইবাবে, তোমালোকৰ মাজৰ যিসকল ডাঙৰ অধিকাৰী হয়, তেওঁলোকে মোৰ লগত বʼলক আৰু সেই মানুহজনে যদি কিবা ভুল কৰিছে, তেনেহʼলে তেওঁৰ ওপৰত অভিযোগ লগাওক।”
৬ ফীষ্টে যিৰূচালেমত প্ৰায় আঠ-দহ দিন থকাৰ পাছত কৈচৰিয়ালৈ আহিলে আৰু পাছ দিনাখন তেওঁ ন্যায়ৰ আসনত বহিলে আৰু পৌলক লৈ আনিবলৈ আদেশ দিলে। ৭ যেতিয়া পৌল আহিলে, তেতিয়া যিসকল যিহূদী যিৰূচালেমৰ পৰা আহিছিল, তেওঁলোকে পৌলৰ চাৰিওফালে থিয় হʼল আৰু তেওঁৰ ওপৰত বহুতো ডাঙৰ ডাঙৰ অভিযোগ লগাবলৈ ধৰিলে, যিবোৰৰ প্ৰমাণ তেওঁলোকে দিব নোৱাৰিছিল।
৮ কিন্তু পৌলে নিজৰ পক্ষে কʼলে, “মই যিহূদীসকলৰ নিয়মৰ বিৰুদ্ধে বা মন্দিৰৰ বিৰুদ্ধে বা সম্ৰাটৰ* বিৰুদ্ধেও কোনো পাপ কৰা নাই।” ৯ ফীষ্টে যিহূদীসকলক আনন্দিত কৰাৰ উদ্দেশ্যেৰে পৌলক কʼলে, “তুমি যিৰূচালেমত গৈ মোৰ আগত এইবোৰৰ বিষয়ে তোমাৰ ন্যায় কৰাটো বিচাৰা নে?” ১০ কিন্তু পৌলে কʼলে, “মই সম্ৰাটৰ ন্যায়ৰ আসনৰ আগত থিয় হৈ আছোঁ, ইয়াতে মোৰ ন্যায় কৰা উচিত। মই যিহূদীসকলৰ লগত একো বেয়া কৰা নাই, এই কথা আপুনিও ভালদৰে বুজি পাইছে। ১১ যদি মই সঁচাকৈ অপৰাধী হওঁ আৰু মই মৃত্যুৰ শাস্তি পোৱা কোনো অপৰাধ কৰিছোঁ, তেনেহʼলে মই মৰিবলৈ ভয় নকৰোঁ। কিন্তু এওঁলোকৰ অভিযোগ যদি এটাও সঁচা নহয়, তেনেহʼলে কোনো মানুহে তেওঁলোকক আনন্দিত কৰিবলৈ মোক তেওঁলোকৰ হাতত গতাই দিব নোৱাৰে। মই সম্ৰাটক আপিল কৰিছোঁ!” ১২ তেতিয়া ফীষ্টে নিজৰ পৰামৰ্শদাতাসকলৰ সভাত আলোচনা কৰাৰ পাছত পৌলক কʼলে, “তুমি সম্ৰাটক আপিল কৰিলা, সেইবাবে তুমি সম্ৰাটৰ ওচৰলৈ যাবা।”
১৩ কিছু দিনৰ পাছত ৰজা আগ্ৰিপ্প আৰু বৰ্ণীকীয়ে ফীষ্টক শুভেচ্ছা জনাবলৈ তেওঁক লগ কৰিবলৈ কৈচৰিয়ালৈ আহিল। ১৪ তেওঁলোকে তাত বহু দিনলৈকে থাকিবলগীয়া আছিল, সেইবাবে ফীষ্টে ৰজাক পৌলৰ মোকৰ্দ্দমাৰ বিষয়ে জনালে আৰু কʼলে,
“ইয়াত এজন ব্যক্তি আছে, যিজনক ফীলিক্সে জেলত বন্দী কৰি এৰি থৈ গʼল। ১৫ যেতিয়া মই যিৰূচালেমত আছিলোঁ, তেতিয়া যিহূদীসকলৰ প্ৰধান পুৰোহিত আৰু যিহূদী নেতাসকলে এই বিষয়ে মোক জনালে আৰু ইয়াক শাস্তি দিবলৈ মোক মিনতি কৰিলে। ১৬ কিন্তু মই তেওঁলোকক কʼলোঁ কোনো ব্যক্তিক যদি অভিযোগ কৰা হৈছে, তেনেহʼলে যিসকলে অভিযোগ কৰিছে, তেওঁলোকৰ ওচৰত যেতিয়ালৈকে তেওঁক কʼবলৈ সুযোগ দিয়া নহয়, তেতিয়ালৈকে কাৰোবাক আনন্দিত কৰিবলৈ সেই ব্যক্তিক যিসকলে অভিযোগ কৰিছে, তেওঁলোকৰ হাতত গতাই দিয়াটো ৰোমান ৰীতিৰ অনুসৰি নহয়। ১৭ সেইবাবে, যেতিয়া তেওঁলোক ইয়ালৈ আহিল, তেতিয়া মই দেৰি নকৰাকৈ পাছ দিনাখনেই ন্যায়ৰ আসনত বহিলোঁ আৰু সেই মানুহজনক লৈ আনিবলৈ আদেশ দিলোঁ। ১৮ মই ভাবিছিলোঁ যে তেওঁক অভিযোগ লগোৱা লোকসকলে তেওঁৰ ওপৰত বেয়া বেয়া অভিযোগ লগাব, কিন্তু যেতিয়া তেওঁলোকে থিয় হʼল, তেতিয়া তেওঁলোকে এইদৰে একো নকʼলে। ১৯ তেওঁলোকে পৌলৰ লগত কেৱল নিজৰ ঈশ্বৰৰ উপাসনাক লৈ* আৰু যীচু নামৰ এজন ব্যক্তিক লৈ কাজিয়া কৰিছিল, যিজন যীচুৰ মৃত্যু হৈছিল, কিন্তু পৌলে কয় যে তেওঁ জীয়াই আছে। ২০ মই বুজি পোৱা নাছিলোঁ যে এই বিষয়টোক কেনেকৈ সমাধান কৰিম, সেইবাবে মই তাক সুধিলোঁ যে সি যিৰূচালেম যাব বিচাৰে নে যাতে তাৰ ন্যায় তাতে কৰা হয়। ২১ কিন্তু পৌলে যেতিয়া আগস্তৰ* নিৰ্ণয়ৰ কাৰণে বন্দীত থকাৰ বিষয়ে আপিল কৰিলে। তেতিয়া মই তাক সম্ৰাটৰ ওচৰলৈ নপঠোৱালৈকে বন্দী অৱস্থাতে ৰাখিবলৈ আদেশ দিলোঁ।”
২২ তেতিয়া আগ্ৰিপ্পই ফীষ্টক কʼলে, “মই নিজেই তাৰ মুখৰ পৰা শুনিব বিচাৰোঁ।” ফীষ্টে কʼলে, “আপুনি কালি তাৰ কথা শুনিব পাৰে।” ২৩ সেইবাবে, পাছ দিনাখন আগ্ৰিপ্প আৰু বৰ্ণীকীয়ে অতি গৌৰৱেৰে ৰাজদৰবাৰত আহিলে আৰু তেওঁলোকৰ লগত প্ৰধান সেনাপতি আৰু চহৰৰ জনপ্ৰিয় লোকসকলো আহিল। তাৰ পাছত ফীষ্টৰ আদেশৰ অনুসৰি পৌলক তালৈ লৈ অনা হʼল। ২৪ ফীষ্টে কʼলে, “হে ৰজা আগ্ৰিপ্প আৰু ইয়াত উপস্থিত থকা সকলো লোক, আপোনালোকে সেই মানুহজনক চাই আছে, যিজনৰ বিৰুদ্ধে গোটেই যিহূদী সমাজে যিৰূচালেমত আৰু ইয়াতো এই মানুহজনক হত্যা কৰা হওক আৰু ই জীয়াই থকাৰ যোগ্য নহয় বুলি চিঞৰি চিঞৰি মোলৈ মিনতি কৰিছে। ২৫ কিন্তু মই গʼম পালোঁ যে এই মানুহজনে মৃত্যুৰ শাস্তি পোৱাৰ নিচিনা এনে একো কাম কৰা নাই। সেইবাবে, যেতিয়া ই নিজেই আগস্তৰ ওচৰলৈ যাবলৈ আপিল কৰিলে, তেতিয়া মই ইয়াক তালৈ পঠাবলৈ নিৰ্ণয় লʼলোঁ। ২৬ কিন্তু এই মানুহজনৰ বিষয়ে মোৰ মালিকলৈ লিখিবলৈ এনে একো প্ৰমাণ নাই। সেইবাবে, মই এই মানুহজনক আপোনালোক সকলোৰে ওচৰত, বিশেষকৈ ৰজা আগ্ৰিপ্প আপোনাৰ ওচৰলৈ আনিছোঁ যাতে সোধ-বিচাৰ কৰাৰ পাছত ইয়াৰ বিষয়ে লিখিবলৈ মোৰ ওচৰত কিবা থাকে। ২৭ কাৰণ কৈদীজনক পঠোৱাৰ সময়ত তেওঁৰ বিৰুদ্ধে কোনো অভিযোগৰ বিষয়ে উল্লেখ নকৰাকৈ তেওঁক তালৈ পঠোৱাটো মোৰ উচিত লগা নাই।”