যাকোবৰ চিঠি
২ মোৰ ভাইসকল, তোমালোকে আমাৰ মহিমাপূৰ্ণ প্ৰভু যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ লগতে পক্ষপাতো কৰি আছা নে? ২ যদি কোনো মানুহে তোমালোকৰ সভাত সোণৰ আঙুঠিবোৰ আৰু দামী কাপোৰ পিন্ধি আহে আৰু এজন দুখীয়াই লেতেৰা-পেতেৰা কাপোৰ পিন্ধি আহে, ৩ তেনেহʼলে তোমালোকে দামী কাপোৰ পিন্ধাজনকতো সন্মান দিয়া আৰু তেওঁক কোৱা, “আপুনি এই উত্তম ঠাইত বহক।” কিন্তু দুখীয়াজনক কোৱা, “তই থিয় হৈ থাক,” বা “মোৰ এই ভৰিৰ পীৰাৰ ওচৰতেই বহ।” ৪ এইদৰে তোমালোকে নিজৰ মাজতেই পক্ষপাত কৰা নাই নে আৰু তোমালোকে এনে ন্যায়ী নোহোৱা নে, যিসকলে বেয়া উদ্দেশ্যেৰে নিৰ্ণয় লয়?
৫ মোৰ মৰমৰ ভাইসকল, শুনা। ঈশ্বৰে এনে লোকসকলক বাছনি কৰা নাই নে, যিসকল জগতৰ দৃষ্টিত দুখীয়া হয় যাতে তেওঁলোকে বিশ্বাসত ধনী হʼব পাৰে আৰু সেই ৰাজ্যৰ উত্তৰাধিকাৰী হʼব পাৰে, যাৰ প্ৰতিজ্ঞা তেওঁ সেই লোকসকলৰ লগত কৰিছে, যিসকলে তেওঁক প্ৰেম কৰে? ৬ কিন্তু তোমালোকে দুখীয়াসকলক অপমান কৰিলা। ধনী লোকসকলে তোমালোকৰ ওপৰত অত্যাচাৰ নকৰে নে আৰু তোমালোকক চোঁচৰাই আদলতলৈ লৈ নাযায় নে? ৭ তেওঁলোকে সেই উত্তম নামৰ নিন্দা নকৰে নে, যি নামেৰে তোমালোকক নিমন্ত্ৰণ কৰা হৈছে? ৮ যদি তোমালোকে শাস্ত্ৰৰ অনুসৰি এই ৰাজকীয় নিয়ম পালন কৰা: “তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা,” তেনেহʼলে তোমালোকে বহুত ভাল কাম কৰিছা। ৯ কিন্তু তোমালোকে যদি পক্ষপাত কৰিবলৈ এৰি নিদিয়া, তেনেহʼলে তোমালোকে পাপ কৰি আছা আৰু এই নিয়মে তোমালোকক দোষী কৰে।
১০ যদি কোনোবাই মোচিৰ গোটেই নিয়ম পালন কৰে, কিন্তু এটা আজ্ঞা পালন নকৰে, তেনেহʼলে তেওঁ গোটেই নিয়ম পালন নকৰাৰ দোষী হয়। ১১ কিয়নো যিজন ঈশ্বৰে এয়া কৈছে, “তুমি ব্যভিচাৰ* নকৰিবা,” তেওঁ এয়াও কৈছে, “তুমি হত্যা নকৰিবা।” সেইবাবে, যদি তুমি ব্যভিচাৰ নকৰা, কিন্তু হত্যা কৰা, তেনেহʼলে তুমি নিয়ম পালন নকৰাৰ দোষী হোৱা। ১২ তোমালোকে সদায় সেই লোকসকলৰ দৰে কোৱা আৰু সেই লোকসকলৰ দৰে ব্যৱহাৰ কৰা, যিসকলৰ ন্যায় স্বাধীন লোকসকলৰ নিয়মৰ* অনুসৰি হʼব। ১৩ কাৰণ যিজনে দয়া নকৰে, তেওঁৰ ন্যায়ো দয়া নকৰাকৈ কৰা হʼব। দয়াই ন্যায়ৰ ওপৰত জয়লাভ কৰে।
১৪ মোৰ ভাইসকল, যদি কোনোবাই কয় যে মোৰ বিশ্বাস আছে, কিন্তু তেওঁ বিশ্বাসৰ অনুসৰি কাম নকৰে, তেনেহʼলে ইয়াৰ কি লাভ? এনে বিশ্বাসে তেওঁক উদ্ধাৰ কৰিব পাৰে নে? ১৫ যদি কোনো ভাই বা ভনীৰ ওচৰত কাপোৰ নাই আৰু খাবলৈ দুবেলাৰ দুসাঁজো নাই ১৬ আৰু তোমালোকৰ মাজৰ কোনোবাই তেওঁক কয়, “ভালদৰে থাকা, তোমাৰ খোৱাৰ আৰু পিন্ধাৰ একো অভাৱ নহওক।” কিন্তু তোমালোকে যদি তেওঁক কাপোৰ আৰু আহাৰ নিদিয়া, তেনেহʼলে কি লাভ? ১৭ ঠিক সেইদৰে, কেৱল বিশ্বাস থাকিলেই যথেষ্ট নহয়। যদি বিশ্বাস কামৰ যোগেদি দেখুৱা নহয়, তেনেহʼলে সেই বিশ্বাস মৰা।
১৮ কিন্তু কোনোবাই হয়তো কʼব, “তুমি বিশ্বাস কৰা, কিন্তু মই কাম কৰোঁ। তুমি নিজৰ বিশ্বাস কামৰ অবিহনে দেখুৱা আৰু মই নিজৰ বিশ্বাস কামৰ যোগেদি দেখুৱাম।” ১৯ ঈশ্বৰ এজনেই বুলি তুমি বিশ্বাস কৰা নে? তুমি বহুত ভাল কৰিছা। দুষ্ট স্বৰ্গদূতেও এয়াই বিশ্বাস কৰে আৰু থৰ থৰকৈ কঁপে। ২০ কিন্তু হে মূৰ্খ মানুহ, কামৰ অবিহনে বিশ্বাস ব্যৰ্থ হয় বুলি তুমি বিশ্বাস কৰিব নিবিচাৰা নে? ২১ আমাৰ পিতৃ অব্ৰাহামে যেতিয়া নিজৰ লʼৰা ইচহাকক উছৰ্গা কৰিবলৈ তাক বেদীৰ ওপৰত ৰাখিছিল, তেতিয়া তেওঁ এই কামৰ যোগেদি ভাল মানুহ বুলি গণিত হোৱা নাছিল নে? ২২ তোমালোকে চাব পাৰা যে তেওঁ বিশ্বাস কৰাৰ লগতে কামো কৰিলে আৰু তেওঁৰ কামৰ যোগেদি তেওঁৰ বিশ্বাস সিদ্ধ হʼল। ২৩ আৰু শাস্ত্ৰৰ এই কথা পূৰ হʼল, “অব্ৰাহামে যিহোৱাৰ* ওপৰত বিশ্বাস কৰিলে আৰু ইয়াৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল” আৰু তেওঁক “যিহোৱাৰ* বন্ধু” বুলি কোৱা হʼল।
২৪ গতিকে, যিদৰে তোমালোকে দেখিলা, এজন মানুহক কেৱল বিশ্বাসৰ যোগেদিয়েই নহয়, কিন্তু কামৰ যোগেদিহে ভাল মানুহ বুলি গণ্য কৰা হয়। ২৫ এইদৰে ৰাহাব নামৰ বেশ্যাই যেতিয়া দূতসকলক অতিথি-সৎকাৰ দেখুৱাইছিল আৰু তেওঁলোকক আন ৰাস্তাইদি পঠাই দিছিল, তেতিয়া তেওঁ এই কামৰ যোগেদি ভাল মানুহ বুলি গণিত হোৱা নাছিল নে? ২৬ সঁচাকৈ, যিদৰে প্ৰাণৰ* অবিহনে শৰীৰ মৰা, ঠিক সেইদৰে কামৰ অবিহনে বিশ্বাসো মৰা।