ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • পাঁচনিৰ কৰ্ম্ম ৬
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

পাঁচনিৰ কৰ্ম্মৰ সাৰাংশ

      • সেৱাৰ বাবে সাতজন মানুহক বাছনি কৰা হʼল (১-৭)

      • স্তিফানক নিন্দাজনক কথা কোৱাৰ অভিযোগ (৮-১৫)

পাঁচনিৰ কৰ্ম্ম ৬:২

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

পাঁচনিৰ কৰ্ম্ম ৬:১২

ফুটনোট

  • *

    আক্ষ., “লেখক।” শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পাঁচনিৰ কৰ্ম্ম ৬:১-১৫

পাঁচনিৰ কৰ্ম্ম

৬ সেই সময়ত শিষ্যসকলৰ সংখ্যা বাঢ়ি আছিল। তেতিয়া গ্ৰীক ভাষা কোৱা যিহূদী শিষ্যসকলে হিব্ৰু ভাষা কোৱা যিহূদী শিষ্যসকলৰ বিষয়ে অভিযোগ কৰিবলৈ ধৰিলে। কিয়নো প্ৰতিদিনে খোৱা-বোৱা বিলোৱাৰ সময়ত গ্ৰীক ভাষা কোৱা বিধৱাসকলক অৱহেলা কৰা হৈছিল। ২ তেতিয়া সেই ১২ জন পাঁচনিয়ে* আন সকলো শিষ্যক মাতিলে আৰু তেওঁলোকক কʼলে, “আমি পাঁচনিসকলে ঈশ্বৰৰ বাক্য শিকাবলৈ বাদ দি খোৱা-বোৱা বিলোৱা কামত লাগি যোৱাটো উচিত নহয়। ৩ সেইবাবে, ভাইসকল, নিজৰ মাজৰ পৰা এনে সাতজন মানুহক বাছনি কৰা, যিসকলৰ তোমালোকৰ মাজত ভাল নাম আছে আৰু যিসকল পবিত্ৰ শক্তি আৰু বুদ্ধিৰে পৰিপূৰ্ণ হয় যাতে আমি তেওঁলোকক এই গুৰুত্বপূৰ্ণ কামৰ চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰিব পাৰোঁ। ৪ আৰু আমি প্ৰাৰ্থনা কৰা আৰু বাক্য শিকোৱা কামত লাগি থাকিম।” ৫ এই কথা সকলোৰে ভাল লাগিল আৰু তেওঁলোকে এই মানুহবিলাকক বাছনি কৰিলে: স্তিফান, যিজন বিশ্বাস আৰু পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ আছিল আৰু ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পাৰ্মিনা আৰু নিকলায়। নিকলায় আন্তিয়খিয়াৰ আছিল আৰু তেওঁ যিহূদী ধৰ্ম গ্ৰহণ কৰিছিল। ৬ তেওঁলোকে এই সাতজনক পাঁচনিসকলৰ ওচৰলৈ লৈ আহিলে। তেওঁলোকে প্ৰাৰ্থনা কৰিলে আৰু তেওঁলোকৰ ওপৰত হাত থʼলে।

৭ সেইবাবে, ঈশ্বৰৰ বাক্য বিয়পি গʼল আৰু যিৰূচালেমত শিষ্যসকলৰ সংখ্যা বাঢ়ি থাকিল আৰু বহুতো পুৰোহিতেও প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিলে।

৮ স্তিফানৰ ওপৰত ঈশ্বৰৰ কৃপা আছিল আৰু তেওঁ ঈশ্বৰৰ শক্তিৰে পৰিপূৰ্ণ আছিল। সেইবাবে, তেওঁ লোকসকলৰ মাজত ডাঙৰ ডাঙৰ আশ্চৰ্য্যজনক কাম আৰু চমৎকাৰ কৰিছিল। ৯ কিন্তু ‘স্বাধীন দলৰ সভাঘৰ’ বুলি কোৱা সমূহৰ কিছুমান মানুহ, লগতে কুৰীণীয়া, আলেকজান্দ্ৰীয়া, কিলিকিয়া আৰু এচিয়াৰ লোকসকলে স্তিফানৰ বিৰুদ্ধে থিয় হʼল আৰু তেওঁৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। ১০ কিন্তু স্তিফানে বুদ্ধিমতাৰে আৰু পবিত্ৰ শক্তিৰ সহায়ত তেওঁলোকক উত্তৰ দিলে। সেইবাবে, তেওঁলোকে স্তিফানৰ বিৰোধ কৰিব নোৱাৰিলে। ১১ তেতিয়া তেওঁলোকে মনে মনে কিছুমান মানুহক এই কথা কʼবলৈ উচটালে: “আমি ইয়াক মোচি আৰু ঈশ্বৰৰ বিৰুদ্ধে নিন্দাজনক কথা কোৱা শুনিলোঁ।” ১২ তেওঁলোকে জনসাধাৰণ, যিহূদীসকলৰ নেতা আৰু নিয়ম শিকোৱা লোকসকলক* উচটালে আৰু হঠাতে তেওঁলোকে তেওঁৰ ওচৰলৈ আহি জোৰ-জবৰদস্তি কৰি তেওঁক মহা-সভালৈ লৈ গʼল। ১৩ আৰু তেওঁলোকে মিছা সাক্ষীসকলক লৈ আহিলে, যিসকলে কৈছিল, “এই মানুহজনে আমাৰ পবিত্ৰ মন্দিৰ আৰু ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে কʼবলৈ বন্ধ কৰা নাই। ১৪ যেনে, আমি ইয়াক এয়া কোৱা শুনিছোঁ যে নাচৰতীয়া যীচুৱে এই মন্দিৰক ধ্বংস কৰিব আৰু সেই ৰীতি-নীতিবোৰ সলনি কৰিব, যি আমি মোচিৰ পৰা পাইছোঁ।”

১৫ যেতিয়া মহা-সভাত বহি থকা সকলোৱে স্তিফানৰ ফালে চালে, তেতিয়া তেওঁলোকে স্তিফানৰ চেহেৰা এজন স্বৰ্গদূতৰ চেহেৰাৰ দৰে দেখা পালে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক