মথিয়ে লিখা শুভবাৰ্তা
৮ যেতিয়া যীচুৱে পাহাৰৰ পৰা তললৈ নামি আহে, তেতিয়া বহুতো লোক তেওঁৰ পিছে পিছে আহিল। ২ আৰু চোৱা! এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি মূৰ দোৱাই তেওঁক প্ৰণাম কৰিলে আৰু কʼলে, “প্ৰভু, যদি আপুনি বিচাৰে, তেনেহʼলে মোক সুস্থ* কৰিব পাৰে।” ৩ তেতিয়া যীচুৱে হাতখন আগবঢ়াই তেওঁক চুলে আৰু কʼলে, “হয়, মই বিচাৰোঁ। সুস্থ হোৱা।” সেই সময়তে তেওঁৰ কুষ্ঠ ৰোগ ভাল হৈ গʼল আৰু তেওঁ সুস্থ হʼল। ৪ তাৰ পাছত যীচুৱে তেওঁক কʼলে, “চোৱা, এই কথা কাকো নকʼবা। কিন্তু গৈ নিজকে পুৰোহিতক দেখুৱা আৰু তেওঁলোকে সাক্ষ্য পাবলৈ মোচিয়ে যি বলিদান আগবঢ়াবলৈ কৈছিল, সেয়া আগবঢ়োৱা।”
৫ যেতিয়া যীচু কফৰনাহূমলৈ আহিলে, তেতিয়া এজন সেনাপতি তেওঁৰ ওচৰলৈ আহি তেওঁক মিনতি কৰিবলৈ ধৰিলে, ৬ “হে প্ৰভু, মোৰ এজন সেৱক জঠৰ ৰোগৰ* কাৰণে বিছনাত পৰি আছে আৰু তেওঁৰ অৱস্থা একেবাৰে বেয়া।” ৭ যীচুৱে তেওঁক কʼলে, “মই তালৈ গʼলে তেওঁক সুস্থ কৰিম।” ৮ সেনাপতিয়ে এইদৰে উত্তৰ দিলে, “প্ৰভু, মই ইমান যোগ্য নহওঁ যে আপুনি মোৰ ঘৰলৈ আহিব। আপুনি কেৱল এবাৰ মুখেৰে কওক আৰু মোৰ সেৱকজন সুস্থ হৈ যাব। ৯ কিয়নো ময়ো আন অধিকাৰীৰ অধীনত কাম কৰোঁ আৰু মোৰ অধীনতো সেনাবিলাকে কাম কৰে। যেতিয়া মই এজনক কওঁ, ‘যা!’ তেতিয়া সি যায় আৰু যেতিয়া আনজনক কওঁ, ‘আ!’ তেতিয়া সি আহে আৰু মই নিজৰ দাসক ‘এইটো কৰ’ বুলি কʼলে সি কৰে।” ১০ এই কথাষাৰ শুনি যীচুৱে আচৰিত হʼল আৰু তেওঁ নিজৰ পিছে পিছে অহা লোকসকলক এইদৰে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তেওঁৰ নিচিনা বিশ্বাস থকা এজনো মানুহ মই ইস্ৰায়েলত দেখা নাই। ১১ কিন্তু মই তোমালোকক কওঁ যে পূব আৰু পশ্চিমৰ পৰা বহুতো লোক আহিব আৰু স্বৰ্গৰাজ্যত তেওঁলোকে অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত মেজত বহি একেলগে আহাৰ খাব। ১২ কিন্তু ৰাজ্যৰ সন্তানবিলাকক বাহিৰৰ আন্ধাৰত পেলাই দিয়া হʼব। তেওঁলোকে তাত কান্দিব আৰু দাঁত কৰচিব।” ১৩ তাৰ পাছত যীচুৱে সেই সেনাপতিক কʼলে, “তুমি যোৱা। যিদৰে তুমি বিশ্বাস কৰিলা, সেইদৰেই তোমালৈ হওক।” আৰু সেই সময়তে তেওঁৰ সেৱকজন সুস্থ হৈ গʼল।
১৪ যীচুৱে পিতৰৰ ঘৰলৈ আহি পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। ১৫ তেতিয়াই যীচুৱে তেওঁৰ হাতখন চুলে আৰু তেওঁৰ জ্বৰ নাইকিয়া হʼল। তেওঁ উঠিলে আৰু যীচুৰ সেৱা কৰিবলৈ ধৰিলে। ১৬ যেতিয়া সন্ধিয়া হʼল, তেতিয়া লোকসকলে দুষ্ট স্বৰ্গদূতে পোৱা বহুতো লোকক তেওঁৰ ওচৰলৈ আনিবলৈ ধৰিলে। তেওঁ এই দুষ্ট স্বৰ্গদূতবিলাকক কেৱল আদেশ দিয়েই উলিয়ালে আৰু কষ্টত ভুগি থকা সেই সকলো লোকক সুস্থ কৰিলে ১৭ যাতে ভৱিষ্যবক্তা যিচয়াৰ যোগেদি কোৱা এই বাক্য পূৰ হয়, “তেওঁ আমাৰ বেদনা আৰু বেমাৰৰ ভাৰ লʼলে।”
১৮ যেতিয়া যীচুৱে নিজৰ চাৰিওফালে লোকসকলক দেখিলে, তেতিয়া নাওখন সিপাৰলৈ লৈ যাবলৈ শিষ্যসকলক কʼলে। ১৯ সেই সময়ত নিয়ম শিকোৱা* এজনে আহি তেওঁক কʼলে, “হে গুৰু, আপুনি যʼলৈকে যায়, তালৈকে ময়ো আপোনাৰ পিছে পিছে যাম।” ২০ কিন্তু যীচুৱে তেওঁক কʼলে, “শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থʼবলৈও ঠাই নাই।” ২১ তেতিয়া আৰু এজন শিষ্যই আহি তেওঁক কʼলে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক।” ২২ যীচুৱে তেওঁক কʼলে, “তুমি মোৰ পিছে পিছে আহা! মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক।”
২৩ যেতিয়া যীচুৱে এখন নাৱত উঠিল, তেতিয়া তেওঁৰ শিষ্যসকলেও তেওঁৰ লগত গʼল। ২৪ সেই সময়ত সাগৰত হঠাতে ডাঙৰ ধুমুহা আহিল, যাৰ বাবে ঢৌৱে নাওখন ঢাকিবলৈ ধৰিলে, কিন্তু যীচু শুই আছিল। ২৫ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি এইদৰে কৈ তেওঁক জগাবলৈ ধৰিলে, “হে প্ৰভু, আমাক বচাওক, আমি এতিয়া মৰিম।” ২৬ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “হে কম বিশ্বাস কৰা লোকসকল, তোমালোকে কিয় ইমান ভয় খাইছা?” তাৰ পাছত তেওঁ উঠি ধুমুহা আৰু সাগৰৰ ঢৌক ধমকি দিলে আৰু চাৰিওফালে একেবাৰে শান্ত হৈ গʼল। ২৭ এয়া দেখি শিষ্যসকলে আচৰিত হʼল আৰু এইদৰে কʼবলৈ ধৰিলে, “এই মানুহজননো কোন যে ধুমুহা আৰু সাগৰেও তেওঁৰ কথা মানে।”
২৮ ইয়াৰ পাছত যীচুৱে সিপাৰে থকা গাদাৰীয়াবিলাকৰ এলেকা পালেগৈ। তাত দুষ্ট স্বৰ্গদূতে পোৱা দুজন ব্যক্তি আছিল। সিহঁতে কবৰৰ মাজৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিলে। সিহঁত ইমানেই ভয়ানক আছিল যে কোনেও সেই ৰাস্তাইদি যাবলৈ সাহস কৰা নাছিল। ২৯ আৰু চোৱা! সিহঁতে চিঞৰি এইদৰে কʼবলৈ ধৰিলে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম? নিৰ্ধাৰিত সময়ৰ আগতেই আপুনি আমাক কষ্ট দিবলৈ আহিছে নে?” ৩০ সিহঁতৰ পৰা কিছু দূৰত গাহৰিৰ এটা ডাঙৰ জাকে চৰি আছিল। ৩১ দুষ্ট স্বৰ্গদূতবিলাকে যীচুক মিনতি কৰিবলৈ ধৰিলে, “আপুনি যদি আমাক উলিয়াই দিয়ে, তেনেহʼলে সেই গাহৰি জাকলৈকে আমাক পঠাই দিয়ক।” ৩২ সেই সময়ত যীচুৱে সিহঁতক কʼলে, “তেনেহʼলে যা!” আৰু সিহঁতে সেই মানুহ কেইজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই গাহৰিবোৰত সোমাল আৰু চোৱা! গাহৰিৰ গোটেই জাকে বেগেৰে দৌৰিলে আৰু পাহাৰৰ গৰাৰ পৰা সাগৰত পৰি সকলো গাহৰি মৰি থাকিল। ৩৩ কিন্তু এইবোৰ দেখি গাহৰি চৰোৱা লোকসকলে তাৰ পৰা পলাই গʼল আৰু নগৰত গৈ ঘটনাৰ বিষয়ে সকলো কথা কʼলে আৰু দুষ্ট স্বৰ্গদূতে পোৱা সেই মানুহবিলাকৰ কথাও কʼলে। ৩৪ আৰু চোৱা! নগৰৰ সকলো মানুহে যীচুক চাবলৈ আহিলে। যেতিয়া তেওঁলোকে যীচুক দেখিলে, তেতিয়া তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ তেওঁক বাৰে বাৰে কʼলে।