মথিয়ে লিখা শুভবাৰ্তা
১ এই কিতাপখনত যীচু খ্ৰীষ্টৰ* জীৱনৰ বিষয়ে লিখা আছে। তেওঁ দায়ূদৰ বংশৰ পৰা আৰু দায়ূদ অব্ৰাহামৰ বংশৰ পৰা আহিল। আহক যীচুৰ বংশাৱলী চাওঁ।
২ অব্ৰাহামৰ পৰা ইচহাক,
ইচহাকৰ পৰা যাকোবৰ জন্ম হʼল।
যাকোবৰ পৰা যিহূদা আৰু তেওঁৰ ভাই-ককাইবিলাকৰ জন্ম হʼল।
৩ যিহূদাৰ পৰা পেৰচ আৰু জেৰহৰ জন্ম হʼল আৰু তেওঁলোকৰ মা তামাৰ আছিল।
পেৰচৰ পৰা হিচৰোণ;
হিচৰোণৰ পৰা ৰামৰ জন্ম হʼল।
৫ চলমোনৰ পৰা বোৱজৰ জন্ম হৈছিল।
তেওঁৰ মা ৰাহাব আছিল।
বোৱজৰ পৰা ওবেদৰ জন্ম হʼল; তেওঁৰ মা ৰূথ আছিল।
ওবেদৰ পৰা যিচয়ৰ জন্ম হʼল;
৬ যিচয়ৰ পৰা ৰজা দায়ূদৰ আৰু দায়ূদৰ পৰা চলোমনৰ জন্ম হৈছিল।
চলোমনৰ মা আগতে উৰিয়াৰ পত্নী আছিল।
৭ চলোমনৰ পৰা ৰহবিয়াম,
ৰহবিয়ামৰ পৰা অবিয়,
অবিয়ৰ পৰা আচা,
৮ আচাৰ পৰা যিহোচাফট,
যিহোচাফটৰ পৰা যিহোৰাম,
যিহোৰামৰ পৰা উজ্জিয়া,
৯ উজ্জিয়াৰ পৰা যোথম,
যোথমৰ পৰা আহজ,
আহজৰ পৰা হিষ্কিয়া,
১০ হিষ্কিয়াৰ পৰা মনচি,
মনচিৰ পৰা আমোন আৰু
আমোনৰ পৰা যোচিয়াৰ জন্ম হʼল।
১১ যোচিয়াৰ পৰা যকনীয়া আৰু তেওঁৰ ভাইবিলাকৰ জন্ম হʼল। সেই সময়ছোৱাত যিহূদীসকলক বন্দী বনাই বাবিললৈ লৈ যোৱা হৈছিল।
১২ বাবিলত যকনীয়াৰ পৰা চলটীয়েল,
চলটীয়েলৰ পৰা জৰুব্বাবিল,
১৩ জৰুব্বাবিলৰ পৰা অবিহূদ,
অবিহূদৰ পৰা ইলীয়াকীম,
ইলীয়াকীমৰ পৰা আচোৰ,
১৪ আচোৰৰ পৰা চাদোক,
চাদোকৰ পৰা আখীম আৰু
আখীমৰ পৰা ইলীহূদৰ জন্ম হʼল।
১৫ ইলীহূদৰ পৰা ইলিয়াচৰ,
ইলিয়াচৰৰ পৰা মত্তন,
মত্তনৰ পৰা যাকোব,
১৬ যাকোবৰ পৰা যোচেফৰ জন্ম হʼল আৰু তেওঁ মৰিয়মৰ স্বামী আছিল। মৰিয়মে যীচুক জন্ম দিছিল, যি খ্ৰীষ্ট বুলি জনা যায়।
১৭ অব্ৰাহামৰ পৰা দায়ূদলৈকে মুঠ ১৪ পুৰুষ আৰু দায়ূদৰ পৰা যিহূদীসকলক বাবিললৈ বন্দী কৰি নিয়ালৈকে ১৪ পুৰুষ আৰু বাবিললৈ বন্দী কৰি নিয়াৰ পৰা খ্ৰীষ্টলৈকে ১৪ পুৰুষ হয়।
১৮ যীচুৰ জন্ম এইদৰে হʼল: তেওঁৰ মা মৰিয়ম আৰু যোচেফে বিয়া কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল। কিন্তু তেওঁলোকে স্বামী-স্ত্ৰীৰ দৰে থকাৰ আগতে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ* সহায়ত মৰিয়মে গৰ্ভৱতী হৈছিল। ১৯ যোচেফ এজন ভাল ব্যক্তি আছিল আৰু তেওঁ মৰিয়মক লোকসকলৰ আগত লাজত পেলাব বিচৰা নাছিল, সেইবাবে যোচেফে তেওঁক মনে মনে তালাক* দিব বিচাৰিছিল। ২০ কিন্তু এই বিষয়ে চিন্তা কৰাৰ পাছত যেতিয়া তেওঁ শুই গʼল, তেতিয়া তেওঁ সপোনত যিহোৱাৰ* এজন স্বৰ্গদূতক দেখিলে। স্বৰ্গদূতে তেওঁক কʼলে, “যোচেফ, দায়ূদৰ বংশ, তুমি মৰিয়মক বিয়া কৰিবলৈ* ভয় নকৰিবা। কাৰণ তেওঁ ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত গৰ্ভৱতী হৈছে। ২১ মৰিয়মে এটি লʼৰাক জন্ম দিব, তেওঁৰ নাম যীচু* ৰাখিবা। কাৰণ তেওঁ নিজৰ লোকসকলক পাপৰ পৰা উদ্ধাৰ কৰিব।” ২২ এই সকলো যিহোৱাৰ* বাক্য পূৰ হʼবলৈ হʼল, যি তেওঁ নিজৰ ভৱিষ্যবক্তাৰ যোগেদি কৈছিল, ২৩ “চোৱা! যুৱতীজনী গৰ্ভৱতী হৈ এটি লʼৰাক জন্ম দিব আৰু তেওঁৰ নাম ইম্মানূৱেল ৰাখিব,” যাৰ অৰ্থ হৈছে “ঈশ্বৰ আমাৰ লগত আছে।”
২৪ তেতিয়া যোচেফে টোপনিৰ পৰা সাৰ পালে আৰু যিহোৱাৰ* স্বৰ্গদূতে যি কৈছিল, ঠিক সেইদৰেই কৰিলে। তেওঁ নিজৰ পত্নীক ঘৰলৈ লৈ আহিল। ২৫ কিন্তু মৰিয়মে লʼৰাটিক জন্ম নিদিয়ালৈকে যোচেফে তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা নাছিল। যোচেফে সেই লʼৰাটিৰ নাম যীচু ৰাখিলে।