মথিয়ে লিখা শুভবাৰ্তা
১১ যীচুৱে নিজৰ ১২ জন শিষ্যক এই নিৰ্দেশনা দিয়াৰ পাছত তেওঁলোকে আন চহৰবোৰত শিকাবলৈ আৰু প্ৰচাৰ কৰিবলৈ সেই ঠাইৰ পৰা ওলাই গʼল।
২ কিন্তু যোহনে জেলত থকাৰ সময়ত যেতিয়া খ্ৰীষ্টৰ কামৰ বিষয়ে শুনিলে, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক তেওঁৰ ওচৰলৈ পঠাই ৩ এইদৰে সুধিবলৈ কʼলে, “যিজন আহিবলগীয়া আছিল, সেইজন আপুনিয়েই নে? নে আমি আন কাৰোবালৈ বাট চাম?” ৪ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে যি দেখিছা আৰু শুনিছা, সেই সকলো কথা যোহনক কোৱাগৈ: ৫ অন্ধ লোকসকলে এতিয়া দেখা পাইছে, খোৰাই খোজকাঢ়িব পাৰিছে, কুষ্ঠ ৰোগীক সুস্থ কৰা হৈছে,* কলাই শুনিব পাৰিছে, মৃত লোকসকলক আকৌ জীয়াই তোলা হৈছে আৰু দুখীয়া লোকসকলক শুভবাৰ্তা জনোৱা হৈছে। ৬ যিজনে মোৰ বিষয়ে সন্দেহ নকৰে, তেওঁ সুখী।”*
৭ তেওঁলোকে তাৰ পৰা যোৱাৰ পাছত যীচুৱে যোহনৰ বিষয়ে ভিৰৰ লোকসকলক এইদৰে কʼবলৈ ধৰিলে, “তোমালোকে অৰণ্যলৈ* কি চাবলৈ গৈছিলা? বতাহে লৰোৱা নলখাগৰিক? ৮ তেনেহʼলে তোমালোকে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা কোনো মানুহক নে? যিসকলে মিহি কাপোৰ পিন্ধে, তেওঁলোকে দেখোন ৰজাৰ ভৱনত থাকে। ৯ তেনেহʼলে তোমালোকে কিয় গৈছিলা? এজন ভৱিষ্যবক্তাক চাবলৈ নে? হয়, তেওঁ এজন ভৱিষ্যবক্তা। কিন্তু মই তোমালোকক কওঁ, ভৱিষ্যবক্তাতকৈও মহান ব্যক্তিক চাবলৈ গৈছিলা। ১০ এইজন তেৱেঁই, যিজনৰ বিষয়ে শাস্ত্ৰত লিখা আছে, ‘চোৱা! মই তোমাৰ আগত মোৰ বাৰ্তাবাহকক পঠাইছোঁ, যিজনে তোমাৰ কাৰণে পথ তৈয়াৰ কৰিব।’ ১১ মই তোমালোকক সঁচাকৈ কৈছোঁ, এতিয়ালৈকে যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত যোহন বাপ্তিষ্মা দিওঁতাতকৈ মহান কোনো নাই। কিন্তু যিজন স্বৰ্গৰ ৰাজ্যত আটাইতকৈ সৰু, তেওঁ যোহনতকৈ মহান। ১২ যোহন বাপ্তিষ্মা দিওঁতাৰ দিনৰ পৰা এতিয়ালৈকে লোকসকলে স্বৰ্গৰাজ্যৰ ভাগ হʼবলৈ চেষ্টা কৰি আছে আৰু যিসকলে পৰিশ্ৰম কৰি আছে, তেওঁলোকে তাৰ ভাগ হৈ আছে। ১৩ কিয়নো নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপে* যোহনৰ সময়লৈকে ভৱিষ্যবাণী কৰিলে। ১৪ তোমালোকে বিশ্বাস কৰা বা নকৰা, তেৱেঁই সেই এলিয়া, যি আহিবলগীয়া আছিল। ১৫ মই কি কৈ আছোঁ কাণ পাতি শুনা।
১৬ এই যুগৰ লোকসকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা লʼৰা-ছোৱালীৰ নিচিনা হয়, যিসকলে বজাৰত বহি নিজৰ লগৰবিলাকক মাতি কয়, ১৭ ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালোঁ, কিন্তু তোমালোকে নানাছিলা। আমি কান্দিলোঁ, কিন্তু তোমালোকে শোক নকৰিলা।’* ১৮ ঠিক সেইদৰে, যোহনে আনৰ দৰে খোৱা-বোৱা কৰা নাছিল, তথাপি লোকসকলে কৈছিল, ‘তেওঁক দুষ্ট স্বৰ্গদূতে পাইছে।’ ১৯ আনহাতে মানুহৰ পুত্ৰই আনৰ নিচিনাকৈ খোৱা-বোৱা কৰে, তথাপি লোকসকলে কয়, ‘চোৱা! এই মানুহজন খকুৱা আৰু মদাহী, কৰতোলা আৰু পাপীবিলাকৰ বন্ধু।’ কিন্তু বুদ্ধি নিজৰ কামৰ* যোগেদি সঠিক বুলি প্ৰমাণিত হয়।”
২০ তাৰ পাছত যীচুৱে যিবোৰ চহৰত বেছিভাগ শক্তিশালী কাম কৰিছিল, তেওঁ সেইবোৰ চহৰক নিন্দা কৰিবলৈ ধৰিলে। কাৰণ তেওঁলোকে অনুতাপ নকৰিলে: ২১ “হে কোৰাচীন, মই তোমাক নিন্দা কৰিছোঁ! হে বৈৎচৈদা, মই তোমাক নিন্দা কৰিছোঁ! কিয়নো তোমালোকৰ মাজত যিবোৰ শক্তিশালী কাম কৰা হʼল, সেইবোৰ তূৰ আৰু চীদোনত হোৱা হʼলে, তাত থকা লোকসকলে কেতিয়াবাই ডাঠ কাপোৰ পিন্ধি* আৰু ছাইত বহি অনুতাপ কৰিলেহেঁতেন। ২২ সেইবাবে, মই তোমালোকক কওঁ, ন্যায়ৰ দিনত তোমালোকৰ অৱস্থা তূৰ আৰু চীদোনৰ অৱস্থাতকৈয়ো বেছি বেয়া হʼব। ২৩ হে কফৰনাহূম, তুমি ভাবা নেকি যে তোমাক আকাশলৈকে ওখ কৰা হʼব? তুমি কবৰলৈ যাবা। কিয়নো তোমাৰ মাজত যি শক্তিশালী কাম কৰা হৈছিল, সেইবোৰ চদোমত কৰা হʼলে সেই নগৰ আজিলৈকে থাকিলেহেঁতেন। ২৪ মই তোমালোকক কৈছোঁ, ন্যায়ৰ দিনত তোমালোকৰ অৱস্থা চদোমৰ অৱস্থাতকৈয়ো বেছি বেয়া হʼব।”
২৫ সেই সময়ত যীচুৱে কʼলে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই সকলোৰে আগত তোমাৰ প্ৰশংসা কৰোঁ। কাৰণ তুমি এই কথাবোৰ বুদ্ধিমান আৰু জ্ঞানীবিলাকৰ পৰা লুকুৱাই ৰাখিলা, কিন্তু শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা।” ২৬ কাৰণ হে পিতৃ, তুমি এই উপায়টো গ্ৰহণ কৰিলা। ২৭ মোৰ পিতৃয়ে সকলোবোৰ মোৰ হাতত তুলি দিছে। পিতৃৰ বাহিৰে পুত্ৰক সম্পূৰ্ণৰূপে কোনেও নাজানে আৰু পুত্ৰৰ বাহিৰে পিতৃক সম্পূৰ্ণৰূপে কোনেও নাজানে। সেইবাবে, পুত্ৰই যাক জনাব বিচাৰে কেৱল তেৱেঁই পিতৃক জানিব পাৰে। ২৮ হে কঠোৰ পৰিশ্ৰম কৰা আৰু গধুৰ বোজা লোৱা লোকসকল, তোমালোক মোৰ ওচৰলৈ আহা, মই তোমালোকক সতেজ কৰিম। ২৯ মোৰ যুঁৱলি লোৱা আৰু মোৰ পৰা শিকা। কিয়নো, মই নম্ৰ আৰু কোমল স্বভাৱৰ হওঁ। আৰু তোমালোকে সতেজ হʼবা। ৩০ কাৰণ মোৰ যুঁৱলি লোৱাটো সহজ আৰু মোৰ বোজা গধুৰ নহয়।