যোহনলৈ দিয়া প্ৰকাশিত বাক্য
২২ আৰু তেওঁ মোক জীৱন দিয়া পানীৰ নদী দেখুৱালে, যি স্ফটিকৰ দৰে চফা আছিল আৰু সেয়া ঈশ্বৰ আৰু ভেড়া পোৱালিৰ সিংহাসনৰ পৰা বৈ আহিছিল। ২ এই নদী সেই নগৰৰ মুখ্য ৰাস্তাৰ মাজেদি বৈ গৈছিল। নদীৰ দুয়োফালে জীৱনৰ গছ আছিল, যʼত বছৰেকত ১২ বাৰ অৰ্থাৎ প্ৰতিমাহে ফল লাগিছিল। তাৰ পাতবোৰ ৰাষ্ট্ৰৰ লোকসকলৰ বেমাৰ সুস্থ কৰাৰ কাৰণে আছিল।
৩ ঈশ্বৰে আৰু কেতিয়াও সেই নগৰক কোনো ধৰণৰ শাও নিদিব। কিন্তু সেই নগৰত ঈশ্বৰ আৰু ভেড়া পোৱালিৰ সিংহাসন হʼব আৰু ঈশ্বৰৰ সেৱকসকলে তেওঁৰ পবিত্ৰ সেৱা কৰিব। ৪ তেওঁলোকে তেওঁৰ চেহেৰা দেখা পাব আৰু তেওঁৰ নাম তেওঁলোকৰ কপালত লিখা থাকিব। ৫ আৰু কেতিয়াও ৰাতি নহʼব আৰু তেওঁলোকক চাকি বা সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহʼব, কিয়নো যিহোৱা* ঈশ্বৰে তেওঁলোকৰ ওপৰত পোহৰ জিলিকাব আৰু তেওঁলোকে ৰজা হৈ সদায় কাললৈকে শাসন কৰিব।
৬ স্বৰ্গদূতে মোক কʼলে, “এই বাক্য ভৰসাযোগ্য* আৰু সত্য হয়। হয়, ভৱিষ্যবক্তাসকলৰ যোগেদি কথা কোৱা যিহোৱা* ঈশ্বৰে নিজৰ স্বৰ্গদূতক পঠিয়ালে যাতে নিজৰ দাসবিলাকক সেই সকলো বিষয় দেখুৱায়, যি অতি সোনকালে হʼবলগীয়া আছে। ৭ চোৱা! মই অতি সোনকালে আহি আছোঁ। সুখী সেই লোক, যিসকলে এই নুৰাৰ ভৱিষ্যবাণীৰ বাক্যবোৰ পালন কৰে।”
৮ মই যোহনে, এইবোৰ কথা শুনি আৰু দেখি আছিলোঁ আৰু মই এইবোৰ শুনা আৰু দেখাৰ পাছত যিজন স্বৰ্গদূতে মোক এই সকলো বিষয় দেখুৱাই আছিল, তেওঁৰ উপাসনা কৰিবলৈ মই তেওঁৰ ভৰিত পৰিলোঁ। ৯ কিন্তু তেওঁ মোক কʼলে, “এইদৰে নকৰিবা! মইতো কেৱল তোমাৰ আৰু তোমাৰ ভাইসকল অৰ্থাৎ ভৱিষ্যবক্তাসকলৰ দৰে এজন দাস হওঁ, যিসকলে এই নুৰাত লিখা বাক্যৰ অনুসৰি চলে। ঈশ্বৰৰ উপাসনা কৰা।”
১০ তেওঁ মোক এয়াও কʼলে, “এই নুৰাত লিখা ভৱিষ্যবাণীৰ বাক্যৰ ওপৰত মোহৰ নামাৰিবা, কিয়নো নিৰ্ধাৰিত কৰা সময় ওচৰ পালেহি। ১১ যিজনে বেয়া কাম কৰে, তেওঁ বেয়া কামত লাগি থাকক। যিজনে অশুচি আচৰণ কৰে, তেওঁ অশুচি কামবোৰত লাগি থাকক। কিন্তু যিজন ভাল মানুহ হয়, তেওঁ ভাল কামবোৰত লাগি থাকক আৰু যিজন পবিত্ৰ হয়, তেওঁ পবিত্ৰ কামবোৰ কৰি থাকক।
১২ ‘চোৱা! মই অতি সোনকালে আহি আছোঁ আৰু মোৰ ওচৰত সেই পুৰস্কাৰ আছে, যি মই প্ৰত্যেকজনক তেওঁলোকৰ কামৰ অনুসৰি দিম। ১৩ ময়েই আলফা আৰু ওমেগা* হওঁ, ময়েই প্ৰথম আৰু শেষ, আৰম্ভণি আৰু অন্ত হওঁ। ১৪ সুখী সেই লোক, যিসকলে নিজৰ কাপোৰ ধুলে যাতে তেওঁলোকে জীৱনৰ গছৰ ফল খাবলৈ অধিকাৰ লাভ কৰে আৰু তেওঁলোকে সেই নগৰত তাৰ দুৱাৰেদি সোমাব পাৰে। ১৫ কিন্তু কুকুৰ,* যাদুবিদ্যা কৰা, অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখা, হত্যাকাৰী, মূৰ্তিপূজা কৰা, মিছা কথা কোৱা আৰু মিছাক ভাল পোৱা লোকসকলে সেই নগৰৰ বাহিৰত থাকিব।’
১৬ ‘মই যীচু নিজৰ স্বৰ্গদূতক পঠাই তোমালোকক এইবোৰ কথা জনালোঁ যাতে মণ্ডলীবোৰৰ লাভ হয়। মই দায়ূদৰ শিপা আৰু বংশ হওঁ আৰু ৰাতিপুৱাৰ উজ্জ্বল তৰা হওঁ।’”
১৭ আৰু পবিত্ৰ শক্তি আৰু সেই কন্যাই কৈ থাকে, “আহা!” আৰু যিজনে শুনে তেওঁ কওক, “আহা!” আৰু যিজন পিয়াহত আছে, তেওঁ আহক। যিজনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱনৰ পানী লওক।
১৮ “মই এই নুৰাৰ ভৱিষ্যবাণীৰ বাক্য শুনা প্ৰতিজনকে এই সাক্ষ্য দিওঁ: যদি কোনোবাই এই কথাবোৰত কিবা যোগ কৰে, তেনেহʼলে এই নুৰাত লিখা বিপত্তি ঈশ্বৰে তাৰ ওপৰত লৈ আনিব। ১৯ যদি কোনোবাই ভৱিষ্যবাণীৰ এই নুৰাৰ বাক্যৰ পৰা কিবা উলিয়ায়, তেনেহʼলে ঈশ্বৰে তেওঁক এই নুৰাত লিখা ভাল বিষয়বোৰ নিদিব অৰ্থাৎ তেওঁক জীৱনৰ গছৰ পৰা ফল খাবলৈ নিদিব আৰু পবিত্ৰ নগৰত সোমাবলৈ নিদিব।
২০ যিজনে এই কথাবোৰৰ সাক্ষ্য দিয়ে, তেওঁ কৈছে, ‘হয়, মই অতি সোনকালে আহি আছোঁ।’”
“আমেন! প্ৰভু যীচু, আহা।”
২১ প্ৰভু যীচুৰ মহা-কৃপা পবিত্ৰ লোকসকলৰ লগত থাকক।