ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • প্ৰকাশিত বাক্য ৯
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

প্ৰকাশিত বাক্য কিতাপৰ সাৰাংশ

      • পঞ্চম তূৰী (১-১১)

      • প্ৰথম বিপত্তি শেষ হʼল, দুটা আৰু আহিবলগীয়া আছে (১২)

      • ষষ্ঠ তূৰী (১৩-২১)

প্ৰকাশিত বাক্য ৯:১

ফুটনোট

  • *

    অৰ্থাৎ এক গভীৰ গাঁত। শব্দকোষ চাওক।

প্ৰকাশিত বাক্য ৯:১১

ফুটনোট

  • *

    ইয়াৰ অৰ্থ হৈছে “বিনাশ।”

  • *

    ইয়াৰ অৰ্থ হৈছে “নাশ কৰোঁতা।”

প্ৰকাশিত বাক্য ৯:২১

ফুটনোট

  • *

    গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰকাশিত বাক্য ৯:১-২১

যোহনলৈ দিয়া প্ৰকাশিত বাক্য

৯ পঞ্চমজন স্বৰ্গদূতে নিজৰ তূৰী বজালে। আৰু মই এটা তৰা দেখিলোঁ, যি আকাশৰ পৰা পৃথিৱীত পৰিছিল আৰু তেওঁক অগাধ ঠাইৰ গাঁতৰ* চাবি দিয়া হʼল। ২ আৰু তেওঁ অগ্নিকুণ্ডৰ গাঁত খুলিলে আৰু কোনো ডাঙৰ অগ্নিকুণ্ডৰ পৰা যিদৰে ধোঁৱা ওলায়, সেইদৰে তাৰ পৰা ধোঁৱা ওলালে আৰু সেই ধোঁৱাৰ কাৰণে সূৰ্য আৰু বতাহ অন্ধকাৰ হৈ পৰিল। ৩ আৰু সেই ধোঁৱাৰ পৰা কাকতী-ফৰিংবোৰ ওলাই পৃথিৱীলৈ আহিল আৰু পৃথিৱীৰ বৃশ্চিকবোৰৰ যিমান শক্তি থাকে, সিমান শক্তি সিহঁতক দিয়া হʼল। ৪ তেওঁলোকক কোৱা হʼল যে তেওঁলোকে যেন পৃথিৱীৰ কোনো ঘাঁহ, উদ্ভিদ আনকি গছ-গছনিৰ ক্ষতি নকৰে, ইয়াৰ পৰিৱৰ্তে সিহঁতে কেৱল সেই লোকসকলৰ ক্ষতি কৰে, যিসকলৰ কপালত ঈশ্বৰৰ মোহৰ মৰা নাই।

৫ আৰু লোকসকলক হত্যা কৰাৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে পাঁচ মাহলৈকে কষ্ট দি থাকিবলৈ কাকতী-ফৰিংবোৰক অধিকাৰ দিয়া হʼল। আৰু লোকসকলে এনেদৰে কষ্ট পাইছিল, যিদৰে বৃশ্চিকে বিন্ধিলে কষ্ট হয়। ৬ আৰু সেই সময়ত লোকসকলে মৰিব বিচাৰিব, কিন্তু তেওঁলোকৰ মৃত্যু নহʼব। তেওঁলোকে মৃত্যুৰ কাৰণে হাবিয়াহ কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা দূৰলৈ পলাই যাব।

৭ আৰু সেই কাকতী-ফৰিংবোৰ যুদ্ধৰ কাৰণে সাজু কৰা ঘোঁৰাৰ দৰে দেখা গৈছিল। সিহঁতৰ মূৰত সোণৰ কিৰীটিৰ দৰে কিবা আছিল আৰু সিহঁতৰ চেহেৰা মানুহৰ চেহেৰাৰ দৰে আছিল, ৮ কিন্তু সিহঁতৰ চুলি তিৰোতাৰ চুলিৰ নিচিনা দীঘল আছিল। আৰু সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা আছিল। ৯ সিহঁতৰ বুকুবৰি লোহাৰ বুকুবৰিৰ দৰে আছিল। সিহঁতৰ ডেউকাৰ শব্দ যুদ্ধলৈ দৌৰা ঘোঁৰাই টনা ৰথৰ শব্দৰ দৰে আছিল। ১০ আৰু সিহঁতৰ নেজত বৃশ্চিকৰ দৰে শুং আছিল আৰু সিহঁতৰ নেজত লোকসকলক পাঁচ মাহলৈকে আঘাত কৰাৰ শক্তি আছিল। ১১ অগাধ ঠাইৰ স্বৰ্গদূত সিহঁতৰ ৰজা আছিল। হিব্ৰু ভাষাত তাৰ নাম আবদ্দোন,* কিন্তু গ্ৰীক ভাষাত তাৰ নাম আপল্লুয়োন।*

১২ প্ৰথম বিপত্তি শেষ হʼল। চোৱা! ইয়াৰ পাছত আৰু দুটা বিপত্তি আহিবলগীয়া আছে।

১৩ ষষ্ঠ স্বৰ্গদূতে নিজৰ তূৰী বজালে। আৰু ঈশ্বৰৰ আগত যি সোণৰ বেদী আছিল, সেই বেদীৰ শিংবোৰৰ পৰা মই এটা মাত শুনিলোঁ। ১৪ সেই ষষ্ঠ স্বৰ্গদূত, যাৰ ওচৰত তূৰী আছিল তেওঁক সেই মাতে এই কথা কʼলে, “মহা-নদী ফৰাতৰ ওচৰত যি চাৰিজন স্বৰ্গদূতক বান্ধি ৰখা হৈছে, তেওঁলোকক এৰি দিয়া।” ১৫ আৰু সেই চাৰিজন স্বৰ্গদূতক, যিসকলক এই সময়, দিন, মাহ আৰু বছৰৰ কাৰণে সাজু কৰা হৈছে, তেওঁলোকক মুকলি কৰা হʼল যাতে তেওঁলোকে তিনি ভাগৰ এভাগ মানুহক হত্যা কৰিব পাৰে।

১৬ অশ্বাৰোহী সেনাৰ সংখ্যা ২০ কোটি আছিল। মই তেওঁলোকৰ সংখ্যা শুনিলোঁ। ১৭ আৰু মই দৰ্শনত সেই ঘোঁৰাবোৰক আৰু যিসকলে সেইবোৰত উঠি আছিল, তেওঁলোকক এনেদৰে দেখিলোঁ: তেওঁলোকৰ বুকুবৰি জলন্ত জুইৰ দৰে ৰঙা আৰু গাঢ় নীলা আৰু গন্ধকৰ দৰে হালধীয়া আছিল। ঘোঁৰাবোৰৰ মূৰ সিংহৰ দৰে আছিল আৰু সিহঁতৰ মুখৰ পৰা জুই, ধোঁৱা আৰু গন্ধক ওলাই আছিল। ১৮ এই তিনিটা বিপত্তিৰ যোগেদি অৰ্থাৎ সিহঁতৰ মুখৰ পৰা ওলোৱা জুই, ধোঁৱা আৰু গন্ধকৰ যোগেদি তিনি ভাগৰ এভাগ লোকক হত্যা কৰা হʼল। ১৯ কাৰণ ঘোঁৰাবোৰৰ শক্তি সিহঁতৰ মুখ আৰু সিহঁতৰ নেজত থাকে। সিহঁতৰ নেজ সাপৰ দৰে হয়, যʼত মূৰ আছে আৰু ইয়াৰ যোগেদি সিহঁতে লোকসকলক ক্ষতি কৰে।

২০ কিন্তু বাকী লোকসকল, যিসকলক এই তিনিটা বিপত্তিৰ যোগেদি হত্যা কৰা হোৱা নাছিল, তেওঁলোকে নিজৰ কামৰ কাৰণে অনুতাপ নকৰিলে আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ আৰু সোণ-ৰূপ, তাম, শিল আৰু কাঠেৰে তৈয়াৰ কৰা মূৰ্তিবোৰক উপাসনা কৰিবলৈ এৰি নিদিলে, যিবোৰে দেখা নাপায়, শুনা নাপায়, আনকি খোজকাঢ়িবও নোৱাৰে। ২১ আৰু তেওঁলোকে যি হত্যা, যাদুবিদ্যা আৰু চুৰ কৰিছিল আৰু অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখিছিল, তাৰ কাৰণে অনুতাপ নকৰিলে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক