মথিয়ে লিখা শুভবাৰ্তা
১৮ সেই সময়ত শিষ্যসকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “স্বৰ্গৰাজ্যত সকলোতকৈ ডাঙৰ অধিকাৰ কোনে পাব?” ২ তেতিয়া যীচুৱে এটি সৰু লʼৰাক নিজৰ ওচৰলৈ মাতি সকলোৰে মাজত থিয় কৰালে ৩ আৰু কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যদি তোমালোকে নিজকে সলনি কৰি সৰু লʼৰা-ছোৱালীৰ দৰে হʼব নোৱাৰা, তেনেহʼলে স্বৰ্গৰাজ্যত কেতিয়াও যাব নোৱাৰিবা। ৪ সেইবাবে, যি কোনোৱে এই সৰু লʼৰাটিৰ দৰে নিজকে নম্ৰ কৰিব, তেৱেঁই স্বৰ্গৰাজ্যত ডাঙৰ অধিকাৰ পাব। ৫ যি কোনোৱে মোৰ নামেৰে এনে এটি লʼৰাক গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে। ৬ কিন্তু মোক বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনকো যদি কোনোবাই উজুটি* খোৱায়, তেনেহʼলে তেওঁৰ ডিঙিত এটা জাঁত* বান্ধি সমুদ্ৰৰ গভীৰ পানীত তেওঁক ডুবুৱাই দিয়াটোৱেই ভাল হʼব।
৭ এই জগতৰ অৱস্থা একেবাৰে বেয়া হʼব, কিয়নো ইয়ে বিশ্বাসৰ পথত চলিবলৈ বাধা* দিয়ে! এই পথত চলিবলৈ নিশ্চয় বাধা আহিব, কিন্তু যি মানুহে বিশ্বাসৰ পথত চলিবলৈ বাধা দিয়ে, তেওঁৰ অৱস্থা একেবাৰে বেয়া হʼব। ৮ সেইবাবে, যদি তোমাৰ হাত বা ভৰিয়ে তোমাক পাপ কৰাইছে,* তেনেহʼলে তাক কাটি পেলাই দিয়া, কাৰণ দুখন হাত বা দুখন ভৰিৰে সৈতে সদায় জ্বলি থকা জুইত নাশ হোৱাতকৈ এখন হাত বা এখন ভৰি নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৯ যদি তোমাৰ চকুৱে তোমাক পাপ কৰাইছে, তেনেহʼলে তাক কাঢ়ি পেলাই দিয়া, কাৰণ দুয়ো চকুৰে সৈতে গেহেনাত* ধ্বংস হোৱাতকৈ এটা চকু নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ১০ চোৱা, তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো তুচ্ছ বুলি নাভাবিবা। মই তোমালোকক কৈছোঁ, এওঁলোকৰ স্বৰ্গদূত স্বৰ্গত থকা মোৰ পিতৃৰ ওচৰত সদায় উপস্থিত থাকে। ১১* —
১২ তোমালোকে কি ভাবা? যদি কোনো ব্যক্তিৰ ১০০ টা ভেড়া আছে আৰু তাৰ মাজত এটা ভেড়া যদি হেৰাই যায়, তেনেহʼলে তেওঁ ৯৯ টা ভেড়াক পাহাৰত এৰি, হেৰাই যোৱা ভেড়াটোক বিচাৰি নাযাব নে? ১৩ আৰু যদি সেই ভেড়াটোক বিচাৰি পায়, তেনেহʼলে মই তোমালোকক সঁচাকৈ কৈছোঁ যে হেৰাই নোযোৱা ৯৯ টা ভেড়াতকৈ হেৰাই যোৱা ভেড়াটোক ঘূৰাই পোৱাৰ বাবে তেওঁ বহুত আনন্দ কৰিব। ১৪ এইদৰে এই সৰুবিলাকৰ মাজৰ এটিও নাশ হোৱাটো স্বৰ্গত থকা মোৰ* পিতৃয়ে নিবিচাৰে।
১৫ যদি তোমাৰ ভায়ে কিবা পাপ কৰে, তেনেহʼলে যোৱা আৰু তেওঁৰ লগত অকলে কথা পাতা আৰু তেওঁৰ ভুলবোৰ তেওঁক কোৱা।* তেওঁ যদি তোমাৰ কথা শুনে, তেনেহʼলে তুমি তোমাৰ ভাইক ঘূৰাই পালা। ১৬ কিন্তু তেওঁ যদি তোমাৰ কথা নুশুনে, তেনেহʼলে নিজৰ লগত এজন বা দুজন লোকক লৈ তেওঁৰ লগত কথা পাতা যাতে দুই বা তিনিজন সাক্ষীয়ে সাক্ষ্য দিয়াত* প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়। ১৭ যদি তেওঁ তেওঁলোকৰ কথা নুশুনে, তেনেহʼলে মণ্ডলীক কোৱা আৰু তেওঁ যদি মণ্ডলীৰ কথাও নুশুনে, তেনেহʼলে তেওঁ তোমালোকৰ কাৰণে যিহূদী নোহোৱা লোক বা কৰতোলা লোকৰ দৰে হওক।
১৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে পৃথিৱীত যিহকে বন্ধ কৰিবা, সেয়া স্বৰ্গত আগতেই বন্ধ থাকিব আৰু তোমালোকে পৃথিৱীত যিহকে খুলিবা, সেয়া স্বৰ্গত আগতেই খোলা থাকিব। ১৯ আকৌ মই তোমালোকক সঁচাকৈ কৈছোঁ, যদি পৃথিৱীত তোমালোকৰ মাজৰ দুজনে একমত হৈ কিবা গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰা, তেনেহʼলে স্বৰ্গত থকা মোৰ পিতৃয়ে সেয়া পূৰ কৰিব। ২০ সেইবাবে, মোৰ নামেৰে দুজন বা তিনিজন যʼত একগোট হয়, তাত মই তেওঁলোকৰ মাজত উপস্থিত থাকোঁ।”
২১ ইয়াৰ পাছত পিতৰে আহি যীচুক সুধিলে, “প্ৰভু, যদি মোৰ ভায়ে মোৰ বিৰুদ্ধে পাপ কৰি থাকে, তেনেহʼলে মই তেওঁক কিমান বাৰ ক্ষমা কৰিম? সাতবাৰ?” ২২ যীচুৱে তেওঁক কʼলে, “মই তোমাক কৈছোঁ সাতবাৰ নহয়, কিন্তু ৭৭ বাৰ।
২৩ সেইবাবে, স্বৰ্গৰাজ্য এনে এজন ৰজাৰ লগত তুলনা কৰিব পাৰি, যিজনে নিজৰ দাসসকলক নিজৰ নিজৰ ধাৰ পৰিশোধ কৰিবলৈ কয়। ২৪ যেতিয়া তেওঁ হিচাপ লʼবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ ওচৰলৈ এনে এজন দাসক অনা হʼল, যিজনে ৬ কোটি দীনাৰ* ধাৰ লৈছিল। ২৫ কিন্তু তেওঁৰ ওচৰত ধাৰ পৰিশোধ কৰিবলৈ একোৱেই নাছিল। সেইবাবে, তেওঁৰ মালিকে সেই দাস, তেওঁৰ পত্নী, লʼৰা-ছোৱালী আৰু তেওঁৰ ওচৰত যি আছে সেই সকলোকে বেচি ধাৰ পৰিশোধ কৰিবলৈ আদেশ দিলে। ২৬ তেতিয়া সেই দাসে ৰজাৰ সন্মুখত আঁঠুকাঢ়ি মিনতি কৰিবলৈ ধৰিলে, ‘মোক আৰু অলপ সময় দিয়ক, মই আপোনাৰ সকলো টকা ঘূৰাই দিম।’ ২৭ এয়া দেখি মালিকৰ বহুত দুখ লাগিল, তেওঁ দাসজনক এৰি দিলে আৰু তেওঁৰ সকলো ধাৰ ক্ষমা কৰি দিলে। ২৮ কিন্তু সেই দাসজনে বাহিৰলৈ গৈ তেওঁৰ লগত কাম কৰা এজন দাসক বিচাৰিলে, যিজনে তেওঁৰ পৰা ১০০ দীনাৰ* ধাৰ লৈছিল। তেওঁ তাক ধৰি ডিঙি চেপি কʼলে, ‘তই যি ধাৰ লৈছিলি, সেয়া মোক ঘূৰাই দে।’ ২৯ তেতিয়া সেই দাসে তেওঁৰ ভৰিত ধৰি মিনতি কৰিবলৈ ধৰিলে, ‘মোক আৰু অলপ সময় দিয়া, মই তোমাৰ সকলো টকা ঘূৰাই দিম।’ ৩০ কিন্তু সেই দাসজনে তেওঁৰ একো কথা নুশুনিলে আৰু যেতিয়ালৈকে তেওঁ নিজৰ ধাৰ পৰিশোধ নকৰিলে, তেতিয়ালৈকে তেওঁক জেলত বন্দী কৰি থʼলে। ৩১ যেতিয়া তেওঁৰ লগত কাম কৰা আন দাসসকলে এই সকলো দেখিলে, তেতিয়া তেওঁলোকৰ বহুত দুখ লাগিল আৰু তেওঁলোকে গৈ নিজৰ মালিকক সকলো কথা কʼলে। ৩২ তেতিয়া মালিকে সেই প্ৰথমজন দাসক মাতি পঠালে আৰু কʼলে, ‘দুষ্ট দাস, তই মোক মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ। ৩৩ তেনেহʼলে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ লগত কাম কৰা দাসক দয়া কৰা উচিত নাছিল নে?’ ৩৪ তেতিয়া মালিকৰ বৰ খং উঠিল আৰু যেতিয়ালৈকে সেই দাসে সকলো টকা ঘূৰাই নিদিলে, তেতিয়ালৈকে মালিকে তেওঁক জেইলাৰৰ হাতত গতাই দিলে। ৩৫ তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভায়েৰাক হৃদয়ৰ পৰা ক্ষমা নকৰা, তেনেহʼলে স্বৰ্গত থকা মোৰ পিতৃয়েও তোমালোকৰ লগত এইদৰেই কৰিব।”