যিহূদাৰ চিঠি
১ মই যিহূদা, যীচু খ্ৰীষ্টৰ দাস আৰু যাকোবৰ এজন ভাই হওঁ, মই তেওঁলোকলৈ লিখি আছোঁ, যিসকলক নিমন্ত্ৰণ কৰা হৈছে। আমাৰ পিতৃ ঈশ্বৰে তেওঁলোকক প্ৰেম কৰে আৰু তেওঁলোকক ৰক্ষা কৰে যাতে তেওঁলোকে যীচু খ্ৰীষ্টৰ লগত থাকে।
২ ঈশ্বৰৰ ফালৰ পৰা তোমালোকে আৰু বেছি দয়া, শান্তি আৰু প্ৰেম লাভ কৰা।
৩ মৰমৰ ভাইসকল, মই তোমালোকক সেই উদ্ধাৰৰ বিষয়ে লিখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিলোঁ, যি আমি সকলোৱে লাভ কৰি আছোঁ, তথাপি মই এয়া প্ৰয়োজন বুলি ভাবিলোঁ যে তোমালোকক সেই বিশ্বাসৰ কাৰণে মনে-প্ৰাণে সংঘৰ্ষ কৰিবলৈ উৎসাহিত কৰোঁ, যি পবিত্ৰ লোকসকলক এবাৰেই সদায়ৰ কাৰণে দিয়া হৈছে। ৪ তোমালোকলৈ মই লিখাৰ কাৰণ হৈছে, কিছুমান লোকে মনে মনে তোমালোকৰ মাজত সোমাই আহিছে, এই লোকসকলৰ কাৰণে শাস্ত্ৰত বহুত আগতেই শাস্তি নিৰ্ধাৰণ কৰা হৈছে। এওঁলোক এনে ভক্তিহীন মানুহ হয়, যিসকলে আমাৰ ঈশ্বৰৰ মহা-কৃপাক নিৰ্লজ্জভাৱে পাপ কাম* কৰিবলৈ বাহানা বনাই লৈছে আৰু নিজৰ একমাত্ৰ মালিক আৰু প্ৰভু যীচু খ্ৰীষ্টৰ লগত বিশ্বাসঘাত কৰা লোক বুলি প্ৰমাণিত হৈছে।
৫ তোমালোকে এই সকলো আগৰে পৰা জানা, তথাপি মই তোমালোকক মনত পেলাই দিব বিচাৰোঁ যে যদিও যিহোৱাই* নিজৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই লৈ আনিছিল, তথাপি পাছত যিসকল লোকে বিশ্বাস নকৰিলে, তেওঁলোকক তেওঁ ধ্বংস কৰিলে। ৬ আৰু যিসকল স্বৰ্গদূত সেই ঠাইত নাথাকিল, যি তেওঁলোকক দিয়া হৈছিল আৰু যিসকলে সেই ঠাই এৰি দিছিল, যʼত তেওঁলোকে থাকিব লাগিছিল, তেওঁলোকক তেওঁ মহা-দিনত শাস্তিৰ কাৰণে ঘোৰ অন্ধকাৰত সদায়ৰ বাবে শিকলিৰে বান্ধি ৰাখিছে। ৭ ঠিক সেইদৰে, চদোম আৰু ঘমোৰা আৰু তাৰ ওচৰে-পাজৰে থকা চহৰৰ লোক সকলেও অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাত সকলো সীমা পাৰ কৰিলে আৰু তেওঁলোকে শৰীৰৰ অস্বাভাৱিক ইচ্ছাবোৰ পূৰ কৰাত লাগি আছিল। তেওঁলোকক শাস্তি দিয়া হʼল আৰু জুইৰে সদায়ৰ কাৰণে ধ্বংস কৰা হʼল আৰু তেওঁলোকৰ উদাহৰণ আমাৰ কাৰণে এক সতৰ্কবাণী হয়।
৮ তথাপি এই লোকসকলে সপোনৰ জগতত সোমাই থাকে, আনৰ শৰীৰক ভ্ৰষ্ট কৰে, অধিকাৰ থকা লোকসকলক তুচ্ছ বুলি ভাবে আৰু সেই লোকসকলৰ বিষয়ে বেয়াকৈ কয়, যিসকলক ঈশ্বৰে মহিমা দিছে। ৯ কিন্তু প্ৰধান স্বৰ্গদূত মীখায়েলে যেতিয়া মোচিৰ মৃতদেহক লৈ চয়তানৰ লগত তৰ্ক কৰিছিল, তেতিয়া তেওঁ চয়তানক* বেয়াকৈ কৈ তাক দোষী কৰিবলৈ চেষ্টা নকৰিলে, ইয়াৰ পৰিৱৰ্তে এয়া কʼলে, “যিহোৱাই* তোক ধমকি দিয়ক।” ১০ কিন্তু এই লোকসকলে যিবোৰ কথা একেবাৰে বুজি নাপায়, সেইবোৰৰ বিষয়ে বেয়াকৈ কয় আৰু তেওঁলোকে নিৰ্বুদ্ধি জীৱ-জন্তুৰ দৰে যিবোৰ কথা নিজৰ স্বভাৱৰ অনুসৰি বুজে, সেই অনুসৰি কাম কৰি নিজকে ভ্ৰষ্ট কৰি গৈ থাকে।
১১ তেওঁলোকৰ পৰিণাম বহুত বেয়া হʼব, কিয়নো তেওঁলোকে কয়িনৰ পথ অনুকৰণ কৰিছে আৰু পুৰস্কাৰ পাবলৈ বিলিয়মৰ ভুল পথক অনুকৰণ কৰিছে আৰু কোৰহৰ দৰে অধিকাৰ থকা লোকসকলৰ বিৰুদ্ধে কথা কৈ ধ্বংস হʼল! ১২ তেওঁলোকে তোমালোকৰ লগত ভোজত* খোৱা-বোৱাও কৰে, কিন্তু তেওঁলোক পানীৰ তলত থকা শিলাৰ দৰে বিপদজনক হয়। তেওঁলোক এনে ৰখীয়া হয়, যিসকলে কেৱল নিজৰ পেট ভৰায় আৰু এইদৰে কৰিবলৈ ভয় নকৰে। তেওঁলোক পানী নোহোৱা এনে ডাৱৰ হয়, যিসকলক বতাহে ইফালে-সিফালে উৰুৱাই লৈ যায়। তেওঁলোক এনে গছ হয়, যিবোৰত বতৰত ফল নধৰে। সেইবোৰ সম্পূৰ্ণৰূপে মৰি গৈছে* আৰু সেইবোৰক শিপাৰে সৈতে উঘালি দিয়া হৈছে। ১৩ তেওঁলোক সমুদ্ৰৰ ভয়ানক ঢৌৰ দৰে হয়, যিসকলৰ লজ্জাজনক আচাৰ-ব্যৱহাৰ ঢৌৰ ফেনৰ দৰে হয়। তেওঁলোকে ইফালে-সিফালে ঘূৰি ফুৰা তৰাৰ দৰে হয়, যিসকল সদায় কাললৈকে ঘোৰ অন্ধকাৰত থাকিব।
১৪ হয়, আদমৰ পৰা সপ্তম পুৰুষ হনোকেও এই লোকসকলৰ বিষয়ে এই ভৱিষ্যবাণী কৰিছিল: “চোৱা! যিহোৱা* নিজৰ লাখ লাখ পবিত্ৰ স্বৰ্গদূতৰ লগত আহিল ১৫ যাতে সেই সকলোকে শাস্তি দিয়ে আৰু সেই সকলো ভক্তিহীন লোকক সেই ভক্তিহীন কামৰ কাৰণে দোষাৰোপ কৰে, যিবোৰ তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে গৈ কৰিছিল আৰু সেই সকলো ঘিণলগীয়া কামৰ কাৰণে, যিবোৰ সেই পাপীবিলাকে তেওঁৰ বিৰুদ্ধে কৈছিল, তেওঁলোকক শাস্তি দিয়ে।”
১৬ সেই মানুহবিলাকে ভোৰভোৰায় আৰু নিজৰ পৰিস্থিতিক দোষ দিয়ে। তেওঁলোকে নিজৰ ইচ্ছাবোৰৰ অনুসৰি চলে আৰু ডাঙৰ ডাঙৰ ফিতাহি মাৰে আৰু নিজৰ লাভৰ কাৰণে আনৰ মিছা প্ৰশংসা কৰে।
১৭ কিন্তু মৰমৰ ভাইসকল, তোমালোকে সেইবোৰ কথা মনত পেলোৱা, যিবোৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পাঁচনিসকলে* আগতেই কৈছিল। ১৮ তেওঁলোকে তোমালোকক এইদৰে কৈছিল, “শেষ-কালত ঠাট্টা কৰা লোকসকলক দেখিবলৈ পোৱা যাব, যিসকলে নিজৰ বেয়া ইচ্ছাবোৰৰ অনুসৰি কাম কৰিব।” ১৯ এওঁলোক সেই লোকসকলেই হয়, যিসকলে বিভেদ সৃষ্টি কৰে, শাৰীৰিক চিন্তাধাৰা ৰাখে* আৰু এওঁলোক ঈশ্বৰৰ পবিত্ৰ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। ২০ কিন্তু মৰমৰ ভাইসকল, তোমালোকে নিজৰ পবিত্ৰ বিশ্বাসৰ ভিত্তিৰ ওপৰত নিজকে দৃঢ় কৰা আৰু পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি প্ৰাৰ্থনা কৰা ২১ যাতে তোমালোকে নিজকে ঈশ্বৰৰ প্ৰেমৰ যোগ্য কৰি ৰাখিব পাৰা, লগতে সেই সময়ৰ বাবে অপেক্ষা কৰা, যেতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টই তোমালোকৰ ওপৰত দয়া কৰি তোমালোকক অনন্ত জীৱন দিব। ২২ ইয়াৰ উপৰিও, এনে লোকসকলক দয়া দেখুৱাই থাকা, যিসকলে সন্দেহ কৰে ২৩ আৰু তেওঁলোকক বিনাশৰ জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰা। কিন্তু আনৰ ওপৰতো দয়া কৰি থাকা আৰু তোমালোকে নিজেও সতৰ্ক হৈ থাকা যাতে তেওঁলোকৰ বেয়া কামবোৰৰ দাগে তোমালোকৰ ওপৰত যেন প্ৰভাৱ নেপেলায়।* তেওঁলোকৰ বেয়া কামবোৰ ঘিণ কৰা।
২৪ ঈশ্বৰে তোমালোকক উজুটি খোৱাৰ পৰা বচাব পাৰে আৰু নিজৰ মহিমাৰ আগত* নিষ্কলংক অৱস্থাত থিয় কৰাব পাৰে আৰু তোমালোকক বহুত আনন্দ দিব পাৰে। ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অতীত, বৰ্তমান আৰু যুগ যুগ ধৰি মহিমা, ঐশ্বৰ্য, শক্তি আৰু অধিকাৰ সেই একমাত্ৰ ঈশ্বৰ আৰু আমাৰ উদ্ধাৰকৰ্তাৰ হওক। আমেন।