পাঁচনিৰ কৰ্ম্ম
১৩ আন্তিয়খিয়া মণ্ডলীত বহুতো ভৱিষ্যবক্তা আৰু শিক্ষক আছিল। তেওঁলোক বাৰ্ণব্বা, চিমোন, যিজনক নিগ্ৰ বোলা হৈছিল, কুৰীণীৰ লূকীয়, জিলা প্ৰশাসক হেৰোদৰ লগত পঢ়া মনহেম আৰু চৌল আছিল। ২ যেতিয়া তেওঁলোকে যিহোৱাৰ* সেৱা কৰি আছিল আৰু লঘোন* দি আছিল, তেতিয়া পবিত্ৰ শক্তিয়ে তেওঁলোকক কʼলে, “মোৰ কাৰণে বাৰ্ণব্বা আৰু চৌলক সেই কামৰ কাৰণে পৃথক কৰা, যি কাম কৰিবলৈ মই তেওঁলোকক মাতিছোঁ।” ৩ তেতিয়া লঘোন দিয়া আৰু প্ৰাৰ্থনা কৰাৰ পাছত তেওঁলোকে সেই দুয়োজনৰ ওপৰত হাত থʼলে আৰু তেওঁলোকক বিদায় দিলে।
৪ তাৰ পাছত এই মানুহবিলাকে পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চিলুকিয়ালৈ গʼল আৰু তাৰ পৰা জাহাজত উঠি কুপ্ৰ দ্বীপলৈ গʼল। ৫ যেতিয়া তেওঁলোকে সেই দ্বীপৰ চালামী চহৰ পালেগৈ, তেতিয়া তেওঁলোকে যিহূদীসকলৰ সভাঘৰত ঈশ্বৰৰ বাক্য শুনাবলৈ ধৰিলে। তেওঁলোকৰ লগত যোহনো* আছিল, যিজনে তেওঁলোকৰ সেৱা কৰিছিল।*
৬ যেতিয়া তেওঁলোকে সেই গোটেই দ্বীপ যাত্ৰা কৰি কৰি পাফঃ চহৰ পালেগৈ, তেতিয়া তেওঁলোকে তাত বাৰ-যীচু নামৰ এজন যিহূদীক লগ পালে। তেওঁ এজন যাদুকৰ আৰু মিছা ভৱিষ্যবক্তা আছিল। ৭ তেওঁ সেই প্ৰদেশৰ ৰাজ্যপাল* চৰ্জিয় পৌলৰ কাৰণে কাম কৰিছিল। চৰ্জিয় পৌল এজন বুদ্ধিমান ব্যক্তি আছিল। তেওঁ বাৰ্ণব্বা আৰু চৌলক নিজৰ ওচৰলৈ মাতিলে। কিয়নো তেওঁ ঈশ্বৰৰ বাক্য শুনিবলৈ আগ্ৰহী হৈ আছিল। ৮ কিন্তু বাৰ-যীচু, যিজনক ইলুমাই যাদুকৰ বুলি কোৱা হয় (ইলুমাই নামৰ অৰ্থ হৈছে যাদুকৰ), তেওঁলোকৰ বিৰোধ কৰিবলৈ ধৰিলে আৰু ৰাজ্যপালে যাতে এই বিশ্বাস গ্ৰহণ নকৰে, তাৰ বাবে তেওঁ সম্পূৰ্ণৰূপে চেষ্টা কৰিলে। ৯ তেতিয়া চৌলে, যাৰ নাম পৌলো হয়, পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ একেথৰে তেওঁৰ ফালে চালে ১০ আৰু কʼলে, “হে চয়তানৰ সন্তান, তই সকলো ধৰণৰ মিছা আৰু দুষ্ট কামেৰে পৰিপূৰ্ণ হৈছ আৰু তই সকলো ধৰণৰ ভাল কামৰ শত্ৰু হয়। তই যিহোৱাৰ* সঠিক পথক বেয়া কৰিবলৈ নেৰিবি নে? ১১ এতিয়া চা, যিহোৱাৰ* হাত তোৰ বিৰুদ্ধে উঠিছে আৰু তই অন্ধ হৈ যাবি আৰু কিছু সময়ৰ কাৰণে তই সূৰ্য্যৰ ৰশ্মি দেখা নাপাবি।” সেই সময়তে ঘন কুঁৱলী আৰু অন্ধকাৰ তাৰ ওপৰত নামি আহিল। আৰু কোনোবাই যেন তাৰ হাতত ধৰে, তাৰ কাৰণে সি ইফালে-সিফালে কাৰোবাক বিচাৰিবলৈ ধৰিলে। ১২ তেতিয়া যি হৈছিল, সেয়া দেখি ৰাজ্যপালে প্ৰভুত বিশ্বাস কৰিলে, কিয়নো তেওঁ যিহোৱাৰ* বিষয়ে শিকি আচৰিত হৈছিল।
১৩ ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰকেইজনে পাফঃ চহৰৰ পৰা সমুদ্ৰ পথেদি যাত্ৰা কৰি পাম্ফুলিয়াৰ পৰ্গা চহৰ পালেগৈ। তাত যোহনে* তেওঁলোকক এৰি যিৰূচালেমলৈ উভতি গʼল। ১৪ কিন্তু তেওঁলোকে পৰ্গাৰ পৰা আগবাঢ়িল আৰু পিচিদিয়া এলেকাৰ আন্তিয়খিয়া চহৰলৈ আহিল আৰু বিশ্ৰাম-বাৰে* সভাঘৰত গৈ বহিল। ১৫ তাত যেতিয়া সকলোৰে আগত নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপ পঢ়ি শুনোৱা হʼল, তেতিয়া ইয়াৰ পাছত সভাঘৰৰ অধিকাৰীসকলে পৌল আৰু তেওঁৰ লগৰবিলাকক এইদৰে কৈ মাতিলে, “ভাইসকল, লোকসকলৰ সাহস বঢ়াবলৈ তোমালোকৰ যদি কিবা কʼবলগীয়া আছে, তেনেহʼলে কোৱা।” ১৬ তেতিয়া পৌল উঠিল আৰু সকলোকে শান্ত হʼবলৈ হাতেৰে ইংগিত কৰি কʼলে,
“ইস্ৰায়েলী আৰু ঈশ্বৰলৈ ভয় ৰখা আন লোকসকল, শুনা। ১৭ ইস্ৰায়েলৰ ঈশ্বৰে আমাৰ পূৰ্বপুৰুষসকলক বাছনি কৰিলে আৰু যেতিয়া তেওঁলোকে মিচৰত বিদেশীৰ দৰে আছিল, তেতিয়া তেওঁলোকক মহান কৰিলে আৰু নিজৰ শক্তিশালী হাতেৰে তেওঁলোকক তাৰ পৰা উলিয়াই আনিলে। ১৮ তেওঁ প্ৰায় ৪০ বছৰলৈকে অৰণ্যত* তেওঁলোকক সহ্য কৰি থাকিল। ১৯ তেওঁ কনান দেশত সাতটা জাতিক ধ্বংস কৰাৰ পাছত তেওঁলোকৰ দেশ ইস্ৰায়েলীসকলক উত্তৰাধিকাৰী হিচাপে দিলে। ২০ এই সকলো প্ৰায় ৪৫০ বছৰৰ সময়ছোৱাত হʼল।
ইয়াৰ পাছত ঈশ্বৰে তেওঁলোকৰ কাৰণে ভৱিষ্যবক্তা চমূৱেলৰ সময়লৈকে বিচাৰকৰ্তাসকলক নিযুক্ত কৰিলে। ২১ কিন্তু আগলৈ গৈ ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে আৰু ঈশ্বৰে কীচৰ পুতেক চৌলক তেওঁলোকৰ ৰজা পাতিলে, যিজন বিন্যামীন গোষ্ঠীৰ আছিল। তেওঁ ৪০ বছৰলৈকে তেওঁলোকৰ ৰজা হৈ থাকিল। ২২ তেওঁক আঁতৰোৱাৰ পাছত ঈশ্বৰে দায়ূদক তেওঁলোকৰ ৰজা পাতিলে, যাৰ বিষয়ে তেওঁ এইদৰে সাক্ষ্য দিছিল, ‘মই যিচয়ৰ পুতেক দায়ূদক পালোঁ। তেওঁ মোৰ ইচ্ছাৰ অনুসৰি কাম কৰে। মোৰ যিয়েই ইচ্ছা আছে, সেয়া তেওঁ পূৰ কৰিব।’ ২৩ ঈশ্বৰে নিজৰ প্ৰতিজ্ঞাৰ অনুসৰি এই দায়ূদৰ বংশৰ* পৰাই ইস্ৰায়েলীসকলৰ ওচৰলৈ এজন উদ্ধাৰকৰ্তা অৰ্থাৎ যীচুক পঠিয়ালে। ২৪ যীচু অহাৰ আগতে যোহনে ইস্ৰায়েলৰ সকলো লোকক বাপ্তিষ্মা* লʼবলৈ প্ৰচাৰ কৰিলে, যি এই কথাৰ চিন হʼব যে তেওঁলোকে অনুতাপ কৰিলে। ২৫ কিন্তু যোহনে নিজৰ সেৱাৰ শেষৰ ফালে এইদৰে কৈছিল, ‘তোমালোকে কি ভাবা, মই কোন? মই সেইজন নহওঁ। কিন্তু চোৱা! মোৰ পাছত সেইজন আহি আছে, যিজনৰ ভৰিৰ জোতা খোলাৰো মই যোগ্য নহওঁ।’
২৬ ভাইসকল, অব্ৰাহামৰ বংশ আৰু ঈশ্বৰলৈ ভয় ৰখা বাকী লোকসকল, শুনা। ঈশ্বৰে আমাৰ উদ্ধাৰৰ বিষয়ে এটা বাৰ্তা আমাৰ ওচৰলৈ পঠিয়াইছে। ২৭ যিৰূচালেমত থকা লোক আৰু তেওঁলোকৰ ধৰ্ম-অধিকাৰীসকলে সেই উদ্ধাৰকৰ্তাক চিনি নাপালে। কিন্তু তেওঁৰ ন্যায় কৰাৰ সময়ত তেওঁলোকে ভৱিষ্যবক্তাসকলে কোৱা সেই সকলো কথা পূৰ কৰিলে, যি প্ৰতিটো বিশ্ৰাম-বাৰে পঢ়ি শুনোৱা হয়। ২৮ যদিও তেওঁক হত্যা কৰাৰ তেওঁলোকে কোনো কাৰণ বিচাৰি নাপালে, তথাপি তেওঁক মৃত্যুৰ শাস্তি দিবলৈ তেওঁলোকে পীলাতক অনুৰোধ কৰিলে। ২৯ আৰু যেতিয়া তেওঁলোকে সেই সকলো কৰিলে, যি তেওঁৰ বিষয়ে লিখা আছিল, তেতিয়া তেওঁক কাঠৰ পৰা* নমালে আৰু এটা কবৰত* থʼলে। ৩০ কিন্তু ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে। ৩১ তাৰ পাছত তেওঁ বহু দিনলৈকে সেই লোকসকলক দেখা দি থাকিল, যিসকলে তেওঁৰ লগত গালীলৰ পৰা যিৰূচালেমলৈ গৈছিল। এতিয়া তেওঁলোকে তেওঁৰ বিষয়ে লোকসকলক সাক্ষ্য দি আছে।
৩২ সেইবাবে, আমি তোমালোকক সেই প্ৰতিজ্ঞাৰ বিষয়ে শুভবাৰ্তা শুনাই আছোঁ, যি আমাৰ পূৰ্বপুৰুষসকলৰ লগত কৰা হৈছিল। ৩৩ ঈশ্বৰে নিজৰ সন্তান অৰ্থাৎ আমাৰ কাৰণে এই প্ৰতিজ্ঞা সম্পূৰ্ণৰূপে পূৰ কৰিলে আৰু ইয়াৰ কাৰণে তেওঁ যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, যিদৰে গীতমালাৰ দ্বিতীয় গীতত লিখা আছে, ‘তুমি মোৰ পুত্ৰ হয়, আজি মই তোমাৰ পিতৃ হৈছোঁ।’ ৩৪ ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু তেওঁ কেতিয়াও মানৱীয় শৰীৰ ধাৰণ নকৰিব, যি গেলি-পচি যায়। ঈশ্বৰে এই কথাক নিশ্চিত কৰিবলৈ এইদৰে কʼলে, ‘মই দায়ূদক প্ৰতিজ্ঞা কৰা অটুট প্ৰেম তোমালোকক দেখুৱাম। এই প্ৰতিজ্ঞা ভৰসাযোগ্য হয়।’ ৩৫ সেইবাবে, গীতমালাৰ আৰু এটা গীতে এইদৰে কৈছে, ‘তুমি নিজৰ বিশ্বাসীজনক গেলিবলৈ নিদিবা।’ ৩৬ আনহাতে, দায়ূদে গোটেই জীৱন ঈশ্বৰৰ পবিত্ৰ সেৱা কৰিলে।* তাৰ পাছত তেওঁ মৃত্যুৰ টোপনিত গʼল আৰু তেওঁক নিজৰ পূৰ্বপুৰুষসকলৰ লগত কবৰ দিয়া হʼল আৰু তেওঁ গেলি গʼল। ৩৭ কিন্তু ঈশ্বৰে যিজনক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, তেওঁৰ শৰীৰ গেলি নগʼল।
৩৮ সেইবাবে, ভাইসকল, তোমালোকে জানি লোৱা যে তেওঁৰ যোগেদিয়েই তোমালোকে পাপৰ ক্ষমা পাবা আৰু এই খবৰেই আমি তোমালোকক শুনাই আছোঁ। ৩৯ আৰু যিবোৰ কথাত মোচিৰ নিয়মে তোমালোকক নিৰ্দোষী বুলি গণ্য কৰিব নোৱাৰিলে, সেইবোৰ কথাতেই এজন মানুহ যীচুৰ যোগেদি নিৰ্দোষী বুলি গণ্য হʼব। কিন্তু তেওঁ বিশ্বাস কৰিব লাগিব। ৪০ সেইবাবে, সাৱধান হোৱা, ভৱিষ্যবক্তাসকলৰ কিতাপত লিখা এই কথা যেন তোমালোকৰ লগত নঘটে: ৪১ ‘হে ঠাট্টা কৰা লোকসকল, চোৱা, আচৰিত হোৱা আৰু নাইকিয়া হোৱা, কিয়নো মই তোমালোকৰ সময়ত এনে কাম কৰিবলৈ গৈ আছোঁ, যাৰ বিষয়ে যদি কোনোবাই তোমালোকক ভাঙি-পাতিও কয়, তেনেহʼলে তোমালোকে তেওঁৰ ওপৰত বিশাস নকৰিবা।’”
৪২ এই সকলো কোৱাৰ পাছত যেতিয়া তেওঁলোকে বাহিৰলৈ গৈ আছিল, তেতিয়া লোকসকলে অহা বিশ্ৰাম-বাৰেও এইবোৰ কথা আকৌ শুনাবলৈ তেওঁলোকক মিনতি কৰিবলৈ ধৰিলে। ৪৩ যেতিয়া সভা শেষ হʼল, তেতিয়া বহুতো যিহূদী আৰু যিহূদী ধৰ্ম গ্ৰহণ কৰা লোকসকল, যিসকলে ঈশ্বৰৰ উপাসনা কৰিছিল, তেওঁলোকে পৌল আৰু বাৰ্ণব্বাৰ লগত গʼল। সেই দুজনে তেওঁলোকৰ লগত কথা পাতিলে আৰু তেওঁলোকক ঈশ্বৰৰ মহা-কৃপাৰ যোগ্য হৈ থাকিবলৈ উৎসাহিত কৰিলে।
৪৪ তাৰ পাছৰ বিশ্ৰাম-বাৰে প্ৰায় গোটেই চহৰৰ লোকসকলে যিহোৱাৰ* বাক্য শুনিবলৈ গোট খালে। ৪৫ যেতিয়া যিহূদীসকলে লোকসকলৰ ইমান ডাঙৰ ভীৰ দেখিলে, তেতিয়া তেওঁলোকে ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু পৌলৰ কথা ভুল বুলি প্ৰমাণ কৰিবলৈ তৰ্ক কৰিবলৈ ধৰিলে আৰু তেওঁৰ কথাৰ নিন্দা কৰিবলৈ ধৰিলে। ৪৬ তেতিয়া পৌল আৰু বাৰ্ণব্বাই সাহসেৰে তেওঁলোকক কʼলে, “ঈশ্বৰৰ বাক্য প্ৰথমে তোমালোকক অৰ্থাৎ যিহূদীসকলক শুনোৱাৰ প্ৰয়োজন আছিল। কিন্তু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা আৰু দেখুৱাইছা যে তোমালোক অনন্ত জীৱন পোৱাৰ যোগ্য নহয়। সেইবাবে চোৱা! আমি ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওচৰলৈ গৈ আছোঁ। ৪৭ যিহোৱাই* আমাক এই আজ্ঞা দিছে, ‘মই তোমাক ইস্ৰায়েলী নোহোৱা লোকসকলৰ কাৰণে পোহৰ হিচাপে নিযুক্ত কৰিছোঁ যাতে তুমি পৃথিৱীৰ সীমালৈকে উদ্ধাৰৰ বাৰ্তা শুনাব পাৰা।’”
৪৮ যেতিয়া ইস্ৰায়েলী নোহোৱা লোকসকলে এই কথা শুনিলে, তেতিয়া তেওঁলোক বহুত আনন্দিত হʼল আৰু যিহোৱাৰ* বাক্যৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু অনন্ত জীৱন পাবলৈ যিসকলৰ সঠিক মন আছে, তেওঁলোকে প্ৰভুৰ ওপৰত বিশ্বাস কৰিলে। ৪৯ ইয়াৰ উপৰিও, যিহোৱাৰ* বাক্য ওচৰে-পাজৰে থকা গোটেই এলেকাত বিয়পি থাকিল। ৫০ কিন্তু যিহূদীসকলে ঈশ্বৰলৈ ভয় ৰখা চহৰৰ বিখ্যাত তিৰোতাসকলক আৰু প্ৰধান পুৰুষবিলাকক উচটালে। তেওঁলোকে পৌল আৰু বাৰ্ণব্বাৰ ওপৰত অত্যাচাৰ কৰোৱালে আৰু তেওঁলোকক নিজৰ সীমাৰ পৰা বাহিৰ কৰি দিলে। ৫১ তেতিয়া পৌল আৰু বাৰ্ণব্বাই নিজৰ ভৰিৰ ধূলি জোকাৰি পেলালে যাতে তেওঁলোকে সাক্ষ্য পায় আৰু তেওঁলোকে ইকনিয় চহৰলৈ গুচি গʼল। ৫২ আৰু শিষ্যসকলে আনন্দ আৰু পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ থাকিল।