ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ২ থিচলনীকীয়া ১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

২ থিচলনীকীয়া কিতাপৰ সাৰাংশ

      • নমস্কাৰ (১, ২)

      • থিচলনীকীয়াসকলৰ বিশ্বাস বেগেৰে বাঢ়ি যোৱা (৩-৫)

      • আজ্ঞা নমনা লোকসকলৰ পৰা প্ৰতিশোধ লোৱা হʼব (৬-১০)

      • মণ্ডলীৰ কাৰণে প্ৰাৰ্থনা (১১, ১২)

২ থিচলনীকীয়া ১:১

ফুটনোট

  • *

    বা “চীলবান।”

২ থিচলনীকীয়া ১:৪

ফুটনোট

  • *

    বা “সংকট।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ থিচলনীকীয়া ১:১-১২

থিচলনীকীয়াসকললৈ দ্বিতীয় চিঠি

১ মই পৌল, চীল* আৰু তীমথিয়ৰ লগত মিলি থিচলনীকীয়াসকলৰ মণ্ডলীলৈ লিখি আছোঁ, যিসকল আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ লগত একতাত আছে:

২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।

৩ ভাইসকল, আমি তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ দিয়াটো আমাৰ কৰ্তব্য হয়। এইদৰে কৰা সঠিকো হয়, কিয়নো তোমালোকৰ বিশ্বাস বেগেৰে বাঢ়ি গৈ আছে আৰু এজনে-আনজনৰ কাৰণে তোমালোকৰ প্ৰেমো বাঢ়ি গৈ আছে। ৪ এই কাৰণে আমি ঈশ্বৰৰ মণ্ডলীবোৰত তোমালোকক লৈ গৌৰৱ অনুভৱ কৰোঁ, কিয়নো তোমালোকে ইমান অত্যাচাৰ আৰু কষ্ট* ভুগি ধৈৰ্য ধৰি আছা আৰু বিশ্বাসত মজবুত হৈ আছা। ৫ এয়া ঈশ্বৰৰ প্ৰকৃত ন্যায়ৰ প্ৰমাণ হয় আৰু এই কাৰণে তোমালোকক ঈশ্বৰৰ ৰাজ্যৰ যোগ্য বুলি গণ্য কৰা হʼব, যি ৰাজ্যৰ কাৰণে তোমালোকে ইমান কষ্ট ভুগি আছা।

৬ ঈশ্বৰৰ দৃষ্টিত এয়া সঠিক যে তেওঁ সেই লোকসকলৰ ওপৰত সংকট আনে, যিসকলে তোমালোকৰ ওপৰত সংকট আনে। ৭ কিন্তু তোমালোক, যিসকলে সংকট ভুগি আছা, তোমালোকে আমাৰ লগত সেই সময়ত ৰেহাই পাবা, যেতিয়া প্ৰভু যীচুৱে নিজৰ শক্তিশালী দূতৰ লগত স্বৰ্গৰ পৰা প্ৰকাশিত হʼব। ৮ তেওঁ সেই লোকসকলৰ পৰা প্ৰতিশোধ লʼব, যিসকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্ৰভু যীচুৰ বিষয়ে শুভবাৰ্তাৰ অনুসৰি নচলে। ৯ তেওঁলোকক প্ৰভুৰ ওচৰৰ পৰা আৰু তেওঁৰ শক্তিৰ মহিমাৰ পৰা দূৰ কৰা হʼব আৰু তেওঁলোকক শাস্তি দি সদায় কালৰ কাৰণে ধ্বংস কৰা হʼব। ১০ এয়া সেই সময়ত হʼব, যেতিয়া তেওঁ নিজৰ পবিত্ৰ লোকসকলৰ লগত মহিমা পাবলৈ আহিব আৰু সেই দিনা সেই সকলোৱে তেওঁৰ প্ৰশংসা কৰিব, যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিছে। কিয়নো আমি যি সাক্ষ্য দিছিলোঁ, তাৰ ওপৰত তোমালোকে বিশ্বাস কৰিলা।

১১ সেইবাবে, আমি তোমালোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰোঁ যে আমাৰ ঈশ্বৰে তোমালোকক তেওঁৰ নিমন্ত্ৰণৰ যোগ্য বুলি ভাবক আৰু নিজৰ শক্তিৰে তেওঁ যি যি ভাল কাম কৰিব বিচাৰে, সেই সকলো কৰক আৰু তোমালোকে বিশ্বাসৰ কাৰণে যিমান কাম কৰা, সেইবোৰ সফল কৰক। ১২ এইদৰে আমাৰ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপাৰ অনুসৰি তোমালোকৰ যোগেদি আমাৰ প্ৰভু যীচুৰ নাম মহিমা হওক আৰু তেওঁৰ লগত একতাত থাকি তোমালোকৰো মহিমা হওক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক