থিচলনীকীয়াসকললৈ প্ৰথম চিঠি
৩ তোমালোকৰ খবৰ জানিবলৈ বেছিকৈ ইচ্ছা হোৱাৰ কাৰণে মই আথীনীত অকলে থাকিবলৈ নিৰ্ণয় লʼলোঁ ২ আৰু আমাৰ ভাই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠিয়াম, যিজন খ্ৰীষ্টৰ শুভবাৰ্তা শুনোৱা ঈশ্বৰৰ সেৱক* হয় যাতে তেওঁ তোমালোকক শান্ত্বনা দিয়ে আৰু তোমালোকৰ বিশ্বাস মজবুত কৰে। ৩ আৰু তোমালোকৰ মাজৰ কোনেও যেন এই দুখ-কষ্টৰ কাৰণে দুৰ্বল নহয়। তোমালোকে নিজেই জানা যে আমি এই দুখ-কষ্টৰ পৰা হাত সাৰিব নোৱাৰোঁ।* ৪ যেতিয়া আমি তোমালোকৰ লগত আছিলোঁ, তেতিয়া আমি তোমালোকক প্ৰায়েই কৈছিলোঁ যে আমি দুখ-কষ্ট ভুগিব লাগিব। আৰু তোমালোকে যিদৰে জানা, ঠিক সেইদৰেই ঘটিছে। ৫ সেইবাবে, মই যেতিয়া তোমালোকৰ খবৰ জানিবলৈ আগ্ৰহী হৈ আছিলোঁ, তেতিয়া মই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠিয়ালোঁ যাতে তোমালোক বিশ্বাসযোগ্য হৈ আছা, নে নাই, সেয়া জানিব পাৰোঁ, কিয়নো মোৰ ভয় আছিল যে ফুচুলোৱা লোকসকলে তোমালোকক ফুচুলোৱাতো নাই আৰু আমাৰ পৰিশ্ৰম ব্যৰ্থতো হোৱা নাই।
৬ কিন্তু এতিয়া তীমথিয় তোমালোকৰ তাৰ পৰা আমাৰ ওচৰলৈ আহিছে আৰু তেওঁ আমাক তোমালোকৰ প্ৰেম আৰু ঈশ্বৰৰ ওপৰত থকা ভৰসাৰ বিষয়ে ভাল খবৰ জনাইছে। তেওঁ এয়াও জনাইছে যে তোমালোকে আমাক বহুত মনত পেলোৱা আৰু আমাক চাবলৈ আগ্ৰহী হৈ আছা, ঠিক যেনেকৈ আমিও তোমালোকক চাবলৈ আগ্ৰহী হৈ আছোঁ। ৭ সেইবাবে ভাইসকল, যদিও আমি বহুতো দুখ-কষ্ট* আৰু সমস্যাৰ সন্মুখীন হৈ আছোঁ, তথাপি তোমালোকৰ বিষয়ে আৰু ঈশ্বৰৰ ওপৰত থকা তোমালোকৰ ভৰসাৰ বিষয়ে শুনি আমি বহুত শান্ত্বনা পাইছোঁ। ৮ তোমালোকে প্ৰভুত দৃঢ়তাৰে থিয় হৈ আছা বুলি জানি আমি নতুন শক্তি লাভ কৰোঁ।* ৯ তোমালোকৰ কাৰণে ঈশ্বৰৰ আগত আমি যি আনন্দ অনুভৱ কৰিছোঁ, তাৰ বাবে আমি ঈশ্বৰক কেনেকৈ কৃতজ্ঞতা দেখুৱাম? ১০ আমি দিনে-ৰাতিয়ে আন্তৰিকতাৰে ঈশ্বৰলৈ মিনতি কৰোঁ যেন আমি তোমালোকক সঁচাকৈ দেখা পাওঁ আৰু তোমালোকৰ বিশ্বাস দৃঢ় কৰাৰ কাৰণে যি প্ৰয়োজন, সেয়া কৰিব পাৰোঁ।
১১ আমি প্ৰাৰ্থনা কৰোঁ যে নিজেই আমাৰ ঈশ্বৰ আৰু পিতৃ, লগতে আমাৰ প্ৰভু যীচুৱে আমাৰ কাৰণে কোনো ৰাস্তা উলিয়ায়, যেন আমি তোমালোকৰ ওচৰলৈ যাব পাৰোঁ। ১২ আমি এয়াও প্ৰাৰ্থনা কৰোঁ যে যিদৰে তোমালোকৰ প্ৰতি আমাৰ প্ৰেম বাঢ়ি গৈ আছে, তেনেকৈ প্ৰভুৱে তোমালোকৰ প্ৰেম বঢ়াই থাকক, হয়, এজনে-আনজনৰ প্ৰতি আৰু সকলোৰে প্ৰতি তোমালোকৰ প্ৰেম বাঢ়ি থাকক। ১৩ এইদৰে আমাৰ প্ৰভু যীচু নিজৰ সকলো পবিত্ৰ লোকৰ লগত উপস্থিত হোৱাৰ সময়ত আমাৰ ঈশ্বৰ আৰু পিতৃৰ আগত তেওঁ তোমালোকৰ হৃদয় মজবুত কৰক আৰু তোমালোকক পবিত্ৰ আৰু নিৰ্দোষী কৰক।