যোহনলৈ দিয়া প্ৰকাশিত বাক্য
৫ আৰু মই দেখিলোঁ যে সিংহাসনত বহা ঈশ্বৰৰ সোঁহাতত এখন নুৰা আছে, যাৰ দুয়োফালে* লিখা আছে আৰু তাক সাতটা মোহৰেৰে মোহৰ মৰা হৈছে। ২ মই দেখিলোঁ যে এজন শক্তিশালী স্বৰ্গদূতে ডাঙৰ মাতেৰে ঘোষণা কৰি আছিল: “এই মোহৰবোৰ ভাঙিবলৈ আৰু এই নুৰা খুলিবলৈ কোন যোগ্য হয়?” ৩ কিন্তু স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত এনে কোনো নাছিল, যিজনে সেই নুৰাখন খোলা বা পঢ়াৰ যোগ্য হয়। ৪ তেতিয়া মই হোক-হোকাই কান্দিবলৈ ধৰিলোঁ, কিয়নো এনে কাকো নাপালোঁ, যিজনে নুৰাখন খোলা আৰু পঢ়াৰ যোগ্য হয়। ৫ কিন্তু প্ৰাচীনসকলৰ মাজৰ এজনে মোক কʼলে “নাকান্দিবা। যিহূদা গোষ্ঠীৰ এই সিংহক চোৱা, যিজন দায়ূদৰ শিপা হয়। এওঁ জয় কৰিলে যাতে এই নুৰা আৰু ইয়াত মৰা সাতটা মোহৰ খুলিব পাৰে।”
৬ আৰু মই সেই সিংহাসনৰ ওচৰত* আৰু সেই চাৰিটা জীৱিত প্ৰাণীৰ মাজত আৰু সেই প্ৰাচীনসকলৰ মাজত এটা ভেড়া পোৱালি থিয় হৈ থকা দেখিলোঁ, তাক দেখি এনে লাগিছিল যেন তাক হত্যা কৰা হৈছিল। তাৰ সাতটা শিং আৰু সাতটা চকু আছিল, এই চকুবোৰৰ অৰ্থ হৈছে ঈশ্বৰৰ সাতটা পবিত্ৰ শক্তি, যাক গোটেই পৃথিৱীত পঠোৱা হৈছে। ৭ সেই ভেড়া পোৱালিয়ে লগে লগে আগুৱাই আহিল আৰু তেওঁ সিংহাসনত বহা ঈশ্বৰৰ সোঁহাতৰ পৰা সেই মোহৰ মৰা নুৰাখন লʼলে। ৮ আৰু যেতিয়া তেওঁ সেই নুৰাখন লʼলে, তেতিয়া সেই চাৰিটা জীৱিত প্ৰাণী আৰু ২৪ জন প্ৰাচীনে ভেড়া পোৱালিৰ আগত পৰি প্ৰণাম কৰিলে। প্ৰতিজন প্ৰাচীনৰ ওচৰত এখন বীণা আৰু ধূপেৰে ভৰা এটা সোণৰ বাটি আছিল। (এই ধূপৰ অৰ্থ হৈছে, পবিত্ৰ লোকসকলৰ প্ৰাৰ্থনা।) ৯ আৰু তেওঁলোকে এটা নতুন গীত গাই এইদৰে কয়, “এই নুৰা লোৱা আৰু ইয়াৰ মোহৰ খোলাৰ তুমিয়েই যোগ্য, কিয়নো তোমাক হত্যা কৰা হৈছিল আৰু তুমি নিজৰ তেজেৰে সকলো গোষ্ঠী, ভাষা, জাতি আৰু ৰাষ্ট্ৰৰ পৰা ঈশ্বৰৰ কাৰণে লোকসকলক কিনি লʼলা। ১০ আৰু তুমি তেওঁলোকক আমাৰ ঈশ্বৰৰ কাৰণে ৰজা আৰু পুৰোহিত পাতিলা আৰু তেওঁলোকে ৰজা হিচাপে পৃথিৱীত শাসন কৰিব।”
১১ আৰু মই সেই সিংহাসন আৰু সেই জীৱিত প্ৰাণী আৰু সেই প্ৰাচীনসকলৰ চাৰিওফালে অসংখ্য স্বৰ্গদূত দেখিলোঁ আৰু তেওঁলোকৰ মাত শুনিলোঁ। তেওঁলোকৰ সংখ্যা লাখ লাখ আৰু কোটি কোটি আছিল। ১২ আৰু তেওঁলোকে ডাঙৰ মাতেৰে কৈ আছিল, “এই ভেড়া পোৱালি, যাক হত্যা কৰা হৈছিল, তেওঁ শক্তি, সম্পত্তি, বুদ্ধি, বল, আদৰ, মহিমা আৰু আশীৰ্বাদ পোৱাৰ যোগ্য।”
১৩ আৰু মই স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সমুদ্ৰৰ ওপৰত আৰু ইয়াত থকা সকলো প্ৰাণী আৰু ইয়াত যি যি আছিল, সেই সকলোকে এয়া কোৱা শুনিলোঁ, “ঈশ্বৰ, যিজন সিংহাসনত বহি আছে, তেওঁৰ আৰু ভেড়া পোৱালিৰ প্ৰশংসা হওক আৰু আদৰ, মহিমা আৰু শক্তি সদায় কাললৈকে তেওঁলোকৰেই হওক।” ১৪ আৰু সেই চাৰিটা জীৱিত প্ৰাণীয়ে কৈ আছিল, “আমেন!” আৰু সেই প্ৰাচীনসকলে মূৰ দোৱাই ঈশ্বৰৰ উপাসনা কৰিলে।