ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • কলচীয়া ৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

কলচীয়া কিতাপৰ সাৰাংশ

      • মালিকসকলৰ কাৰণে উপদেশ (১)

      • “প্ৰাৰ্থনাত লাগি থাকা” (২-৪)

      • বাহিৰৰ লোকসকলৰ লগত বুদ্ধিমতাৰে ব্যৱহাৰ কৰা (৫, ৬)

      • অৱশেষত নমস্কাৰ (৭-১৮)

কলচীয়া ৪:১

ফুটনোট

  • *

    বা “সদাচাৰেৰে।”

কলচীয়া ৪:৫

ফুটনোট

  • *

    আক্ষ., “নিৰ্ধাৰিত সময়ক কিনি লোৱা।”

কলচীয়া ৪:১১

ফুটনোট

  • *

    বা “এওঁলোক মোক উৎসাহিত কৰা সহায়ক হয়।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
কলচীয়া ৪:১-১৮

কলচীয়াসকললৈ চিঠি

৪ হে মালিকসকল, নিজৰ দাসবিলাকৰ লগত সঠিকভাৱে আৰু সততাৰে* ব্যৱহাৰ কৰা, কাৰণ তোমালোকে জানা যে স্বৰ্গত তোমালোকৰো এজন মালিক আছে।

২ প্ৰাৰ্থনাত লাগি থাকা আৰু এই বিষয়ত জাগি থাকা আৰু ধন্যবাদ দি থাকা। ৩ আমাৰ কাৰণেও প্ৰাৰ্থনা কৰি থাকা যেন ঈশ্বৰে আমাৰ কাৰণে সুযোগৰ দুৱাৰ খুলি দিয়ে যাতে আমি বাক্যৰ প্ৰচাৰ কৰিব পাৰোঁ আৰু খ্ৰীষ্টৰ বিষয়ে পবিত্ৰ ৰহস্য জনাব পাৰোঁ, কিয়নো মই ইয়াৰ কাৰণেই বন্দী হৈ আছোঁ। ৪ আৰু এই বিষয়ে প্ৰাৰ্থনা কৰা যে মই ইয়াৰ বিষয়ে স্পষ্টকৈ বুজাব পাৰোঁ, যিদৰে মই বুজোৱা উচিত।

৫ নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰি* বাহিৰৰ লোকসকলৰ লগত বুদ্ধিমতাৰে ব্যৱহাৰ কৰা। ৬ যিদৰে নিমখে আহাৰৰ সোৱাদ বঢ়ায়, ঠিক সেইদৰে সদায় নম্ৰতাৰে কথা পাতিলে তোমালোকৰ কথা শুনোঁতাসকলে ভাল পাব। তেতিয়া তোমালোকে জানিব পাৰিবা যে প্ৰতিজনকে কেনেকৈ উত্তৰ দিব লাগে।

৭ মোৰ মৰমৰ ভাই আৰু প্ৰভুত বিশ্বাসযোগ্য সেৱক আৰু সহদাস তুখিকে তোমালোকক মোৰ বিষয়ে সকলো খবৰ দিব। ৮ মই তেওঁক তোমালোকৰ ওচৰলৈ পঠোৱাৰ কাৰণ হৈছে যাতে তোমালোকে আমাৰ খা-খবৰ জানিব পাৰিবা আৰু তেওঁ তোমালোকক শান্ত্বনা দিব পাৰে। ৯ মই তেওঁৰ লগত নিজৰ বিশ্বাসযোগ্য আৰু মৰমৰ ভাই ওনীচিমক পঠাই আছোঁ, যিজন তোমালোকৰ এলেকাৰে হয়। তেওঁলোক দুয়োজনে ইয়াৰ পৰিস্থিতিৰ বিষয়ে সকলো কথা জনাব।

১০ আৰিষ্টাৰ্খ, যিজন মোৰ লগত বন্দী হৈ আছে, তেওঁ তোমালোকক নমস্কাৰ জনাইছে আৰু মাৰ্ক, যিজন বাৰ্ণব্বাৰ সম্পৰ্কীয় ভাই হয়, তেওঁ তোমালোকক নমস্কাৰ জনাইছে (যিজনৰ বিষয়ে তোমালোকক নিৰ্দেশনা দিয়া হৈছিল যে যদি তেওঁ তোমালোকৰ ওচৰলৈ আহে, তেনেহʼলে তেওঁক আদৰণি জনাবা) ১১ আৰু যীচু, যাক যুষ্ট বুলি কোৱা হয়, তেওঁ তোমালোকক নমস্কাৰ জনাইছে। এওঁলোক সেই লোকসকলৰ মাজৰ হয়, যিসকলক চুন্নৎ কৰা হৈছে। কেৱল এই লোকসকলেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকৰ্মী হয় আৰু এওঁলোকৰ পৰা মই বহুত শান্ত্বনা পালোঁ।* ১২ খ্ৰীষ্ট যীচুৰ দাস ইপাফ্ৰা, যিজন তোমালোকৰ এলেকাৰে হয়, তেওঁ তোমালোকক নমস্কাৰ জনাইছে। তেওঁ সদায় তোমালোকৰ কাৰণে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰে যাতে তোমালোকে পৰিপক্ক লোক হিচাপে দৃঢ় হৈ থাকিব পাৰা আৰু ঈশ্বৰৰ সকলো ইচ্ছাৰ বিষয়ে তোমালোকৰ সম্পূৰ্ণ বিশ্বাস হয়। ১৩ হয়, মই তোমালোকৰ এই কথাৰ সাক্ষী হওঁ যে তেওঁ তোমালোকৰ কাৰণে আৰু যিসকল লায়দিকেয়াত আৰু হিয়ৰাপলিত আছে, তেওঁলোকৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰে।

১৪ আমাৰ মৰমৰ ভাই চিকিৎসক লূক আৰু দীমায়ো তোমালোকক নমস্কাৰ জনাইছে। ১৫ লায়দিকেয়াৰ ভাইসকলক আৰু ভনী নুম্ফাক আৰু তেওঁৰ ঘৰত গোট খোৱা মণ্ডলীক মোৰ নমস্কাৰ। ১৬ যেতিয়া তোমালোকৰ মাজত এই চিঠি পঢ়া হʼব, তেতিয়া ইয়াৰ পাছত ইয়াক লায়দিকেয়াৰ মণ্ডলীতো পঢ়াৰ ব্যৱস্থা কৰিবা আৰু লায়দিকেয়াৰ পৰা অহা চিঠি তোমালোকেও পঢ়িবা। ১৭ আৰু আৰ্খিপ্পক কʼবা, “তুমি এই কথাৰ ওপৰত ধ্যান দিয়া যে প্ৰভুৰ সেৱা কৰিবলৈ যি দায়িত্ব গ্ৰহণ কৰিছিলা, তাক পূৰো কৰা।”

১৮ মই পৌল নিজ হাতেৰে তোমালোকলৈ নমস্কাৰ লিখি আছোঁ। মই যে বন্দী অৱস্থাত আছোঁ, এই কথা তোমালোকে মনত ৰাখা। ঈশ্বৰৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক