লূকে লিখা শুভবাৰ্তা
১ সন্মানীয় থিয়ফিল, যিবোৰ সত্য ঘটনাৰ ওপৰত আমি বিশ্বাস কৰোঁ, সেইবোৰ লিখাৰ দায়িত্ব বহুতো লোকে লৈছে। ২ আৰম্ভণিৰে পৰা যিসকলে এই ঘটনাবোৰ নিজ চকুৰে দেখিছিল আৰু যিসকলে ঈশ্বৰৰ বাৰ্তা ঘোষণা কৰিছিল, তেওঁলোকেও আমাক এই কথাবিলাক জনালে। ৩ যিহেতু মই সকলো কথা আৰম্ভণিৰে পৰা ভালদৰে পৰীক্ষা কৰিছোঁ, সেইবাবে মই সেই কথা আপোনালৈ এটাৰ পাছত এটাকৈ ভালদৰে লিখিবলৈ থিৰাং কৰিছোঁ। ৪ যাতে আপুনি যিবোৰ কথা ইতিমধ্যে শিকিলে, সেইবোৰ সত্য হয় বুলি ভালদৰে জানিব পাৰে।
৫ যিহূদিয়াৰ ৰজা হেৰোদৰ দিনত, অবিয়ৰ দলৰ জখৰিয়া নামেৰে এজন পুৰোহিত আছিল। জখৰিয়াৰ পত্নীৰ নাম এলীচাবেৎ আছিল আৰু তেওঁ হাৰোণৰ বংশৰ আছিল। ৬ তেওঁলোক দুয়োজন ঈশ্বৰৰ দৃষ্টিত ভাল ব্যক্তি আছিল, কাৰণ তেওঁলোকে যিহোৱাৰ* সকলো আজ্ঞা পালন কৰিছিল আৰু তেওঁৰ নিয়মৰ অনুসৰি জীৱন-যাপন কৰিছিল। ৭ কিন্তু তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাছিল, কাৰণ এলীচাবেৎ বাঁজী আছিল আৰু তেওঁলোক দুয়োজন বৃদ্ধ হৈ গৈছিল।
৮ এবাৰ জখৰিয়াই ঈশ্বৰৰ সন্মুখত পুৰোহিত হিচাপে কাম কৰি আছিল, কাৰণ সেইদিনাখন তেওঁলোকৰ দলৰ পাল আছিল। ৯ পুৰোহিতৰ ৰীতিৰ অনুসৰি যেতিয়া ধূপ জ্বলোৱাৰ তেওঁৰ পাল পৰিল, তেতিয়া তেওঁ যিহোৱাৰ* মন্দিৰৰ ভিতৰলৈ গʼল। ১০ ধূপ জ্বলোৱাৰ সময়ত, সকলোৱে বাহিৰত প্ৰাৰ্থনা কৰি আছিল। ১১ তেতিয়া জখৰিয়াৰ ওচৰত যিহোৱাৰ* স্বৰ্গদূত উপস্থিত হৈ ধূপ-বেদীৰ সোঁফালে থিয় হʼল। ১২ তেওঁক দেখি জখৰিয়াই চক খাই উঠিলে আৰু বহুত ভয় খালে। ১৩ কিন্তু স্বৰ্গদূতজনে তেওঁক কʼলে, “জখৰিয়া ভয় নকৰিবা, কিয়নো তোমাৰ প্ৰাৰ্থনা শুনা গʼল আৰু তোমাৰ পত্নী এলীচাবেতে এটি লʼৰা জন্ম দিব আৰু তুমি তাৰ নাম যোহন ৰাখিবা। ১৪ তুমি সুখী হʼবা আৰু বহুত আনন্দ কৰিবা। বহুতো লোকে সেই লʼৰাটিৰ জন্মৰ কাৰণে আনন্দ কৰিব। ১৫ কিয়নো তেওঁ যিহোৱাৰ* দৃষ্টিত মহান হʼব। কিন্তু তেওঁ দ্ৰাক্ষাৰস বা মদ খাব নোৱাৰিব আৰু তেওঁ মাকৰ গৰ্ভৰ পৰাই* ঈশ্বৰৰ পবিত্ৰ শক্তিৰে পূৰ্ণ হʼব। ১৬ তেওঁ বহুতো ইস্ৰায়েলীক তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ* ওচৰলৈ উভতাই আনিব ১৭ আৰু তেওঁ এলিয়াৰ দৰে উৎসাহ* আৰু শক্তিৰে সৈতে ঈশ্বৰৰ আগে আগে যাব যাতে পিতৃসকলৰ হৃদয় লʼৰা-ছোৱালীৰ দৰে কৰিব পাৰে আৰু আজ্ঞা পালন নকৰা লোকসকলক ভাল মানুহৰ নিচিনা বুদ্ধি দিব পাৰে। এইদৰে তেওঁ যিহোৱাৰ* কাৰণে যোগ্য লোকসকলক প্ৰস্তুত কৰিব।”
১৮ তেতিয়া জখৰিয়াই স্বৰ্গদূতজনক কʼলে, “মই পিতৃ হʼম বুলি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ? কাৰণ মই বৃদ্ধ হৈ গৈছোঁ আৰু মোৰ পত্নীৰ বয়সো বাঢ়ি গৈছে।” ১৯ স্বৰ্গদূতজনে তেওঁক কʼলে, “মই গাব্ৰিয়েল হওঁ আৰু ঈশ্বৰৰ ওচৰত উপস্থিত থাকোঁ। মোক তোমাৰ লগত কথা পাতিবলৈ আৰু এই ভাল খবৰ জনাবলৈ পঠোৱা হৈছে। ২০ কিন্তু চোৱা! তুমি বোবা হৈ যাবা আৰু যেতিয়ালৈকে এই কথাবোৰ পূৰ নহয়, তেতিয়ালৈকে তুমি কথা পাতিব নোৱাৰিবা। কাৰণ তুমি মোৰ কথাৰ ওপৰত বিশ্বাস নকৰিলা, কিন্তু এই কথাবোৰ নিৰ্ধাৰিত সময়ত পূৰ হʼব।” ২১ আনফালে লোকসকলে বাহিৰত জখৰিয়াৰ কাৰণে ৰৈ আছিল। তেওঁলোকে আচৰিত হৈছিল যে তেওঁ মন্দিৰত কিয় ইমান দেৰি কৰিছে। ২২ যেতিয়া তেওঁ মন্দিৰৰ বাহিৰলৈ আহিল, তেতিয়া তেওঁ কথা কʼব নোৱাৰিলে। তেওঁলোকে বুজি পালে যে তেওঁ নিশ্চয় এইমাত্ৰ মন্দিৰত কিবা দৰ্শন দেখিলে।* যিহেতু তেওঁ কথা কʼব নোৱাৰিছিল, সেইবাবে তেওঁ তেওঁলোকৰ লগত আকাৰ-ইংগিতেৰে কথা পাতিবলৈ ধৰিলে। ২৩ যেতিয়া তেওঁৰ পবিত্ৰ সেৱাৰ* দিন শেষ হʼল, তেতিয়া তেওঁ নিজৰ ঘৰলৈ উভতি গʼল।
২৪ কিছু মাহৰ পাছত তেওঁৰ পত্নী এলীচাবেৎ গৰ্ভৱতী হʼল। তেওঁ পাঁচ মাহলৈকে ঘৰতে থাকিল। তেওঁ এইদৰে কৈছিল, ২৫ “যিহোৱাই* মোৰ প্ৰতি দয়া দেখুৱাইছে। লোকসকলৰ মাজৰ পৰা মোৰ অপমান আঁতৰাবলৈ তেওঁ মোৰ ওপৰত ধ্যান দিছে।”
২৬ এলীচাবেতৰ গৰ্ভাৱস্থাৰ ছমাহত ঈশ্বৰে গাব্ৰিয়েল স্বৰ্গদূতক গালীলৰ নাচৰৎ চহৰৰ ২৭ এজনী কুমাৰীৰ ওচৰত পঠিয়ালে। যোচেফ নামৰ এজন ব্যক্তিৰ লগত তেওঁৰ বিয়া ঠিক হৈছিল, যিজন দায়ূদৰ বংশৰ আছিল। সেই কুমাৰীজনীৰ নাম আছিল মৰিয়ম। ২৮ সেই স্বৰ্গদূতজনে মৰিয়মৰ ওচৰলৈ আহি তেওঁক কʼলে, “মৰিয়ম, যিহোৱা* তোমাৰ পৰা বহুত আনন্দিত আৰু তেওঁ তোমাক আশীৰ্বাদ দিছে।” ২৯ কিন্তু এয়া শুনি তেওঁ বহুত চিন্তিত হʼল আৰু ভাবিবলৈ ধৰিলে যে এনেধৰণৰ সম্ভাষণৰ অৰ্থ কি হʼব পাৰে। ৩০ তেতিয়া স্বৰ্গদূতে তেওঁক কʼলে, “ভয় নকৰিবা মৰিয়ম! কিয়নো তুমি ঈশ্বৰৰ পৰা আশীৰ্বাদ লাভ কৰিছা। ৩১ চোৱা! তুমি গৰ্ভৱতী হʼবা আৰু এটি লʼৰাক জন্ম দিবা। তুমি তেওঁৰ নাম যীচু ৰাখিবা। ৩২ তেওঁ মহান হʼব আৰু তেওঁক মহান ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হʼব আৰু যিহোৱা* ঈশ্বৰে তেওঁৰ পূৰ্বপুৰুষ দায়ূদৰ সিংহাসন তেওঁক দিব। ৩৩ তেওঁ ৰজা হৈ যাকোবৰ বংশৰ ওপৰত সদায় কাললৈকে শাসন কৰিব আৰু তেওঁৰ ৰাজ্য কেতিয়াও অন্ত নহʼব।”
৩৪ কিন্তু, মৰিয়মে স্বৰ্গদূতজনক কʼলে, “এয়া কেনেকৈ হʼব পাৰে, মইতো কোনো পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাই নাই।” ৩৫ স্বৰ্গদূতজনে তেওঁক কʼলে, “ঈশ্বৰৰ পবিত্ৰ শক্তি তোমাৰ ওপৰত আহিব আৰু মহান ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। সেইবাবে, যিজন জন্ম হʼব, তেওঁ পবিত্ৰ আৰু ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হʼব। ৩৬ চোৱা! তোমাৰ সম্বন্ধীয় এলীচাবেতেও এই বৃদ্ধ অৱস্থাত গৰ্ভৱতী হৈছে, যাক লোকসকলে বাঁজী বুলি কৈছিল। তেওঁ এটি লʼৰা জন্ম দিব আৰু এতিয়া তেওঁৰ ছমাহ চলি আছে। ৩৭ কাৰণ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা কোনো কথা* অসম্ভৱ হʼব নোৱাৰে।” ৩৮ তেতিয়া মৰিয়মে কʼলে, “চাওক! মইতো যিহোৱাৰ* দাসী হওঁ! আপুনি যেনেকৈ কৈছে, মোৰ লগত সেইদৰেই হওক।” তেতিয়া সেই স্বৰ্গদূতজন তেওঁৰ ওচৰৰ পৰা গুচি গʼল।
৩৯ তেতিয়া মৰিয়মে খৰধৰকৈ তৈয়াৰী কৰিলে আৰু পাহাৰীয়া এলেকাত থকা যিহূদাৰ এখন চহৰলৈ ওলাই গʼল। ৪০ তেওঁ জখৰিয়াৰ ঘৰ পালেগৈ আৰু তেওঁ এলীচাবেতক নমস্কাৰ জনালে। ৪১ এলীচাবেতে মৰিয়মৰ নমস্কাৰ শুনাৰ লগে লগে তেওঁৰ পেটত থকা শিশুটিয়ে নাচি উঠিল আৰু এলীচাবেৎ পবিত্ৰ শক্তিৰে পূৰ্ণ হʼল ৪২ আৰু তেওঁ জোৰকৈ এইদৰে কʼলে, “তিৰোতাসকলৰ মাজত তুমি ধন্য! তোমাৰ গৰ্ভফলো ধন্য! ৪৩ এয়া মোৰ কাৰণে ডাঙৰ সন্মান যে মোৰ প্ৰভুৰ মাকে মোক লগ কৰিবলৈ আহিছে! ৪৪ কিয়নো চোৱা! তোমাৰ নমস্কাৰৰ মাত মোৰ কাণত পৰাৰ লগে লগে মোৰ পেটত থকা শিশুটিয়ে আনন্দত নাচি উঠিল। ৪৫ তোমাক কোৱা কথাৰ ওপৰত তুমি বিশ্বাস কৰিলা, সেইবাবেও তুমি ধন্য, কাৰণ যিহোৱা* ঈশ্বৰে তোমাক কোৱা সকলো কথা পূৰ হʼব।”
৪৬ তেতিয়া মৰিয়মে কʼলে, “মই* যিহোৱাৰ* মহিমা কৰোঁ ৪৭ আৰু মোৰ হৃদয় মোৰ উদ্ধাৰকৰ্তা ঈশ্বৰৰ কাৰণে আনন্দিত হৈ উঠিছে, ৪৮ কাৰণ তেওঁ নিজৰ দাসীৰ অৱস্থাৰ ওপৰত ধ্যান দিছে আৰু এতিয়াৰ পৰা সকলো যুগৰ লোকসকলে মোক ধন্য বুলি কʼব। ৪৯ কাৰণ শক্তিশালী ঈশ্বৰে মোৰ কাৰণে ডাঙৰ ডাঙৰ কাম কৰিছে আৰু তেওঁৰ নাম পবিত্ৰ হয়। ৫০ যিসকলে তেওঁৰ প্ৰতি ভয় ৰাখে, তেওঁলোকৰ ওপৰত যুগে যুগে তেওঁৰ দয়া থাকে। ৫১ তেওঁ নিজৰ বাহুৰ শক্তি দেখুৱালে আৰু যিসকলৰ হৃদয় অহংকাৰেৰে ভৰি পৰিছিল, তেওঁলোকক ছিন্ন-ভিন্ন কৰিলে। ৫২ তেওঁ অধিকাৰ থকা লোকসকলক সিংহাসনৰ পৰা নমালে আৰু সাধাৰণ লোকসকলক ওখ কৰিলে। ৫৩ তেওঁ ভোকত থকা লোকসকলক ভাল বস্তু দি সন্তুষ্ট কৰিলে, আনহাতে ধনী লোকসকলক খালী হাতে পঠাই দিলে। ৫৪ তেওঁ নিজৰ সেৱক ইস্ৰায়েলক সহায় কৰিবলৈ আহিছে আৰু যিদৰে তেওঁ আমাৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিজ্ঞা কৰিছিল, ৫৫ তেওঁ অব্ৰাহাম আৰু তেওঁৰ বংশৰ* ওপৰত সদায় দয়া কৰি থাকিব।” ৫৬ মৰিয়ম প্ৰায় তিনি মাহলৈকে এলীচাবেতৰ লগতে আছিল। তাৰ পাছত তেওঁ নিজৰ ঘৰলৈ উভতি আহিল।
৫৭ এলীচাবেতৰ সন্তান জন্ম হʼবৰ সময় হʼল আৰু তেওঁ এটি লʼৰাক জন্ম দিলে। ৫৮ যেতিয়া তেওঁৰ ওচৰ-চুবুৰীয়া আৰু সম্বন্ধীয় লোকসকলে শুনিলে যে যিহোৱাই* তেওঁৰ ওপৰত দয়া দেখুৱাইছে, তেতিয়া তেওঁলোকে তেওঁৰ লগত মিলি আনন্দ কৰিলে। ৫৯ আঠ দিনৰ পাছত তেওঁলোকে সেই লʼৰাটোৰ চুন্নৎ কৰিবলৈ আহিলে। তেওঁলোকে দেউতাকৰ নামৰ অনুসৰি লʼৰাটিৰ নাম জখৰিয়া থʼবলৈ বিচাৰিছিল। ৬০ কিন্তু লʼৰাটোৰ মাকে কʼলে, “নহয়! তাৰ নাম যোহন হʼব।” ৬১ তেতিয়া তেওঁলোকে তেওঁক কʼবলৈ ধৰিলে, “তোমাৰ সম্বন্ধীয়সকলৰ মাজত এই নামটো কাৰো নাই।” ৬২ তাৰ পাছত তেওঁলোকে লʼৰাজনৰ দেউতাকক আকাৰ-ইংগিতেৰে সুধিলে যে তেওঁ লʼৰাজনৰ নাম কি থʼব বিচাৰে। ৬৩ তেওঁ এখন কাঠৰ ফলি খুজিলে আৰু তাত লিখিলে, “ইয়াৰ নাম যোহন হʼব।” এয়া দেখি সকলোৱে আচৰিত হʼল। ৬৪ সেই সময়তে জখৰিয়াৰ জিভাৰ বান্ধ খোল খালে আৰু তেওঁ আকৌ কথা কʼবলৈ ধৰিলে আৰু তেওঁ ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ৬৫ তেওঁৰ আশে-পাশে থকা সকলোৰে ভয় লাগিল। যিহূদিয়াৰ পাহাৰীয়া এলেকাৰ চাৰিওফালে এই কথাবোৰৰ আলোচনা হʼবলৈ ধৰিলে। ৬৬ যিমান লোকসকলে এই বিষয়ে শুনিলে, তেওঁলোকে ভাবিবলৈ ধৰিলে, “এই লʼৰাজন ডাঙৰ হৈ কি হʼব?” তেওঁলোকে এইদৰে কোৱাৰ কাৰণ হৈছে যিহোৱাৰ* হাত সঁচাকৈ সেই লʼৰাজনৰ ওপৰত আছিল।
৬৭ তাৰ পাছত তাৰ দেউতা জখৰিয়া পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল আৰু এইদৰে ভৱিষ্যবাণী কৰিবলৈ ধৰিলে। ৬৮ “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ* প্ৰশংসা হওক, কিয়নো তেওঁ নিজৰ লোকসকলৰ ওপৰত ধ্যান দিলে আৰু তেওঁলোকক উদ্ধাৰ কৰিলে। ৬৯ তেওঁ নিজৰ সেৱক দায়ূদৰ বংশত আমাৰ কাৰণে এজন শক্তিশালী উদ্ধাৰকৰ্তাক দিলে,* ৭০ যিদৰে তেওঁ প্ৰাচীন কালৰ পবিত্ৰ ভৱিষ্যবক্তাসকলৰ যোগেদি কৈছিল। ৭১ তেওঁ কৈছিল যে তেওঁ আমাৰ শত্ৰুসকলৰ পৰা আৰু যিসকলে আমাক ঘিণ কৰে, তেওঁলোকৰ পৰা আমাক উদ্ধাৰ কৰিব। ৭২ তেওঁ আমাৰ পূৰ্বপুৰুষসকলৰ কাৰণে আমাক দয়া দেখুৱাব আৰু সেই পবিত্ৰ চুক্তি মনত পেলাব, ৭৩ যি চুক্তি তেওঁ আমাৰ পূৰ্বপুৰুষ অব্ৰাহামৰ লগত কৰিছিল। ৭৪ তেওঁ কৈছিল যে তেওঁ আমাক শত্ৰুবিলাকৰ পৰা উদ্ধাৰ কৰিব আৰু আমি ভয় নকৰাকৈ তেওঁৰ পবিত্ৰ সেৱা কৰিবলৈ আমাক সন্মান দিব ৭৫ যাতে গোটেই জীৱন তেওঁৰ দৃষ্টিত বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু এজন ভাল ব্যক্তি হৈ থাকিব পাৰোঁ। ৭৬ কিন্তু হে মোৰ লʼৰা তোমাক মহান ঈশ্বৰৰ ভৱিষ্যবক্তা বুলি কোৱা হʼব। কাৰণ তুমি যিহোৱাৰ* আগে আগে গৈ তেওঁৰ কাৰণে ৰাস্তা তৈয়াৰ কৰিবা। ৭৭ আৰু তেওঁৰ লোকসকলক এই খবৰ দিবা যে তেওঁ তেওঁলোকৰ পাপ ক্ষমা কৰিব আৰু তেওঁলোকক উদ্ধাৰ কৰিব। ৭৮ তেওঁ কৰুণাময় ঈশ্বৰ হোৱাৰ কাৰণে তেওঁ এই সকলো কৰিব। স্বৰ্গৰ পৰা অহা কৰুণা ৰাতিপুৱাৰ পোহৰৰ দৰে হʼব। ৭৯ যিসকল লোকে অন্ধকাৰত আৰু মৃত্যুছাঁয়াৰ* দেশত বহি আছে, তেওঁলোকক তেওঁ পোহৰ দিব আৰু আমাৰ খোজ শান্তিৰ পথত লৈ যাব।”
৮০ সেই লʼৰাটি শাৰীৰিকভাৱে আৰু মানসিকভাৱে ডাঙৰ হʼবলৈ ধৰিলে, যেতিয়ালৈকে তেওঁ ইস্ৰায়েলৰ ওচৰত আহিবলৈ সময় হোৱা নাছিল, তেতিয়ালৈকে তেওঁ অৰণ্যত* থাকিল।