ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ তীমথিয় ৫
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ তীমথিয় কিতাপৰ সাৰাংশ

      • ডেকা আৰু বৃদ্ধসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত (১, ২)

      • বিধৱাসকলক সহায় কৰা (৩-১৬)

        • নিজৰ ঘৰৰ লোকসকলৰ চোৱা-চিতা কৰা (৮)

      • পৰিশ্ৰমী প্ৰাচীনসকলক আদৰ কৰা (১৭-২৫)

        • ‘নিজৰ পেটৰ কাৰণে অলপ দ্ৰাক্ষাৰস’ (২৩)

১ তীমথিয় ৫:৩

ফুটনোট

  • *

    অৰ্থাৎ যিসকলক সহায় কৰিবলৈ কোনো নাই।

  • *

    আক্ষ., “আদৰ কৰা।”

১ তীমথিয় ৫:৭

ফুটনোট

  • *

    বা “আজ্ঞা।”

১ তীমথিয় ৫:১২

ফুটনোট

  • *

    বা “আগতে যি প্ৰতিজ্ঞা কৰিছিল।”

১ তীমথিয় ৫:১৭

ফুটনোট

  • *

    বা “নেতৃত্ব লয়।”

১ তীমথিয় ৫:১৯

ফুটনোট

  • *

    বা “প্ৰাচীনৰ।”

১ তীমথিয় ৫:২০

ফুটনোট

  • *

    আক্ষ., “আন লোকসকলেও ভয় কৰে।”

১ তীমথিয় ৫:২২

ফুটনোট

  • *

    বা “পুৰুষৰ ওপৰত হাত ৰাখিবলৈ।”

১ তীমথিয় ৫:২৩

ফুটনোট

  • *

    বা “কেৱল পানী নাখাবা।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ তীমথিয় ৫:১-২৫

তীমথিয়লৈ প্ৰথম চিঠি

৫ কোনো বৃদ্ধ পুৰুষক টানকৈ নকʼবা। ইয়াৰ পৰিৱৰ্তে, তেওঁক নিজৰ পিতৃ বুলি ভাবি প্ৰেমেৰে বুজোৱা, ডেকাসকলক ভাই, ২ বৃদ্ধ তিৰোতাসকলক মা আৰু কম বয়সৰ তিৰোতাসকলক ভনী বুলি ভাবি সম্পূৰ্ণ পবিত্ৰতাৰে সৈতে বুজোৱা।

৩ যিসকল বিধৱাক সঁচাকৈ সহায়ৰ প্ৰয়োজন আছে,* তেওঁলোকৰ যত্ন লোৱা।* ৪ কিন্তু যদি কোনো বিধৱাৰ লʼৰা-ছোৱালী বা নাতি-নাতিনী আছে, তেনেহʼলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোকসকলৰ চোৱা-চিতা কৰি ঈশ্বৰলৈ নিজৰ ভক্তি দেখুৱাওক। তেওঁলোকে নিজৰ মা-দেউতা আৰু ককা-আইতাই যি পাবলগীয়া আছে, সেয়া দিয়ক, কিয়নো এনে কৰিলে ঈশ্বৰ আনন্দিত হয়। ৫ যিগৰাকী বিধৱাক সঁচাকৈ সহায়ৰ প্ৰয়োজন আছে আৰু তেওঁক সহায় কৰিবলৈ কোনো নাই, তেওঁ ঈশ্বৰৰ ওপৰত আশা ৰাখে আৰু দিনে-ৰাতিয়ে মিনতি আৰু প্ৰাৰ্থনাত লাগি থাকে। ৬ কিন্তু যিগৰাকী বিধৱাই শৰীৰৰ ইচ্ছা পূৰ কৰাত লাগি থাকে, তেওঁ জীয়াই থাকিও মৰাৰ নিচিনা হয়। ৭ সেইবাবে, তেওঁলোকক এইবোৰ নিৰ্দেশনা* দি থাকা যাতে কোনেও তেওঁলোকৰ ওপৰত আঙুলি টোৱাব নোৱাৰে। ৮ কোনোৱে যদি নিজৰ পৰিয়ালৰ, বিশেষকৈ নিজৰ ঘৰৰ লোকসকলৰ চোৱা-চিতা নকৰে, তেনেহʼলে তেওঁ বিশ্বাসৰ পৰা আঁতৰি গৈছে আৰু তেওঁ বিশ্বাস নকৰা লোকতকৈও বেয়া।

৯ বিধৱাসকলৰ তালিকাত কেৱল তেওঁৰেই নাম লিখা হওক, যিগৰাকীৰ বয়স ৬০ বছৰতকৈ বেছি, যিগৰাকী এজন স্বামীৰেই পত্নী আছিল, ১০ ভাল কাম কৰাৰ কাৰণে জনাজাত, যিগৰাকীয়ে নিজৰ সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিছে, যিগৰাকীয়ে অতিথি-সৎকাৰ কৰিছে, পবিত্ৰ লোকসকলৰ ভৰি ধুৱাইছে, সমস্যাত থকা লোকসকলক সহায় কৰিছে আৰু যিগৰাকীয়ে প্ৰতিটো ভাল কাম কৰাত পৰিশ্ৰম কৰিছে।

১১ আনহাতে, যুৱতী বিধৱাসকলৰ নাম তালিকাত নিলিখিবা, কিয়নো যেতিয়া তেওঁলোকৰ যৌন-ইচ্ছাবোৰ খ্ৰীষ্টৰ সেৱা কৰাত বাধা হৈ যায়, তেতিয়া তেওঁলোকে বিয়া কৰিব বিচাৰে। ১২ তেওঁলোকে দোষী হʼব, কিয়নো তেওঁলোকে আগতে যি বিশ্বাস প্ৰকাশ কৰিছিল,* এতিয়া তেওঁলোকে তাৰ বিৰুদ্ধে গৈছে। ১৩ লগতে কাম-বন নকৰা আৰু ঘৰে ঘৰে ঘূৰি ফুৰাৰ তেওঁলোকৰ অভ্যাস হৈ যায়। হয়, তেওঁলোকে কেৱল কাম-বন নকৰে এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ পৰচৰ্চা কৰাৰ অভ্যাস হৈ যায় আৰু তেওঁলোকে আনৰ বিষয়ত দখল দি থাকে। তেওঁলোকে এনে বিষয়বোৰ কয়, যিবোৰ তেওঁলোকে কোৱা উচিত নহয়। ১৪ সেইবাবে, যুৱতী বিধৱাসকলে বিয়া কৰা, সন্তান জন্ম দিয়া আৰু ঘৰ চম্ভালাটো মই বিচাৰোঁ যাতে বিৰোধীসকলে আমাৰ বিষয়ে বেয়াকৈ কʼবলৈ সুযোগ নাপায়। ১৫ কাৰণ কিছুমান বিধৱাই ইতিমধ্যে সত্য ত্যাগ কৰি চয়তানক অনুকৰণ কৰিছে। ১৬ কোনো বিশ্বাসী তিৰোতাৰ পৰিয়ালত যদি কোনো বিধৱা আছে, তেনেহʼলে সেই তিৰোতাই বিধৱাগৰাকীক সহায় কৰক আৰু মণ্ডলীক তেওঁৰ বোজা নিদিয়ক। তেতিয়া মণ্ডলীয়ে এনে বিধৱাসকলক সহায় কৰিব পাৰিব, যিসকলক সঁচাকৈ সহায়ৰ প্ৰয়োজন আছে।

১৭ যিসকল প্ৰাচীনে ভালদৰে চোৱা-চিতা কৰে,* তেওঁলোকক দুগুণ আদৰ পোৱাৰ যোগ্য বুলি ভবা হওক, বিশেষকৈ যিসকলে ঈশ্বৰৰ বাক্য কোৱা আৰু শিকোৱাত কঠোৰ পৰিশ্ৰম কৰে। ১৮ কাৰণ শাস্ত্ৰত লিখা আছে, “তুমি মৰণা মাৰোঁতে ষাঁৰ গৰুৰ মুখ নাবান্ধিবা” আৰু এয়াও লিখা আছে “কাম কৰা লোকসকলে মজুৰি পোৱাৰ যোগ্য।” ১৯ কোনো বৃদ্ধ পুৰুষৰ* ওপৰত লগোৱা অভিযোগ, তেতিয়ালৈকে বিশ্বাস নকৰিবা, যেতিয়ালৈকে দুজন বা তিনিজন সাক্ষীয়ে প্ৰমাণ নিদিয়ে। ২০ যিসকলে পাপ কৰাত লাগি আছে, তেওঁলোকক সকলোৰে আগত শুধৰণি কৰা যাতে আন লোকসকলে সতৰ্কবাণী পায়।* ২১ মই তোমাক ঈশ্বৰ আৰু খ্ৰীষ্ট যীচু আৰু বাছনি কৰা স্বৰ্গদূতৰ আগত সম্পূৰ্ণ দৃঢ়তাৰে আদেশ দিছোঁ যে আগতীয়াকৈ কোনো মতামত নিদিয়াকৈ আৰু পক্ষপাত নকৰাকৈ এই নিৰ্দেশনাবোৰ পালন কৰা।

২২ কেতিয়াও কোনো পুৰুষক দায়িত্ব দিবলৈ* খৰধৰ নকৰিবা। আনৰ পাপৰ সহভাগী নহʼবা, নিজৰ চৰিত্ৰ শুদ্ধ কৰি ৰাখা।

২৩ এতিয়াৰ পৰা পানী নাখাবা,* ইয়াৰ পৰিৱৰ্তে নিজৰ পেটৰ কাৰণে আৰু বাৰে বাৰে হৈ থকা বেমাৰৰ কাৰণে অলপ দ্ৰাক্ষাৰস খাবা।

২৪ কিছুমান লোকৰ পাপ সকলোৰে আগত প্ৰকাশ পায় আৰু তেওঁলোকে লগে লগে শাস্তি পায়, কিন্তু আন কিছুমানৰ পাপ পাছত প্ৰকাশ পায়। ২৫ ঠিক সেইদৰে, ভাল কামো সকলোৰে আগত প্ৰকাশ পায় আৰু যি ভাল কামবোৰ প্ৰকাশ নাপায়, সেইবোৰো লুকুৱাই ৰাখিব নোৱাৰি।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক