ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ৰোমীয়া ৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ৰোমীয়া কিতাপৰ সাৰাংশ

      • বিশ্বাসৰ কাৰণে অব্ৰাহামক ভাল মানুহ বুলি গণ্য কৰা হʼল (১-১২)

        • তেওঁ বিশ্বাস কৰা বিলাকৰ পিতৃ হয় (১১)

      • বিশ্বাসৰ কাৰণে প্ৰতিজ্ঞা লাভ কৰিছিল (১৩-২৫)

ৰোমীয়া ৪:৩

ফুটনোট

  • *

    অতি. ক৫ চাওক।

ৰোমীয়া ৪:৭

ফুটনোট

  • *

    বা “ক্ষমা কৰা হʼল।”

ৰোমীয়া ৪:৮

ফুটনোট

  • *

    অতি. ক৫ চাওক।

ৰোমীয়া ৪:১১

ফুটনোট

  • *

    আক্ষ., “মোহৰ।” বা “গেৰাণ্টি।”

ৰোমীয়া ৪:১৩

ফুটনোট

  • *

    আক্ষ., “বীজ।”

ৰোমীয়া ৪:১৭

ফুটনোট

  • *

    বা হয়তো, “যি অস্তিত্বত নাই, তাৰ বিষয়ে এনেদৰে কথা কয় যেন সেয়া অস্তিত্বত আছে।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ৰোমীয়া ৪:১-২৫

ৰোমীয়াসকললৈ

৪ যদি এইদৰে হয়, তেনেহʼলে আমি কি কʼম? আমাৰ পূৰ্বপুৰুষ অব্ৰাহামে কি পাইছিল? ২ অব্ৰাহামক তেওঁৰ কামৰ আধাৰত ভাল মানুহ বুলি গণ্য কৰা হʼলে তেওঁৰ ওচৰত ফিতাহি মৰাৰ কাৰণ থাকিলেহেঁতেন, কিন্তু তেওঁৰ ঈশ্বৰৰ আগত ফিতাহি মৰাৰ কোনো কাৰণ নাছিল। ৩ শাস্ত্ৰত কি কোৱা হৈছে? “অব্ৰাহামে যিহোৱাৰ* ওপৰত বিশ্বাস কৰিলে আৰু ইয়াৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।” ৪ যি মানুহে কাম কৰে, তেওঁক মজুৰি দিয়াটো তেওঁৰ ওপৰত মহা-কৃপা কৰা হৈছে বুলি নুবুজায়, ইয়াৰ পৰিৱৰ্তে সেয়া তেওঁৰ অধিকাৰ বুলি গণ্য কৰা হয়। ৫ আনহাতে, যিজন মানুহে নিজৰ কামৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে পাপীক ভাল মানুহ বুলি গণ্য কৰা ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে, সেই মানুহজনক তেওঁৰ বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হয়। ৬ দায়ূদেও এনে মানুহক সুখী বুলি কৈছিল, যিজনে নিয়মক সম্পূৰ্ণৰূপে পালন কৰা নাছিল, তথাপি ঈশ্বৰে তেওঁক ভাল মানুহ বুলি গণ্য কৰিলে। তেওঁ কʼলে, ৭ “সুখী তেওঁলোক, যিসকলৰ বেয়া কাম ক্ষমা কৰা হʼল আৰু যিসকলৰ পাপ ঢাকি দিয়া হʼল।* ৮ সুখী সেই মানুহ, যিজনৰ পাপ যিহোৱাই* কেতিয়াও ধৰি নাৰাখিব।”

৯ তেনেহʼলে, এই সুখ কেৱল চুন্নৎ হোৱা লোকসকলেহে পায় নে, নে চুন্নৎ নোহোৱা লোকসকলেও পায়? কিয়নো আমি কওঁ, “অব্ৰাহামৰ বিশ্বাসৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।” ১০ তেওঁক কেতিয়া ভাল মানুহ বুলি গণ্য কৰা হৈছিল? চুন্নৎ হোৱাৰ পাছত নে চুন্নৎ হোৱাৰ আগত? যেতিয়া তেওঁৰ চুন্নৎ হোৱাই নাছিল, তেতিয়াই তেওঁক ভাল মানুহ বুলি গণ্য কৰা হৈছিল। ১১ চুন্নৎ নোহোৱাকৈ তেওঁ যি বিশ্বাস দেখুৱালে, সেই বিশ্বাসৰ কাৰণেই ঈশ্বৰে তেওঁক ভাল মানুহ বুলি গণ্য কৰিলে। আৰু তেওঁ যে ভাল মানুহ হয়, তাৰ চিন* হিচাপে ঈশ্বৰে তেওঁক চুন্নৎ কৰিবলৈ কʼলে যাতে তেওঁ সেই সকলোৰে পিতৃ হয়, যিসকলৰ চুন্নৎ নোহোৱাৰ সত্ত্বেও বিশ্বাস দেখুৱাৰ কাৰণে ঈশ্বৰে তেওঁলোকক ভাল মানুহ বুলি গণ্য কৰে। ১২ লগতে অব্ৰাহাম, চুন্নৎ হোৱা লোকসকলৰো পিতৃ হয় অৰ্থাৎ সেই লোকসকলৰ, যিসকলে চুন্নৎ হোৱাৰ লগতে আমাৰ পিতৃ অব্ৰাহামৰ নিচিনা বিশ্বাস দেখুৱায় আৰু সেই বিশ্বাসৰ অনুসৰি চলে আৰু অব্ৰাহামে চুন্নৎ হোৱাৰ আগতে যিদৰে বিশ্বাস দেখুৱাইছিল, সেই একে বিশ্বাস তেওঁলোকেও দেখুৱায়।

১৩ অব্ৰাহাম আৰু তেওঁৰ বংশৰ* লগত প্ৰতিজ্ঞা কৰা হৈছিল যে তেওঁলোকে জগতৰ উত্তৰাধিকাৰী হʼব। নিয়ম পালন কৰাৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰাৰ বাবে ভাল মানুহ বুলি গণ্য কৰাৰ কাৰণেহে তেওঁলোকৰ লগত এই প্ৰতিজ্ঞা কৰা হৈছিল। ১৪ কাৰণ কেৱল নিয়ম পালন কৰা লোকসকলে উত্তৰাধিকাৰী হোৱা হʼলে বিশ্বাস কৰাৰ কোনো লাভ নহʼলহেঁতেন আৰু প্ৰতিজ্ঞা অৰ্থহীন হʼলহেঁতেন। ১৫ আচলতে নিয়মে ক্ৰোধ উৎপন্ন কৰে, কিন্তু যʼত কোনো নিয়ম নাই, তাত নিয়ম ভঙাৰ কোনো প্ৰশ্নই নাহে।

১৬ অব্ৰাহামে তেওঁৰ বিশ্বাসৰ কাৰণে সেই প্ৰতিজ্ঞা লাভ কৰিছিল আৰু ইয়াৰ যোগেদি ঈশ্বৰৰ মহা-কৃপা প্ৰকাশ পাইছে। সেইবাবে, তেওঁৰ বংশয়ো এই প্ৰতিজ্ঞা লাভ কৰিছে। এই প্ৰতিজ্ঞা নিয়ম পালন কৰা লোকসকলৰ লগতে যিসকলৰ অব্ৰাহামৰ দৰে বিশ্বাস আছে, তেওঁলোকেও লাভ কৰে। আৰু অব্ৰাহাম আমাৰ সকলোৰে পিতৃ। ১৭ (এয়া ঠিক সেইদৰে হʼল, যিদৰে শাস্ত্ৰত লিখা আছে, “মই তোমাক বহুতো জাতিৰ পিতৃ কৰিলোঁ।”) ঈশ্বৰৰ আগত এয়া হʼল, যিজনৰ ওপৰত অব্ৰাহামে বিশ্বাস কৰিছিল আৰু যিজনে মৃতবিলাকক আকৌ জীয়াই তোলে আৰু এতিয়ালৈকে যিবোৰ কথা পূৰ হোৱা নাই, সেইবোৰৰ বিষয়ে এইদৰে কয় যেন সেইবোৰ পূৰ হʼল।* ১৮ যদিও অব্ৰাহামৰ কাৰণে গোটেই আশা নাইকিয়া হৈছিল, তথাপি তেওঁ আশা ৰাখি বিশ্বাস কৰিলে যে তেওঁ বহুতো জাতিৰ পিতৃ হʼব, যিদৰে তেওঁক প্ৰতিজ্ঞা কৰা হৈছিল: “তোমাৰ বংশ এইদৰেই অসংখ্য হʼব।” ১৯ অব্ৰাহামে জানিছিল যে তেওঁৰ আৰু সন্তান নহʼব (কিয়নো তেওঁৰ বয়স প্ৰায় ১০০ বছৰ হৈছিল) আৰু তেওঁ এয়াও জানিছিল যে চাৰাৰো সন্তান জন্ম দিয়াৰ ক্ষমতা নাই, তথাপি তেওঁৰ বিশ্বাস দুৰ্বল নহʼল। ২০ কিন্তু ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত তেওঁৰ বিশ্বাস আছিল, সেইবাবে তেওঁ সন্দেহ নকৰিলে, ইয়াৰ পৰিৱৰ্তে বিশ্বাসৰ কাৰণে তেওঁ বলৱান হʼল আৰু তেওঁ ঈশ্বৰৰ মহিমা কৰিলে। ২১ তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিজন ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, সেই প্ৰতিজ্ঞা পূৰ কৰাৰ তেওঁৰ ক্ষমতাও আছে। ২২ “এই কাৰণেই তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।”

২৩ কিন্তু ‘তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল,’ এই কথা কেৱল তেওঁৰ বিষয়ে লিখা হোৱা নাই। ২৪ কিন্তু আমাৰ বিষয়েও লিখা হৈছে। আমাকো ভাল মানুহ বুলি গণ্য কৰা হʼব। কিয়নো আমি সেই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ, যিজনে আমাৰ প্ৰভু যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে। ২৫ আমাৰ পাপৰ কাৰণে যীচুক মৃত্যুৰ হাতত গতাই দিয়া হʼল আৰু আমাক ভাল মানুহ বুলি গণ্য কৰিবলৈ জীৱিত কৰা হʼল।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক