কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি
১২ ফিতাহি মাৰি একো লাভতো নহয়, তথাপিও মই এইদৰেই কৰিব লাগিব। কিন্তু এতিয়া মই প্ৰভুৱে দেখুৱা চমৎকাৰৰ দৰ্শন আৰু তেওঁৰ পৰা পোৱা বাৰ্তাৰ বিষয়ে কʼব বিচাৰোঁ। ২ মই খ্ৰীষ্টত এজন মানুহক জানোঁ, যিজনক ১৪ বছৰৰ আগতেই তৃতীয় স্বৰ্গত উঠাই নিয়া হৈছিল। তেওঁক শৰীৰৰ সৈতে উঠোৱা হৈছিল নে শৰীৰৰ অবিহনে, এয়া মই নাজানোঁ, ঈশ্বৰেহে জানে। ৩ হয়, মই সেই মানুহজনক জানোঁ। তেওঁক শৰীৰৰ সৈতে উঠোৱা হৈছিল নে শৰীৰৰ অবিহনে, এয়া মই নাজানোঁ, ঈশ্বৰেহে জানে। ৪ তেওঁক উঠাই প্ৰমোদবনলৈ লৈ যোৱা হʼল আৰু তেওঁ এনে কথা শুনিলে, যিবোৰ উচ্চাৰণ কৰিব নোৱাৰি আৰু যিবোৰ কʼবলৈ এজন মানুহৰ অনুমতি নাই। ৫ মই এনে মানুহক লৈ ফিতাহি মাৰিম, কিন্তু মই নিজক লৈ ফিতাহি নামাৰিম, কেৱল নিজৰ দুৰ্বলতাক লৈহে মাৰিম। ৬ যদি মই কেতিয়াবা ফিতাহি মাৰিবও বিচাৰোঁ, তেনেহʼলে মই মূৰ্খ নহʼম, কিয়নো মই সঁচা কথাই কʼম। কিন্তু মই ফিতাহি নামাৰোঁ যাতে মই যি কৰা তেওঁ দেখিলে আৰু কোৱা শুনিলে, সেই কথাবোৰৰ বাহিৰে আন কোনো কথাক লৈ কোনেও মোৰ প্ৰশংসা নকৰে। ৭ মোৰ ওপৰত বিশেষ ৰহস্য প্ৰকাশ কৰাৰ কাৰণেই কোনোবাই মোক ডাঙৰ বুলি নাভাবক।
মই যাতে অহংকাৰেৰে ভৰি নপৰোঁ, সেইবাবে মোৰ শৰীৰত এটা কাঁইট লগোৱা হৈছে, যি চয়তানৰ এক দূতৰ দৰে হয় যাতে সি মোক চৰিয়াই থাকে,* যাৰ কাৰণে মই নিজকে ডাঙৰ বুলি নাভাবোঁ। ৮ এই কাঁইট উলিয়াই দিবলৈ মই প্ৰভুক তিনি বাৰ মিনতি কৰিছিলোঁ। ৯ কিন্তু প্ৰভুৱে মোক কʼলে, “মোৰ মহা-কৃপা তোমাৰ কাৰণে যথেষ্ট। যেতিয়া তুমি দুৰ্বল হোৱা, তেতিয়া মোৰ শক্তি সম্পূৰ্ণৰূপে দেখা দিয়ে।” সেইবাবে, মই বৰ আনন্দেৰে নিজৰ দুৰ্বলতাক লৈ ফিতাহি মাৰিম যাতে খ্ৰীষ্টৰ শক্তি তম্বুৰ দৰে মোৰ ওপৰত থাকে। ১০ মই খ্ৰীষ্টৰ কাৰণে দুৰ্বলতা, অপমান, অভাৱ, তাড়না আৰু সমস্যাৰ সময়ত আনন্দিত হওঁ। কিয়নো যেতিয়াই মই দুৰ্বল, তেতিয়াই মই শক্তিশালী।
১১ মই মূৰ্খ হʼলোঁ। তোমালোকে মোক এইদৰে হʼবলৈ বাধ্য কৰিলা। তোমালোকে মোৰ প্ৰশংসা কৰা হʼলে মই এইদৰে নহʼলোঁহেঁতেন। কাৰণ তোমালোকৰ দৃষ্টিত যদিও মোৰ কোনো মূল্য নাই, তথাপি মই কোনো কথাতেই তোমালোকৰ সেই মহা-পাঁচনিসকলতকৈ কম নহওঁ। ১২ আচলতে তোমালোকে নিজ চকুৰে মোৰ পাঁচনি পদৰ প্ৰমাণ দেখিছিলা, যি মই বহুত ধৈৰ্য্য ধৰি, লগতে বিভিন্ন চিন আৰু চমৎকাৰ আৰু ডাঙৰ ডাঙৰ কামবোৰৰ যোগেদি দেখুৱাইছিলোঁ। ১৩ মই তোমালোকৰ ওপৰত কোনোধৰণৰ বোজা নহʼলোঁ। কেৱল এই ক্ষেত্ৰত তোমালোক আন মণ্ডলীবোৰতকৈ বেলেগ হোৱা। মই কিবা ভুল কৰিলোঁ নে? যদি কৰিলোঁ, তেনেহʼলে ক্ষমা কৰিবা।
১৪ চোৱা! এয়া তৃতীয়বাৰ যে মই তোমালোকৰ ওচৰলৈ আহিবলৈ সাজু আছোঁ। তথাপিও মই তোমালোকৰ ওপৰত বোজা হʼব নিবিচাৰোঁ, কিয়নো মই তোমালোকৰ সম্পত্তি নিবিচাৰোঁ, তোমালোকক বিচাৰোঁ। লʼৰা-ছোৱালীয়ে মা-দেউতাৰ কাৰণে টকা-পইচা গোটাই ৰখাটো তেওঁলোকৰ পৰা আশা কৰা নহয়। ইয়াৰ পৰিৱৰ্তে, লʼৰা-ছোৱালীৰ কাৰণে মা-দেউতাই টকা-পইচা গোটাই ৰখাটো তেওঁলোকৰ পৰা আশা কৰা হয়। ১৫ মই তোমালোকৰ কাৰণে হাঁহি হাঁহি খৰচ কৰিম, আনকি মই নিজেও সম্পূৰ্ণৰূপে খৰচ হৈ যাম। যদি মই তোমালোকক ইমান প্ৰেম কৰোঁ, তেনেহʼলে মই তোমালোকৰ পৰা সিমানেই প্ৰেম পোৱাৰ যোগ্য নহওঁ নে? ১৬ মই তোমালোকৰ ওপৰত কোনো বোজা নহʼলোঁ, তথাপিও তোমালোকে কোৱা যে মই টেঙৰ আছিলোঁ আৰু মই তোমালোকক ছলেৰে ফান্দত পেলালোঁ। ১৭ আৰু মই যিমান লোকক তোমালোকৰ ওচৰলৈ পঠালোঁ, তেওঁলোকৰ মাজৰ কোনো এজনৰ যোগেদিও মই তোমালোকৰ পৰা লাভ উঠোৱা নাই। উঠাইছোঁ নে? ১৮ মই তীতক অনুৰোধ কৰি তেওঁৰ লগত এজন ভাইক পঠাইছিলোঁ। তীতে তোমালোকৰ পৰা কোনো লাভ উঠোৱা নাই। উঠাইছিল নে? আমি একেধৰণৰ উৎসাহ দেখুৱা নাছিলোঁ নে? আমি একেটা পথত চলা নাছিলোঁ নে?
১৯ তোমালোকে এতিয়ালৈকে এয়া ভাবিছা নে যে আমি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ তোমালোকৰ আগত চেষ্টা কৰি আছোঁ? আমি তোমালোকৰ আগত নহয়, ঈশ্বৰৰ আগত খ্ৰীষ্টত প্ৰমাণ দি আছোঁ। কিন্তু মৰমৰ ভাইসকল, আমি এই সকলো তোমালোকক মজবুত কৰিবলৈ কৰি আছোঁ। ২০ মোৰ এয়াই ভয় যে মই যেতিয়া তোমালোকৰ ওচৰলৈ আহিম, তেতিয়া মই তোমালোকক যিদৰে বিচাৰোঁ, হয়তো সেইদৰে দেখা নাপাম। আৰু তোমালোকেও মোক যিদৰে বিচাৰা, সেইদৰে দেখা নাপাবা। তোমালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খঙত জ্বলি-পকি উঠা, কাজিয়া, আনক ঠাট্টা কৰা, পৰচৰ্চা কৰা, অহংকাৰেৰে ভৰি পৰা আৰু হুলস্থূল হৈ থকা দেখাটো মই নিবিচাৰোঁ। ২১ যেতিয়া মই তোমালোকৰ ওচৰলৈ আকৌ আহিম, তেতিয়া মোৰ ঈশ্বৰে তোমালোকৰ আগত যেন মোক লাজত নেপেলায় আৰু মই এনে বহুতো লোকৰ কাৰণে শোক কৰিবলগীয়া নহয়, যিসকলে আগতে পাপ কৰিছিল আৰু অশুচি, অনৈতিক শাৰীৰিক সম্পৰ্ক* আৰু নিৰ্লজ্জভাৱে কৰা পাপ কামত* লাগি আছিল আৰু অনুতাপ কৰা নাছিল।