ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • গালাতীয়া ৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

গালাতীয়া কিতাপৰ সাৰাংশ

      • এতিয়া দাস নোহোৱা, পুত্ৰ হোৱা (১-৭)

      • গালাতীয়াসকলৰ কাৰণে পৌলৰ চিন্তা (৮-২০)

      • হাগাৰ আৰু চাৰা; দুটা চুক্তি (২১-৩১)

        • ওপৰৰ যিৰূচালেম স্বাধীন, আমাৰ মা হয় (২৬)

গালাতীয়া ৪:৬

ফুটনোট

  • *

    এয়া হিব্ৰু বা অৰামী ভাষাৰ শব্দ হয়, যাৰ অৰ্থ হৈছে “হে পিতৃ!”

গালাতীয়া ৪:১৪

ফুটনোট

  • *

    বা “মোৰ ওপৰত থু নেপেলালা।”

গালাতীয়া ৪:২৪

ফুটনোট

  • *

    বা “এয়া এক লাক্ষণিক নাটক হয়।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
গালাতীয়া ৪:১-৩১

গালাতীয়াসকললৈ চিঠি

৪ কিন্তু মই তোমালোকক কৈছোঁ এজন উত্তৰাধিকাৰী সকলো বস্তুৰ মালিক হʼলেও যেতিয়ালৈকে তেওঁ সৰু হৈ থাকে, তেতিয়ালৈকে দাস আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য নাথাকে। ২ তেওঁ নিজৰ পিতৃয়ে নিৰ্ধাৰিত কৰা দিনলৈকে চোৱা-চিতা কৰোঁতা আৰু প্ৰবন্ধকবিলাকৰ অধীনত থাকে। ৩ ঠিক সেইদৰে আমিও যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া জগতৰ সাধাৰণ বিষয়বোৰৰ দাস হৈ আছিলোঁ। ৪ কিন্তু যেতিয়া নিৰ্ধাৰিত সময় পূৰ হʼল, তেতিয়া ঈশ্বৰে নিজৰ পুত্ৰক পঠিয়ালে, যিজন এগৰাকী তিৰোতাৰ পৰা জন্ম হৈছিল আৰু যিজন নিয়মৰ অধীনত আছিল। ৫ ঈশ্বৰে এইদৰে কৰাৰ কাৰণ হৈছে যে যিসকলে নিয়মৰ অধীনত আছে, তেওঁলোকক কিনি মুকলি কৰিব পাৰে আৰু আমাক পুত্ৰ হিচাপে তুলি লʼব পাৰে।

৬ যিহেতু তোমালোক ঈশ্বৰৰ পুত্ৰ, সেইবাবে ঈশ্বৰে আমাৰ হৃদয়ত পবিত্ৰ শক্তি দিছে, সেই একেই পবিত্ৰ শক্তি তেওঁৰ পুত্ৰৰ হৃদয়তো দিয়া হৈছে আৰু এই পবিত্ৰ শক্তিৰ দ্বাৰা পৰিচালিত হৈ আমি “আব্বা,* পিতৃ!” বুলি মাতোঁ। ৭ গতিকে এতিয়া তোমালোক দাস নোহোৱা। কিন্তু পুত্ৰ হোৱা আৰু যদি পুত্ৰ হোৱা, তেনেহʼলে ঈশ্বৰে তোমালোকক উত্তৰাধিকাৰো দিছে।

৮ যেতিয়া তোমালোকে ঈশ্বৰক জনা নাছিলা, তেতিয়া তোমালোকে যিবোৰ ঈশ্বৰ নাছিল, সেইবোৰৰ দাস আছিলা। ৯ কিন্তু এতিয়া যিহেতু তোমালোকে ঈশ্বৰক জানা বা কʼবলৈ গʼলে ঈশ্বৰে তোমালোকক জানে, তেনেহʼলে তোমালোকে আকৌ কিয় জগতৰ সেই সাধাৰণ বিষয়বোৰৰ ফালে উভতি যাব বিচাৰিছা, যি ব্যৰ্থ হয় আৰু কিয় আকৌ সেইবোৰৰ দাস হʼব বিচাৰিছা? ১০ তোমালোকে বহুত যত্নেৰে বিশেষ দিন, মাহ, সময় আৰু বছৰ পালন কৰা। ১১ মোৰ ভয় আছে যে মই তোমালোকৰ কাৰণে যি কঠিন পৰিশ্ৰম কৰিলোঁ, সেয়া ব্যৰ্থতো হোৱা নাই।

১২ ভাইসকল, তোমালোকে আজি যেনেকুৱা আছা, ময়ো আগতে তেনেকুৱাই আছিলোঁ। কিন্তু এতিয়া মই তেনেকুৱা নহওঁ আৰু মই তোমালোকক মিনতি কৰোঁ যে তোমালোকেও মোৰ দৰে হোৱা। তোমালোকে মোৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাছিলা। ১৩ কিন্তু তোমালোকে জানা যে নিজৰ বেমাৰৰ কাৰণে মই প্ৰথমবাৰ তোমালোকক শুভবাৰ্তা শুনাবলৈ সুযোগ পাইছিলোঁ। ১৪ আৰু যদিও মোৰ বেমাৰ তোমালোকৰ কাৰণে এটা পৰীক্ষা আছিল, তথাপি তোমালোকে মোক তুচ্ছ বুলি নাভাবিলা আৰু মোক ঘিণো নকৰিলা।* কিন্তু তোমালোকে মোক ঈশ্বৰৰ এজন স্বৰ্গদূতৰ দৰে, আনকি খ্ৰীষ্ট যীচুৰ দৰে গ্ৰহণ কৰিলা। ১৫ এতিয়া তোমালোকৰ আনন্দ কʼত গʼল? মই এই কথাৰ সাক্ষী হওঁ যে সম্ভৱ হোৱা হʼলে তোমালোকে নিজৰ চকু উলিয়াই মোক দিলাহেঁতেন। ১৬ মই সঁচা কথা কোৱাৰ কাৰণে এতিয়া মই তোমালোকৰ শত্ৰু হʼলোঁ নে? ১৭ তেওঁলোকে তোমালোকৰ মন জয় কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে, কিন্তু তেওঁলোকৰ উদ্দেশ্য ভাল নহয়। তেওঁলোকে মোৰ পৰা তোমালোকক দূৰ কৰিব বিচাৰে যাতে তোমালোকে উৎসাহেৰে যেন তেওঁলোকৰ পিছে পিছে যোৱা। ১৮ যদি কোনোবাই ভাল উদ্দেশ্যেৰে তোমালোকৰ মন জয় কৰিবলৈ চেষ্টা কৰে, তেনেহʼলে এয়া ভাল কথা। যেতিয়া মই তোমালোকৰ মাজত থাকোঁ, কেৱল সেই সময়তে তেওঁলোকে এইদৰে নকৰক, ইয়াৰ পৰিৱৰ্তে সকলো সময়তে কৰক। ১৯ মোৰ মৰমৰ সন্তানসকল, মই তোমালোকৰ কাৰণে তেতিয়ালৈকে প্ৰসৱ বেদনা সহন কৰি থাকিম, যেতিয়ালৈকে তোমালোকৰ স্বভাৱ খ্ৰীষ্টৰ নিচিনা হৈ নাযায়। ২০ মই এতিয়া তোমালোকৰ লগত থকা হʼলে আৰু মৰমেৰে তোমালোকৰ লগত কথা পাতিব পৰা হʼলে ভাল হʼলহেঁতেন। কাৰণ তোমালোকৰ কাৰণে মই কি কৰিম, সেয়া বুজি পোৱা নাই।

২১ তোমালোক, যিসকলে নিয়মৰ অধীনত থাকিব বিচাৰা, মোক কোৱাচোন, নিয়মে কি কৈছে, সেয়া তোমালোকে শুনা নাই নে? ২২ উদাহৰণস্বৰূপে লিখা আছে, অব্ৰাহামৰ দুজন লʼৰা আছিল, এজন দাসীৰ লʼৰা আছিল আৰু আনজন স্বাধীন তিৰোতাৰ লʼৰা। ২৩ কিন্তু দাসীৰ লʼৰাজনৰ জন্ম স্বাভাৱিকভাৱে হৈছিল আৰু স্বাধীন তিৰোতাৰ লʼৰাৰ জন্ম ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি হৈছিল। ২৪ এই কথাবোৰৰ আঁৰত এটা অৰ্থ লুকাই আছে।* এই দুগৰাকী তিৰোতাৰ অৰ্থ দুটা চুক্তি হয়। এটা চুক্তি চীনয় পাহাৰত কৰা হৈছিল, যিসকলে এই চুক্তিৰ অধীনত থাকে, তেওঁলোক দাস হয় আৰু এই চুক্তিক হাগাৰৰ লগত তুলনা কৰা হয়। ২৫ হাগাৰে আৰব দেশত থকা চীনয় পাহাৰক চিত্ৰিত কৰে আৰু ইয়াৰ পৰিস্থিতি বৰ্তমান সময়ৰ যিৰূচালেমৰ দৰে হয়, কিয়নো যিৰূচালেম নিজৰ সন্তানৰ সৈতে দাস হৈ আছে। ২৬ কিন্তু ওপৰৰ যিৰূচালেম স্বাধীন হয় আৰু তেওঁ আমাৰ মা হয়।

২৭ কিয়নো লিখা আছে, “লʼৰা-ছোৱালী নোহোৱা হে বাঁজী তিৰোতা, আনন্দ কৰা। প্ৰসৱ বেদনা নোহোৱা হে তিৰোতা, বৰ মাতেৰে আনন্দ কৰা। কিয়নো স্বামী থকা তিৰোতাৰ লʼৰা-ছোৱালীতকৈ স্বামীয়ে এৰি দিয়া তিৰোতাৰ লʼৰা-ছোৱালীৰ সংখ্যা বেছি।” ২৮ ভাইসকল, তোমালোকেও ইচহাকৰ দৰে সেই সন্তান হোৱা, যিসকলৰ জন্ম প্ৰতিজ্ঞাৰ অনুসৰি হৈছে। ২৯ কিন্তু যিদৰে স্বাভাৱিকভাৱে জন্ম হোৱাজনে, পবিত্ৰ শক্তিৰ যোগেদি জন্ম হোৱাজনক অত্যাচাৰ কৰিবলৈ ধৰিলে, ঠিক সেইদৰে আজিও হৈছে। ৩০ কিন্তু শাস্ত্ৰই কি কয়? “এই দাসী আৰু ইয়াৰ লʼৰাজনক ঘৰৰ পৰা উলিয়াই দিয়া, কিয়নো দাসীৰ লʼৰাই স্বাধীন তিৰোতাৰ লʼৰাৰ লগত কেতিয়াও উত্তৰাধিকাৰী নাপাব।” ৩১ সেইবাবে ভাইসকল, আমি দাসীৰ নহয়, কিন্তু স্বাধীন তিৰোতাৰ সন্তান হওঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক