ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ৰোমীয়া ৭
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ৰোমীয়া কিতাপৰ সাৰাংশ

      • নিয়মৰ পৰা মুক্ত হোৱাৰ বিষয়ে উদাহৰণ (১-৬)

      • নিয়মৰ পৰা পাপ প্ৰকাশ হʼল (৭-১২)

      • পাপৰ বিৰুদ্ধে যুঁজ (১৩-২৫)

ৰোমীয়া ৭:৩

ফুটনোট

  • *

    ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

ৰোমীয়া ৭:৫

ফুটনোট

  • *

    আক্ষ., “অংগবোৰ।”

ৰোমীয়া ৭:৭

ফুটনোট

  • *

    আক্ষ., “নিয়ম পাপ হয় নে?”

ৰোমীয়া ৭:১৪

ফুটনোট

  • *

    আক্ষ., “শাৰীৰিক।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ৰোমীয়া ৭:১-২৫

ৰোমীয়াসকললৈ

৭ ভাইসকল, (যিসকলে নিয়ম জানে মই তেওঁলোকক কৈ আছোঁ) তোমালোকে নাজানা নে যে এজন ব্যক্তি তেতিয়ালৈকে নিয়মৰ অধীনত থাকে, যেতিয়ালৈকে তেওঁ জীয়াই থাকে? ২ উদাহৰণস্বৰূপে, এগৰাকী বিবাহিতা তিৰোতাই তেওঁৰ স্বামী জীয়াই থকালৈকে তেওঁৰ লগত আইনেৰে বন্ধা থাকে, কিন্তু স্বামীৰ মৃত্যু হʼলে তেওঁ সেই আইনৰ পৰা মুক্ত হয়। ৩ যদি তেওঁ নিজৰ স্বামী জীয়াই থাকোঁতেই আন এজন পুৰুষৰ লগত বিয়া হয়, তেনেহʼলে তেওঁ ব্যভিচাৰ* কৰিছে বুলি কোৱা হʼব। কিন্তু যদি তেওঁৰ স্বামীৰ মৃত্যু হয়, তেনেহʼলে তেওঁ সেই আইনৰ পৰা মুক্ত হৈ যায়। ইয়াৰ পাছত তেওঁ আন এজন পুৰুষৰ লগত বিয়া হʼলেও তেওঁ ব্যভিচাৰ কৰিছে বুলি কোৱা নহʼব।

৪ ঠিক সেইদৰে মোৰ ভাইসকল, তোমালোকে খ্ৰীষ্টৰ শৰীৰৰ যোগেদি নিয়মৰ কাৰণে মৃত্যু হৈছা যাতে তোমালোকে খ্ৰীষ্টৰ হৈ যোৱা, যিজনক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হৈছে। এইদৰে হোৱাৰ কাৰণ হৈছে যাতে আমি ঈশ্বৰৰ কাৰণে ফল উৎপন্ন কৰিব পাৰোঁ। ৫ কিয়নো আমি যেতিয়া শৰীৰৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিছিলোঁ, তেতিয়া নিয়মে আমাক নিজৰ পাপেৰে ভৰা কামভাৱৰ অনুভৱ কৰোৱালে, যিয়ে আমাৰ শৰীৰত* কাম কৰি আছিল যে আমি এনে ফল উৎপন্ন কৰোঁ, যাৰ পৰিণাম মৃত্যু হয়। ৬ কিন্তু এতিয়া আমি এই নিয়মৰ পৰা মুক্ত হʼলোঁ, কিয়নো আমি যাৰ বান্ধোনত আছিলোঁ, তাৰ কাৰণে মৃত্যু হʼলোঁ যাতে আমি লিখিত নিয়মৰ যোগেদি পুৰণি উপায়েৰে নহয়, কিন্তু পবিত্ৰ শক্তিৰ যোগেদি এক নতুন উপায়েৰে দাস হওঁ।

৭ তেনেহʼলে আমি কি কʼম? নিয়মত খুঁত আছে নে?* কেতিয়াও নহয়! আচলতে নিয়ম নথকা হʼলে, মই পাপৰ বিষয়ে কেতিয়াও জানিব নোৱাৰিলোঁহেঁতেন। উদাহৰণস্বৰূপে, “লোভ নকৰিবা” বুলি নিয়মত নোকোৱা হʼলে লোভ কি হয়, এয়া মই নাজানিলোঁহেঁতেন। ৮ কিন্তু পাপে নিয়মৰ সুযোগ লৈ মোৰ ভিতৰত সকলো ধৰণৰ লোভ জন্মালে, কিয়নো নিয়মৰ অবিহনে পাপ মৰা আছিল। ৯ আচলতে এনে এটা সময় আছিল, যেতিয়া মই নিয়মৰ অবিহনে জীয়াই আছিলোঁ, কিন্তু যেতিয়া নিয়ম আহিল, তেতিয়া পাপ আকৌ জীৱিত হʼল আৰু মই মৰি গʼলোঁ। ১০ আৰু যি আজ্ঞা জীৱনৰ কাৰণে আছিল, মই দেখিলোঁ যে সেয়া মোৰ বাবে মৃত্যুৰ কাৰণ হʼল। ১১ কিয়নো পাপে নিয়মৰ সুযোগ লৈ মোক ভুলালে আৰু ইয়াৰ যোগেদি মোক হত্যা কৰিলে। ১২ নিয়ম পবিত্ৰ হয় আৰু আজ্ঞা পবিত্ৰ, সঠিক আৰু ভাল হয়।

১৩ তেনেহʼলে যি ভাল হয়, সেয়া মোৰ মৃত্যুৰ কাৰণ হʼল নে? কেতিয়াও নহয়! ইয়াৰ পৰিৱৰ্তে, পাপ মোৰ মৃত্যুৰ কাৰণ হʼল যাতে যি ভাল, তাৰ পৰা প্ৰকাশ হওক যে পাপে মোৰ ভিতৰত কাম কৰি মোক মৃত্যুৰ ফালে লৈ গৈ আছে আৰু পাপ বহুত বেয়া হয় বুলি নিয়মে প্ৰকাশ কৰে। ১৪ আমি জানোঁ যে নিয়ম ঈশ্বৰৰ ফালৰ পৰা হয়, কিন্তু মই পাপী* হওঁ আৰু পাপৰ দাস হিচাপে বিক্ৰী হৈছোঁ। ১৫ মই যি কৰোঁ, মই বুজি নাপাওঁ যে মই এইদৰে কিয় কৰোঁ। কিয়নো মই যি কৰিব বিচাৰোঁ, সেয়া নকৰোঁ, কিন্তু মই যি ঘিণ কৰোঁ, সেয়াই কৰোঁ। ১৬ কিন্তু মই যদি সেয়াই কৰোঁ, যি মই কৰিব নিবিচাৰোঁ, তেনেহʼলে নিয়ম যে উত্তম, সেয়া মই স্বীকাৰ কৰোঁ। ১৭ সেইবাবে, মই যি কৰোঁ, সেয়া মই নহওঁ, ইয়াৰ পৰিৱৰ্তে মোৰ ভিতৰত থকা পাপে কৰে। ১৮ মই জানোঁ যে মোৰ মাজত অৰ্থাৎ মোৰ শৰীৰত অলপো ভাল নাই, কিয়নো ভাল কাম কৰাৰ ইচ্ছাতো মোৰ ভিতৰত আছে, কিন্তু ভাল কাম মোৰ দ্বাৰা নহয়। ১৯ কিয়নো যি ভাল কাম মই কৰিব বিচাৰোঁ, সেয়া মই নকৰোঁ, কিন্তু যি বেয়া কাম মই কৰিব নিবিচাৰোঁ, সেয়াই কৰি থাকোঁ। ২০ গতিকে, মই যদি সেয়াই কৰোঁ, যি কৰিব নিবিচাৰোঁ, তেনেহʼলে এইবোৰ কৰাজন মই নহওঁ, ইয়াৰ পৰিৱৰ্তে মোৰ ভিতৰত থকা পাপেহে সেই কাম কৰে।

২১ তেনেহʼলে মই নিজৰ ক্ষেত্ৰত এই নিয়ম পাওঁ: যেতিয়া মই ভাল কাম কৰিব বিচাৰোঁ, তেতিয়া মই বেয়া কাম কৰাৰ ফালে ঢাল খাওঁ। ২২ মই সঁচাকৈ হৃদয়ৰ পৰা ঈশ্বৰৰ নিয়মত আনন্দ পাওঁ, ২৩ কিন্তু মোৰ শৰীৰত আৰু এটা নিয়মে কাম কৰি থকা পাওঁ, যিয়ে মোৰ মনৰ নিয়মৰ বিৰুদ্ধে যুঁজে আৰু মোক পাপৰ সেই নিয়মৰ দাস কৰি লয়, যি মোৰ শৰীৰত আছে। ২৪ মই কিমান যে নিঃসহায় মানুহ হওঁ! মৃত্যুৰ ফালে লৈ যোৱা এই শৰীৰৰ পৰা মোক কোনে বচাব? ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰলৈ ধন্যবাদ হওক। মই নিজৰ মনততো ঈশ্বৰৰ নিয়মৰ দাস হওঁ, কিন্তু মোৰ শৰীৰ পাপৰ নিয়মৰ দাস হয়।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক