কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি
১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্ট যীচুৰ এজন পাঁচনি* হওঁ, আমাৰ ভাই তীমথিয়ৰ লগত কৰিন্থৰ ভাই অৰ্থাৎ তোমালোকক লিখি আছোঁ, যি ঈশ্বৰৰ মণ্ডলীৰ হোৱা। এই চিঠি সেই সকলো পবিত্ৰ লোকৰ কাৰণেও হয়, যিসকল গোটেই আখায়াত আছে।
২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।
৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ আৰু পিতৃৰ প্ৰশংসা হওক। তেওঁ দয়ালু পিতৃ হয় আৰু সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়। ৪ তেওঁ আমাৰ সকলো পৰীক্ষাত আমাক শান্ত্বনা* দিয়ে যাতে আমি কোনো পৰীক্ষাৰ সন্মুখীন হোৱা লোকসকলক সেই শান্ত্বনাই দিব পাৰোঁ, যি আমি ঈশ্বৰৰ পৰা পাওঁ। ৫ কাৰণ যিদৰে খ্ৰীষ্টৰ কাৰণে আমি বহুতো কষ্ট ভোগ কৰোঁ, ঠিক সেইদৰে খ্ৰীষ্টৰ যোগেদি আমি বহুত শান্ত্বনাও পাওঁ। ৬ যদিও আমি পৰীক্ষাৰ সন্মুখীন হওঁ, তথাপি এয়া তোমালোকৰ শান্ত্বনা আৰু উদ্ধাৰৰ কাৰণে হয়। আৰু যেতিয়া আমি শান্ত্বনা পাওঁ, তেতিয়া ইয়াৰ পৰা তোমালোকেও শান্ত্বনা পোৱা। এই শান্ত্বনাই তোমালোকক সেই সকলো কষ্ট সহন কৰিবলৈ সহায় কৰিব, যি আমিও সহন কৰি আছোঁ। ৭ তোমালোকৰ বিষয়ে আমাৰ আশা দৃঢ়, কিয়নো আমি জানোঁ যে যিদৰে তোমালোকে আমাৰ দৰে দুখ ভোগা, সেইদৰেই তোমালোকে আমাৰ দৰে শান্ত্বনাও পাবা।
৮ ভাইসকল, আমি এচিয়া প্ৰদেশত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হʼলোঁ, সেই বিষয়ে তোমালোকে জনাটো আমি বিচাৰোঁ। আমি ইমানেই সমস্যাবোৰৰ সন্মুখীন হʼলোঁ যে সেইবোৰ সহন কৰাটো আমাৰ কাৰণে সহজ নাছিল। আমিতো নাবাচিম বুলিয়েই ভাবিছিলোঁ। ৯ আনকি, আমাৰ এনে লাগিছিল যেন আমাক মৃত্যুৰ শাস্তি শুনোৱা হৈছে। এইদৰে হোৱাৰ কাৰণ হৈছে যাতে আমি নিজৰ ওপৰত নহয়, কিন্তু সেইজন ঈশ্বৰৰ ওপৰত যেন ভৰসা ৰাখোঁ, যিজনে মৃত লোকসকলক জীয়াই তোলে। ১০ তেওঁ আমাক ভয়ানক মৃত্যুৰ পৰা বচালে আৰু বচাব। আমাৰ আশা আছে যে তেওঁ আমাক আগলৈও বচাই থাকিব। ১১ তোমালোকেও আমাৰ কাৰণে মিনতি কৰি আমাক সহায় কৰিব পাৰা যাতে বহুতো লোকৰ প্ৰাৰ্থনাৰ কাৰণে আমাৰ ওপৰত কৃপা কৰা হয় আৰু বহুতো লোকে আমাৰ ফালৰ পৰা ঈশ্বৰলৈ ধন্যবাদ দিব পাৰে।
১২ আমি এই কথাৰ ওপৰত গৰ্ব কৰোঁ আৰু আমাৰ বিবেকেও সাক্ষ্য দিয়ে যে আমি জগতত আৰু বিশেষকৈ তোমালোকৰ মাজত এনে পবিত্ৰতা আৰু অকপটতাৰে ব্যৱহাৰ কৰিছোঁ, যি ঈশ্বৰে শিকায় আৰু আমি জগতৰ বুদ্ধিৰ ওপৰত নহয়, কিন্তু ঈশ্বৰৰ মহা-কৃপাৰ ওপৰত নিৰ্ভৰ কৰোঁ। ১৩ আচলতে, তোমালোকে যিবোৰ কথা পঢ়িব পাৰা* আৰু বুজিব পাৰা, সেইবোৰৰ বাহিৰে আন কোনো কথা আমি তোমালোকলৈ লিখা নাই আৰু মই আশা কৰিছোঁ যে তোমালোকে এই কথাবোৰ সম্পূৰ্ণৰূপে* বুজিব পাৰিবা। ১৪ যিদৰে কিছু পৰিমাণে তোমালোকে বুজিও পোৱা যে আমি তোমালোকৰ বাবে গৰ্ব কৰাৰ কাৰণ হওঁ আৰু তোমালোকেও আমাৰ প্ৰভু যীচুৰ দিনত আমাৰ বাবে গৰ্ব কৰাৰ কাৰণ হʼবা।
১৫ এই আশাৰ কাৰণে মোৰ ইচ্ছা আছিল যে মই তোমালোকৰ ওচৰত দ্বিতীয়বাৰ আহিম যাতে তোমালোকে আনন্দিত হোৱাৰ আৰু এটা সুযোগ পোৱা।* ১৬ কিয়নো মই ভাবিছিলোঁ যে মাকিদনিয়ালৈ যোৱাৰ সময়ত আৰু তাৰ পৰা উভতি অহাৰ সময়ত ৰাস্তাত তোমালোকক লগ কৰিম আৰু তাৰ পাছত তোমালোকে কিছু দূৰলৈকে আহি মোক যিহূদিয়ালৈ বিদায় দিবা। ১৭ যেতিয়া মই এয়া ভাবিছিলোঁ, তেতিয়া ইয়াক সহজভাৱে লৈছিলোঁ নে? নাইবা যেতিয়া মই কিবা কৰিবলৈ থিৰাং কৰোঁ, তেতিয়া মোৰ যি মন যায়, তাকে কৰিবলৈ প্ৰথমে “হয়” তাৰ পাছত “নহয়” বুলি কওঁ নে? ১৮ কিন্তু যিদৰে ঈশ্বৰৰ ওপৰত ভৰসা কৰিব পাৰি, ঠিক সেইদৰে তোমালোকে আমাৰ ওপৰতো ভৰসা কৰিব পাৰা যে যেতিয়া আমি তোমালোকক “হয়” বুলি কওঁ, তেতিয়া তাৰ অৰ্থ “নহয়” বুলি নহয়। ১৯ কাৰণ ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট, যিজনৰ বিষয়ে মই, চীল আৰু তীমথিয়ে তোমালোকক প্ৰচাৰ কৰিছিলোঁ, তেওঁ প্ৰথমে “হয়” বুলি কৈ পাছত “নহয়” বুলি নকʼলে, ইয়াৰ পৰিৱৰ্তে তেওঁ যেতিয়া “হয়” বুলি কয়, তেতিয়া তাৰ অৰ্থ সদায় “হয়” বুলি হʼব। ২০ কাৰণ ঈশ্বৰৰ যিমানেই প্ৰতিজ্ঞা আছে, সেই সকলো তেওঁৰ যোগেদিয়েই “হয়” হৈছে, সেইবাবে তেওঁৰ যোগেদি আমি ঈশ্বৰক “আমেন” বুলি কওঁ। আৰু ইয়াৰ পৰা ঈশ্বৰৰ মহিমা হয়। ২১ কিন্তু যিজনে এই কথা নিশ্চিত কৰে যে তোমালোক আৰু আমি খ্ৰীষ্টৰ হওঁ আৰু যিজনে আমাক অভিষিক্ত কৰিলে, তেওঁ ঈশ্বৰ হয়। ২২ তেওঁ আমাৰ ওপৰত নিজৰ মোহৰো মাৰিলে আৰু যিজন আহিবলগীয়া আছে, তেওঁৰ বইনা হিচাপে* পবিত্ৰ শক্তি আমাৰ হৃদয়ত দিলে।
২৩ মই তোমালোকক আৰু দুখ দিব নিবিচাৰোঁ। সেইবাবে, এতিয়ালৈকে মই কৰিন্থলৈ অহা নাই আৰু এই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী। ২৪ আমি যে তোমালোকৰ বিশ্বাসৰ মালিক হওঁ, এনে নহয়। ইয়াৰ পৰিৱৰ্তে, আমি তোমালোকৰ আনন্দৰ কাৰণে তোমালোকৰ সহকৰ্মী হওঁ, কিয়নো তোমালোকে নিজৰ বিশ্বাসৰ কাৰণে থিয় হৈ আছা।