ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • প্ৰকাশিত বাক্য ২০
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

প্ৰকাশিত বাক্য কিতাপৰ সাৰাংশ

      • চয়তান ১,০০০ বছৰৰ কাৰণে বন্দী (১-৩)

      • খ্ৰীষ্টৰ লগত ১,০০০ বছৰলৈকে শাসন কৰাসকল (৪-৬)

      • চয়তানক মুকলি কৰা হʼব আৰু তাৰ ধ্বংস (৭-১০)

      • বগা সিংহাসনৰ আগত মৃতবিলাকৰ ন্যায় (১১-১৫)

প্ৰকাশিত বাক্য ২০:৪

ফুটনোট

  • *

    আক্ষ., “কুঠাৰেৰে হত্যা কৰা হৈছিল।”

প্ৰকাশিত বাক্য ২০:১০

ফুটনোট

  • *

    বা “বান্ধি ৰখা হʼব; বন্দী কৰি ৰখা হʼব।” প্ৰকা ১৪:১১ ফুট. চাওক।

প্ৰকাশিত বাক্য ২০:১২

ফুটনোট

  • *

    বা “নুৰা।”

প্ৰকাশিত বাক্য ২০:১৩

ফুটনোট

  • *

    বা “হেডীজেও।” শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰকাশিত বাক্য ২০:১-১৫

যোহনলৈ দিয়া প্ৰকাশিত বাক্য

২০ আৰু মই এজন স্বৰ্গদূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, যাৰ ওচৰত অগাধ ঠাইৰ চাবি আৰু হাতত এডাল ডাঙৰ শিকলি আছিল। ২ তেওঁ সেই অজগৰক অৰ্থাৎ সেই পুৰণি সাপক ধৰি লʼলে, যাক দিয়াবল আৰু চয়তান বুলি কোৱা হয় আৰু তাক ১,০০০ বছৰৰ কাৰণে বান্ধি দিলে। ৩ আৰু তাক অগাধ ঠাইত পেলাই দিলে আৰু অগাধ ঠাই বন্ধ কৰি তাৰ ওপৰত মোহৰ মাৰি দিলে যাতে সি ১,০০০ বছৰ শেষ নোহোৱালৈকে ৰাষ্ট্ৰবোৰক আকৌ ভুল পথলৈ নিনিয়ে। ইয়াৰ পাছত অলপ সময়ৰ কাৰণে তাক মুকলি কৰিব লাগিব।

৪ আৰু মই বহুতো সিংহাসন দেখিলোঁ আৰু যিসকলে তাত বহি আছিল, তেওঁলোকক ন্যায় কৰাৰ অধিকাৰ দিয়া হʼল। হয়, মই সেই লোকসকলক দেখিলোঁ, যিসকলক যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাৰণে আৰু ঈশ্বৰৰ বিষয়ে কোৱাৰ কাৰণে হত্যা কৰা হৈছিল* আৰু যিসকলে সেই বনৰীয়া জন্তুৰ নাইবা তাৰ মূৰ্তিৰ পূজা কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ চিন লগোৱা নাছিল। তেওঁলোক জীয়াই উঠিল আৰু তেওঁলোক ৰজা হৈ খ্ৰীষ্টৰ লগত ১,০০০ বছৰলৈকে শাসন কৰিলে। ৫ (সেই ১,০০০ বছৰ শেষ নোহোৱালৈকে বাকী মৃত লোকসকল জীৱিত নহʼল।) এওঁলোক সেই লোকসকল হয়, যিসকলক সকলোতকৈ প্ৰথমে জীয়াই তোলা হয়। ৬ সুখী আৰু পবিত্ৰ সেই লোক, যিসকলক মৃতবিলাকৰ মাজৰ পৰা সকলোতকৈ প্ৰথমে জীয়াই তোলা হয়। এওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো অধিকাৰ নাই। কিন্তু এওঁলোকে ঈশ্বৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হʼব আৰু ৰজা হৈ তেওঁৰ লগত ১,০০০ বছৰলৈকে শাসন কৰিব।

৭ এহেজাৰ বছৰ শেষ হোৱাৰ লগে লগে চয়তানক বন্দীৰ পৰা মুকলি কৰা হʼব। ৮ আৰু সি পৃথিৱীৰ চাৰিও দিশত থকা ৰাষ্ট্ৰবোৰক অৰ্থাৎ গোগ আৰু মাগোকক ভুল পথলৈ নিবলৈ ওলাব আৰু সিহঁতক যুদ্ধৰ কাৰণে একগোট কৰিব। সিহঁতৰ সংখ্যা সমুদ্ৰৰ পাৰত থকা বালিৰ সমান হʼব। ৯ সিহঁত গোটেই পৃথিৱীত সিঁচৰিত হʼল আৰু সিহঁতে পবিত্ৰ লোকসকলৰ তম্বু আৰু সেই প্ৰিয় নগৰক আগুৰি ধৰিলে। কিন্তু স্বৰ্গৰ পৰা জুই বৰষিল আৰু সিহঁত ভষ্ম হৈ গʼল। ১০ আৰু সিহঁতক ভুল পথলৈ নিয়া চয়তানক জুই আৰু গন্ধকৰ হ্ৰদত পেলাই দিয়া হʼল, যʼত বনৰীয়া জন্তু আৰু মিছা ভৱিষ্যবক্তাক আগতেই পেলাই দিয়া হৈছিল। আৰু সিহঁতক দিনে-ৰাতিয়ে সদায় কালৰ কাৰণে শাস্তি দিয়া হʼব।*

১১ আৰু মই দেখিলোঁ যে এখন ডাঙৰ বগা সিংহাসন আছে আৰু তাৰ ওপৰত ঈশ্বৰ বহি আছে। তেওঁৰ ওচৰৰ পৰা পৃথিৱী আৰু আকাশ পলাই গʼল আৰু সিহঁতে কোনো ঠাই নাপালে। ১২ আৰু মই মৃতবিলাকক অৰ্থাৎ সৰু-ডাঙৰ সকলোকে সিংহাসনৰ আগত থিয় হোৱা দেখিলোঁ আৰু কেইখনমান কিতাপ* খোলা হʼল। তাৰ পাছত আৰু এখন কিতাপ খোলা হʼল, সেয়া হৈছে জীৱনৰ কিতাপ। সেই কিতাপবোৰত লিখা কথাবোৰৰ অনুসৰি মৃতবিলাকক তেওঁলোকৰ কামৰ অনুসৰি ন্যায় কৰা হʼল। ১৩ আৰু সমুদ্ৰই নিজৰ লগত থকা মৃতবিলাকক দি দিলে আৰু মৃত্যু আৰু কবৰেও* নিজৰ লগত থকা মৃতবিলাকক দিলে আৰু তেওঁলোকৰ কামৰ অনুসৰি তেওঁলোক প্ৰতিজনকে ন্যায় কৰা হʼল। ১৪ আৰু মৃত্যু আৰু কবৰক জুইৰ হ্ৰদত পেলাই দিয়া হʼল। এই জুইৰ হ্ৰদৰ অৰ্থ হৈছে দ্বিতীয় মৃত্যু। ১৫ আৰু যিজনৰ নাম জীৱনৰ কিতাপত লিখা নাছিল, তেওঁক জুইৰ হ্ৰদত পেলাই দিয়া হʼল।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক