ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • পাঁচনিৰ কৰ্ম্ম ৮
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

পাঁচনিৰ কৰ্ম্মৰ সাৰাংশ

      • অত্যাচাৰ কৰা চৌল (১-৩)

      • ফিলিপে চমৰীয়াত ভাল পৰিণাম পালে (৪-১৩)

      • পিতৰ আৰু যোহনক চমৰীয়ালৈ পঠোৱা হʼল (১৪-১৭)

      • চিমোনে পবিত্ৰ শক্তিক কিনিবলৈ চেষ্টা কৰিলে (১৮-২৫)

      • ইথিউপিয়াৰ নপুংসক (২৬-৪০)

পাঁচনিৰ কৰ্ম্ম ৮:১

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

পাঁচনিৰ কৰ্ম্ম ৮:৫

ফুটনোট

  • *

    বা হয়তো, “এখন চহৰ।”

পাঁচনিৰ কৰ্ম্ম ৮:৭

ফুটনোট

  • *

    অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।

পাঁচনিৰ কৰ্ম্ম ৮:২২

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ৮:২৩

ফুটনোট

  • *

    আক্ষ., “তুমি তিতা পিত্তৰ দৰে হোৱা।”

পাঁচনিৰ কৰ্ম্ম ৮:২৪

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ৮:২৫

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ৮:২৬

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ৮:২৭

ফুটনোট

  • *

    বা “ৰাজকৰ্মচাৰীক।”

পাঁচনিৰ কৰ্ম্ম ৮:৩৬

ফুটনোট

  • *

    বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

পাঁচনিৰ কৰ্ম্ম ৮:৩৭

ফুটনোট

  • *

    অতি. ক৩ চাওক।

পাঁচনিৰ কৰ্ম্ম ৮:৩৯

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
  • ৩২
  • ৩৩
  • ৩৪
  • ৩৫
  • ৩৬
  • ৩৭
  • ৩৮
  • ৩৯
  • ৪০
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পাঁচনিৰ কৰ্ম্ম ৮:১-৪০

পাঁচনিৰ কৰ্ম্ম

৮ স্তিফানক হত্যা কৰাত চৌলেও সহযোগ দিছিল।

সেই দিনাৰে পৰা যিৰূচালেমৰ মণ্ডলীৰ ওপৰত বহুত অত্যাচাৰ হʼবলৈ ধৰিলে। পাঁচনিসকলৰ* বাহিৰে বাকী সকলো শিষ্যই যিহূদিয়া আৰু চমৰীয়াৰ এলেকাত সিঁচৰিত হৈ গʼল। ২ কিন্তু ঈশ্বৰলৈ ভয় ৰখা কিছুমান লোকে স্তিফানক কবৰ দিবলৈ লৈ গʼল আৰু তেওঁলোকে স্তিফানৰ কাৰণে বহুত শোক কৰিলে। ৩ চৌলে মণ্ডলীক নিষ্ঠুৰভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে। তেওঁ ঘৰে ঘৰে সোমাই পুৰুষ-স্ত্ৰী সকলোকে চোঁচৰাই আনি তেওঁলোকক জেলত বন্দী কৰি দিছিল।

৪ কিন্তু যিসকল শিষ্যই সিঁচৰিত হৈ গৈছিল, তেওঁলোকে যʼতেই গৈছিল, তাত বাক্যৰ শুভবাৰ্তা শুনাইছিল। ৫ ফিলিপ নামৰ শিষ্যই চমৰীয়া চহৰলৈ* গʼল আৰু তাত খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ধৰিলে। ৬ লোকসকলে ফিলিপৰ কথা শুনিলে আৰু তেওঁ যি চমৎকাৰ কৰিছিল, সেইবোৰ দেখি তেওঁৰ কথাৰ ওপৰত আৰু বেছি মনোযোগ দিলে। ৭ কাৰণ তাত এনে বহুতো লোক আছিল, যিসকলক দুষ্ট স্বৰ্গদূতে পাইছিল আৰু সিহঁতে জোৰেৰে চিঞৰি তেওঁলোকৰ শৰীৰৰ পৰা ওলাই গৈছিল। ইয়াৰ উপৰিও, বহুতো জঠৰ ৰোগী* আৰু খোৰাই সুস্থ হʼল। ৮ সেইবাবে, সেই চহৰৰ লোকসকল বহুত আনন্দিত হʼল।

৯ চমৰীয়া চহৰত চিমোন নামৰ এজন মানুহ আছিল, যিজনে যাদু কৰি লোকসকলক আচৰিত কৰি তুলিছিল। তেওঁ নিজকে মহান বুলি দাবী কৰিছিল। ১০ সৰু-ডাঙৰ সকলোৱে তেওঁৰ ওপৰত ধ্যান দিছিল আৰু কৈছিল, “এই মানুহজনৰ ওপৰত ঈশ্বৰৰ মহাশক্তি আছে।” ১১ তেওঁ বহু সময় ধৰি তেওঁলোকক নিজৰ যাদুৰে আচৰিত কৰি তুলিছিল, সেইবাবে লোকসকলে তেওঁৰ ওপৰত ধ্যান দিছিল। ১২ কিন্তু তেওঁলোকে যেতিয়া ফিলিপৰ ওপৰত বিশ্বাস কৰিলে, যিজনে তেওঁলোকক ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা শুনাইছিল, তেতিয়া পুৰুষ-তিৰোতা সকলোৱে বাপ্তিষ্মা লʼলে। ১৩ চিমোনে নিজেও প্ৰভুত বিশ্বাস কৰিলে আৰু বাপ্তিষ্মা লোৱাৰ পাছত ফিলিপৰ লগত সময় কটাবলৈ ধৰিলে। তেওঁ ফিলিপৰ চমৎকাৰ আৰু ডাঙৰ ডাঙৰ কাম দেখি আচৰিত হৈছিল।

১৪ যেতিয়া যিৰূচালেমত পাঁচনিসকলে শুনিলে যে চমৰীয়াৰ লোকসকলে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে, তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠালে। ১৫ আৰু পিতৰ আৰু যোহনে তালৈ গৈ তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে পবিত্ৰ শক্তি পায়। ১৬ কিয়নো তেতিয়ালৈকে তেওঁলোকৰ মাজৰ কোনেও পবিত্ৰ শক্তি পোৱা নাছিল। তেওঁলোকে কেৱল প্ৰভু যীচুৰ নামেৰে বাপ্তিষ্মা লৈছিল। ১৭ তেতিয়া পিতৰ আৰু যোহনে তেওঁলোকৰ ওপৰত হাত থʼলে আৰু তেওঁলোকে পবিত্ৰ শক্তি পাবলৈ ধৰিলে।

১৮ চিমোনে যেতিয়া দেখিলে যে সেই পাঁচনিসকলে যিসকলৰ ওপৰত হাত থয়, তেওঁলোক সকলোৱে পবিত্ৰ শক্তি লাভ কৰিছে, তেতিয়া তেওঁ তেওঁলোকক টকা দি ১৯ এইদৰে কʼলে, “মোকো এই অধিকাৰ দিয়ক যে ময়ো যিজনৰ ওপৰত হাত ৰাখোঁ, তেওঁ যেন পবিত্ৰ শক্তি পায়।” ২০ কিন্তু পিতৰে তেওঁক কʼলে, “তুমি আৰু তোমাৰ ৰূপৰ মুদ্ৰা ধ্বংস হওক, কিয়নো তুমি ভাবিলা যে ঈশ্বৰৰ দান তুমি টকাৰে কিনিব পাৰা। ২১ কিন্তু এই সেৱাত তোমাৰ কোনো ভাগ বা অংশ নাই, কিয়নো ঈশ্বৰৰ দৃষ্টিত তোমাৰ মন চফা নহয়। ২২ সেইবাবে, নিজৰ এই দুষ্টতা এৰি দিয়া আৰু অনুতাপ কৰি যিহোৱালৈ* মিনতি কৰা, তেতিয়া তেওঁ হয়তো তোমাক ক্ষমা কৰি দিব। ২৩ কিয়নো মই দেখিছোঁ যে তোমাৰ হৃদয় বিহেৰে ভৰি আছে* আৰু তুমি দুষ্ট কামৰ দাস হোৱা।” ২৪ তেতিয়া চিমোনে তেওঁলোকক কʼলে, “অনুগ্ৰহ কৰি মোৰ কাৰণে যিহোৱালৈ* মিনতি কৰি দিয়ক যে যিবোৰ কথা আপোনালোকে কʼলে, সেইবোৰৰ মাজৰ এটাও যেন মোলৈ নঘটে।”

২৫ এইদৰে পিতৰ আৰু যোহনে গোটেই এলেকাত ভালদৰে সাক্ষ্য দিয়াৰ পাছত আৰু যিহোৱাৰ* বাক্য শুনোৱাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ উভতি গʼল আৰু ৰাস্তাত চমৰীয়াৰ বহুতো গাঁৱত শুভবাৰ্তা শুনালে।

২৬ কিন্তু যিহোৱাৰ* স্বৰ্গদূতে ফিলিপক কʼলে, “উঠা আৰু দক্ষিণৰ ফালৰ সেই ৰাস্তালৈ যোৱা, যি যিৰূচালেমৰ পৰা গাজালৈ যায়।” (এই ৰাস্তা মৰুভূমি হৈ গৈছিল।) ২৭ এয়া শুনি ফিলিপ উঠিল আৰু ওলাই গʼল আৰু তেওঁ ৰাস্তাত ইথিউপিয়াৰ এজন নপুংসকক* লগ পালে। এই নপুংসকজন ইথিউপিয়াৰ ৰাণী কান্দাকীৰ অধীনত উচ্চ পদত আছিল আৰু তেওঁৰ সকলো ধন-সম্পত্তিৰ চোৱা-চিতা কৰিছিল। তেওঁ যিৰূচালেমলৈ উপাসনা কৰিবলৈ গৈছিল। ২৮ তাৰ পৰা তেওঁ উভতি আহোঁতে নিজৰ ৰথত বহি জোৰ জোৰকৈ ভৱিষ্যবক্তা যিচয়াৰ কিতাপ পঢ়ি আছিল। ২৯ তেতিয়া পবিত্ৰ শক্তিয়ে ফিলিপক কʼলে, “যোৱা, সেই ৰথৰ ওচৰলৈ যোৱা।” ৩০ ফিলিপে সেই ৰথৰ লগে লগে দৌৰিবলৈ ধৰিলে আৰু তেওঁ নপুংসকজনক ভৱিষ্যবক্তা যিচয়াৰ কিতাপ পঢ়ি থকা শুনিলে আৰু তেওঁক সুধিলে, “আপুনি যি পঢ়িছে, সেয়া বুজি পাইছে নে?” ৩১ তেওঁ কʼলে, “কোনোবাই মোক বুজাই নিদিলে মই কেনেকৈ বুজি পাম?” তাৰ পাছত তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ লগত বহিবলৈ অনুৰোধ কৰিলে। ৩২ তেওঁ শাস্ত্ৰৰ এই অংশটো পঢ়ি আছিল: “বলি কৰিবলৈ এটা ভেড়াক যিদৰে নিয়া হয়, তেনেকৈ তেওঁকো নিয়া হʼল। আৰু নোম কটাজনৰ আগত এটা ভেড়া যেনেকৈ মনে মনে থাকে, তেনেকৈ তেৱোঁ মুখৰ পৰা এটাও মাত নুলিয়ালে। ৩৩ যেতিয়া তেওঁৰ অপমান কৰা হৈছিল, তেতিয়া তেওঁৰ ন্যায় কৰা নহʼল। তেওঁ কোন হয়, কʼৰ পৰা আহিছে, এয়া কোনে জনাব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ লোৱা হʼল।”

৩৪ তেতিয়া নপুংসকজনে ফিলিপক কʼলে, “অনুগ্ৰহ কৰি মোক কোৱা যে ভৱিষ্যবক্তাই এই কথা কাৰ বিষয়ে কৈ আছে? নিজৰ বিষয়ে, নে আন কাৰোবাৰ বিষয়ে?” ৩৫ তেতিয়া ফিলিপে কʼবলৈ আৰম্ভ কৰিলে আৰু শাস্ত্ৰৰ এই বাক্যৰ পৰা আৰম্ভ কৰি তেওঁ যীচুৰ বিষয়ে শুভবাৰ্তা জনালে। ৩৬ যেতিয়া তেওঁলোকে ৰাস্তাত গৈ আছিল, তেতিয়া তেওঁলোকে এনে এখন ঠাই পালেগৈ, যʼত যথেষ্ট পানী আছিল আৰু নপুংসকজনে কʼলে, “চোৱা! ইয়াত পানী আছে, এতিয়া মোক বাপ্তিষ্মা* লʼবলৈ কিহে বাধা দিব পাৰে?” ৩৭* —— ৩৮ তেতিয়া নপুংসকজনে ৰথ ৰখাবলৈ আদেশ দিলে আৰু তেওঁলোক দুয়োজনে পানীত নামিল আৰু ফিলিপে তেওঁক বাপ্তিষ্মা দিলে। ৩৯ যেতিয়া তেওঁলোকে পানীৰ পৰা ওপৰলৈ আহিলে, তেতিয়া যিহোৱাৰ* পবিত্ৰ শক্তিয়ে ফিলিপক তাৰ পৰা লগে লগে বেলেগ কʼৰবাত লৈ গʼল আৰু নপুংসকজনে তেওঁক আকৌ দেখা নাপালে আৰু তেওঁ আনন্দ মনেৰে নিজৰ ৰাস্তাত গুচি গʼল। ৪০ ইয়াৰ পাছত ফিলিপে নিজকে অচদোদত পালে আৰু কৈচৰিয়া নোপোৱাৰ আগেয়ে তেওঁ সকলো এলেকা আৰু চহৰত শুভবাৰ্তা শুনাই থাকিল।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক