ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • প্ৰকাশিত বাক্য ৮
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

প্ৰকাশিত বাক্য কিতাপৰ সাৰাংশ

      • সপ্তম মোহৰ খোলা হʼল (১-৬)

      • প্ৰথম চাৰিটা তূৰী বজোৱা হʼল (৭-১২)

      • তিনিটা বিপদৰ ঘোষণা (১৩)

প্ৰকাশিত বাক্য ৮:১১

ফুটনোট

  • *

    নাগদানা এনে এক উদ্ভিদ হয়, যি তিতা আৰু বিষাক্ত হয়।

প্ৰকাশিত বাক্য ৮:১৩

ফুটনোট

  • *

    বা “পৃথিৱীত থকা লোকসকলক ধিক্কাৰ, ধিক্কাৰ, ধিক্কাৰ!”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰকাশিত বাক্য ৮:১-১৩

যোহনলৈ দিয়া প্ৰকাশিত বাক্য

৮ যেতিয়া ভেড়া পোৱালিয়ে সপ্তম মোহৰ খুলিলে, তেতিয়া স্বৰ্গত প্ৰায় আধা ঘণ্টালৈকে নিঃশব্দ হৈ থাকিল। ২ আৰু মই সেই সাতজন স্বৰ্গদূতক দেখিলোঁ, যিসকলে ঈশ্বৰৰ আগত থিয় হৈ থাকে আৰু তেওঁলোকক সাতটা তূৰী দিয়া হʼল।

৩ তাৰ পাছত আৰু এজন স্বৰ্গদূত আহিল আৰু বেদীৰ ওচৰত থিয় হʼল। তেওঁৰ হাতত সোণৰ এটা ধূপদানী আছিল। তেওঁক বহুতো ধূপ দিয়া হৈছিল যাতে সকলো পবিত্ৰ লোকে প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁ সিংহাসনৰ ওচৰত থকা সোণৰ বেদীত সেয়া উৎসৰ্গ কৰিব পাৰে। ৪ আৰু পবিত্ৰ লোকসকলৰ প্ৰাৰ্থনা আৰু স্বৰ্গদূতৰ হাতৰ পৰা ধূপৰ ধোঁৱা উঠি ঈশ্বৰৰ ওচৰত পালেগৈ। ৫ তেতিয়া সেই সময়তে স্বৰ্গদূতে ধূপদানী লʼলে আৰু তাত বেদীৰ জুই ভৰাই লʼলে আৰু তাক পৃথিৱীত পেলাই দিলে। তেতিয়া তীব্ৰ মেঘ-গৰ্জন আৰু মাত শুনিবলৈ পোৱা গʼল আৰু বিজুলী মাৰিলে আৰু এটা ভূমিকম্প হʼল। ৬ আৰু সাতজন স্বৰ্গদূতৰ ওচৰত, যি সাতটা তূৰী আছিল, তেওঁলোকে সেয়া বজাবলৈ সাজু হʼল।

৭ প্ৰথমজনে নিজৰ তূৰী বজালে। তেতিয়া তেজ মিহলি হোৱা শিল বৰষুণ আৰু তেজ মিহলি হোৱা জুই উৎপন্ন হʼল আৰু সেয়া পৃথিৱীত বৰষোৱা হʼল। ইয়াৰ পৰা পৃথিৱীৰ তিনি ভাগৰ এভাগ আৰু গছৰো তিনি ভাগৰ এভাগ জ্বলি গʼল আৰু গোটেই ঘাঁহ-বনো জ্বলি গʼল।

৮ তাৰ পাছত দ্বিতীয় স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। আৰু জুইৰে জ্বলি থকা এখন ডাঙৰ পাহাৰৰ দৰে কিবা সমুদ্ৰত পেলোৱা হʼল। আৰু সমুদ্ৰৰ তিনি ভাগৰ এভাগ তেজলৈ সলনি হʼল। ৯ আৰু সমুদ্ৰৰ তিনি ভাগৰ এভাগ জীৱ-জন্তু মৰি গʼল আৰু তিনি ভাগৰ এভাগ জাহাজ ধ্বংস হৈ গʼল।

১০ তাৰ পাছত তৃতীয় স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। তেতিয়া জোঁৰৰ দৰে জ্বলি থকা এটা ডাঙৰ তৰা আকাশৰ পৰা পৰিল আৰু সেয়া তিনি ভাগৰ এভাগ নদী আৰু পানীৰ ভুমুকত গৈ পৰিল। ১১ সেই তৰাৰ নাম নাগদানা* হয়। আৰু পানীৰ তিনি ভাগৰ এভাগ নাগদানাৰ দৰে তিতা হৈ গʼল আৰু সেই পানী তিতা হোৱাৰ কাৰণে বহুতো লোকৰ মৃত্যু হʼল।

১২ তাৰ পাছত চতুৰ্থ স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। আৰু সূৰ্যৰ তিনি ভাগৰ এভাগ আৰু চন্দ্ৰৰ তিনি ভাগৰ এভাগৰ ওপৰত আৰু তৰাৰ তিনি ভাগৰ এভাগৰ ওপৰত আঘাত কৰা হʼল যাতে সিহঁতৰ তিনি ভাগৰ এভাগৰ ওপৰত আন্ধাৰ হয় আৰু দিনৰ তিনি ভাগৰ এভাগত পোহৰ নহয় আৰু ৰাতিৰো তিনি ভাগৰ এভাগত পোহৰ নহয়।

১৩ আৰু মই দেখিলোঁ যে এটা ঈগলে আকাশৰ মাজত উৰি উৰি ডাঙৰ মাতেৰে কৈ আছিল, “পৃথিৱীত থকা লোকসকলৰ ওপৰত ডাঙৰ বিপদ আহিব,* কিয়নো আৰু তিনিজন স্বৰ্গদূতে নিজৰ তূৰী বজাবলৈ এতিয়াও বাকী আছে আৰু তেওঁলোকে অলপতে নিজৰ তূৰী বজাব!”

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক