ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt মাৰ্ক ১:১-১৬:৮
  • মাৰ্ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্ক
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
মাৰ্ক

মাৰ্কে লিখা শুভবাৰ্তা

১ ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা এইদৰে আৰম্ভ হয়: ২ ভৱিষ্যবক্তা যিচয়াৰ কিতাপত লিখা আছে, “(চোৱা! মই তোমাৰ আগত মোৰ বাৰ্তাবাহকক পঠাইছোঁ, যিজনে তোমাৰ কাৰণে পথ তৈয়াৰ কৰিব।) ৩ শুনা! অৰণ্যত* কোনোবাই মাতি আছে, ‘যিহোৱাৰ* পথ তৈয়াৰ কৰা, তেওঁৰ পথ পৰিষ্কাৰ কৰা।’” ৪ ইয়াৰ অনুসৰি যোহন বাপ্তিষ্মা দিওঁতাই অৰণ্যৰ এলেকালৈ আহিল। তেওঁ প্ৰচাৰ কৰিবলৈ ধৰিলে যে লোকসকলে বাপ্তিষ্মা লʼব লাগিব, যি এই কথাৰ চিন হʼব যে তেওঁলোকে নিজৰ পাপৰ কাৰণে অনুতাপ কৰিলে আৰু ক্ষমা পাব বিচাৰে। ৫ সেইবাবে, গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ সকলোৱে যোহনৰ ওচৰলৈ যাবলৈ ধৰিলে। তেওঁলোকে নিজৰ পাপবোৰ সকলোৰে আগত স্বীকাৰ কৰিছিল আৰু যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিষ্মা দিছিল।* ৬ যোহনে উটৰ নোমৰ কাপোৰ পিন্ধিছিল আৰু কঁকালত ছালৰ পেটী লগাইছিল। তেওঁ ফৰিং আৰু হাবিৰ মৌ খাইছিল। ৭ তেওঁ এইদৰে প্ৰচাৰ কৰিছিল: “মোৰ পাছত অহাজন মোতকৈ বহুত শক্তিশালী। মই হাউলি তেওঁৰ জোতাৰ ফিতা খোলাৰো যোগ্য নহওঁ। ৮ মই তোমালোকক পানীত বাপ্তিষ্মা দিওঁ, কিন্তু তেওঁ তোমালোকক পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিব।”

৯ সেই সময়ত যীচুৱে গালীল প্ৰদেশৰ নাচৰৎ চহৰৰ পৰা যোহনৰ ওচৰলৈ আহিল আৰু যোহনে তেওঁক যৰ্দ্দন নদীত বাপ্তিষ্মা দিলে। ১০ যীচুৱে যেনেকৈ পানীৰ পৰা ওপৰলৈ আহে, তেনেকৈ তেওঁ আকাশ মুকলি হোৱা আৰু পবিত্ৰ শক্তিক কপৌৰ* ৰূপত তেওঁৰ ওপৰত নামি অহা দেখিলে। ১১ তাৰ পাছত স্বৰ্গৰ পৰা মাত শুনা গʼল: “তুমি মোৰ প্ৰিয় পুত্ৰ, মই তোমাক গ্ৰহণ কৰিলোঁ।”

১২ তাৰ পাছতেই পবিত্ৰ শক্তিয়ে যীচুক অৰণ্যলৈ যাবলৈ পৰিচালিত কৰিলে। ১৩ যীচুৱে ৪০ দিনলৈকে অৰণ্যতে থাকিল, যʼত চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে। তাত বহুতো বনৰীয়া জন্তু আছিল, কিন্তু স্বৰ্গদূতসকলে তেওঁৰ সেৱা কৰিলে।

১৪ যোহন গ্ৰেপ্তাৰ হোৱাৰ পাছত যীচু গালীললৈ গʼল আৰু ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। ১৫ তেওঁ এইদৰে প্ৰচাৰ কৰিলে, “নিৰ্ধাৰিত সময় আহি পালে আৰু ঈশ্বৰৰ ৰাজ্য নিচেই কাষত। সেইবাবে, হে লোকসকল, অনুতাপ কৰা আৰু শুভবাৰ্তাৰ ওপৰত বিশ্বাস কৰা।”

১৬ যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোঁতে চিমোন আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল পেলোৱা দেখিলে। তেওঁলোক দুয়োজন মাছমৰীয়া আছিল। ১৭ যীচুৱে তেওঁলোকক কʼলে, “মোৰ পিছে পিছে আহা আৰু তোমালোকে যিদৰে মাছ ধৰা, ঠিক সেইদৰে মই তোমালোকক মানুহ ধৰিবলৈ শিকাম।” ১৮ তেতিয়া তেওঁলোকে লগে লগে নিজৰ জাল এৰি তেওঁৰ পিছে পিছে গʼল। ১৯ অলপ দূৰ খোজকাঢ়ি যাওঁতে যীচুৱে যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে। তেওঁলোক দুয়োজন চিবদিয়ৰ লʼৰা আছিল আৰু তেওঁলোকে নিজৰ নাৱত জাল ঠিক কৰি আছিল। ২০ অলপো দেৰি নকৰাকৈ যীচুৱে তেওঁলোকক মাতিলে। তেতিয়া তেওঁলোকে নিজৰ পিতৃ চিবদিয়ক কাম কৰা লোকসকলৰ লগত নাৱত এৰি যীচুৰ পিছে পিছে গʼল। ২১ ইয়াৰ পাছত তেওঁলোকে কফৰনাহূমলৈ গʼল।

বিশ্ৰাম-বাৰ* আৰম্ভ হোৱাৰ লগে লগে তেওঁ সেই ঠাইৰ সভাঘৰলৈ গৈ লোকসকলক শিকাবলৈ ধৰিলে। ২২ তেওঁৰ শিকোৱাৰ ধৰণ দেখি লোকসকল আচৰিত হৈছিল, কাৰণ যিসকলে নিয়ম শিকায়,* তেওঁলোকৰ দৰে শিকোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ পৰা পোৱা শক্তিৰ দ্বাৰা তেওঁ শিকাইছিল। ২৩ সেই সভাঘৰতে দুষ্ট স্বৰ্গদূতে পোৱা এজন মানুহ আছিল। তেওঁ চিঞৰি এইদৰে কʼলে, ২৪ “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নাশ কৰিবলৈ আহিছে নে? মই জানোঁ আপুনি আচলতে কোন হয়, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।” ২৫ কিন্তু যীচুৱে তাক ধমকি দি কʼলে, “মনে মনে থাক আৰু তেওঁৰ শৰীৰৰ পৰা ওলাই যা!” ২৬ তেতিয়া সেই দুষ্ট স্বৰ্গদূতজনে সেই মানুহজনক পকাই ধৰিলে আৰু জোৰেৰে চিঞৰি তেওঁৰ শৰীৰৰ পৰা ওলাই গʼল। ২৭ এয়া দেখি সকলোৱে আচৰিত হʼল আৰু এজনে-আনজনক কʼবলৈ ধৰিলে, “এয়া কি? এয়াতো নতুন শিক্ষা! আনকি দুষ্ট স্বৰ্গদূতসকলক বাহিৰ কৰাৰ ক্ষমতাও তেওঁৰ আছে আৰু সিহঁতে তেওঁৰ কথা শুনে।” ২৮ আৰু যীচুৰ কথা গালীলৰ গোটেই এলেকাত অতি বেগেৰে বিয়পি পৰিল।

২৯ তেতিয়া তেওঁলোকে সভাঘৰৰ পৰা ওলাই চিমোন আৰু আন্দ্ৰিয়ৰ ঘৰলৈ গʼল। যাকোব আৰু যোহনো তেওঁলোকৰ লগত আছিল। ৩০ চিমোনৰ শাহুৱেকৰ জ্বৰ হৈছিল আৰু বিছনাত শুই আছিল। তেওঁলোকে লগে লগে যীচুক তেওঁৰ বিষয়ে জনালে। ৩১ যীচুৱে তেওঁৰ ওচৰলৈ গʼল আৰু হাতত ধৰি তেওঁক উঠালে। তেতিয়া তেওঁৰ জ্বৰ নাইকিয়া হʼল আৰু তেওঁ তেওঁলোকৰ সেৱা কৰিবলৈ ধৰিলে।

৩২ বেলি মাৰ যোৱাৰ পাছত যেতিয়া সন্ধিয়া হʼল, তেতিয়া লোকসকলে অসুস্থ আৰু দুষ্ট স্বৰ্গদূতে পোৱা সকলোকে যীচুৰ ওচৰলৈ আনিবলৈ ধৰিলে। ৩৩ আনকি গোটেই চহৰৰ লোকসকলে তেওঁলোকৰ দুৱাৰ মুখত গোট খালে। ৩৪ তেতিয়া তেওঁ বিভিন্ন ধৰণৰ বেমাৰত থকা লোকসকলক সুস্থ কৰিলে। তেওঁ বহুতো দুষ্ট স্বৰ্গদূতকো উলিয়ালে, কিন্তু তেওঁ সেই দুষ্ট স্বৰ্গদূতবিলাকক একো কʼবলৈ দিয়া নাছিল, কিয়নো সিহঁতে জানিছিল যে তেওঁ খ্ৰীষ্ট হয়।*

৩৫ পাছ দিনাখন ৰাতিপুৱা যেতিয়া আন্ধাৰেই আছিল, তেতিয়া যীচুৱে উঠি বাহিৰলৈ গʼল আৰু এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ৩৬ কিন্তু চিমোন আৰু তেওঁৰ লগৰবিলাকে যীচুক বিচাৰি ওলাই গʼল। ৩৭ আৰু যেতিয়া তেওঁলোকে যীচুক বিচাৰি পালে, তেতিয়া তেওঁলোকে কʼলে, “সকলোৱে আপোনাক বিচাৰি আছে।” ৩৮ কিন্তু তেওঁ কʼলে, “আহা আমি ওচৰে-পাজৰে থকা গাঁৱলৈ যাওঁ যাতে মই তাতো প্ৰচাৰ কৰিব পাৰোঁ, কিয়নো মই ইয়াৰ কাৰণেই আহিছোঁ।” ৩৯ তেওঁ তাৰ পৰা গʼল আৰু গোটেই গালীলত থকা সভাঘৰবোৰত প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু দুষ্ট স্বৰ্গদূতবিলাকক লোকসকলৰ শৰীৰৰ পৰা বাহিৰ কৰিবলৈ ধৰিলে।

৪০ তাৰ পাছত তেওঁৰ ওচৰলৈ এজন কুষ্ঠ ৰোগীও আহিল আৰু আঁঠুকাঢ়ি তেওঁক মিনতি কৰিবলৈ ধৰিলে, “যদি আপুনি বিচাৰে, তেনেহʼলে মোক সুস্থ* কৰিব পাৰে।” ৪১ তেওঁক দেখি যীচুৰ হৃদয়খন দয়াৰে ভৰি পৰিল আৰু নিজৰ হাতখন আগবঢ়াই তেওঁক চুলে আৰু কʼলে, “হয়, মই বিচাৰোঁ। সুস্থ হোৱা।” ৪২ সেই সময়তে তেওঁৰ কুষ্ঠ ৰোগ ভাল হৈ গʼল আৰু তেওঁ সুস্থ হʼল। ৪৩ তাৰ পাছত যীচুৱে তেওঁক লগে লগে বিদাই দি সাৱধান কৰি কʼলে, ৪৪ “চোৱা, এই কথা কাকো নকʼবা। কিন্তু গৈ নিজকে পুৰোহিতক দেখুৱা আৰু তেওঁলোকে সাক্ষ্য পাবলৈ শুচি হোৱাৰ কাৰণে মোচিয়ে যি যি বলিদান আগবঢ়াবলৈ কৈছিল, সেয়া আগবঢ়োৱা।” ৪৫ কিন্তু তাৰ পৰা গৈয়ে সেই মানুহজনে সকলোকে কʼবলৈ ধৰিলে। তেওঁ এই কথা ইমানেই বিয়পাই দিলে যে যীচুৱে মুকলিভাৱে কোনো চহৰলৈ যাব নোৱাৰিছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ নিৰ্জন ঠাইবোৰতে থাকিছিল। তথাপিও চাৰিওফালৰ পৰা লোকসকল তেওঁৰ ওচৰলৈ আহি থাকিল।

২ কিন্তু কিছুদিনৰ পাছত যীচু আকৌ কফৰনাহূমলৈ আহিল আৰু তেওঁ ঘৰত আছে বুলি চাৰিওফালে বিয়পি পৰিল। ২ তাত ইমান মানুহ গোট খালে যে দুৱাৰ মুখতো ঠাই নোহোৱা হʼল। যীচুৱে তেওঁলোকক ঈশ্বৰৰ বাক্য কʼবলৈ ধৰিলে। ৩ তেতিয়া চাৰিজন মানুহে এজন জঠৰ ৰোগীক* তালৈ উঠাই আনিলে। ৪ কিন্তু ভিৰৰ কাৰণে তেওঁলোকে জঠৰ ৰোগীজনক যীচুৰ ওচৰলৈ নিব নোৱাৰিলে। সেইবাবে, যীচু যʼত বহি আছিল, সেই ঘৰৰ ওপৰৰ চালখন গুচাই ৰোগীজনক খাটখনৰ সৈতে তললৈ নমাই দিলে। ৫ যেতিয়া যীচুৱে তেওঁলোকৰ বিশ্বাস দেখিলে, তেতিয়া তেওঁ জঠৰ ৰোগীজনক কʼলে, “বোপা, তোমাৰ পাপ ক্ষমা কৰা হʼল।” ৬ তাত বহি থকা কিছুমান নিয়ম শিকোৱা লোকে* মনতে ভাবিবলৈ ধৰিলে, ৭ “এই মানুহজনে কি কৰিছে! এওঁতো ঈশ্বৰক নিন্দা কৰিছে। ঈশ্বৰৰ বাহিৰে আৰু কোনে পাপ ক্ষমা কৰিব পাৰে?” ৮ কিন্তু তেওঁলোকে মনে মনে যি ভাবিছিল, যীচুৱে সেই সময়তে বুজিব পাৰিলে আৰু তেওঁলোকক কʼলে, “তোমালোকে মনতে কিয় এইবোৰ চিন্তা কৰিছা? ৯ এই জঠৰ ৰোগীজনক কি কোৱাটো বেছি সহজ হʼব, ‘তোমাৰ পাপ ক্ষমা কৰা হʼল,’ নে ‘উঠা, তোমাৰ খাট উঠোৱা আৰু খোজকাঢ়ি ফুৰা’? ১০ কিন্তু মই বিচাৰোঁ যে তোমালোকে যেন জানিব পাৰা পৃথিৱীত পাপ ক্ষমা কৰাৰ অধিকাৰ মানুহৰ পুত্ৰক দিয়া হৈছে . . .।” তেওঁ জঠৰ ৰোগীজনক কʼলে, ১১ “মই তোমাক কৈছোঁ, উঠা! আৰু নিজৰ খাটখন তুলি লৈ ঘৰলৈ যোৱা।” ১২ তেতিয়া সেই মানুহজন উঠি থিয় হʼল আৰু লগে লগে নিজৰ খাটখন উঠাই সকলোৰে সন্মুখৰ পৰা বাহিৰলৈ ওলাই গʼল। এয়া দেখি সকলোৱে আচৰিত হʼল আৰু এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, “আমি এনেকুৱা আগতে কেতিয়াও দেখা নাই।”

১৩ তাৰ পাছত যীচুৱে তাৰ পৰা ওলাই সাগৰৰ পাৰলৈ গʼল আৰু লোকসকলৰ ভিৰ তেওঁৰ ওচৰলৈ আহি থাকিল আৰু যীচুৱে তেওঁলোকক শিকাবলৈ ধৰিলে। ১৪ তাৰ পাছত খোজকাঢ়ি যাওঁতে তেওঁ আলফয়ৰ লʼৰা লেবীক কৰতোলা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক কʼলে, “আহা, মোৰ শিষ্য হোৱা।” তেতিয়া তেওঁ উঠি তেওঁৰ পিছে পিছে গʼল। ১৫ পাছত তেওঁ লেবীৰ ঘৰলৈ খাবলৈ গৈছিল* আৰু বহুতো কৰতোলা লোক আৰু তেওঁলোকৰ দৰে আন পাপী লোকসকলেও যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত খাবলৈ বহিছিল। তাত বহুতো লোক জমা হৈ আছিল আৰু তেওঁলোকৰ মাজৰ বহুতো লোক যীচুৰ শিষ্য হৈছিল। ১৬ কিন্তু যেতিয়া কিছুমান নিয়ম শিকোৱা লোক, যিসকল ফৰীচী আছিল তেওঁলোকে যীচুক পাপী আৰু কৰতোলাবিলাকৰ লগত খোৱা-বোৱা কৰি থকা দেখিলে, তেতিয়া তেওঁলোকে যীচুৰ শিষ্যসকলক কʼবলৈ ধৰিলে, “তেওঁ কৰতোলা লোক আৰু পাপীবিলাকৰ লগত কিয় খোৱা-বোৱা কৰে?” ১৭ এয়া শুনি যীচুৱে তেওঁলোকক কʼলে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে। যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে, মই তেওঁলোকক নহয়, কিন্তু পাপীকহে মাতিবলৈ আহিছোঁ।”

১৮ যোহনৰ শিষ্য আৰু ফৰীচীবিলাকে লঘোন* দিছিল। সেইবাবে, তেওঁলোকে যীচুৰ ওচৰলৈ আহি তেওঁক সুধিবলৈ ধৰিলে, “যোহনৰ শিষ্য আৰু ফৰীচীবিলাকৰ শিষ্যসকলে লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্যসকলে কিয় লঘোন নিদিয়ে?” ১৯ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “যেতিয়ালৈকে দৰা নিজৰ বন্ধুসকলৰ লগত থাকে, তেতিয়ালৈকে তেওঁলোকে লঘোন দিয়ে নে? যেতিয়ালৈকে দৰা তেওঁলোকৰ লগত থাকে, তেতিয়ালৈকে তেওঁলোকে লঘোন নিদিয়ে। ২০ কিন্তু এনে এদিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হʼব, তেতিয়া তেওঁলোকে লঘোন দিব। ২১ কোনেও পুৰণি কাপোৰত নতুন কাপোৰৰ টাপলি নামাৰে। এনে কৰিলে টাপলি মৰা নতুন কাপোৰে সেই পুৰণি কাপোৰক ফালি নিয়ে আৰু ফটা ডোখৰ আৰু বেছিকৈহে ফাটি যায়। ২২ ঠিক সেইদৰে কোনেও নতুন দ্ৰাক্ষাৰস পুৰণি দ্ৰাক্ষাৰসৰ মোনাত* নথয়। যদি তেওঁলোকে এইদৰে কৰে, তেনেহʼলে দ্ৰাক্ষাৰসে মোনাটো ফালি পেলাব আৰু দ্ৰাক্ষাৰসখিনি পৰি যাব আৰু মোনাটো নষ্ট হৈ যাব। কিন্তু লোকসকলে নতুন দ্ৰাক্ষাৰস নতুন মোনাত থয়।”

২৩ বিশ্ৰাম-বাৰত* যেতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ লগত শস্যৰ পথাৰৰ মাজেদি গৈ আছিল, তেতিয়া তেওঁৰ শিষ্যসকলে খোজকাঢ়ি গৈ থাকোঁতে শস্যৰ থোক চিঙিবলৈ ধৰিলে। ২৪ সেইবাবে, ফৰীচীবিলাকে তেওঁক কʼলে, “চাওক! আপোনাৰ শিষ্যসকলে এনে কাম কিয় কৰিছে, যি বিশ্ৰাম-বাৰে কৰিব নালাগে?” ২৫ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলৰ ভোক লাগিছিল আৰু খাবলৈ তেওঁলোকৰ ওচৰত একো নাছিল, তেতিয়া তেওঁ কি কৰিলে, এই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে? ২৬ তেওঁ অবিয়াথৰ মহা-পুৰোহিতৰ সময়ত ঈশ্বৰৰ ভৱনত সোমাই নিয়মৰ অনুসৰি পুৰোহিতক এৰি, আনে খাব নোৱাৰা যি আগবঢ়োৱা ৰুটি,* তাক খালে আৰু নিজৰ লগৰবিলাককো দিলে, এই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে?” ২৭ তাৰ পাছত যীচুৱে কʼলে, “মানুহ বিশ্ৰাম-বাৰৰ কাৰণে নহয়, কিন্তু বিশ্ৰাম-বাৰ মানুহৰ কাৰণে বনোৱা হৈছে। ২৮ সেইবাবে, মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰো প্ৰভু হয়।”

৩ আকৌ এবাৰ তেওঁ সভাঘৰলৈ গʼল। তাত এনে এজন মানুহ আছিল, যিজনৰ হাত শুকাই গৈছিল।* ২ যীচুৱে বিশ্ৰাম-বাৰত* সেই মানুহজনক সুস্থ কৰিব নে নকৰে, সেয়া ফৰীচীবিলাকে ধ্যান দি চাই আছিল যাতে তেওঁলোকে যীচুৰ ওপৰত মিছা অভিযোগ লগাব পাৰে। ৩ তেতিয়া তেওঁ হাত শুকাই যোৱা মানুহজনক কʼলে, “উঠা আৰু মাজলৈ আহা।” ৪ তাৰ পাছত যীচুৱে তেওঁলোকক সুধিলে, “ঈশ্বৰৰ নিয়মৰ অনুসৰি বিশ্ৰাম-বাৰত কি কৰাটো সঠিক, কাৰোবাৰ কাৰণে ভাল কাম কৰা, নে বেয়া কাম কৰা? কাৰোবাৰ জীৱন বচোৱা, নে হত্যা কৰা?” কিন্তু তেওঁলোকে মনে মনে থাকিল। ৫ তেওঁলোকৰ হৃদয়ৰ কঠোৰতা দেখি যীচুৰ বহুত দুখ লাগিল আৰু খঙেৰে তেওঁলোকলৈ চালে। তাৰ পাছত তেওঁ মানুহজনক এইদৰে কʼলে, “তোমাৰ হাতখন আগবঢ়াই দিয়া।” যেতিয়া মানুহজনে হাতখন আগবঢ়াই দিলে, তেতিয়া তেওঁৰ হাতখন ঠিক হৈ গʼল। ৬ এয়া দেখি ফৰীচীবিলাকে বাহিৰলৈ ওলাই গʼল আৰু সেই সময়তে হেৰোদৰ গোটৰ লোকসকলৰ লগত মিলি যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।

৭ কিন্তু যীচুৱে তাৰ পৰা ওলাই নিজৰ শিষ্যসকলৰ লগত সাগৰৰ ফালে গʼল। তেতিয়া গালীল আৰু যিহূদিয়াৰ পৰা লোকসকলৰ এটা ডাঙৰ ভিৰ তেওঁৰ পিছে পিছে গʼল। ৮ তেওঁ কৰা কামৰ বিষয়ে শুনি যিৰূচালেম, ইদোম আৰু যৰ্দ্দনৰ সিপাৰে থকা এলেকা আৰু তূৰ আৰু চিদোনৰ আশে-পাশে থকা লোকসকলৰ এটা ডাঙৰ ভিৰেও তেওঁৰ ওচৰলৈ আহিল। ৯ লোকসকলৰ ভিৰৰ ঠেলা-হেঁচাৰ মাজত নপৰিবৰ কাৰণে তেওঁ নিজৰ শিষ্যসকলক এখন সৰু নাও সাজু কৰি ৰাখিবলৈ কʼলে। ১০ যীচুৱে বহুতো লোকক সুস্থ কৰিছিল। সেইবাবে, গম্ভীৰ বেমাৰত ভুগি থকা লোকসকলে যীচুক চুবলৈ ঠেলা-হেঁচা কৰিবলৈ ধৰিলে। ১১ দুষ্ট স্বৰ্গদূতে পোৱা লোকসকলে যেতিয়াই যীচুক দেখে, তেতিয়াই তেওঁলোকে তেওঁৰ সন্মুখত পৰি চিঞৰি এইদৰে কয়, “আপুনি ঈশ্বৰৰ পুত্ৰ হয়।” ১২ কিন্তু তেওঁ কোন হয়, এই বিষয়ে কাকো নকʼবলৈ যীচুৱে তেওঁলোকক বহুবাৰ কʼলে।

১৩ তাৰ পাছত যীচুৱে এখন পাহাৰত উঠিল আৰু তেওঁ নিজৰ কিছুমান শিষ্যক মাতিলে। আৰু তেওঁলোকে যীচুৰ ওচৰলৈ আহিল। ১৪ তেওঁ ১২ জন শিষ্যৰ এটা সমূহ বনালে।* আৰু তেওঁলোকক পাঁচনি* নাম দিলে যাতে তেওঁলোকে সদায় তেওঁৰ লগত থাকিব পাৰে, তেওঁলোকক প্ৰচাৰলৈ পঠিয়াব পাৰে ১৫ আৰু দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াবলৈ অধিকাৰ দিব পাৰে।

১৬ তেওঁ যি ১২ জন শিষ্যৰ এটা সমূহ বনাইছিল, তেওঁলোক হৈছে, চিমোন, যিজনক তেওঁ পিতৰ নাম দিলে, ১৭ চিবদিয়ৰ লʼৰা যাকোব আৰু যাকোবৰ ভাই যোহন (তেওঁলোকক যীচুৱে বনেৰগচ নাম দিয়ে, যাৰ অৰ্থ হৈছে “মেঘ-গৰ্জ্জনৰ লʼৰা”), ১৮ আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ লʼৰা যাকোব, থদ্দেয়, উৎসাহী* চিমোন ১৯ আৰু যিহূদা ঈষ্কৰিয়োতীয়া, যিজনে আগলৈ গৈ যীচুৰ লগত বিশ্বাসঘাত কৰিলে।

তাৰ পাছত যীচুৱে এখন ঘৰলৈ গʼল। ২০ আকৌ এবাৰ ইমান মানুহ গোট খালে যে যীচু আৰু তেওঁৰ শিষ্যসকলে আহাৰো খাব নোৱাৰিলে। ২১ কিন্তু যীচুৰ পৰিয়ালে যেতিয়া এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে যীচুক ধৰি আনিবলৈ ওলাই গʼল। কাৰণ তেওঁলোকে কৈছিল যে “তেওঁ পগলা হৈছে।” ২২ যিৰূচালেমৰ পৰা অহা নিয়ম শিকোৱা লোকসকলে* এইদৰে কৈ আছিল, “ইয়াক বেল্‌চবূবে* পাইছে। ই দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজাৰ সহায়ত লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়ায়।” ২৩ তেতিয়া যীচুৱে তেওঁলোকক নিজৰ ওচৰলৈ মাতি উদাহৰণ দি কʼলে, “চয়তানে, নিজে চয়তানক কেনেকৈ উলিয়াব পাৰে? ২৪ কোনো ৰাজ্যত যদি বিভেদৰ সৃষ্টি হয়, তেন্তে সেই ৰাজ্য টিকি থাকিব নোৱাৰে। ২৫ আৰু কোনো ঘৰত যদি বিভেদৰ সৃষ্টি হয়, তেন্তে সেই ঘৰ টিকি থাকিব নোৱাৰে। ২৬ ঠিক সেইদৰে, চয়তানে যদি নিজৰ বিৰুদ্ধে থিয় দিয়ে আৰু নিজৰ মাজতে বিভেদৰ সৃষ্টি কৰে, তেনেহʼলে সি টিকি নাথাকিব আৰু তাৰ অন্ত হʼব। ২৭ আচলতে শক্তিশালী ব্যক্তিক প্ৰথমে নাবান্ধিলে কোনেও তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব নোৱাৰে। তেওঁক বন্ধাৰ পাছতহে তেওঁৰ ঘৰত লুট কৰিব পাৰিব। ২৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, মানুহৰ সকলো ধৰণৰ পাপ আৰু নিন্দাজনক কথা ক্ষমা কৰা হʼব। ২৯ কিন্তু যিজনে পবিত্ৰ শক্তিৰ বিৰুদ্ধে নিন্দাজনক কথা কয়, তেওঁক কেতিয়াও ক্ষমা কৰা নহʼব। আনকি তেওঁ চিৰকাল সেই পাপৰ কাৰণে দায়ী হʼব।” ৩০ যীচুৱে তেওঁলোকক এই কথা কʼলে, কাৰণ তেওঁলোকে কৈছিল, “তেওঁক দুষ্ট স্বৰ্গদূতে পাইছে।”

৩১ তাৰ পাছত তেওঁৰ মা আৰু ভাইবিলাক আহিল আৰু তেওঁলোকে বাহিৰত থিয় হৈ যীচুক মাতি দিবলৈ কাৰোবাক পঠিয়ালে। ৩২ ভিৰৰ লোকসকলে তেওঁৰ চাৰিওফালে বহি আছিল। আৰু তেওঁলোকে যীচুক কʼলে, “চাওক! আপোনাৰ মা আৰু ভাইবিলাকে আপোনাক লগ কৰিবলৈ বাহিৰত থিয় হৈ আছে।” ৩৩ কিন্তু যীচুৱে কʼলে, “মোৰ মা আৰু মোৰ ভাইবিলাক কোন হয়?” ৩৪ তাৰ পাছত যীচুৱে তেওঁৰ চাৰিওফালে বহি থকা লোকসকললৈ চাই কʼলে, “চোৱা! এওঁলোক হৈছে মোৰ মা আৰু ভাই! ৩৫ যিজনে ঈশ্বৰৰ ইচ্ছা পূৰ কৰে, তেৱেঁই মোৰ ভাই, মোৰ ভনী আৰু মোৰ মা হয়।”

৪ আকৌ এবাৰ তেওঁ সাগৰৰ পাৰত শিকাবলৈ ধৰিলে। আৰু এটা ডাঙৰ ভিৰ তেওঁৰ ওচৰলৈ আহি গোট খালে। সেইবাবে, তেওঁ এখন নাৱত উঠি বহিল আৰু পাৰৰ পৰা অলপ দূৰত নাৱত বহি ভিৰক শিকাবলৈ ধৰিলে। আৰু গোটেই ভিৰ পাৰতে আছিল। ২ তেতিয়া যীচুৱে উদাহৰণ দি তেওঁলোকক বহুতো কথা শিকাবলৈ ধৰিলে। তেওঁ কʼলে, ৩ “মন দি শুনা, এজন বীজ সিঁচোঁতা মানুহে বীজ সিঁচিবলৈ ওলাইছে। ৪ যেতিয়া তেওঁ সিঁচি আছিল, তেতিয়া কিছুমান বীজ ৰাস্তাৰ কাষত পৰিল আৰু চৰাইবোৰে আহি সেইবোৰ খাই পেলালে। ৫ কিছুমান বীজ শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাৰ বাবে আৰু মাটি গভীৰ নোহোৱাৰ বাবে সোনকালে গজালি ওলালে। ৬ কিন্তু বেলি ওলোৱাৰ পাছত শিপা গভীৰ নোহোৱাৰ কাৰণে সেইবোৰ লেৰেলি শুকাই গʼল। ৭ আন কিছুমান বীজ কাঁইটীয়া বনত পৰিল। আৰু কাঁইটীয়া বনবোৰ বাঢ়ি সেইবোৰক হেঁচি ধৰিলে। আৰু সেইবোৰত ফল নধৰিলে। ৮ কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল আৰু সেইবোৰ গজালি মেলি বাঢ়িবলৈ ধৰিলে। কিছুমানত ৩০ গুণ, কিছুমানত ৬০ গুণ আৰু কিছুমানত ১০০ গুণকৈ ফল লাগিবলৈ ধৰিলে।” ৯ তাৰ পাছত তেওঁ কʼলে, “মই কি কৈ আছোঁ, কাণ পাতি শুনা।”

১০ যেতিয়া যীচু অকলে আছিল, তেতিয়া তেওঁৰ ১২ জন পাঁচনি আৰু বহুতো শিষ্যই তেওঁক এই উদাহৰণবোৰৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে। ১১ যীচুৱে তেওঁলোকক কʼলে, “ঈশ্বৰৰ ৰাজ্যৰ পবিত্ৰ ৰহস্য বুজি পোৱাৰ ক্ষমতা তোমালোকক দিয়া হৈছে। কিন্তু আন লোকসকলৰ কাৰণে এইবোৰ কেৱল উদাহৰণহে। ১২ তেওঁলোকে চাওঁতে চাব, কিন্তু দেখা নাপাব আৰু শুনোঁতে শুনিব, কিন্তু ইয়াৰ অৰ্থ বুজি নাপাব। তেওঁলোকে কেতিয়াও ঈশ্বৰৰ ওচৰলৈ ঘূৰি নাহিব আৰু ক্ষমা নাপাব।” ১৩ তাৰ পাছত তেওঁ কʼলে, “যদি তোমালোকে এই উদাহৰণ বুজি পোৱা নাই, তেনেহʼলে বাকী উদাহৰণবোৰৰ অৰ্থ কেনেকৈ বুজি পাবা?

১৪ বীজ সিঁচোঁতাজনে ঈশ্বৰৰ বাক্য সিঁচে। ১৫ ৰাস্তাৰ কাষত সিঁচা বীজ হৈছে সেই লোকসকল, যিসকলে ঈশ্বৰৰ বাক্য শুনে, কিন্তু চয়তানে লগে লগে আহি তেওঁলোকৰ হৃদয়ত সিঁচা বীজটো লৈ যায়। ১৬ শিলাময় মাটিত সিঁচা বীজ হৈছে সেই লোকসকল, যিসকলে ঈশ্বৰৰ বাক্য শুনাৰ লগে লগে আনন্দেৰে সেইবোৰ পালন কৰে। ১৭ কিন্তু তেওঁলোকৰ হৃদয়ত সেই বাক্যৰ শিপা গভীৰ নোহোৱাৰ বাবে সেয়া অলপ সময়ৰ কাৰণে থাকে। যেতিয়া সেই বাক্যৰ কাৰণে সমস্যা বা তাড়না আহে, তেতিয়া তেওঁলোকে লগে লগে বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিয়ে।* ১৮ আৰু কিছুমান বীজ কাঁইটীয়া বনত সিঁচা হৈছিল। তেওঁলোক হৈছে সেই লোকসকল, যিসকলে বাক্য শুনে, ১৯ কিন্তু জগতৰ* চিন্তা আৰু প্ৰলোভনত পেলোৱা ধন-সম্পত্তিৰ শক্তি আৰু সকলো বস্তু পাবলৈ কৰা ইচ্ছাই বাক্যক হেঁচি ধৰে। আৰু তেওঁলোকে কোনো ফল নিদিয়ে। ২০ অৱশেষত, ভাল মাটিত সিঁচা বীজ হৈছে সেই লোকসকল, যিসকলে বাক্য শুনে আৰু সেয়া আনন্দেৰে পালন কৰে। আৰু কিছুমানে ৩০ গুণ, কিছুমানে ৬০ গুণ আৰু কিছুমানে ১০০ গুণ ফল দিয়ে।”

২১ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “কোনোবাই চাকি জ্বলাই ঢাকি ৰাখে নে?* বা বিছনাৰ তলত থয় নে? তেওঁ ইয়াক মেজৰ ওপৰত নাৰাখে নে? ২২ গোপনে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব। সাৱধানে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব। ২৩ মই কি কৈ আছোঁ, কাণ পাতি শুনা।”

২৪ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে যি শুনিছা, তালৈ মন দিয়া। যি জোখেৰে তোমালোকে আনক জোখা, সেই জোখেৰে তোমালোকৰ কাৰণেও জোখা হʼব। আনকি তোমালোকক আৰু বেছিকৈহে দিয়া হʼব। ২৫ কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হʼব।”

২৬ তাৰ পাছত তেওঁ কʼলে, “ঈশ্বৰৰ ৰাজ্য এইদৰে হয়: এজন মানুহে মাটিত বীজ সিঁচে। ২৭ সেই মানুহজন সদায় ৰাতি শুৱে আৰু ৰাতিপুৱা উঠে। সেই সময়ছোৱাত বীজৰ পৰা অংকুৰ ওলায় আৰু নিজে নিজে বাঢ়ে। কিন্তু কেনেকৈ হয়, সেয়া তেওঁ নাজানে। ২৮ মাটিয়ে নিজে নিজে লাহে লাহে ফল দিয়ে। প্ৰথমে অংকুৰ ওলায়, তাৰ পাছত ঠাৰি আৰু শেষত শস্যৰ থোক ওলায়। ২৯ তাৰ পাছত শস্য পকাৰ লগে লগে তেওঁ কাঁচি লগায়। কিয়নো শস্য দোৱাৰ সময় হʼল।”

৩০ তাৰ পাছত তেওঁ কʼলে, “আমি ঈশ্বৰৰ ৰাজ্যক কিহৰ লগত তুলনা কৰিম বা কি উদাহৰণ দি বুজাম? ৩১ ইয়াক সৰিয়হ গুটিৰ লগত তুলনা কৰিব পাৰি। যেতিয়া এই গুটি মাটিত সিঁচা হয়, তেতিয়া ই বীজবোৰৰ ভিতৰত আটাইতকৈ সৰু হয়। ৩২ কিন্তু সিঁচাৰ পাছত যেতিয়া সেয়া বাঢ়িবলৈ ধৰে, তেতিয়া ই শাক-পাচলি গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ পৰে। আৰু এই গছত ডাঙৰ ডাঙৰ ডাল ওলায়, যাৰ ছাঁত আকাশৰ চৰায়ে আহি আশ্ৰয় লয়।”

৩৩ এইদৰে বহুতো উদাহৰণ দি তেওঁলোকে যিমান বুজিব পাৰিছিল, সেই অনুসৰি যীচুৱে তেওঁলোকক ঈশ্বৰৰ বাক্য শিকাইছিল। ৩৪ সঁচাকৈ, তেওঁ উদাহৰণ নিদিয়াকৈ একো কথা কোৱা নাছিল। কিন্তু নিজৰ শিষ্যসকলক অকলশৰে সেই সকলো কথাৰ অৰ্থ বুজাই দিছিল।

৩৫ সেই দিনাখন যেতিয়া গধূলি হʼল, তেতিয়া যীচুৱে শিষ্যসকলক কʼলে, “বʼলা আমি সাগৰৰ সিপাৰলৈ যাওঁ।” ৩৬ সেইবাবে, ভিৰক বিদায় দিয়াৰ পাছত তেওঁলোকে যীচুক নাৱত লৈ গʼল। আৰু তেওঁৰ নাৱৰ লগত আন নাওবোৰো আছিল। ৩৭ তেতিয়া ডাঙৰ ধুমুহা আহিল। আৰু ঢৌৱে বহুত জুৰেৰে বাৰে বাৰে নাওখনত খুন্দা মাৰিবলৈ ধৰিলে, যাৰ বাবে নাওখনত পানী ভৰিবলৈ ধৰিলে। ৩৮ কিন্তু যীচু নাৱৰ পিছৰ অংশত গাৰুত মূৰ দি শুই আছিল। শিষ্যসকলে তেওঁক জগালে আৰু কʼলে, “হে গুৰু, আমি এতিয়া মৰিম, তথাপি আপোনাৰ চিন্তা নাই নে?” ৩৯ তেতিয়া তেওঁ উঠি ধুমুহাক ধমকি দিলে আৰু সাগৰৰ ঢৌক কʼলে, “শ্ব! শান্ত হৈ যা!” তেতিয়া ধুমুহা কমি গʼল আৰু একেবাৰে শান্ত হৈ পৰিল। ৪০ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে কিয় ইমান ভয় খাইছা?* এতিয়ালৈকে তোমালোকৰ বিশ্বাস হোৱা নাই নে?” ৪১ কিন্তু তেওঁলোকে বহুত ভয় খালে আৰু এজনে-আনজনক কʼবলৈ ধৰিলে, “আচলতে এওঁনো কোন হয়? ধুমুহা আৰু সাগৰেও তেওঁৰ কথা মানে!”

৫ তাৰ পাছত তেওঁলোকে সাগৰৰ সিপাৰে থকা গেৰাচেনীয়াবিলাকৰ এলেকাত পালেগৈ। ২ যীচুৱে নাৱৰ পৰা নমাৰ লগে লগে দুষ্ট স্বৰ্গদূতে পোৱা এজন মানুহ কবৰৰ* মাজৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিলে। ৩ এই মানুহজন কবৰত থাকিছিল। কোনেও তাক বান্ধি ৰাখিব নোৱাৰিছিল, আনকি শিকলিৰেও নোৱাৰিছিল। ৪ তাক বাৰে বাৰে বেৰী আৰু শিকলিৰে বন্ধা হৈছিল, কিন্তু সি শিকলি ছিঙি দিছিল, বেৰীও ডোখৰ ডোখৰ কৰিছিল আৰু তাক নিয়ন্ত্ৰণ কৰিবলৈ কাৰো ওচৰত শক্তি নাছিল। ৫ সি দিনে-ৰাতিয়ে কবৰ আৰু পাহাৰৰ মাজত চিঞৰি আছিল আৰু শিলেৰে নিজকে আঘাত কৰি আছিল। ৬ কিন্তু সি দূৰৰ পৰা যীচুক দেখাৰ লগে লগে দৌৰি তেওঁৰ ওচৰলৈ আহিলে আৰু মূৰ দোৱাই তেওঁক প্ৰণাম কৰিলে। ৭ তাৰ পাছত সি জোৰেৰে চিঞৰি কʼলে, “হে যীচু, মহান ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত মোৰ কি কাম? মই ঈশ্বৰৰ শপত দি আপোনাক কৈছোঁ, মোক কষ্ট নিদিব।” ৮ সি এইদৰে কোৱাৰ কাৰণ হৈছে যীচুৱে তাক কৈছিল, “হে দুষ্ট স্বৰ্গদূত, এই মানুহজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যা।” ৯ কিন্তু যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” সি কʼলে, “মোৰ নাম পলটন, কাৰণ আমি বহুত আছোঁ।” ১০ আৰু সেই এলেকাৰ পৰা সিহঁতক বাহিৰলৈ নপঠাবলৈ সি যীচুক বাৰে বাৰে মিনতি কৰিলে।

১১ সেই সময়তে গাহৰিৰ এটা ডাঙৰ জাক, সেই পাহাৰত চৰি আছিল। ১২ সেইবাবে, দুষ্ট স্বৰ্গদূতবিলাকে তেওঁক মিনতি কৰিলে, “আমাক সেই গাহৰিবোৰলৈ পঠাই দিয়ক যাতে আমি সেইবোৰত সোমাব পাৰোঁ।” ১৩ যীচুৱে সিহঁতক যাবলৈ অনুমতি দিলে, তেতিয়া দুষ্ট স্বৰ্গদূতবিলাকে সেই মানুহজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই গাহৰিবোৰত সোমাল আৰু প্ৰায় ২,০০০ গাহৰিৰ জাকে বেগেৰে দৌৰিলে আৰু পাহাৰৰ গৰাৰ পৰা সাগৰত পৰি সকলো গাহৰি পানীত ডুবি মৰিল। ১৪ কিন্তু গাহৰি চৰোৱা লোকসকলে তাৰ পৰা পলাই গʼল আৰু তেওঁলোকে চহৰ আৰু আশে-পাশে থকা এলেকালৈ গৈ ঘটনাৰ বিষয়ে সকলো কথা কʼলে আৰু তাত কি হৈছিল লোকসকলে চাবলৈ আহিল। ১৫ তেওঁলোকে যীচুৰ ওচৰলৈ আহি দেখিলে যে আগতে দুষ্ট স্বৰ্গদূতৰ পলটনে পোৱা মানুহজন বহি আছে, এতিয়া তেওঁ কাপোৰ পিন্ধি আছে আৰু তেওঁ সুস্থ হৈ গʼল আৰু এয়া দেখি লোকসকলে বৰ ভয় খালে। ১৬ যিসকলে এই সকলো ঘটনা নিজ চকুৰে দেখিছিল, তেওঁলোকে লোকসকলক কʼলে যে দুষ্ট স্বৰ্গদূতে পোৱা মানুহজনৰ লগত এই সকলো কেনেকৈ হʼল আৰু গাহৰিবোৰৰ কি অৱস্থা হʼল। ১৭ সেইবাবে, তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ তেওঁলোকে যীচুক মিনতি কৰিবলৈ ধৰিলে।

১৮ যেতিয়া যীচু নাৱত উঠিবলৈ লৈছিল, তেতিয়া আগতে দুষ্ট স্বৰ্গদূতে পোৱা, সেই মানুহজনে যীচুৰ লগত যাবলৈ মিনতি কৰিবলৈ ধৰিলে। ১৯ কিন্তু যীচুৱে তেওঁক আহিবলৈ নিদিলে আৰু কʼলে, “নিজৰ ঘৰলৈ যোৱা আৰু যিহোৱাই* তোমাৰ কাৰণে কি কি কৰিলে আৰু তোমাৰ ওপৰত কিমান দয়া দেখুৱালে, এই বিষয়ে নিজৰ পৰিয়ালক কোৱাগৈ।” ২০ তেতিয়া সেই মানুহজন তাৰ পৰা গুচি গʼল আৰু দিকাপলিত* যীচুৱে তেওঁৰ বাবে কৰা সেই সকলো কামৰ বিষয়ে লোকসকলক জনাবলৈ ধৰিলে আৰু লোকসকল আচৰিত হʼল।

২১ যেতিয়া যীচুৱে নাৱেৰে সাগৰ পাৰ হৈ উভতি আহিলে, তেতিয়া তেওঁৰ ওচৰত এটা ডাঙৰ ভিৰ গোট খালে আৰু যীচু সাগৰৰ পাৰতে আছিল। ২২ তালৈ সভাঘৰৰ এজন অধিকাৰী আহিল, যাৰ নাম যায়ীৰ আছিল। তেওঁ যীচুক দেখাৰ লগে লগে তেওঁৰ ভৰিত পৰিল। ২৩ আৰু তেওঁ বাৰে বাৰে যীচুক মিনতি কৰিবলৈ ধৰিলে, “মোৰ ছোৱালীজনীৰ অৱস্থা একেবাৰে বেয়া।* অনুগ্ৰহ কৰি মোৰ লগত বʼলক আৰু তাইক সুস্থ কৰক।”* ২৪ তেতিয়া যীচুৱে তেওঁৰ লগত গʼল আৰু এটা ডাঙৰ ভিৰে ঠেলা-হেঁচা কৰি তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে।

২৫ তাত এনে এগৰাকী তিৰোতা আছিল, যাৰ ১২ বছৰৰ পৰা তেজ বোৱা বেমাৰ আছিল। ২৬ তেওঁ বহুতো চিকিৎসকৰ ওচৰত চিকিৎসা কৰি কৰি বহুত কষ্ট ভুগিব লগা হৈছিল আৰু তেওঁৰ ওচৰত যি আছিল, সেই সকলো খৰচ কৰিও তেওঁ সুস্থ নহʼল, আনকি তেওঁৰ অৱস্থা বেছিহে বেয়া হʼল। ২৭ যেতিয়া তেওঁ যীচুৰ বিষয়ে শুনিলে, তেতিয়া তেওঁ ভিৰৰ মাজেদি যীচুৰ পিছফালে আহি তেওঁৰ কাপোৰ চুলে। ২৮ কিয়নো তেওঁ কৈছিল, “যদি মই তেওঁৰ কাপোৰখনকে চুই লওঁ, তেনেহʼলে মই ভাল হৈ যাম।” ২৯ সেই সময়তে তেওঁৰ তেজ বোৱা বন্ধ হৈ গʼল আৰু তেওঁ অনুভৱ কৰিলে যে তেওঁৰ সেই কষ্টদায়ক বেমাৰ ভাল হৈ গʼল।

৩০ সেই সময়তে যীচুৱে নিজৰ শৰীৰৰ পৰা শক্তি ওলাই যোৱা গʼম পালে আৰু তেওঁ পিছফালে ঘূৰি চাই ভিৰক কʼলে, “মোৰ কাপোৰ কোনে চুলে?” ৩১ কিন্তু শিষ্যসকলে কʼলে, “আপুনি দেখিছে যে ভিৰে আপোনাক কেনেকৈ হেঁচি ধৰিছে, তথাপিও আপুনি কৈছে, ‘মোক কোনে চুলে?’” ৩২ কিন্তু কোনে কৰিলে, সেয়া জানিবলৈ তেওঁ চাৰিওফালে চাবলৈ ধৰিলে। ৩৩ তেতিয়া সেই তিৰোতাগৰাকীয়ে নিজে সুস্থ হʼল বুলি গʼম পাই ভয়ত কঁপি কঁপি আহি তেওঁৰ আগত পৰি সকলো সঁচা কথা কʼলে। ৩৪ যীচুৱে তেওঁক কʼলে, “মোৰ ছোৱালী, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে। যোৱা, এতিয়া আৰু চিন্তা নকৰিবা। এই কষ্টদায়ক বেমাৰ তোমাৰ আৰু কেতিয়াও নহওক।”

৩৫ তেওঁ কৈ থকাৰ সময়তে সভাঘৰৰ অধিকাৰী যায়ীৰৰ ঘৰৰ পৰা কিছুমান মানুহ আহি কʼবলৈ ধৰিলে, “তোমাৰ ছোৱালীজনী মৰি গʼল! এতিয়া গুৰুক আৰু কিয় কষ্ট দিব লাগে?” ৩৬ কিন্তু যীচুৱে যেতিয়া তেওঁলোকৰ কথা শুনিলে, তেতিয়া তেওঁ সভাঘৰৰ অধিকাৰীজনক কʼলে, “ভয় নকৰিবা, কেৱল বিশ্বাস ৰাখা।” ৩৭ তাৰ পাছত তেওঁ পিতৰ, যাকোব আৰু তেওঁৰ ভাই যোহনৰ বাহিৰে আন কাকো নিজৰ লগত আহিবলৈ নিদিলে।

৩৮ যেতিয়া তেওঁলোকে সভাঘৰৰ অধিকাৰীৰ ঘৰ পালেগৈ, তেতিয়া তেওঁলোকে দেখিলে যে তাত বহুত হুলস্থূল হৈ আছে। লোকসকলে চিঞৰি চিঞৰি কান্দি আছে আৰু দুখ কৰি আছে। ৩৯ যীচুৱে ভিতৰলৈ যোৱাৰ পাছত তেওঁলোকক কʼলে, “তোমালোকে কিয় কান্দিছা আৰু হুলস্থূল কৰি আছা? ছোৱালীজনী মৰা নাই, টোপনি গৈছে।” ৪০ এই কথা শুনি তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে। কিন্তু যীচুৱে সকলোকে বাহিৰলৈ পঠিয়াই দিলে। আৰু ছোৱালীজনীৰ মা-দেউতা আৰু নিজৰ শিষ্যসকলক লগত লৈ ছোৱালীজনীক যʼত শুৱাই থৈছিল, তালৈ গʼল। ৪১ তাৰ পাছত যীচুৱে ছোৱালীজনীৰ হাতত ধৰি কʼলে, “টালিথা কুমী,” যাৰ অৰ্থ হৈছে, “মই তোমাক কৈছোঁ, উঠা মোৰ ছোৱালীজনী!” ৪২ সেই সময়তে ছোৱালীজনী উঠি খোজকাঢ়িবলৈ ধৰিলে। (তাইৰ বয়স ১২ বছৰ আছিল।) এয়া দেখি তেওঁলোকে বহুত আনন্দিত হʼল। ৪৩ কিন্তু এই বিষয়ে কাকো নকʼবলৈ যীচুৱে তেওঁলোকক বাৰে বাৰে সাৱধান কৰি কʼলে আৰু তাইক কিবা খোৱা বস্তু দিবলৈ কʼলে।

৬ তাৰ পাছত যীচু তাৰ পৰা ওলাই তেওঁ ডাঙৰ-দীঘল হোৱা এলেকালৈ আহে আৰু তেওঁৰ লগত তেওঁৰ শিষ্যসকলেও আহিল। ২ বিশ্ৰাম-বাৰৰ* দিনাখন তেওঁ সভাঘৰত শিকাবলৈ ধৰিলে। তেওঁৰ কথা শুনা বেছিভাগ লোকে আচৰিত হৈছিল। তেওঁলোকে কৈছিল, “এই মানুহজনে এই কথাবোৰ কʼৰ পৰা শিকিলে? ই ইমান বুদ্ধি কʼৰ পৰা পালে আৰু এনেধৰণৰ চমৎকাৰ কৰিবলৈ তেওঁক কোনে শক্তি দিলে? ৩ ই সেই বাঢ়ৈ নহয় নে? ই মৰিয়মৰ লʼৰা আৰু যাকোব, যোচেফ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনীসকলেও আমাৰ মাজতে নাই জানোঁ!” সেইবাবে, তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস নকৰিলে। ৪ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “এজন ভৱিষ্যবক্তাক নিজৰ এলেকাৰ লোক, পৰিয়াল আৰু সম্বন্ধীয় লোকসকলৰ বাহিৰে সকলোৱে সন্মান কৰে।” ৫ সেইবাবে, তেওঁ অকল কেইজনমান ৰোগীৰ গাত হাত দি তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো চমৎকাৰ নকৰিলে। ৬ আচলতে তেওঁলোকৰ কম বিশ্বাস দেখি যীচু আচৰিত হʼল। ইয়াৰ পাছত তেওঁ ওচৰে-পাজৰে থকা গাঁওবোৰলৈ গৈ শিকাবলৈ ধৰিলে।

৭ তাৰ পাছত যীচুৱে সেই ১২ জনক মাতি তেওঁলোকক দুজন দুজনকৈ পঠিয়াবলৈ ধৰিলে আৰু যীচুৱে তেওঁলোকক দুষ্ট স্বৰ্গদূতৰ ওপৰতো অধিকাৰ দিলে। ৮ যীচুৱে তেওঁলোকক নিৰ্দেশনা দিলে যে তেওঁলোকে যেন যাত্ৰা কৰোঁতে নিজৰ লাখুটিডালৰ বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত ৰুটি, খোৱাৰ মোনা, টকাৰ মোনা* নলয় ৯ আৰু তেওঁলোকে জোতা পিন্ধক, কিন্তু দুযোৰ কাপোৰ নলওক।* ১০ যীচুৱে তেওঁলোকক এয়াও কʼলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে সেইখন ঘৰতে থাকিবা।” ১১ যদি কোনো এলেকাত লোকসকলে তোমালোকক গ্ৰহণ নকৰে বা তোমালোকৰ কথা নুশুনে, তেনেহʼলে তাৰ পৰা ওলাই আহোঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা যাতে তেওঁলোকে সাক্ষ্য পায়। ১২ তেতিয়া তেওঁলোকে ওলাই গʼল আৰু অনুতাপ কৰিবলৈ লোকসকলক প্ৰচাৰ কৰিবলৈ ধৰিলে। ১৩ তেওঁলোকে বহুতো দুষ্ট স্বৰ্গদূতক উলিয়ালে আৰু বহুতো ৰোগীৰ গাত তেল সানি তেওঁলোকক সুস্থ কৰিলে।

১৪ এই কথা ৰজা হেৰোদে শুনিবলৈ পালে, কাৰণ যীচুৰ নাম চাৰিওফালে বিয়পি পৰিছিল। লোকসকলে কৈছিল, “যোহন বাপ্তিষ্মা দিওঁতা, যিজনৰ মৃত্যু হৈছিল, তেওঁক আকৌ জীয়াই তোলা হৈছে। সেইবাবে, তেওঁ এনেধৰণৰ চমৎকাৰ কৰিছে!” ১৫ কিন্তু কিছুমান লোকে কৈছিল, “এওঁ এলিয়া হয়” আৰু আন কিছুমানে কৈছিল “এওঁ পুৰণি সময়ৰ ভৱিষ্যবক্তাৰ নিচিনা কোনো এজন ভৱিষ্যবক্তা হয়।” ১৬ কিন্তু হেৰোদে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ কʼলে, “মই যিজন যোহনৰ মূৰ কাটিবলৈ আদেশ দিছিলোঁ, তেওঁ আকৌ জীয়াই উঠিলে।” ১৭ হেৰোদে নিজৰ ভাই ফিলিপৰ পত্নী হেৰোদিয়াক বিয়া কৰিছিল। হেৰোদিয়াৰ কাৰণে হেৰোদে যোহনক গ্ৰেপ্তাৰ কৰি লৈছিল আৰু শিকলিৰে বান্ধি তেওঁক জেলত বন্দী কৰিছিল। ১৮ কিয়নো যোহনে হেৰোদক প্ৰায়েই কৈছিল, “আপুনি নিজৰ ভাইৰ পত্নীক নিজৰ কৰি নিয়ম পালন কৰা নাই।” ১৯ সেইবাবে, হেৰোদিয়াই যোহনক ঘৃণা কৰিছিল। তেওঁ যোহনক হত্যা কৰিব বিচাৰিছিল, কিন্তু এইদৰে কৰিব পৰা নাছিল। ২০ কিয়নো হেৰোদে জানিছিল যে যোহন এজন ভাল ব্যক্তি আৰু ঈশ্বৰৰ উপাসক হয়। সেইবাবে, তেওঁ যোহনক ভয় কৰিছিল আৰু তেওঁক বচাবলৈ চেষ্টা কৰিছিল। তেওঁ যোহনৰ কথা শুনাৰ পাছত কি কৰিম কি নকৰিম, সেয়া বুজিয়েই পোৱা নাছিল। তথাপিও তেওঁ আনন্দেৰে যোহনৰ কথা শুনিছিল।

২১ কিন্তু এদিন হেৰোদিয়াই যোহনৰ পৰা প্ৰতিশোধ লʼবলৈ এটা ভাল সুযোগ পালে। সেই দিনাখন হেৰোদৰ জন্মদিন আছিল আৰু তেওঁ ৰাতিৰ ভোজৰ আয়োজন কৰিছিল, যʼত তেওঁ ডাঙৰ ডাঙৰ অধিকাৰী, সেনাপতি আৰু গালীলৰ প্ৰধান লোকসকলক মাতিছিল। ২২ তেতিয়া হেৰোদিয়াৰ ছোৱালীজনী তালৈ আহিল আৰু তাই নাচি হেৰোদ আৰু ভোজত উপস্থিত* থকা লোকসকলক আনন্দিত কৰিলে। ৰজাই ছোৱালীজনীক কʼলে, “তুমি যিয়েই খোজা, মই তোমাক দিম।” ২৩ ৰজাই শপত খাই কʼলে, “তুমি মোৰ পৰা যিয়েই খোজা, মই তোমাক দিম, আনকি মই নিজৰ ৰাজ্যৰ আধাখিনিও তোমাক দি দিম।” ২৪ তেতিয়া ছোৱালীজনীয়ে বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তাইৰ মাকে কʼলে, “যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰ।” ২৫ তেতিয়াই সেই ছোৱালীজনী লৰা-লৰিকৈ ৰজাৰ ওচৰলৈ গৈ কʼলে, “আপুনি এতিয়াই মোক এখন থালত যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰ আনি দিয়াটো মই বিচাৰোঁ।” ২৬ এয়া শুনি ৰজাৰ বহুত দুখ লাগিল। তথাপিও তেওঁ নিজৰ শপতৰ কাৰণে আৰু তাত অহা আলহীৰ* কাৰণে তেওঁ ছোৱালীজনীয়ে কৰা অনুৰোধ পূৰ কৰিলে। ২৭ ৰজাই লগে লগে এজন দেহৰক্ষীক পঠিয়ালে আৰু তেওঁক যোহনৰ মূৰ আনিবলৈ আদেশ দিলে। সেই মানুহজনে গৈ জেলত যোহনৰ মূৰ কাটি দিলে। ২৮ আৰু সেই মূৰটো এখন থালত থৈ ছোৱালীজনীক দিলে আৰু ছোৱালীজনীয়ে সেয়া লৈ নিজৰ মাকক দি দিলে। ২৯ যেতিয়া যোহনৰ শিষ্যসকলে এই বিষয়ে গʼম পালে, তেতিয়া তেওঁলোকে আহি তেওঁৰ মৃতদেহ লৈ কবৰত* থʼলে।

৩০ পাঁচনিসকল যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কাম কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো কথা তেওঁক কʼলে। ৩১ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “আহা, তোমালোকে মোৰ লগত কোনো এখন নিৰ্জন ঠাইলৈ গৈ অলপ আৰাম কৰা, কাৰণ তাত বহুতো লোকে অহা-যোৱা কৰি আছিল আৰু তেওঁলোকে খাবলৈও সময় পোৱা নাছিল।” ৩২ সেইবাবে, তেওঁলোকে নাৱত উঠি এখন নিৰ্জন ঠাইলৈ গʼল। ৩৩ কিন্তু লোকসকলে তেওঁলোকক যোৱা দেখা পালে আৰু বহুতো লোকে এই বিষয়ে গʼম পালে। তেতিয়া সকলো চহৰৰ পৰা লোকসকলে দৌৰি তেওঁলোকতকৈ আগতে সেই ঠাই পালেগৈ। ৩৪ যেতিয়া যীচুৱে নাৱৰ পৰা নামিলে, তেতিয়া তেওঁ লোকসকলৰ এটা ডাঙৰ ভিৰক দেখিলে আৰু তেওঁলোকক দেখি তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। কাৰণ সিহঁত ৰখীয়া নোহোৱা ভেড়াৰ দৰে আছিল আৰু তেওঁলোকক তেওঁ বহুতো কথা শিকাবলৈ ধৰিলে।

৩৫ যেতিয়া গধূলি হʼল, তেতিয়া যীচুৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায়েই শেষ হʼল।” ৩৬ সেইবাবে, তেওঁলোকক বিদায় দিয়ক যাতে তেওঁলোকে ওচৰে-পাজৰে থকা গাঁৱলৈ গৈ খোৱা বস্তু কিনিব পাৰে। ৩৭ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকেই তেওঁলোকক কিবা খাবলৈ দিয়া।” এয়া শুনি শিষ্যসকলে কʼলে, “আমি ২০০ দীনাৰৰ* ৰুটি কিনি তেওঁলোকক খাবলৈ দিম নে?” ৩৮ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ ওচৰত কেইখন ৰুটি আছে, গৈ চোৱাচোন।” তেওঁলোকে চাই কʼলে, “পাঁচখন। আৰু দুটা মাছো আছে।” ৩৯ তাৰ পাছত যীচুৱে সকলোকে ঘাঁহৰ ওপৰত জুম জুমকৈ বহিবলৈ কʼলে। ৪০ তাৰ পাছত তেওঁলোকে এশ এশ আৰু পঞ্চাচ পঞ্চাচ জনকৈ জুম হৈ বহিল। ৪১ যীচুৱে সেই পাঁচখন ৰুটি আৰু দুটা মাছ লʼলে আৰু আকাশৰ ফালে চাই প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ ৰুটি ভাঙি শিষ্যসকলক দিবলৈ ধৰিলে যাতে তেওঁলোকে লোকসকলৰ মাজত ভগাই দিয়ে। আৰু তেওঁ মাছ দুটাও লোকসকলৰ কাৰণে ভগাই দিলে। ৪২ তেতিয়া সকলোৱে পেট ভৰাই খালে ৪৩ আৰু শিষ্যসকলে যেতিয়া ৰৈ যোৱা ৰুটিৰ টুকুৰাবোৰ তুলিলে, তেতিয়া ১২ টা টুকুৰী ভৰি গʼল আৰু মাছো আছিল। ৪৪ আৰু ৰুটি খোৱা লোকসকলৰ মাজত ৫,০০০ পুৰুষ আছিল।

৪৫ ইয়াৰ পাছতে যীচুৱে নিজৰ শিষ্যসকলক কʼলে তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰে থকা বৈৎচৈদালৈ যায় আৰু তেওঁ নিজেই লোকসকলক বিদায় দিলে। ৪৬ কিন্তু লোকসকলক বিদায় দিয়াৰ পাছত তেওঁ প্ৰাৰ্থনা কৰিবলৈ এখন পাহাৰৰ ওপৰলৈ উঠিল। ৪৭ যেতিয়া গধূলি হʼল, তেতিয়া নাওখন সাগৰৰ মাজত আছিল, কিন্তু তেওঁ অকলে পাহাৰত আছিল। ৪৮ তেওঁ দেখিলে যে বিপৰীত দিশৰ পৰা ডাঙৰকৈ ধুমুহা বতাহ হৈ আছে। সেই কাৰণে নাৱৰ বʼঠা মাৰিবলৈ তেওঁৰ শিষ্যসকলৰ বৰ কষ্ট হৈছিল। তেতিয়া ৰাতিপুৱা সোনকালে* যীচুৱে সাগৰত খোজকাঢ়ি তেওঁলোকৰ ফালে আহিলে, কিন্তু এনেকুৱা লাগিছিল যেন যীচু তেওঁলোকৰ পৰা আগবাঢ়ি যাব বিচাৰিছে। ৪৯ যীচুক পানীৰ ওপৰত খোজকাঢ়ি থকা দেখাৰ লগে লগে শিষ্যসকলে মনতে ভাবিলে, “এয়া আমি কি দেখিছোঁ!” আৰু তেওঁলোকে জোৰেৰে চিঞৰিবলৈ ধৰিলে। ৫০ কাৰণ যীচুক দেখি তেওঁলোকে ভয় খালে, কিন্তু যীচুৱে লগে লগে তেওঁলোকক কʼলে, “ভয় নকৰিবা, এয়া ময়েই।” ৫১ তাৰ পাছত যীচুৱেও তেওঁলোকৰ লগত নাৱত উঠিল আৰু ধুমুহা শান্ত হʼল। এয়া দেখি তেওঁলোকে বৰ আচৰিত হʼল। ৫২ কাৰণ ৰুটিৰ চমৎকাৰ দেখিও তেওঁলোকে তাৰ অৰ্থ বুজিব নোৱাৰিলে। তেওঁলোকৰ হৃদয়ে এতিয়াও বুজি পোৱা নাছিল।

৫৩ ইয়াৰ পাছত তেওঁলোকে সাগৰ পাৰ হৈ গিনেচৰৎ অঞ্চল পালে আৰু তাতে নাওখন বান্ধিলে। ৫৪ কিন্তু তেওঁলোকে নাৱৰ পৰা নমাৰ লগে লগে লোকসকলে যীচুক চিনি পালে। ৫৫ আৰু তেওঁলোকে দৌৰি গৈ সেই এলেকাৰ চাৰিওফালে থকা ৰোগীসকলক খাটত তুলি আনিলে আৰু যীচু যি যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগীসকলক লৈ গʼল। ৫৬ যীচু যি যি গাঁও বা চহৰলৈ গৈছিল, লোকসকলে সেই ঠাইৰ বজাৰবোৰত ৰোগীসকলক থৈছিল আৰু মিনতি কৰিছিল যাতে তেওঁলোকে যীচুৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। এইদৰে যিমানেই চুলে, সকলোৱে সুস্থ হʼল।

৭ এতিয়া যিৰূচালেমৰ পৰা অহা ফৰীচী আৰু কিছুমান নিয়ম শিকোৱা লোকে* যীচুৰ ওচৰলৈ আহিল। ২ তেওঁলোকে দেখিলে যে যীচুৰ কিছুমান শিষ্যই অশুচি হাতেৰে অৰ্থাৎ হাত নোধোৱাকৈ* আহাৰ খায়। ৩ (আচলতে ফৰীচী আৰু সকলো যিহূদীয়ে পুৰুষে পুৰুষে চলি অহা পৰম্পৰাবোৰ দৃঢ়তাৰে পালন কৰে। সেইবাবে, যেতিয়ালৈকে তেওঁলোকে কিলাকুটিলৈকে হাত নোধোৱে, তেতিয়ালৈকে তেওঁলোকে আহাৰ নাখায়। ৪ আৰু তেওঁলোকে বজাৰৰ পৰা উভতি অহাৰ পাছত যেতিয়ালৈকে নিজকে পানীৰে শুচি কৰা নাছিল, তেতিয়ালৈকে আহাৰ খোৱা নাছিল। এনেধৰণৰ তেওঁলোকৰ আৰু বহুতো পৰম্পৰা আছিল, যিবোৰ তেওঁলোকে দৃঢ়তাৰে পালন কৰিছিল। যেনে, বাটি, লোটা আৰু পিতলৰ বৰ্তনবোৰ পানীত ডুবাইছিল।) ৫ এই ফৰীচী আৰু নিয়ম শিকোৱা লোকসকলে যীচুক সুধিলে, “আপোনাৰ শিষ্যসকলে পুৰুষে পুৰুষে চলি অহা নিয়মবোৰ কিয় পালন নকৰে আৰু অশুচি হাতেৰে কিয় আহাৰ খায়?” ৬ যীচুৱে তেওঁলোকক কʼলে, “হে কপটীয়াবিলাক, যিচয়াই তোমালোকৰ বিষয়ে ঠিকেই ভৱিষ্যবাণী কৰিছিল, যিদৰে লিখা আছে, ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে। ৭ তেওঁলোকে অনৰ্থকৰূপে মোৰ উপাসনা কৰে, কিয়নো তেওঁলোকে মানুহৰ ৰীতি-নীতিবোৰ এনেদৰে শিকায়, যেন সেইবোৰ ঈশ্বৰৰ শিক্ষা হয়।’ ৮ তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি পুৰুষে পুৰুষে চলি অহা মানুহৰ পৰম্পৰাবোৰ পালন কৰা।”

৯ তাৰ পাছত তেওঁ কʼলে, “তোমালোকে নিজৰ পৰম্পৰা বজাই ৰাখিবলৈ চতুৰতাৰে ঈশ্বৰৰ আজ্ঞা আওকাণ কৰা। ১০ উদাহৰণস্বৰূপে, মোচিয়ে কৈছিল, ‘নিজৰ মা-দেউতাক সন্মান কৰিবা,’ আৰু ‘যি কোনোৱে নিজৰ মা বা দেউতাক বেয়াকৈ কয়,* তেওঁক মৃত্যুদণ্ড দিয়া হʼব।’ ১১ কিন্তু তোমালোকে কোৱা, ‘যদি এজন ব্যক্তিয়ে নিজৰ মা বা দেউতাকক কয়, “আপোনালোকে লাভৱান হোৱা মোৰ ওচৰত যি বস্তু আছে, সেই সকলো কুৰবান (অৰ্থাৎ ঈশ্বৰৰ উদ্দেশ্যে ৰখা উপহাৰ হয়),” তেনেহʼলে এয়া ভুল নহয়।’ ১২ এইদৰে কৰি তোমালোকে সেই ব্যক্তিজনক নিজৰ মা বা দেউতাৰ কাৰণে একো কৰিবলৈ নিদিয়া। ১৩ এইদৰে তোমালোকে নিজৰ পৰম্পৰা শিকাই ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছা। তোমালোকে এনেধৰণৰ আৰু বহুতো কাম কৰা।” ১৪ তাৰ পাছত তেওঁ লোকসকলক আকৌ মাতিলে আৰু তেওঁলোকক কʼলে, “তোমালোক সকলোৱে মোৰ কথা মন দি শুনা আৰু ইয়াৰ অৰ্থ বুজা। ১৫ বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা এনে কোনো বস্তু নাই, কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি ওলায়, সেইবোৰেহে তেওঁক অশুচি কৰে।” ১৬* —

১৭ যেতিয়া তেওঁ ভিৰৰ পৰা গৈ এখন ঘৰত সোমালে, তেতিয়া তেওঁৰ শিষ্যসকলে সেই উদাহৰণৰ অৰ্থৰ বিষয়ে সুধিবলৈ ধৰিলে। ১৮ তেতিয়া যীচুৱে শিষ্যসকলক কʼলে, “তেওঁলোকৰ দৰে তোমালোকেও বুজি পোৱা নাই নে? তোমালোকে নাজানা নে বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে? ১৯ কাৰণ সেইবোৰ হৃদয়ত নোসোমায়, কিন্তু সেয়া পেটলৈ যায় আৰু পাছত বাহিৰলৈ ওলাই যায়।” এইদৰে তেওঁ সকলো খোৱা বস্তুক শুচি বুলি কʼলে। ২০ ইয়াৰ পাছত তেওঁ কʼলে, “মানুহৰ ভিতৰৰ পৰা যি ওলায়, সেইবোৰেই তেওঁক অশুচি কৰে। ২১ কিয়নো ভিতৰৰ পৰা অৰ্থাৎ মানুহৰ হৃদয়ৰ পৰাই বেয়া চিন্তা ওলায়। সেই কাৰণে অনৈতিক শাৰীৰিক সম্পৰ্ক,* চুৰ কৰা, হত্যা, ২২ ব্যভিচাৰ,* লোভ, দুষ্ট কাম, বিশ্বাসঘাত কৰা, নিৰ্লজ্জভাৱে কৰা পাপ কাম,* ঈৰ্ষা,* নিন্দা, অহংকাৰ আৰু মূৰ্খতা এইবোৰ ওলায়। ২৩ এই সকলো বেয়া বিষয় মানুহৰ ভিতৰৰ পৰা ওলায় আৰু এইবোৰে তেওঁক অশুচি কৰে।”

২৪ যীচুৱে তাৰ পৰা উঠি তূৰ আৰু চীদোনৰ এলেকালৈ গʼল। তাত তেওঁ এখন ঘৰলৈ গʼল আৰু তেওঁৰ বিষয়ে কোনেও জনাটো তেওঁ বিচৰা নাছিল। তথাপিও তেওঁ লোকসকলৰ পৰা লুকাই থাকিব নোৱাৰিলে। ২৫ তাত এগৰাকী তিৰোতা আছিল। তেওঁৰ সৰু ছোৱালীজনীক দুষ্ট স্বৰ্গদূতে পাইছিল। যীচুৱে তাত অহাৰ খবৰ শুনাৰ লগে লগে সেই তিৰোতাগৰাকীয়ে তেওঁৰ ওচৰলৈ আহি তেওঁৰ ভৰিত পৰিল। ২৬ সেই তিৰোতাগৰাকী গ্ৰীক আছিল আৰু চৰিয়াৰ ফৈনীকিয়াত থাকিছিল। তেওঁৰ ছোৱালীজনীৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়াই দিবলৈ তেওঁ যীচুক মিনতি কৰি থাকিল। ২৭ কিন্তু যীচুৱে তেওঁক কʼলে, “প্ৰথমে লʼৰা-ছোৱালীক পেট ভৰাই খাবলৈ দিয়া, কিয়নো লʼৰা-ছোৱালীৰ খোৱা বস্তুবোৰ লৈ কুকুৰৰ পোৱালিৰ আগত পেলাই দিয়াটো উচিত নহয়।” ২৮ কিন্তু তিৰোতাগৰাকীয়ে কʼলে, “ঠিকেই কৈছে প্ৰভু, তথাপিওতো কুকুৰৰ পোৱালিয়ে লʼৰা-ছোৱালীৰ মেজৰ পৰা পৰি যোৱা টুকুৰাবোৰ খায়।” ২৯ এয়া শুনি যীচুৱে তেওঁক কʼলে, “ঠিকেই কৈছা, যোৱা তোমাৰ ছোৱালীজনীৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গʼল।” ৩০ তেতিয়া সেই তিৰোতাগৰাকী নিজৰ ঘৰলৈ গুচি গʼল আৰু তেওঁ দেখিলে যে তেওঁৰ ছোৱালীজনী বিছনাত শুই আছে আৰু তাইৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গʼল।

৩১ যেতিয়া যীচুৱে তূৰ এলেকাৰ পৰা ওলালে, তেতিয়া তেওঁ চীদোন আৰু দিকাপলিৰ* এলেকাৰ মাজেদি হৈ গালীল সাগৰলৈ গʼল। ৩২ ইয়াত লোকসকলে তেওঁৰ ওচৰত এজন কলা ব্যক্তিক লৈ আহিলে, যিজনে ভালকৈ কথা কʼব নোৱাৰিছিল। তেওঁলোকে সেই ব্যক্তিজনৰ গাত হাত দিবলৈ যীচুক মিনতি কৰিলে। ৩৩ যীচুৱে সেই ব্যক্তিজনক ভিৰৰ পৰা আঁতৰাই নিলে আৰু মানুহজনৰ কাণ দুখনত আঙুলি দি থু লগাই তেওঁৰ জিভাখন চুলে। ৩৪ তাৰ পাছত তেওঁ আকাশৰ ফালে চালে আৰু ডাঙৰকৈ উশাহ লৈ তেওঁক কʼলে, “ইফফাতাহ,” যাৰ অৰ্থ হৈছে “মুকলি হওক।” ৩৫ তেতিয়া সেই ব্যক্তিজনে শুনিব পাৰিলে আৰু তেওঁৰ মাত স্পষ্ট হʼল আৰু তেওঁ ভালদৰে কʼবলৈ ধৰিলে। ৩৬ তাৰ পাছত যীচুৱে তেওঁলোকক সাৱধান কৰি এই বিষয়ে কাকো নকʼবলৈ কʼলে। কিন্তু যীচুৱে যিমানেই তেওঁলোকক মানা কৰিছিল, সিমানেই তেওঁৰ বিষয়ে তেওঁলোকে আনক কʼবলৈ ধৰিলে। ৩৭ সঁচাকৈ লোকসকলে আচৰিত হৈ এইদৰে কৈছিল, “তেওঁ কৰা সকলো কামেই আচৰিত! তেওঁ কলা আৰু বোবাকো সুস্থ কৰি দিয়ে।”

৮ সেই সময়ত আকৌ যেতিয়া এটা ডাঙৰ ভিৰ জমা হৈছিল আৰু তেওঁলোকৰ ওচৰত খাবলৈ একো নাছিল, তেতিয়া যীচুৱে শিষ্যসকলক মাতি কʼলে। ২ “এই ভিৰক দেখি মোৰ হৃদয় দয়াৰে ভৰি পৰিছে, কিয়নো তেওঁলোক মোৰ লগত থকা তিনি দিন হৈ গʼল আৰু তেওঁলোকৰ ওচৰত খাবলৈ একোৱেই নাই। ৩ যদি মই তেওঁলোকক ভোকতে পঠিয়াই দিওঁ, তেনেহʼলে তেওঁলোকে বাটত অসুস্থ হৈ পৰিব। তেওঁলোকৰ মাজৰ কিছুমানে বহু দূৰৰ পৰা আহিছে।” ৪ কিন্তু শিষ্যসকলে তেওঁক কʼলে, “এই নিৰ্জন ঠাইত ইমানবোৰ মানুহক খোৱাবৰ বাবে ইমান ৰুটি কোনে কʼৰ পৰা আনিব?” ৫ তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইখন ৰুটি আছে?” তেওঁলোকে কʼলে, “সাতখন।” ৬ তাৰ পাছত তেওঁ লোকসকলক মাটিত বহিবলৈ কʼলে। আৰু তেওঁ সেই সাতখন ৰুটি লৈ প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ সেইবোৰ ভাঙি শিষ্যসকলক দিলে যাতে তেওঁলোকে লোকসকলৰ মাজত ভগাই দিয়ে। তেতিয়া শিষ্যসকলে ৰুটিবোৰ লোকসকলৰ মাজত ভগাই দিলে। ৭ তেওঁলোকৰ ওচৰত কেইটামান সৰু মাছো আছিল। তেওঁ সেই মাছখিনি লৈ প্ৰাৰ্থনাত ধন্যবাদ দিলে আৰু সেইবোৰো ভগাই দিবলৈ শিষ্যসকলক কʼলে। ৮ তেতিয়া লোকসকলে পেট ভৰাই খালে আৰু যেতিয়া ৰৈ যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া সাতখন ডাঙৰ টুকুৰী ভৰি গʼল। ৯ খোৱা মানুহৰ মাজত পুৰুষৰ সংখ্যা প্ৰায় ৪,০০০ আছিল। তাৰ পাছত তেওঁ লোকসকলক বিদায় দিলে।

১০ তেওঁ লগে লগে নিজৰ শিষ্যসকলৰ লগত নাৱত উঠিল আৰু দলমনুথাৰ এলেকালৈ আহিল। ১১ তাত ফৰীচীবিলাকে আহিলে আৰু যীচুৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। তেওঁলোকে যীচুক পৰীক্ষা কৰিবৰ কাৰণে স্বৰ্গৰ পৰা কিবা এটা চিন দেখুৱাবলৈ কʼলে। ১২ তেতিয়া যীচুৱে বহুত দুখীত হৈ কʼলে, “এই যুগৰ লোকসকলে কিয় সদায় চিন চাবলৈ বিচাৰি থাকে? মই সঁচাকৈ কৈছোঁ, এই যুগৰ লোকসকলক কোনো চিন দেখুৱা নহʼব।” ১৩ এয়া কোৱাৰ পাছত যীচুৱে তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গʼল।

১৪ শিষ্যসকলে নিজৰ লগত ৰুটি নিবলৈ পাহৰি গৈছিল আৰু নাৱত এখন ৰুটিৰ বাহিৰে তেওঁলোকৰ ওচৰত একো নাছিল। ১৫ যীচুৱে তেওঁলোকক সাৱধান কৰি কʼলে, “তোমালোকে নিজৰ চকু খুলি ৰাখিবা আৰু ফৰীচীবিলাকৰ খমিৰ* আৰু হেৰোদৰ খমিৰৰ পৰা সাৱধানে থাকিবা।” ১৬ তেওঁলোকে নিজৰ লগত ৰুটি কিয় অনা নাই বুলি এজনে-আনজনৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। ১৭ এয়া দেখি যীচুৱে তেওঁলোকক কʼলে, “ৰুটি নাই বুলি তোমালোকে কিয় কাজিয়া কৰিছা? মই কি কʼব বিচাৰিছোঁ, তোমালোকে বুজি পোৱা নাই নে? তোমালোকৰ হৃদয়ে এতিয়াও বুজি পোৱা নাই নে?” ১৮ ‘চকু থাকিও তোমালোকে নেদেখা নে? কাণ থাকিও তোমালোকে নুশুনা নে? তোমালোকৰ মনত নাই নে?’ ১৯ “মই যেতিয়া পাঁচখন ৰুটি ভাঙি ৫,০০০ পুৰুষক খোৱাইছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰাবোৰ কেইটা টুকুৰীত তুলিছিলা?” তেওঁলোকে কʼলে, “১২ টা।” ২০ “যেতিয়া মই সাতখন ৰুটি ভাঙি ৪,০০০ পুৰুষক খোৱাইছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰাবোৰ কেইটা ডাঙৰ টুকুৰীত তুলিছিলা?” তেওঁলোকে কʼলে, “সাতটা।” ২১ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে এতিয়াও মোৰ কথা বুজি পোৱা নাই নে?”

২২ তাৰ পাছত তেওঁলোকে বৈৎচৈদালৈ আহিল। ইয়াত লোকসকলে যীচুৰ ওচৰলৈ এজন অন্ধ মানুহক লৈ আহে আৰু সেই মানুহজনক চুবলৈ তেওঁলোকে যীচুক মিনতি কৰিবলৈ ধৰে। ২৩ যীচুৱে অন্ধ মানুহজনৰ হাতত ধৰি তেওঁক গাঁৱৰ বাহিৰলৈ লৈ গʼল। তেওঁ সেই মানুহজনৰ চকুত থু লগালে আৰু তেওঁৰ গাত হাত থৈ তেওঁক সুধিলে, “তুমি কিবা দেখা পাইছা নে?” ২৪ সেই মানুহজনে ওপৰলৈ চাই কʼলে, “মই লোকসকলক দেখা পাইছোঁ, কিন্তু তেওঁলোকক খোজকাঢ়ি ফুৰা গছৰ নিচিনা যেন লাগিছে।” ২৫ যীচুৱে আকৌ সেই মানুহজনৰ চকুত হাত থʼলে আৰু তেওঁ স্পষ্টকৈ দেখা পালে। সেই মানুহজনে নিজৰ চকুৰ দৃষ্টি ঘূৰাই পালে আৰু তেওঁ সকলোবোৰ ভালদৰে দেখা পালে। ২৬ তেতিয়া যীচুৱে তেওঁক ঘৰলৈ পঠিয়াই দি কʼলে, “এই গাঁৱলৈ নাযাবা।”

২৭ যীচু আৰু তেওঁৰ শিষ্যসকলে এতিয়া কৈচৰিয়া ফিলিপীৰ গাঁওবোৰলৈ যাবলৈ ওলাই গʼল। ৰাস্তাত তেওঁ নিজৰ শিষ্যসকলক সুধিবলৈ ধৰিলে, “লোকসকলে মোৰ বিষয়ে কি কয়, মই কোন?” ২৮ তেওঁলোকে কʼলে, “কিছুমানে কয়, যোহন বাপ্তিষ্মা দিওঁতা, আন কিছুমানে কয়, এলিয়া আৰু কিছুমানে আপুনি ভৱিষ্যবক্তাসকলৰ মাজৰ এজন হয় বুলি কয়।” ২৯ তাৰ পাছত সেই একেই প্ৰশ্ন তেওঁ শিষ্যসকলক সুধিলে, “কিন্তু তোমালোকে কি কোৱা, মই কোন?” পিতৰে উত্তৰ দিলে, “আপুনি খ্ৰীষ্ট হয়।” ৩০ তেতিয়া যীচুৱে তেওঁৰ বিষয়ে কাকো নকʼবলৈ তেওঁলোকক সাৱধান কৰি কʼলে। ৩১ তাৰ পাছত তেওঁ শিষ্যসকলক কʼবলৈ ধৰিলে যে মানুহৰ পুত্ৰক বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু যিহূদী নেতা, প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* তেওঁক অস্বীকাৰ কৰিব আৰু তেওঁক হত্যা কৰা হʼব। তাৰ পাছত তৃতীয় দিনাখন তেওঁ আকৌ জীয়াই উঠিব। ৩২ যীচুৱে এই কথা তেওঁলোকক স্পষ্টকৈ কৈ আছিল। কিন্তু পিতৰে তেওঁক অকলশৰীয়াকৈ নি টানকৈ কʼবলৈ ধৰিলে। ৩৩ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ ফালে ঘূৰি চালে আৰু পিতৰক খঙেৰে কʼলে, “হে চয়তান, মোৰ ওচৰৰ পৰা গুচি যা! কিয়নো তোৰ চিন্তাধাৰা ঈশ্বৰৰ দৰে নহয়, কিন্তু মানুহৰ দৰে হয়।”

৩৪ এতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ সৈতে ভিৰৰ লোকসকলক নিজৰ ওচৰলৈ মাতিলে আৰু কʼলে, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ যাতনাৰ কাঠ* উঠাই মোৰ পিছে পিছে আহি থাকক। ৩৫ কিয়নো যি কোনোৱে নিজৰ জীৱন বচাব বিচাৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক পাব। ৩৬ এজন ব্যক্তিয়ে গোটেই জগতখন লাভ কৰিও যদি নিজৰ জীৱন হেৰুৱায়, তেনেহʼলে তেওঁৰ কি লাভ? ৩৭ মানুহে নিজৰ জীৱনৰ সলনি কি দিব পাৰে? ৩৮ যি কোনোৱে এই বিশ্বাসঘাতক* আৰু পাপী যুগৰ লোকসকলৰ ওচৰত মোৰ শিষ্য হʼবলৈ আৰু মোৰ বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ লাজ অনুভৱ কৰে, তেওঁক মানুহৰ পুত্ৰয়ো সেই সময়ত গ্ৰহণ কৰিবলৈ লাজ অনুভৱ কৰিব, যেতিয়া তেওঁ নিজৰ পিতৃৰ মহিমাৰে সৈতে পবিত্ৰ স্বৰ্গদূতসকলৰ লগত আহিব।”

৯ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যিসকলে ঈশ্বৰৰ ৰাজ্য সম্পূৰ্ণ শক্তিৰে অহা নেদেখালৈকে তেওঁলোকৰ মৃত্যু নহʼব।” ২ ইয়াৰ ছদিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু যোহনক লগত লৈ এখন ওখ পাহাৰলৈ উঠি গʼল আৰু তাত তেওঁলোকৰ বাহিৰে কোনো নাছিল। তেওঁলোকৰ সন্মুখতে যীচুৰ ৰূপ সলনি হʼল। ৩ তেওঁৰ কাপোৰ জিলিকিবলৈ ধৰিলে আৰু ইমানেই বগা হʼল যে পৃথিৱীৰ কোনো ধুবীয়ে তেনেদৰে বগা কৰিব নোৱাৰে। ৪ শিষ্যসকলে তাত এলিয়া আৰু মোচিকো দেখা পালে আৰু তেওঁলোকে যীচুৰ লগত কথা পাতি আছিল। ৫ তেতিয়া পিতৰে যীচুক কʼলে, “গুৰু,* আমি ইয়াত থকাটো আমাৰ কাৰণে আনন্দৰ বিষয়। সেইবাবে, আমাক তিনিটা তম্বু সাজিবলৈ দিয়ক, এটা আপোনাৰ কাৰণে, এটা মোচিৰ কাৰণে আৰু এটা এলিয়াৰ কাৰণে।” ৬ আচলতে কি কোৱা উচিত, পিতৰে বুজিয়েই পোৱা নাছিল। কাৰণ তেওঁলোকে বৰ ভয় খাইছিল। ৭ তাৰ পাছত এডোখৰ মেঘে তেওঁলোকক ঢাকি ধৰিলে আৰু সেই মেঘৰ পৰা এই মাত শুনিবলৈ পোৱা গʼল, “এওঁ মোৰ প্ৰিয় পুত্ৰ। এওঁৰ কথা শুনা।” ৮ তাৰ পাছত হঠাতে শিষ্যসকলে চাৰিওফালে চালে। কিন্তু এতিয়া তাত তেওঁলোকে যীচুৰ বাহিৰে আন কাকো দেখা নাপালে।

৯ যেতিয়া তেওঁলোকে পাহাৰৰ পৰা নামি আহিছিল, তেতিয়া যীচুৱে তেওঁলোকক সাৱধান কৰি কʼলে যে যেতিয়ালৈকে মানুহৰ পুত্ৰক মৃত্যুৰ পৰা জীয়াই তোলা নহʼব, তেতিয়ালৈকে তেওঁলোকে যি দেখিলে, সেয়া যেন কাকো নকয়। ১০ শিষ্যসকলে এই কথা গুৰুত্ব সহকাৰে লʼলে।* কিন্তু মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠাৰ বিষয়ে যীচুৱে যি কৈছিল, তাৰ অৰ্থ কি, সেই বিষয়ে তেওঁলোকে নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে। ১১ তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি নিয়ম শিকোৱা লোকে* কিয় কয়?” ১২ তেওঁ কʼলে, “এলিয়া নিশ্চয় প্ৰথমে আহিব আৰু সকলোবোৰ আগৰ দৰেই কৰি দিব। কিন্তু শাস্ত্ৰত কিয় এইদৰে লিখা আছে যে মানুহৰ পুত্ৰক বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু তেওঁক তুচ্ছ বুলি ভবা হʼব? ১৩ কিন্তু মই তোমালোকক কওঁ যে আচলতে এলিয়া আহি গʼল আৰু তেওঁৰ বিষয়ে যিদৰে লিখা আছে, ঠিক সেইদৰে তেওঁৰ লগত তেওঁলোকে যি বিচাৰিছিল, সেইদৰেই কৰিলে।”

১৪ যেতিয়া তেওঁলোকে বাকী শিষ্যসকলৰ ওচৰলৈ আহিলে, তেতিয়া লোকসকলৰ ভিৰে শিষ্যসকলক আগুৰি ধৰা আৰু নিয়ম শিকোৱা লোকে তেওঁলোকৰ লগত তৰ্ক কৰি থকা দেখিলে। ১৫ কিন্তু ভিৰে যীচুক দেখাৰ লগে লগে আচৰিত হʼল আৰু তেওঁক আদৰণি জনাবলৈ দৌৰি গʼল। ১৬ যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে তেওঁলোকৰ লগত কিহৰ বিষয়ে তৰ্ক কৰিছা?” ১৭ ভিৰৰ মাজৰ এজনে কʼলে, “গুৰু, মই নিজৰ লʼৰাক আপোনাৰ ওচৰলৈ আনিছিলোঁ। কিয়নো তাক এটা বোবা দুষ্ট স্বৰ্গদূতে পাইছে। ১৮ আৰু যেতিয়াই সি মোৰ লʼৰাক ধৰে, তেতিয়াই তাক মাটিত পেলাই দিয়ে আৰু মোৰ লʼৰাৰ মুখৰ পৰা ফেন ওলাবলৈ ধৰে। সি দাঁত কৰচে আৰু একেবাৰে লেবেজান হৈ পৰে। এই দুষ্ট স্বৰ্গদূতক উলিয়াবলৈ মই আপোনাৰ শিষ্যসকলক কৈছিলোঁ, কিন্তু তেওঁলোকে উলিয়াব নোৱাৰিলে।” ১৯ এয়া শুনি যীচুৱে তেওঁলোকক কʼলে, “হে অবিশ্বাসী লোকসকল,* কিমান দিনলৈকে মই তোমালোকৰ লগত থাকিম? কেতিয়ালৈকে মই তোমালোকক সহ্য কৰিম? লʼৰাজনক মোৰ ওচৰলৈ লৈ আনা।” ২০ তেওঁলোকে সেই লʼৰাজনক যীচুৰ ওচৰলৈ লৈ আনিলে। কিন্তু সেই দুষ্ট স্বৰ্গদূতে যীচুক দেখাৰ লগে লগে লʼৰাজনক পকাই দিলে আৰু লʼৰাটো মাটিত পৰি বাগৰি বাগৰি মুখৰ পৰা ফেন উলিয়াবলৈ ধৰিলে। ২১ তেতিয়া যীচুৱে লʼৰাজনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হʼল?” তেওঁ কʼলে, “সৰুৰে পৰা হৈছে। ২২ ইয়াক হত্যা কৰিবলৈ এই দুষ্ট স্বৰ্গদূতে বহুবাৰ ইয়াক জুইত আৰু পানীত পেলাই দিছে। কিন্তু আপুনি যদি কিবা কৰিব পাৰে, তেনেহʼলে আমাক দয়া কৰক আৰু আমাক সহায় কৰক।” ২৩ যীচুৱে তেওঁক কʼলে, “‘আপুনি যদি কিবা কৰিব পাৰে’ এই বুলি কিয় কৈছা? যাৰ বিশ্বাস আছে তেওঁৰ কাৰণে সকলো সম্ভৱ।” ২৪ সেই সময়তে লʼৰাজনৰ দেউতাকে জোৰেৰে কʼলে, “মোৰ বিশ্বাস আছে, কিন্তু মোৰ বিশ্বাস আৰু দৃঢ় কৰক।”

২৫ তেতিয়া যীচুৱে দেখিলে যে লোকসকলৰ এটা ভিৰে তেওঁৰ ফালে দৌৰি আহিছে। সেইবাবে, তেওঁ দুষ্ট স্বৰ্গদূতক ধমকি দি কʼলে, “হে বোবা আৰু কলা দুষ্ট দূত, মই তোক আদেশ দিছোঁ, ইয়াৰ শৰীৰৰ পৰা ওলাই যা আৰু কেতিয়াও নোসোমাবি!” ২৬ তেতিয়া সেই দুষ্ট স্বৰ্গদূতে জোৰেৰে চিঞৰিলে আৰু লʼৰাটোক জোৰেৰে পকোৱাৰ পাছত তাৰ শৰীৰৰ পৰা ওলাই গʼল। সেই লʼৰাটো মৰাৰ নিচিনা হʼল আৰু বেছিভাগ লোকে কʼবলৈ ধৰিলে, “লʼৰাটো মৰি গʼল!” ২৭ কিন্তু যীচুৱে তাৰ হাতত ধৰি তাক উঠালে আৰু সি থিয় হৈ গʼল। ২৮ তাৰ পাছত যীচু এখন ঘৰলৈ গʼল আৰু তাত তেওঁৰ শিষ্যসকলে অকলে তেওঁক সুধিলে, “আমি সেই দুষ্ট স্বৰ্গদূতক কিয় উলিয়াব নোৱাৰিলোঁ?” ২৯ তেওঁ কʼলে, “এনেধৰণৰ দূতক কেৱল প্ৰাৰ্থনা কৰাৰ যোগেদিহে উলিয়াব পাৰি।”

৩০ তেওঁলোকে সেই ঠাইৰ পৰা ওলাই গালীলৰ মাজেদি গʼল আৰু যীচু কʼত আছে, এই কথাটো কোনেও নজনাটো তেওঁ বিচাৰিছিল। ৩১ কাৰণ এই সময়ছোৱাত তেওঁ নিজৰ শিষ্যসকলক শিকাই আছিল আৰু তেওঁলোকক কৈ আছিল, “মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক লোকসকলৰ হাতত গতাই দিয়া হʼব। লোকসকলে তেওঁক হত্যা কৰিব, কিন্তু মৃত্যুৰ তিনি দিনৰ পাছত তেওঁ জীয়াই উঠিব।” ৩২ কিন্তু শিষ্যসকলে তেওঁৰ কথা বুজি নাপালে আৰু তেওঁক প্ৰশ্ন সুধিবলৈও ভয় কৰিছিল।

৩৩ তাৰ পাছত তেওঁলোকে কফৰনাহূমলৈ আহিল। যেতিয়া তেওঁ ঘৰৰ ভিতৰত আছিল, তেতিয়া তেওঁ শিষ্যসকলক সুধিলে, “ৰাস্তাত তোমালোকে কি কাৰণে কাজিয়া কৰিছিলা?” ৩৪ তেওঁলোকে মনে মনে থাকিল। কাৰণ তেওঁলোকৰ মাজৰ কোন ডাঙৰ হয়, এই কথাক লৈ তেওঁলোকে কাজিয়া কৰিছিল। ৩৫ তেতিয়া তেওঁ বহি ১২ জনক মাতিলে আৰু তেওঁলোকক কʼলে, “কোনোৱে যদি সকলোতকৈ ডাঙৰ হʼব বিচাৰে, তেনেহʼলে তেওঁ সকলোতকৈ সৰু হোৱা উচিত আৰু সকলোৰে সেৱক হোৱা উচিত।” ৩৬ তাৰ পাছত যীচুৱে এটি সৰু লʼৰাক লৈ তেওঁলোকৰ মাজত থিয় কৰালে আৰু তাৰ কান্ধত হাত থৈ তেওঁলোকক কʼলে, ৩৭ “যি কোনোৱে এনে লʼৰাবিলাকৰ এটিকো মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোক গ্ৰহণ কৰে। আৰু যিজনে মোক গ্ৰহণ কৰে, তেওঁ কেৱল মোকেই নহয় মোক পঠোৱাজনকো গ্ৰহণ কৰে।”

৩৮ যোহনে তেওঁক কʼলে, “গুৰু, আমি এজন মানুহক আপোনাৰ নামেৰে লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিওৱা দেখিলোঁ আৰু আমি তাক বাধা দিবলৈ চেষ্টা কৰিলোঁ, কিয়নো সি আমাৰ লোক নহয়।” ৩৯ কিন্তু যীচুৱে কʼলে, “তাক বাধা দিবলৈ চেষ্টা নকৰিবা, কাৰণ এনে কোনো নাই, যিয়ে মোৰ নামেৰে আচৰিত কাম কৰে আৰু লগতে মোৰ বদনামো কৰে। ৪০ যিজন আমাৰ বিৰুদ্ধে নহয়, তেওঁ আমাৰ লগত আছে। ৪১ যি কোনোৱে তোমালোক খ্ৰীষ্টৰ শিষ্য হয় বুলি তোমালোকক অলপ হʼলেও খাবলৈ পানী দিয়ে। মই তোমালোকক সঁচাকৈ কৈছোঁ, তেওঁ নিজৰ পুৰস্কাৰ কেতিয়াও নেহেৰুৱাব। ৪২ কিন্তু বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনকো যদি কোনোবাই উজুটি* খোৱায়, তেনেহʼলে তেওঁৰ ডিঙিত এটা জাঁত* বান্ধি সমুদ্ৰত তেওঁক পেলাই দিয়াটোৱেই ভাল হʼব।

৪৩ যদি তোমাৰ হাতে পাপ কৰাইছে,* তেনেহʼলে তাক কাটি দিয়া। কাৰণ দুখন হাতেৰে সৈতে সদায় জ্বলি থকা গেহেনাৰ* জুইত ধ্বংস হোৱাতকৈ এখন হাত নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৪৪* — ৪৫ যদি তোমাৰ ভৰিয়ে তোমাক পাপ কৰাইছে,* তেনেহʼলে তাক কাটি দিয়া। কাৰণ দুখন ভৰিৰে সৈতে গেহেনাত* ধ্বংস হোৱাতকৈ এখন ভৰি নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৪৬* — ৪৭ যদি তোমাৰ চকুৱে তোমাক পাপ কৰাইছে,* তেনেহʼলে তাক কাঢ়ি পেলাই দিয়া। কাৰণ দুয়ো চকুৰে সৈতে গেহেনাত* ধ্বংস হোৱাতকৈ এটা চকু নথকাকৈ ঈশ্বৰৰ ৰাজ্যত সোমোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৪৮ কাৰণ গেহেনাত* কেতিয়াও পোক নমৰে আৰু সদায় জুই জ্বলি থাকে।

৪৯ সেইবাবে, যিদৰে নিমখ ছটিওৱা হয়, ঠিক সেইদৰে সকলো মানুহৰ ওপৰত জুই বৰষুৱা হʼব। ৫০ নিমখ উত্তম হয়, কিন্তু নিমখে যদি নিজৰ সোৱাদ হেৰুৱায়, তেনেহʼলে তাক তুমি কি দি আকৌ নিমখীয়া কৰিব পাৰিবা? তোমালোক নিমখৰ দৰে হোৱা আৰু এজনে-আনজনৰ লগত শান্তি বজাই ৰাখা।”

১০ যীচু উঠি তাৰ পৰা ওলাই যৰ্দ্দনৰ সিপাৰে থকা যিহূদিয়া অঞ্চলৰ সীমালৈ আহিল। তেওঁৰ ওচৰত আকৌ ভিৰ জমা হʼল আৰু তেওঁ নিজৰ অভ্যাসৰ অনুসৰি সেই লোকসকলক আকৌ এবাৰ শিকাবলৈ ধৰিলে। ২ তেতিয়া ফৰীচীবিলাকে আহিলে আৰু যীচুক পৰীক্ষা কৰিবলৈ তেওঁক সুধিলে যে এজন পুৰুষে নিজৰ পত্নীক তালাক দিয়াটো উচিত হয় নে নহয়? ৩ তেওঁ কʼলে, “মোচিয়ে তোমালোকক কি আজ্ঞা দিছে?” ৪ তেওঁলোকে কʼলে, “মোচিয়ে তালাকৰ প্ৰমাণ-পত্ৰ দি পত্নীক তালাক দিবলৈ অনুমতি দিছে।” ৫ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ হৃদয় কঠোৰ হোৱাৰ কাৰণে তেওঁ তোমালোকৰ বাবে এই আজ্ঞা লিখিছে। ৬ কিন্তু সৃষ্টিৰ আৰম্ভণিৰে পৰা ‘ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী হিচাপে বনাইছিল। ৭ সেইবাবে, পুৰুষে নিজৰ মা-দেউতাক এৰি দিব ৮ আৰু তেওঁ আৰু তেওঁৰ পত্নী* একদেহ হʼব।’ গতিকে, তেওঁলোক এতিয়া দুজন নহয়, কিন্তু একদেহ হয়। ৯ সেইবাবে, ঈশ্বৰে যাক এটা বান্ধোনত বান্ধিছে,* তাক কোনো মানুহে পৃথক নকৰক।” ১০ এবাৰ যেতিয়া তেওঁলোকে এখন ঘৰত আছিল, তেতিয়া তেওঁৰ শিষ্যসকলে এই বিষয়ে যীচুক প্ৰশ্ন সুধিবলৈ ধৰিলে। ১১ যীচুৱে তেওঁলোকক কʼলে, “যি কোনোৱে নিজৰ পত্নীক তালাক দিয়ে আৰু আন কাৰোবাক বিয়া কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ* কৰে আৰু প্ৰথম পত্নীৰ অধিকাৰ কাঢ়ি নিয়ে। ১২ আৰু যদি এগৰাকী তিৰোতাই নিজৰ স্বামীক তালাক দি আন কাৰোবাৰ লগত বিয়া হয়, তেনেহʼলে তেওঁ ব্যভিচাৰ কৰে।”

১৩ এতিয়া লোকসকলে সৰু সৰু লʼৰা-ছোৱালীক যীচুৰ ওচৰলৈ আনিবলৈ ধৰিলে যাতে তেওঁ লʼৰা-ছোৱালীৰ ওপৰত হাত ৰাখে। কিন্তু শিষ্যসকলে তেওঁলোকক ধমকি দিলে। ১৪ এয়া দেখি যীচুৰ ভাল নালাগিলে আৰু তেওঁ তেওঁলোকক কʼলে, “লʼৰা-ছোৱালীক মোৰ ওচৰলৈ আহিবলৈ দিয়া, সিহঁতক বাধা নিদিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা লোকসকলৰ বাবেহে। ১৫ মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোবাই যদি এটা সৰু লʼৰাৰ দৰে ঈশ্বৰৰ ৰাজ্যক গ্ৰহণ নকৰে, তেনেহʼলে তেওঁ কেতিয়াও তাত যাব নোৱাৰিব।” ১৬ তাৰ পাছত তেওঁ লʼৰা-ছোৱালীক নিজৰ কোলাত লʼলে আৰু সিহঁতৰ ওপৰত হাত ৰাখি সিহঁতক আশীৰ্বাদ দিবলৈ ধৰিলে।

১৭ তেওঁ ৰাস্তাত খোজকাঢ়ি গৈ থকাৰ সময়ত এজন মানুহ দৌৰি আহে আৰু তেওঁৰ সন্মুখত আঁঠুকাঢ়ি তেওঁক সুধিলে, “হে ভাল গুৰু, অনন্ত জীৱন পাবলৈ মই কি কৰা উচিত?” ১৮ যীচুৱে তেওঁক কʼলে, “তুমি মোক ভাল বুলি কিয় কৈছা? ঈশ্বৰৰ বাহিৰে আৰু কোনো ভাল নাই। ১৯ তুমি দেখোন আজ্ঞাবোৰ জানাই, ‘হত্যা নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, কাকো নঠগিবা আৰু নিজৰ মা-দেউতাক সন্মান কৰিবা।’” ২০ সেই মানুহজনে কʼলে, “গুৰু, এই সকলো কথা দেখোন মই সৰুৰে পৰা মানি আহিছোঁ।” ২১ যীচুৱে মৰমেৰে তেওঁলৈ চাই কʼলে, “তুমি এটা কাম কৰিবলৈ বাকী আছে: যোৱা আৰু তোমাৰ যি যি আছে, সেই সকলো বেচি দুখীয়াক দি দিয়া, কিয়নো তুমি স্বৰ্গত ধন পাবা আৰু আহি মোৰ শিষ্য হোৱা।” ২২ কিন্তু এই কথা শুনি তেওঁ বহুত দুখীত হʼল আৰু তাৰ পৰা গুচি গʼল। কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।

২৩ যীচুৱে চাৰিওফালে চোৱাৰ পাছত নিজৰ শিষ্যসকলক কʼলে, “ধনী লোকসকলৰ বাবে ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ বৰ কঠিন হʼব!” ২৪ কিন্তু শিষ্যসকলে তেওঁৰ কথা শুনি আচৰিত হʼল। তেতিয়া যীচুৱে আকৌ তেওঁলোকক কʼলে, “বন্ধুসকল,* ঈশ্বৰৰ ৰাজ্যত সোমোৱাটো সঁচাকৈ বৰ কঠিন! ২৫ এজন ধনী ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ, এটা উটে বেজীৰ ফুটাইদি সোমোৱাটোৱেই সহজ হʼব।” ২৬ এই কথা শুনি তেওঁলোকে আৰু বেছিকৈহে আচৰিত হʼল। আৰু তেওঁক* কʼলে, “তেনেহʼলে কোনে উদ্ধাৰ পাব?” ২৭ যীচুৱে তেওঁলোকৰ ফালে চকুৱে চকুৱে চাই কʼলে, “মানুহৰ কাৰণে এয়া অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে নহয়। কিয়নো ঈশ্বৰৰ কাৰণে সকলো সম্ভৱ।” ২৮ তাৰ পাছত পিতৰে তেওঁক কʼলে, “চাওক! আমি সকলো এৰি আপোনাৰ পিছে পিছে আহিছোঁ।” ২৯ যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোৱে যদি মোৰ আৰু শুভবাৰ্তাৰ কাৰণে ঘৰ বা ভাই বা ভনী বা মা বা দেউতা বা সন্তান বা খেতি-বাতি এৰি দিছে, ৩০ তেনেহʼলে তেওঁ বৰ্তমান সময়ত তাড়নাৰ লগতে ঘৰ, ভাই, ভনী, মা, সন্তান আৰু খেতি-বাতিৰ ১০০ গুণ পাব। আৰু আহিবলগীয়া সময়ত* অনন্ত জীৱন লাভ কৰিব। ৩১ কিন্তু যিসকল প্ৰথমে আছে, তেওঁলোক শেষত হʼব আৰু যিসকল শেষত আছে, তেওঁলোক প্ৰথম হʼব।”

৩২ এতিয়া তেওঁলোক যিৰূচালেমলৈ যোৱা ৰাস্তাত আছিল। আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল। শিষ্যসকলে আচৰিত হৈ আছিল। আৰু যিসকলে তেওঁৰ পিছে পিছে গৈছিল, তেওঁলোকৰ ভয় লাগিবলৈ ধৰিলে। আকৌ এবাৰ তেওঁ নিজৰ ১২ জন শিষ্যক অকলশৰীয়াকৈ নিলে আৰু তেওঁলোকক কʼবলৈ ধৰিলে যে তেওঁৰ লগত এই সকলোবোৰ ঘটিব: ৩৩ “চোৱা! আমি যিৰূচালেমলৈ গৈ আছোঁ আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলৰ* হাতত গতাই দিয়া হʼব। তেওঁলোকে তেওঁক মৃত্যুদণ্ডৰ আজ্ঞা দিব। আৰু যিহূদী নোহোৱা লোকসকলৰ হাতত গতাই দিব। ৩৪ তেওঁলোকে তেওঁক ঠাট্টা কৰিব, তেওঁৰ ওপৰত থু পেলাব, চাবুকেৰে কোবাব আৰু মাৰি পেলাব। কিন্তু তিনি দিনৰ পাছত তেওঁ আকৌ জীয়াই উঠিব।”

৩৫ চিবদিয়ৰ লʼৰা যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁক কʼলে, “গুৰু, আমি আপোনাৰ পৰা যি বিচাৰিম, সেয়া আমাক দিয়ক।” ৩৬ তেওঁ কʼলে, “তোমালোকে কি বিচাৰা, মই তোমালোকৰ কাৰণে কি কৰিম?” ৩৭ তেওঁলোকে কʼলে, “যেতিয়া আপুনি আপোনাৰ ৰাজ্যত শাসন কৰিব, তেতিয়া আমাৰ মাজৰ এজনক সোঁহাতে আৰু আনজনক বাওঁহাতে বহিবলৈ দিব।” ৩৮ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে নাজানা, তোমালোকে কি বিচাৰি আছা। মই যি পাত্ৰত খাই আছোঁ, তোমালোকে সেই পাত্ৰৰ পৰা খাব পাৰিবা নে? আৰু মোৰ যি বাপ্তিষ্মা হৈ আছে, তোমালোকে সেই বাপ্তিষ্মা লʼব পাৰিবা নে?” ৩৯ তেওঁলোকে কʼলে, “হয়, পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “যি পাত্ৰৰ পৰা মই খাই আছোঁ, সেই পাত্ৰৰ পৰা তোমালোকেও খাবা আৰু মোৰ যি বাপ্তিষ্মা হৈ আছে, সেই বাপ্তিষ্মা তোমালোকৰো হʼব। ৪০ কিন্তু মোৰ সোঁহাতে বা বাওঁহাতে বহিবলৈ অনুমতি দিয়াৰ অধিকাৰ মোৰ নাই। যি লোকসকলৰ কাৰণে এই ঠাই ৰখা হৈছে, তেওঁলোককেই দিয়া হʼব।”

৪১ যেতিয়া আন দহজনে এই কথা শুনিলে, তেতিয়া তেওঁলোকে যাকোব আৰু যোহনৰ ওপৰত বহুত খং কৰিলে। ৪২ কিন্তু যীচুৱে নিজৰ শিষ্যসকলক নিজৰ ওচৰলৈ মাতি তেওঁলোকক কʼলে, “তোমালোকে জানা যে যিসকলে জগতত শাসন কৰে, তেওঁলোকে লোকসকলৰ ওপৰত শাসন চলায় আৰু তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহে তেওঁলোকৰ ওপৰত অধিকাৰ চলায়। ৪৩ কিন্তু তোমালোকৰ মাজত এইদৰে হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, তোমালোকৰ মাজত যিজনে ডাঙৰ হʼব বিচাৰে, তেওঁ তোমালোকৰ সেৱক হোৱা উচিত। ৪৪ আৰু যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হʼব বিচাৰে, তেওঁ সকলোৰে দাস হোৱা উচিত। ৪৫ কিয়নো মানুহৰ পুত্ৰয়ো সেৱা পাবলৈ নহয়, কিন্তু সেৱা কৰিবলৈ আৰু বহুতো লোকৰ জীৱনৰ কাৰণে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিবলৈহে আহিল।”

৪৬ তাৰ পাছত তেওঁলোকে যিৰীহোলৈ আহিল। কিন্তু যেতিয়া যীচু, তেওঁৰ শিষ্যসকল আৰু লোকসকলৰ এটা ডাঙৰ ভিৰে যিৰীহোৰ পৰা বাহিৰলৈ গৈ আছিল, তেতিয়া (তীময়ৰ লʼৰা) বাৰতীময় নামৰ এজন অন্ধ ভিক্ষাৰীয়ে ৰাস্তাৰ কাষত বহি আছিল। ৪৭ নাচৰতীয়া যীচু সেই ৰাস্তাইদি যোৱা শুনি তেওঁ চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “দায়ূদৰ বংশ যীচু, মোক দয়া কৰক!” ৪৮ তেতিয়া বহুতো লোকে তেওঁক মনে মনে থাকিবলৈ ধমকি দিলে। কিন্তু তেওঁ আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “দায়ূদৰ বংশ, মোক দয়া কৰক!” ৪৯ তেতিয়া যীচু ৰৈ গʼল আৰু তেওঁ কʼলে, “তেওঁক মোৰ ওচৰলৈ মাতা।” তেওঁলোকে অন্ধ মানুহজনক মাতিলে আৰু কʼলে, “ভয় নকৰিবা, উঠা, তেওঁ তোমাক মাতিছে।” ৫০ তেতিয়া তেওঁ নিজৰ কাপোৰ পেলাই জাপ মাৰি উঠি যীচুৰ ওচৰলৈ গʼল। ৫১ তেতিয়া যীচুৱে তেওঁক কʼলে, “তুমি কি বিচাৰা, মই তোমাৰ কাৰণে কি কৰিম?” অন্ধ মানুহজনে তেওঁক কʼলে, “হে মোৰ গুৰু,* মই যেন দৃষ্টি শক্তি ঘূৰাই পাওঁ।” ৫২ তেতিয়া যীচুৱে তেওঁক কʼলে, “যোৱা, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।” সেই সময়তে তেওঁ নিজৰ দৃষ্টি শক্তি ঘূৰাই পালে আৰু তেওঁ সেই ৰাস্তাইদি যীচুৰ পিছে পিছে গʼল।

১১ এতিয়া তেওঁলোকে যিৰূচালেমৰ ওচৰৰ জৈতুন পাহাৰৰ বৈৎফগী আৰু বৈথনিয়া গাঁৱৰ ওচৰ পালেহি। তাত তেওঁ নিজৰ দুজন শিষ্যক এইদৰে কৈ পঠালে, ২ “যি গাঁও তোমালোকে দেখা পাইছা, তালৈ যোৱা। তাত গৈয়ে তোমালোকে এটা গাধৰ পোৱালি বান্ধি থোৱা পাবা, যাৰ ওপৰত আজিলৈকে কোনো মানুহে বহা নাই। তাক খুলি লৈ আনা। ৩ যদি কোনোবাই তোমালোকক কয়, ‘এয়া তোমালোকে কি কৰি আছা?’ তেনেহʼলে কʼবা, ‘প্ৰভুক ইয়াৰ প্ৰয়োজন আছে আৰু তেওঁ ইয়াক সোনকালে পঠাই দিব।’” ৪ তেতিয়া তেওঁলোকে ওলাই গʼল আৰু ৰাস্তাৰ কাষৰ এখন দুৱাৰৰ ওচৰত গাধ পোৱালি বান্ধি থোৱা পালে আৰু তেওঁলোকে তাক খুলি লʼলে। ৫ কিন্তু তাত থিয় হৈ থকা কিছুমান মানুহে তেওঁলোকক সুধিলে, “তোমালোকে গাধ পোৱালিটোক কিয় খুলিছা?” ৬ যীচুৱে শিষ্যসকলক যি কৈছিল, ঠিক সেইদৰেই শিষ্যসকলে তেওঁলোকক কʼলে। তেতিয়া তেওঁলোকে শিষ্যসকলক যাবলৈ দিলে।

৭ তেওঁলোকে গাধ পোৱালিটোক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁলোকে তাৰ ওপৰত নিজৰ কাপোৰ পাৰি দিলে। আৰু যীচু তাৰ ওপৰত বহিল। ৮ বহুতো লোকে নিজৰ কাপোৰবোৰ ৰাস্তাত পাৰি দিলে আৰু আন কিছুমানে গছৰ পৰা ডালবোৰ কাটি ৰাস্তাত পাৰি দিলে। ৯ যিসকলে আগে আগে আৰু পিছে পিছে গৈছিল, তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “আমি প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা! যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য! ১০ আমাৰ পূৰ্বপুৰুষ দায়ূদৰ আহিবলগীয়া ৰাজ্য ধন্য হওক! হে স্বৰ্গত থকা ঈশ্বৰ আমি তোমাক প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা!” ১১ তাৰ পাছত তেওঁ যিৰূচালেম পালেহি আৰু মন্দিৰলৈ গʼল। তাত তেওঁ চাৰিওফালে থকা বস্তুবোৰ চালে। যিহেতু প্ৰায় গধূলি হৈছিল, সেইবাবে তেওঁ সেই ১২ জনৰ লগত বৈথনিয়ালৈ গুচি গʼল।

১২ পাছ দিনাখন তেওঁলোকে বৈথনিয়াৰ পৰা ওলাই যাওঁতে যীচুৰ ভোক লাগিল। ১৩ দূৰৰ পৰা তেওঁ পাতেৰে সৈতে এজোপা ডিমৰু গছ দেখা পালে। আৰু তাত ফল লাগিছে নে নাই, সেয়া চাবলৈ গছজোপাৰ ওচৰলৈ গʼল। কিন্তু ওচৰলৈ যোৱাৰ পাছত তেওঁ পাতৰ বাহিৰে একো নাপালে। কিয়নো তেতিয়া ডিমৰু লগাৰ বতৰ নাছিল। ১৪ সেইবাবে, তেওঁ গছজোপাক কʼলে, “এতিয়াৰ পৰা তোৰ ফল কোনেও খাব নোৱাৰে।” তেওঁৰ শিষ্যসকলে এই কথা শুনি আছিল।

১৫ এতিয়া তেওঁলোকে যিৰূচালেমলৈ আহিল। তেওঁ মন্দিৰলৈ গʼল আৰু যিসকলে মন্দিৰৰ ভিতৰত কিনা-বেচা কৰিছিল, তেওঁলোকক বাহিৰ কৰিবলৈ ধৰিলে। তেওঁ পইচা সলনি কৰা লোকসকলৰ মেজ আৰু কপৌ বেচা লোকসকলৰ বেঞ্চবোৰ লুটিয়াই পেলালে। ১৬ তেওঁ কাকো বৰ্তন লৈ মন্দিৰৰ ৰাস্তাইদি যাবলৈ নিদিলে। ১৭ তেওঁ লোকসকলক শিকালে আৰু তেওঁলোকক কʼলে, “শাস্ত্ৰত এইদৰে লিখা নাই নে, ‘মোৰ ঘৰ সকলো ৰাষ্ট্ৰৰ কাৰণে প্ৰাৰ্থনাৰ ঘৰ বুলি কোৱা হʼব’? কিন্তু তোমালোকে ইয়াক ডকাইতৰ আড্ডা* বনাইছা।” ১৮ যেতিয়া প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা* লোকসকলে এই কথা শুনিলে, তেতিয়া তেওঁলোকে যীচুক হত্যা কৰিবলৈ উপায় বিচাৰিবলৈ ধৰিলে। কিয়নো তেওঁলোকে তেওঁক ভয় কৰিছিল আৰু গোটেই ভিৰৰ লোকসকলে তেওঁৰ শিক্ষাৰ পৰা আচৰিত হৈছিল।

১৯ যেতিয়া গধূলি হʼল, তেতিয়া তেওঁলোকে চহৰৰ পৰা ওলাই গʼল। ২০ পাছ দিনাখন যেতিয়া তেওঁলোকে ৰাতিপুৱা সোনকালে সেই ফালেদি গৈ আছিল, তেতিয়া তেওঁলোকে দেখিলে যে ডিমৰুৰ সেই গছজোপা গুড়িৰ পৰা শুকাই গৈছে। ২১ পিতৰে যোৱা কালিৰ কথা মনত পেলাই কʼলে, “গুৰু, চাওক! আপুনি শাও দিয়া সেই ডিমৰু গছজোপা শুকাই গৈছে।” ২২ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা। ২৩ মই তোমালোকক সঁচাকৈ কৈছোঁ, যি কোনোৱে এই পাহাৰটোক কয়, ‘ইয়াৰ পৰা উঠি সাগৰত পৰগৈ,’ আৰু নিজৰ মনতো সন্দেহ নকৰি তেওঁ যি কৈছে, সেয়া নিশ্চয় হʼব বুলি যদি বিশ্বাস ৰাখে, তেনেহʼলে তেওঁ কোৱাৰ দৰেই হʼব। ২৪ সেইবাবে, মই তোমালোকক কৈছোঁ, তোমালোকে প্ৰাৰ্থনাত যি খোজা, সেয়া নিশ্চয় পাম বুলি যদি বিশ্বাস ৰাখা, তেনেহʼলে সেইবোৰ নিশ্চয় পাবা। ২৫ তোমালোকে যেতিয়া থিয় হৈ প্ৰাৰ্থনা কৰা, তেতিয়া তোমালোকৰ হৃদয়ত কাৰোবাৰ বিৰুদ্ধে যদি কিবা আছে, তেনেহʼলে তেওঁক ক্ষমা কৰি দিয়া। তেতিয়া তোমাৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা কৰিব।” ২৬* —

২৭ তেওঁলোকে আকৌ এবাৰ যিৰূচালেমলৈ আহিল। যেতিয়া তেওঁ মন্দিৰত খোজকাঢ়ি আছিল, তেতিয়া প্ৰধান পুৰোহিত, নিয়ম শিকোৱা লোক আৰু যিহূদীৰ নেতাসকলে তেওঁৰ ওচৰলৈ আহিল। ২৮ আৰু তেওঁক কʼবলৈ ধৰিলে, “তুমি এইবোৰ কি অধিকাৰেৰে কৰিছা? আৰু এই অধিকাৰ তোমাক কোনে দিলে?” ২৯ যীচুৱে তেওঁলোকক কʼলে, “ময়ো তোমালোকক এটা প্ৰশ্ন সোধোঁ। তোমালোকে তাৰ উত্তৰ দিয়া, তেতিয়াহে মই তোমালোকক কʼম যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ। ৩০ যোহন বাপ্তিষ্মা দিওঁতাক কোনে পঠাইছিল, স্বৰ্গত থকা ঈশ্বৰে, নে মানুহে? উত্তৰ দিয়া।” ৩১ তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “যদি আমি কওঁ, ‘ঈশ্বৰে পঠাইছে,’ তেনেহʼলে তেওঁ আমাক কʼব, ‘তোমালোকে কিয় তেওঁক বিশ্বাস নকৰিলা?’ ৩২ কিন্তু আমি কেনেকৈ সাহস কৰি কʼম যে তেওঁক মানুহে পঠাইছিল?” তেওঁলোকে লোকসকলক ভয় কৰিছিল, কিয়নো সকলোৱে যোহনক এজন ভৱিষ্যবক্তা বুলি বিশ্বাস কৰিছিল। ৩৩ সেইবাবে, তেওঁলোকে যীচুক উত্তৰ দিলে, “আমি নাজানোঁ।” তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তেনেহʼলে ময়ো তোমালোকক নকওঁ যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ।”

১২ তাৰ পাছত তেওঁ এই উদাহৰণবোৰ দি তেওঁলোকৰ লগত কথা পাতিবলৈ ধৰিলে: “কোনো এজন মানুহে আঙুৰৰ খেতি কৰে আৰু তাৰ চাৰিওফালে বেৰা দিয়ে। আঙুৰ পেৰিবলৈ তেওঁ এটা গাঁত খান্দিলে। আৰু খেতিৰ পহৰা দিবলৈ এটা ওখ টঙি ঘৰ বনালে। তাৰ পাছত তেওঁ খেতি কৰা লোকসকলক সেইবোৰ গতাই বিদেশলৈ গুচি গʼল। ২ যেতিয়া আঙুৰ চপোৱাৰ সময় আহিল, তেতিয়া তেওঁ নিজৰ ভাগ আনিবৰ কাৰণে খেতি কৰা লোকসকলৰ ওচৰলৈ নিজৰ এজন দাসক পঠিয়ালে। ৩ কিন্তু খেতি কৰা লোকসকলে সেই দাসক ধৰি মাৰ-পিট কৰিলে আৰু তেওঁক খালি হাতে পঠিয়াই দিলে। ৪ তাৰ পাছত খেতিৰ মালিকজনে তেওঁলোকৰ ওচৰলৈ আৰু এজন দাসক পঠিয়ালে। খেতি কৰা লোকসকলে তেওঁক মাৰি মূৰ ফালি দিলে আৰু তেওঁৰ অপমান কৰিলে। ৫ তাৰ পাছত মালিকে আৰু এজন দাসক পঠিয়ালে আৰু তেওঁলোকে তেওঁক হত্যা কৰিলে। মালিকজনে আৰু বহুতো লোকক পঠিয়ালে, কিন্তু কিছুমানক তেওঁলোকে মাৰ-পিট কৰিলে আৰু আন কিছুমানক হত্যা কৰিলে। ৬ এতিয়া মালিকজনৰ ওচৰত কেৱল এজনেই বাকী থাকিল, তেওঁৰ মৰমৰ লʼৰা। অৱশেষত, মালিকজনে তেওঁক এইদৰে ভাবি তেওঁলোকৰ ওচৰলৈ পঠিয়ালে, ‘সিহঁতে নিশ্চয় মোৰ লʼৰাক সন্মান কৰিব।’ ৭ কিন্তু খেতি কৰা লোকসকলে নিজৰ মাজতে কʼলে, ‘এওঁৱেই উত্তৰাধিকাৰী। আহা, ইয়াক হত্যা কৰোঁ, তেতিয়া তেওঁৰ সম্পত্তি আমাৰ হৈ যাব।’ ৮ তেওঁলোকে তেওঁক ধৰি হত্যা কৰিলে আৰু আঙুৰ খেতিৰ বাহিৰত পেলাই দিলে। ৯ এতিয়া খেতিৰ মালিকে কি কৰিব? তেওঁ আহিব আৰু সেই খেতি কৰা লোকসকলক হত্যা কৰিব। আৰু আঙুৰৰ খেতি আন খেতিয়কক দি দিব। ১০ তোমালোকে শাস্ত্ৰত এই কথা কেতিয়াও পঢ়া নাই নে, ‘ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল’? ১১ তোমালোকে এয়াও পঢ়া নাই নে, ‘এয়া যিহোৱাৰ* পৰা হʼল আৰু আমাৰ দৃষ্টিত আচৰিতজনক’?”

১২ এয়া শুনি তেওঁৰ শত্ৰুবিলাকে তেওঁক ধৰিব* বিচাৰিছিল। কিয়নো তেওঁলোকে বুজি পাইছিল যে যীচুৱে তেওঁলোকক মনত ৰাখি এই উদাহৰণ দিছে। কিন্তু তেওঁলোকে ভিৰক ভয় কৰিছিল, সেইবাবে তেওঁলোকে যীচুক এৰি গুচি গʼল।

১৩ ইয়াৰ পাছত তেওঁলোকে কিছুমান ফৰীচী আৰু হেৰোদৰ গোটৰ লোকক যীচুৰ ওচৰলৈ পঠিয়ালে যাতে তেওঁলোকে যীচুক তেওঁৰ কথাতে ফান্দত পেলাব পাৰে। ১৪ তেওঁলোকে যীচুৰ ওচৰলৈ আহিলে আৰু কʼবলৈ ধৰিলে, “হে গুৰু, আমি জানোঁ যে আপুনি সকলো সময়তে সঁচা কথা কয় আৰু আপুনি লোকসকলৰ পৰা প্ৰশংসা পাবলৈ চেষ্টা নকৰে। কিয়নো আপুনি কাৰোবাৰ বাহিৰৰ ৰূপ চাই ব্যৱহাৰ নকৰে। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰৰ বিষয়ে সত্য শিকায়। আমাক কওক যে সম্ৰাটক* কৰ দিয়াটো উচিত* হয় নে নহয়? ১৫ আমি কৰ দিয়া উচিত হয় নে নহয়?” যীচুৱে তেওঁলোকৰ কপটীয়া ভাব বুজি পালে আৰু তেওঁলোকক কʼলে, “তোমালোকে মোৰ পৰীক্ষা কিয় কৰিছা? এটা দীনাৰ* আনি মোক দেখুৱা।” ১৬ তেওঁলোকে এটা দীনাৰ আনিলে। তেওঁ কʼলে, “ইয়াত কাৰ ছবি আৰু নাম আছে?” তেওঁলোকে কʼলে, “সম্ৰাটৰ।” ১৭ তেতিয়া যীচুৱে কʼলে, “যি সম্ৰাটৰ হয়, সেয়া সম্ৰাটক দিয়া আৰু যি ঈশ্বৰৰ হয়, সেয়া ঈশ্বৰক দিয়া।” যীচুৰ উত্তৰ শুনি তেওঁলোক আচৰিত হʼল।

১৮ মৃতবিলাকক আকৌ জীয়াই তোলা হʼব* বুলি বিশ্বাস নকৰা চদ্দূকীসকলে আহি যীচুক সুধিলে, ১৯ “গুৰু, মোচিয়ে আমাৰ কাৰণে লিখিছিল যে যদি কোনো ব্যক্তি সন্তান নোহোৱাকৈ মৰি যায় আৰু নিজৰ পত্নীক এৰি যায়, তেনেহʼলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰি নিজৰ মৃত ককায়েকৰ কাৰণে সন্তান জন্ম দিয়া উচিত। ২০ সাতজন ভাই-ককাই আছিল। প্ৰথমজনে বিয়া কৰি সন্তান নোহোৱাকৈ মৰিল। ২১ তাৰ পাছত দ্বিতীয়জন ভায়ে তেওঁৰ পত্নীক বিয়া কৰিলে। কিন্তু তেৱোঁ সন্তান নোহোৱাকৈ মৰিল। তৃতীয়জনৰ লগতো এইদৰেই হʼল। ২২ এইদৰে সাতোজন ভাই-ককাই সন্তান নোহোৱাকৈ মৰিল। অৱশেষত, সেই তিৰোতাগৰাকীও মৰি গʼল। ২৩ এতিয়া কওক, মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ সেই সাতজনৰ ভিতৰত কাৰ পত্নী হʼব? কাৰণ সেই সাতজনেই তেওঁক বিয়া কৰিছিল।” ২৪ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে ভুল বুজিছা। কিয়নো তোমালোকে শাস্ত্ৰ আৰু ঈশ্বৰৰ শক্তিৰ বিষয়ে নাজানা। ২৫ কাৰণ যেতিয়া মৃতবিলাকক আকৌ জীয়াই তোলা হʼব, তেতিয়া কোনো পুৰুষ বা তিৰোতাই বিয়া নকৰিব। কিন্তু তেওঁলোক স্বৰ্গদূতৰ দৰে হʼব। ২৬ মৃত লোকসকলক আকৌ জীয়াই তোলাৰ বিষয়ে তোমালোকে মোচিৰ কিতাপত পঢ়া নাই নে যে ঈশ্বৰে জোপোহাৰ ওচৰত কি কৈছিল, ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ হওঁ?’ ২৭ তেওঁ মৃতবিলাকৰ নহয়, কিন্তু জীৱিতবিলাকৰ ঈশ্বৰ। তোমালোকে ভুল বুজিছা।”

২৮ তাত অহা নিয়ম শিকোৱা* লোকসকলৰ মাজৰ এজনে তেওঁলোকৰ তৰ্ক শুনি আছিল। আৰু যীচুৱে যি আচৰিত ধৰণে উত্তৰ দিছিল, সেয়া দেখি তেওঁক সুধিলে, “সকলো আজ্ঞাৰ ভিতৰত প্ৰথম* আজ্ঞা কোনটো?” ২৯ যীচুৱে উত্তৰ দিলে, “প্ৰথমটো হৈছে: ‘হে ইস্ৰায়েল শুনা, আমাৰ ঈশ্বৰ যিহোৱা* হৈছে একমাত্ৰ যিহোৱা।* ৩০ আৰু তুমি নিজৰ ঈশ্বৰ যিহোৱাক* নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰেম কৰিবা।’ ৩১ আৰু দ্বিতীয়টো হৈছে: ‘তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।’ এই দুটাতকৈ প্ৰধান আজ্ঞা আৰু নাই।” ৩২ তেতিয়া সেই নিয়ম শিকোৱাজনে তেওঁক কʼলে, “গুৰু, আপুনি সঁচা কথা কৈছে, ‘ঈশ্বৰ এজনেই, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’ ৩৩ আৰু মানুহে নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ বুদ্ধি আৰু সম্পূৰ্ণ শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰাটো সকলো হোম-বলি আৰু বলিদানতকৈ শ্ৰেষ্ঠ।” ৩৪ সেই নিয়ম শিকোৱাজনে বুদ্ধিমতাৰে উত্তৰ দিয়া দেখি যীচুৱে তেওঁক কʼলে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা বেছি দূৰ নহয়।” ইয়াৰ পাছত যীচুক আৰু প্ৰশ্ন সুধিবলৈ কাৰো সাহস নহʼল।

৩৫ কিন্তু মন্দিৰত শিকোৱাৰ সময়ত যীচুৱে তেওঁলোকক কʼলে, “নিয়ম শিকোৱা লোকসকলে খ্ৰীষ্টক, দায়ূদৰ কেৱল বংশ হয় বুলি কিয় কয়? ৩৬ দায়ূদে পবিত্ৰ শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজেই কৈছিল, ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰিৰ তল নকৰালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”’ ৩৭ দায়ূদে যদি খ্ৰীষ্টক প্ৰভু বুলি কয়, তেনেহʼলে তেওঁ দায়ূদৰ বংশৰ কেনেকৈ হʼব পাৰে?”

লোকসকলৰ ভিৰে আনন্দেৰে তেওঁৰ কথা শুনি আছিল। ৩৮ তাৰ পাছত তেওঁ লোকসকলক এইদৰে শিকাবলৈ ধৰিলে, “নিয়ম শিকোৱা লোকসকলৰ পৰা সাৱধানে থাকা। তেওঁলোকে দীঘল দীঘল কাপোৰ পিন্ধি ঘূৰি ফুৰিবলৈ ভাল পায় আৰু বজাৰত লোকসকলে তেওঁলোকক নমস্কাৰ বুলি কোৱাটো বিচাৰে। ৩৯ তেওঁলোকে সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহি আৰু ৰাতিৰ ভোজত প্ৰধান ঠাইত বহি ভাল পায়। ৪০ তেওঁলোকে বিধৱাবিলাকৰ ঘৰ* কাঢ়ি লয় আৰু আনক দেখুৱাবলৈ দীঘল দীঘলকৈ প্ৰাৰ্থনা কৰে। তেওঁলোকে আনৰ তুলনাত আৰু বেছিকৈ কঠোৰ শাস্তি পাব।”

৪১ তাৰ পাছত যীচুৱে দান-পাত্ৰৰ ওচৰত বহিল আৰু তেওঁ চাবলৈ ধৰিলে যে ভিৰৰ লোকসকলে কেনেকৈ দান-পাত্ৰত পইচা ভৰাই আছে। তাত অনেক ধনী মানুহে বহুতো মুদ্ৰা ভৰাই আছিল। ৪২ তাৰ পাছত এগৰাকী দুখীয়া বিধৱা আহিল আৰু তেওঁ একেবাৰে কম মূল্যৰ দুটা মুদ্ৰা* ভৰালে। ৪৩ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক ওচৰলৈ মাতিলে আৰু কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, ইয়াত যিমান লোকসকলে দান-পাত্ৰত পইচা ভৰালে, তেওঁলোকৰ মাজত এই দুখীয়া বিধৱাগৰাকীয়ে সকলোতকৈ বেছি দিলে। ৪৪ কিয়নো তেওঁলোক সকলোৱে নিজৰ অধিক হোৱা ধনৰ পৰা দিছিল, কিন্তু সেই বিধৱাগৰাকীয়ে অভাৱ হোৱাৰ সত্ত্বেও তেওঁৰ ওচৰত যি আছিল, সেই সকলো দিলে।”

১৩ তেওঁ মন্দিৰৰ পৰা যেতিয়া বাহিৰলৈ গৈ আছিল, তেতিয়া তেওঁৰ শিষ্যসকলৰ মাজৰ এজনে তেওঁক কʼলে, “গুৰু, চাওক! এই শিল আৰু গোটেই মন্দিৰটো কিমান ধুনীয়া!” ২ কিন্তু যীচুৱে তেওঁক কʼলে, “তুমি এয়া যি ডাঙৰ মন্দিৰ দেখিছা, এইবোৰৰ এটাও শিল, আনটো শিলৰ ওপৰত নাথাকিব। সকলোবোৰ ধ্বংস হৈ যাব।”

৩ এবাৰ যীচুৱে জৈতুন পাহাৰত বহি আছিল, যʼৰ পৰা মন্দিৰটো দেখা গৈছিল। তেতিয়া পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই আহি অকলে তেওঁক সুধিলে, ৪ “এইবোৰ কেতিয়া হʼব আৰু ইয়াৰ শেষ সময়ৰ চিন কি হʼব? এই বিষয়ে আমাক কওক।” ৫ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা। ৬ বহুতো লোকে মোৰ নামেৰে আহি কʼব, ‘মই সেইজনেই’ আৰু এইদৰে কৈ তেওঁলোকে বহুতো লোকক ভুলাব। ৭ যেতিয়া তোমালোকে যুদ্ধৰ মাত আৰু যুদ্ধৰ খবৰ শুনিবলৈ পাবা, তেতিয়া ভয় নাখাবা। এইদৰে হʼব লাগিব, কিন্তু তেতিয়াও অন্ত নহʼব।

৮ কিয়নো এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ বিৰুদ্ধে উঠিব। ঠায়ে ঠায়ে ভূমিকম্প আৰু আকালো হʼব। এইবোৰ প্ৰসৱ বেদনাৰ দৰে সমস্যাবোৰৰ আৰম্ভণিহে মাথোন।

৯ কিন্তু তোমালোকে সাৱধানে থাকিবা। লোকসকলে তোমালোকক আদালতত গতাই দিব আৰু তোমালোকক সভাঘৰবোৰত কোবোৱা হʼব। তোমালোকক মোৰ কাৰণে ৰাজ্যপাল আৰু ৰজাবিলাকৰ সন্মুখত থিয় কৰোৱা হʼব যাতে তেওঁলোকে সাক্ষ্য পায়। ১০ আৰু প্ৰথমে সকলো ৰাষ্ট্ৰত শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। ১১ কিন্তু তোমালোকক যেতিয়া আদালতত গতাই দিব, তেতিয়া আমি কি কʼম বুলি আগতীয়াকৈ চিন্তা নকৰিবা। কিন্তু তোমালোকক সেই সময়ত যি জনোৱা হʼব, তাকেই কʼবা। কাৰণ তোমালোকে নিজে নহয়, কিন্তু পবিত্ৰ শক্তিৰ সহায়তহে কʼবা। ১২ ইয়াৰ উপৰিও, ককায়েকে ভায়েকক বা ভায়েকে ককায়েকক আৰু দেউতাকে নিজৰ সন্তানক মৃত্যুৰ কাৰণে গতাই দিব। সন্তানে নিজৰ মা-দেউতাৰ বিৰুদ্ধে থিয় হʼব আৰু তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। ১৩ মোৰ নামৰ কাৰণে সকলোৱে তোমালোকক ঘিণ কৰিব। কিন্তু যিজনে শেষলৈকে ধৈৰ্য ধৰিব,* তেৱেঁই উদ্ধাৰ পাব।

১৪ কিন্তু তোমালোকে যেতিয়া সেই ধ্বংসকাৰী ঘিণলগীয়া বস্তুক থাকিব নলগীয়া ঠাইত থিয় হৈ থকা দেখিবা (পঢ়োঁতাজনে বুদ্ধি ব্যৱহাৰ কৰক), তেতিয়া যিসকলে যিহূদিয়াত আছে, তেওঁলোকে পাহাৰৰ ফালে পলাবলৈ আৰম্ভ কৰক। ১৫ যিজন ব্যক্তিয়ে ঘৰৰ চাদৰ ওপৰত আছে, তেওঁ তললৈ নামি নাহক আৰু কিবা বস্তু আনিবলৈও ঘৰৰ ভিতৰলৈ নাযাওক। ১৬ যিজন ব্যক্তিয়ে পথাৰত আছে, তেওঁ নিজৰ কাপোৰখন বা সেই বস্তুবোৰ লʼবলৈ উলটি নাযাওক, যি পিছফালে এৰ খাই গৈছে। ১৭ গৰ্ভৱতী তিৰোতা আৰু কেঁচুৱাক গাখীৰ খোৱাওঁতা তিৰোতাসকলৰ বাবে সেই দিনটো কিমান যে ভয়ানক হʼব! ১৮ জাৰকালিত যেন এইদৰে নহয়, তাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা। ১৯ কিয়নো সেই সময়ত এনে সংকট হʼব, যি ঈশ্বৰে সৃষ্টি কৰা জগতৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাই আৰু নহʼবও। ২০ আচলতে, যিহোৱাই* যদি সেই দিনৰ সংখ্যা কম নকৰে, তেনেহʼলে কোনো মানুহ ৰক্ষা নপৰিব। কিন্তু ঈশ্বৰে বাছনি কৰা লোকৰ কাৰণে তেওঁ সেই দিনৰ সংখ্যা কম কৰিছে।

২১ সেই সময়ত যদি কোনোবাই তোমালোকক কয়, ‘চোৱা! খ্ৰীষ্ট ইয়াত আছে,’ ‘চোৱা! তেওঁ তাত আছে,’ তেনেহʼলে বিশ্বাস নকৰিবা। ২২ কিয়নো মিছা খ্ৰীষ্ট আৰু মিছা ভৱিষ্যবক্তা ওলাব আৰু সম্ভৱ হʼলে বাছনি কৰা লোকসকলকো ভুলাবলৈ তেওঁলোকে চমৎকাৰ কৰিব। ২৩ সেইবাবে, তোমালোকে সাৱধানে থাকিবা। মই তোমালোকক সকলো কথা আগতীয়াকৈ জনালোঁ।

২৪ কিন্তু সেই সময়ত, সেই সংকটৰ পাছত সূৰ্য অন্ধকাৰময় হʼব, চন্দ্ৰই পোহৰ নিদিব, ২৫ আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ শক্তিবোৰ লৰোৱা হʼব। ২৬ তাৰ পাছত তেওঁলোকে মানুহৰ পুত্ৰক সম্পূৰ্ণ শক্তি আৰু মহিমাৰে সৈতে মেঘৰ ওপৰত অহা দেখিব। ২৭ তাৰ পাছত তেওঁ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিও দিশৰ পৰা ঈশ্বৰে বাছনি কৰা লোকসকলক একগোট কৰিব।

২৮ এতিয়া ডিমৰু গছৰ উদাহৰণৰ পৰা এই কথা শিকা: যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া গৰমকাল ওচৰ পালেহি বুলি তোমালোকে জানা। ২৯ ঠিক সেইদৰে, যেতিয়া তোমালোকে এই কথাবোৰ হোৱা দেখিবা, তেতিয়া মানুহৰ পুত্ৰ ওচৰ চাপি দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা। ৩০ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে এই সকলো কথা পূৰ নহʼব, তেতিয়ালৈকে এই যুগৰ লোকসকল কেতিয়াও লুপ্ত নহʼব। ৩১ আকাশ আৰু পৃথিৱী লুপ্ত হʼব, কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহʼব।

৩২ পিতৃৰ বাহিৰে স্বৰ্গৰ দূত, পুত্ৰ বা আন কোনেও সেই দিন আৰু সেই সময়ৰ বিষয়ে নাজানে। ৩৩ জাগি থাকা আৰু সতৰ্ক হৈ থাকা। কিয়নো তোমালোকে নাজানা যে নিৰ্ধাৰিত কৰা সময় কেতিয়া আহিব। ৩৪ এয়া এনে এজন ব্যক্তিৰ দৰে হয়, যিজনে বিদেশলৈ যাবলৈ ওলাইছে। কিন্তু ঘৰ এৰি যোৱাৰ আগতে তেওঁ নিজৰ দাসবিলাকক অধিকাৰ দিয়ে আৰু প্ৰতিজনকে নিজৰ নিজৰ কাম ভাগ কৰি দিয়ে। আৰু দুৱাৰ ৰখীয়াক জাগি থাকিবলৈ আদেশ দিয়ে। ৩৫ সেইবাবে, জাগি থাকা; কিয়নো ঘৰৰ মালিক কেতিয়া আহিব, গধূলি নে মাজৰাতি নে কুকুৰাই ডাক দিয়াৰ সময়ত নে ৰাতিপুৱা, সেয়া তোমালোকে নাজানা। ৩৬ তেওঁ হঠাতে আহি যেন তোমালোকক শুই থকা অৱস্থাত নাপায়। ৩৭ কিন্তু মই তোমালোকক যি কওঁ, সেয়া সকলোকে কওঁ, জাগি থাকা।”

১৪ দুদিনৰ পাছত নিস্তাৰ-পৰ্ব আৰু খমিৰ* নোহোৱা ৰুটিৰ উৎসৱ আছিল। আৰু প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকে* যীচুক ছলেৰে ধৰি* হত্যা কৰিবলৈ সুযোগ বিচাৰি আছিল। ২ কিন্তু তেওঁলোকে কৈছিল, “উৎসৱৰ সময়ত নহয়, এনে কৰিলে হয়তো লোকসকলে হুলস্থূল কৰিব পাৰে।”

৩ যীচুৱে যেতিয়া বৈথনিয়াত চিমোনৰ ঘৰত খোৱা-বোৱা কৰিবলৈ বহিছিল,* যি আগতে কুষ্ঠ ৰোগী আছিল, তেতিয়া এগৰাকী তিৰোতাই সুগন্ধি তেলৰ বটল* লৈ আহিলে। সেই বটলত বহুমূলীয়া শুদ্ধ জটামাংসীৰ* সুগন্ধি তেল আছিল। সেই তিৰোতাই বটলৰ মুখ ভাঙি যীচুৰ মূৰত ঢালিবলৈ ধৰিলে। ৪ এয়া দেখি কিছুমান লোকৰ খং উঠিল আৰু তেওঁলোকে নিজৰ মাজতে কʼবলৈ ধৰিলে, “এই সুগন্ধি তেল কিয় বৰ্বাদ কৰা হৈছে? ৫ ইয়াক ৩০০ দীনাৰতকৈ* বেছি দামত বিক্ৰী কৰি দুখীয়া লোকসকলক দান কৰিব পৰা গʼলহেঁতেন!” সেই তিৰোতাগৰাকীৰ ওপৰত তেওঁলোকৰ বৰ খং উঠিল।* ৬ কিন্তু যীচুৱে কʼলে, “তোমালোকে তেওঁক কিয় আমনি কৰিছা? তেওঁক কৰিবলৈ দিয়া। তেওঁতো মোৰ কাৰণে বহুত ভাল কাম কৰিছে। ৭ দুখীয়াসকল সদায় তোমালোকৰ লগত থাকিব আৰু তোমালোকে সদায় তেওঁলোকক সহায় কৰিব পাৰা, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকিম। ৮ তেওঁ যি কৰিব পাৰিলে, সেয়া কৰিলে। তেওঁ মোৰ শৰীৰত সুগন্ধিৰ তেল লগোৱাৰ যোগেদি মৃত্যুৰ পাছত মোক কবৰ দিবলৈ প্ৰস্তুত কৰিলে। ৯ মই তোমালোকক সঁচাকৈ কৈছোঁ, গোটেই জগতত যʼতেই শুভবাৰ্তা প্ৰচাৰ কৰা হʼব, তাতেই এই তিৰোতাগৰাকীৰ স্মৃতিত তেওঁ কৰা কামৰ বিষয়ে উল্লেখ কৰা হʼব।”

১০ বাৰজনৰ মাজৰ এজন, যাক যিহূদা ঈষ্কৰিয়োতীয়া বুলি কোৱা হয়, তেওঁ প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গʼল যাতে তেওঁ যীচুক ধৰিবলৈ তেওঁলোকক সহায় কৰিব পাৰে। ১১ যিহূদাৰ কথা শুনি তেওঁলোক বহুত আনন্দিত হʼল আৰু তেওঁক ৰূপৰ মুদ্ৰা দিবলৈ প্ৰতিজ্ঞা কৰিলে। তেতিয়াৰে পৰা যিহূদাই যীচুক ধৰাই দিবলৈ সুযোগ বিচাৰি থাকিল।

১২ খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ প্ৰথম দিনাখন যিহূদীসকলে নিজৰ ৰীতিৰ অনুসৰি নিস্তাৰ-পৰ্বৰ বলি আগবঢ়াইছিল। সেই দিনাখন শিষ্যসকলে যীচুক সুধিলে, “আমি কʼত গৈ আপোনাৰ কাৰণে নিস্তাৰ-পৰ্বৰ ভোজ প্ৰস্তুত কৰাটো আপুনি বিচাৰে?” ১৩ তেতিয়া তেওঁ নিজৰ দুজন শিষ্যক এয়া কৈ পঠিয়ালে, “চহৰলৈ যোৱা আৰু তাত তোমালোকে পানীৰ কলহ লৈ অহা এজন মানুহক পাবা। তেওঁৰ পিছে পিছে যাবা। ১৪ তেওঁ যিখন ঘৰলৈ যাব, সেই ঘৰৰ মালিকজনক কʼবা, ‘গুৰুৱে সুধিছে, “মই যি ঠাইত মোৰ শিষ্যসকলৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খাম, সেই আলহী কোঠালি কʼত?”’ ১৫ তাৰ পাছত তেওঁ তোমালোকক ওপৰৰ সজাই থোৱা এটা ডাঙৰ কোঠালি দেখুৱাব। তাত আমাৰ কাৰণে তৈয়াৰী কৰিবা।” ১৬ তেতিয়া সেই শিষ্যসকলে গৈ চহৰৰ ভিতৰলৈ সোমালে। আৰু যীচুৱে তেওঁলোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁলোকে দেখা পালে আৰু তাত নিস্তাৰ-পৰ্বৰ কাৰণে তৈয়াৰী কৰিলে।

১৭ গধূলি সময়ত তেওঁ ১২ জনৰ লগত তালৈ আহিল। ১৮ আৰু যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল,* তেতিয়া যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজৰ এজনে যিজন মোৰ লগত খাই আছে, তেওঁ মোৰ লগত বিশ্বাসঘাত কৰি মোক ধৰাই দিব।” ১৯ তেওঁলোকৰ বহুত দুখ লাগিল আৰু এজন এজনকৈ যীচুক কʼবলৈ ধৰিলে, “সেইজন মইতো নহয়?” ২০ তেওঁ কʼলে, “তোমালোকৰ ১২ জনৰ ভিতৰতে এজন হয়, যিজনে মোৰ লগত একেখন পাত্ৰত জুবুৰিয়াই খাই আছে। ২১ মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁ তোমালোক সকলোকে এৰি গৈছে। কিন্তু যিজন ব্যক্তিয়ে মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিব, তেওঁৰ অৱস্থা বহুত বেয়া হʼব। সেই মানুহজন জন্ম নোহোৱা হʼলেই তেওঁৰ কাৰণে ভাল আছিল।”

২২ যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল, তেতিয়া যীচুৱে এখন ৰুটি লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া ভাঙি তেওঁলোকক দি কʼলে, “এয়া লোৱা। ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে।” ২৩ তাৰ পাছত তেওঁ এটা পাত্ৰ লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি শিষ্যসকলক দিলে আৰু তাৰ পৰা সকলোৱে খালে। ২৪ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “ইয়ে মোৰ তেজক চিত্ৰিত কৰে, যি ঈশ্বৰৰ লগত কৰা চুক্তিক নিশ্চিত কৰে আৰু যি বহুতো লোকৰ কাৰণে দিয়া হʼব। ২৫ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে ঈশ্বৰৰ ৰাজ্যত মই নতুন দ্ৰাক্ষাৰস* নাখাওঁ, তেতিয়ালৈকে মই দ্ৰাক্ষাৰস কেতিয়াও নাখাম।” ২৬ অৱশেষত, তেওঁলোকে ঈশ্বৰৰ প্ৰশংসাত গীত গালে আৰু তাৰ পাছত জৈতুন পাহাৰলৈ ওলাই গʼল।

২৭ যীচুৱে তেওঁলোকক কʼলে, “তোমালোক সকলোৱে মোক এৰি যাবা।* কিয়নো লিখা আছে, ‘মই ৰখীয়াক আঘাত কৰিম আৰু ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব।’ ২৮ কিন্তু যেতিয়া মোক জীয়াই তোলা হʼব, তেতিয়া তোমালোকতকৈ আগতেই মই গালীললৈ যাম।” ২৯ কিন্তু পিতৰে তেওঁক কʼলে, “এওঁলোকে আপোনাক এৰি গʼলেও মই আপোনাক কেতিয়াও এৰি নাযাম।” ৩০ তেতিয়া যীচুৱে তেওঁক কʼলে, “মই তোমাক সঁচাকৈ কৈছোঁ, আজি ৰাতি, হয় আজি ৰাতিয়েই কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” ৩১ কিন্তু পিতৰে বাৰে বাৰে কʼবলৈ ধৰিলে, “আপোনাৰ লগত মৰিব লগা হʼলেও মই আপোনাক কেতিয়াও চিনি পাবলৈ অস্বীকাৰ নকৰিম।” আন শিষ্যসকলেও এইদৰেই কʼবলৈ ধৰিলে।

৩২ তাৰ পাছত তেওঁলোকে গেৎচিমানী নামৰ ঠাইলৈ আহিলে আৰু যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “মই তালৈ প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ, তোমালোকে ইয়াতে বহি থাকা।” ৩৩ তাৰ পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত লৈ গʼল। তেওঁ ব্যাকুল হৈ দুখত ভাঙি পৰিবলৈ ধৰিলে। ৩৪ যীচুৱে তেওঁলোকক কʼলে, “মোৰ বহুত দুখ লাগিছে, আনকি মোৰ মৰো মৰো অৱস্থা হৈছে। তোমালোকে ইয়াতে থাকি জাগি থাকা।” ৩৫ তাৰ পাছত তেওঁ অলপ আগুৱাই গৈ মাটিত পৰি এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে যদি সম্ভৱ হয়, তেনেহʼলে এই কঠিন পৰিস্থিতি যেন তেওঁৰ পৰা দূৰ হয়। ৩৬ তেওঁ কʼলে, “হে আব্বা, হে পিতৃ, তোমাৰ কাৰণে সকলো সম্ভৱ। এই পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া। তথাপি মই যি বিচাৰোঁ, সেয়া নহয়, কিন্তু তুমি বিচৰাৰ দৰেই হওক।” ৩৭ তাৰ পাছত শিষ্যসকলৰ ওচৰলৈ আহি তেওঁলোকক টোপনি যোৱা দেখি তেওঁ পিতৰক কʼলে, “চিমোন, তুমি শুই আছা? মোৰ লগত এঘণ্টাও জাগি থাকিবলৈ তোমাৰ শক্তি নাই নে? ৩৮ পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা। হৃদয় সাজু আছে,* কিন্তু শৰীৰ দুৰ্বল।” ৩৯ তেওঁ আকৌ গৈ পুনৰ সেই একেই প্ৰাৰ্থনা কৰিলে। ৪০ তেওঁ আকৌ শিষ্যসকলৰ ওচৰলৈ আহিলে আৰু তেওঁলোকক শুই থকা দেখিলে। কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল। তেওঁলোকে যীচুক কি কʼব লাগে একোৱেই বুজি পোৱা নাছিল। ৪১ তাৰ পাছত যীচুৱে তৃতীয়বাৰ তেওঁলোকৰ ওচৰলৈ আহিলে আৰু কʼলে, “তোমালোকে এনে এক সময়ত শুই আছা আৰু আৰাম কৰিছা! বহুত হʼল! চোৱা, সেই সময় আহি পৰিছে! এতিয়া মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক পাপীবিলাকৰ হাতত গতাই দিয়া হʼব। ৪২ উঠা, বʼলা যাওঁ। চোৱা, যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ ওচৰ পালেহি।”

৪৩ তেওঁ কৈ থাকোঁতেই যিহূদা আহিল, যি ১২ জনৰ ভিতৰত এজন আছিল। তেওঁৰ লগত তৰোৱাল আৰু লাঠি লোৱা লোকসকলৰ এটা ডাঙৰ ভিৰ আছিল আৰু তেওঁলোকক প্ৰধান পুৰোহিত, নিয়ম শিকোৱা লোক আৰু যিহূদীৰ নেতাসকলে পঠাইছিল। ৪৪ তেওঁৰ লগত বিশ্বাসঘাত কৰাজনে তেওঁলোকক এইদৰে কৈ আগতীয়াকৈ এটা চিন দিছিল, “যিজনক মই চুমা খাম, তেৱেঁই সেইজন। তেওঁক গ্ৰেপ্তাৰ কৰি লʼব আৰু সাৱধানেৰে লৈ যাব।” ৪৫ তেওঁ যীচুৰ ওচৰলৈ আহি কʼলে, “ৰব্বি!” আৰু তেওঁক মৰমেৰে চুমা খালে। ৪৬ তেতিয়া তেওঁলোকে যীচুক ধৰি গ্ৰেপ্তাৰ কৰি লʼলে। ৪৭ কিন্তু তাত যিসকল থিয় হৈ আছিল, তেওঁলোকৰ মাজৰ এজনে নিজৰ তৰোৱালখন উলিয়াই মহা-পুৰোহিতৰ এজন দাসক আঘাত কৰি তেওঁৰ কাণ এখন কাটি পেলালে। ৪৮ যীচুৱে ভিৰক কʼলে, “এজন ডকাইতক যিদৰে ধৰিবলৈ যায়, তেনেকৈ তোমালোকে মোক তৰোৱাল আৰু লাঠি লৈ গ্ৰেপ্তাৰ কৰিবলৈ আহিছা? ৪৯ মই সদায় মন্দিৰত তোমালোকক শিকাইছিলোঁ, তথাপি তোমালোকে মোক গ্ৰেপ্তাৰ নকৰিলা। কিন্তু শাস্ত্ৰৰ বাক্য পূৰ হʼবলৈ এই সকলো ঘটিল।”

৫০ তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গʼল। ৫১ কিন্তু এজন ডেকাই মিহি সূতাৰে তৈয়াৰ কৰা এখন কাপোৰ গাত লৈ তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে। কিন্তু ভিৰে যেতিয়া তেওঁক ধৰিবলৈ চেষ্টা কৰিলে, ৫২ তেতিয়া তেওঁ সেই কাপোৰখন পেলাই উদঙে* পলাই গʼল।

৫৩ এতিয়া তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গʼল। আৰু তাত সকলো প্ৰধান পুৰোহিত, যিহূদীৰ নেতা আৰু নিয়ম শিকোৱা লোকসকল গোট খালে। ৫৪ কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে, আঁতৰে আঁতৰে তেওঁৰ পিছে পিছে গʼল। তেওঁ ঘৰৰ সেৱকসকলৰ লগত বহিল আৰু জুই পুৱাবলৈ ধৰিলে। ৫৫ প্ৰধান পুৰোহিত আৰু গোটেই মহা-সভাই যীচুক হত্যা কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰি আছিল। কিন্তু তেওঁলোকে এজনো সাক্ষী বিচাৰি নাপালে। ৫৬ যদিও বহুতো মিছা সাক্ষীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছিল, কিন্তু তেওঁলোকৰ এজনৰ কথা আনজনৰ লগত মিল খোৱা নাছিল। ৫৭ কিছুমান লোকে থিয় হৈ তেওঁৰ বিৰুদ্ধে এই মিছা সাক্ষ্য দিলে, ৫৮ “আমি এই মানুহজনক এইদৰে কোৱা শুনিছোঁ যে মই হাতেৰে বনোৱা এই মন্দিৰটো ধ্বংস কৰি তিনি দিনৰ ভিতৰত আৰু এটা মন্দিৰ বনাম, যি মানুহৰ হাতেৰে বনোৱা নহয়।” ৫৯ কিন্তু এই বিষয়টো তেওঁলোকৰ এজনৰ কথা আনজনৰ লগত মিল খোৱা নাছিল।

৬০ তাৰ পাছত মহা-পুৰোহিতে তেওঁলোকৰ মাজত থিয় হʼল আৰু তেওঁ যীচুক সুধিলে, “তই একো উত্তৰ নিদিয় নে? তই শুনা নাই নে, তোৰ ওপৰত তেওঁলোকে কি অভিযোগ লগাইছে?” ৬১ কিন্তু তেতিয়াও যীচু মনে মনে থাকিল আৰু তেওঁ একো উত্তৰ নিদিলে। মহা-পুৰোহিতে তেওঁক আকৌ এবাৰ প্ৰশ্ন সুধিবলৈ ধৰিলে আৰু তেওঁক কʼলে, “তই মহান ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয় নে?” ৬২ যীচুৱে কʼলে, “হয়, ময়েই সেইজন। আৰু আপোনালোকে মানুহৰ পুত্ৰক শক্তিশালী ঈশ্বৰৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘৰ ওপৰত আহি থকা দেখিব।” ৬৩ এয়া শুনি মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি কʼলে, “এতিয়া আমাক আৰু সাক্ষীৰ প্ৰয়োজন আছে নে? ৬৪ তোমালোকে নিজেই ঈশ্বৰৰ নিন্দা কৰা শুনিলা। গতিকে তোমালোকে কি ভাবা?” এওঁ মৃত্যুদণ্ডৰ যোগ্য বুলি সকলোৱে কʼলে। ৬৫ কিছুমান লোকে তেওঁৰ ওপৰত থু পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখখন ঢাকি তেওঁক ঘোচা মাৰিবলৈ ধৰিলে আৰু তেওঁক কʼলে, “তই যদি ভৱিষ্যবক্তা হয়, তেনেহʼলে ক, তোক কোনে মাৰিলে!” আৰু পহৰা দিয়া লোকসকলে তেওঁক চৰ মাৰিলে আৰু তেওঁক লৈ গʼল।

৬৬ যেতিয়া পিতৰ চোতালত আছিল, তেতিয়া মহা-পুৰোহিতৰ এজনী চাকৰণী তালৈ আহিল। ৬৭ পিতৰক জুই পুৱাই থকা দেখি তাই একেথৰে পিতৰলৈ চাই কʼলে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।” ৬৮ কিন্তু এইদৰে কৈ তেওঁ অস্বীকাৰ কৰি কʼলে, “মই তেওঁক চিনি নাপাওঁ। আৰু মই নাজানোঁ, তুমি কি কৈ আছা।” তেতিয়া তেওঁ প্ৰৱেশ দুৱাৰৰ ওচৰলৈ গুচি গʼল। ৬৯ তাত সেই চাকৰণীজনীয়ে তেওঁক দেখিলে আৰু তাত থিয় হৈ থকা লোকসকলক আকৌ এবাৰ কʼলে, “ইও তেওঁলোকৰ মাজৰ এজন হয়।” ৭০ পিতৰে আকৌ অস্বীকাৰ কৰিবলৈ ধৰিলে। অলপ সময়ৰ পাছত আশে-পাশে থিয় হৈ থকা লোকসকলে পিতৰক আকৌ কʼবলৈ ধৰিলে, “অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন। কাৰণ তুমি এজন গালীলীয়া হোৱা।” ৭১ কিন্তু তেওঁ নিজকে শাও দি আৰু শপত খাই কʼলে, “যাৰ বিষয়ে তোমালোকে কৈ আছা, সেই মানুহজনক মই চিনি নাপাওঁ!” ৭২ সেই সময়তেই এটা কুকুৰাই দ্বিতীয়বাৰ ডাক দিলে আৰু যীচুৱে কোৱা এই কথালৈ পিতৰৰ মনত পৰিল, “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” তেতিয়া পিতৰে আৰু নিজকে ৰখাব নোৱাৰিলে আৰু তেওঁ হোক-হোকাই কান্দিবলৈ ধৰিলে।

১৫ ৰাতিপুৱা হোৱাৰ লগে লগে যিহূদীৰ নেতা আৰু নিয়ম শিকোৱা লোকসকলে* প্ৰধান পুৰোহিতৰ লগত অৰ্থাৎ গোটেই মহা-সভাই একেলগে আলোচনা কৰিলে। তেওঁলোকে যীচুক বান্ধি পীলাতৰ ওচৰলৈ লৈ গʼল আৰু তেওঁৰ হাতত গতাই দিলে। ২ তেতিয়া পীলাতে যীচুক সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” তেওঁ উত্তৰ দিলে, “আপুনি নিজেই এইদৰে কৈছে।” ৩ কিন্তু প্ৰধান পুৰোহিতে তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰিবলৈ ধৰিলে। ৪ এতিয়া পীলাতে তেওঁক আকৌ এবাৰ সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এই লোকসকলে তোমাৰ ওপৰত কিমান অভিযোগ লগাইছে।” ৫ কিন্তু যীচুৱে আৰু একো উত্তৰ নিদিলে, সেইবাবে পীলাতে বৰ আচৰিত হʼল।

৬ পীলাতে প্ৰতিটো নিস্তাৰ-পৰ্বৰ সময়ত লোকসকলৰ ইচ্ছাৰ অনুসৰি কোনো এজন কয়দীক মুকলি কৰি দিয়াৰ পৰম্পৰা আছিল। ৭ সেই সময়ত বাৰাব্বা নামৰ এজন ব্যক্তি আন কয়দীসকলৰ লগত জেলত বন্দী হৈ আছিল। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু হত্যা কৰিছিল। ৮ এতিয়া ভিৰৰ লোকসকলে পীলাতৰ ওচৰলৈ আহিলে আৰু পৰম্পৰাৰ অনুসৰি পীলাতে তেওঁলোকৰ বাবে যিদৰে কৰে, ঠিক সেইদৰে কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিবলৈ ধৰিলে। ৯ তেওঁ লোকসকলক কʼলে, “মই যিহূদীসকলৰ ৰজাক মুকলি কৰি দিয়াটো তোমালোকে বিচাৰা নে?” ১০ পীলাতে জানিছিল যে প্ৰধান পুৰোহিতসকলে ঈৰ্ষাৰ কাৰণে যীচুক তেওঁৰ হাতত শোধাই দিছিল। ১১ কিন্তু প্ৰধান পুৰোহিতসকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবলৈ কʼবৰ কাৰণে লোকসকলক উচটালে। ১২ পীলাতে আকৌ এবাৰ তেওঁলোকক কʼলে, “তেনেহʼলে তোমালোকে যিজনক যিহূদীসকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?” ১৩ তেওঁলোকে আকৌ চিঞৰি কʼলে, “ইয়াক কাঠত আঁৰি দিয়ক!”* ১৪ কিন্তু তেওঁ কʼলে, “কিয়, তেওঁনো কি অপৰাধ কৰিলে?” কিন্তু তেওঁলোকে আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক!” ১৫ তেতিয়া পীলাতে ভিৰক আনন্দিত কৰিবলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাৰ পাছত কাঠত আঁৰি হত্যা কৰিবলৈ তেওঁ লোকসকলৰ হাতত গতাই দিলে।

১৬ ইয়াৰ পাছত সৈনিকসকলে যীচুক ৰাজ্যপালৰ ভৱনৰ চোতাললৈ লৈ গʼল আৰু তাত তেওঁলোকে গোটেই সৈন্যদলক মাতি একগোট কৰিলে। ১৭ তেওঁলোকে যীচুক বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধালে আৰু কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মূৰত দিলে। ১৮ তেওঁলোকে জোৰেৰ চিঞৰি কʼবলৈ ধৰিলে, “হে যিহূদীসকলৰ ৰজা প্ৰণাম!”* ১৯ তেওঁলোকে নলখাগৰি লৈ তেওঁৰ মূৰত মাৰিবলৈ ধৰিলে, তেওঁৰ ওপৰত থু পেলাবলৈ ধৰিলে আৰু তেওঁক মূৰ দোৱাই প্ৰণাম কৰিবলৈ ধৰিলে। ২০ ঠাট্টা কৰাৰ পাছত তেওঁলোকে যীচুৰ সেই বেঙুনীয়া ৰঙৰ কাপোৰ খুলি তেওঁৰ কাপোৰ তেওঁকেই পিন্ধাই দিলে। তাৰ পাছত তেওঁলোকে যীচুক কাঠত আঁৰিবলৈ লৈ গʼল। ২১ সেই সময়ত চিমোন নামৰ এজন কুৰীণীৰ মানুহ, গাঁৱৰ পৰা সেই ৰাস্তাইদি আহি আছিল। তেওঁ আলেকজেন্দাৰ আৰু ৰূফৰ দেউতাক আছিল। সৈনিকসকলে যীচুৰ যাতনাৰ কাঠ* উঠাবলৈ তেওঁক আদেশ দিলে।

২২ তাৰ পাছত তেওঁলোকে যীচুক গলগথা নামৰ ঠাইলৈ লৈ আহিল, যাৰ অৰ্থ হৈছে, “মূৰৰ লাওখোলা।” ২৩ ইয়াত তেওঁলোকে যীচুক নিচাজাতীয় পদাৰ্থ গন্ধৰস* মিহলোৱা দ্ৰাক্ষাৰস খোৱাবলৈ চেষ্টা কৰিছিল। কিন্তু যীচুৱে নাখালে। ২৪ তেওঁলোকে যীচুক কাঠত গজাল মাৰি দিলে আৰু তেওঁৰ কাপোৰৰ কাৰণে চিঠি খেলিলে যাতে কোনে কি পাব, সেয়া নিৰ্ণয় লʼব পাৰে আৰু সেইবোৰ নিজৰ মাজতে ভগাই লʼলে। ২৫ এয়া তৃতীয় ঘণ্টা* আছিল আৰু তেওঁলোকে যীচুক কাঠত আঁৰি দিলে। ২৬ তেওঁৰ বিৰুদ্ধে এই অভিযোগ লিখি তেওঁৰ মূৰৰ ওপৰত লগাই দিয়া হʼল: “যিহূদীসকলৰ ৰজা।” ২৭ আৰু তেওঁলোকে তেওঁৰ লগত দুজন ডকাইতক কাঠত আঁৰি দিলে। এজনক তেওঁৰ সোঁফালে আৰু আনজনক বাওঁফালে। ২৮* — ২৯ যিসকলে সেই বাটেদি অহা-যোৱা কৰিছিল, তেওঁলোকে মূৰ জোকাৰি জোকাৰি তেওঁৰ নিন্দা কৰিবলৈ ধৰিলে, “তইতো মন্দিৰ ভাঙি তিনি দিনৰ ভিতৰতে বনাব পাৰ! ৩০ এতিয়া যাতনাৰ কাঠৰ পৰা নামি নিজকে বচা।” ৩১ এইদৰে প্ৰধান পুৰোহিতেও নিয়ম শিকোৱা লোকসকলৰ লগত মিলি এয়া কৈ নিজৰ মাজতে যীচুৰ ঠাট্টা কৰি আছিল, “সি আনক বচালে, কিন্তু নিজকে বচাব নোৱাৰে! ৩২ ইস্ৰায়েলৰ ৰজা খ্ৰীষ্ট, এতিয়া যাতনাৰ কাঠৰ পৰা নামি দেখাওক, তেতিয়াহে সেয়া দেখি আমি বিশ্বাস কৰিম।” আনকি তেওঁৰ দুয়োফালে কাঠত আঁৰি দিয়া মানুহ কেইজনেও তেওঁৰ বিষয়ে বেয়াকৈ কৈছিল।

৩৩ যেতিয়া ছয় ঘণ্টা* হʼল, তেতিয়া গোটেই দেশত অন্ধকাৰ হৈ গʼল আৰু ন ঘণ্টালৈকে* অন্ধকাৰেই হৈ থাকিল। ৩৪ ন ঘণ্টাৰ সময়ছোৱাত যীচুৱে জোৰকৈ চিঞৰি কʼলে, “এলী, এলী, লামা চবক্তানী?” যাৰ অৰ্থ হৈছে, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় এৰি দিলা?” ৩৫ এয়া শুনি ওচৰত থিয় হৈ থকা কিছুমান লোকে কʼবলৈ ধৰিলে, “চোৱা! তেওঁ এলিয়াক মাতিছে।” ৩৬ তাৰ পাছত এজন মানুহে দৌৰি গৈ এটা স্পঞ্জৰ টুকুৰা টেঙা দ্ৰাক্ষাৰসত ডুবালে আৰু নলখাগৰিত লগাই এইদৰে কৈ তেওঁক খাবলৈ দিলে, “চাওঁচোন, এলিয়াই ইয়াক নমাবলৈ আহিব নে নাই।” ৩৭ কিন্তু যীচুৱে জোৰকৈ চিঞৰিলে আৰু প্ৰাণ ত্যাগ কৰিলে।* ৩৮ তেতিয়া মন্দিৰৰ পৰ্দা ওপৰৰ পৰা তললৈকে ফাটি দুভাগ হʼল। ৩৯ তেওঁৰ ওচৰত থিয় হৈ থকা সেনাপতিয়ে যীচুৰ মৃত্যুত এইবোৰ ঘটনা হোৱা দেখি তেওঁ এইদৰে কʼলে, “সঁচাকৈ, এই মানুহজন ঈশ্বৰৰ পুত্ৰ আছিল।”

৪০ তাত কিছুমান তিৰোতাও আছিল, যিসকলে দূৰৰ পৰা থিয় হৈ চাই আছিল। তেওঁলোকৰ মাজত মৰিয়ম মগ্দলীনী, সৰু যাকোব আৰু যোচিৰ মা মৰিয়ম আৰু চালোমীও আছিল। ৪১ যীচু গালীলত থাকোঁতে এই তিৰোতাসকলে তেওঁৰ পাছে পাছে গৈছিল আৰু তেওঁৰ সেৱা কৰিছিল। তাত আৰু বহুতো তিৰোতা আছিল, যিসকলে তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল।

৪২ প্ৰায়েই গধূলি হʼবলৈ হৈছিল আৰু সেই দিন আয়োজনৰ দিন অৰ্থাৎ বিশ্ৰাম-বাৰৰ* আগদিনা আছিল। ৪৩ সেইবাবে, অৰিমাথিয়াত থকা যোচেফ তালৈ আহিল। তেওঁ মহা-সভাৰ এজন সন্মানীয় ব্যক্তি আছিল, তেওঁ নিজেও ঈশ্বৰৰ ৰাজ্য অহাৰ কাৰণে অপেক্ষা কৰি আছিল। তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গʼল আৰু যীচুৰ মৃতদেহ খুজিলে। ৪৪ কিন্তু যীচুৰ মৃত্যু হʼল নে নাই, সেই বিষয়ে জানিবলৈ পীলাতে আগ্ৰহী হৈ আছিল। সেইবাবে, তেওঁ সেনাপতিক মাতি সুধিলে যে তেওঁৰ মৃত্যু হʼল নে নাই। ৪৫ যীচুৰ মৃত্যু হʼল বুলি সেনাপতিৰ পৰা নিশ্চিত কৰাৰ পাছত পীলাতে তেওঁৰ মৃতদেহ যোচেফক দি দিলে। ৪৬ তেতিয়া যোচেফে মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ কিনি আনিলে আৰু তেওঁ যীচুৰ মৃতদেহ তললৈ নমালে আৰু তাক সেই কাপোৰেৰে মেৰিয়াই এটা কবৰত* থʼলে, যি শিলা খান্দি বনোৱা হৈছিল আৰু এচটা ডাঙৰ শিল বগৰাই আনি কবৰৰ দুৱাৰ বন্ধ কৰিলে। ৪৭ কিন্তু মৰিয়ম মগ্দলীনী আৰু যোচিৰ মা মৰিয়ম সেই ঠাইলৈ চাই আছিল, যʼত যীচুক ৰখা হৈছিল।

১৬ বিশ্ৰাম-বাৰ* শেষ হোৱাৰ পাছত মৰিয়ম মগ্দলীনী, যাকোবৰ মা মৰিয়ম আৰু চালোমীয়ে যীচুৰ শৰীৰত লগাবলৈ সুগন্ধি দ্ৰব্য কিনিলে। ২ তেওঁলোকে সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱাতে সূৰ্য ওলোৱাৰ লগে লগে কবৰলৈ* আহিল। ৩ তেওঁলোকে নিজৰ মাজতে কৈ আছিল, “কোনে আমাৰ কাৰণে কবৰৰ দুৱাৰ মুখৰ পৰা শিলচটা আঁতৰাই দিব?” ৪ কিন্তু তেওঁলোকে চাই দেখিলে যে শিলচটা আগৰে পৰা আঁতৰাই থোৱা আছিল, যদিও সেই শিলচটা বহুত ডাঙৰ আছিল। ৫ যেতিয়া তেওঁলোকে কবৰৰ ভিতৰলৈ সোমালে, তেতিয়া তেওঁলোকে দেখিলে যে এজন ডেকা ব্যক্তিয়ে বগা কাপোৰ পিন্ধি সোঁফালে বহি আছে। আৰু তেওঁলোক আচৰিত হৈ গʼল। ৬ তেওঁ তেওঁলোকক কʼলে, “আচৰিত নহʼবা। তোমালোকে নাচৰতীয়া যীচুক বিচাৰি আছা ন, যিজনক কাঠত আঁৰি হত্যা কৰা হৈছে? তেওঁক জীৱিত কৰা হৈছে আৰু তেওঁ ইয়াত নাই। চোৱা, এই ঠাইখনত তেওঁক থোৱা হৈছিল। ৭ যোৱা, পিতৰ আৰু আন শিষ্যসকলক কোৱাগৈ, ‘তেওঁ তোমালোকতকৈ আগতে গালীললৈ যাব। তেওঁ তোমালোকক কোৱাৰ দৰে তাত তোমালোকে তেওঁক দেখা পাবা।’” ৮ তাৰ পাছত তেওঁলোকে বাহিৰলৈ ওলাই আহিলে আৰু ভয়ত কঁপি কঁপি আচৰিত হৈ কবৰৰ পৰা পলাই গʼল। তেওঁলোকে কাকো একো নকʼলে। কিয়নো তেওঁলোকে বহুত ভয় খাইছিল।*

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

অতি. ক৫ চাওক।

বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছিল।”

বা “পাৰৰ।”

বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা হয়তো, “সিহঁতে জানিছিল যে তেওঁ কোন হয়।”

বা “শুচি।”

অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “মেজত একেলগে বহিছিল।”

বা “উপবাস।”

জন্তুৰ ছালেৰে বনোৱা মোনা।

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

বা “দৰ্শন-ৰুটি।”

বা “জঠৰ ৰোগ হৈছিল।”

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

বা “বাছনি কৰিলে।”

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

আক্ষ., “কনানী।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

চয়তানক দিয়া এটা নাম, যি দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজা বা শাসক হয়।

আক্ষ., “উজুটি খায়।”

বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

বা “ইয়াক টুকুৰীত ঢাকি ৰাখে নে?”

বা “তোমালোকৰ হৃদয় কিয় কপি উঠিছে?”

বা “স্মৰণীয় কবৰৰ।”

অতি. ক৫ চাওক।

বা “দহখন চহৰৰ এলেকা।”

বা “মৰো মৰো হৈছে।”

আক্ষ., “তাইৰ ওপৰত হাত ৰাখক যাতে তাই জীয়াই থাকিব পাৰে।”

বা “আৰাম কৰা দিনৰ।” শব্দকোষ চাওক।

আক্ষ., “তাম।”

আক্ষ., “দুযোৰ কাপোৰ নিপিন্ধক।”

বা “মেজত একেলগে বহি।”

বা “মেজত একেলগে বহা লোকসকলৰ।”

বা “স্মৰণীয় কবৰত।”

অতি. খ১৪ চাওক।

আক্ষ., “চতুৰ্থ প্ৰহৰ।” যীচুৰ সময়ত, এই সময় ৰাতিপুৱাৰ প্ৰায় ৩ বজাৰ পৰা সূৰ্য উদয় হোৱালৈকে বুজায়।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

অৰ্থাৎ পৰম্পৰাৰ অনুসৰি শুচি নোহোৱাকৈ।

বা “গালি পাৰে।”

অতি. ক৩ চাওক।

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।

আক্ষ., “ঈৰ্ষাৰে ভৰা চকু।”

বা “দহখন চহৰৰ এলেকা।”

বা “বেকিং পাউদাৰ।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

শব্দকোষ চাওক।

আক্ষ., “ব্যভিচাৰী।”

আক্ষ., “ৰব্বি।”

বা হয়তো, “এই কথাটো নিজৰ মাজতে ৰাখিলে।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

আক্ষ., “প্ৰজন্ম।”

অৰ্থাৎ এনে কিবা কৰে, যাৰ বাবে আনে বিশ্বাস কৰিবলৈ এৰি দিয়ে।

বা “গাধই ঘূৰোৱা জাঁত।”

আক্ষ., “তোমাক উজুটি খোৱাইছে।”

গেহেনা যিৰূচালেমৰ এনে এক ঠাই আছিল, যʼত জাৱৰ জ্বলোৱা হৈছিল। শব্দকোষ চাওক।

অতি. ক৩ চাওক।

আক্ষ., “তোমাক উজুটি খোৱাইছে।”

শব্দকোষ চাওক।

অতি. ক৩ চাওক।

আক্ষ., “তোমাক উজুটি খোৱাইছে।”

শব্দকোষ চাওক।

শব্দকোষ চাওক।

আক্ষ., “দুয়োজন।”

আক্ষ., “এটা যুঁৱলিত বান্ধিছে।”

ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

আক্ষ., “সন্তানসকল।”

বা হয়তো, “এজনে-আনজনক।”

বা “জগতৰ ব্যৱস্থাত।” শব্দকোষ চাওক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

হিব্ৰু ভাষাত “ৰব্বূণি।”

অতি. ক৫ চাওক।

আক্ষ., “গুহা।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

অতি. ক৩ চাওক।

বা “আটাইতকৈ গুৰুত্বপূৰ্ণ শিল হʼল।”

অতি. ক৫ চাওক।

বা “গ্ৰেপ্তাৰ কৰিব।”

গ্ৰীক ভাষাত “কৈচৰ।”

বা “নিয়মৰ অনুসৰি।”

দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা। অতি. খ১৪ চাওক।

বা “পুনৰুত্থান।” শব্দকোষ চাওক।

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “আটাইতকৈ ডাঙৰ।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “সকলোতকৈ ভাল।”

বা “সম্পত্তি।”

আক্ষ., “দুই লেপ্টা।” দুই লেপ্টা আছিল ১০ মিনিট কাম কৰি পোৱা হাজিৰা। অতি. খ১৪ চাওক।

বা “ধৰে।”

অতি. ক৫ চাওক।

বা “বেকিং পাউদাৰ।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “গ্ৰেপ্তাৰ কৰি।”

বা “মেজত একেলগে বহিছিল।”

আক্ষ., “এলাবেষ্টাৰ বটল।” সুগন্ধি তেল থোৱা সৰু বটল। মিচৰ দেশত এলাবেষ্টাৰ্ণ বুলি কোৱা ঠাইৰ ওচৰত পোৱা এক ধৰণৰ শিলৰ পৰা এই বটল বনোৱা হৈছিল।

জটামাংসী হৈছে এনে এক উদ্ভিদ, যাৰ শিপা আৰু কাণ্ডৰ পৰা সুগন্ধ ওলায়।

দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা। অতি. খ১৪ চাওক।

বা “সেই তিৰোতাগৰাকীক খঙেৰে কʼলে; তেওঁক গালি পাৰিলে।”

বা “মেজত একেলগে বহি আছিল।”

বা “আঙুৰৰ পৰা বনোৱা ৱাইন।”

আক্ষ., “তোমালোক সকলোৱে উজুটি খাবা।”

বা “ইচ্ছুক আছে।”

বা “কম কাপোৰ পিন্ধি।”

আক্ষ., “লেখক।” শব্দকোষ চাওক।

বা “কাঠত আঁৰি হত্যা কৰক।”

বা “তোমাৰ জয় হওক।”

শব্দকোষ চাওক।

ই এক ধৰণৰ সুগন্ধি এঁঠা। শব্দকোষ চাওক।

অৰ্থাৎ ৰাতিপুৱা প্ৰায় ৯ বজাত।

অতি. ক৩ চাওক।

অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজাত।

অৰ্থাৎ আবেলি প্ৰায় ৩ বজালৈকে।

বা “শেষ নিশাহ ত্যাগ কৰিলে।”

বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।

বা “স্মৰণীয় কবৰত।”

বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।

বা “স্মৰণীয় কবৰলৈ।”

আটাইতকৈ পুৰণি ভৰসাযোগ্য হস্তলিপিবোৰৰ অনুসৰি মাৰ্ক কিতাপ ৮ পদত শেষ হৈ যায়। অতি. ক৩ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক