লূকে লিখা শুভবাৰ্তা
১ সন্মানীয় থিয়ফিল, যিবোৰ সত্য ঘটনাৰ ওপৰত আমি বিশ্বাস কৰোঁ, সেইবোৰ লিখাৰ দায়িত্ব বহুতো লোকে লৈছে। ২ আৰম্ভণিৰে পৰা যিসকলে এই ঘটনাবোৰ নিজ চকুৰে দেখিছিল আৰু যিসকলে ঈশ্বৰৰ বাৰ্তা ঘোষণা কৰিছিল, তেওঁলোকেও আমাক এই কথাবিলাক জনালে। ৩ যিহেতু মই সকলো কথা আৰম্ভণিৰে পৰা ভালদৰে পৰীক্ষা কৰিছোঁ, সেইবাবে মই সেই কথা আপোনালৈ এটাৰ পাছত এটাকৈ ভালদৰে লিখিবলৈ থিৰাং কৰিছোঁ। ৪ যাতে আপুনি যিবোৰ কথা ইতিমধ্যে শিকিলে, সেইবোৰ সত্য হয় বুলি ভালদৰে জানিব পাৰে।
৫ যিহূদিয়াৰ ৰজা হেৰোদৰ দিনত, অবিয়ৰ দলৰ জখৰিয়া নামেৰে এজন পুৰোহিত আছিল। জখৰিয়াৰ পত্নীৰ নাম এলীচাবেৎ আছিল আৰু তেওঁ হাৰোণৰ বংশৰ আছিল। ৬ তেওঁলোক দুয়োজন ঈশ্বৰৰ দৃষ্টিত ভাল ব্যক্তি আছিল, কাৰণ তেওঁলোকে যিহোৱাৰ* সকলো আজ্ঞা পালন কৰিছিল আৰু তেওঁৰ নিয়মৰ অনুসৰি জীৱন-যাপন কৰিছিল। ৭ কিন্তু তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাছিল, কাৰণ এলীচাবেৎ বাঁজী আছিল আৰু তেওঁলোক দুয়োজন বৃদ্ধ হৈ গৈছিল।
৮ এবাৰ জখৰিয়াই ঈশ্বৰৰ সন্মুখত পুৰোহিত হিচাপে কাম কৰি আছিল, কাৰণ সেইদিনাখন তেওঁলোকৰ দলৰ পাল আছিল। ৯ পুৰোহিতৰ ৰীতিৰ অনুসৰি যেতিয়া ধূপ জ্বলোৱাৰ তেওঁৰ পাল পৰিল, তেতিয়া তেওঁ যিহোৱাৰ* মন্দিৰৰ ভিতৰলৈ গʼল। ১০ ধূপ জ্বলোৱাৰ সময়ত, সকলোৱে বাহিৰত প্ৰাৰ্থনা কৰি আছিল। ১১ তেতিয়া জখৰিয়াৰ ওচৰত যিহোৱাৰ* স্বৰ্গদূত উপস্থিত হৈ ধূপ-বেদীৰ সোঁফালে থিয় হʼল। ১২ তেওঁক দেখি জখৰিয়াই চক খাই উঠিলে আৰু বহুত ভয় খালে। ১৩ কিন্তু স্বৰ্গদূতজনে তেওঁক কʼলে, “জখৰিয়া ভয় নকৰিবা, কিয়নো তোমাৰ প্ৰাৰ্থনা শুনা গʼল আৰু তোমাৰ পত্নী এলীচাবেতে এটি লʼৰা জন্ম দিব আৰু তুমি তাৰ নাম যোহন ৰাখিবা। ১৪ তুমি সুখী হʼবা আৰু বহুত আনন্দ কৰিবা। বহুতো লোকে সেই লʼৰাটিৰ জন্মৰ কাৰণে আনন্দ কৰিব। ১৫ কিয়নো তেওঁ যিহোৱাৰ* দৃষ্টিত মহান হʼব। কিন্তু তেওঁ দ্ৰাক্ষাৰস বা মদ খাব নোৱাৰিব আৰু তেওঁ মাকৰ গৰ্ভৰ পৰাই* ঈশ্বৰৰ পবিত্ৰ শক্তিৰে পূৰ্ণ হʼব। ১৬ তেওঁ বহুতো ইস্ৰায়েলীক তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ* ওচৰলৈ উভতাই আনিব ১৭ আৰু তেওঁ এলিয়াৰ দৰে উৎসাহ* আৰু শক্তিৰে সৈতে ঈশ্বৰৰ আগে আগে যাব যাতে পিতৃসকলৰ হৃদয় লʼৰা-ছোৱালীৰ দৰে কৰিব পাৰে আৰু আজ্ঞা পালন নকৰা লোকসকলক ভাল মানুহৰ নিচিনা বুদ্ধি দিব পাৰে। এইদৰে তেওঁ যিহোৱাৰ* কাৰণে যোগ্য লোকসকলক প্ৰস্তুত কৰিব।”
১৮ তেতিয়া জখৰিয়াই স্বৰ্গদূতজনক কʼলে, “মই পিতৃ হʼম বুলি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ? কাৰণ মই বৃদ্ধ হৈ গৈছোঁ আৰু মোৰ পত্নীৰ বয়সো বাঢ়ি গৈছে।” ১৯ স্বৰ্গদূতজনে তেওঁক কʼলে, “মই গাব্ৰিয়েল হওঁ আৰু ঈশ্বৰৰ ওচৰত উপস্থিত থাকোঁ। মোক তোমাৰ লগত কথা পাতিবলৈ আৰু এই ভাল খবৰ জনাবলৈ পঠোৱা হৈছে। ২০ কিন্তু চোৱা! তুমি বোবা হৈ যাবা আৰু যেতিয়ালৈকে এই কথাবোৰ পূৰ নহয়, তেতিয়ালৈকে তুমি কথা পাতিব নোৱাৰিবা। কাৰণ তুমি মোৰ কথাৰ ওপৰত বিশ্বাস নকৰিলা, কিন্তু এই কথাবোৰ নিৰ্ধাৰিত সময়ত পূৰ হʼব।” ২১ আনফালে লোকসকলে বাহিৰত জখৰিয়াৰ কাৰণে ৰৈ আছিল। তেওঁলোকে আচৰিত হৈছিল যে তেওঁ মন্দিৰত কিয় ইমান দেৰি কৰিছে। ২২ যেতিয়া তেওঁ মন্দিৰৰ বাহিৰলৈ আহিল, তেতিয়া তেওঁ কথা কʼব নোৱাৰিলে। তেওঁলোকে বুজি পালে যে তেওঁ নিশ্চয় এইমাত্ৰ মন্দিৰত কিবা দৰ্শন দেখিলে।* যিহেতু তেওঁ কথা কʼব নোৱাৰিছিল, সেইবাবে তেওঁ তেওঁলোকৰ লগত আকাৰ-ইংগিতেৰে কথা পাতিবলৈ ধৰিলে। ২৩ যেতিয়া তেওঁৰ পবিত্ৰ সেৱাৰ* দিন শেষ হʼল, তেতিয়া তেওঁ নিজৰ ঘৰলৈ উভতি গʼল।
২৪ কিছু মাহৰ পাছত তেওঁৰ পত্নী এলীচাবেৎ গৰ্ভৱতী হʼল। তেওঁ পাঁচ মাহলৈকে ঘৰতে থাকিল। তেওঁ এইদৰে কৈছিল, ২৫ “যিহোৱাই* মোৰ প্ৰতি দয়া দেখুৱাইছে। লোকসকলৰ মাজৰ পৰা মোৰ অপমান আঁতৰাবলৈ তেওঁ মোৰ ওপৰত ধ্যান দিছে।”
২৬ এলীচাবেতৰ গৰ্ভাৱস্থাৰ ছমাহত ঈশ্বৰে গাব্ৰিয়েল স্বৰ্গদূতক গালীলৰ নাচৰৎ চহৰৰ ২৭ এজনী কুমাৰীৰ ওচৰত পঠিয়ালে। যোচেফ নামৰ এজন ব্যক্তিৰ লগত তেওঁৰ বিয়া ঠিক হৈছিল, যিজন দায়ূদৰ বংশৰ আছিল। সেই কুমাৰীজনীৰ নাম আছিল মৰিয়ম। ২৮ সেই স্বৰ্গদূতজনে মৰিয়মৰ ওচৰলৈ আহি তেওঁক কʼলে, “মৰিয়ম, যিহোৱা* তোমাৰ পৰা বহুত আনন্দিত আৰু তেওঁ তোমাক আশীৰ্বাদ দিছে।” ২৯ কিন্তু এয়া শুনি তেওঁ বহুত চিন্তিত হʼল আৰু ভাবিবলৈ ধৰিলে যে এনেধৰণৰ সম্ভাষণৰ অৰ্থ কি হʼব পাৰে। ৩০ তেতিয়া স্বৰ্গদূতে তেওঁক কʼলে, “ভয় নকৰিবা মৰিয়ম! কিয়নো তুমি ঈশ্বৰৰ পৰা আশীৰ্বাদ লাভ কৰিছা। ৩১ চোৱা! তুমি গৰ্ভৱতী হʼবা আৰু এটি লʼৰাক জন্ম দিবা। তুমি তেওঁৰ নাম যীচু ৰাখিবা। ৩২ তেওঁ মহান হʼব আৰু তেওঁক মহান ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হʼব আৰু যিহোৱা* ঈশ্বৰে তেওঁৰ পূৰ্বপুৰুষ দায়ূদৰ সিংহাসন তেওঁক দিব। ৩৩ তেওঁ ৰজা হৈ যাকোবৰ বংশৰ ওপৰত সদায় কাললৈকে শাসন কৰিব আৰু তেওঁৰ ৰাজ্য কেতিয়াও অন্ত নহʼব।”
৩৪ কিন্তু, মৰিয়মে স্বৰ্গদূতজনক কʼলে, “এয়া কেনেকৈ হʼব পাৰে, মইতো কোনো পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাই নাই।” ৩৫ স্বৰ্গদূতজনে তেওঁক কʼলে, “ঈশ্বৰৰ পবিত্ৰ শক্তি তোমাৰ ওপৰত আহিব আৰু মহান ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। সেইবাবে, যিজন জন্ম হʼব, তেওঁ পবিত্ৰ আৰু ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হʼব। ৩৬ চোৱা! তোমাৰ সম্বন্ধীয় এলীচাবেতেও এই বৃদ্ধ অৱস্থাত গৰ্ভৱতী হৈছে, যাক লোকসকলে বাঁজী বুলি কৈছিল। তেওঁ এটি লʼৰা জন্ম দিব আৰু এতিয়া তেওঁৰ ছমাহ চলি আছে। ৩৭ কাৰণ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা কোনো কথা* অসম্ভৱ হʼব নোৱাৰে।” ৩৮ তেতিয়া মৰিয়মে কʼলে, “চাওক! মইতো যিহোৱাৰ* দাসী হওঁ! আপুনি যেনেকৈ কৈছে, মোৰ লগত সেইদৰেই হওক।” তেতিয়া সেই স্বৰ্গদূতজন তেওঁৰ ওচৰৰ পৰা গুচি গʼল।
৩৯ তেতিয়া মৰিয়মে খৰ-ধৰকৈ তৈয়াৰী কৰিলে আৰু পাহাৰীয়া এলেকাত থকা যিহূদাৰ এখন চহৰলৈ ওলাই গʼল। ৪০ তেওঁ জখৰিয়াৰ ঘৰ পালেগৈ আৰু তেওঁ এলীচাবেতক নমস্কাৰ জনালে। ৪১ এলীচাবেতে মৰিয়মৰ নমস্কাৰ শুনাৰ লগে লগে তেওঁৰ পেটত থকা শিশুটিয়ে নাচি উঠিল আৰু এলীচাবেৎ পবিত্ৰ শক্তিৰে পূৰ্ণ হʼল ৪২ আৰু তেওঁ জোৰকৈ এইদৰে কʼলে, “তিৰোতাসকলৰ মাজত তুমি ধন্য! তোমাৰ গৰ্ভফলো ধন্য! ৪৩ এয়া মোৰ কাৰণে ডাঙৰ সন্মান যে মোৰ প্ৰভুৰ মাকে মোক লগ কৰিবলৈ আহিছে! ৪৪ কিয়নো চোৱা! তোমাৰ নমস্কাৰৰ মাত মোৰ কাণত পৰাৰ লগে লগে মোৰ পেটত থকা শিশুটিয়ে আনন্দত নাচি উঠিল। ৪৫ তোমাক কোৱা কথাৰ ওপৰত তুমি বিশ্বাস কৰিলা, সেইবাবেও তুমি ধন্য, কাৰণ যিহোৱা* ঈশ্বৰে তোমাক কোৱা সকলো কথা পূৰ হʼব।”
৪৬ তেতিয়া মৰিয়মে কʼলে, “মই* যিহোৱাৰ* মহিমা কৰোঁ ৪৭ আৰু মোৰ হৃদয় মোৰ উদ্ধাৰকৰ্তা ঈশ্বৰৰ কাৰণে আনন্দিত হৈ উঠিছে, ৪৮ কাৰণ তেওঁ নিজৰ দাসীৰ অৱস্থাৰ ওপৰত ধ্যান দিছে আৰু এতিয়াৰ পৰা সকলো যুগৰ লোকসকলে মোক ধন্য বুলি কʼব। ৪৯ কাৰণ শক্তিশালী ঈশ্বৰে মোৰ কাৰণে ডাঙৰ ডাঙৰ কাম কৰিছে আৰু তেওঁৰ নাম পবিত্ৰ হয়। ৫০ যিসকলে তেওঁৰ প্ৰতি ভয় ৰাখে, তেওঁলোকৰ ওপৰত যুগে যুগে তেওঁৰ দয়া থাকে। ৫১ তেওঁ নিজৰ বাহুৰ শক্তি দেখুৱালে আৰু যিসকলৰ হৃদয় অহংকাৰেৰে ভৰি পৰিছিল, তেওঁলোকক ছিন্ন-ভিন্ন কৰিলে। ৫২ তেওঁ অধিকাৰ থকা লোকসকলক সিংহাসনৰ পৰা নমালে আৰু সাধাৰণ লোকসকলক ওখ কৰিলে। ৫৩ তেওঁ ভোকত থকা লোকসকলক ভাল বস্তু দি সন্তুষ্ট কৰিলে, আনহাতে ধনী লোকসকলক খালী হাতে পঠাই দিলে। ৫৪ তেওঁ নিজৰ সেৱক ইস্ৰায়েলক সহায় কৰিবলৈ আহিছে আৰু যিদৰে তেওঁ আমাৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিজ্ঞা কৰিছিল, ৫৫ তেওঁ অব্ৰাহাম আৰু তেওঁৰ বংশৰ* ওপৰত সদায় দয়া কৰি থাকিব।” ৫৬ মৰিয়ম প্ৰায় তিনি মাহলৈকে এলীচাবেতৰ লগতে আছিল। তাৰ পাছত তেওঁ নিজৰ ঘৰলৈ উভতি আহিল।
৫৭ এলীচাবেতৰ সন্তান জন্ম হʼবৰ সময় হʼল আৰু তেওঁ এটি লʼৰাক জন্ম দিলে। ৫৮ যেতিয়া তেওঁৰ ওচৰ-চুবুৰীয়া আৰু সম্বন্ধীয় লোকসকলে শুনিলে যে যিহোৱাই* তেওঁৰ ওপৰত দয়া দেখুৱাইছে, তেতিয়া তেওঁলোকে তেওঁৰ লগত মিলি আনন্দ কৰিলে। ৫৯ আঠ দিনৰ পাছত তেওঁলোকে সেই লʼৰাটোৰ চুন্নৎ কৰিবলৈ আহিলে। তেওঁলোকে দেউতাকৰ নামৰ অনুসৰি লʼৰাটিৰ নাম জখৰিয়া থʼবলৈ বিচাৰিছিল। ৬০ কিন্তু লʼৰাটোৰ মাকে কʼলে, “নহয়! তাৰ নাম যোহন হʼব।” ৬১ তেতিয়া তেওঁলোকে তেওঁক কʼবলৈ ধৰিলে, “তোমাৰ সম্বন্ধীয়সকলৰ মাজত এই নামটো কাৰো নাই।” ৬২ তাৰ পাছত তেওঁলোকে লʼৰাজনৰ দেউতাকক আকাৰ-ইংগিতেৰে সুধিলে যে তেওঁ লʼৰাজনৰ নাম কি থʼব বিচাৰে। ৬৩ তেওঁ এখন কাঠৰ ফলি খুজিলে আৰু তাত লিখিলে, “ইয়াৰ নাম যোহন হʼব।” এয়া দেখি সকলোৱে আচৰিত হʼল। ৬৪ সেই সময়তে জখৰিয়াৰ জিভাৰ বান্ধ খোল খালে আৰু তেওঁ আকৌ কথা কʼবলৈ ধৰিলে আৰু তেওঁ ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ৬৫ তেওঁৰ আশে-পাশে থকা সকলোৰে ভয় লাগিল। যিহূদিয়াৰ পাহাৰীয়া এলেকাৰ চাৰিওফালে এই কথাবোৰৰ আলোচনা হʼবলৈ ধৰিলে। ৬৬ যিমান লোকসকলে এই বিষয়ে শুনিলে, তেওঁলোকে ভাবিবলৈ ধৰিলে, “এই লʼৰাজন ডাঙৰ হৈ কি হʼব?” তেওঁলোকে এইদৰে কোৱাৰ কাৰণ হৈছে যিহোৱাৰ* হাত সঁচাকৈ সেই লʼৰাজনৰ ওপৰত আছিল।
৬৭ তাৰ পাছত তাৰ দেউতা জখৰিয়া পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল আৰু এইদৰে ভৱিষ্যবাণী কৰিবলৈ ধৰিলে, ৬৮ “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ* প্ৰশংসা হওক, কিয়নো তেওঁ নিজৰ লোকসকলৰ ওপৰত ধ্যান দিলে আৰু তেওঁলোকক উদ্ধাৰ কৰিলে। ৬৯ তেওঁ নিজৰ সেৱক দায়ূদৰ বংশত আমাৰ কাৰণে এজন শক্তিশালী উদ্ধাৰকৰ্তাক দিলে,* ৭০ যিদৰে তেওঁ প্ৰাচীন কালৰ পবিত্ৰ ভৱিষ্যবক্তাসকলৰ যোগেদি কৈছিল। ৭১ তেওঁ কৈছিল যে তেওঁ আমাৰ শত্ৰুসকলৰ পৰা আৰু যিসকলে আমাক ঘিণ কৰে, তেওঁলোকৰ পৰা আমাক উদ্ধাৰ কৰিব। ৭২ তেওঁ আমাৰ পূৰ্বপুৰুষসকলৰ কাৰণে আমাক দয়া দেখুৱাব আৰু সেই পবিত্ৰ চুক্তি মনত পেলাব, ৭৩ যি চুক্তি তেওঁ আমাৰ পূৰ্বপুৰুষ অব্ৰাহামৰ লগত কৰিছিল। ৭৪ তেওঁ কৈছিল যে তেওঁ আমাক শত্ৰুবিলাকৰ পৰা উদ্ধাৰ কৰিব আৰু আমি ভয় নকৰাকৈ তেওঁৰ পবিত্ৰ সেৱা কৰিবলৈ আমাক সন্মান দিব ৭৫ যাতে গোটেই জীৱন তেওঁৰ দৃষ্টিত বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু এজন ভাল ব্যক্তি হৈ থাকিব পাৰোঁ। ৭৬ কিন্তু হে মোৰ লʼৰা, তোমাক মহান ঈশ্বৰৰ ভৱিষ্যবক্তা বুলি কোৱা হʼব। কাৰণ তুমি যিহোৱাৰ* আগে আগে গৈ তেওঁৰ কাৰণে ৰাস্তা তৈয়াৰ কৰিবা। ৭৭ আৰু তেওঁৰ লোকসকলক এই খবৰ দিবা যে তেওঁ তেওঁলোকৰ পাপ ক্ষমা কৰিব আৰু তেওঁলোকক উদ্ধাৰ কৰিব। ৭৮ তেওঁ কৰুণাময় ঈশ্বৰ হোৱাৰ কাৰণে তেওঁ এই সকলো কৰিব। স্বৰ্গৰ পৰা অহা কৰুণা ৰাতিপুৱাৰ পোহৰৰ দৰে হʼব। ৭৯ যিসকল লোকে অন্ধকাৰত আৰু মৃত্যুছাঁয়াৰ দেশত বহি আছে, তেওঁলোকক তেওঁ পোহৰ দিব আৰু আমাৰ খোজ শান্তিৰ পথত লৈ যাব।”
৮০ সেই লʼৰাটি শাৰীৰিকভাৱে আৰু মানসিকভাৱে ডাঙৰ হʼবলৈ ধৰিলে, যেতিয়ালৈকে তেওঁ ইস্ৰায়েলৰ ওচৰত আহিবলৈ সময় হোৱা নাছিল, তেতিয়ালৈকে তেওঁ অৰণ্যত* থাকিল।
২ সেই সময়ত সম্ৰাট* আগস্তৰ ফালৰ পৰা এটা নিয়ম জাৰি কৰা হৈছিল যে তেওঁৰ সাম্ৰাজ্যৰ* সকলোৱে নিজৰ নিজৰ নাম লিখাব লাগিব। ২ (চিৰিয়াৰ ৰাজ্যপাল কুৰীনিয়ৰ সময়ত প্ৰথমবাৰ এই নাম লিখাৰ ব্যৱস্থা কৰা হʼল।) ৩ সেইবাবে, সকলোৱে নাম লিখাবলৈ নিজৰ নিজৰ চহৰলৈ যাবলৈ ধৰিলে, যʼত তেওঁলোকৰ জন্ম হৈছিল। ৪ যোচেফ গালীলৰ নাচৰৎ চহৰত থাকিছিল। তেওঁ দায়ূদৰ বংশৰ আছিল। সেইবাবে, যোচেফেও যিহূদিয়াৰ বৈৎলেহেম দায়ূদৰ নগৰলৈ গʼল ৫ যাতে মৰিয়মে তেওঁৰ লগত নিজৰ নাম লিখাব পাৰে। তেতিয়ালৈকে মৰিয়মক যোচেফে নিজৰ পত্নী কৰি লৈছিল আৰু মৰিয়মৰ সন্তান জন্ম হোৱাৰ সময় আহি পৰিছিল। ৬ যেতিয়া তেওঁলোকে বৈৎলেহেমত আছিল, তেতিয়া মৰিয়মৰ সন্তান জন্ম হোৱাৰ সময় আহি পৰে। ৭ তেওঁ এটি লʼৰাক জন্ম দিলে আৰু এয়া তেওঁৰ প্ৰথম সন্তান আছিল। তেওঁলোকে আলহী ঘৰত থাকিবলৈ কোনো ঠাই পোৱা নাছিল, সেইবাবে মৰিয়মে লʼৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত* থʼলে।
৮ সেই অঞ্চলত কিছুমান ভেড়া ৰখীয়াও আছিল, যিসকলে ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল। ৯ যিহোৱাৰ* এজন স্বৰ্গদূত হঠাতে আহি তেওঁলোকৰ ওচৰত থিয় হʼল আৰু তেওঁলোকৰ চাৰিওফালে যিহোৱাৰ* মহিমাৰ উজ্জ্বল পোহৰ দেখা গʼল আৰু তেওঁলোকে বহুত ভয় খালে। ১০ কিন্তু স্বৰ্গদূতে তেওঁলোকক কʼলে, “ভয় নকৰিবা। চোৱা! মই তোমালোকক এটা ভাল খবৰ দিবলৈ আহিছোঁ, যাৰ পৰা সকলোৱে বহুত আনন্দিত হʼব। ১১ আজি দায়ূদৰ চহৰত তোমালোকৰ কাৰণে এজন উদ্ধাৰকৰ্তা জন্ম হৈছে। তেৱেঁই খ্ৰীষ্ট প্ৰভু। ১২ তোমালোকে তেওঁক এই চিনৰ যোগেদি চিনি পাবা: তোমালোকে লʼৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থোৱা দেখা পাবা।” ১৩ তেতিয়া হঠাতে সেই স্বৰ্গদূতৰ লগত স্বৰ্গৰ এটা ডাঙৰ সেনাই এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, ১৪ “স্বৰ্গত ঈশ্বৰৰ মহিমা হওক আৰু পৃথিৱীত সেই লোকসকলে শান্তি লাভ কৰক, যিসকলৰ পৰা ঈশ্বৰ আনন্দিত।”*
১৫ যেতিয়া স্বৰ্গদূতসকলে স্বৰ্গলৈ উভতি গʼল, তেতিয়া ৰখীয়াবিলাকে এজনে-আনজনক কʼবলৈ ধৰিলে, “বʼলা আমি বৈৎলেহেমলৈ যাওঁ আৰু যিহোৱাই* আমাক যি কৈছে, সেয়া চাই আহোঁগৈ।” ১৬ তেতিয়া তেওঁলোকে লৰা-লৰিকৈ গʼল আৰু তেওঁলোকে তাত মৰিয়ম আৰু যোচেফ আৰু দানাপাত্ৰত শুৱাই থোৱা লʼৰাটিক দেখা পালে। ১৭ যেতিয়া ভেড়া ৰখীয়াসকলে সেই লʼৰাটিক দেখিলে, তেতিয়া স্বৰ্গদূতে লʼৰাটিৰ বিষয়ে কোৱা সেই সকলো কথা জনালে। ১৮ যিসকলে ভেড়া ৰখীয়াৰ কথা শুনিলে, তেওঁলোক সকলোৱে আচৰিত হʼল। ১৯ কিন্তু মৰিয়মে এই সকলো কথা মনত* ৰাখিলে আৰু তেওঁ সেইবোৰৰ অৰ্থৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ ধৰিলে। ২০ তাৰ পাছত ভেড়া ৰখীয়াসকলে ঈশ্বৰৰ প্ৰশংসা আৰু স্তুতি কৰি কৰি উভতি গʼল। কাৰণ তেওঁলোকক যিদৰে কোৱা হৈছিল, ঠিক সেইদৰেই শুনিলে আৰু দেখিলে।
২১ আঠদিনৰ পাছত যেতিয়া লʼৰাটিক চুন্নৎ কৰাৰ সময় আহি পৰিল, তেতিয়া তেওঁৰ নাম যীচু ৰাখিলে। এই নামটো মৰিয়ম গৰ্ভৱতী হোৱাৰ আগতেই স্বৰ্গদূতে তেওঁক জনাইছিল।
২২ তাৰ পাছত মোচিৰ নিয়মৰ অনুসৰি যেতিয়া লʼৰাটিক শুচি কৰাৰ সময় আহিলে, তেতিয়া যোচেফ আৰু মৰিয়মে তাক যিহোৱাৰ* ওচৰত উপস্থিত কৰিবলৈ যিৰূচালেমলৈ লৈ আহিল। ২৩ কাৰণ যিহোৱাৰ* নিয়মত লিখা আছে, “প্ৰথম সন্তান যিহোৱাৰ* উদ্দেশ্যে পবিত্ৰ হʼব।” ২৪ আৰু তেওঁলোকে সেই বলিদান আগবঢ়ালে যি যিহোৱাৰ* নিয়মত কোৱা হৈছে, “এযোৰ কপৌ বা দুটা পাৰৰ পোৱালি।”
২৫ আৰু চোৱা! যিৰূচালেমত চিমিয়োন নামৰ এজন ভাল ব্যক্তি আছিল আৰু তেওঁ ঈশ্বৰলৈ ভয় ৰাখিছিল। তেওঁৰ ওপৰত পবিত্ৰ শক্তি আছিল আৰু তেওঁ সেই সময়ৰ বাবে অপেক্ষা কৰি আছিল, যেতিয়া ঈশ্বৰে ইস্ৰায়েলীসকলক শান্ত্বনা দিব। ২৬ ইয়াৰ উপৰিও ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে তেওঁৰ ওপৰত প্ৰকাশ কৰিলে যে যেতিয়ালৈকে তেওঁ যিহোৱাই* পঠোৱা খ্ৰীষ্টক নেদেখে, তেতিয়ালৈকে তেওঁৰ মৃত্যু নহʼব। ২৭ তাৰ পাছত পবিত্ৰ শক্তিৰ যোগেদি অনুপ্ৰাণিত হৈ তেওঁ মন্দিৰলৈ আহিল। আৰু যীচুৰ মা-দেউতাই নিয়মৰ অনুসৰি কাম কৰিবলৈ যেতিয়া যীচুক ভিতৰলৈ লৈ আহিলে, ২৮ তেতিয়া চিমিয়োনে লʼৰাটিক কোলাত লʼলে আৰু ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে, ২৯ “হে গোটেই বিশ্বৰ মালিক, এতিয়া তোমাৰ এই দাস শান্তিৰে মৰিব পাৰে, কিয়নো যিদৰে তুমি প্ৰতিজ্ঞা কৰিছিলা, ৩০ মোৰ চকুৱে সেই উদ্ধাৰকৰ্তাক দেখিলে, যিজনৰ যোগেদি তুমি উদ্ধাৰ কৰিবা। ৩১ আৰু যিজনক তুমি গোটেই মানৱজাতিয়ে চাবলৈ প্ৰস্তুত কৰিলা। ৩২ তেওঁ যিহূদী নোহোৱা লোকসকলক আগুৰি থকা আন্ধাৰক আঁতৰোৱা পোহৰ হয় আৰু তেৱেঁই তোমাৰ প্ৰজা ইস্ৰায়েলৰ গৌৰৱ হʼব।” ৩৩ যেতিয়া লʼৰাটিৰ বিষয়ে এইবোৰ কথা কোৱা হৈছিল, তেতিয়া তাৰ মা-দেউতাই বৰ আচৰিত হৈছিল। ৩৪ তাৰ পাছত চিমিয়োনে তেওঁলোককো আশীৰ্বাদ দিলে আৰু তাৰ মা মৰিয়মক কʼলে, “চোৱা! ই ইস্ৰায়েলৰ বহুতো লোকৰ কাৰণে পৰাৰ আৰু উঠাৰ কাৰণ হʼব আৰু তেওঁ এনে এক চিন হʼব, যাৰ বিৰুদ্ধে কথা কোৱা হʼব। ৩৫ (আৰু মৰিয়ম, তুমি এনে কষ্ট ভোগ কৰিবা যেন কোনোবাই তোমাক এখন দীঘল তৰোৱালেৰে ইপাৰ-সিপাৰ কৰিছে) যাতে বহুতো লোকৰ হৃদয়ত কি আছে, সেয়া প্ৰকাশ পায়।”
৩৬ সেই ঠাইত হান্না নামৰ এগৰাকী তিৰোতা আছিল, যিয়ে ভৱিষ্যবাণী কৰিছিল আৰু তেওঁ বহুত বৃদ্ধ আছিল। তেওঁ আচেৰৰ ফৈদৰ পনূৱেলৰ জীয়েক আছিল। বিয়াৰ পাছত তেওঁ মাত্ৰ সাত বছৰ স্বামীৰ লগত থাকিব পাৰিলে। ৩৭ তাৰ পাছত তেওঁ বিধৱা হʼল আৰু তেওঁৰ বয়স ৮৪ বছৰ আছিল। তেওঁ কেতিয়াও মন্দিৰলৈ যাবলৈ এৰি দিয়া নাছিল। তেওঁ লঘোন* বা মিনতি কৰি দিনে-ৰাতিয়ে পবিত্ৰ সেৱাত লাগি থাকিছিল। ৩৮ তেওঁ ঠিক সেই সময়তে তালৈ আহিল আৰু ঈশ্বৰৰ ধন্যবাদ কৰিবলৈ ধৰিলে আৰু যিৰূচালেমক উদ্ধাৰ কৰাৰ বাবে অপেক্ষা কৰা লোকসকলক তেওঁ সেই লʼৰাটিৰ বিষয়ে কʼবলৈ ধৰিলে।
৩৯ যেতিয়া যোচেফ আৰু মৰিয়মে যিহোৱাৰ* নিয়মত কোৱা সকলো কাম শেষ কৰিলে, তেতিয়া তেওঁলোকে গালীলত নিজৰ চহৰ নাচৰতলৈ উভতি গʼল। ৪০ আৰু সেই লʼৰাটি বাঢ়ি বাঢ়ি শক্তিশালী আৰু বুদ্ধিমান হʼবলৈ ধৰিলে আৰু ঈশ্বৰৰ আশীৰ্বাদ তাৰ ওপৰত আছিল।
৪১ তাৰ মা-দেউতাই প্ৰতিবছৰে নিস্তাৰ-পৰ্ব পালন কৰিবলৈ যিৰূচালেমলৈ গৈছিল। ৪২ যেতিয়া সি ১২ বছৰৰ আছিল, তেতিয়া তেওঁলোকে উৎসৱৰ অনুসৰি যিৰূচালেমলৈ গʼল। ৪৩ কিন্তু উৎসৱৰ দিন শেষ হোৱাৰ পাছত তেওঁলোকে যেতিয়া উভতি আহিছিল, তেতিয়া তেওঁলোকৰ লʼৰা যীচু যিৰূচালেমতে থাকি আহিল। কিন্তু তাৰ মা-দেউতাই এই বিষয়ে মনেই কৰা নাছিল। ৪৪ সি যাত্ৰা কৰা আন লোকসকলৰ লগত আছে বুলি তেওঁলোকে ভাবিলে। সেইবাবে, তেওঁলোকে এদিনৰ যাত্ৰা কৰিলে। কিন্তু ইয়াৰ পাছত তেওঁলোকে তাক নিজৰ সম্বন্ধীয় আৰু চা-চিনাকী লোকসকলৰ মাজত বিচাৰিবলৈ ধৰিলে। ৪৫ কিন্তু যেতিয়া তেওঁলোকে তাক বিচাৰি নাপালে, তেতিয়া তেওঁলোকে যিৰূচালেমলৈ উভতি গʼল আৰু তেওঁলোকে বেলেগ বেলেগ ঠাইত তাক বিচাৰিবলৈ ধৰিলে। ৪৬ তিনি দিনৰ পাছত তেওঁলোকে তাক মন্দিৰত বিচাৰি পালে, যʼত সি শিক্ষকসকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু তেওঁলোকক প্ৰশ্ন সুধি আছিল। ৪৭ যিমান লোকে তাৰ কথা শুনি আছিল, তেওঁলোক সকলোৱে তাৰ বুদ্ধি দেখি আৰু উত্তৰ শুনি বৰ আচৰিত হৈছিল। ৪৮ যেতিয়া তাৰ মা-দেউতাই তাক মন্দিৰত দেখিলে, তেতিয়া তেওঁলোক বহুত আচৰিত হʼল। তাৰ মাকে তাক কʼলে, “মইনা, তুমি আমাৰ লগত এইদৰে কিয় কৰিলা? চোৱাচোন, তোমাৰ দেউতা আৰু মই তোমাক পগলাৰ দৰে বিচাৰি আছোঁ!” ৪৯ কিন্তু সি তেওঁলোকক কʼলে, “তোমালোকে মোক যʼতে-তʼতে কিয় বিচাৰি আছিলা? মই পিতৃৰ ঘৰত থাকিম বুলি তোমালোকে নাজানিছিলা নে?” ৫০ কিন্তু তেওঁলোকে তাৰ কথাৰ অৰ্থ বুজি নাপালে।
৫১ তাৰ পাছত সি তেওঁলোকৰ লগত গুচি গʼল আৰু নাচৰতলৈ আহিলে আৰু তেওঁলোকৰ অধীনত থাকিবলৈ ধৰিলে।* তাৰ মাকে এই সকলো কথা নিজৰ মনত* ৰাখিলে। ৫২ যীচু ডাঙৰ হʼবলৈ ধৰিলে আৰু তাৰ বুদ্ধি বাঢ়ি থাকিল। ঈশ্বৰ আৰু লোকসকলৰ কৃপা তাৰ ওপৰত থাকিল।
৩ সম্ৰাট* তিবিৰিয়াৰ শাসন কালৰ ১৫ বছৰত যিহূদিয়াৰ ৰাজ্যপাল পন্তীয় পীলাত আছিল আৰু হেৰোদ* গালীলৰ জিলা প্ৰশাসক আছিল, লগতে হেৰোদৰ ককায়েক ফিলিপ, যিতুৰিয়া আৰু ত্ৰাখোনীতিয়া এলেকাৰ জিলা প্ৰশাসক আছিল আৰু লুচাণিয়, অবিলীনী এলেকাৰ জিলা প্ৰশাসক আছিল। ২ আৰু হানন এজন প্ৰধান পুৰোহিত আছিল আৰু কায়াফা মহা-পুৰোহিত আছিল। সেই সময়তে অৰণ্যত* জখৰিয়াৰ লʼৰা যোহনলৈ ঈশ্বৰৰ বাৰ্তা আহিল।
৩ সেইবাবে, যোহনে যৰ্দ্দন নদীৰ আশে-পাশে থকা সকলো এলেকালৈ গৈ প্ৰচাৰ কৰিবলৈ ধৰিলে যে লোকসকলে বাপ্তিষ্মা লʼব লাগিব, যি এই কথাৰ চিন হʼব যে তেওঁলোকে নিজৰ পাপৰ কাৰণে অনুতাপ কৰিলে আৰু ক্ষমা পাব বিচাৰে, ৪ যিদৰে ভৱিষ্যবক্তা যিচয়াৰ কিতাপত লিখা আছে, “শুনা! অৰণ্যত কোনোবাই মাতি আছে, ‘যিহোৱাৰ* পথ তৈয়াৰ কৰা, তেওঁৰ পথ পৰিষ্কাৰ কৰা। ৫ প্ৰতিটো উপত্যকা পূৰ কৰা হʼব আৰু প্ৰতিটো পাহাৰ আৰু পৰ্বত সমান কৰা হʼব আৰু একা-বেঁকা ৰাস্তা পোন কৰা হʼব আৰু ওখ-চাপৰ ঠাই সমান কৰা হʼব। ৬ আৰু সকলো মানুহে দেখিব যে ঈশ্বৰে কেনেকৈ উদ্ধাৰ কৰে।’”*
৭ যিসকলে যোহনৰ পৰা বাপ্তিষ্মা লʼবলৈ আহিছিল, তেওঁলোকক যোহনে কʼবলৈ ধৰিলে, “হে সাপৰ বংশবিলাক, আহিবলগীয়া ক্ৰোধৰ পৰা পলাবলৈ কোনে তোমালোকক সাৱধান কৰিলে? ৮ সেইবাবে, তোমালোকে অনুতাপ কৰিছোঁ বুলি নিজৰ কামৰ যোগেদি দেখুৱা। নিজকে এইদৰে নকʼবা, ‘আমি অব্ৰাহামৰ বংশৰ হওঁ।’ কিয়নো মই তোমালোকক কওঁ যে ঈশ্বৰে এই শিলবোৰৰ পৰা অব্ৰাহামৰ বাবে সন্তান জন্ম দিয়াব পাৰে। ৯ সঁচাকৈ গছৰ গুৰিত কুঠাৰ ৰখা হৈছে, যিবোৰ গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলাই দিয়া হʼব।”
১০ তেতিয়া ভিৰৰ লোকসকলে তেওঁক সুধিছিল, “তেনেহʼলে আমি কি কৰা উচিত?” ১১ যোহনে তেওঁলোকক কৈছিল, “যিজনৰ ওচৰত দুযোৰ কাপোৰ আছে, তেওঁ এযোৰো কাপোৰ নথকাজনক এযোৰ দি দিয়ক। যাৰ ওচৰত খোৱা বস্তু আছে, তেৱোঁ এইদৰে কৰক।” ১২ কৰতোলা লোকসকলেও যোহনৰ ওচৰলৈ বাপ্তিষ্মা লʼবলৈ আহিল। তেওঁলোকে তেওঁক সুধিলে, “গুৰু, আমি কি কৰা উচিত?” ১৩ তেওঁ কʼলে, “যিমান কৰ দিব লাগে, তাতকৈ বেছি নুখুজিবা।”* ১৪ যিসকলে সেনাত আছিল তেওঁলোকে যোহনক সুধিলে, “আমি কি কৰা উচিত?” তেওঁ কʼলে, “কাকো অত্যাচাৰ নকৰিবা* বা কাৰো ওপৰত মিছা অভিযোগ নলগাবা। কিন্তু তোমালোকে যি দৰমহা পোৱা, তাতে সন্তুষ্ট হৈ থাকা।”
১৫ লোকসকলে খ্ৰীষ্ট আহিব বুলি বহুত আশাৰে বাট চাই আছিল আৰু সকলোৱে মনে মনে যোহনৰ বিষয়ে ভাবিছিল, “এওঁৱেইতো খ্ৰীষ্ট নহয়?” ১৬ যোহনে তেওঁলোকক কʼলে, “মইতো তোমালোকক পানীত বাপ্তিষ্মা দিওঁ। কিন্তু যিজন আহিবলগা আছে, তেওঁ মোতকৈ বহুত শক্তিশালী। মই তেওঁৰ জোতাৰ ফিতা খোলাৰো যোগ্য নহওঁ। তেওঁ তোমালোকক পবিত্ৰ শক্তি আৰু জুইৰে বাপ্তিষ্মা দিব। ১৭ তেওঁৰ হাতত শস্য ঝৰা বেল্চা আছে, তেওঁ নিজৰ মৰণা মৰা খলা ভালদৰে পৰিষ্কাৰ কৰিব আৰু ঘেঁহু গোটাই নিজৰ ভঁৰালত ৰাখিব। কিন্তু পতানবোৰ একেৰাহে জ্বলি থকা জুইত জ্বলাই দিব।”
১৮ যোহনে লোকসকলক আৰু বহুতো কথা শিকাই থাকিল আৰু তেওঁলোকক শুভবাৰ্তা জনাই থাকিল। ১৯ যোহনে জিলা প্ৰশাসক হেৰোদক ভুল দেখুৱাই খঙেৰে কৈছিল, কাৰণ তেওঁ নিজৰ ভাইৰ পত্নী হেৰোদিয়াক বিয়া কৰিছিল আৰু বহুতো দুষ্ট কাম কৰিছিল। ২০ ইয়াৰ বাবে হেৰোদে যোহনক জেলত বন্দী কৰি দিয়ে আৰু এইদৰে তেওঁ আৰু এটা দুষ্ট কাম কৰিলে।
২১ যেতিয়া সকলোৱে বাপ্তিষ্মা লৈ আছিল, তেতিয়া যীচুৱেও বাপ্তিষ্মা লʼলে আৰু তেওঁ প্ৰাৰ্থনা কৰাৰ সময়ত আকাশ মুকলি হʼল। ২২ আৰু ঈশ্বৰৰ পবিত্ৰ শক্তি কপৌৰ* ৰূপত তেওঁৰ ওপৰত নামিলে আৰু স্বৰ্গৰ পৰা এই মাত শুনা গʼল: “তুমি মোৰ প্ৰিয় পুত্ৰ। তোমাক মই গ্ৰহণ কৰিলোঁ।”
২৩ যেতিয়া যীচুৱে নিজৰ সেৱা আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স প্ৰায় ৩০ বছৰ আছিল। লোকসকলৰ মতে
তেওঁ যোচেফৰ লʼৰা আছিল
আৰু যোচেফ এলিৰ,
২৪ এলি মত্ততৰ,
মত্তত লেবীৰ,
লেবী মল্কিৰ,
মল্কি যান্নায়ৰ
আৰু যান্নায় যোচেফৰ লʼৰা আছিল।
২৫ যোচেফ মত্তথিয়ৰ,
মত্তথিয় আমোচৰ,
আমোচ নহূমৰ,
নহূম ইচলিৰ
আৰু ইচলি নগিৰ লʼৰা আছিল।
২৬ নগি মাটৰ,
মাট মত্তথিয়ৰ,
মত্তথিয় চিমেয়িনৰ,
চিমেয়িন যোচেখৰ
আৰু যোচেখ যোদাৰ লʼৰা আছিল।
২৭ যোদা যোহানানৰ,
যোহানান ৰীচাৰ,
ৰীচা জৰুব্বাবিলৰ,
জৰুব্বাবিল চলটীয়েলৰ
আৰু চলটীয়েল নেৰিৰ লʼৰা আছিল।
২৮ নেৰি মল্কিৰ,
মল্কি অদ্দীৰ,
অদ্দী কোচমৰ,
কোচম ইলমাদমৰ
আৰু ইলমাদম এৰৰ লʼৰা আছিল।
২৯ এৰ যীচুৰ,
যীচু ইলীয়েচৰৰ,
ইলীয়েচৰ যোৰীমৰ,
যোৰীম মত্ততৰ
আৰু মত্তৎ লেবীৰ লʼৰা আছিল।
৩০ লেবী চিমিয়োনৰ,
চিমিয়োন যুদাৰ,
যুদা যোচেফৰ,
যোচেফ যোনমৰ
আৰু যোনম ইলীয়াকীমৰ লʼৰা আছিল।
৩১ ইলীয়াকীম মিলেয়াৰ,
মিলেয়া মিন্নাৰ,
মিন্না মত্তথৰ,
মত্তথ নাথনৰ
আৰু নাথন দায়ূদৰ লʼৰা আছিল।
৩২ দায়ূদ যিচয়ৰ,
যিচয় ওবেদৰ,
ওবেদ বোৱজৰ,
বোৱজ চলমোনৰ
আৰু চলমোন নহচোনৰ লʼৰা আছিল।
৩৩ নহচোন অম্মীনাদবৰ,
অম্মীনাদব অৰ্ণীৰ,
অৰ্ণী হিষ্ৰোণৰ,
হিষ্ৰোণ পেৰচৰ
আৰু পেৰচ যিহূদাৰ লʼৰা আছিল।
৩৪ যিহূদা যাকোবৰ,
যাকোব ইচহাকৰ,
ইচহাক অব্ৰাহামৰ,
অব্ৰাহাম তেৰহৰ
আৰু তেৰহ নাহোৰৰ লʼৰা আছিল।
৩৫ নাহোৰ চৰূগৰ,
চৰূগ ৰিয়ূৰ,
ৰিয়ূ পেলগৰ,
পেলগ এবৰৰ
আৰু এবৰ চেলহৰ লʼৰা আছিল।
৩৬ চেলহ কৈননৰ,
কৈনন অৰ্ফকচদৰ,
অৰ্ফকচদ চেমৰ,
চেম নোহৰ
আৰু নোহ লেমকৰ লʼৰা আছিল।
৩৭ লেমক মথূচেলহৰ,
মথূচেলহ হনোকৰ,
হনোক যেৰদৰ,
যেৰদ মহললেলৰ
আৰু মহললেল কৈননৰ লʼৰা আছিল।
৩৮ কৈনন ইনোচৰ,
ইনোচ চেথৰ,
চেথ আদমৰ
আৰু আদম ঈশ্বৰৰ পুত্ৰ আছিল।
৪ যীচু পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ যৰ্দ্দনৰ পৰা গুচি গʼল। পবিত্ৰ শক্তিয়ে তেওঁক অৰণ্যলৈ* লৈ গʼল। ২ আৰু তেওঁ ৪০ দিনলৈকে তাতে থাকিল। সেই সময়ছোৱাত যীচুৱে একো খোৱা নাছিল। যেতিয়া ৪০ দিন শেষ হʼল, তেতিয়া তেওঁৰ ভোক লাগিল। তেতিয়া চয়তানে* তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে। ৩ সি যীচুক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে এই শিলটোক কোৱা যেন ই ৰুটি হৈ যায়।” ৪ কিন্তু যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্ৰত লিখা আছে, ‘মানুহে কেৱল ৰুটিৰে জীয়াই নাথাকে।’”
৫ তাৰ পাছত চয়তানে যীচুক এখন ওখ ঠাইলৈ লৈ আহিলে আৰু তেওঁক জগতৰ সকলো ৰাজ্য খন্তেকতে দেখুৱালে। ৬ চয়তানে তেওঁক কʼলে, “মই এই সকলোৰে অধিকাৰ আৰু ইয়াৰ জাকজমকতা তোমাক দিম। কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যাকেই ইচ্ছা কৰোঁ, তেওঁক এই সকলো দিব পাৰোঁ। ৭ সেইবাবে, যদি তুমি এবাৰ হʼলেও মোৰ উপাসনা কৰা, তেনেহʼলে এই সকলো তোমাৰ হৈ যাব।” ৮ যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্ৰত লিখা আছে, ‘তুমি কেৱল নিজৰ ঈশ্বৰ যিহোৱাৰ* উপাসনা কৰা আৰু তেওঁৰেই পবিত্ৰ সেৱা কৰা।’”
৯ তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গʼল আৰু তেওঁক মন্দিৰৰ আটাইতকৈ ওখ ঠাইত নি থিয় কৰালে আৰু তেওঁক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে ইয়াৰ পৰা তললৈ জাপ মাৰি দিয়া। ১০ কিয়নো শাস্ত্ৰত লিখা আছে, ‘ঈশ্বৰে তোমাক বচাবলৈ নিজৰ স্বৰ্গদূতসকলক আদেশ দিব,’ ১১ আৰু ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।’” ১২ তেতিয়া যীচুৱে তাক কʼলে, “শাস্ত্ৰত লিখা আছে, ‘তুমি নিজৰ ঈশ্বৰ যিহোৱাৰ* পৰীক্ষা নলʼবা।’” ১৩ এইদৰে চয়তানে এই সকলো পৰীক্ষা কৰাৰ পাছত যীচুক এৰি গুচি গʼল। কিন্তু সি তেওঁৰ পৰীক্ষা কৰিবৰ কাৰণে আৰু এটা সুযোগৰ অপেক্ষা কৰি থাকিল।
১৪ তাৰ পাছত যীচুৱে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ গালীললৈ উভতি আহিল আৰু আশে-পাশে থকা সকলো এলেকাত তেওঁৰ বিষয়ে ভাল খবৰ বিয়পি গʼল। ১৫ তেওঁ তেওঁলোকৰ সভাঘৰবোৰত শিকাবলৈ ধৰিলে আৰু সকলোৱে তেওঁক সন্মান কৰিবলৈ ধৰিলে।
১৬ তাৰ পাছত তেওঁ নাচৰতলৈ গʼল, যʼত তেওঁ ডাঙৰ-দীঘল হৈছিল। আৰু নিয়মৰ অনুসৰি তেওঁ বিশ্ৰাম-বাৰে* তাত থকা সভাঘৰলৈ গʼল আৰু পঢ়িবলৈ থিয় হʼল। ১৭ ভৱিষ্যবক্তা যিচয়াৰ নুৰা তেওঁৰ হাতত দিয়া হʼল আৰু তেওঁ নুৰা খুলিলে আৰু সেই অংশটো উলিয়ালে, যʼত এই কথা লিখা আছে, ১৮ “যিহোৱাৰ* পবিত্ৰ শক্তি মোৰ ওপৰত আছে, কিয়নো তেওঁ মোক অভিষেক কৰিলে যাতে মই দুখীয়াসকলক শুভবাৰ্তা শুনাব পাৰোঁ। তেওঁ মোক পঠিয়ালে যাতে মই বন্দীসকলৰ মুকলিৰ, অন্ধবিলাকে দৃষ্টিশক্তি ঘূৰাই পোৱাৰ আৰু দুখ-কষ্ট ভুগি থকা লোকসকলক মুকলি হোৱাৰ বাৰ্তা দিব পাৰোঁ। ১৯ আৰু লোকসকলৰ প্ৰতি যিহোৱাই* অনুগ্ৰহ দেখুৱাৰ বছৰৰ বিষয়ে প্ৰচাৰ কৰিব পাৰোঁ।” ২০ তাৰ পাছত তেওঁ নুৰাখন মেৰিয়াই সেৱকৰ হাতত দিলে আৰু বহি গʼল। সভাঘৰত সকলোৰে দৃষ্টি তেওঁৰ ওপৰত আছিল। ২১ তেতিয়া তেওঁ কʼলে, “তোমালোকে শাস্ত্ৰৰ যি কথাবোৰ এই মাত্ৰ শুনিলা, সেইবোৰ আজি পূৰ হʼল।”
২২ তেওঁলোক সকলোৱে তেওঁৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু তেওঁৰ হৃদয় স্পৰ্শ কৰা কথাবোৰ শুনি আচৰিত হʼল আৰু এইদৰে কʼবলৈ ধৰিলে, “এওঁ যোচেফৰ লʼৰা নহয় নে?” ২৩ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে নিশ্চয় এই প্ৰবাদ কʼবা, ‘হে চিকিৎসক প্ৰথমে নিজকে সুস্থ কৰা’ আৰু তোমালোকে এই প্ৰবাদ মোৰ ওপৰত ব্যৱহাৰ কৰি এইদৰে কʼবা, ‘কফৰনাহূমত তুমি যি যি কাম কৰিলা, সেইবোৰৰ বিষয়ে আমি শুনিছোঁ, এতিয়া সেই একেই কাম নিজৰ চহৰতো কৰা।’” ২৪ যীচুৱে কʼলে “মই তোমালোকক সঁচাকৈ কৈছোঁ যে কোনো ভৱিষ্যবক্তাক তেওঁৰ নিজৰ এলেকাত গ্ৰহণ কৰা নহয়। ২৫ উদাহৰণস্বৰূপে, এলিয়াৰ সময়ত চাৰে তিনি বছৰ ধৰি বৰষুণ হোৱা নাছিল আৰু গোটেই দেশত আকাল হৈছিল। সেই সময়ত ইস্ৰায়েলত বহুতো বিধৱা আছিল। ২৬ কিন্তু তেওঁলোকৰ মাজৰ কোনো এজনীৰ ওচৰলৈকো এলিয়াক পঠোৱা নাছিল। কেৱল চীদোন দেশৰ চাৰিফৎ নগৰৰ এগৰাকী বিধৱাৰ ওচৰলৈ পঠোৱা হʼল। ২৭ ইয়াৰ উপৰিও ভৱিষ্যবক্তা ইলীচাৰ সময়ত ইস্ৰায়েলত বহুতো কুষ্ঠ ৰোগী আছিল, তথাপিও তেওঁলোকৰ মাজৰ এজনকো সুস্থ কৰা নহʼল, কেৱল চিৰিয়াৰ নামানকহে সুস্থ* কৰা হʼল।” ২৮ সভাঘৰত উপস্থিত থকা লোকসকলে যেতিয়া এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকৰ বহুত খং উঠিল। ২৯ তেওঁলোকে উঠিলে আৰু লগে লগে যীচুক চহৰৰ বাহিৰলৈ লৈ গʼল আৰু তেওঁলোকে পাহাৰৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ উদ্দেশ্যেৰে তেওঁলোকৰ চহৰখন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰৰ একেবাৰে ওখ ঠাইলৈ তেওঁক লৈ গʼল। ৩০ কিন্তু যীচুৱে তেওঁলোকৰ মাজৰ পৰা ওলাই নিজ পথত গুচি গʼল।
৩১ তাৰ পাছত যীচু তাৰ পৰা গালীলৰ কফৰনাহূম চহৰলৈ গʼল আৰু তেওঁ বিশ্ৰাম-বাৰত লোকসকলক শিকাবলৈ ধৰিলে। ৩২ তেওঁৰ শিকোৱাৰ ধৰণ দেখি তেওঁলোক আচৰিত হʼল, কাৰণ তেওঁ ঈশ্বৰৰ পৰা পোৱা শক্তিৰ দ্বাৰা শিকাইছিল। ৩৩ সেই সভাঘৰত এজন মানুহ আছিল, যিজনক এটা দুষ্ট স্বৰ্গদূতে পাইছিল আৰু তেওঁ জোৰেৰে চিঞৰিবলৈ ধৰিলে, ৩৪ “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নাশ কৰিবলৈ আহিছে নে? মই জানোঁ আপুনি আচলতে কোন হয়, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।” ৩৫ কিন্তু যীচুৱে তাক ধমকি দিলে, “মনে মনে থাক আৰু তেওঁৰ শৰীৰৰ পৰা ওলাই যা।” তেতিয়া সেই দুষ্ট স্বৰ্গদূতে সেই মানুহজনক লোকসকলৰ মাজত থেকেচি পেলাই দিলে আৰু তেওঁৰ কোনো ক্ষতি নকৰাকৈ তেওঁৰ শৰীৰৰ পৰা ওলাই গʼল। ৩৬ এয়া দেখি সকলোৱে আচৰিত হʼল আৰু এজনে-আনজনক কʼবলৈ ধৰিলে, “চোৱাচোন! তেওঁৰ কথাত কিমান শক্তি আছে। তেওঁৰ আদেশত দুষ্ট স্বৰ্গদূতো ওলাই যায়।” ৩৭ সেইবাবে, আশে-পাশে থকা এলেকাত চাৰিওফালে তেওঁৰ বিষয়ে বিয়পি গʼল।
৩৮ সভাঘৰৰ পৰা ওলোৱাৰ পাছত যীচুৱে চিমোনৰ ঘৰলৈ আহিল। চিমোনৰ শাহুৱেকৰ বহুত বেছি জ্বৰ উঠিছিল। তেওঁক সুস্থ কৰিবলৈ তেওঁলোকে যীচুক মিনতি কৰিলে। ৩৯ সেইবাবে, যীচুৱে তেওঁৰ ওচৰত থিয় হৈ জ্বৰক ধমকি দিলে আৰু তেওঁৰ জ্বৰ নাইকিয়া হৈ গʼল। সেই সময়তে তেওঁ উঠি থিয় হʼল আৰু তেওঁলোকৰ সেৱা কৰিবলৈ ধৰিলে।
৪০ কিন্তু বেলি মাৰ যোৱাৰ সময়ত লোকসকলে বিভিন্ন ধৰণৰ ৰোগীসকলক যীচুৰ ওচৰলৈ আনিলে। যীচুৱে প্ৰতিজনৰ ওপৰত নিজৰ হাত ৰাখি তেওঁলোকক সুস্থ কৰিলে। ৪১ আনকি, দুষ্ট স্বৰ্গদূতবিলাকেও এইদৰে চিঞৰি বহুতো লোকৰ শৰীৰৰ পৰা ওলাই গৈছিল, “আপুনি ঈশ্বৰৰ পুত্ৰ হয়।” কিন্তু যীচুৱে সিহঁতক ধমকি দিছিল আৰু একো কʼবলৈ দিয়া নাছিল, কিয়নো সিহঁতে জানিছিল যে তেওঁ খ্ৰীষ্ট হয়।
৪২ পাছ দিনাখন তেওঁ তাৰ পৰা ওলাই কোনো এক নিৰ্জন ঠাইলৈ গুচি গʼল। কিন্তু লোকসকলৰ ভিৰে তেওঁক বিচাৰি বিচাৰি তেওঁৰ ওচৰ পালেগৈ আৰু তেওঁলোকক এৰি নাযাবলৈ তেওঁলোকে যীচুক অনুৰোধ কৰিবলৈ ধৰিলে। ৪৩ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “মই আন চহৰবোৰতো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনাব লাগিব, কিয়নো মোক ইয়াৰ বাবেই পঠোৱা হৈছে।” ৪৪ তাৰ পাছত তেওঁ গৈ যিহূদিয়াৰ সভাঘৰবোৰত প্ৰচাৰ কৰিবলৈ ধৰিলে।
৫ এবাৰ যীচুৱে গিনেচৰৎ সাগৰৰ* পাৰত থিয় হৈ এটা ডাঙৰ ভিৰক ঈশ্বৰৰ বাক্য শিকাই আছিল আৰু লোকসকলে চাৰিওফালেদি তেওঁক হেঁচি ধৰি তেওঁৰ কথা শুনিছিল। ২ তেতিয়া তেওঁ সাগৰৰ পাৰত দুখন নাও ৰখাই থোৱা দেখিলে আৰু মাছমৰীয়াসকলে নাৱৰ পৰা নামি জাল ধুই আছিল। ৩ তেতিয়া তাৰে এখন নাৱত যীচু উঠিল আৰু সেই নাওখন চিমোনৰ আছিল। যীচুৱে নাওখন পাৰৰ পৰা অলপ দূৰলৈ নিবলৈ চিমোনক কʼলে। তাৰ পাছত যীচুৱে নাৱত বহি ভিৰক শিকাবলৈ ধৰিলে। ৪ যেতিয়া যীচুৱে কথা কৈ শেষ কৰিলে, তেতিয়া চিমোনক কʼলে, “নাওখন গভীৰ পানীলৈ লৈ যোৱা আৰু তাত নিজৰ জালখন পেলোৱা।” ৫ কিন্তু চিমোনে কʼলে, “গুৰু, আমি গোটেই ৰাতি পৰিশ্ৰম কৰিলোঁ, কিন্তু এটাও মাছ নাপালোঁ। তথাপিও আপুনি কোৱাৰ কাৰণে মই জাল পেলাম।” ৬ যেতিয়া তেওঁলোকে জালখন পেলালে, তেতিয়া তেওঁলোকৰ জালত বহুতো মাছ লাগিল। আনকি, তেওঁলোকৰ জালখন ফাটিবলৈ ধৰিলে। ৭ তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা লগৰবিলাকক হাত বাউল দি মাতিলে আৰু লগৰবিলাকে আহি দুয়োখন নাৱত ইমানেই মাছ ভৰালে যে নাওকেইখন ডুবো ডুবো হʼল। ৮ এয়া দেখি চিমোন পিতৰে যীচুৰ ওচৰত আঁঠুকাঢ়ি কʼবলৈ ধৰিলে, “হে প্ৰভু, মই এজন পাপী মানুহ, সেইবাবে মোৰ ওচৰৰ পৰা গুচি যাওক।” ৯ ইমান বেছি মাছ ধৰাৰ বাবে তেওঁ আৰু তেওঁৰ লগৰবিলাকে আচৰিত হৈছিল। ১০ চিবদিয়ৰ লʼৰা যাকোব আৰু যোহনেও আচৰিত হৈছিল, তেওঁলোকে চিমোনৰ লগত একেলগে ব্যৱসায় কৰিছিল। কিন্তু যীচুৱে চিমোনক কʼলে, “ভয় নকৰিবা। তুমি যিদৰে মাছ ধৰা, ঠিক সেইদৰে এতিয়াৰ পৰা তুমি মানুহ ধৰিবা।” ১১ তেতিয়া তেওঁলোকে নিজৰ নিজৰ নাও পাৰলৈ লৈ আহিলে আৰু সকলোবোৰ এৰি তেওঁৰ পিছে পিছে গʼল।
১২ আকৌ এবাৰ যেতিয়া যীচুৱে এখন চহৰত আছিল, তেতিয়া চোৱা! তাত এজন ব্যক্তি আছিল, যিজনৰ গোটেই শৰীৰ কুষ্ঠ ৰোগেৰে ভৰি পৰিছিল। তেওঁ যীচুক দেখাৰ লগে লগে তেওঁৰ ওচৰত উবুৰি হৈ পৰিল আৰু মিনতি কৰিবলৈ ধৰিলে, “প্ৰভু, যদি আপুনি বিচাৰে, তেনেহʼলে মোক সুস্থ* কৰিব পাৰে।” ১৩ তেতিয়া যীচুৱে হাতখন আগবঢ়াই তেওঁক চুলে আৰু কʼলে, “হয়, মই বিচাৰোঁ। সুস্থ হোৱা।” সেই সময়তে তেওঁৰ কুষ্ঠ ৰোগ ভাল হৈ গʼল। ১৪ যীচুৱে সেই মানুহজনক কাকো নকʼবলৈ আদেশ দিলে আৰু তেওঁক কʼলে, “গৈ নিজকে পুৰোহিতক দেখুৱা আৰু তেওঁলোকে সাক্ষ্য পাবলৈ শুচি হোৱাৰ কাৰণে মোচিয়ে কোৱাৰ দৰে বলিদান আগবঢ়োৱা।” ১৫ কিন্তু যীচুৰ বিষয়ে দূৰ-দূৰণি ঠাইলৈকে বিয়পি থাকিল আৰু বহুতো লোকে তেওঁৰ কথা শুনিবলৈ আৰু নিজৰ বেমাৰ দূৰ কৰিবলৈ তেওঁৰ ওচৰলৈ আহি থাকিল। ১৬ কিন্তু তেওঁ প্ৰাৰ্থনা কৰিবলৈ প্ৰায়ে অৰণ্যলৈ* গৈছিল।
১৭ এদিনাখন তেওঁ লোকসকলক শিকাই আছিল। তাত গালীল, যিহূদিয়াৰ সকলো গাঁও আৰু যিৰূচালেমৰ পৰা অহা ফৰীচী আৰু নিয়মৰ ভাল জ্ঞান থকা লোকসকলেও বহি আছিল। আৰু লোকসকলক সুস্থ কৰাৰ যিহোৱাৰ* শক্তি তেওঁৰ ওপৰত আছিল। ১৮ সেই সময়তে লোকসকলে এজন জঠৰ ৰোগীক* খাটত উঠাই লৈ আহিছিল। তেওঁলোকে সেই ৰোগীজনক কোনোমতে সেই কোঠালিলৈ লৈ যাব বিচাৰিছিল, যʼত যীচু আছিল। ১৯ কিন্তু ভিৰৰ কাৰণে যেতিয়া তেওঁলোকে ভিতৰলৈ যাবলৈ ৰাস্তা নাপালে, তেতিয়া তেওঁলোকে চালৰ ওপৰত উঠিল আৰু তেওঁলোকে খাপৰি গুচাই ৰোগীজনক খাটৰ সৈতে যীচুৰ সন্মুখত থকা লোকসকলৰ মাজত নমাই দিলে। ২০ যেতিয়া যীচুৱে সেই মানুহকেইজনৰ বিশ্বাস দেখিলে, তেতিয়া তেওঁ জঠৰ ৰোগীজনক কʼলে, “তোমাৰ পাপ ক্ষমা কৰা হʼল।” ২১ এয়া শুনি নিয়ম শিকোৱা লোক* আৰু ফৰীচীবিলাকে ভাবিবলৈ ধৰিলে, “এই মানুহজননো কোন, যিজনে ঈশ্বৰক নিন্দা কৰিছে? ঈশ্বৰৰ বাহিৰে আৰু কোনে পাপ ক্ষমা কৰিব পাৰে?” ২২ কিন্তু যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পালে আৰু তেওঁ কʼলে, “তোমালোকে মনতে কিয় এইবোৰ চিন্তা কৰিছা? ২৩ কি কোৱাটো বেছি সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হʼল,’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’? ২৪ কিন্তু তোমালোকে যেন জানিব পাৰা এই পৃথিৱীত পাপ ক্ষমা কৰাৰ অধিকাৰ মানুহৰ পুত্ৰক দিয়া হৈছে . . .।” যীচুৱে জঠৰ ৰোগীজনক কʼলে, “মই তোমাক কৈছোঁ, উঠা! আৰু নিজৰ খাটখন তুলি লৈ ঘৰলৈ যোৱা।” ২৫ তাৰ পাছত সেই মানুহজন তেওঁলোকৰ ওচৰত থিয় হʼল। তেওঁ শুই থকা খাটখন তুলি লʼলে আৰু ঈশ্বৰৰ মহিমা কৰি কৰি নিজৰ ঘৰলৈ গʼল। ২৬ এয়া দেখি সকলোৱে আচৰিত হʼল আৰু ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ বৰ ভয় লাগিল। তেওঁলোকে কʼবলৈ ধৰিলে, “আজি আমি আচৰিত ঘটনা দেখিলোঁ!”
২৭ ইয়াৰ পাছত যীচুৱে বাহিৰলৈ গʼল আৰু তেওঁ লেবী নামৰ এজন কৰতোলা ব্যক্তিক কৰতোলা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক কʼলে, “আহা, মোৰ শিষ্য হোৱা।” ২৮ তেতিয়া লেবী উঠিলে আৰু সকলো এৰি তেওঁৰ পিছে পিছে গʼল। ২৯ তাৰ পাছত লেবীয়ে যীচুৰ কাৰণে নিজৰ ঘৰত এটা ডাঙৰ ভোজৰ আয়োজন কৰিছিল। তাত বহুতো কৰতোলা লোক আৰু আন লোকসকল আহিছিল, যিসকলে তেওঁলোকৰ লগত খোৱা-বোৱা কৰি আছিল।* ৩০ এয়া দেখি ফৰীচী আৰু তেওঁলোকৰ নিয়ম শিকোৱা লোকসকলে ভোৰভোৰাবলৈ ধৰিলে আৰু যীচুৰ শিষ্যসকলক কʼলে, “তোমালোকে কৰতোলা লোক আৰু পাপীবিলাকৰ লগত কিয় খোৱা-বোৱা কৰা?” ৩১ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে। ৩২ যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে, মই তেওঁলোকক নহয়, কিন্তু পাপীকহে মাতিবলৈ আহিছোঁ যাতে তেওঁলোকে অনুতাপ কৰে।”
৩৩ তেওঁলোকে কʼলে, “যোহনৰ শিষ্যসকলে প্ৰায়েই লঘোন* দিয়ে আৰু মিনতি কৰে আৰু ফৰীচীবিলাকৰ শিষ্যসকলেও এইদৰেই কৰে, কিন্তু আপোনাৰ শিষ্যসকলে খোৱা-বোৱা কৰে।” ৩৪ যীচুৱে তেওঁলোকক কʼলে, “যেতিয়ালৈকে দৰা নিজৰ বন্ধুসকলৰ লগত থাকে, তেতিয়ালৈকে তুমি তেওঁৰ বন্ধুসকলক জানো লঘোন দিবলৈ জোৰ কৰিব পাৰা? ৩৫ কিন্তু এনে এদিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হʼব, তেতিয়া তেওঁলোকে লঘোন দিব।”
৩৬ ইয়াৰ পাছত যীচুৱে তেওঁলোকক এটা উদাহৰণো দিলে, “কোনেও নতুন কাপোৰৰ টুকুৰা কাটি পুৰণি কাপোৰত টাপলি নামাৰে। যদি তেওঁ এইদৰে কৰে, তেনেহʼলে টাপলি মৰা নতুন কাপোৰ ফাটি যাব আৰু পুৰণি কাপোৰৰ লগত মিল নাখাব। ৩৭ ঠিক সেইদৰে, কোনেও নতুন দ্ৰাক্ষাৰস পুৰণি দ্ৰাক্ষাৰসৰ মোনাত* নথয়, যদি তেওঁলোকে এইদৰে কৰে, তেনেহʼলে নতুন দ্ৰাক্ষাৰসে মোনাটো ফালি পেলাব আৰু দ্ৰাক্ষাৰস পৰি যাব আৰু মোনাটো নষ্ট হৈ যাব। ৩৮ কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মোনাত থোৱা উচিত। ৩৯ যিজনে পুৰণি দ্ৰাক্ষাৰস খাইছে, তেওঁ নতুন দ্ৰাক্ষাৰস খাব নিবিচাৰে, কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল।’”
৬ এবাৰ বিশ্ৰাম-বাৰে* যীচুৱে শস্যৰ পথাৰৰ মাজেদি গৈ আছিল আৰু তেওঁৰ শিষ্যসকলে শস্যৰ থোক চিঙি হাতেৰে ঘঁহি ঘঁহি খাবলৈ ধৰিলে। ২ তেতিয়া কিছুমান ফৰীচীয়ে কʼলে, “তোমালোকে এনে কাম কিয় কৰিছা, যি বিশ্ৰাম-বাৰে কৰিব নালাগে?” ৩ কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দিলে, “যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলৰ ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিলে, এই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে? ৪ ঈশ্বৰলৈ আগবঢ়োৱা ৰুটি* কেৱল পুৰোহিতসকলে খাব পাৰিছিল, তথাপিও তেওঁ ঈশ্বৰৰ ভৱনত সোমালে আৰু তেওঁক আগবঢ়োৱা ৰুটি দিয়া হʼল, তেওঁ সেয়া খালে আৰু নিজৰ লোকসকলকো দিলে। কিন্তু এনে কৰাটো দায়ূদ আৰু তেওঁৰ লোকসকলৰ কাৰণে নিয়মৰ বিৰুদ্ধে আছিল।” ৫ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰ প্ৰভু হয়।”
৬ আকৌ এবাৰ বিশ্ৰাম-বাৰৰ দিনাখন যীচু সভাঘৰলৈ গʼল আৰু শিকাবলৈ ধৰিলে। তাত এনে এজন মানুহ আছিল, যিজনৰ সোঁহাত শুকাই গৈছিল।* ৭ যীচুৱে বিশ্ৰাম-বাৰত ৰোগীসকলক সুস্থ কৰিব নে নকৰে, সেয়া নিয়ম শিকোৱা লোকসকলে* আৰু ফৰীচীবিলাকে ধ্যান দি চাই আছিল যাতে কিবা উপায়েৰে যীচুৰ ওপৰত মিছা অভিযোগ লগাব পাৰে। ৮ কিন্তু যীচুৱে জানিছিল যে তেওঁলোকে নিজৰ মনত কি ভাবি আছে। সেইবাবে, তেওঁ হাত শুকাই যোৱা মানুহজনক কʼলে, “উঠি ইয়ালৈ আহা আৰু মাজত থিয় হোৱা।” তেতিয়া সেই মানুহজন উঠিলে আৰু গৈ মাজত থিয় হʼল। ৯ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সুধিছোঁ, ঈশ্বৰৰ নিয়মৰ অনুসৰি বিশ্ৰাম-বাৰত কি কৰাটো সঠিক, কাৰোবাৰ কাৰণে ভাল কাম কৰা, নে বেয়া কাম কৰা? কাৰোবাৰ জীৱন বচোৱা, নে হত্যা কৰা? ১০ তাৰ পাছত যীচুৱে চাৰিওফালে সকলোকে চালে আৰু সেই মানুহজনক কʼলে, “তোমাৰ হাতখন আগবঢ়াই দিয়া।” তেওঁ সেইদৰেই কৰিলে আৰু তেওঁৰ হাতখন ভাল হৈ গʼল। ১১ কিন্তু নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকৰ বহুত খং উঠিল আৰু যীচুৰ লগত কি কৰা উচিত, এই বিষয়ে তেওঁলোকে এজনে-আনজনৰ লগত আলোচনা কৰিবলৈ ধৰিলে।
১২ এদিনাখন যীচুৱে প্ৰাৰ্থনা কৰিবলৈ পাহাৰৰ ওপৰলৈ উঠিল আৰু গোটেই ৰাতি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি থাকিল। ১৩ তাৰ পাছত যেতিয়া পোহৰ হʼল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক মাতিলে আৰু তেওঁলোকৰ মাজৰ ১২ জনক বাছনি কৰিলে, যিসকলক তেওঁ পাঁচনি* নাম দিলে। ১৪ তেওঁলোক আছিল: চিমোন, যাক তেওঁ পিতৰ নামো দিলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয় আৰু যাকোব, যোহন, ফিলিপ, বাৰ্থলময়, ১৫ মথি, থোমা, আলফয়ৰ লʼৰা যাকোব, চিমোন, যাক “উৎসাহী” বুলি কোৱা হয়। ১৬ যিহূদা, যিজন যাকোবৰ লʼৰা আছিল আৰু যিহূদা ঈষ্কৰিয়োতীয়া, যিজনে পাছত বিশ্বাসঘাত কৰিলে।
১৭ যীচুৱে তেওঁলোকৰ লগত তললৈ নামি আহিলে আৰু এখন সমান ঠাইত আহি ৰৈ গʼল। তাত তেওঁৰ শিষ্যসকলৰ এটা ডাঙৰ ভিৰ আছিল আৰু গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ পৰা, লগতে সমুদ্ৰৰ কাষৰ এলেকা অৰ্থাৎ তূৰ আৰু চীদোনৰ পৰা বহুতো লোক আহি তাত জমা হৈছিল। তেওঁলোকে তেওঁৰ কথা শুনিবলৈ আৰু নিজৰ বেমাৰৰ পৰা সুস্থ হʼবলৈ আহিছিল। ১৮ আনকি, যিসকলক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁলোকো সুস্থ হৈ গʼল। ১৯ ভিৰৰ সকলোৱে তেওঁক চুবলৈ চেষ্টা কৰিছিল, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে সুস্থ কৰিছিল।
২০ যীচুৱে নিজৰ শিষ্যসকলৰ ফালে চালে আৰু তেওঁলোকক কʼবলৈ ধৰিলে:
“সুখী তোমালোক, যিসকল দুখীয়া, কাৰণ ঈশ্বৰৰ ৰাজ্য তোমালোকৰ।
২১ সুখী তোমালোক, যিসকল এতিয়া ভোকত আছা, কাৰণ তোমালোকক তৃপ্ত কৰা হʼব।
সুখী তোমালোক, যিসকলে এতিয়া কান্দি আছা, কাৰণ তোমালোকে হাঁহিবা।
২২ যেতিয়াই লোকসকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘৃণা কৰে আৰু তোমালোকক নিজৰ মাজৰ পৰা উলিয়াই দিয়ে, তোমালোকক বদনাম কৰে আৰু দুষ্ট বুলি কয়, তোমালোকৰ নাম বেয়া কৰে,* তেতিয়া সুখী হʼবা। ২৩ সেই সময়ত তোমালোকে আনন্দ কৰিবা আৰু আনন্দত নাচি উঠিবা, কাৰণ স্বৰ্গত তোমালোকক ডাঙৰ পুৰস্কাৰ দিয়া হʼব। তেওঁলোকৰ পূৰ্বপুৰুষসকলেও ভৱিষ্যবক্তাসকলৰ লগত এইবোৰেই কৰিছিল।
২৪ কিন্তু ধিক্কাৰ তোমালোক, যিসকল ধনী, কাৰণ তোমালোকে নিজৰ সকলো সুখ পাইছা।
২৫ ধিক্কাৰ তোমালোক, যি এতিয়া তৃপ্ত, কাৰণ তোমালোক ভোকাতুৰ হʼবা।
ধিক্কাৰ তোমালোক, যিসকল এতিয়া হাঁহি আছা, কাৰণ তোমালোকে শোক কৰিবা আৰু কান্দিবা।
২৬ ধিক্কাৰ তোমালোক, যেতিয়া সকলোৱে তোমালোকৰ প্ৰশংসা কৰে, কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষসকলে মিছা ভৱিষ্যবক্তাসকলৰ লগতো এইদৰেই কৰিছিল।
২৭ কিন্তু যিসকলে মোৰ কথা শুনি আছা, মই তোমালোকক কৈছোঁ: তোমালোকক হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰি থাকা। যিসকলে তোমালোকক ঘৃণা কৰে, তেওঁলোকৰ কাৰণে ভাল কাম কৰি থাকা। ২৮ যিসকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰি থাকা আৰু যিসকলে তোমালোকৰ অপমান কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা। ২৯ যিজনে তোমাৰ এখন গালত চৰ মাৰে, তেওঁৰ ফালে আনখন গালো পাতি দিবা। যিজনে তোমাৰ চোলা লʼব খোজে, তেওঁক বাকী কাপোৰবোৰো দি দিবা। ৩০ যিজনে তোমাক খোজে তেওঁক দিয়া আৰু যিজনে তোমাৰ বস্তু লৈ যায়, তেওঁৰ পৰা উভতাই নিবিচাৰিবা।
৩১ আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, ঠিক সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা।
৩২ যিসকলে তোমালোকক প্ৰেম কৰে কেৱল তেওঁলোককেই প্ৰেম কৰিলে, ইয়াত প্ৰশংসা কৰিবলৈ কি আছে? কাৰণ পাপীসকলেও তেওঁলোকক প্ৰেম কৰা লোকসকলকহে প্ৰেম কৰে ৩৩ আৰু তোমালোকে যদি কেৱল সেই লোকসকলৰ কাৰণেই ভাল কাম কৰা, যিসকলে তোমাৰ কাৰণে ভাল কাম কৰে, তেনেহʼলে ইয়াত প্ৰশংসা কৰিবলৈ কি আছে? কাৰণ পাপীসকলেও এইদৰেই কৰে। ৩৪ আৰু তোমালোকে যদি কেৱল সেই লোকসকলক ধাৰ* দিয়া, যিসকলৰ পৰা তোমালোকে ঘূৰাই পোৱাৰ আশা আছে, তেনেহʼলে ইয়াত প্ৰশংসা কৰিবলৈ কি আছে? পাপীসকলেও আন পাপীসকলক ধাৰ দিয়ে যাতে যিমান ধাৰ দিছে, সিমান ঘূৰাই পায়। ৩৫ ইয়াৰ পৰিৱৰ্তে, তোমালোকক হানি কৰিব বিচাৰা লোকসকলক প্ৰেম কৰি থাকা আৰু তেওঁলোকৰ কাৰণে ভাল কাম কৰি থাকা আৰু একো ঘূৰাই পোৱাৰ আশা নকৰাকৈ ধাৰ দি থাকা, তেতিয়া তোমালোকে ডাঙৰ পুৰস্কাৰ পাবা আৰু তোমালোক মহান ঈশ্বৰৰ পুত্ৰ হʼবা, কাৰণ তেওঁ কৃতজ্ঞ নোহোৱা আৰু দুষ্ট লোকসকলকো কৃপা কৰে। ৩৬ যিদৰে তোমালোকৰ পিতৃ দয়ালু, ঠিক সেইদৰে তোমালোকেও দয়া কৰি থাকা।
৩৭ আনৰ নিন্দা নকৰিবা, তেতিয়া তোমালোকৰো কেতিয়াও নিন্দা কৰা নহʼব। আনক দোষ দিবলৈ বন্ধ কৰা, তেতিয়া তোমালোককো কেতিয়াও দোষ দিয়া নহʼব। ক্ষমা কৰি থাকা, তেতিয়া তোমালোককো ক্ষমা কৰা হʼব। ৩৮ আনক দি থাকা আৰু লোকসকলে তোমালোককো দিব, তেওঁলোকে তোমালোকৰ জেপত* ঠিক জোখত হেঁচি হেঁচি, জোকাৰি জোকাৰি আৰু ওপৰলৈকে ভৰাই দিব। কাৰণ যি জোখেৰে তোমালোকে আনক জোখা, সেই জোখেৰে তোমালোককো জোখা হʼব।”
৩৯ তাৰ পাছত তেওঁ তেওঁলোকক এটা উদাহৰণো দিলে: “এজন অন্ধই আন এজন অন্ধক পথ দেখুৱাব পাৰে নে? যদি দেখুৱায়, তেনেহʼলে তেওঁলোক দুয়োজনে গাঁতত নপৰিব নে? ৪০ শিষ্য* নিজৰ গুৰুতকৈ ডাঙৰ নহয়, কিন্তু সম্পূৰ্ণভাৱে শিক্ষা লাভ কৰা প্ৰতিজন শিষ্যই তেওঁৰ গুৰুৰ দৰে হʼব। ৪১ তোমাৰ চকুত থকা ডাঙৰ কাঠৰ টুকুৰালৈ* মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটাডালিলৈ কিয় মন কৰিছা? ৪২ যদি তুমি নিজৰ চকুত থকা ডাঙৰ কাঠৰ টুকুৰা দেখা পোৱা নাই, তেনেহʼলে তুমি নিজৰ ভাইক কেনেকৈ কʼব পাৰিবা যে ‘আহা ভাই, তোমাৰ চকুৰ পৰা কুটাডালি উলিয়াই দিওঁ?’ হে কপটীয়া! প্ৰথমে নিজৰ চকুত থকা কাঠৰ টুকুৰাডাল ওলোৱা, তেতিয়াহে নিজৰ ভায়েৰাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ ভালকৈ দেখা পাবা।
৪৩ কোনো ভাল গছে বেয়া ফল নিদিয়ে আৰু কোনো বেয়া গছে ভাল ফল নিদিয়ে। ৪৪ কাৰণ প্ৰত্যেক গছক নিজৰ ফলৰ যোগেদি চিনাক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, লোকসকলে কাঁইটীয়া গছৰ পৰা ডিমৰু নিছিঙে আৰু কাঁইটীয়া জোপোহাৰ পৰাও আঙুৰ নাপাৰে। ৪৫ ভাল মানুহে ভাল কথা কয়, কিয়নো তেওঁৰ হৃদয় ভাল কথাৰে ভৰি থাকে। কিন্তু বেয়া মানুহে বেয়া কথা কয়, কিয়নো তেওঁৰ হৃদয় বেয়া কথাৰে ভৰি থাকে, কাৰণ হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়।
৪৬ তেনেহʼলে তোমালোকে মোক কিয় ‘প্ৰভু! প্ৰভু!’ বুলি মাতি থাকা, কিন্তু মই যি কওঁ, সেয়া নকৰা? ৪৭ মই তোমালোকক কৈছোঁ যে যি কোনোৱে মোৰ ওচৰলৈ আহে, মোৰ কথা শুনে আৰু সেইবোৰ পালন কৰে, তেওঁ কাৰ নিচিনা। ৪৮ তেওঁ সেই ব্যক্তিৰ নিচিনা হয়, যিজনে এটা ঘৰ বনাবলৈ দলৈকে খান্দিলে আৰু শিলাৰ ওপৰত ভেটি বনালে। সেইবাবে, যেতিয়া বানপানী আহিল আৰু নদীৰ সোঁতে সেই ঘৰটো খুন্দা মাৰিলে, তেতিয়া সেই ঘৰটো নাভাঙিল। কিয়নো তাৰ ভেটি মজবুত আছিল। ৪৯ আনহাতে, যিজনে মোৰ কথা শুনে, কিন্তু সেইবোৰ পালন নকৰে, তেওঁ সেই ব্যক্তিৰ নিচিনা হয়, যিজনে ভেটি নবনোৱাকৈ নিজৰ ঘৰ মাটিৰ ওপৰত বনালে, যেতিয়া নদীৰ সোঁতে তেওঁৰ ঘৰটোক খুন্দা মাৰিলে, তেতিয়া সেই ঘৰটো লগে লগে ভাঙি গʼল আৰু সম্পূৰ্ণৰূপে ধ্বংস হৈ গʼল।”
৭ যীচুৱে লোকসকলক কʼব বিচৰা সকলো কথা কোৱাৰ পাছত তেওঁ কফৰনাহূমলৈ আহিল। ২ তাত এজন সেনাপতি আছিল, যিজনে নিজৰ এজন দাসক বহুত প্ৰেম কৰিছিল। সেই দাসজন ইমানেই বেমাৰ হৈছিল যে তেওঁৰ মৰো মৰো অৱস্থা হৈছিল। ৩ যেতিয়া সেনাপতিজনে যীচুৰ বিষয়ে শুনিলে, তেতিয়া তেওঁ যিহূদী নেতাসকলক যীচুৰ ওচৰলৈ পঠিয়ালে আৰু আহি তেওঁৰ দাসজনক সুস্থ কৰিবলৈ মিনতি কৰিবলৈ কʼলে। ৪ যেতিয়া তেওঁলোকে যীচুৰ ওচৰত পালেগৈ, তেতিয়া যীচুক মিনতি কৰিবলৈ ধৰিলে, “সেই সেনাপতিজন এজন ভাল ব্যক্তি হয়। অনুগ্ৰহ কৰি তেওঁৰ সহায় কৰক। ৫ তেওঁ যিহূদীসকলক প্ৰেম কৰে। তেৱেঁই আমাৰ কাৰণে সভাঘৰ বনাই দিছে।” ৬ তেতিয়া যীচু তেওঁলোকৰ লগত গʼল। কিন্তু যেতিয়া যীচু তেওঁৰ ঘৰৰ পৰা অলপহে দূৰত আছিল, তেতিয়া সেনাপতিজনৰ কিছুমান বন্ধু তেওঁৰ ওচৰলৈ আহিল, যিসকলৰ লগত তেওঁ এই খবৰ পঠিয়াইছিল: “প্ৰভু, আৰু কষ্ট নকৰিব। কাৰণ মই ইমান যোগ্য নহওঁ যে আপুনি মোৰ ঘৰলৈ আহিব। ৭ সেইবাবে, মই আপোনাৰ ওচৰলৈ আহিবলৈ নিজকে যোগ্য বুলি ভবা নাই। আপুনি কেৱল এবাৰ মুখেৰে কওক আৰু মোৰ সেৱকজন সুস্থ হৈ যাব। ৮ কিয়নো ময়ো আন অধিকাৰীৰ অধীনত কাম কৰোঁ আৰু মোৰ অধীনতো সেনাবিলাকে কাম কৰে। যেতিয়া মই এজনক কওঁ ‘যা!’ তেতিয়া সি যায় আৰু যেতিয়া আনজনক কওঁ, ‘আ!’ তেতিয়া সি আহে আৰু মই নিজৰ দাসক ‘এইটো কৰ’ বুলি কʼলে সি কৰে।” ৯ যেতিয়া যীচুৱে সেই সেনাপতিজনৰ কথা শুনিলে, তেতিয়া তেওঁ আচৰিত হʼল। তেওঁ ঘূৰি চাই তেওঁৰ পিছে পিছে অহা ভিৰক কʼলে, “মই তোমালোকক কৈছোঁ, তেওঁৰ নিচিনা বিশ্বাস মই ইস্ৰায়েলতো দেখা নাই।” ১০ যিসকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ পাছত দেখিলে যে সেই দাসজন একেবাৰে সুস্থ হৈ গʼল।
১১ কিছুসময়ৰ পাছত তেওঁ নায়িন নামৰ এখন চহৰলৈ গʼল। তেওঁৰ শিষ্যসকল আৰু এটা ডাঙৰ ভিৰ তেওঁৰ লগত গৈ আছিল। ১২ যেতিয়া তেওঁ চহৰৰ দুৱাৰ ওচৰ পালেহি, তেতিয়া চোৱা! লোকসকলে এজন মানুহৰ মৃতদেহ লৈ গৈছিল, যিজন এগৰাকী বিধৱাৰ একমাত্ৰ লʼৰা আছিল। সেই চহৰৰ পৰা বহুতো লোকে সেই তিৰোতাগৰাকীৰ লগত গৈ আছিল। ১৩ যেতিয়া প্ৰভুৱে সেই তিৰোতাগৰাকীক দেখিলে, তেতিয়া তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল আৰু যীচুৱে তেওঁক কʼলে, “নাকান্দিবা।” ১৪ তেতিয়া তেওঁ ওচৰলৈ আহি চাঙীখন* চুলে আৰু চাঙীখন উঠাই নিয়া লোকসকল ৰৈ গʼল। তাৰ পাছত তেওঁ কʼলে, “হে ডেকা, মই তোমাক কৈছোঁ, উঠা!” ১৫ তেতিয়া মৃত্যু হোৱা সেই ডেকাজন উঠি বহিল আৰু কথা পাতিবলৈ ধৰিলে। আৰু যীচুৱে তেওঁক তেওঁৰ মাকক দি দিলে। ১৬ এয়া দেখি সকলোৱে ভয় খালে আৰু তেওঁলোকে এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভৱিষ্যবক্তা আহিছে” আৰু “ঈশ্বৰে নিজৰ লোকসকলৰ প্ৰতি ধ্যান দিছে।” ১৭ তেওঁৰ বিষয়ে এই খবৰ গোটেই যিহূদিয়া আৰু আশে-পাশে থকা সকলো এলেকাত বিয়পি পৰিল।
১৮ যোহনৰ শিষ্যসকলে এই সকলো কথাৰ বিষয়ে যোহনক জনালে। ১৯ তেতিয়া যোহনে নিজৰ দুজন শিষ্যক মাতিলে আৰু প্ৰভুক এই কথা সুধিবলৈ তেওঁলোকক পঠালে, “যিজন আহিবলগীয়া আছিল, সেইজন আপুনিয়েই নে? নে আমি আন কাৰোবালৈ বাট চাম?” ২০ যেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁলোকে কʼলে, “যোহন বাপ্তিষ্মা দিওঁতাই আমাক আপোনাৰ ওচৰলৈ এয়া সুধিবলৈ পঠাইছে, ‘যিজন আহিবলগীয়া আছিল, সেইজন আপুনিয়েই নে? নে আমি আন কাৰোবালৈ বাট চাম?’” ২১ সেই সময়তে যীচুৱে বহুতো লোকৰ বেমাৰ আৰু কষ্টদায়ক ৰোগ সুস্থ কৰিলে। আৰু লোকসকলৰ শৰীৰত সোমাই থকা দুষ্ট স্বৰ্গদূতক উলিয়ালে আৰু বহুতো অন্ধ লোকৰ চকুৰ দৃষ্টিশক্তি ঘূৰাই দিলে। ২২ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে যি দেখিলা আৰু শুনিলা, সেই সকলো কথা যোহনক কোৱাগৈ: অন্ধ লোকসকলে এতিয়া দেখা পাইছে, খোৰাই খোজকাঢ়িব পাৰিছে, কুষ্ঠ ৰোগীক সুস্থ কৰা হৈছে,* কলাই শুনিব পাৰিছে, মৃত লোকসকলক আকৌ জীয়াই তোলা হৈছে আৰু দুখীয়া লোকসকলক শুভবাৰ্তা জনোৱা হৈছে। ২৩ যিজনে মোৰ বিষয়ে সন্দেহ নকৰে, তেওঁ সুখী।”*
২৪ যেতিয়া যোহনৰ শিষ্যসকল গুচি গʼল, তেতিয়া যীচুৱে যোহনৰ বিষয়ে ভিৰৰ লোকসকলক এইদৰে কʼবলৈ ধৰিলে, “তোমালোকে অৰণ্যলৈ* কি চাবলৈ গৈছিলা? বতাহে লৰোৱা নলখাগৰিক? ২৫ তেনেহʼলে তোমালোকে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা কোনো মানুহক নে? দামী কাপোৰ পিন্ধা লোকসকল আৰু লাসবিলাসেৰে জীৱন-যাপন কৰা লোকসকল দেখোন ৰজাৰ ভৱনত থাকে। ২৬ তেনেহʼলে তোমালোকে কি চাবলৈ গৈছিলা? এজন ভৱিষ্যবক্তাক? হয়, তেওঁ এজন ভৱিষ্যবক্তা। কিন্তু মই তোমালোকক কওঁ, ভৱিষ্যবক্তাতকৈও মহান ব্যক্তিক চাবলৈ গৈছিলা। ২৭ এইজন তেৱেঁই, যিজনৰ বিষয়ে শাস্ত্ৰত লিখা আছে, ‘চোৱা! মই তোমাৰ আগত মোৰ বাৰ্তাবাহকক পঠাইছোঁ, যিজনে তোমাৰ কাৰণে পথ তৈয়াৰ কৰিব।’ ২৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, এতিয়ালৈকে যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত যোহনতকৈ মহান কোনো নাই। কিন্তু যিজন ঈশ্বৰৰ ৰাজ্যত আটাইতকৈ সৰু, তেওঁ যোহনতকৈ মহান।” ২৯ (যেতিয়া কৰতোলা লোক আৰু সকলোৱে এই কথা শুনিলে, তেতিয়া তেওঁলোকে কʼলে যে ঈশ্বৰ সত্য হয়। এই লোকসকলে সেই বাপ্তিষ্মা লৈছিল, যাৰ বিষয়ে যোহনে প্ৰচাৰ কৰিছিল। ৩০ কিন্তু ফৰীচী আৰু যিসকলে নিয়মৰ বিষয়ে জানিছিল, তেওঁলোকে সেই বাপ্তিষ্মা লোৱা নাছিল। আৰু ঈশ্বৰে তেওঁলোকৰ বাবে যি উদ্দেশ্য ৰাখিছিল, সেয়া তেওঁলোকে অস্বীকাৰ কৰিলে।)
৩১ “সেইবাবে, মই এই যুগৰ লোকসকলক কাৰ লগত তুলনা কৰিম? এওঁলোক কাৰ নিচিনা? ৩২ এওঁলোক এনেকুৱা লʼৰা-ছোৱালীৰ নিচিনা হয়, যিসকলে বজাৰত বহি এজনে-আনজনক মাতি কয়, ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালোঁ, কিন্তু তোমালোকে নানাছিলা। আমি শোক কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা।’ ৩৩ ঠিক সেইদৰে, যোহন বাপ্তিষ্মা দিওঁতাই আনৰ দৰে ৰুটি আৰু দ্ৰাক্ষাৰস নাখায়, তথাপি তোমালোকে কোৱা, ‘তেওঁক দুষ্ট স্বৰ্গদূতে পাইছে।’ ৩৪ আনহাতে মানুহৰ পুত্ৰই আনৰ নিচিনাকৈ খোৱা-বোৱাও কৰে, তথাপিও তোমালোকে কোৱা, ‘চোৱা! এই মানুহজন খকুৱা আৰু মদাহী, কৰতোলা আৰু পাপীবিলাকৰ বন্ধু!’ ৩৫ কিন্তু বুদ্ধি নিজৰ সকলো পৰিণামৰ* যোগেদি সঠিক বুলি প্ৰমাণিত হয়।”
৩৬ চিমোন নামৰ এজন ফৰীচী আছিল, যিজনে যীচুক বাৰে বাৰে তেওঁৰ ঘৰলৈ আহি খাবলৈ অনুৰোধ কৰিছিল। সেইবাবে, যীচু তেওঁৰ ঘৰলৈ গʼল আৰু খাবলৈ বহিল। ৩৭ আৰু চোৱা! সেই চহৰতে এগৰাকী তিৰোতা আছিল, যাক সকলোৱে পাপিনী বুলি কৈছিল। যেতিয়া তেওঁ গʼম পালে যে যীচু সেই ফৰীচীজনৰ ঘৰত খাবলৈ আহিছে,* তেতিয়া তেওঁ সুগন্ধি তেলৰ বটল লৈ আহিলে। ৩৮ তেওঁ যীচুৰ ভৰিৰ ওচৰত বহি কান্দি কান্দি নিজৰ চকুপানীৰে তেওঁৰ ভৰি তিয়াবলৈ ধৰিলে। আৰু নিজৰ মূৰৰ চুলিৰে তেওঁৰ ভৰি মচিবলৈ ধৰিলে। তেওঁ বাৰে বাৰে তেওঁৰ ভৰিত চুমা খালে আৰু সুগন্ধি তেল ঢালিবলৈ ধৰিলে। ৩৯ এয়া দেখি যীচুক নিমন্ত্ৰণ কৰা সেই ফৰীচীজনে মনতে কʼবলৈ ধৰিলে, “এই মানুহজন সঁচাকৈ এজন ভৱিষ্যবক্তা হোৱা হʼলে, তেওঁ জানিব পাৰিলেহেঁতেন যে তেওঁক চুই থকা তিৰোতাগৰাকী কোন হয় আৰু কেনেধৰণৰ তিৰোতা হয়। তেওঁ এগৰাকী পাপিনী হয়।” ৪০ কিন্তু যীচুৱে তেওঁক কʼলে, “চিমোন, মই তোমাক কিবা কʼব বিচাৰোঁ।” তেওঁ কʼলে, “গুৰু কওক!”
৪১ “দুজন ব্যক্তিয়ে এজন মহাজনৰ পৰা ধাৰ লৈছিল। এজনে ৫০০ দীনাৰ* আৰু আনজনে ৫০ দীনাৰ। ৪২ কিন্তু তেওঁলোকৰ ওচৰত যেতিয়া ধাৰ পৰিশোধ কৰিবলৈ একোৱেই নাছিল, তেতিয়া মহাজনে উদাৰতাৰে তেওঁলোকৰ দুয়োজনৰ ধাৰ ক্ষমা কৰি দিলে। গতিকে, কোৱা, সেই দুয়োজনৰ মাজৰ কোনে মহাজনক বেছিকৈ প্ৰেম কৰিব?” ৪৩ চিমোনে উত্তৰ দিলে, “মই ভাবোঁ, সেই ব্যক্তিজনে, যিজনৰ বেছি ধাৰ ক্ষমা কৰা হʼল।” যীচুৱে কʼলে, “তুমি ঠিকেই কʼলা।” ৪৪ তেতিয়া যীচুৱে সেই তিৰোতাগৰাকীৰ ফালে চাই চিমোনক কʼলে, “এই তিৰোতাগৰাকীক দেখিছা নে, মই তোমাৰ ঘৰলৈ আহিলোঁ আৰু তুমি মোক ভৰি ধুবলৈ পানী নিদিলা। কিন্তু এই তিৰোতাগৰাকীয়ে নিজৰ চকুপানীৰে মোৰ ভৰি ধুলে আৰু নিজৰ মূৰৰ চুলিৰে মোৰ ভৰি মচিলে। ৪৫ তুমি মোক চুমা নাখালা, কিন্তু মই অহাৰে পৰা এই তিৰোতাগৰাকীয়ে মোৰ ভৰিত চুমা খাই আছে। ৪৬ তুমি মোৰ মূৰত তেল নাঢালিলা, কিন্তু এই তিৰোতাগৰাকীয়ে মোৰ ভৰিত সুগন্ধি তেল ঢালিলে। ৪৭ সেই কাৰণে মই তোমাক কৈছোঁ যে যদিও তেওঁৰ পাপ বহুত, কিন্তু সেইবোৰ ক্ষমা কৰা হʼল। সেইবাবে, তেওঁ বেছি প্ৰেম কৰিছে। কিন্তু যিজনৰ কম পাপ ক্ষমা কৰা হʼল, তেওঁ কম প্ৰেম কৰে।” ৪৮ তেতিয়া যীচুৱে তিৰোতাগৰাকীক কʼলে, “তোমাৰ পাপ ক্ষমা কৰা হʼল।” ৪৯ এয়া শুনি যিসকলে তেওঁৰ লগত মেজত বহি আছিল, তেওঁলোকে মনতে কʼবলৈ ধৰিলে, “এই মানুহজননো কোন যে তেওঁ পাপবোৰো ক্ষমা কৰে?” ৫০ কিন্তু যীচুৱে তিৰোতাগৰাকীক কʼলে, “তোমাৰ বিশ্বাসে তোমাক বচালে। যোৱা, এতিয়া আৰু চিন্তা নকৰিবা।”
৮ ইয়াৰ কিছু সময়ৰ পাছত যীচু চহৰে চহৰে আৰু গাঁৱে গাঁৱে গৈ লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু ৰাজ্যৰ শুভবাৰ্তা শুনাবলৈ ধৰিলে। সেই ১২ জন শিষ্য তেওঁৰ লগত আছিল। ২ আৰু কিছুমান তিৰোতাও আছিল, যিসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলোৱা হৈছিল। আৰু তেওঁলোকৰ বেমাৰ সুস্থ কৰা হৈছিল, যেনে মৰিয়ম, যাক মগ্দলীনী বুলি কোৱা হৈছিল আৰু তেওঁৰ শৰীৰৰ পৰা সাতটা দুষ্ট স্বৰ্গদূত ওলোৱা হৈছিল। ৩ যোহানা, যি হেৰোদৰ ঘৰৰ প্ৰবন্ধক কূচৰ পত্নী আছিল, চোচন্না আৰু আন বহুতো তিৰোতা। এই তিৰোতাসকলে নিজৰ নিজৰ ধন-সম্পত্তিৰ পৰা যীচু আৰু তেওঁৰ শিষ্যসকলৰ সেৱা কৰিছিল।
৪ বেলেগ বেলেগ চহৰৰ পৰা অহা লোকসকলৰ উপৰিও, যেতিয়া এটা ডাঙৰ ভিৰে তেওঁৰ ওচৰত জমা হৈছিল, তেতিয়া যীচুৱে তেওঁলোকক এই উদাহৰণ দিলে: ৫ “এজন বীজ সিঁচোঁতা মানুহে বীজ সিঁচিবলৈ ওলাইছে। যেতিয়া তেওঁ সিঁচি আছিল, তেতিয়া কিছুমান বীজ ৰাস্তাৰ কাষত পৰিল আৰু সেইবোৰ ভৰিৰে গচকা হʼল। আৰু আকাশৰ চৰাইবোৰে আহি সেইবোৰ খাই পেলালে। ৬ কিছুমান বীজ শিলাময় মাটিত পৰিল আৰু গজালি ওলালে, কিন্তু পানী নোপোৱাৰ কাৰণে শুকাই গʼল। ৭ আন কিছুমান বীজ কাঁইটীয়া বনত পৰিল আৰু সেইবোৰৰ লগতে বাঢ়ি যোৱা কাঁইটীয়া বনবোৰে সেইবোৰক হেঁচি ধৰিলে। ৮ কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল আৰু গজালি ওলোৱাৰ পাছত তাত ১০০ গুণ ফল ধৰিলে।” এই কথাবোৰ কোৱাৰ পাছত তেওঁ জোৰেৰে কʼলে, “মই কি কৈ আছোঁ, কাণ পাতি শুনা।”
৯ কিন্তু এই উদাহৰণৰ অৰ্থ কি, এই বিষয়ে তেওঁৰ শিষ্যসকলে তেওঁক সুধিবলৈ ধৰিলে। ১০ তেওঁ কʼলে, “ঈশ্বৰৰ ৰাজ্যৰ পবিত্ৰ ৰহস্য বুজি পোৱাৰ ক্ষমতা তোমালোকক দিয়া হৈছে। কিন্তু বাকী লোকসকলৰ কাৰণে এইবোৰ কেৱল উদাহৰণহে। কিয়নো তেওঁলোকে চাওঁতে চাব, কিন্তু দেখা নাপাব আৰু শুনোঁতে শুনিব, কিন্তু ইয়াৰ অৰ্থ বুজি নাপাব। ১১ এই উদাহৰণৰ অৰ্থ এয়া: বীজ হৈছে, ঈশ্বৰৰ বাক্য। ১২ ৰাস্তাৰ কাষত পৰা বীজ হৈছে সেই লোকসকল, যিসকলে ঈশ্বৰৰ বাক্য শুনে, কিন্তু চয়তানে আহে আৰু তেওঁলোকৰ হৃদয়ৰ পৰা বাক্য কাঢ়ি নিয়ে যাতে তেওঁলোকে বাক্যৰ ওপৰত বিশ্বাস নকৰে আৰু উদ্ধাৰ নাপায়। ১৩ শিলাময় মাটিত পৰা বীজ হৈছে সেই লোকসকল, যিসকলে বাক্য শুনি ইয়াক আনন্দেৰে গ্ৰহণ কৰে। কিন্তু শিপা গভীৰ নোহোৱাৰ কাৰণে তেওঁলোকে অলপ সময়লৈকে বিশ্বাস কৰে, কিন্তু পৰীক্ষাৰ সময়ত বিশ্বাস কৰিবলৈ এৰি দিয়ে। ১৪ আৰু কাঁইটীয়া বনত পৰা বীজ হৈছে সেই লোকসকল, যিসকলে বাক্য শুনে, কিন্তু এই জীৱনৰ চিন্তা, ধন-সম্পত্তি আৰু লাসবিলাসে তেওঁলোকৰ ধ্যান বিচলিত কৰি দিয়ে। আৰু এইবোৰে বাক্যক হেঁচি ধৰে, যাৰ বাবে কোনো ভাল ফল নিদিয়ে। ১৫ ভাল মাটিত পৰা বীজ হৈছে সেই লোকসকল, যিসকলৰ হৃদয় বহুত ভাল। তেওঁলোকে বাক্য শুনি সেইবোৰ মনত* ৰাখে আৰু ধৈৰ্য ধৰি ফল দিয়ে।
১৬ কোনোৱে চাকি জ্বলাই তাক বাচনেৰে ঢাকি নাৰাখে বা বিছনাৰ তলত নথয়। কিন্তু মেজত ৰাখে যাতে ভিতৰলৈ অহা লোকসকলে পোহৰ পায়। ১৭ গোপনে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব। সাৱধানে ৰখা এনে কোনো বিষয় নাই, যি কেতিয়াও জানিব নোৱাৰি আৰু প্ৰকাশ নাপাব। ১৮ সেইবাবে, তোমালোকে কিদৰে শুনিছা, তালৈ ধ্যান দিয়া। কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে বুলি তেওঁ ভাবে, তাকো তেওঁৰ পৰা নিয়া হʼব।”
১৯ তাৰ পাছত যীচুৰ মা আৰু তেওঁৰ ভায়েকবিলাকে তেওঁক লগ কৰিবলৈ আহিল। কিন্তু ভিৰৰ কাৰণে তেওঁলোকে যীচুৰ ওচৰলৈ যাব নোৱাৰিছিল। ২০ সেইবাবে, তেওঁক এই খবৰ দিয়া হʼল, “আপোনাৰ মা আৰু ভাইবিলাকে আপোনাক লগ কৰিবলৈ বাহিৰত থিয় হৈ আছে।” ২১ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “এওঁলোক হৈছে মোৰ মা আৰু ভাই। কিয়নো তেওঁলোকে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে।”
২২ এদিনাখন যীচু আৰু তেওঁৰ শিষ্যসকলে এখন নাওত উঠিলে আৰু যীচুৱে তেওঁলোকক কʼলে, “বʼলা আমি সাগৰৰ সিপাৰলৈ যাওঁ।” তেতিয়া তেওঁলোকে নাৱেৰে ওলাই গʼল। ২৩ কিন্তু গৈ থাকোঁতে তেওঁ শুই গʼল। তেতিয়া সাগৰত ভয়ংকৰ ধুমুহা হʼল আৰু তেওঁলোকৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। সেইবাবে, তেওঁলোকৰ জীৱন বিপদত পৰিল। ২৪ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাবলৈ ধৰিলে, “গুৰু, গুৰু, আমি এতিয়া মৰিম!” যীচুৱে উঠি ধুমুহা আৰু পানীৰ ডাঙৰ ঢৌক ধমকি দিলে আৰু ইয়াৰ পাছত ধুমুহা আৰু ঢৌ কমি গʼল। আৰু সকলোবোৰ শান্ত হৈ গʼল। ২৫ তাৰ পাছত তেওঁ শিষ্যসকলক কʼলে, “তোমালোকৰ বিশ্বাস কʼত গʼল?” কিন্তু তেওঁলোকে বহুত ভয় খালে আৰু আচৰিত হৈ এজনে-আনজনক কʼবলৈ ধৰিলে, “আচলতে এওঁনো কোন যে ধুমুহা আৰু পানীকো আদেশ দিয়ে আৰু সেইবোৰে তেওঁৰ আজ্ঞা মানে?”
২৬ তাৰ পাছত তেওঁলোকে গালীলৰ সিপাৰে থকা গেৰাচেনীয়াবিলাকৰ এলেকাত পালেগৈ। ২৭ কিন্তু যেতিয়া যীচু নাৱৰ পৰা নামি পাৰত আহিল, তেতিয়া ওচৰৰ চহৰত থকা দুষ্ট স্বৰ্গদূতে পোৱা এজন মানুহক লগ পালে। তেওঁ বহু দিনলৈকে কাপোৰ নিপিন্ধাকৈ ঘূৰি ফুৰিছিল। আৰু ঘৰত নাথাকি কবৰৰ* মাজত থাকিছিল। ২৮ যেতিয়া তেওঁ যীচুক দেখিলে, তেতিয়া তেওঁ জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে আৰু তেওঁৰ আগত পৰি উচ্চস্বৰে কʼবলৈ ধৰিলে, “হে যীচু, মহান ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক মিনতি কৰিছোঁ, মোক কষ্ট নিদিব।” ২৯ (কিয়নো সেই দুষ্ট স্বৰ্গদূতক সেই মানুহজনৰ শৰীৰৰ পৰা ওলাই যাবলৈ যীচুৱে আদেশ দিছিল। দুষ্ট স্বৰ্গদূতে বহুবাৰ সেই মানুহজনক নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল।* সেই মানুহজনক বাৰে বাৰে শিকলি আৰু বেৰীৰে বন্ধা হৈছিল আৰু তাক পহৰা দিয়া হৈছিল। কিন্তু সি সেই বান্ধোনবোৰ চিঙি পেলাইছিল। আৰু দুষ্ট স্বৰ্গদূতে সেই মানুহজনক নিৰ্জন ঠাইলৈ লৈ গৈছিল।) ৩০ যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” সি কʼলে, “পলটন।” কিয়নো তাৰ শৰীৰত বহুতো দুষ্ট স্বৰ্গদূত সোমাই আছিল। ৩১ সিহঁতে তেওঁক মিনতি কৰি থাকিল যে তেওঁ যেন সিহঁতক অগাধ ঠাইত* যাবলৈ আদেশ নিদিয়ে। ৩২ সেই পাহাৰতে বহুতো গাহৰি চৰি আছিল। সেইবাবে, দুষ্ট স্বৰ্গদূতবিলাকে যীচুক মিনতি কৰিলে যে তেওঁ যাতে সিহঁতক গাহৰিবোৰত সোমাবলৈ দিয়ে। আৰু যীচুৱে সিহঁতক যাবলৈ অনুমতি দিলে। ৩৩ তেতিয়া গোটেই দুষ্ট স্বৰ্গদূতবিলাক সেই মানুহজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই সেই গাহৰিবোৰত সোমাল। তেতিয়া গাহৰিবোৰৰ গোটেই জাকে অতি বেগেৰে দৌৰিলে আৰু পাহাৰৰ গৰাৰ পৰা সাগৰত পৰি সকলো গাহৰি পানীত ডুবি মৰিল। ৩৪ যেতিয়া গাহৰি চৰোৱা লোকবিলাকে এই ঘটনা দেখিলে, তেতিয়া তেওঁলোকে তাৰ পৰা পলাই গʼল আৰু তেওঁলোকে চহৰ আৰু আশে-পাশে থকা এলেকালৈ গৈ ঘটনাৰ বিষয়ে সকলো কথা কʼলে।
৩৫ তাত কি হৈছিল, সেয়া চাবলৈ লোকসকলে তালৈ আহিল। যেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁলোকে দেখিলে যে যিজন মানুহৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গৈছিল, সেই মানুজন কাপোৰ পিন্ধি আছে আৰু সুস্থ হৈ যীচুৰ ভৰিৰ ওচৰত বহি আছে। এয়া দেখি লোকসকলে বৰ ভয় খালে। ৩৬ যিসকলে এই সকলো ঘটনা নিজ চকুৰে দেখিছিল, তেওঁলোকে লোকসকলক কʼবলৈ ধৰিলে যে যিজন মানুহক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁ কেনেকৈ ঠিক হʼল। ৩৭ তেতিয়া গেৰাচেনীয়াৰ আশে-পাশে থকা এলেকাৰ পৰা অহা লোকসকলে যীচুক তেওঁলোকৰ ঠাইৰ পৰা ওলাই যাবলৈ কʼলে, কিয়নো তেওঁলোকে বৰ ভয় খাইছিল। সেইবাবে, যীচুৱে তাৰ পৰা ওলাই যাবলৈ নাৱত উঠিল। ৩৮ তেতিয়া যিজন মানুহৰ পৰা দুষ্ট স্বৰ্গদূতে ওলাইছিল, সেই মানুহজনে যীচুৰ লগত যাবলৈ তেওঁক বাৰে বাৰে মিনতি কৰিবলৈ ধৰিলে। কিন্তু যীচুৱে সেই মানুহজনক এইদৰে কৈ পঠাই দিলে, ৩৯ “নিজৰ ঘৰলৈ উভতি যোৱা আৰু ঈশ্বৰে তোমাৰ কাৰণে যি যি কৰিলে, তাৰ বিষয়ে সকলোকে কোৱা।” সেই মানুহজন গুচি গʼল আৰু গোটেই চহৰত কʼবলৈ ধৰিলে যে যীচুৱে তেওঁৰ কাৰণে কি কৰিলে।
৪০ যেতিয়া যীচু গালীললৈ উভতি আহিল, তেতিয়া ভিৰৰ লোকসকলে তেওঁক মৰমেৰে আদৰণি জনালে। কিয়নো, সকলোৱে তেওঁৰ কাৰণে অপেক্ষা কৰি আছিল। ৪১ কিন্তু সেই সময়তে যায়ীৰ নামৰ এজন মানুহ তালৈ আহিল। তেওঁ সভাঘৰৰ এজন অধিকাৰী আছিল। তেওঁ যীচুৰ ভৰিত পৰি নিজৰ ঘৰলৈ আহিবলৈ যীচুক মিনতি কৰিবলৈ ধৰিলে। ৪২ কিয়নো তেওঁৰ একমাত্ৰ ছোৱালীজনী মৰো মৰো অৱস্থাত আছিল আৰু তাইৰ বয়স ১২ বছৰমান আছিল।
যেতিয়া যীচু গৈ আছিল, তেতিয়া লোকসকলৰ ভিৰে তেওঁক আগুৰি তেওঁৰ লগতে যাবলৈ ধৰিলে। ৪৩ তাত এনে এগৰাকী তিৰোতা আছিল, যাৰ ১২ বছৰৰ পৰা তেজ বোৱা বেমাৰ আছিল আৰু কোনেও তেওঁক সুস্থ কৰিব পৰা নাছিল। ৪৪ তেওঁ যীচুৰ পিছফালে আহি তেওঁৰ কাপোৰৰ দহি চুলে আৰু সেই সময়তে তেওঁৰ তেজ বোৱা বন্ধ হʼল। ৪৫ তেতিয়া যীচুৱে কʼলে, “মোক কোনে চুলে?” যেতিয়া সকলোৱে অস্বীকাৰ কৰিবলৈ ধৰিলে, তেতিয়া পিতৰে কʼলে, “গুৰু, ভিৰে আপোনাক আগুৰি ধৰি ঠেলা-হেঁচা কৰিছে।” ৪৬ তথাপি যীচুৱে কʼলে, “কোনোবাই মোক চুলে। কিয়নো মোৰ ভিতৰৰ পৰা শক্তি ওলোৱা মই গʼম পালোঁ।” ৪৭ যেতিয়া সেই তিৰোতাগৰাকীয়ে দেখিলে যে যীচুৱে এই কথা গʼম পালে, তেতিয়া তেওঁ কঁপি কঁপি আহি তেওঁৰ আগত পৰি তেওঁ যীচুক কিয় চুলে আৰু চোৱাৰ লগে লগে কেনেকৈ সুস্থ হʼল, সেই বিষয়ে সকলোৰে আগত কʼলে। ৪৮ তেতিয়া যীচুৱে তেওঁক কʼলে, “মোৰ ছোৱালী, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে। যোৱা, এতিয়া আৰু চিন্তা নকৰিবা।”
৪৯ তেওঁ কৈ থকাৰ সময়তে সভাঘৰৰ অধিকাৰীৰ ঘৰৰ পৰা এজন মানুহে আহি কʼবলৈ ধৰিলে, “তোমাৰ ছোৱালীজনী মৰি গʼল। এতিয়া গুৰুক আৰু কষ্ট নিদিবা।” ৫০ এয়া শুনি যীচুৱে সেই অধিকাৰীজনক কʼলে, “ভয় নকৰিবা, কেৱল বিশ্বাস ৰাখা, তাইৰ একো নহʼব আৰু তাই বাচি যাব।” ৫১ যেতিয়া যীচু সেই ঘৰ পালেগৈ তেতিয়া তেওঁ পিতৰ, যোহন, যাকোব আৰু ছোৱালীজনীৰ মা-দেউতাকৰ বাহিৰে নিজৰ লগত আন কাকো ভিতৰলৈ আহিবলৈ নিদিলে। ৫২ কিন্তু সকলোৱে কান্দি কান্দি হিয়া ভুকুৱাই আছিল আৰু সেই ছোৱালীজনীৰ কাৰণে শোক কৰি আছিল। যীচুৱে কʼলে, “নাকান্দিবা! ছোৱালীজনী মৰা নাই, টোপনি গৈছে।” ৫৩ এই কথা শুনি তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে। কিয়নো তেওঁলোকে জানিছিল যে ছোৱালীজনী মৰি গৈছে। ৫৪ তাৰ পাছত যীচুৱে ছোৱালীজনীৰ হাতত ধৰি কʼলে, “উঠা মোৰ ছোৱালীজনী!” ৫৫ তেতিয়া সেই ছোৱালীজনীৰ প্ৰাণ* উভতি আহিল আৰু তাই লগে লগে উঠি বহিল। যীচুৱে কʼলে যে ছোৱালীজনীক কিবা খাবলৈ দিয়া। ৫৬ ছোৱালীজনীক জীয়াই উঠা দেখি তাইৰ মা-দেউতাকে বহুত আনন্দিত হʼল। কিন্তু এই বিষয়ে কাকো নকʼবলৈ যীচুৱে তেওঁলোকক কʼলে।
৯ তাৰ পাছত যীচুৱে নিজৰ ১২ জন শিষ্যক মাতি লোকসকলৰ পৰা সকলো দুষ্ট স্বৰ্গদূতক উলিয়াবলৈ আৰু বেমাৰবোৰ সুস্থ কৰিবলৈ তেওঁলোকক শক্তি আৰু অধিকাৰ দিলে। ২ আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আৰু লোকসকলক সুস্থ কৰিবলৈ পঠিয়ালে। ৩ যীচুৱে তেওঁলোকক কʼলে, “যাত্ৰাৰ কাৰণে একো নলʼবা, লাখুটি নলʼবা, খোৱাৰ মোনা নলʼবা, ৰুটি নলʼবা, টকা* নলʼবা আনকি দুযোৰ কাপোৰো নলʼবা। ৪ কিন্তু তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে সেইখন ঘৰতে থাকিবা। ৫ যদি কোনো চহৰত লোকসকলে তোমালোকক গ্ৰহণ নকৰে, তেনেহʼলে তাৰ পৰা ওলাই আহোঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা যাতে তেওঁলোকে সাক্ষ্য পায়।” ৬ তেতিয়া তেওঁলোকে গোটেই এলেকাৰ গাঁৱে গাঁৱে গৈ শুভবাৰ্তা জনাই থাকিল আৰু সকলো ঠাইৰ লোকসকলক সুস্থ কৰি থাকিল।
৭ যেতিয়া জিলা প্ৰশাসক হেৰোদে* যি যি ঘটিছিল সেই সকলো বিষয়ে শুনিলে, তেতিয়া তেওঁ চিন্তিত হৈ পৰিল। কাৰণ যীচুৰ বিষয়ে কিছুমান লোকে কৈছিল যে তেওঁ যোহন হয়, যিজনৰ মৃত্যু হৈছিল আৰু তেওঁক এতিয়া আকৌ জীয়াই তোলা হৈছে। ৮ কিন্তু আন কিছুমানে কৈছিল তেওঁ এলিয়া, আৰু কিছুমানে কৈছিল প্ৰাচীন সময়ৰ ভৱিষ্যবক্তাসকলৰ মাজৰ এজন জীৱিত হৈছে। ৯ হেৰোদে কʼলে, “মইতো যোহনৰ মূৰ কটোৱাইছিলোঁ, তেনেহʼলে এওঁনো কোন, যাৰ বিষয়ে মই এই কথা শুনি আছোঁ?” সেইবাবে, তেওঁ যীচুক চাব বিচাৰিছিল।
১০ পাঁচনিসকলে* উভতি আহি যীচুক কʼবলৈ ধৰিলে যে তেওঁলোকে কি কি কৰিলে। তেতিয়া যীচুৱে তেওঁলোকক লগত লৈ বৈৎচৈদা নামৰ চহৰৰ কোনো এখন নিৰ্জন ঠাইলৈ ওলাই গʼল। ১১ কিন্তু ভিৰৰ লোকসকলে ইয়াৰ বিষয়ে গʼম পালে আৰু তেওঁৰ পিছে পিছে গʼল। যীচুৱে তেওঁলোকক হৃদয়েৰে গ্ৰহণ কৰিলে আৰু তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কʼবলৈ ধৰিলে আৰু যিসকলৰ চিকিৎসাৰ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে। ১২ তাৰ পাছত গধূলি হʼবলৈ ধৰিলে আৰু সেই ১২ জনে তেওঁৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “মানুহৰ ভিৰক পঠাই দিয়ক যাতে তেওঁলোকে ওচৰৰ গাঁওবোৰলৈ গৈ নিজৰ কাৰণে খাবলৈ আৰু থাকিবলৈ ব্যৱস্থা কৰিব পাৰে, কিয়নো আমি এই নিৰ্জন ঠাইত আছোঁ।” ১৩ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকেই তেওঁলোকক কিবা খাবলৈ দিয়া।” তেওঁলোকে কʼলে, “আমাৰ ওচৰত কেৱল পাঁচখন ৰুটি আৰু দুটা মাছহে আছে। আমি নিজেই গৈ এই সকলোৰে বাবে খোৱা বস্তু কিনি আনিম নে?” ১৪ আচলতে তাত প্ৰায় ৫,০০০ পুৰুষ আছিল। যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “তেওঁলোকক পঞ্চাচ পঞ্চাচ জনকৈ জুম বান্ধি বহিবলৈ দিয়া।” ১৫ তেওঁলোকে সেইদৰেই কৰিলে আৰু সকলোকে বহিবলৈ দিলে। ১৬ তেতিয়া তেওঁ পাঁচখন ৰুটি আৰু দুটা মাছ লৈ আকাশৰ ফালে চাই প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ সেইবোৰ ভাঙি শিষ্যসকলক দিবলৈ ধৰিলে যাতে তেওঁলোকে লোকসকলৰ মাজত ভগাই দিয়ে। ১৭ তেতিয়া সকলোৱে পেট ভৰাই খালে আৰু শিষ্যসকলে যেতিয়া ৰৈ যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া ১২ টা টুকুৰী ভৰি গʼল।
১৮ পাছত যীচুৱে যেতিয়া অকলে প্ৰাৰ্থনা কৰি আছিল, তেতিয়া শিষ্যসকলে তেওঁৰ ওচৰলৈ আহিল। যীচুৱে তেওঁলোকক সুধিলে, “লোকসকলে মোৰ বিষয়ে কি কয়, মই কোন?” ১৯ তেওঁলোকে কʼলে, “কিছুমানে কয়, যোহন বাপ্তিষ্মা দিওঁতা, আন কিছুমানে কয়, এলিয়া আৰু কিছুমানে কয়, প্ৰাচীন সময়ৰ ভৱিষ্যবক্তাসকলৰ মাজৰ এজন জীৱিত হৈছে।” ২০ তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে কি কোৱা, মই কোন?” পিতৰে উত্তৰ দিলে, “আপুনি ঈশ্বৰে পঠোৱা খ্ৰীষ্ট হয়।” ২১ তেতিয়া যীচুৱে এই বিষয়ে কাকো নকʼবলৈ তেওঁলোকক সাৱধান কৰি কʼলে ২২ আৰু তেওঁ এয়াও কʼলে, “মানুহৰ পুত্ৰই বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু যিহূদী নেতা, প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* তেওঁক অস্বীকাৰ কৰিব আৰু তেওঁক হত্যা কৰা হʼব। তাৰ পাছত তৃতীয় দিনাখন তেওঁক আকৌ জীয়াই তোলা হʼব।”
২৩ তেতিয়া যীচুৱে সকলোকে কʼলে, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু প্ৰতিদিনে নিজৰ যাতনাৰ কাঠ* উঠাই মোৰ পিছে পিছে আহি থাকক। ২৪ কিয়নো যি কোনোৱে নিজৰ জীৱন বচাব বিচাৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক পাব। ২৫ সঁচাকৈ এজন ব্যক্তিয়ে গোটেই জগতখন লাভ কৰিও যদি নিজৰ জীৱন ধ্বংস কৰে বা জীৱন হেৰুৱায়, তেনেহʼলে তেওঁৰ কি লাভ? ২৬ কাৰণ যি কোনোৱে মোৰ শিষ্য হʼবলৈ আৰু মোৰ বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ লাজ অনুভৱ কৰে, তেওঁক মানুহৰ পুত্ৰয়ো সেই সময়ত গ্ৰহণ কৰিবলৈ লাজ অনুভৱ কৰিব, যেতিয়া তেওঁ নিজৰ পিতৃ আৰু পবিত্ৰ স্বৰ্গদূতসকলৰ মহিমাৰে সৈতে আহিব। ২৭ কিন্তু মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যিসকলে ঈশ্বৰৰ ৰাজ্য নেদেখালৈকে তেওঁলোকৰ মৃত্যু নহʼব।”
২৮ আচলতে এয়া কোৱা প্ৰায় আঠ দিনৰ পাছত তেওঁ পিতৰ, যোহন আৰু যাকোবক নিজৰ লগত লৈ প্ৰাৰ্থনা কৰিবলৈ এখন পাহাৰত উঠিল। ২৯ যেতিয়া তেওঁ প্ৰাৰ্থনা কৰি আছিল, তেতিয়া তেওঁৰ মুখৰ ৰূপ সলনি হʼল আৰু তেওঁৰ কাপোৰ বগা হৈ জিলিকিবলৈ ধৰিলে। ৩০ আৰু চোৱা! দুজন মানুহে তেওঁৰ লগত কথা পাতি আছিল। তেওঁলোক আছিল, মোচি আৰু এলিয়া। ৩১ তেওঁলোকে সম্পূৰ্ণ মহিমাৰে সৈতে দেখা দিলে আৰু যীচুৰ বিদায়ৰ বিষয়ে কথা পাতিবলৈ ধৰিলে, যি অতি সোনকালে যিৰূচালেমৰ পৰা হʼবলগীয়া আছিল। ৩২ পিতৰ আৰু তেওঁৰ লগৰবিলাকৰ চকু টোপনিত জাপ খাই গৈছিল। কিন্তু যেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে সজাগ হʼল, তেতিয়া তেওঁলোকে যীচুৰ মহিমা দেখিলে আৰু দুজন মানুহক তেওঁৰ লগত থিয় হৈ থকা দেখিলে। ৩৩ যেতিয়া তেওঁলোক দুয়োজনে যীচুক এৰি গৈ আছিল, তেতিয়া পিতৰে তেওঁক কʼলে, “গুৰু, আমি ইয়াত থকাটো আমাৰ কাৰণে আনন্দৰ বিষয়। সেইবাবে, আমাক তিনিটা তম্বু সাজিবলৈ দিয়ক, এটা আপোনাৰ কাৰণে, এটা মোচিৰ কাৰণে আৰু এটা এলিয়াৰ কাৰণে।” পিতৰে কি কৈ আছিল, তেওঁ নিজেই বুজি পোৱা নাছিল। ৩৪ তেওঁ যেতিয়া কৈ আছিল, সেই সময়তে এডোখৰ মেঘে তেওঁলোকক ঢাকিবলৈ ধৰিলে। সেইবাবে, তেওঁলোকৰ ভয় লাগিল। ৩৫ সেই মেঘৰ পৰা মাত শুনিবলৈ পোৱা গʼল: “এওঁ মোৰ পুত্ৰ, এওঁক মই বাছনি কৰিলোঁ। এওঁৰ কথা শুনা।” ৩৬ এই মাত শুনাৰ সময়ত তেওঁলোকে দেখিলে যে যীচু তাত অকলে আছে। কিন্তু তেওঁলোকে তাত যি দেখিলে, সেই বিষয়ে কিছু সময়লৈকে কাকো একো নকʼলে আৰু মনে মনে থাকিল।
৩৭ পাছ দিনাখন যেতিয়া তেওঁলোকে পাহাৰৰ পৰা নামিল, তেতিয়া এটা ডাঙৰ ভিৰ তেওঁৰ ওচৰলৈ আহিল। ৩৮ তেতিয়া হঠাতে ভিৰৰ মাজৰ পৰা এজন মানুহে জোৰেৰে চিঞৰি কʼলে, “গুৰু, মই আপোনাক মিনতি কৰিছোঁ, মোৰ লʼৰাটোক সহায় কৰক, কাৰণ ই মোৰ একমাত্ৰ লʼৰা। ৩৯ তাক এটা দুষ্ট স্বৰ্গদূতে ধৰি লয় আৰু হঠাতে সি চিঞৰিবলৈ ধৰে। সেই দূতে তাক এনেদৰে পকাই ধৰে যে তাৰ মুখৰ পৰা ফেন ওলাবলৈ ধৰে, সি তাক সহজে এৰিব নিবিচাৰে আৰু যেতিয়া এৰি দিয়ে, তেতিয়া বহুত কষ্ট দিহে এৰি দিয়ে। ৪০ তাক উলিয়াবলৈ মই আপোনাৰ শিষ্যসকলক মিনতি কৰিছিলোঁ, কিন্তু তেওঁলোকে উলিয়াব নোৱাৰিলে।” ৪১ তেতিয়া যীচুৱে কʼলে, “হে অবিশ্বাসী আৰু পাপী প্ৰজন্মৰ* লোকসকল, কিমান দিনলৈকে মই তোমালোকৰ লগত থাকিম? কেতিয়ালৈকে মই তোমালোকক সহ্য কৰিম? লʼৰাজনক ইয়ালৈ লৈ আনা।” ৪২ যেতিয়া লʼৰাজন আহি আছিল, তেতিয়া দুষ্ট স্বৰ্গদূতে তাক মাটিত পেলাই দিলে আৰু তাক বেয়াকৈ পকাই ধৰিলে। কিন্তু যীচুৱে সেই দুষ্ট স্বৰ্গদূতক ধমকি দিলে আৰু লʼৰাজনক ঠিক কৰি দেউতাকৰ হাতত গতাই দিলে। ৪৩ ঈশ্বৰৰ এই মহাশক্তি দেখি সকলোৱে আচৰিত হʼল।
তেওঁলোকে যেতিয়া যীচুৰ এই সকলো কাম দেখি আচৰিত হৈছিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক কʼলে, ৪৪ “মই যি কʼবলৈ গৈ আছোঁ, সেয়া কাণ পাতি শুনা। মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক লোকসকলৰ হাতত গতাই দিয়া হʼব।” ৪৫ কিন্তু শিষ্যসকলে এতিয়াও তেওঁৰ কথাৰ অৰ্থ বুজি পোৱা নাছিল। আচলতে এই কথাৰ অৰ্থ তেওঁলোকৰ পৰা লুকুৱাই ৰখা হৈছিল যাতে তেওঁলোকে এয়া বুজিব নোৱাৰে আৰু এই বিষয়ে তেওঁক প্ৰশ্ন সুধিবলৈও তেওঁলোকে ভয় কৰিছিল।
৪৬ ইয়াৰ পাছত তেওঁলোকে এই কথাক লৈ তৰ্ক কৰিবলৈ ধৰিলে যে তেওঁলোকৰ মাজত সকলোতকৈ ডাঙৰ কোন হয়। ৪৭ তেতিয়া যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই এটি সৰু লʼৰাক নিজৰ ওচৰত থিয় কৰালে ৪৮ আৰু তেওঁলোকক কʼলে, “যি কোনোৱে মোৰ নামেৰে এই সৰু লʼৰাটিক গ্ৰহণ কৰে, তেওঁ মোকো গ্ৰহণ কৰে। আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱাজনকো গ্ৰহণ কৰে। কাৰণ যিজনে নম্ৰতাৰে ব্যৱহাৰ কৰে, তেৱেঁই তোমালোকৰ মাজত ডাঙৰ।”
৪৯ যোহনে কʼলে, “গুৰু, আমি এজন মানুহক আপোনাৰ নামেৰে লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিওৱা দেখিলোঁ আৰু আমি তাক বাধা দিবলৈ চেষ্টা কৰিলোঁ, কিয়নো সি আমাৰ লোক নহয়।” ৫০ কিন্তু যীচুৱে তেওঁক কʼলে, “তাক বাধা দিবলৈ চেষ্টা নকৰিবা, কাৰণ যিজন তোমালোকৰ বিৰুদ্ধে নহয়, তেওঁ তোমালোকৰ লগত আছে।”
৫১ যীচু স্বৰ্গলৈ যোৱাৰ দিন যিহেতু ওচৰ চাপি আহিছিল,* সেই কাৰণে তেওঁ যিৰূচালেমলৈ যাবলৈ থিৰাং কৰিলে। ৫২ সেইবাবে, তেওঁ কিছুমান শিষ্যক নিজৰ আগে আগে পঠালে। তেওঁলোকে যীচুৰ কাৰণে সকলোবোৰ তৈয়াৰী কৰিবলৈ চমৰীয়াৰ এখন গাঁৱলৈ গʼল। ৫৩ কিন্তু গাঁৱৰ লোকসকলে যীচুক থাকিবলৈ কোনো ঠাই নিদিলে, কিয়নো তেওঁ যিৰূচালেমলৈ যাবলৈ থিৰাং কৰি লৈছিল। ৫৪ এয়া দেখি তেওঁৰ শিষ্য যাকোব আৰু যোহনে কʼলে, “প্ৰভু, যদি আপুনি অনুমতি দিয়ে, তেনেহʼলে আকাশৰ পৰা জুই বৰষাই তেওঁলোকক ভষ্ম কৰিবলৈ আদেশ দিম নে?” ৫৫ কিন্তু তেওঁ পাছফালে ঘূৰি তেওঁলোকক ধমকি দিলে। ৫৬ তেতিয়া তেওঁলোকে বেলেগ এখন গাঁৱলৈ গুচি গʼল।
৫৭ যেতিয়া তেওঁলোকে ৰাস্তাইদি গৈ আছিল, তেতিয়া কোনোবা এজনে যীচুক কʼলে, “আপুনি যʼলৈকে যায়, তালৈকে ময়ো আপোনাৰ পিছে পিছে যাম।” ৫৮ কিন্তু যীচুৱে তেওঁক কʼলে, “শিয়ালৰ গাঁত আৰু আকাশৰ চৰাইৰো বাহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থʼবলৈও ঠাই নাই।” ৫৯ তেতিয়া যীচুৱে আৰু এজনক কʼলে, “মোৰ শিষ্য হোৱা।” সেই মানুহজনে কʼলে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক।” ৬০ কিন্তু যীচুৱে তেওঁক কʼলে, “মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক, কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা।” ৬১ তাৰ পাছত আৰু কোনোবাই কʼলে, “হে প্ৰভু, মই আপোনাৰ শিষ্য নিশ্চয় হʼম, কিন্তু প্ৰথমতে মোক নিজৰ পৰিয়ালৰ পৰা বিদায় লʼবলৈ অনুমতি দিয়ক।” ৬২ যীচুৱে তেওঁক কʼলে, “কোনো মানুহে নাঙলত হাত থৈ পিছফালে এৰি অহা বস্তুবোৰলৈ যদি ঘূৰি চায়, তেনেহʼলে তেওঁ ঈশ্বৰৰ ৰাজ্যৰ যোগ্য নহয়।”
১০ ইয়াৰ পাছত প্ৰভুৱে আৰু ৭০ জন শিষ্যক বাছনি কৰিলে আৰু যি যি চহৰ আৰু এলেকাত তেওঁ নিজেই যাবলগীয়া আছিল, তাত তেওঁলোকক দুজন দুজনকৈ আগতীয়াকৈ পঠিয়ালে। ২ যীচুৱে তেওঁলোকক কʼবলৈ ধৰিলে, “সঁচাকৈ শস্য বহুত, কিন্তু কাম কৰা মানুহৰ সংখ্যা কম। সেইবাবে, খেতিৰ মালিকক মিনতি কৰা যাতে তেওঁ শস্য দাবলৈ আৰু কাম কৰা মানুহ পঠাই দিয়ে। ৩ যোৱা, কিন্তু সাৱধান হʼবা। মই তোমালোকক ভেড়া পোৱালিৰ নিচিনা বনৰীয়া জন্তুৰ মাজলৈ পঠাইছোঁ। ৪ নিজৰ লগত টকাৰ মোনা আৰু খোৱাৰ মোনা নলʼবা। আনকি জোতাও নলʼবা আৰু ৰাস্তাত কাকো নমস্কাৰ নকৰিবা।* ৫ যেতিয়া তোমালোকে কাৰোবাৰ ঘৰলৈ যোৱা, তেতিয়া প্ৰথমে কʼবা, ‘এই ঘৰত শান্তি হওক।’ ৬ যদি তাত কোনো শান্তিপ্ৰিয় লোক থাকে, তেনেহʼলে তোমালোকৰ শান্তি তেওঁৰ ওপৰত থাকক। যদি কোনো নাই, তেনেহʼলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক। ৭ সেইবাবে, সেইখন ঘৰতে থাকিবা আৰু তেওঁলোকে যি খাবলৈ দিয়ে, সেয়া খাবা। কিয়নো কাম কৰা লোকসকল মজুৰি পোৱাৰ যোগ্য। তোমালোকে থাকিবৰ কাৰণে বাৰে বাৰে ঘৰ সলনি কৰি নাথাকিবা।
৮ যেতিয়া তোমালোকে কোনো এখন চহৰলৈ যোৱা আৰু লোকসকলে তোমালোকক নিজৰ ঘৰত থাকিবলৈ দিয়ে, তেনেহʼলে তোমালোকক যি খাবলৈ দিয়ে, সেয়া খাবা। ৯ তাত ৰোগীসকলক সুস্থ কৰা আৰু প্ৰচাৰ কৰা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ নিচেই কাষত।’ ১০ কিন্তু কোনো এখন চহৰত যদি লোকসকলে তোমালোকক নিজৰ ঘৰত থাকিবলৈ নিদিয়ে, তেনেহʼলে সেই চহৰৰ ৰাস্তাত গৈ এইদৰে কোৱা, ১১ ‘তোমালোকৰ নগৰৰ যি ধূলি আমাৰ ভৰিত লাগিছে, সেই ধূলি তোমালোকৰ বিৰুদ্ধে সাক্ষ্য হʼবলৈ আমি মচি পেলাওঁ। তথাপি মনত ৰাখা যে ঈশ্বৰৰ ৰাজ্য নিচেই কাষত।’ ১২ মই তোমালোকক কৈছোঁ, সেই দিনত সেই চহৰৰ অৱস্থা চদোমৰ অৱস্থাতকৈ বেছি বেয়া হʼব।
১৩ হে কোৰাচীন, মই তোমাক নিন্দা কৰিছোঁ! হে বৈৎচৈদা, মই তোমাক নিন্দা কৰিছোঁ! কিয়নো তোমালোকৰ মাজত যিবোৰ শক্তিশালী কাম কৰা হʼল, সেইবোৰ তূৰ আৰু চীদোনত হোৱা হʼলে, তাত থকা লোকসকলে কেতিয়াবাই ডাঠ কাপোৰ পিন্ধি* আৰু ছাইত বহি অনুতাপ কৰিলেহেঁতেন। ১৪ সেইবাবে, ন্যায়ৰ দিনত তোমালোকৰ অৱস্থা তূৰ আৰু চীদোনৰ অৱস্থাতকৈ বেছি বেয়া হʼব। ১৫ আৰু হে কফৰনাহূম, তুমি ভাবা নেকি যে তোমাক আকাশলৈকে ওখ কৰা হʼব? তুমি কবৰলৈ যাবা।
১৬ যিজনে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে। যিজনে তোমালোকক অস্বীকাৰ কৰে, তেওঁ মোকো অস্বীকাৰ কৰে। যিজনে মোক অস্বীকাৰ কৰে, তেওঁ মোক পঠোৱা ঈশ্বৰকো অস্বীকাৰ কৰে।”
১৭ ইয়াৰ পাছত সেই ৭০ জন শিষ্যই আনন্দেৰে উভতি আহি কʼবলৈ ধৰিলে, “প্ৰভু, আপোনাৰ নাম লʼলে দুষ্ট স্বৰ্গদূতেও আমাৰ সকলো আজ্ঞা মানে।” ১৮ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “চয়তানক বিজুলীৰ নিচিনা আকাশৰ পৰা পৰি যোৱা মই দেখিলোঁ। ১৯ চোৱা, মই তোমালোকক সাপ আৰু বৃশ্চিকবোৰক গচকিবলৈ আৰু শত্ৰুসকলৰ সকলো শক্তিৰ ওপৰত জয়ী হʼবলৈ অধিকাৰ দিলোঁ। আৰু কোনো বস্তুৱে তোমালোকক হানি নকৰিব। ২০ তথাপি দুষ্ট স্বৰ্গদূতবিলাকক তোমালোকৰ অধীন কৰা হৈছে বুলি আনন্দিত নহʼবা, কিন্তু তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, তাৰ কাৰণে আনন্দ কৰা।” ২১ সেই সময়তে তেওঁ পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল আৰু বহুত আনন্দিত হৈ এইদৰে কʼলে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই সকলোৰে আগত তোমাৰ প্ৰশংসা কৰোঁ। কাৰণ তুমি এই কথাবোৰ বুদ্ধিমান আৰু জ্ঞানীবিলাকৰ পৰা বহুত সাৱধানেৰে লুকুৱাই ৰাখিলা, কিন্তু শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা। কাৰণ হে পিতৃ, তুমি এই উপায়টো গ্ৰহণ কৰিলা। ২২ পিতৃয়ে সকলোবোৰ মোৰ হাতত তুলি দিছে। পুত্ৰ কোন হয়, এই বিষয়ে পিতৃৰ বাহিৰে আন কোনেও নাজানে আৰু পিতৃ কোন হয়, এই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে। সেইবাবে, পুত্ৰই যাক জনাব বিচাৰে কেৱল তেৱেঁই পিতৃক জানিব পাৰে।”
২৩ তেতিয়া শিষ্যসকলৰ ফালে ঘূৰি চাই যীচুৱে তেওঁলোকক অকলে এইদৰে কʼলে, “সুখী তেওঁলোক, যিসকলৰ চকুৱে সেই সকলো দেখিছে, যি তোমালোকে দেখিছা। ২৪ কিয়নো মই তোমালোকক কৈছোঁ, তোমালোকে যিবোৰ দেখিছা, সেইবোৰ বহুতো ভৱিষ্যবক্তা আৰু ৰজাই চাবলৈ বিচাৰিও দেখা নাপালে আৰু তোমালোকে যিবোৰ শুনিছা, সেইবোৰ শুনিবলৈ নাপালে।”
২৫ ইয়াৰ পাছত, নিয়মৰ বিষয়ে ভালদৰে জনা এজন মানুহ আছিল, তেওঁ যীচুৰ পৰীক্ষা লʼবলৈ থিয় হʼল। তেওঁ কʼলে, “হে গুৰু, অনন্ত জীৱন পাবলৈ মই কি কৰা উচিত?” ২৬ যীচুৱে কʼলে, “নিয়মত কি লিখা আছে? তুমি কি পঢ়িছা?” ২৭ তেওঁ উত্তৰ দিলে, “‘তুমি নিজৰ ঈশ্বৰ যিহোৱাক* নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ শক্তি আৰু নিজৰ সম্পূৰ্ণ মগজুৰে প্ৰেম কৰিবা আৰু নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।’” ২৮ যীচুৱে কʼলে, “তুমি ঠিকেই উত্তৰ দিলা। এইদৰেই কৰি থাকা আৰু তুমি জীৱন পাবা।”
২৯ কিন্তু সেই মানুহজনে নিজকে ভাল ব্যক্তি হয় বুলি দেখুৱাবলৈ যীচুক সুধিলে, “আচলতে মোৰ চুবুৰীয়া কোন?” ৩০ যীচুৱে কʼলে, “এজন মানুহ যিৰূচালেমৰ পৰা নামি যিৰীহোলৈ গৈ আছিল আৰু ডকাইতবিলাকে তেওঁক আগুৰি ধৰিলে। সিহঁতে তেওঁৰ কাপোৰ খুলি নিলে আৰু তেওঁৰ সকলোবোৰ কাঢ়ি তেওঁক বহুত মাৰিলে। আৰু আধামৰাকৈ এৰি থৈ তাৰ পৰা গুচি গʼল। ৩১ সেই সময়তে এজন পুৰোহিত সেই ৰাস্তাইদি তললৈ গৈ আছিল। কিন্তু যেতিয়া তেওঁ সেই ব্যক্তিজনক পৰি থকা দেখিলে, তেতিয়া তেওঁ অন্যফালেদি গুচি গʼল। ৩২ ঠিক সেইদৰে, যেতিয়া এজন লেবী সেই ৰাস্তাইদি গৈ আছিল আৰু তেওঁ সেই ব্যক্তিজনক দেখিলে, তেতিয়া সেই লেবীজনেও অন্যফালেদি গুচি গʼল। ৩৩ কিন্তু এজন চমৰীয়াই সেই ৰাস্তাইদি গৈ থাকোঁতে সেই ব্যক্তিজনক দেখিলে। তেতিয়া তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। ৩৪ তেওঁ সেই ব্যক্তিজনৰ ওচৰলৈ গʼল আৰু তেওঁৰ ঘাবোৰত তেল আৰু দ্ৰাক্ষাৰস লগাই বান্ধি দিলে। তাৰ পাছত তেওঁক নিজৰ গাধৰ ওপৰত উঠাই আলহী ঘৰলৈ লৈ আহিলে। আৰু তেওঁৰ চোৱা-চিতা কৰিলে। ৩৫ পাছ দিনাখন তেওঁ আলহী ঘৰৰ মালিকজনক দুই দীনাৰ* দি কʼলে, ‘এই মানুহজনৰ চোৱা-চিতা কৰা আৰু ইয়াৰ উপৰিও যি খৰচ হʼব, সেয়া মই উভতি আহি দি দিম।’ ৩৬ তুমি কি ভাবা, এই তিনিজনৰ মাজত কোনে সেই ব্যক্তিজনৰ চুবুৰীয়া হয়, যিজনক ডকাইতে আগুৰি ধৰিছিল?” ৩৭ তেওঁ কʼলে, “যিজনে তেওঁৰ ওপৰত দয়া কৰিলে আৰু তেওঁৰ সহায় কৰিলে।” তেতিয়া যীচুৱে তেওঁক কʼলে, “যোৱা আৰু তুমিও এইদৰেই কৰা।”
৩৮ তাৰ পাছত তেওঁলোকে গৈ থাকোঁতে এখন গাঁৱত সোমালে। তাত মাৰ্থা নামৰ এগৰাকী তিৰোতা আছিল, যিগৰাকীয়ে তেওঁক নিজৰ ঘৰত থাকিবলৈ দিলে। ৩৯ তেওঁৰ এগৰাকী ভনীয়েক আছিল, যাৰ নাম মৰিয়ম আছিল। তেওঁ প্ৰভুৰ ভৰিৰ ওচৰত বহি তেওঁৰ কথা শুনি আছিল। ৪০ কিন্তু মাৰ্থাই বিভিন্ন ধৰণৰ খোৱা-বোৱা বনোৱাত ব্যস্ত হৈ আছিল। সেইবাবে, তেওঁ যীচুৰ ওচৰলৈ আহি কʼলে, “প্ৰভু, আপুনি দেখা নাই নে, মোৰ ভনীয়ে সকলো কাম মোৰ ওপৰত এৰি দিছে? মোক সহায় কৰিবলৈ তাইক কওক।” ৪১ প্ৰভুৱে তেওঁক কʼলে, “মাৰ্থা, মাৰ্থা, তুমি বহুতো কথাক লৈ চিন্তা কৰিছা। ৪২ আচলতে অলপ বস্তুৰহে প্ৰয়োজন আছে বা এটা হʼলেও যথেষ্ট। কিন্তু মৰিয়মে উত্তম* ভাগ বাছনি কৰিলে আৰু সেয়া তাৰ পৰা কাঢ়ি লোৱা নহʼব।”
১১ যীচুৱে কোনো এখন ঠাইত প্ৰাৰ্থনা কৰি আছিল। যেতিয়া তেওঁ প্ৰাৰ্থনা শেষ কৰিলে, তেতিয়া তেওঁৰ শিষ্যসকলৰ মাজৰ এজনে তেওঁক কʼলে, “প্ৰভু, যোহনে নিজৰ শিষ্যসকলক যিদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, আপুনিও আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাওক।”
২ তেতিয়া তেওঁ কʼলে, “যেতিয়া তোমালোকে প্ৰাৰ্থনা কৰা, তেতিয়া এইদৰে কʼবা, ‘হে পিতৃ, তোমাৰ নাম পবিত্ৰ হওক। তোমাৰ ৰাজ্য আহক।* ৩ প্ৰতিদিনৰ আহাৰ আমাক দি থাকা। ৪ আমাৰ পাপ ক্ষমা কৰা, কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ। বেয়া কাম কৰিবলৈ প্ৰলোভন আহিলে আমাক সহায় কৰিবা।’”
৫ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “ধৰি লোৱা, তোমালোকৰ মাজৰ কাৰোবাৰ এজন বন্ধু আছে আৰু তুমি মাজৰাতি বন্ধুজনৰ ওচৰলৈ গৈ কৈছা, ‘হে বন্ধু, মোক তিনিখন ৰুটি ধাৰলৈ দিয়া। ৬ কাৰণ মোৰ এজন বন্ধু যাত্ৰা কৰি এইমাত্ৰ মোৰ ঘৰলৈ আহিছে আৰু তেওঁক খাবলৈ দিবলৈ মোৰ ওচৰত একোৱেই নাই।’ ৭ কিন্তু তেওঁ ভিতৰৰ পৰাই উত্তৰ দিয়ে, ‘মোক আমনি নকৰিবা। দুৱাৰখন এতিয়া বন্ধ আছে আৰু মোৰ লʼৰা-ছোৱালী মোৰ লগত বিছনাত শুই আছে। মই উঠি তোমাক একো দিব নোৱাৰোঁ।’ ৮ মই তোমালোকক কৈছোঁ, তেওঁ বন্ধু হিচাপে নিদিলেও তেওঁ বাৰে বাৰে লাজ নকৰাকৈ খুজি থকাৰ বাবে তেওঁ নিশ্চয় উঠিব আৰু তেওঁ যি বিচাৰিছে, সেয়া তেওঁক দিব। ৯ সেইবাবে, মই তোমালোকক কৈছোঁ, খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব। ১০ কিয়নো যিজনে খোজে, তেওঁ পায় আৰু যিজনে বিচাৰে, তেওঁ দেখা পায় আৰু যিজনে টুকুৰিয়ায়, তেওঁৰ কাৰণে দুৱাৰ খোলা হয়। ১১ যদি তোমাৰ সন্তানে মাছ খোজে, তেন্তে নিশ্চয় তুমি মাছৰ সলনি সাপ নিদিয়া! ১২ বা যদি সি কণী খোজে, তেনেহʼলে তুমি নিশ্চয় তাক বৃশ্চিক নিদিয়া! ১৩ বহুতো বেয়া কাম কৰাৰ সত্ত্বেও যদি তোমালোকে নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিব জানা, তেনেহʼলে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে খোজাবিলাকক তাতকৈ বেছি পবিত্ৰ শক্তি নিদিব নে?”
১৪ পাছত যীচুৱে এজন বোবা মানুহৰ শৰীৰৰ পৰা এটা দুষ্ট স্বৰ্গদূত উলিয়ালে। আৰু যেতিয়া দুষ্ট স্বৰ্গদূত ওলাই গʼল, তেতিয়া সেই মানুহজনে কথা কʼবলৈ ধৰিলে। আৰু এয়া দেখি ভিৰৰ লোকসকল আচৰিত হʼল। ১৫ কিন্তু তেওঁলোকৰ মাজৰ কিছুমানে কʼলে, “তেওঁ দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজা বেল্চবূবৰ* সহায়তহে দুষ্ট স্বৰ্গদূতক উলিয়ায়।” ১৬ আন কিছুমানে যীচুক পৰীক্ষা কৰিবৰ কাৰণে স্বৰ্গৰ পৰা এটা চিন দেখুৱাবলৈ তেওঁক কʼলে। ১৭ যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই কʼলে, “যি ৰাজ্যত বিভেদৰ সৃষ্টি হয়, সেয়া ধ্বংস হৈ যাব। আৰু যি ঘৰত বিভেদৰ সৃষ্টি হয়, সেয়া বিনষ্ট হৈ যাব। ১৮ ঠিক সেইদৰে, যদি চয়তানে নিজেই নিজৰ বিৰুদ্ধে হয়, তেনেহʼলে তাৰ ৰাজ্য কেনেকৈ টিকি থাকিব? কিয়নো তোমালোকে কোৱা যে মই বেল্চবূবৰ সহায়ত দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াওঁ। ১৯ মই যদি বেল্চবূবৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়াওঁ, তেনেহʼলে তোমালোকৰ শিষ্যবিলাকে কাৰ সহায়ত সিহঁতক উলিয়ায়? সেইবাবে, তেওঁলোকেই তোমালোকৰ ন্যায় কৰিব। ২০ কিন্তু মই যদি ঈশ্বৰৰ পবিত্ৰ শক্তিৰ* সহায়ত দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াওঁ, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ ৰাজ্য পালেহি আৰু তোমালোকে ইয়াক ধ্যান দিয়া নাই। ২১ যেতিয়া কোনো শক্তিশালী ব্যক্তিয়ে সকলো অস্ত্ৰ-শস্ত্ৰ লৈ নিজৰ ঘৰখনৰ পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে। ২২ কিন্তু যেতিয়া তেওঁতকৈ আন এজন শক্তিশালী ব্যক্তি আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই শক্তিশালী ব্যক্তিজনে তেওঁৰ পৰা সকলো অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লয়, যিবোৰৰ ওপৰত তেওঁ ভৰসা কৰিছিল। আৰু তেওঁৰ সম্পত্তি লুট কৰি আনক ভগাই দিয়ে। ২৩ যি কোনোৱে মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিৰুদ্ধে হʼব আৰু যি কোনোৱে মোৰ লগত নোগোটায়, তেওঁ ইফাল-সিফাল কৰি দিয়ে।
২৪ যেতিয়া এজন দুষ্ট স্বৰ্গদূত কোনো এজন মানুহৰ পৰা ওলাই আৰাম কৰিবলৈ ঠাই বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘূৰি ফুৰে, কিন্তু সি কোনো ঠাই বিচাৰি নোপোৱাৰ পাছত কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ, আকৌ মই সেই ঘৰলৈ উভতি যাম।’ ২৫ পাছত সি আহি দেখে যে ঘৰখন সজাই-পৰাই পৰিষ্কাৰকৈ থোৱা আছে। ২৬ তেতিয়া সেই দুষ্ট স্বৰ্গদূতে নিজতকৈয়ো দুষ্ট আৰু সাতটা দুষ্ট স্বৰ্গদূতক নিজৰ লগত লৈ আহে আৰু সিহঁতে সেই মানুহজনৰ ভিতৰত সোমাই তাতে থাকিবলৈ ধৰে। তেতিয়া মানুহজনৰ অৱস্থা আগতকৈয়ো বেছি বেয়া হৈ পৰে।”
২৭ যেতিয়া তেওঁ এইবোৰ কৈ আছিল, তেতিয়া ভিৰৰ মাজৰ পৰা এগৰাকী তিৰোতাই জোৰেৰে তেওঁক কʼলে, “সুখী সেই মাতৃ, যাৰ গৰ্ভৰ পৰা আপুনি জন্ম লৈছে আৰু যিগৰাকীয়ে আপোনাক গাখীৰ খোৱাইছে।” ২৮ কিন্তু যীচুৱে কʼলে, “নহয়, ইয়াৰ পৰিৱৰ্তে, তেওঁলোকহে সুখী, যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে!”
২৯ যেতিয়া লোকসকলৰ ভিৰ বাঢ়িবলৈ ধৰিলে, তেতিয়া তেওঁ কʼলে, “এই প্ৰজন্ম* দুষ্ট প্ৰজন্ম হয়, যিসকলে এটা চিন চাবলৈ বিচাৰে। কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুৱা নহʼব। ৩০ কাৰণ যিদৰে যোনা নীনবিৰ লোকসকলৰ কাৰণে এটা চিন আছিল, ঠিক সেইদৰে মানুহৰ পুত্ৰয়ো এই প্ৰজন্মৰ কাৰণে চিন হʼব। ৩১ ন্যায়ৰ সময়ত দক্ষিণৰ ৰাণীক এই যুগৰ লোকসকলৰ লগত জীয়াই তোলা হʼব আৰু ৰাণীয়ে তেওঁলোকক দোষাৰোপ কৰিব। কিয়নো তেওঁ চলোমনৰ বুদ্ধিৰ কথা শুনিবলৈ বহু দূৰৈৰ পৰা আহিছিল। কিন্তু চোৱা! ইয়াত চলোমনতকৈও মহান এজন আছে। ৩২ ন্যায়ৰ সময়ত এই যুগৰ লোকসকলৰ লগত নীনবিৰ লোকসকলে জীয়াই উঠিব আৰু তেওঁলোকক দোষাৰোপ কৰিব। কিয়নো তেওঁলোকে যোনাৰ প্ৰচাৰ শুনি অনুতাপ কৰিছিল। কিন্তু চোৱা! ইয়াত যোনাতকৈও মহান এজন আছে। ৩৩ এজন মানুহে চাকি জ্বলাই তাক লুকুৱাই নাৰাখে বা ঢাকি নাৰাখে,* কিন্তু মেজত ৰাখে যাতে ভিতৰলৈ অহা লোকসকলে পোহৰ পায়। ৩৪ তোমালোকৰ চকু পোহৰৰ নিচিনা হয়। তোমাৰ চকু যদি ভাল বিষয়বোৰত লাগি থাকে,* তেনেহʼলে তোমাৰ গোটেই শৰীৰ উজ্জ্বল হয়। কিন্তু তোমাৰ চকু যদি বেয়া বিষয়বোৰত লাগি থাকে, তেনেহʼলে তোমাৰ গোটেই শৰীৰ অন্ধকাৰেৰে ভৰি আছে। ৩৫ সাৱধান হোৱা, তোমালোকক পোহৰ দিয়া চকুৱে যেন অন্ধকাৰত নাথাকে। ৩৬ সেইবাবে, তোমাৰ গোটেই শৰীৰ যদি পোহৰত থাকে আৰু তাৰ কোনো ভাগ অন্ধকাৰত নাথাকে, তেনেহʼলে চাকিৰ পোহৰে দিয়া উজ্জ্বলৰ নিচিনা তোমালোকৰ গোটেই শৰীৰ উজ্জ্বল হʼব।”
৩৭ যেতিয়া যীচুৱে এই কথা কৈ শেষ কৰিলে, তেতিয়া এজন ফৰীচীয়ে নিজৰ ঘৰত খাবলৈ তেওঁক মাতিলে। সেইবাবে, যীচুৱে তেওঁৰ ঘৰলৈ গʼল আৰু খাবলৈ বহিল।* ৩৮ কিন্তু যীচুৱে খোৱাৰ আগতে হাত নোধোৱা* দেখি ফৰীচীয়ে আচৰিত হʼল। ৩৯ কিন্তু প্ৰভুৱে তেওঁক কʼলে, “হে ফৰীচীবিলাক, তোমালোক সেই কাঁহী-বাটিৰ নিচিনা হোৱা, যিবোৰ কেৱল বাহিৰৰ পৰা চাফা কৰা হয়, কিন্তু ভিতৰৰ ফালে লেতেৰা হৈ থাকে। তোমালোকৰ অন্তৰ লোভেৰে আৰু দুষ্টতাৰে পৰিপূৰ্ণ। ৪০ হে মূৰ্খবিলাক, যিজনে বাহিৰৰ অংশ বনালে, তেৱেঁই ভিতৰৰ অংশ বনোৱা নাই নে? ৪১ সেইবাবে, তোমালোকে যি দান* দিয়া, সেয়া হৃদয়েৰে দিয়া। তেতিয়া তোমালোকে বাকী সকলো বিষয়ত শুচি হʼবা। ৪২ কিন্তু হে ফৰীচীবিলাক, তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে পুদিনা, পেগানʼনী* আৰু সকলো ধৰণৰ শাক-পাচলিৰ দশম ভাগ দিয়া। কিন্তু ন্যায় আৰু ঈশ্বৰক প্ৰেম কৰাৰ আজ্ঞাক কোনো গুৰুত্ব নিদিয়া। দশম ভাগতো দিবই লাগিব, কিন্তু তোমালোকে সেই আন বিষয়বোৰো অৱহেলা কৰা উচিত নহয়। ৪৩ হে ফৰীচীবিলাক, তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহিবলৈ আৰু বজাৰত লোকসকলে নমস্কাৰ বুলি কোৱাটো ভাল পোৱা! ৪৪ তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে সেই কবৰৰ* দৰে হয়, যি ওপৰৰ পৰা দেখা পোৱা নাযায়।* সেইবাবে, লোকসকলে তাৰ ওপৰত খোজকাঢ়ি ফুৰে আৰু তেওঁলোকে একোৱেই গʼম নাপায়!”
৪৫ এয়া শুনি নিয়মৰ বিষয়ে জনা এজন মানুহে তেওঁক কʼলে, “গুৰু, এইবোৰ কৈ আপুনি আমাৰ অপমান কৰিছে।” ৪৬ তেতিয়া যীচুৱে কʼলে, “হে নিয়ম জনা লোকসকল, তোমালোককো নিন্দা কৰিছোঁ! কিয়নো তোমালোকে এনে নিয়ম বনোৱা, যিবোৰ লোকসকলৰ কাৰণে গধুৰ বোজাৰ দৰে হয়। কিন্তু তোমালোকে নিজে এটা আঙুলিৰেও এই ভাৰ লৰাব নিবিচাৰা!
৪৭ তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে ভৱিষ্যবক্তাসকলৰ কবৰ* বনোৱা, কিন্তু তোমালোকৰ পূৰ্বপুৰুষে তেওঁলোকৰ হত্যা কৰিছে! ৪৮ তোমালোকে নিজৰ পূৰ্বপুৰুষসকলৰ কাম জানায়, তথাপি তোমালোকে তেওঁলোকক সঠিক বুলি কোৱা। তেওঁলোকে ভৱিষ্যবক্তাসকলক হত্যা কৰিছিল আৰু তোমালোকে সেই ভৱিষ্যবক্তাসকলৰে কবৰ বনোৱা। ৪৯ সেইবাবে, বুদ্ধিমান ঈশ্বৰে* কৈছে, ‘মই তেওঁলোকৰ ওচৰলৈ ভৱিষ্যবক্তাসকল আৰু পাঁচনিসকলক* পঠিয়াম। তেওঁলোকে কিছুমানক অত্যাচাৰ কৰিব আৰু কিছুমানক হত্যা কৰিব ৫০ যাতে জগতৰ আৰম্ভণিৰে পৰা যিমান ভৱিষ্যবক্তাসকলক হত্যা কৰা হৈছে, তেওঁলোকৰ তেজৰ দোষ এই যুগৰ লোকসকলৰ ওপৰত আহক, ৫১ অৰ্থাৎ হেবলৰ তেজৰ পৰা আৰম্ভ কৰি জখৰিয়াৰ তেজলৈকে, যাক বেদী আৰু মন্দিৰৰ মাজত হত্যা কৰা হৈছিল।’ হয়, মই তোমালোকক কৈছোঁ যে সেই সকলোৰে তেজৰ দোষ এই যুগৰ ওপৰত আহিব।
৫২ নিয়মৰ বিষয়ে জনা লোকসকল, তোমালোকক নিন্দা কৰিছোঁ। কাৰণ তোমালোকে জ্ঞানৰ চাবি কাঢ়ি লৈছা। তোমালোকে নিজেও ভিতৰলৈ নোসোমালা আৰু যিসকলে সোমাব বিচাৰে, তেওঁলোককো বাধা দিয়া!”
৫৩ যেতিয়া যীচুৱে তাৰ পৰা বাহিৰলৈ ওলালে, তেতিয়া নিয়ম শিকোৱা লোক* আৰু ফৰীচীবিলাকে তেওঁক আগুৰি ধৰিলে আৰু এটাৰ পাছত এটা প্ৰশ্ন কৰি তেওঁৰ ওপৰত হেঁচা দিবলৈ ধৰিলে। ৫৪ তেওঁলোকে যীচুক তেওঁৰ কথাতে ফান্দত পেলাবলৈ সুযোগ বিচাৰি থাকিল।
১২ সেই সময়ত লোকসকলৰ হাজাৰ হাজাৰ ভিৰ তাত জমা হʼল। আনকি তেওঁলোকে এজনে-আনজনক ঠেলা-হেঁচা কৰিছিল। তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কʼবলৈ ধৰিলে, “ফৰীচীসকলৰ খমিৰৰ* পৰা অৰ্থাৎ তেওঁলোকৰ কপটৰ পৰা সাৱধানে থাকা। ২ কিন্তু সাৱধানে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব আৰু গোপনে ৰখা এনে কোনো বিষয় নাই, যি জানিব পৰা নহʼব। ৩ সেইবাবে, যি কথা তোমালোকে আন্ধাৰত কোৱা, সেয়া পোহৰত শুনা যাব। আৰু যি কথা তোমালোকে ভিতৰৰ কোঠালিত ফুচফুচাই কোৱা, সেয়া ঘৰৰ ছাদত উঠি ঘোষণা কৰা হʼব। ৪ মোৰ বন্ধুসকল, মই তোমালোকক কৈছোঁ, যিজনে তোমালোকৰ শৰীৰক নষ্ট কৰিব পাৰে, কিন্তু ইয়াতকৈ বেছি আৰু একো কৰিব নোৱাৰে, তেওঁলৈ ভয় নকৰিবা। ৫ কিন্তু মই তোমালোকক কৈছোঁ যে তোমালোকে কাক ভয় কৰা উচিত। হত্যা কৰাৰ পাছত গেহেনাত* পেলাই দিয়াৰ যিজনৰ অধিকাৰ আছে, তোমালোকে তেওঁলৈ ভয় কৰা। হয়, মই তোমালোকক কৈছোঁ, তেওঁকেই ভয় কৰা। ৬ পাঁচটা ঘৰচিৰিকা দুপইচাত* নেবেচে নে? তথাপি সেইবোৰৰ এটিকো ঈশ্বৰে পাহৰি নাযায়।* ৭ কিন্তু তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে। সেইবাবে ভয় নকৰিবা, তোমালোক বহুতো ঘৰচিৰিকাতকৈ মূল্যৱান।
৮ মই তোমালোকক কৈছোঁ, যি কোনোৱে লোকসকলৰ আগত মোক গ্ৰহণ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ স্বৰ্গদূতসকলৰ আগত তেওঁক গ্ৰহণ কৰিব। ৯ কিন্তু যি কোনোৱে লোকসকলৰ আগত মোক গ্ৰহণ নকৰে, ময়ো তেওঁক ঈশ্বৰৰ স্বৰ্গদূতসকলৰ আগত গ্ৰহণ নকৰিম। ১০ যদি কোনোবাই মানুহৰ পুত্ৰৰ বিৰুদ্ধে কিবা কয়, তেনেহʼলে তেওঁক ক্ষমা কৰা হʼব। কিন্তু যিজনে পবিত্ৰ শক্তিৰ বিৰুদ্ধে নিন্দাজনক কথা কয়, তেওঁক ক্ষমা কৰা নহʼব। ১১ যেতিয়া তেওঁলোকে তোমালোকক জনসাধাৰণ,* শাসন কৰোঁতা আৰু অধিকাৰীসকলৰ ওচৰলৈ লৈ যায়, তেতিয়া তোমালোকে নিজকে বচাবলৈ কি কʼব লাগে আৰু কেনেকৈ কʼব লাগে, এই বিষয়ে চিন্তা নকৰিবা। ১২ কাৰণ তোমালোকে কি কোৱা উচিত, সেয়া পবিত্ৰ শক্তিয়ে সেই সময়তে তোমালোকক শিকাব।”
১৩ তেতিয়া ভিৰৰ মাজৰ পৰা কোনোবা এজনে তেওঁক কʼলে, “গুৰু, মোৰ ককাইক কওক যে তেওঁ আমাৰ পৈতৃক সম্পত্তি ভাগ কৰি দিয়ে।” ১৪ যীচুৱে তেওঁক কʼলে, “কোনে মোক তোমালোকৰ বিচাৰক বা ভাগ কৰোঁতা নিযুক্ত কৰিলে?” ১৫ তাৰ পাছত তেওঁ ভিৰক কʼলে, “তোমালোকৰ চকু খুলি ৰাখা আৰু সকলো ধৰণৰ লোভৰ পৰা নিজকে বচাই ৰাখা। কাৰণ এজন ব্যক্তিৰ বহুত ধন-সম্পত্তি থাকিলেও সেইবোৰে তেওঁক জীৱন দিব নোৱাৰে।” ১৬ তাৰ পাছত যীচুৱে এটা উদাহৰণ দি কʼলে, “এজন ধনী ব্যক্তিৰ মাটিত বহুতো শস্য উৎপন্ন হʼল। ১৭ তেওঁ মনতে ভাবিবলৈ ধৰিলে, ‘মোৰ ওচৰত শস্য থʼবলৈ আৰু ঠাই নাই। এতিয়া মই কি কৰিম?’ ১৮ তাৰ পাছত তেওঁ কʼলে, ‘এটা কাম কৰিম, মই ভঁৰালবোৰ ভাঙি আৰু ডাঙৰ ডাঙৰ ভঁৰাল বনাম। পাছত তাতেই সকলো শস্য আৰু বস্তুবোৰ জমা কৰি থʼম। ১৯ আৰু নিজকে কʼম, “তোৰ ওচৰত বহু বছৰৰ কাৰণে বহুতো ভাল বস্তু জমা আছে। এতিয়া আৰাম কৰ আৰু খাই বৈ ফূৰ্তি কৰ।”’ ২০ কিন্তু ঈশ্বৰে তেওঁক কʼলে, ‘হে মূৰ্খ, আজি ৰাতিয়েই তোমাৰ জীৱন, তোমাৰ পৰা কাঢ়ি নিয়া হʼব। তেনেহʼলে তুমি যিবোৰ গোটাই থৈছা, সেইবোৰ কাৰ হʼব?’ ২১ যিজনে ধন-সম্পত্তি গোটোৱাত লাগি থাকে, কিন্তু ঈশ্বৰৰ দৃষ্টিত ধনী নহয়, তেওঁৰ অৱস্থাও সেই মানুহজনৰ দৰেই হয়।”
২২ তাৰ পাছত তেওঁ নিজৰ শিষ্যসকলক কʼলে, “সেইবাবে, মই তোমালোকক কওঁ যে কি খাম, এই বুলি জীৱনৰ কাৰণে বা কি পিন্ধিম, এই বুলি শৰীৰৰ কাৰণে তোমালোকে চিন্তা কৰিবলৈ এৰি দিয়া। ২৩ কাৰণ এজন মানুহৰ জীৱন আহাৰতকৈ আৰু তেওঁৰ শৰীৰ কাপোৰতকৈ বেছি গুৰুত্বপূৰ্ণ। ২৪ কাউৰীবোৰলৈ মন কৰা, সিহঁতে শস্য নিসিঁচে, নাদায় আৰু সিহঁতৰ ভঁৰালো নাথাকে, তথাপিও ঈশ্বৰে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে। তোমালোক চৰাইবোৰতকৈ মূল্যৱান নোহোৱা নে? ২৫ তোমালোকৰ মাজৰ কোনে চিন্তা কৰি অলপ হʼলেও* নিজৰ বয়স বঢ়াব পাৰে? ২৬ সেইবাবে, তোমালোকে যদি এইদৰে সাধাৰণ বিষয়টোকে কৰিব নোৱাৰা, তেনেহʼলে বাকী বিষয়বোৰলৈ কিয় চিন্তা কৰিছা? ২৭ মুকলি পথাৰত ফুলা ফুলবোৰ* কেনেকৈ বাঢ়ে, তালৈ মন কৰা। সেইবোৰে পৰিশ্ৰম নকৰে বা কাপোৰো নবয়।* কিন্তু মই তোমালোকক কওঁ যে যদিও চলোমনৰ ওচৰত বহুতো ধুনীয়া ধুনীয়া বস্তু আছিল, তথাপি তেওঁ নিজকে সেই ফুলবোৰৰ নিচিনা সজাব নোৱাৰিলে। ২৮ সেইবাবে পথাৰত হোৱা বনক, যি আজি আছে কাইলৈ জুইত* পেলোৱা হʼব, ঈশ্বৰে যদি সেইবোৰকো ইমান ধুনীয়াকৈ কাপোৰ পিন্ধাইছে, তেনেহʼলে হে কম বিশ্বাস কৰা লোকসকল, তেওঁ তোমালোকক তাতকৈয়ো বেছি পিন্ধাব নোৱাৰিব নে! ২৯ সেইবাবে, তোমালোকে কি খাম, এই বুলি চিন্তা কৰিবলৈ এৰি দিয়া। তোমালোকে এই বিষয়ে প্ৰয়োজনতকৈ বেছি চিন্তা নকৰিবা। ৩০ কিয়নো যিসকলে ঈশ্বৰক নাজানে, তেওঁলোকে এই বস্তুবোৰৰ বিষয়ে দিনে-ৰাতিয়ে চিন্তা কৰে। কিন্তু তোমালোকৰ পিতৃয়ে জানে যে তোমালোকক এই বস্তুবোৰৰ প্ৰয়োজন আছে। ৩১ ইয়াৰ পৰিৱৰ্তে, তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিয়া। তাৰ পাছত এই সকলো বস্তু তোমালোকক দিয়া হʼব।
৩২ হে সৰু জাক, ভয় নকৰিবা, কিয়নো তোমালোকৰ পিতৃয়ে তোমালোকক ৰাজ্য দিবলৈ আনন্দিত হৈছে। ৩৩ সেইবাবে, নিজৰ বস্তুবোৰ বেচি দুখীয়াক দান* কৰা। নিজৰ কাৰণে এনে টকাৰ মোনা তৈয়াৰ কৰা, যি কেতিয়াও পুৰণি নহয় অৰ্থাৎ স্বৰ্গত এনে ধন সাঁচি থোৱা, যি কেতিয়াও শেষ নহয়, যʼত চোৰেও যাব নোৱাৰে আৰু পোকেও নষ্ট কৰিব নোৱাৰে। ৩৪ কাৰণ যʼতেই তোমালোকৰ ধন, তʼতেই তোমালোকৰ মন হʼব।
৩৫ তোমালোকে কঁকাল বান্ধি সাজু হৈ থাকা আৰু তোমালোকৰ চাকি জ্বলি থাকক। ৩৬ সেই মানুহকেইজনৰ দৰে হোৱা, যিসকলে নিজৰ মালিকৰ কাৰণে ৰৈ আছে যে তেওঁ বিয়াৰ পৰা কেতিয়া উভতি আহিব যাতে তেওঁ আহি দুৱাৰ টুকুৰিয়ালে লগে লগে তেওঁৰ কাৰণে দুৱাৰ খুলিব পাৰে। ৩৭ মালিক আহি যিসকল দাসক জাগি থকা পাব, তেওঁলোক সুখী। মই তোমালোকক সঁচাকৈ কৈছোঁ, সেই মালিকে নিজে তেওঁলোকৰ সেৱা কৰিবৰ কাৰণে নিজৰ কঁকাল বান্ধিব আৰু খাবৰ কাৰণে তেওঁলোকক বহিবলৈ* কʼব। আৰু ওচৰতে থিয় হৈ তেওঁলোকৰ সেৱা কৰিব। ৩৮ যদি তেওঁ মাজৰাতিত,* আনকি কুকুৰাই ডাক দিয়াৰ সময়ত* আহি তেওঁলোকক জাগি থকা পায়, তেনেহʼলে তেওঁলোকৰ কাৰণে আনন্দৰ বিষয় হয়! ৩৯ কিন্তু এই বিষয়ে চিন্তা কৰা, কোনটো সময়ত চোৰ আহিব, সেই বিষয়ে গৃহস্থজনে জনা হʼলে জাগি থাকি চোৰক নিজৰ ঘৰত সোমাবলৈ নিদিলেহেঁতেন। ৪০ তোমালোকেও সাজু হৈ থাকা। কিয়নো যি সময়ৰ কথা তোমালোকে ভবাই নাই, সেই সময়তেই মানুহৰ পুত্ৰ আহিব।”
৪১ তেতিয়া পিতৰে কʼলে, “প্ৰভু, আপুনি এই উদাহৰণ কেৱল আমাৰ কাৰণে কৈ আছে, নে সকলোৰে কাৰণে?” ৪২ প্ৰভুৱে কʼলে, “সেই বিশ্বাসী আৰু বুদ্ধিমান* প্ৰবন্ধক* কোন, যিজনক উচিত সময়ত আৰু সঠিক পৰিমাণে আহাৰ দিবলৈ তেওঁৰ মালিকে নিজৰ ঘৰৰ সেৱকসকলৰ ওপৰত গৰাকী পাতিব? ৪৩ মালিকে আহি যদি সেই দাসক এইদৰেই কৰা দেখে, তেনেহʼলে সেই দাস সুখী! ৪৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, মালিকে নিজৰ সকলো সম্পত্তিৰ ওপৰত তেওঁক গৰাকী পাতিব। ৪৫ কিন্তু সেই দাসজনে যদি মনতে এইদৰে ভাবে, ‘মোৰ মালিকে আহিবলৈ দেৰি কৰিছে।’ আৰু নিজৰ লগত কাম কৰা আন দাস-দাসীসকলক মাৰ-পিট কৰিবলৈ ধৰে আৰু খাই বৈ মতলীয়া হৈ থাকে, ৪৬ তেনেহʼলে যি দিনৰ বিষয়ে সেই দাসে আশাই কৰা নাই আৰু যি সময়ৰ বিষয়ে তেওঁ নাজানে, সেই দিন বা সেই সময়তেই তেওঁৰ মালিক আহিব। আৰু মালিকে তেওঁক কঠোৰ শাস্তি দিব আৰু সেই ঠাইত পেলাই দিব, যʼত বিশ্বাসঘাত কৰা লোকসকলক পেলোৱা হয়। ৪৭ তেতিয়া সেই দাস, যিজনে মালিকৰ ইচ্ছা বুজি পোৱাৰ সত্ত্বেও সাজু নাছিল বা মালিকে দিয়া কাম নকৰিলে,* তেওঁক চাবুকেৰে কোবোৱা হʼব। ৪৮ কিন্তু যিজন দাসে নিজৰ মালিকৰ ইচ্ছা জনা নাছিল, যাৰ কাৰণে তেওঁ মাৰ খোৱাৰ কাম কৰিলে, তেওঁক কমকৈ কোবোৱা হʼব। সঁচাকৈ, যাক বহুত দিয়া হৈছে, তেওঁৰ পৰা বেছি হিচাপ লোৱা হʼব। আৰু যাক বেছি দায়িত্ব দিয়া হৈছে, তেওঁৰ পৰা আৰু বেছিকৈ হিচাপ লোৱা হʼব।
৪৯ মই পৃথিৱীত জুই লগাবলৈ আহিছোঁ। যদি ইতিমধ্যে জুই লাগি গʼল, তেনেহʼলে মোক আৰু কি লাগে। ৫০ হয়, মই লʼবলগীয়া এটা বাপ্তিষ্মা আছে আৰু সেই বাপ্তিষ্মা নোলোৱালৈকে মই কষ্টত থাকিম! ৫১ তোমালোকে কি ভাবা, মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ নে? নহয়, শান্তি দিবলৈ নহয়, কিন্তু মই তোমালোকক কৈছোঁ, মই বিভেদ সৃষ্টি কৰিবলৈ আহিছোঁ। ৫২ সেই কাৰণে এতিয়াৰ পৰা এখন ঘৰত পাঁচজন লোক, এজনে-আনজনৰ বিৰুদ্ধে হʼব। তিনিজন দুজনৰ বিৰুদ্ধে আৰু দুজন তিনিজনৰ বিৰুদ্ধে হʼব। ৫৩ তেওঁলোকে এজনে-আনজনৰ বিৰুদ্ধে হʼব। দেউতাই লʼৰাৰ বিৰুদ্ধে আৰু লʼৰাই দেউতাকৰ বিৰুদ্ধে হʼব। মায়ে ছোৱালীৰ বিৰুদ্ধে আৰু ছোৱালীয়ে মাকৰ বিৰুদ্ধে হʼব। শাহুৱেকে নিজৰ বোৱাৰীৰ বিৰুদ্ধে আৰু বোৱাৰীয়ে নিজৰ শাহুৱেকৰ বিৰুদ্ধে হʼব।”
৫৪ ইয়াৰ পাছত তেওঁ ভিৰক কʼলে, “যেতিয়া তোমালোকে পশ্চিম দিশত ডাৱৰ এডোখৰ উঠা দেখা, তেতিয়া লগে লগে কোৱা, ‘ধুমুহা আহিব’ আৰু এইদৰেই হয়। ৫৫ আৰু যেতিয়া তোমালোকে দক্ষিণ ফালৰ পৰা বতাহ বলা দেখা, তেতিয়া কোৱা, ‘বহুত গৰম হʼব’ আৰু এইদৰেই হয়। ৫৬ হে কপটীয়াবিলাক, তোমালোকে পৃথিৱী আৰু আকাশৰ লক্ষণ চাই বতৰ কেনেকুৱা হʼব, সেয়া বুজি পোৱা। কিন্তু তোমালোকে এয়া কিয় বুজি নোপোৱা যে এই বিশেষ সময়ৰ অৰ্থ কি? ৫৭ তোমালোকে নিজে এই নিৰ্ণয় কিয় লʼব পৰা নাই যে তোমালোকৰ কাৰণে কি কৰাটো সঠিক হয়? ৫৮ উদাহৰণস্বৰূপে, যদি কোনোবাই তোমাৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰিবলৈ কোনো অধিকাৰীৰ ওচৰলৈ গৈ আছে, তেনেহʼলে তুমি ৰাস্তাতেই তেওঁৰ লগত সমস্যাটো সমাধান কৰি লোৱা। নহʼলে তেওঁ তোমাক ন্যায়াধীশৰ ওচৰত উপস্থিত কৰাব আৰু ন্যায়াধীশে কৰ্মচাৰীৰ হাতত গতাই দিব। আৰু কৰ্মচাৰীয়ে তোমাক জেলত বন্দী কৰি দিব। ৫৯ মই তোমাক কৈছোঁ, তুমি গোটেই টকাখিনি নিদিয়ালৈকে তাৰ পৰা কোনোপধ্যেই ওলাই আহিব নোৱাৰিবা।”
১৩ সেই সময়তে তাত উপস্থিত থকা কিছুমান লোকে যীচুক কʼলে যে যেতিয়া গালীলত কিছুমান লোকে মন্দিৰত বলিদান আগবঢ়াইছিল, তেতিয়া পীলাতে কেনেকৈ তেওঁলোকক হত্যা কৰিছিল। ২ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে কি ভাবা, এই দুখভোগ কৰা গালীলীয়াসকল, আন গালীলীয়াসকলতকৈ বেছি পাপী আছিল নে? ৩ নহয়! কিন্তু মই তোমালোকক কৈছোঁ, যদি তোমালোকে অনুতাপ নকৰা, তেনেহʼলে তেওঁলোকৰ দৰেই তোমালোক সকলোৱেই নাশ হৈ যাবা। ৪ তোমালোকে কি ভাবা, চিলোহৰ দুৰ্গ পৰি যোৱাৰ কাৰণে যি ১৮ জন মানুহৰ মৃত্যু হৈছিল, তেওঁলোক, যিৰূচালেমৰ বাকী লোকসকলতকৈ বেছি পাপী আছিল নে? ৫ নহয়! কিন্তু মই তোমালোকক কৈছোঁ, যদি তোমালোকে অনুতাপ নকৰা, তেনেহʼলে তেওঁলোকৰ দৰেই তোমালোক সকলোৱেই নাশ হৈ যাবা।”
৬ ইয়াৰ পাছত তেওঁ এই উদাহৰণ দিলে, “এজন মানুহে আঙুৰৰ খেতিত এজোপা ডিমৰু গছ ৰুইছিল। তেওঁ সেই গছজোপাত ফল বিচাৰিবলৈ আহিলে, কিন্তু এটাও ফল নাপালে। ৭ তেতিয়া তেওঁ খেতি চোৱা-চিতা কৰা মানুহজনক কʼলে, ‘তিনি বছৰৰ পৰা মই ফল পোৱাৰ আশাৰে এই গছজোপাৰ ওচৰলৈ আহি আছোঁ। কিন্তু আজিলৈকে মই এটাও ফল পোৱা নাই। এই গছজোপাক কাটি পেলোৱা। ই এনেই ঠাই লৈছে।’ ৮ খেতি চোৱা-চিতা কৰাজনে তেওঁক কʼলে, ‘মালিক, আৰু এবছৰ ইয়াক থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম। ৯ যদি ইয়ে ফল দিয়ে, তেনেহʼলে ভাল কথা, কিন্তু যদি নিদিয়ে, তেনেহʼলে ইয়াক কাটি পেলাই দিব।’”
১০ বিশ্ৰাম-বাৰে* যীচুৱে এখন সভাঘৰত শিকাই আছিল। ১১ তাত এগৰাকী তিৰোতা আছিল, যাক দুষ্ট স্বৰ্গদূতে পোৱাৰ কাৰণে ১৮ বছৰৰ পৰা অসুস্থ হৈ আছিল। আৰু তেওঁ কুঁজী আছিল আৰু চিধাকৈ থিয় হʼব পৰা নাছিল। ১২ যেতিয়া যীচুৱে সেই তিৰোতাগৰাকীক দেখিলে, তেতিয়া তেওঁ কʼলে, “যোৱা, তোমাক সুস্থ কৰা হৈছে।” ১৩ যীচুৱে নিজৰ হাত সেই তিৰোতাগৰাকীৰ ওপৰত থʼলে আৰু তেওঁ লগে লগে চিধাকৈ থিয় হʼল। আৰু তেওঁ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে। ১৪ কিন্তু যেতিয়া সভাঘৰৰ অধিকাৰীয়ে দেখিলে যে যীচুৱে বিশ্ৰাম-বাৰৰ দিনাখন সুস্থ কৰিলে, তেতিয়া তেওঁৰ খং উঠিল আৰু তেওঁ লোকসকলক কʼলে, “কাম কৰাৰ বাবে ছদিন আছে। সেইবাবে, সেই দিনবোৰতে আহি সুস্থ হোৱা, বিশ্ৰাম-বাৰে নহয়।” ১৫ কিন্তু প্ৰভুৱে তেওঁক কʼলে, “হে কপটীয়াবিলাক, তোমালোক সকলোৱে বিশ্ৰাম-বাৰে নিজৰ গৰু বা গাধ খুলি পানী খোৱাবলৈ নিনিয়া নে? ১৬ তেনেহʼলে এই তিৰোতাগৰাকী, যি অব্ৰাহামৰ বংশৰ হয় আৰু যাক চয়তানে ১৮ বছৰৰ পৰা নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল, তেওঁক বিশ্ৰাম-বাৰে মুকলি কৰাটো উচিত নাছিল নে?” ১৭ যেতিয়া যীচুৱে এই কথা কৈ আছিল, তেতিয়া তেওঁৰ সকলো বিৰোধীয়ে লাজ পালে। কিন্তু ভিৰে তেওঁৰ সকলো আশ্চৰ্য্যজনক কামবোৰ দেখি আনন্দিত হʼল।
১৮ সেইবাবে, তেওঁ এয়াও কʼলে, “ঈশ্বৰৰ ৰাজ্য কিহৰ দৰে হয়? মই ইয়াক কিহৰ লগত তুলনা কৰিম? ১৯ এয়া সৰিয়হ গুটিৰ দৰে হয়, যাক এজন মানুহে নি নিজৰ খেতিত সিঁচিলে আৰু সেয়া ডাঙৰ হৈ এজোপা গছ হʼল। আৰু আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত আশ্ৰয় লʼলে।”
২০ আকৌ এবাৰ তেওঁ কʼলে, “মই ঈশ্বৰৰ ৰাজ্যৰ তুলনা কিহৰ লগত কৰিম? ২১ এয়া খমিৰৰ* নিচিনা হয় আৰু সেয়া লৈ এগৰাকী তিৰোতাই প্ৰায় ১০ কিলো* আটা গুড়ি সানিলে আৰু গোটেই আটাখিনি খমিৰ হৈ গʼল।”
২২ ইয়াৰ পাছত যীচুৱে চহৰে চহৰে আৰু গাঁৱে গাঁৱে শিক্ষা দি দি যিৰূচালেমলৈ গʼল। ২৩ তেতিয়া এজন মানুহে তেওঁক সুধিলে, “প্ৰভু, কেৱল কম লোকেহে উদ্ধাৰ পাব নে?” যীচুৱে তেওঁলোকক কʼলে, ২৪ “ঠেক দুৱাৰেদি ভিতৰলৈ যাবলৈ মনে-প্ৰাণে সংঘৰ্ষ কৰা। কিয়নো মই তোমালোকক কৈছোঁ যে বহুতো লোকে ভিতৰলৈ যাব বিচাৰিব, কিন্তু যাব নোৱাৰিব। ২৫ যেতিয়া ঘৰৰ মালিকে উঠি দুৱাৰখন বন্ধ কৰি দিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ টুকুৰিয়াবা আৰু কʼবা ‘প্ৰভু, আমাৰ কাৰণে দুৱাৰখন খুলি দিয়ক।’ তেতিয়া তেওঁ কʼব, ‘মই নাজানোঁ, তহঁতি কʼৰ পৰা আহিছ।’ ২৬ তেতিয়া তোমালোকে কʼবা, ‘আমি আপোনাৰ লগত একেলগে বহি খোৱা-বোৱা কৰিছিলোঁ আৰু আপুনি আমাৰ ইয়াৰ ৰাস্তাবোৰত* শিকাইছিল।’ ২৭ কিন্তু তেওঁ তোমালোকক কʼব, ‘মই নাজানোঁ, তহঁতি কʼৰ পৰা আহিছ। হে দুষ্ট কাম কৰা লোকসকল, মোৰ ওচৰৰ পৰা আঁতৰি যা!’ ২৮ যেতিয়া তোমালোকে দেখিবা যে অব্ৰাহাম, ইচহাক, যাকোব আৰু সকলো ভৱিষ্যবক্তা ঈশ্বৰৰ ৰাজ্যত আছে আৰু তোমালোকক বাহিৰত পেলাই দিয়া হৈছে, তেতিয়া তোমালোকে তাত কান্দিবা আৰু দাঁত কৰচিবা। ২৯ আনকি, লোকসকল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণৰ পৰা আহিব আৰু ঈশ্বৰৰ ৰাজ্যত, মেজত বহি একেলগে আহাৰ খাব। ৩০ চোৱা! যিসকল শেষত আছে, তেওঁলোক প্ৰথম হʼব আৰু যিসকল প্ৰথমে আছে, তেওঁলোক শেষত হʼব।”
৩১ সেই সময়তে কিছুমান ফৰীচী আহিল আৰু যীচুক কʼবলৈ ধৰিলে, “ইয়াৰ পৰা ওলাই যা, কিয়নো হেৰোদে তোক হত্যা কৰিব বিচাৰিছে।” ৩২ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “যোৱা আৰু সেই শিয়ালক কোৱাগৈ, ‘চোৱা! মই আজি আৰু কালিলৈও দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াম। আৰু লোকসকলক সুস্থ কৰিম আৰু তৃতীয় দিনাখন মোৰ কাম সম্পূৰ্ণ হʼব।’ ৩৩ কিন্তু যিয়েই নহওক কিয়, মই আজি, কালিলৈ আৰু পৰহিও নিজৰ কাম কৰিব লাগিব। কিয়নো এজন ভৱিষ্যবক্তাক যিৰূচালেমৰ বাহিৰত হত্যা কৰা হʼব, এইদৰে হʼব নোৱাৰে। ৩৪ যিৰূচালেম, হে যিৰূচালেম, তই ভৱিষ্যবক্তাসকলক হত্যা কৰিলি আৰু যিসকলক তোৰ ওচৰলৈ পঠোৱা হৈছিল, তেওঁলোকক শিল দলিয়াই মাৰিলি। কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোৰ সন্তানবোৰক চপাই লʼবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু তহঁতি সন্মত নহʼলি। ৩৫ চোৱা! ঈশ্বৰে তোমালোকৰ ঘৰখনক* এৰি দিছে।* মই তোমালোকক কওঁ, ‘যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য, এই কথা নোকোৱালৈকে তোমালোকে মোক কেতিয়াও দেখা নাপাবা।’”
১৪ আকৌ এবাৰ যীচুৱে বিশ্ৰাম-বাৰে* ফৰীচীবিলাকৰ এজন অধিকাৰীৰ ঘৰলৈ খাবলৈ গৈছিল। আৰু তেওঁলোকে যীচুক ধ্যান দি চাই আছিল। ২ তাত তেওঁৰ ওচৰত এজন ব্যক্তি আছিল, যিজনৰ জলোদৰি* বেমাৰ হৈছিল। ৩ তেতিয়া যীচুৱে নিয়মৰ বিষয়ে জনা লোক আৰু ফৰীচীবিলাকক সুধিলে, “বিশ্ৰাম-বাৰে বেমাৰ ঠিক কৰাটো উচিত নে?” ৪ কিন্তু তেওঁলোক মনে মনে থাকিল। তেতিয়া যীচুৱে সেই মানুহজনক চুই সুস্থ কৰিলে আৰু পঠিয়াই দিলে। ৫ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “বিশ্ৰাম-বাৰে যদি তোমালোকৰ মাজৰ কাৰোবাৰ লʼৰা বা গৰু নাদত পৰি যায়, তেনেহʼলে তাক লগে লগে টানি বাহিৰলৈ নুলিওৱা কোনোবা আছে নে?” ৬ তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে।
৭ ইয়াৰ পাছত তেওঁ যেতিয়া দেখিলে যে তাত অহা আলহীসকলে বহিবৰ কাৰণে ভাল ভাল ঠাই বাছনি কৰি আছে, তেতিয়া যীচুৱে তেওঁলোকক কʼলে,* ৮ “যেতিয়া কোনোবাই তোমাক বিয়াৰ ভোজলৈ মাতে, তেতিয়া আগফালে গৈ সকলোতকৈ ভাল ঠাইত নবহিবা। কিজানি তাত হয়তো তোমাতকৈ সন্মানীয় কোনো এজন ব্যক্তিক মতা হৈছে। ৯ তেতিয়া যিজনে তোমালোক দুয়োজনকে নিমন্ত্ৰণ কৰিছিল, তেওঁ আহি তোমাক কʼব, ‘এই মানুহজনক ইয়াত বহিবলৈ দিয়া।’ তেতিয়া তুমি লাজ পাই তাৰ পৰা উঠিব লাগিব আৰু সকলোৰে পিছফালে গৈ বহিব লাগিব। ১০ সেইবাবে, যেতিয়া তুমি নিমন্ত্ৰণ পোৱা, তেতিয়া গৈ তুমি সকলোৰে পিছফালে বহিবা। যেতিয়া নিমন্ত্ৰণ কৰাজনে আহিব, তেতিয়া তোমাক কʼব, ‘মোৰ বন্ধু, আগফালে গৈ বহা।’ তেতিয়া সকলো আলহীৰ আগত তোমাৰ সন্মান বাঢ়িব। ১১ কাৰণ যি কোনোৱে নিজকে ডাঙৰ কৰে, তেওঁক সৰু কৰা হʼব আৰু যি কোনোৱে নিজকে সৰু কৰে, তেওঁক ডাঙৰ কৰা হʼব।”
১২ ইয়াৰ পাছত তেওঁ নিমন্ত্ৰণ কৰাজনক কʼলে, “যেতিয়া তুমি দুপৰীয়া বা ৰাতিৰ আহাৰ আয়োজন কৰিবা, তেতিয়া নিজৰ বন্ধু, ভাই-ককাই, সম্বন্ধীয় বা ধনী চুবুৰীয়াক নামাতিবা। এইদৰে কৰিলে তেওঁলোকেও হয়তো কেতিয়াবা তাৰ সলনি তোমালোকক খাবলৈ মাতিব পাৰে। ১৩ কিন্তু যেতিয়া তুমি ভোজৰ আয়োজন কৰা, তেতিয়া তুমি দুখীয়া, খোৰা, অন্ধ আৰু আন বিকলাংগসকলক মাতিবা। ১৪ তেতিয়া তুমি আনন্দিত হʼবা, কিয়নো তোমাক ঘূৰাই দিবলৈ তেওঁলোকৰ ওচৰত একোৱেই নাই। যেতিয়া ভাল মানুহক আকৌ জীয়াই তোলা হʼব, তেতিয়া তুমি ইয়াৰ পুৰস্কাৰ পাবা।”
১৫ এই কথা শুনি তাত উপস্থিত থকা আলহীসকলৰ মাজৰ এজনে তেওঁক কʼলে, “যিজনে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব* তেওঁ সুখী।”
১৬ যীচুৱে তেওঁক কʼলে, “এজন মানুহে ৰাতিৰ কাৰণে এটা ডাঙৰ ভোজৰ আয়োজন কৰিলে আৰু বহুতো লোকক মাতিলে। ১৭ যেতিয়া খোৱা-বোৱাৰ সময় হʼল, তেতিয়া তেওঁ নিজৰ দাসক কʼলে যে যিসকলক মতা হৈছে, তেওঁলোকক কোৱাগৈ, ‘আহি যোৱা, সকলো তৈয়াৰ হʼল।’ ১৮ কিন্তু তেওঁলোক সকলোৱে বাহানা মাৰিবলৈ ধৰিলে। প্ৰথমজনে তেওঁক কʼলে, ‘মই এডোখৰ মাটি কিনিছোঁ, মই সেয়া চাবলৈ যাব লাগিব। সেইবাবে, মোক ক্ষমা কৰি দিয়ক।’ ১৯ দ্বিতীয়জনে কʼলে, ‘মই পাঁচহাল গৰু কিনিছোঁ আৰু সেয়া মই চালি-জাৰি চাবলৈ গৈ আছোঁ। সেইবাবে, মোক ক্ষমা কৰি দিয়ক।’ ২০ আৰু এজনে কʼলে, ‘মই নতুনকৈ বিয়া কৰিছোঁ। সেইবাবে, মই আহিব নোৱাৰোঁ।’ ২১ দাসজনে উভতি গৈ এই সকলো কথা ঘৰৰ মালিকজনক কʼলে। তেতিয়া মালিকৰ খং উঠিল আৰু দাসজনক কʼলে, ‘এতিয়াই ৰাস্তা আৰু চহৰৰ সৰু সৰু বাটলৈ যোৱা। আৰু দুখীয়া, অন্ধ, খোৰা আৰু আন বিকলাংগসকলক ইয়ালৈ লৈ আনা।’ ২২ অলপ সময়ৰ পাছত দাসজনে কʼলে, ‘মালিক, আপুনি যিদৰে কʼলে, সেইদৰেই কৰা হʼল। তথাপিও ঠাই খালী আছে।’ ২৩ তেতিয়া মালিকে তেওঁক কʼলে, ‘ৰাস্তা আৰু ঠেক বাটলৈ যোৱা। আৰু তাত থকা লোকসকলক জোৰ কৰি লৈ আনা যাতে মোৰ ঘৰখন ভৰি যায়। ২৪ কিয়নো মই তোমালোকক কৈছোঁ, যিসকলক মতা হৈছিল, তেওঁলোকৰ মাজৰ এজনেও মোৰ ভোজৰ সোৱাদ লʼব নোৱাৰিব।’”
২৫ লোকসকলৰ এটা ডাঙৰ ভিৰ যীচুৰ লগত খোজকাঢ়ি গৈ আছিল। যীচুৱে পিছফালে চাই তেওঁলোকক কʼলে, ২৬ “যদি কোনোবাই মোৰ ওচৰলৈ আহে আৰু নিজৰ মা, দেউতা, পত্নী, লʼৰা-ছোৱালী, ভাই-ককাই আৰু বাই-ভনী আনকি, নিজৰ জীৱনক ঘৃণা নকৰে,* তেনেহʼলে তেওঁ মোৰ শিষ্য হʼব নোৱাৰিব। ২৭ যিজনে নিজৰ যাতনা কাঠ* নুঠায় আৰু মোৰ পিছে পিছে নাহে, তেওঁ মোৰ শিষ্য হʼব নোৱাৰে। ২৮ উদাহৰণস্বৰূপে, তোমালোকৰ মাজৰ কোনোবাই যদি এটা দুৰ্গ নিৰ্মাণ কৰিব বিচাৰে, তেনেহʼলে তেওঁ প্ৰথমে বহি হিচাপ নকৰিব নে যে সেয়া সম্পূৰ্ণ কৰিবলৈ তেওঁৰ ওচৰত যথেষ্ট টকা-পইচা আছে নে নাই? ২৯ নহʼলে ভিত্তিমূল স্থাপন কৰাৰ পাছত তেওঁ যদি সেই দুৰ্গ নিৰ্মাণ কৰা কাম সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেহʼলে যিসকলে ইয়াক দেখিব, তেওঁলোক সকলোৱে তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিব ৩০ আৰু কʼব, ‘এই মানুহজনে বনাবলৈ আৰম্ভতো কৰিলে, কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে।’ ৩১ অথবা যদি কোনো ৰজাই অন্য ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰে, তেনেহʼলে তেওঁ প্ৰথমে বহি আলোচনা নকৰিব নে যে ১০,০০০ জন সৈন্য লৈ তেওঁ সেই শত্ৰু ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰিব নে নোৱাৰে, যিজনে ২০,০০০ জন সৈন্য লৈ আহিছে? ৩২ তেওঁ যদি যুদ্ধ কৰিব নোৱাৰে, তেনেহʼলে সেই ৰজা দূৰত থাকোঁতেই তেওঁ নিজৰ ৰাজদূতসকলক পঠাই শান্তিৰ বাবে সন্ধি স্থাপন কৰিবলৈ চেষ্টা কৰিব। ৩৩ ঠিক সেইদৰে, বিশ্বাস কৰা যে তোমালোকৰ মাজৰ যিজনে নিজৰ সকলো সম্পত্তি ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হʼব নোৱাৰে।
৩৪ নিমখ উত্তম হয়, কিন্তু নিমখে যদি নিজৰ সোৱাদ হেৰুৱায়, তেনেহʼলে তাক কি দি আকৌ নিমখীয়া কৰিব পাৰি? ৩৫ এয়া মাটি বা সাৰ দুয়োটাৰ কাৰণেই উপযোগী নহয়। লোকসকলে সেইবোৰ বাহিৰত পেলাই দিয়ে। মই কি কৈ আছোঁ, কাণ পাতি শুনা।”
১৫ তাৰ পাছত সকলো কৰতোলা আৰু তেওঁলোকৰ দৰে আন পাপী লোকসকল যীচুৰ কথা শুনিবলৈ তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। ২ এয়া দেখি ফৰীচী আৰু নিয়ম শিকোৱা লোকসকলে* যীচুৰ বিৰুদ্ধে কʼবলৈ ধৰিলে, “এওঁতো পাপীবিলাককো নিজৰ ওচৰলৈ আহিবলৈ দিয়ে আৰু তেওঁলোকৰ লগত খোৱা-বোৱা কৰে।” ৩ তেতিয়া যীচুৱে তেওঁলোকক এই উদাহৰণ দিলে: ৪ “তোমালোকৰ মাজৰ কাৰোবাৰ যদি ১০০ টা ভেড়া আছে আৰু তাৰ মাজত যদি এটা হেৰাই যায়, তেনেহʼলে তেওঁ ৯৯ টা ভেড়াক অৰণ্যত এৰি, সেই এটা ভেড়াক বিচাৰি নাযাব নে? তেওঁ সেই হেৰাই যোৱা ভেড়াটোক বিচাৰি নোপোৱালৈকে বিচাৰি নাথাকিব নে? ৫ আৰু যেতিয়া তেওঁ সেই ভেড়াটোক বিচাৰি পায়, তেতিয়া তেওঁ তাক নিজৰ কান্ধত তুলি লয় আৰু আনন্দ কৰে। ৬ তেওঁ ঘৰলৈ আহি নিজৰ বন্ধু আৰু চুবুৰীয়াসকলক মাতি কয়, ‘মোৰ লগত আনন্দ কৰা, কিয়নো মই নিজৰ হেৰাই যোৱা ভেড়াটোক বিচাৰি পালোঁ।’ ৭ মই তোমালোকক কৈছোঁ, ঠিক সেইদৰে অনুতাপ কৰাৰ প্ৰয়োজন নোহোৱা ৯৯ জন ভাল ব্যক্তিৰ কাৰণে স্বৰ্গত যিমান আনন্দ কৰা হয়, এজন পাপীয়ে অনুতাপ কৰিলে স্বৰ্গত তাতকৈ বেছি আনন্দ কৰা হয়।
৮ অথবা এজনী তিৰোতাৰ যদি দহটা ৰূপৰ মুদ্ৰা* থাকে আৰু তাৰে মাজৰ এটা হেৰাই যায়, তেনেহʼলে তেওঁ চাকি জ্বলাই গোটেই ঘৰ সাৰি তাক নোপোৱালৈকে যত্নেৰে নিবিচাৰিব নে? ৯ আৰু যেতিয়া তেওঁ সেই মুদ্ৰাটো বিচাৰি পায়, তেতিয়া তেওঁ নিজৰ বান্ধৱী আৰু চুবুৰীয়াসকলক মাতি কয়, ‘মোৰ লগত আনন্দ কৰা, কিয়নো মই হেৰাই যোৱা মুদ্ৰাটো বিচাৰি পালোঁ।’ ১০ মই তোমালোকক কৈছোঁ, অনুতাপ কৰা এজন পাপীৰ কাৰণেও এইদৰেই ঈশ্বৰৰ স্বৰ্গদূতসকলে বহুত আনন্দ কৰে।”
১১ তাৰ পাছত তেওঁ কʼলে, “এজন মানুহৰ দুজন লʼৰা আছিল। ১২ সৰু লʼৰাজনে দেউতাকক কʼলে, ‘দেউতা, মোৰ সম্পত্তিৰ ভাগ মোক দিয়া।’ তেতিয়া দেউতাকে দুয়োজনৰ মাজত সম্পত্তি ভাগ কৰি দিলে। ১৩ কিছু দিনৰ পাছত সৰু লʼৰাজনে নিজৰ সকলো সম্পত্তি লৈ কোনো এখন দূৰ দেশলৈ গুচি গʼল। তাত সি বেয়াতকৈ বেয়া কাম কৰি নিজৰ সকলো সম্পত্তি শেষ কৰিলে। ১৪ যেতিয়া তাৰ সকলো টকা-পইচা শেষ হʼল, তেতিয়া সেই দেশত এটা ভয়ানক আকাল হʼল আৰু সি অভাৱত পৰিল। ১৫ আনকি, সি সেই দেশৰ এজন ব্যক্তিৰ তাত কাম কৰিবলৈ গʼল আৰু সেই ব্যক্তিজনে তাক নিজৰ পথাৰত গাহৰি চৰাবলৈ পঠালে। ১৬ সি ইমানেই ভোকত আছিল যে গাহৰিয়ে যি খাইছিল, সেয়া খাব বিচাৰিছিল, কিন্তু কোনেও তাক একো দিয়া নাছিল।
১৭ যেতিয়া সি বুজি পালে, তেতিয়া সি কʼলে, ‘মোৰ দেউতাৰ তাত কাম কৰা বহুতো লোক আছে, যিসকলৰ খোৱাৰ কোনো অভাৱ নাই। আৰু মই ইয়াত ভোকত মৰি আছোঁ! ১৮ এতিয়া মই দেউতাৰ ওচৰলৈ উভতি যাম আৰু তেওঁক কʼম, “দেউতা, মই স্বৰ্গ আৰু তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। ১৯ মই তোমাৰ লʼৰা বুলি মতাৰ যোগ্য নহওঁ। মোক তোমাৰ ইয়াত কাম কৰা মানুহ হিচাপে ৰাখি লোৱা।”’ ২০ সেইবাবে, সি দেউতাকৰ ওচৰলৈ গʼল। সি দূৰত থাকোঁতেই দেউতাকে তাক দেখা পালে আৰু তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। তেওঁ দৌৰি গৈ লʼৰাজনক সাৱটি লʼলে আৰু মৰমেৰে তাক চুমা খাবলৈ ধৰিলে। ২১ তেতিয়া লʼৰাজনে তেওঁক কʼলে, ‘দেউতা, মই স্বৰ্গ আৰু তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। মই তোমাৰ লʼৰা বুলি মতাৰ যোগ্য নহওঁ।’ ২২ কিন্তু দেউতাকে নিজৰ দাসবিলাকক কʼলে, ‘সোনকালে যোৱা! আৰু আটাইতকৈ ভাল কাপোৰ আনি তাক পিন্ধাই দিয়া। তাৰ হাতত আঙুঠি আৰু ভৰিত জোতাও পিন্ধাই দিয়া। ২৩ এটা সুস্থ-পুষ্ট দামুৰি কাটা, আমি সকলোৱে মিলি খোৱা-বোৱা কৰিম আৰু আনন্দ কৰিম। ২৪ কিয়নো মোৰ এই লʼৰা মৰি গৈছিল, এতিয়া জীৱিত হʼল। ই হেৰাই গৈছিল আৰু এতিয়া বিচাৰি পালোঁ।’ তাৰ পাছত তেওঁলোক সকলোৱে মিলি আনন্দ কৰিবলৈ ধৰিলে।
২৫ সেই মানুহজনৰ ডাঙৰ লʼৰাজন পথাৰত আছিল। যেতিয়া তেওঁ পথাৰৰ পৰা উভতি আহি ঘৰৰ ওচৰত পাইছিলহি, তেতিয়া তেওঁ নাচ-গানৰ শব্দ শুনা পালে। ২৬ তেওঁ এজন সেৱকক মাতি সুধিলে যে এইবোৰ কি হৈ আছে। ২৭ সেৱকজনে কʼলে, ‘আপোনাৰ ভাই উভতি আহিছে আৰু তেওঁক ভালে-কুশলে পোৱাৰ বাবে আপোনাৰ দেউতাই এটা সুস্থ-পুষ্ট দামুৰি কাটিছে।’ ২৮ কিন্তু ডাঙৰ লʼৰাজনৰ বহুত খং উঠিল আৰু তেওঁ ঘৰৰ ভিতৰলৈ যাবলৈ বিচৰা নাছিল। তেতিয়া তেওঁৰ দেউতাকে বাহিৰলৈ আহিলে আৰু তেওঁক বুজাবলৈ ধৰিলে। ২৯ তেওঁ নিজৰ দেউতাকক কʼলে, ‘মই বহু বছৰ ধৰি তোমাৰ কাৰণে দাসৰ দৰে কাম কৰি আছোঁ আৰু মই এবাৰো তোমাৰ আজ্ঞা নমনাকৈ থকা নাই। তথাপি মোৰ বন্ধুসকলৰ লগত ফূৰ্তি কৰিবলৈ এটি ছাগলী পোৱালিও তুমি মোক দিয়া নাই। ৩০ কিন্তু এই লʼৰাজনে তোমাৰ সম্পত্তি বেশ্যাৰ ওপৰত খৰচ কৰিলে আৰু সি এতিয়া উভতি অহাৰ লগে লগে তুমি তাৰ কাৰণে এটা সুস্থ-পুষ্ট দামুৰি কাটিছা।’ ৩১ তেতিয়া দেউতাকে তেওঁক কʼলে, ‘মোৰ লʼৰা, তুমিতো সদায় মোৰ লগতে আছা আৰু যিবোৰ মোৰ হয়, সেই সকলো তোমাৰেইতো হয়। ৩২ কিন্তু আজি আনন্দ কৰাৰ দিন। আমি আনন্দ কৰা উচিত, কিয়নো তোমাৰ এই ভাই মৰি গৈছিল, এতিয়া জীৱিত হৈছে। আমি ইয়াক হেৰুৱাইছিলোঁ, কিন্তু এতিয়া বিচাৰি পালোঁ।’”
১৬ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক এয়াও কʼলে, “এজন ধনী ব্যক্তিৰ তাত এজন প্ৰবন্ধক* আছিল, যিজনে মালিকৰ সম্পত্তি নষ্ট কৰিছে বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ কৰা হʼল। ২ সেইবাবে, তেওঁ প্ৰবন্ধকজনক মাতি কʼলে, ‘এয়া মই তোমাৰ বিষয়ে কি শুনি আছোঁ? নিজৰ কামৰ হিচাপ দিয়া, কিয়নো এতিয়াৰ পৰা তুমি মোৰ ঘৰৰ কামবোৰৰ চোৱা-চিতা নকৰিবা।’ ৩ তেতিয়া প্ৰবন্ধকজনে মনতে কʼবলৈ ধৰিলে, ‘এতিয়া মই কি কৰিম? মালিকে মোক প্ৰবন্ধকৰ কামৰ পৰা উলিয়াই দিছে। পথাৰত মাটি খান্দিবলৈ মোৰ ইমান শক্তি নাই আৰু ভিক্ষা খুজিবলৈ মোৰ লাজ লাগে। ৪ হয়! মই বুজি পালোঁ যে মই কি কৰিব লাগিব যাতে প্ৰবন্ধকৰ কামৰ পৰা উলিয়াই দিয়াৰ পাছতো লোকসকলে মোক তেওঁলোকৰ ঘৰত গ্ৰহণ কৰে।’ ৫ তেওঁ নিজৰ মালিকৰ ধৰুৱাসকলক এজন এজনকৈ মাতিলে আৰু প্ৰথমজনক কʼলে, ‘তুমি মোৰ মালিকক কিমান দিবলগীয়া আছে?’ ৬ তেওঁ কʼলে, ‘২,২০০ লিটাৰ* জলফাই তেল।’ প্ৰবন্ধকজনে কʼলে, ‘এয়া লোৱা তোমাৰ ঋণপত্ৰ, যি তুমি লিখিছিলা আৰু বহি এতিয়াই ১,১০০ লিখি দিয়া।’ ৭ ইয়াৰ পাছত তেওঁ দ্বিতীয়জনক সুধিলে, ‘কোৱা তুমি কিমান দিবলগীয়া আছে?’ তেওঁ কʼলে, ‘১৭০ কুইন্টল* ঘেঁহু।’ প্ৰবন্ধকজনে তেওঁক কʼলে, ‘এয়া লোৱা তোমাৰ ঋণপত্ৰ, যি তুমি লিখিছিলা আৰু ইয়াত ১৩৬* লিখি দিয়া।’ ৮ সেই প্ৰবন্ধকজন ভাল মানুহ নাছিল, তথাপি মালিকে তেওঁৰ প্ৰশংসা কৰিলে, কিয়নো তেওঁ বুদ্ধিমতাৰে কাম কৰিছিল। মই তোমালোকক এইদৰে কোৱাৰ কাৰণ হৈছে, এই জগতৰ* লোকসকল আনৰ লগত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পোহৰত চলা লোকসকলতকৈ বেছি টেঙৰ।
৯ মই তোমালোকক এয়াও কৈছোঁ, এই দুষ্ট জগতৰ ধন-সম্পত্তিৰে নিজৰ কাৰণে বন্ধু বনাই লোৱা। কাৰণ যেতিয়া এই ধন নাথাকিব, তেতিয়া এই বন্ধুৱে তোমালোকক সদায় কাললৈকে থকা ঠাইত গ্ৰহণ কৰিব। ১০ যিজন সৰু সৰু বিষয়ত বিশ্বাসী তেওঁ ডাঙৰ বিষয়তো বিশ্বাসী আৰু যিজন সৰু সৰু বিষয়ত অবিশ্বাসী, তেওঁ ডাঙৰ বিষয়তো অবিশ্বাসী। ১১ সেইবাবে, যদি তোমালোকে এই দুষ্ট জগতৰ ধনৰ ক্ষেত্ৰত বিশ্বাসী নোহোৱা, তেনেহʼলে কোনে তোমালোকক প্ৰকৃত ধন দিব? ১২ আৰু যদি তোমালোকে আনৰ ধন-সম্পত্তিৰ ক্ষেত্ৰত বিশ্বাসী নোহোৱা, তেনেহʼলে কোনে তোমালোকক সেই সম্পত্তি দিব যি তোমালোকৰ কাৰণে ৰখা হৈছে? ১৩ কোনো দাসে দুজন মালিকৰ সেৱা কৰিব নোৱাৰে। যদি তেওঁ এজনক প্ৰেম কৰে, তেনেহʼলে আনজনক ঘিণ কৰিব আৰু যদি তেওঁ এজনৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে আনজনক সন্মান নকৰিব। তোমালোকে ঈশ্বৰৰ সেৱা কৰাৰ লগতে ধন-সম্পত্তিক নিজৰ জীৱনত প্ৰথম স্থান দিব নোৱাৰা।”
১৪ তেতিয়া টকা-পইচাৰ প্ৰতি প্ৰেম থকা ফৰীচীবিলাকে যীচুৰ সেই সকলো কথা শুনি তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে। ১৫ সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে মানুহৰ ওচৰত নিজকে ভাল ব্যক্তি বুলি দেখুওৱা, কিন্তু ঈশ্বৰে তোমালোকৰ হৃদয়ত কি আছে, সেয়া জানে। কিয়নো মানুহে যি বিষয়ক ডাঙৰ বুলি ভাবে, সেয়া ঈশ্বৰৰ দৃষ্টিত ঘিণলগীয়া।
১৬ আচলতে নিয়ম আৰু ভৱিষ্যবক্তাসকলে লিখা কথাবোৰ যোহনৰ সময়লৈকে আছিল। তেতিয়াৰে পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনোৱা হৈ আছে আৰু সকলো ধৰণৰ মানুহে সেই ৰাজ্যত সোমাবলৈ মনে-প্ৰাণে চেষ্টা কৰি আছে। ১৭ আকাশ আৰু পৃথিৱী যদিও শেষ হৈ যায়, তথাপি নিয়মত লিখা এটা আখৰ বা বিন্দুও পূৰ নোহোৱাকৈ নাথাকিব।
১৮ যিজনে নিজৰ পত্নীক তালাক* দি আন এগৰাকীক বিয়া কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ* কৰে আৰু যিজনে তালাক লোৱা তিৰোতাক বিয়া কৰে, তেনেহʼলে তেৱোঁ ব্যভিচাৰ কৰে।
১৯ এজন ধনী ব্যক্তি আছিল, যিজনে বেঙুণীয়া ৰঙৰ মিহি কাপোৰ পিন্ধিছিল আৰু প্ৰতিদিনে লাসবিলাসৰ জীৱন-যাপন কৰিছিল। ২০ কিন্তু লাজাৰ নামৰ এজন ভিক্ষাৰী আছিল, যাৰ শৰীৰ ঘাৰে ভৰি পৰিছিল। তেওঁক ধনী ব্যক্তিজনৰ দুৱাৰৰ ওচৰত এৰি দিয়া হৈছিল ২১ আৰু তেওঁ ধনী ব্যক্তিজনৰ মেজৰ পৰা পৰি যোৱা টুকুৰাবোৰ খাবলৈ আশা কৰি ৰৈ থাকিছিল। আনকি, কুকুৰে আহি তেওঁৰ ঘাবোৰ চেলেকিছিল। ২২ কিছু দিনৰ পাছত সেই ভিক্ষাৰীজন মৰিল আৰু স্বৰ্গদূতে তেওঁক অব্ৰাহামৰ ওচৰলৈ* লৈ গʼল।
তাৰ পাছত সেই ধনী ব্যক্তিজনো মৰিল আৰু তেওঁক কবৰ* দিয়া হʼল। ২৩ সেই ধনী ব্যক্তিজনে কবৰত* কষ্ট পাই আছিল। যেতিয়া তেওঁ তাৰ পৰা ওপৰলৈ চালে, তেতিয়া তেওঁ বহুত দূৰত অব্ৰাহামক দেখা পালে আৰু তেওঁৰ ওচৰত লাজাৰো আছিল। ২৪ তেতিয়া ধনী মানুহজনে জোৰেৰে চিঞৰি কʼলে, ‘পিতৃ অব্ৰাহাম, মোক দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক যাতে সি নিজৰ আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা ঠাণ্ডা কৰে, কিয়নো মই ইয়াত জ্বলন্ত জুইত কষ্ট পাই আছোঁ।’ ২৫ কিন্তু অব্ৰাহামে কʼলে, ‘বোপা, মনত পেলোৱা তুমি নিজৰ গোটেই জীৱন ভাল ভাল বস্তুবোৰৰ আনন্দ লʼলা, কিন্তু লাজাৰে দুখ-কষ্টই ভুগি থাকিল। কিন্তু এতিয়া তেওঁ ইয়াত আৰামত আছে আৰু তুমি কষ্ট পাই আছা। ২৬ ইয়াৰ উপৰিও, আমাৰ আৰু তোমালোকৰ মাজত এটা ডাঙৰ গাঁত বনোৱা হৈছে যাতে কোনেও ইচ্ছা কৰিও ইয়াৰ পৰা তোমালোকৰ তালৈ যাব নোৱাৰে আৰু তাৰ পৰা আমাৰ ইয়ালৈ আহিব নোৱাৰে।’ ২৭ তেতিয়া ধনী মানুহজনে কʼলে, ‘যদি এইদৰে হয়, তেনেহʼলে হে পিতৃ, দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠাই দিয়ক। ২৮ কিয়নো মোৰ পাঁচজন ভাই আছে আৰু লাজাৰে গৈ তেওঁলোকক যেন ভালদৰে বুজাই দিয়ে যাতে সিহঁতে ইয়াত আহি কষ্ট ভুগিবলগীয়া নহয়।’ ২৯ কিন্তু অব্ৰাহামে কʼলে, ‘তেওঁলোকৰ ওচৰত মোচি আৰু ভৱিষ্যবক্তাসকলৰ বাক্য আছে, তেওঁলোকৰ কথা শুনক।’ ৩০ তেতিয়া তেওঁ কʼলে, ‘নহয় পিতৃ অব্ৰাহাম। মৃত লোকসকলৰ মাজৰ পৰা যদি কোনোবাই তেওঁলোকৰ ওচৰলৈ যায়, তেনেহʼলে তেওঁলোকে নিশ্চয় অনুতাপ কৰিব।’ ৩১ কিন্তু অব্ৰাহামে তেওঁক কʼলে, ‘যদি তেওঁলোকে মোচি আৰু ভৱিষ্যবক্তাসকলৰ কথা নুশুনে, তেনেহʼলে মৃতসকলৰ মাজৰ পৰা কোনো এজন জীৱিত হʼলেও তেওঁলোকে তাৰ কথা নুশুনিব।’”
১৭ তাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “বিশ্বাসৰ পথত যে বাধা* নাহিব এইদৰে হʼবই নোৱাৰে। কিন্তু যিজনে বিশ্বাসৰ পথত বাধা জন্মায়, সেই ব্যক্তিজনৰ অৱস্থা বহুত বেয়া হʼব। ২ এই মানুহৰ কাৰণে সৰুবিলাকৰ মাজৰ এজনেও উজুটি* খোৱাতকৈ তেওঁৰ ডিঙিত এটা জাঁত* বান্ধি তেওঁক সমুদ্ৰত পেলাই দিয়াটোৱেই ভাল। ৩ নিজলৈ ধ্যান দিয়া। যদি তোমাৰ ভায়ে পাপ কৰে, তেনেহʼলে তেওঁক সাৱধান কৰা আৰু যদি তেওঁ অনুতাপ কৰে, তেনেহʼলে তেওঁক ক্ষমা কৰা। ৪ তেওঁ যদি তোমাৰ বিৰুদ্ধে এদিনত সাতবাৰ পাপ কৰে আৰু সাতবাৰেই তোমাৰ ওচৰত আহি কয়, ‘মই অনুতাপ কৰিছোঁ,’ তেতিয়া তুমি তেওঁক ক্ষমা কৰা উচিত।”
৫ তাৰ পাছত পাঁচনিসকলে* প্ৰভুক কʼলে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।” ৬ তেতিয়া প্ৰভুৱে কʼলে, “এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহʼলে তোমালোকে এই নুনি গছজোপাক কʼবা, ‘ইয়াৰ পৰা উঘালি সমুদ্ৰত ৰোপণ হৈ যা!’ তেতিয়া গছজোপাই তোমালোকৰ কথা শুনিব।
৭ তোমালোকৰ মাজৰ এনে কোন আছে, যিজনৰ দাসে হাল বাই বা ভেড়া-ছাগলী চৰাই পথাৰৰ পৰা যেতিয়া উভতি আহে, তেতিয়া তেওঁক কয়, ‘এতিয়াই ইয়ালৈ আহা আৰু খাবলৈ বহা’? ৮ ইয়াৰ পৰিৱৰ্তে, তেওঁ এয়া নকʼব নে, ‘মোৰ ৰাতিৰ আহাৰৰ কাৰণে কিবা তৈয়াৰ কৰা আৰু যেতিয়ালৈকে মোৰ খোৱা শেষ নহয়, তেতিয়ালৈকে কঁকালত গামোচা বান্ধি মোৰ সেৱা কৰা, তাৰ পাছত তুমি খোৱা-বোৱা কৰিবা’? ৯ দাসজনক দিয়া সেই সকলো কাম কৰাৰ বাবে তেওঁ দাসজনৰ প্ৰতি কৃতজ্ঞ হʼব নে? ১০ ঠিক সেইদৰে, তোমালোকক দিয়া সেই সকলো কাম কৰাৰ পাছত তোমালোকে কʼবা, ‘আমি কেৱল সাধাৰণ দাস। আমি কেৱল সেয়াই কৰিলোঁ, যি আমি কৰা উচিত আছিল।’”
১১ যিৰূচালেমলৈ যোৱাৰ সময়ত যীচুৱে চমৰীয়া আৰু গালীলৰ মাজেদি গৈছিল। ১২ যেতিয়া তেওঁ এখন গাঁৱলৈ গৈ আছিল, তেতিয়া দহজন কুষ্ঠ ৰোগীয়ে তেওঁক দেখিলে, কিন্তু তেওঁলোকে দূৰতে থিয় হৈ থাকিল। ১৩ তেওঁলোকে জোৰেৰে চিঞৰি কʼলে, “হে গুৰু যীচু, আমাক দয়া কৰক!” ১৪ তেওঁলোকক দেখি যীচুৱে কʼলে, “যোৱা! আৰু নিজকে পুৰোহিতসকলক দেখুৱা।” যেতিয়া তেওঁলোকে গৈ আছিল, তেতিয়া তেওঁলোকে ৰাস্তাতেই সুস্থ* হʼল। ১৫ তেওঁলোকৰ মাজৰ এজনে নিজকে সুস্থ হোৱা দেখি জোৰ জোৰকৈ ঈশ্বৰৰ প্ৰশংসা কৰি উভতি আহিল। ১৬ তেওঁ যীচুৰ ভৰিত পৰি তেওঁৰ ধন্যবাদ কৰিবলৈ ধৰিলে আৰু চোৱা! তেওঁ এজন চমৰীয়া আছিল। ১৭ তেওঁক দেখি যীচুৱে কʼলে, “তোমালোক দহজনেই সুস্থ হোৱা নাছিলা নে? তেনেহʼলে বাকী নজন কʼত? ১৮ বেলেগ জাতিৰ এই মানুহজনৰ বাহিৰে আন কোনো এজনো ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ উভতি নাহিল নে?” ১৯ যীচুৱে সেই মানুহজনক কʼলে, “উঠা আৰু যোৱা। তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।”
২০ যেতিয়া ফৰীচীসকলে তেওঁক সুধিলে যে ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব, তেতিয়া তেওঁ উত্তৰ দিলে, “ঈশ্বৰৰ ৰাজ্য সকলোৱে দেখা পোৱাকৈ নাহিব ২১ আৰু লোকসকলে এয়াও নকʼব, ‘চোৱা! সেয়া ইয়াত আছে!’ বা ‘তাত আছে!’ কাৰণ চোৱা! ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজতেই আছে।”
২২ তাৰ পাছত তেওঁ শিষ্যসকলক কʼলে, “এনে এক সময় আহিব যেতিয়া মানুহৰ পুত্ৰৰ সময়ৰ এটা দিন চাবলৈ তোমালোকে বিচাৰিবা, কিন্তু দেখা নাপাবা। ২৩ লোকসকলে তোমালোকক কʼব, ‘চোৱা! সৌৱা তাত আছে!’ বা ‘ইয়াত আছে!’ কিন্তু তোমালোকে বাহিৰলৈ নাযাবা আৰু তেওঁলোকৰ পিছে পিছেও নাযাবা। ২৪ কাৰণ বিজুলীয়ে যেনেকৈ আকাশৰ এফালে চমকনি মাৰিলে আকাশৰ আনফাললৈকে দেখা পোৱা যায়, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হʼব। ২৫ কিন্তু ইয়াৰ আগতে তেওঁ বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু এই যুগৰ লোকসকলেও তেওঁক অস্বীকাৰ কৰিব। ২৬ আৰু নোহৰ সময়ত যিদৰে হৈছিল, ঠিক সেইদৰে মানুহৰ পুত্ৰৰ সময়তো হʼব। ২৭ যেতিয়ালৈকে নোহ জাহাজত সোমোৱা নাছিল আৰু জলপ্লাৱন আহি সকলোকে নাশ কৰা নাছিল, তেতিয়ালৈকে লোকসকলে খোৱা-বোৱা কৰি আছিল আৰু বিয়া-বাৰু কৰি আছিল। ২৮ সেইদৰে লোটৰ সময়তো লোকসকলে খোৱা-বোৱা কৰি আছিল, কিনা-বেচা কৰি আছিল, খেতি-বাতি কৰি আছিল আৰু ঘৰ বনাই আছিল। ২৯ কিন্তু যিদিনা লোট চদোমৰ পৰা বাহিৰলৈ ওলাই আহিল, সেই দিনা আকাশৰ পৰা জুই আৰু গন্ধক পৰিল আৰু সেই ঠাইৰ সকলো ধ্বংস হʼল। ৩০ মানুহৰ পুত্ৰ প্ৰকাশ হোৱাৰ সময়তো এইদৰেই হʼব।
৩১ সেই দিনা যিজন ব্যক্তিয়ে ঘৰৰ চাদৰ ওপৰত আছে, কিন্তু তেওঁৰ বস্তু ঘৰৰ ভিতৰত আছে, তেনেহʼলে সেইবোৰ আনিবলৈ তললৈ নামি নাহক। ঠিক সেইদৰে যিজন ব্যক্তিয়ে পথাৰত আছে, তেওঁ নিজৰ বস্তুবোৰ লʼবলৈ ওলটি নাযাওক। ৩২ লোটৰ পত্নীক মনত ৰাখা। ৩৩ যি কোনোৱে নিজৰ জীৱন বচাবলৈ চেষ্টা কৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক ৰক্ষা কৰিব। ৩৪ মই তোমালোকক কৈছোঁ, সেই ৰাতি দুজন মানুহ একেখন বিছনাত থাকিব। এজনক লোৱা হʼব, কিন্তু আনজনক এৰি দিয়া হʼব। ৩৫ দুগৰাকী তিৰোতাই একেখন জাঁত পিহি থাকিব। এগৰাকীক লোৱা হʼব, কিন্তু আনগৰাকীক এৰি দিয়া হʼব।” ৩৬* — ৩৭ তেতিয়া তেওঁলোকে যীচুক সুধিলে, “কʼত প্ৰভু?” তেওঁ কʼলে, “যʼত মৃতদেহ থাকে, তাত ঈগলো* গোট খায়।”
১৮ তাৰ পাছত হাৰ নামানি সদায় কিয় প্ৰাৰ্থনা কৰি থকা উচিত, এই বিষয়ে বুজাবলৈ যীচুৱে তেওঁলোকক এটা উদাহৰণ দিলে। ২ তেওঁ কʼলে, “কোনো এখন চহৰত এজন ন্যায়াধীশ আছিল, যিজনে ঈশ্বৰক ভয় কৰা নাছিল আৰু কোনো মানুহকো সন্মান কৰা নাছিল। ৩ সেই চহৰত এগৰাকী বিধৱা আছিল, যি গৰাকীয়ে বাৰে বাৰে তেওঁৰ ওচৰলৈ গৈ কৈছিল, ‘যিকোনো উপায়েৰে মোক ন্যায় দিয়ক! মোৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰাবিলাকৰ পৰা মোক বচাওক।’ ৪ বহু সময়লৈকে তেওঁ মনা নাছিল, কিন্তু পাছত তেওঁ নিজৰ মনতে কʼবলৈ ধৰিলে, ‘যদিও মই ঈশ্বৰক ভয় নকৰোঁ আৰু কোনো মানুহকো সন্মান নকৰোঁ, ৫ তথাপি এই বিধৱাগৰাকীয়ে মোক বাৰে বাৰে আমনি কৰাৰ কাৰণে মই তেওঁৰ ন্যায় কৰিম। যদি নকৰোঁ, তেনেহʼলে তেওঁ পুনৰ আহি মোক আমনি কৰিব।’” ৬ তাৰ পাছত প্ৰভুৱে কʼলে, “মন কৰা যে সেই ন্যায়াধীশজন দুষ্ট হোৱাৰ সত্ত্বেও কি কʼলে! ৭ তেনেহʼলে ঈশ্বৰে বাছনি কৰা লোকসকলৰ কাৰণে ন্যায় নকৰিব নে, যিসকলে দিনে-ৰাতিয়ে তেওঁলৈ প্ৰাৰ্থনা কৰে? ঈশ্বৰ ধৈৰ্যশীল হোৱাৰ কাৰণে যদিও দেৰি কৰি আছে যেন লাগিব পাৰে, কিন্তু তেওঁ নিশ্চয় ন্যায় কৰিব। ৮ মই তোমালোকক কৈছোঁ, তেওঁ অতি সোনকালে তেওঁলোকৰ ন্যায় কৰিব। কিন্তু যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া তেওঁ পৃথিৱীত এই বিশ্বাস* দেখিবলৈ পাব নে?”
৯ তাৰ পাছত নিজকে ভাল ব্যক্তি বুলি ভবা আৰু আনক তুচ্ছ বুলি ভবা লোকসকলক তেওঁ এই উদাহৰণ দিলে, ১০ “দুজন মানুহ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল। এজন ফৰীচী আৰু আনজন কৰতোলা লোক আছিল। ১১ ফৰীচীজনে থিয় হৈ মনে মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, ‘হে ঈশ্বৰ, মই আপোনাক ধন্যবাদ কৰিছোঁ যে মই আনৰ দৰে ডকাইত, অবিশ্বাসী আৰু ব্যভিচাৰী* নহওঁ আৰু এই কৰতোলাজনৰ দৰেও নহওঁ। ১২ মই সপ্তাহত দুবাৰ লঘোন* দিওঁ আৰু মই যি পাওঁ, তাৰ দশম ভাগ দিওঁ।’ ১৩ কিন্তু কৰতোলাজন দূৰত থিয় হৈ আছিল। আকাশৰ ফালে চকু তুলি চোৱাৰো তেওঁৰ সাহস হোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ হিয়া ভুকুৱাই ভুকুৱাই কʼলে, ‘হে ঈশ্বৰ, মই এজন পাপী! মোৰ ওপৰত দয়া* কৰক।’ ১৪ মই তোমালোকক কৈছোঁ, এই মানুহজন ফৰীচীজনতকৈ বেছি ভাল বুলি গণ্য হʼল আৰু নিজৰ ঘৰলৈ উভতি গʼল। কিয়নো যি কোনোৱে নিজকে ডাঙৰ কৰে, তেওঁক সৰু কৰা হʼব আৰু যি কোনোৱে নিজকে সৰু কৰে, তেওঁক ডাঙৰ কৰা হʼব।”
১৫ তাৰ পাছত লোকসকলে নিজৰ সৰু সৰু লʼৰা-ছোৱালীক যীচুৰ ওচৰলৈ আনিবলৈ ধৰিলে যাতে তেওঁ লʼৰা-ছোৱালীৰ ওপৰত হাত ৰাখে, কিন্তু শিষ্যসকলে তেওঁলোকক ধমকি দিবলৈ ধৰিলে। ১৬ কিন্তু যীচুৱে সৰু সৰু লʼৰা-ছোৱালীক নিজৰ ওচৰলৈ মাতিলে আৰু কʼলে, “লʼৰা-ছোৱালীক মোৰ ওচৰলৈ আহিবলৈ দিয়া, সিহঁতক বাধা নিদিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা লোকসকলৰ বাবেহে। ১৭ মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোবাই যদি এটা সৰু লʼৰাৰ দৰে ঈশ্বৰৰ ৰাজ্যক গ্ৰহণ নকৰে, তেনেহʼলে তেওঁ কেতিয়াও তাত যাব নোৱাৰিব।”
১৮ কোনো এজন অধিকাৰীয়ে তেওঁক সুধিলে, “হে ভাল গুৰু, অনন্ত জীৱন পাবলৈ মই কি কৰা উচিত?” ১৯ যীচুৱে তেওঁক কʼলে, “তুমি মোক ভাল বুলি কিয় কৈছা? ঈশ্বৰৰ বাহিৰে আৰু কোনো ভাল নাই। ২০ তুমি দেখোন আজ্ঞাবোৰ জানাই, ‘ব্যভিচাৰ* নকৰিবা, হত্যা নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা আৰু নিজৰ মা-দেউতাক সন্মান কৰিবা।’” ২১ তেতিয়া সেই মানুহজনে কʼলে, “এই সকলো কথা দেখোন মই সৰুৰে পৰা মানি আহিছোঁ।” ২২ এয়া শুনি যীচুৱে তেওঁক কʼলে, “তুমি এটা কাম কৰিবলৈ এতিয়াও বাকী আছে: যোৱা আৰু তোমাৰ যি যি আছে, সেই সকলো বেচি দুখীয়াক দি দিয়া আৰু তুমি স্বৰ্গত ধন পাবা আৰু আহি মোৰ শিষ্য হোৱা।” ২৩ এই কথা শুনি তেওঁ বহুত দুখীত হʼল, কিয়নো তেওঁ বহুত ধনী আছিল।
২৪ যীচুৱে তেওঁৰ ফালে চাই কʼলে, “ধনী লোকসকলৰ বাবে ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ বৰ কঠিন হʼব! ২৫ আচলতে এজন ধনী ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ, এটা উটে বেজীৰ ফুটাইদি সোমোৱাটোৱেই সহজ হʼব।” ২৬ যিসকলে এই কথা শুনিলে, তেওঁলোকে কʼলে, “তেনেহʼলে কোনে উদ্ধাৰ পাব?” ২৭ তেওঁ কʼলে, “যি কাম মানুহৰ কাৰণে অসম্ভৱ, সেই কাম ঈশ্বৰৰ কাৰণে সম্ভৱ।” ২৮ কিন্তু পিতৰে কʼলে, “চাওক! আমি সকলো এৰি আপোনাৰ পিছে পিছে আহিছোঁ।” ২৯ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোৱে যদি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে ঘৰ বা পত্নী বা ভাই বা মা-দেউতা বা সন্তানক এৰি দিছে, ৩০ তেনেহʼলে তেওঁ বৰ্তমান সময়ত এইবোৰতকৈ আৰু বেছি পাব আৰু আহিবলগীয়া সময়ত* অনন্ত জীৱন লাভ কৰিব।”
৩১ তাৰ পাছত যীচুৱে সেই ১২ জন শিষ্যক অকলশৰীয়াকৈ নি তেওঁলোকক কʼলে, “চোৱা! আমি যিৰূচালেমলৈ গৈ আছোঁ আৰু মানুহৰ পুত্ৰৰ বিষয়ে ভৱিষ্যবক্তাসকলে যি যি লিখিছিল, সেই সকলো পূৰ হʼব। ৩২ যেনে, যিহূদী নোহোৱা লোকসকলৰ হাতত তেওঁক গতাই দিয়া হʼব, তেওঁৰ ঠাট্টা কৰা হʼব, তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰা হʼব আৰু তেওঁৰ ওপৰত থু পেলোৱা হʼব। ৩৩ তেওঁলোকে তেওঁক চাবুকেৰে কোবাব আৰু মাৰি পেলাব, কিন্তু তৃতীয় দিনাখন তেওঁ আকৌ জীয়াই উঠিব।” ৩৪ কিন্তু শিষ্যসকলে এইবোৰ কথাৰ এটাও অৰ্থ বুজি নাপালে, কিয়নো এই কথাবোৰৰ অৰ্থ তেওঁলোকৰ পৰা লুকুৱাই ৰখা হৈছিল।
৩৫ যেতিয়া তেওঁ যিৰীহোৰ ওচৰ পাইছিলহি, তেতিয়া এজন অন্ধ মানুহে ৰাস্তাৰ কাষত বহি ভিক্ষা খুজি আছিল। ৩৬ যেতিয়া সেই অন্ধ মানুহজনে সেই ফালেদি যোৱা ভিৰৰ মাত শুনিলে, তেতিয়া তেওঁ সুধিবলৈ ধৰিলে যে এয়া কি হৈ আছে। ৩৭ লোকসকলে তেওঁক কʼলে, “নাচৰতীয়া যীচু এই ফালেদি গৈ আছে!” ৩৮ এয়া শুনি তেওঁ চিঞৰি কʼবলৈ ধৰিলে, “হে যীচু, দায়ূদৰ বংশ, মোক দয়া কৰক!” ৩৯ যীচুৰ আগে আগে যোৱা লোকসকলে তেওঁক মনে মনে থাকিবলৈ ধমকি দিলে। কিন্তু তেওঁ আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “হে দায়ূদৰ বংশ, মোক দয়া কৰক!” ৪০ তেতিয়া যীচু ৰৈ গʼল আৰু সেই মানুহজনক তেওঁৰ ওচৰলৈ আনিবলৈ আদেশ দিলে। যেতিয়া সেই মানুহজন আহিলে, তেতিয়া যীচুৱে সুধিলে, ৪১ “তুমি কি বিচাৰা, মই তোমাৰ কাৰণে কি কৰিম?” তেওঁ কʼলে, “প্ৰভু, মই যেন দৃষ্টিশক্তি ঘূৰাই পাওঁ।” ৪২ সেইবাবে, যীচুৱে তেওঁক কʼলে, “তোমাৰ চকু ভাল হৈ যাওক। তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।” ৪৩ সেই সময়তে তেওঁৰ দৃষ্টিশক্তি ঘূৰাই পালে আৰু তেওঁ ঈশ্বৰৰ মহিমা কৰি কৰি যীচুৰ পিছে পিছে গʼল। সেয়া দেখি আন লোকসকলে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে।
১৯ যীচু যিৰীহো চহৰত সোমাই সেই চহৰৰ মাজেদি গৈ আছিল। ২ তাত চক্কেয় নামৰ এজন ব্যক্তি আছিল। তেওঁ কৰতোলাবিলাকৰ এজন প্ৰধান আছিল আৰু তেওঁ বহুত ধনী আছিল। ৩ যীচু কোন হয় বুলি তেওঁ চাব বিচাৰিছিল, কিন্তু ভিৰৰ কাৰণে দেখা পোৱা নাছিল, কিয়নো তেওঁ চুটি-চাপৰ আছিল। ৪ সেইবাবে, তেওঁ দৌৰি গʼল আৰু তেওঁক চাবলৈ ৰাস্তাৰ কাষত থকা এজোপা ডিমৰু গছৰ ওপৰত উঠিল, কিয়নো যীচু সেই ৰাস্তাইদি যাবলগীয়া আছিল। ৫ যেতিয়া যীচু সেই ঠাইত পালেহি, তেতিয়া তেওঁ ওপৰলৈ চাই কʼলে, “চক্কেয়, সোনকালে তললৈ নামি আহা, কিয়নো আজি মই তোমাৰ ঘৰতে থাকিম।” ৬ তেতিয়া তেওঁ লগে লগে তললৈ নামি আহিল আৰু তেওঁ আনন্দেৰে নিজৰ ঘৰত যীচুক আদৰণি জনালে। ৭ যেতিয়া তেওঁলোকে এয়া দেখিলে, তেতিয়া সকলোৱে ভোৰভোৰাবলৈ ধৰিলে, “ই এনে এজন মানুহৰ ঘৰত আছে, যিজন পাপী হয়।” ৮ কিন্তু চক্কেয় থিয় হʼল আৰু তেওঁ প্ৰভুক কʼলে, “প্ৰভু চাওক! মই নিজৰ সম্পত্তিৰ আধাখিনি দুখীয়াসকলক দিছোঁ আৰু মই যি যি লোকক লুট কৰিছিলোঁ,* তেওঁলোকক মই চাৰিগুণ উভতাই দিছোঁ।” ৯ তেতিয়া যীচুৱে তেওঁক কʼলে, “আজি ঈশ্বৰে এই পৰিয়ালক উদ্ধাৰ কৰিছে, কিয়নো তুমিও অব্ৰাহামৰ এজন বংশ। ১০ কাৰণ যিসকলে হেৰাই গৈছে, তেওঁলোকক মানুহৰ পুত্ৰই বিচাৰিবলৈ আৰু উদ্ধাৰ কৰিবলৈ আহিছে।”
১১ যেতিয়া শিষ্যসকলে এই কথাবোৰ শুনি আছিল, তেতিয়া তেওঁ এটা উদাহৰণো দিলে, কিয়নো তেওঁ যিৰূচালেমৰ ওচৰত আছিল আৰু শিষ্যসকলে ভাবিছিল যে ঈশ্বৰৰ ৰাজ্য সেই সময়তেই আহিব। ১২ তেওঁ কʼলে, “ৰাজকীয় বংশৰ এজন মানুহ আছিল। তেওঁ ৰাজপদ লৈ উভতি আহিবৰ বাবে দূৰ দেশলৈ যাত্ৰা কৰিলে। ১৩ তেওঁ নিজৰ দহজন দাসক মাতি তেওঁলোকক দহ মীনা ৰূপৰ মুদ্ৰা* দিলে আৰু তেওঁলোকক কʼলে, ‘যেতিয়ালৈকে মই উভতি নাহোঁ, তেতিয়ালৈকে এইবোৰ লৈ ব্যৱসায় কৰা।’ ১৪ কিন্তু তেওঁৰ দেশৰ লোকসকলে তেওঁক ঘিণ কৰিছিল আৰু তেওঁলোকে ৰাজদূতসকলৰ এটা দলক তেওঁৰ পিছে পিছে এইদৰে কʼবলৈ পঠালে, ‘এই মানুহজন আমাৰ ৰজা হোৱাটো আমি নিবিচাৰোঁ।’
১৫ ৰাজপদ পোৱাৰ* পাছত সেই মানুহজন উভতি আহিল। তেওঁ সেই দাসসকলক মাতিলে, যিসকলক তেওঁ টকা* দি গৈছিল। তেওঁলোকে সেই টকাৰে ব্যৱসায় কৰি আৰু কিমান উপাৰ্জন কৰিলে, সেয়া তেওঁ চাব বিচাৰিছিল। ১৬ তেতিয়া প্ৰথমজন দাস তেওঁৰ ওচৰলৈ আহিলে আৰু কʼবলৈ ধৰিলে, ‘মালিক, আপুনি মোক এক মীনা ৰূপৰ মুদ্ৰা দিছিল, তাৰ পৰা মই দহ মীনা ৰূপৰ মুদ্ৰা উপাৰ্জন কৰিলোঁ।’ ১৭ তেতিয়া মালিকজনে তেওঁক কʼলে, ‘খুব ভাল, উত্তম দাস! তুমি অলপ বিষয়তে বিশ্বাসী বুলি প্ৰমাণ কৰিলা। মই তোমাক দহখন চহৰৰ অধিকাৰী পাতিম।’ ১৮ এতিয়া দ্বিতীয়জনে আহি কʼবলৈ ধৰিলে, ‘মালিক, আপুনি মোক এক মীনা ৰূপৰ মুদ্ৰা দিছিল, তাৰ পৰা মই পাঁচ মীনা ৰূপৰ মুদ্ৰা উপাৰ্জন কৰিলোঁ।’ ১৯ মালিকজনে তেওঁক কʼলে, ‘মই তোমাকো পাঁচখন চহৰৰ অধিকাৰী পাতিম।’ ২০ কিন্তু আৰু এজনে আহি কʼবলৈ ধৰিলে, ‘মালিক, এয়া লওক আপোনাৰ ৰূপৰ মুদ্ৰা। মই ইয়াক কাপোৰত বান্ধি লুকুৱাই থৈছিলোঁ। ২১ মই আপোনালৈ ভয় কৰিছিলোঁ, কিয়নো আপুনি এজন কঠোৰ মানুহ। আপুনি যি টকা জমা কৰা নাই, সেই টকা লয় আৰু যি শস্য বোৱা নাই, সেই শস্য দায়।’ ২২ মালিকে তেওঁক কʼলে, ‘হে দুষ্ট দাস, তই যি কʼলি, তাৰ পৰাই মই তোৰ বিচাৰ কৰিম। মই যি টকা জমা কৰা নাই সেয়া লওঁ, যি শস্য বোৱা নাই, সেই শস্য দাওঁ আৰু মই এজন কঠোৰ মানুহ হওঁ বুলি তই জানিছিলি, নহয় নে? ২৩ তেনেহʼলে তই মোৰ টকা* মহাজনৰ ওচৰত কিয় জমা নকৰিলি? এইদৰে কৰা হʼলে মই উভতি আহি সুতে সৈতে মোৰ টকাখিনি পালোঁহেঁতেন।’
২৪ তেতিয়া মালিকে আশে-পাশে থিয় হৈ থকা লোকসকলক কʼলে, ‘ইয়াৰ পৰা এই ৰূপ লৈ লোৱা আৰু সেইজনক দি দিয়া, যাৰ ওচৰত দহ মীনা ৰূপ আছে।’ ২৫ কিন্তু তেওঁলোকে কʼলে, ‘মালিক, তাৰ ওচৰত দেখোন আগৰে পৰা দহ মীনা ৰূপ আছে!’ . . . ২৬ ‘মই তোমালোকক কৈছোঁ, যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব, কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হʼব। ২৭ মোৰ যি শত্ৰুসকলে মই ৰজা হোৱাটো বিচৰা নাছিল, সিহঁতক ইয়ালৈ আনা আৰু মোৰ সন্মুখত মাৰি পেলোৱা।’”
২৮ এই কথা কোৱাৰ পাছত যীচুৱে তেওঁলোকৰ আগে আগে যিৰূচালেমলৈ যাবলৈ ধৰিলে। ২৯ যেতিয়া তেওঁ জৈতুন নামৰ পাহাৰৰ বৈৎফগী আৰু বৈথনিয়াৰ ওচৰ পালেগৈ, তেতিয়া তেওঁ দুজন শিষ্যক এইদৰে কৈ পঠালে, ৩০ “যি গাঁও তোমালোকে দেখা পাইছা, তালৈ যোৱা। তাত গৈ তোমালোকে এটা গাধৰ পোৱালি বান্ধি থোৱা পাবা, যাৰ ওপৰত আজিলৈকে কোনো মানুহে বহা নাই। তাক খুলি লৈ আনা। ৩১ কিন্তু কোনোবাই যদি তোমালোকক সোধে, ‘তোমালোকে ইয়াক কিয় খুলিছা?’ তেনেহʼলে কʼবা, ‘প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।’” ৩২ তেতিয়া যিসকলক পঠোৱা হৈছিল, তেওঁলোকে ওলাই গʼল আৰু যীচুৱে যিদৰে কৈছিল, ঠিক সেইদৰে দেখা পালে। ৩৩ কিন্তু তেওঁলোকে গাধৰ পোৱালিটোক খুলি থকাৰ সময়ত তাৰ মালিকসকলে তেওঁলোকক সুধিলে, “তোমালোকে গাধ পোৱালিটোক কিয় খুলিছা?” ৩৪ তেওঁলোকে কʼলে, “প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।” ৩৫ আৰু তেওঁলোকে গাধ পোৱালিটোক যীচুৰ ওচৰলৈ লৈ গʼল আৰু তেওঁলোকে সেই পোৱালিটোৰ ওপৰত নিজৰ কাপোৰ পাৰি দিলে আৰু যীচুক তাৰ ওপৰত বহোৱালে।
৩৬ যীচু গৈ থাকোঁতে লোকসকলে ৰাস্তাত তেওঁৰ আগে আগে নিজৰ কাপোৰ পাৰিবলৈ ধৰিলে। ৩৭ তেওঁলোকে জৈতুন পাহাৰৰ পৰা নামি যোৱা ৰাস্তাৰ ওচৰ পোৱাৰ লগে লগে তেওঁৰ শিষ্যসকলৰ গোটেই ভিৰে আনন্দ কৰিবলৈ ধৰিলে আৰু জোৰ জোৰকৈ ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে, কিয়নো তেওঁলোকে বহুতো আচৰিত কাম দেখিছিল। ৩৮ তেওঁলোকে কʼবলৈ ধৰিলে, “যিজন ৰজা হৈ যিহোৱাৰ নামেৰে আহে, তেওঁ ধন্য! স্বৰ্গত শান্তি হওক আৰু স্বৰ্গত থকা ঈশ্বৰৰ মহিমা হওক!” ৩৯ কিন্তু ভিৰৰ মাজৰ কিছুমান ফৰীচীয়ে তেওঁক কʼবলৈ ধৰিলে, “গুৰু, আপুনি নিজৰ শিষ্যসকলক ধমকি দিয়ক।” ৪০ কিন্তু তেওঁ কʼলে, “মই তোমালোকক কৈছোঁ, যদি এওঁলোকে মনে মনে থাকে, তেনেহʼলে শিলবোৰে কʼবলৈ ধৰিব।”
৪১ আৰু তেওঁ যেতিয়া চহৰৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁ চহৰখন দেখি কান্দিবলৈ ধৰিলে। ৪২ আৰু কʼবলৈ ধৰিলে, “হায়, কিহে শান্তি দিয়ে, এই কথা আজি তুমি বুজি পোৱা হʼলে! কিন্তু এতিয়া এই কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰখা হৈছে। ৪৩ কিয়নো সেই দিন আহিব যেতিয়া তোমাৰ শত্ৰুসকলে তোমাৰ চাৰিওফালে জোঙা কাঠেৰে বেৰা দিব আৰু তোমাক চাৰিওফালে বেৰি ধৰিব।* ৪৪ তেওঁলোকে তোমাক আৰু তোমাৰ লʼৰা-ছোৱালীক মাটিত থেকেচি থেকেচি মাৰি পেলাব। তেওঁলোকে তোমাৰ ইয়াৰ এটাও শিল, আনটো শিলৰ ওপৰত থাকিবলৈ নিদিব, কিয়নো তোমাক যেতিয়া পৰীক্ষা কৰা হৈছিল, তেতিয়া সেই সময় তুমি চিনি নাপালা।”
৪৫ তাৰ পাছত যীচু মন্দিৰলৈ গʼল আৰু যিসকলে মন্দিৰত কিনা-বেচা কৰি আছিল, তেওঁলোকক বাহিৰ কৰিবলৈ ধৰিলে। ৪৬ যীচুৱে তেওঁলোকক কʼলে, “শাস্ত্ৰত লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ বুলি কোৱা হʼব,’ কিন্তু তোমালোকে ইয়াক ডকাইতৰ আড্ডা* বনাইছা।”
৪৭ তেওঁ প্ৰতিদিনে মন্দিৰত শিকাই আছিল। কিন্তু প্ৰধান পুৰোহিত, নিয়ম শিকোৱা লোক* আৰু লোকসকলৰ মাজৰ প্ৰধান মানুহবিলাকে তেওঁক হত্যা কৰিবলৈ সুযোগ বিচাৰি আছিল। ৪৮ কিন্তু তেওঁলোকে এইদৰে কৰিবলৈ সুযোগ পোৱা নাছিল, কিয়নো সকলোৱে তেওঁৰ কথা শুনিবলৈ সদায় তেওঁক আগুৰি ধৰিছিল।
২০ এদিন যেতিয়া তেওঁ লোকসকলক মন্দিৰত শিকাই আছিল আৰু শুভবাৰ্তা জনাই আছিল, তেতিয়া প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* যিহূদী নেতাসকলৰ লগত তেওঁৰ ওচৰলৈ আহিলে। ২ তেওঁলোকে যীচুক সুধিবলৈ ধৰিলে, “কোৱা, তুমি এইবোৰ কি অধিকাৰেৰে কৰিছা? আৰু এই অধিকাৰ তোমাক কোনে দিলে?” ৩ তেওঁ কʼলে, “ময়ো তোমালোকক এটা প্ৰশ্ন সোধোঁ। তোমালোকে মোক তাৰ উত্তৰ দিয়া। ৪ যোহন বাপ্তিষ্মা দিওঁতাক কোনে পঠাইছিল, স্বৰ্গত থকা ঈশ্বৰে, নে মানুহে?” ৫ তেতিয়া তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “যদি আমি কওঁ, ‘ঈশ্বৰে পঠাইছে,’ তেনেহʼলে তেওঁ আমাক কʼব, ‘তেনেহʼলে তোমালোকে তেওঁক কিয় বিশ্বাস নকৰিলা?’ ৬ কিন্তু আমি যদি কওঁ, ‘মানুহে পঠাইছে,’ তেনেহʼলে সকলোৱে আমাক শিল দলিয়াই মাৰি পেলাব। কাৰণ তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে যোহন এজন ভৱিষ্যবক্তা আছিল।” ৭ সেইবাবে, তেওঁলোকে কʼলে যে আমি নাজানোঁ তেওঁক কোনে পঠাইছিল। ৮ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তেনেহʼলে ময়ো তোমালোকক নকওঁ যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ।”
৯ তাৰ পাছত তেওঁ লোকসকলক এই উদাহৰণ দিবলৈ ধৰিলে: “এজন মানুহে আঙুৰৰ খেতি কৰি সেইবোৰ খেতি কৰা লোকসকলক গতাই বহুদিনৰ কাৰণে বিদেশলৈ গুচি গʼল। ১০ যেতিয়া আঙুৰ চপোৱাৰ সময় আহিল, তেতিয়া তেওঁ নিজৰ ভাগ আনিবৰ কাৰণে খেতি কৰা লোকসকলৰ ওচৰলৈ নিজৰ এজন দাসক পঠিয়ালে। কিন্তু খেতি কৰা লোকসকলে সেই দাসক মাৰ-পিট কৰিলে আৰু তেওঁক খালি হাতে পঠিয়াই দিলে। ১১ তাৰ পাছত তেওঁ আৰু এজন দাসক তেওঁলোকৰ ওচৰলৈ পঠিয়ালে। তেওঁলোকে সেই দাসজনকো মাৰ-পিট কৰিলে, অপমান কৰিলে আৰু খালি হাতে পঠাই দিলে। ১২ তথাপিও তেওঁ তৃতীয়জনক পঠিয়ালে। তেওঁলোকে সেই দাসজনকো আঘাত কৰি খেদি পঠিয়ালে। ১৩ তেতিয়া খেতিৰ মালিকজনে কʼলে, ‘এতিয়া মই কি কৰিম? মই নিজৰ মৰমৰ লʼৰাক পঠাম, হয়তো তেওঁলোকে তাক সন্মান কৰিব।’ ১৪ খেতি কৰা লোকসকলে তেওঁৰ লʼৰাক দেখাৰ লগে লগে নিজৰ মাজতে কʼলে, ‘এওঁৱেই উত্তৰাধিকাৰী। আহা, ইয়াক হত্যা কৰোঁ, তেতিয়া তেওঁৰ সম্পত্তি আমাৰ হৈ যাব।’ ১৫ তেওঁলোকে তেওঁক খেতিৰ বাহিৰলৈ নি হত্যা কৰিলে। এতিয়া খেতিৰ মালিকে তেওঁলোকৰ লগত কি কৰিব? ১৬ তেওঁ আহিব আৰু সেই খেতি কৰা লোকসকলক হত্যা কৰিব আৰু আঙুৰৰ খেতি আন খেতিয়কক দি দিব।”
এয়া শুনি তেওঁলোকে কʼলে, “এইদৰে কেতিয়াও নহওক!” ১৭ কিন্তু তেওঁ তেওঁলোকলৈ চাই কʼলে, “তেনেহʼলে শাস্ত্ৰত এই যি কথা লিখা আছে ইয়াৰ অৰ্থ কি: ‘ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল’? ১৮ যি কোনোৱে এই শিলৰ ওপৰত পৰিব, তেওঁ ডোখৰ ডোখৰকৈ ভাঙি যাব আৰু যাৰ ওপৰত এই শিল পৰিব, তেওঁ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।”
১৯ তেতিয়া নিয়ম শিকোৱা লোক আৰু প্ৰধান পুৰোহিতসকলে তেওঁক সেই সময়তেই ধৰিব বিচাৰিছিল, কিয়নো তেওঁলোকে বুজি পাইছিল যে যীচুৱে তেওঁলোকক মনত ৰাখি এই উদাহৰণ দিছে। কিন্তু তেওঁলোকে লোকসকলক ভয় কৰিছিল। ২০ তেওঁলোকে তেওঁৰ ওপৰত চকু ৰাখিছিল। যীচুৰ ওচৰত ভাল কাম কৰাৰ ভাও ধৰিবলৈ আৰু তেওঁৰ কথাতে তেওঁক ফান্দত পেলাবলৈ তেওঁলোকে কিছুমান লোকক মনে মনে পইচা দিছিল যাতে তেওঁক চৰকাৰ আৰু ৰাজ্যপালৰ* হাতত গতাই দিব পাৰে। ২১ তেওঁলোকে যীচুক কʼলে, “হে গুৰু, আমি জানোঁ যে আপুনি সঁচা কথা কয় আৰু সত্য শিকায় আৰু কাৰো লগত পক্ষপাত নকৰে। ইয়াৰ পৰিৱৰ্তে, আপুনি ঈশ্বৰৰ বিষয়ে সত্য শিকায়। ২২ আমাক কওক সম্ৰাটক* কৰ দিয়াটো উচিত হয় নে নহয়?” ২৩ কিন্তু যীচুৱে তেওঁলোকৰ চতুৰালি বুজি পালে আৰু তেওঁলোকক কʼলে, ২৪ “মোক এটা দীনাৰ* দেখুৱা, ইয়াত কাৰ ছবি আৰু নাম আছে?” তেওঁলোকে কʼলে, “সম্ৰাটৰ।” ২৫ তেওঁ কʼলে, “তেনেহʼলে যি সম্ৰাটৰ হয়, সেয়া সম্ৰাটক দিয়া আৰু যি ঈশ্বৰৰ হয়, সেয়া ঈশ্বৰক দিয়া।” ২৬ তেওঁলোকে লোকসকলৰ আগত তেওঁৰ কথাতে তেওঁক ফান্দত পেলাব নোৱাৰিলে, ইয়াৰ পৰিৱৰ্তে, তেওঁৰ কথা শুনি তেওঁলোক আচৰিত হʼল আৰু মনে মনে থাকিল।
২৭ কিন্তু মৃতবিলাকক আকৌ জীয়াই তোলা হʼব* বুলি বিশ্বাস নকৰা চদ্দূকীসকলৰ মাজৰ কিছুমান লোকে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁক সুধিবলৈ ধৰিলে, ২৮ “গুৰু, মোচিয়ে আমাৰ কাৰণে লিখিছিল, ‘যদি কোনো ব্যক্তি সন্তান নোহোৱাকৈ মৰি যায় আৰু নিজৰ পত্নীক এৰি যায়, তেনেহʼলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰি নিজৰ মৃত ককায়েকৰ কাৰণে সন্তান জন্ম দিয়া উচিত।’ ২৯ সাতজন ভাই-ককাই আছিল। প্ৰথমজনে বিয়া কৰি সন্তান নোহোৱাকৈ মৰিল। ৩০ তাৰ পাছত দ্বিতীয়জনে সেই তিৰোতাকে বিয়া কৰিলে, কিন্তু তেৱোঁ সন্তান নোহোৱাকৈ মৰিল। ৩১ তৃতীয়জনেও তেওঁক বিয়া কৰিলে। এইদৰে সাতজন ভাই-ককায়ে এজন এজনকৈ সেই তিৰোতাক বিয়া কৰিলে, কিন্তু সন্তান নোহোৱাকৈ তেওঁলোক মৰিল। ৩২ অৱশেষত সেই তিৰোতাগৰাকীও মৰি গʼল। ৩৩ মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ সেই সাতজনৰ ভিতৰত কাৰ পত্নী হʼব? কাৰণ সেই সাতজনেই তেওঁক বিয়া কৰিছিল।”
৩৪ যীচুৱে তেওঁলোকক কʼলে, “এই জগতত* মানুহবিলাকে বিয়া-বাৰু কৰে। ৩৫ কিন্তু আকৌ জীৱিত হʼবলৈ আৰু সেই জগতত জীৱন পাবলৈ যিসকল লোকক যোগ্য বুলি গণ্য কৰা হʼব, তেওঁলোকে বিয়া-বাৰু নকৰিব। ৩৬ আচলতে তেওঁলোকৰ কেতিয়াও মৃত্যু নহʼব। কিয়নো, তেওঁলোকে স্বৰ্গদূতৰ দৰে হʼব আৰু মৃতবিলাকৰ মাজৰ পৰা জীৱিত হোৱাৰ বাবে তেওঁলোকক ঈশ্বৰৰ সন্তান বুলি কোৱা হʼব। ৩৭ কিন্তু মৃতবিলাকক যে জীয়াই তোলা হʼব, তাৰ বিষয়ে মোচিয়েও জ্বলি থকা জোপোহাৰ বিৱৰণত কৈছিল। সেই বিৱৰণত তেওঁ যিহোৱাক* ‘অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ’ বুলি কৈছে। ৩৮ তেওঁ মৃতবিলাকৰ নহয়, কিন্তু জীৱিতবিলাকৰ ঈশ্বৰ, কিয়নো তেওঁৰ দৃষ্টিত সেই সকলো জীয়াই আছে।” ৩৯ এয়া শুনি নিয়ম শিকোৱা লোকসকলৰ মাজৰ কিছুমানে কʼলে, “গুৰু, আপুনি ঠিকেই কৈছে।” ৪০ ইয়াৰ পাছত তেওঁলোকে যীচুক আৰু একো প্ৰশ্ন সুধিবলৈও সাহস নকৰিলে।
৪১ তাৰ পাছত যীচুৱে তেওঁলোকক প্ৰশ্ন সুধিলে, “লোকসকলে খ্ৰীষ্টক, দায়ূদৰ কেৱল বংশ হয় বুলি কিয় কয়? ৪২ দায়ূদে নিজে গীতমালা কিতাপত কৈছে, ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, ৪৩ “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰি-পীৰা নকৰালৈকে, তুমি মোৰ সোঁহাতে বহি থাকা।”’ ৪৪ দায়ূদে যদি তেওঁক প্ৰভু বুলি কয়, তেনেহʼলে তেওঁ দায়ূদৰ বংশৰ কেনেকৈ হʼব পাৰে?”
৪৫ যেতিয়া সকলোৱে যীচুৰ কথা শুনি আছিল, তেতিয়া তেওঁ শিষ্যসকলক কʼলে, ৪৬ “নিয়ম শিকোৱা লোকসকলৰ পৰা সাৱধানে থাকা। তেওঁলোকে দীঘল দীঘল কাপোৰ পিন্ধি ঘূৰি ফুৰিবলৈ ভাল পায় আৰু বজাৰত লোকসকলে তেওঁলোকক নমস্কাৰ বুলি কোৱাটো বিচাৰে আৰু সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহি আৰু ৰাতিৰ ভোজত প্ৰধান ঠাইত বহি ভাল পায়, ৪৭ কিন্তু তেওঁলোকে বিধৱাবিলাকৰ ঘৰ* কাঢ়ি লয় আৰু আনক দেখুৱাবলৈ দীঘল দীঘলকৈ প্ৰাৰ্থনা কৰে। তেওঁলোকে আনৰ তুলনাত আৰু বেছিকৈ কঠোৰ শাস্তি পাব।”
২১ তাৰ পাছত যীচুৱে চাই দেখিলে যে ধনী লোকসকলে দান-পাত্ৰত দান দি আছে। ২ তেতিয়া তেওঁ এগৰাকী দুখীয়া বিধৱাক একেবাৰে কম মূল্যৰ দুটা মুদ্ৰা* দিয়া দেখিলে ৩ আৰু কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, এই দুখীয়া বিধৱাগৰাকীয়ে সেই সকলোতকৈ বেছি দিলে। ৪ কিয়নো তেওঁলোক সকলোৱে নিজৰ অধিক হোৱা ধনৰ পৰা দিছিল, কিন্তু সেই বিধৱাগৰাকীয়ে অভাৱ হোৱাৰ সত্ত্বেও তেওঁৰ ওচৰত যি আছিল, সেই সকলো দিলে।”
৫ পাছত যেতিয়া তেওঁলোকৰ মাজৰ কিছুমানে মন্দিৰটো কিমান ধুনীয়া ধুনীয়া শিলেৰে আৰু ঈশ্বৰলৈ সমৰ্পণ কৰা বস্তুবোৰেৰে সজোৱা হৈছে বুলি কথা পাতি আছিল, ৬ তেতিয়া তেওঁ কʼলে, “এনে এদিন আহিব যেতিয়া এই সকলো যি তোমালোকে দেখিছা, এইবোৰৰ এটাও শিল, আনটো শিলৰ ওপৰত নাথাকিব। সকলোবিলাক ধ্বংস হৈ যাব।” ৭ তেতিয়া শিষ্যসকলে তেওঁক সুধিলে, “গুৰু, এইবোৰ আচলতে কেতিয়া হʼব আৰু এইবোৰ যে ঘটিব, তাৰ চিন কি হʼব?” ৮ তেওঁ কʼলে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা। কাৰণ বহুতো লোকে মোৰ নামেৰে আহি কʼব, ‘মই সেইজনেই’ আৰু ‘নিৰ্ধাৰিত সময় ওচৰ পালেহি।’ তোমালোকে তেওঁলোকৰ পিছে পিছে নাযাবা। ৯ ইয়াৰ উপৰিও, যেতিয়া তোমালোকে যুদ্ধ আৰু হুলস্থুলৰ* খবৰ শুনিবা, তেতিয়া ভয় নাখাবা। কিয়নো প্ৰথমে এইদৰে হʼব লাগিব, কিন্তু তেতিয়াই অন্ত নহʼব।”
১০ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ বিৰুদ্ধে উঠিব। ১১ ডাঙৰ ডাঙৰ ভূমিকম্প হʼব আৰু ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হʼব। ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা যাব আৰু আকাশত ডাঙৰ ডাঙৰ চিন দেখিবলৈ পোৱা যাব।
১২ কিন্তু এইবোৰ হোৱাৰ আগতেই লোকসকলে তোমালোকক গ্ৰেপ্তাৰ কৰিব, তোমালোকক তাড়না দিব, তোমালোকক সভাঘৰবোৰত গতাই দিব আৰু জেলত বন্দী কৰিব। মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু ৰাজ্যপালবিলাকৰ ওচৰলৈ নিয়া হʼব। ১৩ তেতিয়া তোমালোকে সাক্ষ্য দিবলৈ সুযোগ পাবা। ১৪ সেইবাবে, নিজকে বচাবলৈ কি কʼম, তাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতি নকৰিম বুলি থিৰাং কৰি লোৱা। ১৫ কাৰণ মই তোমালোকক কʼবলৈ এনে শব্দ আৰু এনে বুদ্ধি দিম যে সকলো বিৰোধীয়ে মিলিও তোমালোকক বিৰোধ কৰিব নোৱাৰিব আৰু একো কʼবও নোৱাৰিব। ১৬ আনকি, তোমালোকৰ মা-দেউতা, ভাই-ককাই, সম্বন্ধীয় আৰু বন্ধুসকলেও তোমালোকক ন্যায়াধীশৰ হাতত গতাই দিব* আৰু তোমালোকৰ মাজৰ কিছুমানক হত্যা কৰা হʼব। ১৭ মোৰ নামৰ কাৰণে সকলোৱে তোমালোকক ঘিণ কৰিব। ১৮ কিন্তু তোমালোকৰ মূৰৰ এডালি চুলিও নষ্ট নহʼব। ১৯ তোমালোকে ধৈৰ্য ধৰিলে নিজৰ জীৱন বচাব পাৰিবা।
২০ যেতিয়া যিৰূচালেমক সৈন্যসকলে আগুৰি ধৰা তোমালোকে দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা। ২১ তেতিয়া যিসকলে যিহূদিয়াত আছে, তেওঁলোকে পাহাৰৰ ফালে পলাবলৈ আৰম্ভ কৰক আৰু যিসকলে যিৰূচালেমৰ ভিতৰত আছে, তেওঁলোকে বাহিৰলৈ ওলাই যাওক আৰু যিসকলে গাঁওবোৰত আছে, তেওঁলোকে যিৰূচালেমলৈ নাযাওক। ২২ কিয়নো সেই দিন প্ৰতিশোধ লোৱাৰ* দিন হʼব যাতে শাস্ত্ৰত লিখা সকলো কথা পূৰ হয়। ২৩ গৰ্ভৱতী তিৰোতা আৰু কেঁচুৱাক গাখীৰ খোৱাওঁতা তিৰোতাসকলৰ বাবে সেই দিনটো কিমান যে ভয়ানক হʼব! কাৰণ গোটেই দেশত দুৰ্দশা দেখিবলৈ পোৱা যাব আৰু এই লোকসকলক শাস্তি দিয়া হʼব। ২৪ তেওঁলোকক তৰোৱালেৰে হত্যা কৰা হʼব আৰু তেওঁলোকক গোটেই ৰাষ্ট্ৰত বন্দী কৰি লৈ যোৱা হʼব আৰু যেতিয়ালৈকে ৰাষ্ট্ৰবোৰৰ* কাৰণে নিৰ্ধাৰিত কৰা সময় পূৰ নহয়, তেতিয়ালৈকে যিৰূচালেমক ৰাষ্ট্ৰবোৰে ভৰিৰে গচকিব।
২৫ ইয়াৰ উপৰিও সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত চিন দেখিবলৈ পোৱা যাব আৰু পৃথিৱীৰ ৰাষ্ট্ৰৰ লোকসকলৰ ওপৰত সংকট হʼব, কিয়নো সাগৰ আৰু ঢৌৰ তৰ্জন-গৰ্জনৰ কাৰণে তেওঁলোকে বাচিবলৈ কোনো উপায় বিচাৰি নাপাব। ২৬ পৃথিৱীত আৰু কি কি হʼব, এই চিন্তা আৰু ভয়ৰ কাৰণে লোকসকল অজ্ঞান হৈ পৰিব। কাৰণ আকাশৰ শক্তিবোৰ লৰোৱা হʼব। ২৭ ইয়াৰ পাছত তেওঁলোকে মানুহৰ পুত্ৰক শক্তি আৰু মহিমাৰে সৈতে মেঘৰ ওপৰত অহা দেখিব। ২৮ কিন্তু যেতিয়া এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হʼব, তেতিয়া তোমালোকে মূৰ দাঙি চিধাকৈ থিয় হʼবা, কিয়নো তোমালোকে উদ্ধাৰ পোৱাৰ সময় ওচৰ চাপিছেহি।”
২৯ যীচুৱে তেওঁলোকক এটা উদাহৰণ দিলে: “ডিমৰু গছ আৰু আন সকলো গছবোৰলৈ মন কৰা। ৩০ যেতিয়া সেই গছবোৰে কুঁহিপাত মেলে, তেতিয়া সেয়া দেখি গৰমকাল ওচৰ পালেহি বুলি তোমালোকে জানা। ৩১ ঠিক সেইদৰে, যেতিয়া তোমালোকে এই সকলো কথা হোৱা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিছেহি বুলি জানিবা। ৩২ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে এই সকলো কথা পূৰ নহʼব, তেতিয়ালৈকে এই যুগৰ লোকসকল কেতিয়াও লুপ্ত নহʼব। ৩৩ আকাশ আৰু পৃথিৱী লুপ্ত হʼব, কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহʼব।
৩৪ কিন্তু তোমালোকে সাৱধানে থাকা যাতে বেছিকৈ খোৱা-বোৱা আৰু জীৱনৰ চিন্তাৰ গধুৰ বোজাই যেন তোমালোকৰ হৃদয়ক হেঁচি নধৰে আৰু হঠাতে সেই দিন যেন তোমালোকৰ ওপৰত ৩৫ ফান্দৰ দৰে নাহে। কিয়নো সেই দিন পৃথিৱীত থকা সকলো লোকৰ ওপৰত আহিব। ৩৬ সেইবাবে, সতৰ্ক হৈ থাকা আৰু সকলো সময়তে প্ৰাৰ্থনা আৰু মিনতি কৰি থাকা যাতে যিবোৰ ঘটনা ঘটিব, তাৰ পৰা তোমালোকে বাচিব পাৰা আৰু মানুহৰ পুত্ৰৰ আগত থিয় হʼব পাৰা।”
৩৭ এইদৰে যীচুৱে দিনত মন্দিৰত শিকাইছিল আৰু ৰাতি চহৰৰ পৰা বাহিৰলৈ ওলাই জৈতুন নামৰ পাহাৰত গৈ থাকিছিল। ৩৮ সকলোৱে মন্দিৰত তেওঁৰ কথা শুনিবলৈ ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।
২২ খমিৰ* নোহোৱা ৰুটিৰ উৎসৱ ওচৰ পাইছিলহি, যাক নিস্তাৰ-পৰ্ব বুলি কোৱা হয়। ২ আৰু প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* যীচুক হত্যা কৰিবলৈ এটা ভাল সুযোগ বিচাৰি আছিল, কাৰণ তেওঁলোকে লোকসকলক ভয় কৰিছিল। ৩ তাৰ পাছত চয়তানে যিহূদা ঈষ্কৰিয়োতীয়াৰ ভিতৰত সোমালে। তেওঁ সেই ১২ জনৰ মাজৰ এজন আছিল। ৪ যিহূদাই ওলাই প্ৰধান পুৰোহিত আৰু মন্দিৰৰ প্ৰহৰীবিলাকৰ মুৰব্বীৰ ওচৰলৈ গʼল আৰু যীচুক কেনেকৈ তেওঁলোকৰ হাতত ধৰাই দিব, তাৰ বিষয়ে তেওঁলোকৰ লগত কথা পাতিলে। ৫ তেতিয়া তেওঁলোকে বহুত আনন্দিত হʼল আৰু তেওঁলোকে যিহূদাক ৰূপৰ মুদ্ৰা দিম বুলি কʼলে। ৬ যিহূদা মান্তি হʼল আৰু ভিৰৰ লোকসকল তেওঁৰ ওচৰে-পাজৰে নথকাৰ সময়ত যীচুক ধৰাই দিবলৈ তেওঁ সুযোগ বিচাৰি থাকিল।
৭ এতিয়া খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ দিন আহিল, যিদিনাখন নিস্তাৰ-পৰ্বৰ বলি আগবঢ়াবলগীয়া হৈছিল। ৮ যীচুৱে পিতৰ আৰু যোহনক এইদৰে কৈ পঠিয়ালে, “যোৱা আৰু আমাৰ কাৰণে নিস্তাৰ-পৰ্বৰ ভোজ প্ৰস্তুত কৰা।” ৯ তেওঁলোকে সুধিলে, “আমি কʼত গৈ এই ভোজ প্ৰস্তুত কৰাটো আপুনি বিচাৰে?” ১০ তেওঁ কʼলে, “চোৱা! যেতিয়া তোমালোকে চহৰলৈ যাবা, তেতিয়া তোমালোকে পানীৰ কলহ লৈ অহা এজন মানুহক পাবা। তেওঁৰ পিছে পিছে সেইখন ঘৰতে সোমাবা, যিখন ঘৰত তেওঁ সোমাব। ১১ তোমালোকে সেই ঘৰৰ মালিকজনক কʼবা, ‘গুৰুৱে সুধিছে, “মই যি ঠাইত মোৰ শিষ্যসকলৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খাম, সেই আলহী কোঠালি কʼত?”’ ১২ তাৰ পাছত তেওঁ তোমালোকক ওপৰত সজাই থোৱা এটা ডাঙৰ কোঠালি দেখুৱাব। তাত নিস্তাৰ-পৰ্বৰ ভোজ তৈয়াৰী কৰিবা।” ১৩ তেতিয়া তেওঁলোকে ওলাই গʼল আৰু যীচুৱে তেওঁলোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁলোকে দেখা পালে আৰু তাত নিস্তাৰ-পৰ্বৰ কাৰণে তৈয়াৰী কৰিলে।
১৪ যেতিয়া সময় হʼল, তেতিয়া তেওঁ নিজৰ পাঁচনিসকলৰ* লগত খোৱা-বোৱা কৰিবলৈ বহিল।* ১৫ যীচুৱে তেওঁলোকক কʼলে, “মই দুখ-কষ্ট ভোগাৰ আগতে তোমালোকৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খোৱাটো মোৰ বৰ আশা আছিল। ১৬ কিয়নো মই তোমালোকক কৈছোঁ যে যেতিয়ালৈকে ইয়াৰ লগত জড়িত সকলো কথা ঈশ্বৰৰ ৰাজ্যত পূৰ নহয়, তেতিয়ালৈকে মই এই ভোজ নাখাম।” ১৭ তাৰ পাছত তেওঁ এটা পাত্ৰ লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দিলে আৰু কʼলে, “এয়া লোৱা আৰু এজন এজনকৈ ইয়াৰ পৰা খোৱা। ১৮ কাৰণ মই তোমালোকক কৈছোঁ, যেতিয়ালৈকে ঈশ্বৰৰ ৰাজ্য নাহে, তেতিয়ালৈকে মই এই দ্ৰাক্ষাৰস নাখাম।”
১৯ তাৰ পাছত তেওঁ এখন ৰুটি লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া ভাঙিলে আৰু তেওঁলোকক দি এইদৰে কʼলে, “ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে, যি তোমালোকৰ কাৰণে দিয়া হʼব। মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।” ২০ নিস্তাৰ-পৰ্বৰ ভোজ খোৱাৰ পাছত তেওঁ এটা পাত্ৰ লৈয়ো এইদৰেই কৰিলে আৰু কʼলে, “এই পাত্ৰই ঈশ্বৰৰ লগত কৰা সেই নতুন চুক্তিক চিত্ৰিত কৰে, যাক মোৰ তেজেৰে নিশ্চিত কৰা হʼব, মোৰ এই তেজ তোমালোকৰ কাৰণে দিয়া হʼব।
২১ কিন্তু চোৱা! যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ মোৰ লগত এই মেজতে বহি আছে। ২২ মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ ভৱিষ্যবাণী কৰা হৈছিল, তেনেকৈ তেওঁ তোমালোক সকলোকে এৰি গৈছে। কিন্তু যিজন ব্যক্তিয়ে মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিব, তেওঁৰ অৱস্থা বহুত বেয়া হʼব!” ২৩ সেইবাবে, তেওঁলোকে নিজৰ মাজতে কথা পাতিবলৈ ধৰিলে যে তেওঁলোকৰ মাজৰ কোন হʼব পাৰে, যিজনে এইদৰে কৰিব।
২৪ কিন্তু তেওঁলোকৰ মাজত কোন ডাঙৰ, এই কথাক লৈ তেওঁলোকে কাজিয়া কৰিবলৈ ধৰিলে। ২৫ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “জগতৰ ৰজাবিলাকে লোকসকলৰ ওপৰত শাসন চলায় আৰু তেওঁলোকৰ ওপৰত শাসন চলোৱা লোকসকলক দানশীল বুলি কোৱা হয়। ২৬ কিন্তু তোমালোকে এইদৰে হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, যিজনে তোমালোকৰ মাজত সকলোতকৈ ডাঙৰ হয়, তেওঁ সকলোতকৈ সৰু হোৱা উচিত আৰু যিজনে নেতৃত্ব লয়, তেওঁ সেৱকৰ দৰে হোৱা উচিত। ২৭ কোন সকলোতকৈ ডাঙৰ, খাবলৈ বহাজন নে সেৱা কৰাজন? খাবলৈ বহাজন নহয় নে? কিন্তু মই তোমালোকৰ মাজত সেৱকৰ দৰে হওঁ।
২৮ কিন্তু মোৰ পৰীক্ষাৰ সময়ত মোৰ লগত থকাসকল তোমালোকেই হোৱা। ২৯ মোৰ পিতৃয়ে যিদৰে মোৰ লগত এটা চুক্তি কৰিছে, ঠিক সেইদৰে ময়ো তোমালোকৰ লগত ৰাজ্যৰ এটা চুক্তি কৰিছোঁ ৩০ যাতে তোমালোকে মোৰ ৰাজ্যত মোৰ মেজত বহি খোৱা-বোৱা কৰিব পাৰিবা আৰু সিংহাসনত বহি ইস্ৰায়েলৰ ১২ টা গোষ্ঠীৰ ন্যায় কৰিব পাৰিবা।
৩১ চিমোন, চিমোন, চোৱা! চয়তানে তোমালোকক ঘেঁহু চলাৰ দৰে চালিব খুজিছে। ৩২ কিন্তু তুমি নিজৰ বিশ্বাস নেহেৰুৱাবলৈ মই তোমাৰ কাৰণে মিনতি কৰিছোঁ। যেতিয়া তুমি অনুতাপ কৰি উভতি আহিবা, তেতিয়া নিজৰ ভাইসকলক মজবুত কৰিবা।” ৩৩ তেতিয়া পিতৰে তেওঁক কʼলে, “প্ৰভু, মই আপোনাৰ লগত জেলত যাবলৈ আৰু মৰিবলৈও সাজু আছোঁ।” ৩৪ কিন্তু যীচুৱে কʼলে, “পিতৰ, মই তোমাক কৈছোঁ, আজি তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ নকৰালৈকে কুকুৰাই ডাক নিদিব।”
৩৫ তেওঁ শিষ্যসকলক এয়াও কʼলে, “যেতিয়া মই তোমালোকক টকাৰ মোনা, খোৱাৰ মোনা আৰু জোতাৰ অবিহনে পঠিয়াইছিলোঁ, তেতিয়া তোমালোকৰ কিবা অভাৱ হৈছিল নে?” তেওঁলোকে কʼলে, “হোৱা নাছিল।” ৩৬ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “কিন্তু এতিয়া যাৰ ওচৰত টকাৰ মোনা আছে, তেওঁ সেয়া লৈ লওক আৰু খোৱাৰ মোনাও নিজৰ লগত ৰাখক। যাৰ ওচৰত তৰোৱাল নাই, তেওঁ নিজৰ কাপোৰ বেচি এখন তৰোৱাল কিনি লওক। ৩৭ মই তোমালোকক কৈছোঁ, শাস্ত্ৰত লিখা এই কথা মোৰ ওপৰত পূৰ হʼব লাগিব: ‘তেওঁক অপৰাধীৰ লগত গণ্য কৰা হʼল।’ এতিয়া এই কথাবোৰ মোৰ ওপৰত পূৰ হৈ আছে।” ৩৮ তেতিয়া তেওঁলোকে কʼলে, “প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ কʼলে, “এয়াই যথেষ্ট।”
৩৯ তাৰ পাছত তেওঁ বাহিৰলৈ ওলাই নিজৰ অভ্যাসৰ অনুসৰি জৈতুন পাহাৰলৈ গʼল। শিষ্যসকলেও তেওঁৰ লগত গʼল। ৪০ তাত গৈ যীচুৱে তেওঁলোকক কʼলে, “পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে প্ৰাৰ্থনা কৰি থাকা।” ৪১ যীচুৱে তেওঁলোকৰ পৰা কিছু দূৰ* আগুৱাই গʼল আৰু আঁঠুকাঢ়ি এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, ৪২ “হে পিতৃ, যদি তুমি বিচাৰা, তেনেহʼলে এই পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া। কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছা পূৰ হওক।” ৪৩ তেতিয়া স্বৰ্গৰ পৰা এজন স্বৰ্গদূতে আহি তেওঁক দেখা দিলে আৰু তেওঁৰ সাহস বঢ়ালে। ৪৪ তেওঁৰ মন ইমানেই দুখী হৈ পৰিছিল যে তেওঁ আৰু বেছিকৈ মিনতি কৰি থাকিল আৰু তেওঁৰ ঘাম তেজৰ টোপাল হৈ মাটিত পৰি আছিল। ৪৫ তেওঁ প্ৰাৰ্থনা শেষ কৰি যেতিয়া শিষ্যসকলৰ ওচৰলৈ গʼল, তেতিয়া তেওঁ দেখিলে যে তেওঁলোকে দুখত ভাগৰি পৰি শুই আছে। ৪৬ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে কিয় শুই আছা? উঠা আৰু পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে প্ৰাৰ্থনা কৰি থাকা।”
৪৭ তেওঁ কৈ থাকোঁতেই চোৱা! এটা ভিৰ তালৈ আহিল, যিসকলক যিহূদা নামৰ সেই ব্যক্তিজনে লৈ আহিছিল, যিজন ১২ জনৰ ভিতৰত এজন আছিল। তেওঁ যীচুক চুমা খাবলৈ তেওঁৰ ওচৰলৈ আহিল। ৪৮ কিন্তু যীচুৱে তেওঁক কʼলে, “যিহূদা, তুমি মানুহৰ পুত্ৰক চুমা খাই তেওঁৰ লগত বিশ্বাসঘাত কৰিছা নে?” ৪৯ যিসকল তেওঁৰ লগত আছিল, যেতিয়া তেওঁলোকে দেখিলে যে কি হʼবলগীয়া আছে, তেতিয়া তেওঁলোকে কʼলে, “প্ৰভু, আমি তেওঁলোকক তৰোৱালেৰে আঘাত কৰিম নে?” ৫০ আনকি, তেওঁলোকৰ মাজৰ এজনে মহা-পুৰোহিতৰ দাসজনক তৰোৱালেৰে আঘাত কৰি, তেওঁৰ সোঁ কাণখন কাটি পেলালে। ৫১ কিন্তু যীচুৱে কʼলে, “বহুত হʼল! আৰু একো নকৰিবা।” আৰু যীচুৱে সেই দাসজনৰ কাণখন চুই ঠিক কৰি দিলে। ৫২ তাৰ পাছত যীচুক ধৰিবলৈ অহা প্ৰধান পুৰোহিত, মন্দিৰৰ প্ৰহৰীবিলাকৰ মুৰব্বী আৰু যিহূদী নেতাসকলক তেওঁ কʼলে, “এজন ডকাইতক যিদৰে ধৰিবলৈ যায়, তেনেকৈ তোমালোকে মোক তৰোৱাল আৰু লাঠি লৈ গ্ৰেপ্তাৰ কৰিব আহিছা? ৫৩ মই সদায় মন্দিৰত তোমালোকৰ লগতে আছিলোঁ, তেতিয়া তোমালোকে মোক গ্ৰেপ্তাৰ নকৰিলা। কিন্তু এই সময় তোমালোকৰ হয় আৰু এতিয়া অন্ধকাৰৰ শাসন চলি আছে।”
৫৪ তেতিয়া তেওঁলোকে যীচুক গ্ৰেপ্তাৰ কৰি মহা-পুৰোহিতৰ ঘৰলৈ লৈ গʼল। কিন্তু পিতৰে আঁতৰে আঁতৰে তেওঁলোকৰ পিছে পিছে গৈ থাকিল। ৫৫ যেতিয়া তেওঁলোকে চোতালৰ মাজত জুই জ্বলাই একেলগে বহিছিল, তেতিয়া পিতৰেও তেওঁলোকৰ মাজত বহি আছিল। ৫৬ কিন্তু এজনী চাকৰণীয়ে তেওঁক জুইৰ ওচৰত বহি থকা দেখা পালে। তেওঁ পিতৰক ধ্যান দি চাই কʼলে, “এই মানুহজনো তেওঁৰ লগত আছিল।” ৫৭ কিন্তু এইদৰে কৈ পিতৰে অস্বীকাৰ কৰি কʼলে, “মই তেওঁক চিনি নাপাওঁ।” ৫৮ অলপ সময়ৰ পাছত আৰু এজনে তেওঁক দেখিলে আৰু কʼলে, “তুমিও তেওঁলোকৰ মাজৰ এজন হোৱা।” কিন্তু পিতৰে কʼলে, “নহয়, মই নহওঁ।” ৫৯ প্ৰায় এঘন্টাৰ পাছত আৰু এজন মানুহে জোৰ দি কʼবলৈ ধৰিলে, “অৱশ্যে এই মানুহজনো তেওঁলোকৰ মাজৰ এজন, কাৰণ ই এজন গালীলীয়া হয়।” ৬০ কিন্তু পিতৰে কʼলে, “মই নাজানোঁ তুমি কি কৈ আছা।” তেওঁ কৈ থকাৰ সময়তে এটা কুকুৰাই ডাক দিলে। ৬১ আৰু প্ৰভুৱে ঘূৰি পিতৰক চালে আৰু প্ৰভুৱে কোৱা এই কথা পিতৰৰ মনত পৰিল, “আজি কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” ৬২ তেতিয়া তেওঁ বাহিৰলৈ ওলাই গৈ হোক-হোকাই কান্দিবলৈ ধৰিলে।
৬৩ যিসকল লোকে যীচুক গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে আৰু মাৰিবলৈ ধৰিলে। ৬৪ সিহঁতে তেওঁৰ মুখখন ঢাকি সুধিবলৈ ধৰিলে, “তই যদি ভৱিষ্যবক্তা হয়, তেনেহʼলে ক, তোক কোনে মাৰিলে?” ৬৫ সিহঁতে তেওঁৰ বিষয়ে বহুতো নিন্দাজনক কথা কʼবলৈ ধৰিলে।
৬৬ যেতিয়া দিন হʼল, তেতিয়া যিহূদীৰ নেতাসকলৰ সভা বহিল, যʼত প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলো আছিল। তেওঁলোকে যীচুক নিজৰ মহা-সভাৰ ভৱনলৈ লৈ গʼল আৰু তেওঁক সুধিবলৈ ধৰিলে, ৬৭ “যদি তই খ্ৰীষ্ট হয়, তেনেহʼলে আমাক ক।” কিন্তু তেওঁ কʼলে, “যদিও মই আপোনালোকক কʼম, তথাপি আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। ৬৮ আৰু যদি মই আপোনালোকক প্ৰশ্ন কৰিম, তেনেহʼলে আপোনালোকে মোক উত্তৰ নিদিব। ৬৯ কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ শক্তিশালী সোঁহাতে বহি থাকিব।” ৭০ এয়া শুনি সেই সকলোৱে কʼলে, “তেনেহʼলে তই ঈশ্বৰৰ পুত্ৰ হয় নেকি?” তেওঁ কʼলে, “মই হয় বুলি আপোনালোকে নিজেই কৈছে।” ৭১ তেওঁলোকে কʼলে, “এতিয়া আমাক আৰু সাক্ষ্যৰ প্ৰয়োজন আছে নে? আমি নিজেই ইয়াৰ মুখৰ পৰা শুনিলোঁ।”
২৩ তেতিয়া তেওঁলোক সকলোৱে উঠি তেওঁক পীলাতৰ ওচৰলৈ লৈ গʼল। ২ তাত গৈ তেওঁলোকে যীচুৰ ওপৰত অভিযোগ কৰিবলৈ ধৰিলে, “এই মানুহজনে আমাৰ ৰাষ্ট্ৰক বিদ্ৰোহ কৰিবলৈ উচটায়, সম্ৰাটক* কৰ দিবলৈ মানা কৰে আৰু নিজে খ্ৰীষ্ট আৰু ৰজা হয় বুলি দাবী কৰে।” ৩ তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” যীচুৱে উত্তৰ দিলে, “আপুনি নিজেই এইদৰে কৈছে।” ৪ তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু গোটেই ভিৰক কʼলে, “মই এই মানুহজনৰ কোনো দোষ বিচাৰি পোৱা নাই।” ৫ কিন্তু তেওঁলোকে আৰু জোৰ দি কʼবলৈ ধৰিলে, “এই মানুহজনে গালীলৰ পৰা আৰম্ভ কৰি ইয়ালৈকে গোটেই যিহূদিয়াত, তাৰ শিক্ষা দি লোকসকলক উচটাইছে।” ৬ এই কথা শুনি পীলাতে সুধিলে যে এই মানুহজন গালীলীয়া নে ৭ আৰু পীলাতে যেতিয়া গʼম পালে যে যীচু, হেৰোদে শাসন কৰা এলেকাৰ পৰা হয়, তেতিয়া তেওঁ যীচুক হেৰোদৰ ওচৰলৈ পঠাই দিলে। সেই সময়ত হেৰোদ যিৰূচালেমত আছিল।
৮ যীচুক দেখি হেৰোদে বহুত আনন্দিত হʼল, কাৰণ তেওঁ যীচুৰ বিষয়ে বহুতো কথা শুনিছিল আৰু বহুদিনৰে পৰা তেওঁক চাব বিচাৰিছিল। হেৰোদে আশা কৰি আছিল যে যীচুৱে তেওঁৰ ওচৰত কিবা চমৎকাৰ কৰি দেখুৱাব। ৯ সেইবাবে, হেৰোদে বহু সময়লৈকে তেওঁক প্ৰশ্ন কৰি আছিল, কিন্তু যীচুৱে একো উত্তৰ নিদিলে। ১০ কিন্তু প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* বাৰে বাৰে থিয় হৈ খঙেৰে যীচুৰ ওপৰত অভিযোগ কৰিবলৈ ধৰিলে। ১১ তেতিয়া হেৰোদে নিজৰ সৈন্যসকলৰ লগত মিলি তেওঁৰ অপমান কৰিলে আৰু এযোৰ দামী কাপোৰ পিন্ধাই তেওঁৰ ঠাট্টা কৰিলে আৰু তেওঁক আকৌ পীলাতৰ ওচৰলৈ পঠাই দিলে। ১২ সেই দিনাখনেই হেৰোদ আৰু পীলাত বন্ধু হʼল, কিন্তু আগতে তেওঁলোক এজনে-আনজনৰ শত্ৰু আছিল।
১৩ তাৰ পাছত পীলাতে প্ৰধান পুৰোহিত, অধিকাৰী আৰু লোকসকলক একগোট কৰিলে ১৪ আৰু তেওঁলোকক কʼলে, “তোমালোকে এই মানুহজনক মোৰ ওচৰলৈ এইদৰে কৈ লৈ আনিলা যে এই মানুহজনে লোকসকলক বিদ্ৰোহ কৰিবলৈ উচটাইছে। চোৱা! মই তোমালোকৰ ওচৰতে ইয়াক প্ৰশ্ন কৰিলোঁ, কিন্তু তোমালোকে ইয়াৰ ওপৰত যি অভিযোগ লগাইছা, তাৰ কোনো প্ৰমাণ মই নাপালোঁ। ১৫ আনকি, হেৰোদেও একো প্ৰমাণ নাপালে, সেইবাবে তেওঁ ইয়াক আকৌ আমাৰ ওচৰলৈ পঠাই দিলে। ই এনে কোনো কাম কৰা নাই, যাৰ বাবে ইয়াক মৃত্যুৰ শাস্তি দিয়া হʼব। ১৬ সেইবাবে, মই ইয়াক চাবুকেৰে কোবাই* এৰি দিম।” ১৭* — ১৮ কিন্তু গোটেই ভিৰে চিঞৰিবলৈ ধৰিলে, “এই মানুহজনক হত্যা কৰক* আৰু আমাৰ কাৰণে বাৰাব্বাক মুকলি কৰি দিয়ক।” ১৯ (চহৰৰ মাজত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰু হত্যা কৰাৰ কাৰণে বাৰাব্বাক জেলত বন্দী কৰা হৈছিল।) ২০ আকৌ এবাৰ পীলাতে ভিৰৰ লগত কথা পাতিলে, কাৰণ তেওঁ যীচুক মুকলি কৰিব বিচাৰিছিল। ২১ তেতিয়া তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক! কাঠত আঁৰি দিয়ক!” ২২ তেওঁ তৃতীয়বাৰ তেওঁলোকক কʼলে, “কিয়, এই মানুহজনে কি অপৰাধ কৰিলে? ই এনে কোনো কাম কৰা নাই, যাৰ বাবে ইয়াক মৃত্যুৰ শাস্তি দিয়া হʼব। সেইবাবে, মই ইয়াক চাবুকেৰে কোবাই* এৰি দিম।” ২৩ কিন্তু তেওঁলোকে পীলাতৰ কথা শুনি তেওঁক হত্যা কৰা হওক* বুলি আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ চিঞৰ আৰু বেছিকৈ বাঢ়িবলৈ ধৰিলে। ২৪ সেইবাবে, পীলাতে লোকসকলে কোৱাৰ দৰেই কৰিলে। ২৫ পীলাতে লোকসকলে কোৱাৰ দৰে সেই ব্যক্তিজনক মুকলি কৰি দিলে, যিজন বিদ্ৰোহ আৰু হত্যা কৰাৰ কাৰণে জেলত আছিল। কিন্তু তেওঁ যীচুক তেওঁলোকৰ হাতত গতাই দিলে যাতে তেওঁলোকে যীচুৰ লগত যি বিচাৰে, সেয়া কৰিব পাৰে।
২৬ যেতিয়া তেওঁলোকে যীচুক লৈ গৈ আছিল, তেতিয়া তেওঁলোকে গাঁৱৰ পৰা আহি থকা চিমোন নামৰ এজন কুৰীণীয়া মানুহক ধৰিলে। তেওঁলোকে যাতনাৰ কাঠ* চিমোনৰ কান্ধত তুলি দিলে যাতে তেওঁ যীচুৰ পিছে পিছে সেয়া লৈ যায়। ২৭ তেওঁৰ পিছে পিছে লোকসকলৰ ডাঙৰ ভিৰ গৈ আছিল, তেওঁলোকৰ মাজত তিৰোতাসকলো আছিল, যিসকলে দুখত হিয়া ভুকুৱাই তেওঁৰ কাৰণে কান্দি আছিল। ২৮ যীচুৱে ঘূৰি সেই তিৰোতাসকলক চালে আৰু কʼলে, “হে যিৰূচালেমৰ ছোৱালীবিলাক, মোৰ কাৰণে নাকান্দিবা। ইয়াৰ পৰিৱৰ্তে, নিজৰ আৰু নিজৰ লʼৰা-ছোৱালীৰ কাৰণে কান্দা। ২৯ কিয়নো চোৱা! সেই দিন আহি আছে, যেতিয়া লোকসকলে কʼব, ‘সুখী সেই তিৰোতাসকল, যিসকল বাঁজী হয়, যিসকলে কোনো সন্তানক জন্ম নিদিলে আৰু কাকো গাখীৰ নোখোৱালে।’ ৩০ তেতিয়া তেওঁলোকে পাহাৰবোৰক কʼবলৈ ধৰিব, ‘আমাৰ ওপৰত পৰি যা!’ আৰু পাহাৰবোৰক কʼব, ‘আমাক ঢাকি ধৰ!’ ৩১ যদি গছজোপা সেউজীয়া হৈ থাকোঁতেই তেওঁলোকে এইদৰে কৰিছে, তেনেহʼলে শুকাই গʼলে তেওঁলোকে কি কৰিব?”
৩২ তেওঁৰ লগত আৰু দুজন অপৰাধীক হত্যা কৰিবলৈ লৈ যোৱা হৈছিল। ৩৩ যেতিয়া তেওঁলোকে মূৰৰ লাওখোলা নামৰ ঠাইত পালেগৈ, তেতিয়া তেওঁলোকে তাত যীচুক দুজন অপৰাধীৰ লগত কাঠত গজাল মাৰি দিলে। এজন তেওঁৰ সোঁফালে আৰু আনজন তেওঁৰ বাওঁফালে আছিল। ৩৪ কিন্তু যীচুৱে কৈ আছিল, “পিতৃ, এওঁলোকক ক্ষমা কৰি দিয়া কিয়নো এওঁলোকে নাজানে যে এওঁলোকে কি কৰি আছে।” তেওঁলোকে যীচুৰ কাপোৰ নিজৰ মাজতে ভগাই লʼবলৈ চিঠি খেলিলে। ৩৫ আৰু লোকসকলে তাত থিয় হৈ চাই আছিল। কিন্তু তেওঁলোকৰ ধৰ্ম-অধিকাৰীয়ে* এইদৰে কৈ তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে, “ই আনক বচালে। কিন্তু ই যদি ঈশ্বৰে পঠোৱা খ্ৰীষ্ট আৰু তেওঁৰ বাছনি কৰাজন হয়, তেনেহʼলে এতিয়া নিজকে বচাওক।” ৩৬ আনকি, সৈনিকসকলেও তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে আৰু তেওঁক টেঙা দ্ৰাক্ষাৰস দি কʼলে, ৩৭ “যদি তই যিহূদীসকলৰ ৰজা হয়, তেনেহʼলে নিজকে বচা।” ৩৮ আৰু তেওঁৰ ওপৰত এইদৰে লিখি লগাই দিয়া হʼল, “এইজন যিহূদীসকলৰ ৰজা।”
৩৯ তেতিয়া তেওঁৰ লগত কাঠত আঁৰি দিয়া এজন অপৰাধীয়ে তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে, “তইতো খ্ৰীষ্ট হয় ন? তেনেহʼলে নিজকে আৰু আমাকো বচা।” ৪০ তেতিয়া আনজন অপৰাধীয়ে তেওঁক ধমকি দিলে, “ঈশ্বৰলৈ তোৰ অলপো ভয় নাই নে, তয়োতো একেই শাস্তি পাইছ? ৪১ আমি যি শাস্তি পাইছোঁ, সেয়া পোৱাৰ যোগ্য, কিয়নো আমি যি কাম কৰিলোঁ, তাৰে পৰিণাম ভুগি আছোঁ, কিন্তু এই মানুহজনেতো কোনো ভুলেই কৰা নাই।” ৪২ তাৰ পাছত তেওঁ কʼলে, “যীচু, যেতিয়া আপুনি ৰজা হʼব, তেতিয়া মোকো মনত পেলাব।” ৪৩ তেতিয়া যীচুৱে তেওঁক কʼলে, “মই আজি তোমাক সঁচাকৈ কৈছোঁ, তুমি মোৰ লগত প্ৰমোদবনত* থাকিবা।”
৪৪ এয়া দিনৰ সময় প্ৰায় ছয় ঘণ্টা* আছিল, তথাপিও গোটেই দেশত অন্ধকাৰ হৈ গʼল আৰু ন ঘণ্টালৈকে* অন্ধকাৰেই হৈ থাকিল। ৪৫ কাৰণ সূৰ্যৰ পোহৰ নাইকিয়া হʼল। তেতিয়া মন্দিৰৰ পৰ্দা ওপৰৰ পৰা তললৈকে ফাটি দুভাগ হʼল। ৪৬ যীচুৱে জোৰকৈ চিঞৰিলে আৰু কʼলে, “হে পিতৃ, মই নিজৰ জীৱন আপোনালৈ সমৰ্পণ কৰিছোঁ।” এইদৰে কোৱাৰ পাছত তেওঁ প্ৰাণ ত্যাগ কৰিলে।* ৪৭ এই সকলো ঘটনা দেখি সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু কʼলে, “সঁচাকৈ এওঁ এজন ভাল ব্যক্তি আছিল।” ৪৮ তাত গোট খাই থকা ভিৰে যেতিয়া এইবোৰ দেখিলে, তেতিয়া তেওঁলোকে হিয়া ভুকুৱাই ভুকুৱাই ঘৰলৈ উভতি গʼল। ৪৯ ইয়াৰ উপৰিও, তেওঁৰ চিনাকী লোকবিলাকে অলপ দূৰত থিয় হৈ আছিল আৰু যিসকল তিৰোতাই গালীলৰ পৰা তেওঁৰ লগত আহিছিল, তেওঁলোকেও থিয় হৈ এই সকলো ঘটনা চাই আছিল।
৫০ তাত যোচেফ নামৰ এজন ব্যক্তি আছিল, তেওঁ মহা-সভাৰ এজন সদস্য আৰু এজন ভাল ব্যক্তি আছিল। ৫১ (তেওঁ ধৰ্ম-অধিকাৰীসকলৰ ষড়যন্ত্ৰ আৰু তেওঁলোকৰ কামত সহযোগ কৰা নাছিল।) তেওঁ যিহূদিয়াৰ লোকসকলৰ এখন চহৰ অৰিমাথিয়াৰ লোক আছিল আৰু ঈশ্বৰৰ ৰাজ্য অহাৰ কাৰণে অপেক্ষা কৰি আছিল। ৫২ তেওঁ পীলাতৰ ওচৰলৈ গʼল আৰু যীচুৰ মৃতদেহ খুজিলে। ৫৩ তেওঁ যীচুৰ মৃতদেহ তললৈ নমালে আৰু তাত মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰেৰে মেৰিয়াই শিলা খান্দি বনোৱা কবৰত* থʼলে, যʼত এতিয়ালৈকে কোনো মৃতদেহ থোৱা নাছিল। ৫৪ এই দিন আয়োজনৰ দিন আছিল আৰু বিশ্ৰাম-বাৰ* আৰম্ভ হʼবলগীয়া আছিল। ৫৫ কিন্তু যিসকল তিৰোতাই গালীলৰ পৰা যীচুৰ লগত আহিছিল, তেওঁলোকেও পিছে পিছে গʼল আৰু তেওঁলোকে কবৰটো ভালদৰে চালে আৰু যীচুৰ মৃতদেহ কেনেকৈ ৰখা হৈছে, সেয়াও চালে। ৫৬ তাৰ পাছত তেওঁলোকে সুগন্ধি দ্ৰব্য আৰু তেল তৈয়াৰ কৰিবলৈ উভতি গʼল। কিন্তু আজ্ঞা দিয়াৰ দৰে তেওঁলোকে বিশ্ৰাম-বাৰৰ দিনাখন আৰাম কৰিলে।
২৪ কিন্তু সপ্তাহৰ প্ৰথম দিনা সেই তিৰোতাসকলে তৈয়াৰ কৰা সুগন্ধি দ্ৰব্য লৈ পুৱতি নিশাতে কবৰলৈ* আহিলে। ২ কিন্তু তেওঁলোকে দেখিলে যে কবৰৰ দুৱাৰত থোৱা শিলচটা আঁতৰাই থোৱা আছে। ৩ ভিতৰলৈ যোৱাৰ পাছত তেওঁলোকে প্ৰভু যীচুৰ মৃতদেহ নাপালে। ৪ যেতিয়া তেওঁলোকে এই কথাক লৈ চিন্তিত হৈছিল, তেতিয়া হঠাতে উজ্জ্বল কাপোৰ পিন্ধা দুজন মানুহ তেওঁলোকৰ ওচৰত আহি থিয় হʼল। ৫ সেই তিৰোতাসকলে ভয় খালে আৰু নিজৰ মূৰ তল কৰি ৰʼল। তেতিয়া সেই মানুহ দুজনে কʼলে, “তোমালোকে কিয় জীৱিত ব্যক্তিক মৃতবিলাকৰ মাজত বিচাৰি আছা? ৬ তেওঁ ইয়াত নাই তেওঁক জীৱিত কৰা হৈছে। মনত পেলোৱা, যেতিয়া তেওঁ গালীলতেই আছিল, তেতিয়া তেওঁ তোমালোকক কি কৈছিল। ৭ তেওঁ কৈছিল যে মানুহৰ পুত্ৰক পাপীবিলাকৰ হাতত গতাই দিয়া হʼব আৰু তেওঁক কাঠত আঁৰি হত্যা কৰা হʼব, কিন্তু তৃতীয় দিনাখন আকৌ জীয়াই উঠিব।” ৮ তেতিয়া তেওঁৰ এই কথাবোৰ তেওঁলোকৰ মনত পৰিল ৯ আৰু তেওঁলোকে কবৰৰ পৰা উভতি আহি এই সকলো কথা সেই ১১ জন পাঁচনি* আৰু বাকী সকলোকে জনালে। ১০ এই তিৰোতাসকল আছিল, মৰিয়ম মগ্দলীনী, যোহানা আৰু যাকোবৰ মা মৰিয়ম। তেওঁলোকৰ লগত আন তিৰোতাসকলো আছিল, যিসকলে পাঁচনিসকলক এই কথাবোৰ কʼলে। ১১ কিন্তু পাঁচনি আৰু আন শিষ্যসকলক তেওঁলোকৰ এই কথা মনে সজা কাহিনী যেন লাগিল আৰু তেওঁলোকে এই তিৰোতাসকলৰ ওপৰত বিশ্বাস নকৰিলে।
১২ কিন্তু পিতৰে উঠি কবৰৰ ফালে দৌৰিলে। তেওঁ কবৰৰ ভিতৰলৈ জুমি চাওঁতে তাত কেৱল মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰখনহে দেখা পালে। সেইবাবে, যি ঘটিছিল সেয়া দেখি তেওঁ আচৰিত হৈ গুচি গʼল।
১৩ কিন্তু চোৱা! সেই দিনা দুজন শিষ্যই ইন্মায়ূ নামৰ এখন গাঁৱলৈ গৈ আছিল, যি যিৰূচালেমৰ পৰা প্ৰায় ১১ কিলোমিটাৰ* দূৰত আছিল। ১৪ যি যি ঘটিছিল, তাৰ বিষয়ে তেওঁলোকে এজনে-আনজনৰ লগত কথা পাতি আছিল।
১৫ যেতিয়া তেওঁলোকে এই বিষয়ে এজনে-আনজনৰ লগত আলোচনা কৰি আছিল, তেতিয়া যীচু নিজেই তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকৰ লগত খোজকাঢ়িবলৈ ধৰিলে, ১৬ কিন্তু তেওঁলোকে তেওঁক চিনি নাপালে। ১৭ তেওঁ তেওঁলোকক সুধিলে, “তোমালোকে খোজকাঢ়ি খোজকাঢ়ি এজনে-আনজনৰ লগত কিহৰ বিষয়ে তৰ্ক কৰি আছা?” তেতিয়া তেওঁলোকে ৰৈ গʼল আৰু তেওঁলোকৰ চেহেৰাত উদাস দেখিবলৈ পোৱা গৈছিল। ১৮ ক্লিয়পা নামৰ শিষ্যজনে তেওঁক কʼলে, “এয়া কেনেকৈ হʼব পাৰে, যিৰূচালেমত থাকিও এই কেইদিনত কি কি ঘটিছে, তাৰ বিষয়ে কেৱল আপুনিহে নাজানে?” ১৯ তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কি হʼল?” তেওঁলোকে কʼলে, “নাচৰতীয়া যীচুৰ লগত কি কি হʼল, আপুনি শুনা নাই নে? তেওঁ এনে বহুতো ডাঙৰ ডাঙৰ কাম কৰিছিল আৰু শিক্ষা দিছিল, যাৰ কাৰণে ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত তেওঁ এজন ভৱিষ্যবক্তা বুলি প্ৰমাণিত হʼল। ২০ আৰু আমাৰ প্ৰধান পুৰোহিত আৰু ধৰ্ম-অধিকাৰীবিলাকে তেওঁক মৃত্যুৰ শাস্তি দিবলৈ লোকসকলৰ হাতত গতাই দিলে আৰু তেওঁক কাঠত গজাল মাৰি দিলে। ২১ কিন্তু যিজনে ইস্ৰায়েলক উদ্ধাৰ কৰিব, তেৱেঁই সেইজন বুলি আমি আশা কৰি আছিলোঁ। কিন্তু এই সকলো ঘটনা ঘটি আজি তিনি দিন হৈ গʼল। ২২ ইয়াৰ উপৰিও আমাৰ মাজত থকা কিছুমান তিৰোতাই আমাক আচৰিত কৰি তুলিলে, কিয়নো যেতিয়া তেওঁলোকে ৰাতিপুৱাতেই কবৰলৈ গৈছিল, ২৩ তেতিয়া তেওঁলোকে যীচুৰ মৃতদেহ নাপালে। তেওঁলোকে আহি কʼবলৈ ধৰিলে যে তেওঁলোকে এটা আচৰিত ঘটনা দেখিছে, তেওঁলোকে স্বৰ্গদূতবিলাকক দেখা পালে, যিসকলে কৈছিল যে যীচু জীৱিত হʼল! ২৪ তাৰ পাছত আমাৰ মাজৰ কিছুমানে কবৰলৈ গʼল আৰু তিৰোতাসকলে যিদৰে কৈছিল, ঠিক সেইদৰে দেখা পালে, কিন্তু তেওঁক দেখা নাপালে।”
২৫ তেতিয়া তেওঁ তেওঁলোকক কʼলে, “হে নিৰ্বোধ লোকসকল, ভৱিষ্যবক্তাসকলৰ সকলো কথাৰ ওপৰত বিশ্বাস কৰিবলৈ তোমালোকৰ ইমান কঠিন কিয় হৈছে! ২৬ খ্ৰীষ্টই নিজৰ মহিমা পাবলৈ এই সকলো দুখ-কষ্ট ভোগাটো প্ৰয়োজন নাছিল নে?” ২৭ তেওঁ মোচিৰ কিতাপৰ পৰা লৈ সকলো ভৱিষ্যবক্তাসকলৰ কিতাপলৈকে অৰ্থাৎ গোটেই শাস্ত্ৰত তেওঁৰ বিষয়ে যিমান কথা লিখা হৈছিল, সেই সকলোৰে অৰ্থ তেওঁলোকক স্পষ্টকৈ বুজাই দিলে।
২৮ তেওঁলোকে যিখন গাঁৱলৈ গৈ আছিল, অৱশেষত তেওঁলোকে সেই গাঁৱখনৰ ওচৰ পালেহি আৰু তেওঁ এনেদৰে দেখুৱালে যেন তেওঁ আৰু দূৰলৈ যাব। ২৯ কিন্তু তেওঁলোকে তেওঁক বাৰে বাৰে কʼবলৈ ধৰিলে, “আমাৰ লগতে থাকি যাওক, কিয়নো বহুত দেৰি হʼল আৰু গধূলি হʼবলৈ হৈছে।” তেতিয়া তেওঁ তেওঁলোকৰ লগতে থাকিবলৈ ঘৰলৈ গʼল। ৩০ তেওঁ যেতিয়া তেওঁলোকৰ লগত খাবলৈ বহিল,* তেতিয়া তেওঁ ৰুটি লৈ প্ৰাৰ্থনাত ধন্যবাদ দি, সেয়া ভাঙি তেওঁলোকক দিবলৈ ধৰিলে। ৩১ তেতিয়া তেওঁলোকৰ চকু মুকলি হʼল আৰু তেওঁলোকে তেওঁক চিনি পালে। কিন্তু তেওঁ তেওঁলোকৰ ওচৰৰ পৰা নাইকিয়া হৈ গʼল। ৩২ তেওঁলোকে এজনে-আনজনক কʼলে, “যেতিয়া তেওঁ ৰাস্তাত আমাৰ লগত কথা পাতি আছিল আৰু আমাক শাস্ত্ৰৰ অৰ্থ স্পষ্টকৈ বুজাই আছিল, তেতিয়া আমাৰ হৃদয় স্পৰ্শ হোৱা নাছিল নে?” ৩৩ তেতিয়া সেই সময়তে তেওঁলোকে উঠি যিৰূচালেমলৈ উভতি আহিল আৰু তেওঁলোকে সেই ১১ জনক আন শিষ্যসকলৰ লগত গোট খোৱা পালে, ৩৪ যিসকলে কৈ আছিল, “এই কথা সঁচা যে প্ৰভু জীৱিত হʼল। তেওঁ চিমোনক দেখা দিলে।” ৩৫ তাৰ পাছত এই লোকসকলেও ৰাস্তাত যি যি ঘটিছিল আৰু তেওঁ ৰুটি ভাঙি থকা দেখি তেওঁলোকে তেওঁক কেনেকৈ চিনি পালে, এই সকলো কথা তেওঁলোকক জনালে।
৩৬ তেওঁলোকে এই বিষয়ে কথা পাতি থাকোঁতেই যীচুৱে নিজেই তেওঁলোকৰ মাজত আহি থিয় হʼল আৰু তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক।” ৩৭ কিন্তু তেওঁলোকে বহুত ভয় খালে আৰু চক খাই উঠিল আৰু তেওঁলোকে ভাবিলে যে এয়া নিশ্চয় কোনো স্বৰ্গদূত হয়। ৩৮ তেতিয়া তেওঁ তেওঁলোকক কʼলে, “তোমালোকে কিয় চিন্তিত হৈছা আৰু কিয় মনতে সন্দেহ কৰিছা? ৩৯ মোৰ হাত আৰু ভৰি চোৱাচোন ময়েই হওঁ। মোক চুই চোৱা, কিয়নো মোৰ হাড় আৰু মাংস আছে, কিন্তু স্বৰ্গদূতৰ নাথাকে।” ৪০ এইদৰে কৈ তেওঁ নিজৰ হাত আৰু ভৰি তেওঁলোকক দেখুৱালে। ৪১ কিন্তু তেওঁলোকে এতিয়াও আনন্দ আৰু আচৰিত হোৱাৰ কাৰণে বিশ্বাস কৰা নাছিল। তেওঁ তেওঁলোকক কʼলে, “তোমালোকৰ ওচৰত কিবা খাবলৈ আছে নে?” ৪২ তেওঁলোকে তেওঁক এটুকুৰা জুইত পোৰা মাছ দিলে ৪৩ আৰু তেওঁ সেয়া লৈ সকলোৰে ওচৰত খালে।
৪৪ তেতিয়া তেওঁ তেওঁলোকক কʼলে, “মই যেতিয়া তোমালোকৰ লগত আছিলোঁ, তেতিয়া মই তোমালোকক এই সকলো কথা কৈছিলোঁ যে মোচিৰ নিয়ম, ভৱিষ্যবক্তাসকলৰ কিতাপ আৰু গীতমালাত মোৰ বিষয়ে যি যি লিখা হৈছে, সেই সকলো নিশ্চয় পূৰ হʼব।” ৪৫ তেতিয়া তেওঁ শাস্ত্ৰত লিখা কথাবোৰৰ অৰ্থ তেওঁলোকক ভালদৰে বুজালে। ৪৬ আৰু তেওঁলোকক কʼলে, “শাস্ত্ৰত লিখা আছে খ্ৰীষ্টই দুখ-কষ্ট ভুগিব আৰু তৃতীয় দিনাখন মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠিব। ৪৭ তাৰ পাছত যিৰূচালেমৰ পৰা আৰম্ভ কৰি গোটেই ৰাষ্ট্ৰত পাপৰ ক্ষমা পাবলৈ তেওঁৰ নামেৰে অনুতাপ কৰিব লাগিব বুলি প্ৰচাৰ কৰা হʼব। ৪৮ তোমালোকে এই কথাবোৰৰ সাক্ষ্য দিব লাগিব। ৪৯ আৰু চোৱা! মোৰ পিতৃয়ে তোমালোকক যি শক্তি দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই শক্তি মই তোমালোকলৈ পঠাই আছোঁ। কিন্তু স্বৰ্গৰ পৰা সেই শক্তি লাভ নকৰালৈকে তোমালোকে এই চহৰতে থাকা।”
৫০ তাৰ পাছত যীচুৱে তেওঁলোকক চহৰৰ পৰা বাহিৰলৈ বৈথনিয়ালৈকে লৈ আহিল আৰু তেওঁ নিজৰ হাত উঠাই তেওঁলোকক আশীৰ্বাদ দিলে, ৫১ আশীৰ্বাদ দি থাকোঁতেই তেওঁ তেওঁলোকৰ পৰা পৃথক হʼল আৰু তেওঁক স্বৰ্গলৈ নিয়া হʼল। ৫২ তেওঁলোকে তেওঁক মূৰ দোৱাই প্ৰণাম কৰিলে আৰু আনন্দেৰে যিৰূচালেমলৈ উভতি আহিল। ৫৩ তেওঁলোকে প্ৰতিদিনে মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “জন্ম হোৱাৰ আগৰে পৰা।”
অতি. ক৫ চাওক।
শব্দকোষত “ৰোৱাষ্; নিওমা” চাওক।
অতি. ক৫ চাওক।
বা “আচৰিত ঘটনা দেখিলে।”
বা “জনসেৱাৰ।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “ঈশ্বৰৰ বাবে একো।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “মোৰ প্ৰাণে।” শব্দকোষত “জীৱন” চাওক।
অতি. ক৫ চাওক।
আক্ষ., “বীজ।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
আক্ষ., “উদ্ধাৰৰ এটা শিং উলিয়ালে।” শব্দকোষত “শিং” চাওক।
অতি. ক৫ চাওক।
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
গ্ৰীক ভাষাত “কৈচৰ।”
বা “গোটেই পৃথিৱীৰ।”
এয়া হৈছে, গৰু-মʼহ আদি ঘৰচীয়া জন্তুক দানা দিয়া মুকলি কাঠৰ দীঘল চৰিয়া।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “যিসকলক ঈশ্বৰে গ্ৰহণ কৰে।”
অতি. ক৫ চাওক।
বা “হৃদয়ত।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “উপবাস।”
অতি. ক৫ চাওক।
বা “তেওঁলোকৰ আজ্ঞা মানি থাকিল।”
বা “হৃদয়ত।”
গ্ৰীক ভাষাত “কৈচৰ।”
অৰ্থাৎ হেৰোদ আন্তিপা। শব্দকোষ চাওক।
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
অতি. ক৫ চাওক।
বা “উদ্ধাৰ কৰাৰ ঈশ্বৰৰ উপায় দেখিব।”
বা “নুগোটাবা।”
বা “লুট নকৰিবা।”
বা “পাৰ।”
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
আক্ষ., “দিয়াবল।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “শুচি।”
অৰ্থাৎ গালীল সাগৰ।
বা “শুচি।”
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
অতি. ক৫ চাওক।
অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “মেজত একেলগে বহি আছিল।”
বা “উপবাস।”
জন্তুৰ ছালেৰে বনোৱা মোনা।
বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
বা “দৰ্শন-ৰুটি।”
বা “জঠৰ ৰোগ হৈছিল।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “নাম কাটি দিয়ে।”
বা “সুত নোলোৱাকৈ।”
এই জেপ এজন ব্যক্তিৰ চোলাৰ ভাজত বনোৱা হৈছিল আৰু এয়া বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল।
বা “বিদ্যাৰ্থী।”
বা “চতিলৈ।”
মৰা মানুহ কঢ়িয়াই নিয়া চাঙী।
বা “শুচি কৰা হৈছে।”
মোৰ কাৰণে উজুটি নাখায়, তেওঁ সুখী।
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
বা “লʼৰা-ছোৱালীৰ।”
বা “মেজত একেলগে বহিছিল।”
অতি. খ১৪ চাওক।
বা “হৃদয়ত।”
বা “স্মৰণীয় কবৰৰ।”
বা হয়তো, “বহু দিনৰে পৰা সি সেই মানুহজনক নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল।”
অৰ্থাৎ এক গভীৰ গাঁত। শব্দকোষ চাওক।
বা “জীৱন শক্তি।” শব্দকোষত “ৰোৱাষ্; নিওমা” চাওক।
আক্ষ., “তাম।”
অৰ্থাৎ হেৰোদ আন্তিপা। শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
আক্ষ., “যিহেতু দিন সম্পূৰ্ণ হʼবলগীয়া আছিল।”
সেই সময়ত নমস্কাৰ জনোৱাত চুমা খোৱা, সাৱটি ধৰা আৰু দীঘলীয়া কথা-বতৰা জড়িত আছিল।
ই এটা অনুতাপ কৰাৰ চিন আছিল।
অতি. ক৫ চাওক।
দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা। অতি. খ১৪ চাওক।
বা “আটাইতকৈ ভাল।”
অৰ্থাৎ পৃথিৱীত ঈশ্বৰৰ চৰকাৰ হওক।
চয়তানক দিয়া এটা নাম।
আক্ষ., “আঙুলি।”
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
বা “ইয়াক টুকুৰীত ঢাকি নাৰাখে।”
বা “চকুৱে যদি স্পষ্টকৈ দেখা পায়।” আক্ষ., “নিৰ্মল হয়।”
বা “মেজত একেলগে বহিল।”
অৰ্থাৎ পৰম্পৰাৰ অনুসৰি হাত নোধোৱা।
আক্ষ., “দয়াৰ দান।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত “পেগানʼন।” এই গছৰ পৰা দৰৱ বনোৱা হয় আৰু খোৱাৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়।
বা “সকলোতকৈ ভাল।”
বা “স্মৰণীয় কবৰৰ।”
বা “যাৰ ওপৰত কোনো চিন নাথাকে।”
বা “স্মৰণীয় কবৰ।”
আক্ষ., “ঈশ্বৰৰ বুদ্ধি।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “বেকিং পাউদাৰৰ।”
গেহেনা যিৰূচালেমৰ এনে এক ঠাই আছিল, যʼত জাৱৰ জ্বলোৱা হৈছিল। শব্দকোষ চাওক।
আক্ষ., “দুই আচ্যাৰিয়ান।” এক আচ্যাৰিয়ান এদিনৰ হাজিৰাৰ ১৬ ভাগৰ এভাগ। অতি. খ১৪ চাওক।
বা “অৱহেলা নকৰে।”
বা হয়তো, “সভাঘৰ।”
আক্ষ., “এহাতো।” অতি. খ১৪ চাওক।
বা “লিলী।”
আক্ষ., “সূতা নাকাটে।”
বা “জুইশালত।”
আক্ষ., “দয়াৰ দান।” শব্দকোষ চাওক।
বা “মেজত একেলগে বহিবলৈ।”
আক্ষ., “দ্বিতীয় প্ৰহৰ।” যীচুৰ সময়ত এই সময় ৰাতিৰ প্ৰায় ৯ বজাৰ পৰা মাজৰাতিলৈকে বুজায়।
আক্ষ., “তৃতীয় প্ৰহৰ।” যীচুৰ সময়ত এই সময় মাজৰাতিৰ পৰা ৰাতিপুৱা প্ৰায় ৩ বজালৈকে বুজায়।
বা “ভাবি-চিন্তি।”
বা “ঘৰৰ কামৰ চোৱা-চিতা কৰাজন।”
বা “তেওঁৰ ইচ্ছা পূৰ নকৰিলে।”
বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
বা “বেকিং পাউদাৰৰ।”
আক্ষ., “চিয়া মাপ।” এক চিয়া ৭.৩৩ লিটাৰৰ সমান আছিল। অতি. খ১৪ চাওক।
বা “ডাঙৰ ডাঙৰ ৰাস্তাবোৰত।”
অৰ্থাৎ মন্দিৰ।
বা হয়তো, “তোমালৈ নিৰ্জন অৱস্থাত এৰি দিছে।”
অতি. ক৫ চাওক।
বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
শৰীৰত অধিক মাত্ৰাত পানী জমা হোৱা ৰোগ আৰু ইয়াৰ কাৰণে শৰীৰৰ কোনো অংগ ফুলি যায়।
আক্ষ., “তেওঁলোকক এটা উদাহৰণ দিলে।”
আক্ষ., “ৰুটি খাব।”
বা “কম প্ৰেম নকৰে।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
আক্ষ., “দহটা ড্ৰাকমাৰ মুদ্ৰা।” ইয়াৰ মূল্য আছিল দহ দিনৰ হাজিৰাৰ সমান।
বা “ঘৰৰ কাম চোৱা-চিতা কৰাজন।”
আক্ষ., “১০০ বত।” এক বত ২২ লিটাৰৰ সমান আছিল। অতি. খ১৪ চাওক।
আক্ষ., “১০০ কোৰ।” এক কোৰ প্ৰায় ২২০ লিটাৰৰ সমান আছিল। অতি. খ১৪ চাওক।
আক্ষ., “৮০ কোৰ।”
বা “জগতৰ ব্যৱস্থা।”
বা “বিবাহ-বিচ্ছেদ।”
ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।
আক্ষ., “অব্ৰাহামৰ বুকুৰ ওচৰলৈ।”
বা “স্মৰণীয় কবৰ।”
আক্ষ., “হেডীজ।” শব্দকোষ চাওক।
বা “উজুটি খোৱাৰ কাৰণ।”
অৰ্থাৎ এনে কিবা কৰে, যাৰ বাবে আনে বিশ্বাস কৰিবলৈ এৰি দিয়ে।
বা “গাধই ঘূৰোৱা জাঁত।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “শুচি।”
অতি. ক৩ চাওক।
বা হয়তো, “শগুন।”
বা “এনেধৰণৰ বিশ্বাস।”
ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।
বা “উপবাস।”
বা “কৃপা।”
ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।
বা “জগতৰ ব্যৱস্থাত।” শব্দকোষ চাওক।
বা “মিছা কথা কৈ লুট কৰিছিলোঁ।”
এটা গ্ৰীক মীনাৰ ওজন ৩৪০ গ্ৰাম আছিল। এক মীনা ১০০ ড্ৰাকমাৰ সমান আছিল। অতি. খ১৪ চাওক।
বা “শাসন পোৱাৰ।”
আক্ষ., “ৰূপ।”
আক্ষ., “মোৰ ৰূপ।”
বা “দুখ দিব।”
আক্ষ., “গুহা।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “আটাইতকৈ গুৰুত্বপূৰ্ণ শিল।”
আক্ষ., “ৰাজ্যপালৰ অধিকাৰ।”
গ্ৰীক ভাষাত “কৈচৰ।”
অতি. খ১৪ চাওক।
বা “পুনৰুত্থান।” শব্দকোষ চাওক।
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “সকলোতকৈ ভাল।”
বা “সম্পত্তি।”
আক্ষ., “দুই লেপ্টা।” দুই লেপ্টা আছিল, দহ মিনিট কাম কৰি পোৱা হাজিৰা। অতি. খ১৪ চাওক।
বা “অশান্তি; বিদ্ৰোহ।”
বা “বিশ্বাসঘাত কৰিব।”
বা “ন্যায় কৰাৰ।”
বা “যিহূদী নোহোৱা লোকৰ।”
বা “বেকিং পাউদাৰ।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “মেজত একেলগে বহিল।”
বা “শিলক যিমান দূৰ দলিয়াব পাৰি, প্ৰায় সিমান দূৰ।”
গ্ৰীক ভাষাত “কৈচৰ।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
আক্ষ., “শাস্তি দি।”
অতি. ক৩ চাওক।
আক্ষ., “লৈ যাওক।”
আক্ষ., “শাস্তি দি।”
বা “কাঠত আঁৰি হত্যা কৰক।”
আক্ষ., “শাসক।”
গ্ৰীক ভাষাত “পেৰেডিছ।” ইয়াৰ অৰ্থ হৈছে ধুনীয়া বাগিচা।
অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজা।
অৰ্থাৎ আবেলি প্ৰায় ৩ বজালৈকে।
বা “শেষ নিশ্বাস ত্যাগ কৰিলে।”
বা “স্মৰণীয় কবৰ।”
বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।
বা “স্মৰণীয় কবৰলৈ।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “৬০ ষ্টেডিয়াম।” এক ষ্টেডিয়াম ১৮৫ মিটাৰৰ সমান (৬০৬.৯৫ ফুট)। অতি. খ১৪ চাওক।
বা “মেজত একেলগে বহিলে।”