ৰোমীয়াসকললৈ চিঠি
১ মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস হওঁ। মই তোমালোকলৈ এই চিঠি লিখি আছোঁ। তেওঁ মোক পাঁচনি* হিচাপে কাম কৰিবলৈ বাছনি কৰিছে আৰু ঈশ্বৰৰ শুভবাৰ্তা শুনাবলৈ নিযুক্ত কৰিছে। ২ এই শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে আগতেই তেওঁৰ ভৱিষ্যবক্তাসকলৰ যোগেদি পবিত্ৰ শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল। ৩ এই শুভবাৰ্তা তেওঁৰ পুত্ৰৰ বিষয়ে হয়। তেওঁ দায়ূদৰ বংশৰ* পৰা মানুহৰ ৰূপত জন্ম হʼল। ৪ কিন্তু যেতিয়া তেওঁক পবিত্ৰ শক্তিৰ যোগেদি মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেতিয়া তেওঁক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হʼল। তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট হয়। ৫ তেওঁৰ যোগেদিয়েই আমি মহা-কৃপা আৰু পাঁচনি হোৱাৰ দায়িত্ব পালোঁ যাতে সকলো ৰাষ্ট্ৰই বিশ্বাস কৰে আৰু তেওঁৰ আজ্ঞা পালন কৰে, যাৰ পৰা তেওঁৰ নামৰ মহিমা হয়। ৬ এই ৰাষ্ট্ৰবোৰৰ মাজৰ তোমালোকেও হোৱা, যিসকলক যীচু খ্ৰীষ্টৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰা হৈছে। ৭ মই পৌলে এই চিঠি ৰোমত থকা সেই লোকসকললৈ লিখি আছোঁ, যিসকল ঈশ্বৰৰ প্ৰিয় হয় আৰু যিসকলক পবিত্ৰ লোক হোৱাৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছে:
আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।
৮ প্ৰথমতে, মই তোমালোকৰ কাৰণে যীচুৰ খ্ৰীষ্টৰ যোগেদি নিজৰ ঈশ্বৰলৈ ধন্যবাদ কৰিছোঁ, কাৰণ তোমালোকৰ বিশ্বাসৰ বিষয়ে গোটেই জগতত আলোচনা হৈ আছে। ৯ মই ঈশ্বৰৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰি ঈশ্বৰৰ মনে-প্ৰাণে পবিত্ৰ সেৱা কৰোঁ, তেৱেঁই এই বিষয়ে মোৰ সাক্ষী হয় যে মই সদায় নিজৰ প্ৰাৰ্থনাত তোমালোকক মনত পেলাওঁ ১০ আৰু মিনতি কৰিছোঁ যে যদি তেওঁৰ ইচ্ছা হয়, তেনেহʼলে যেনেকৈ হʼলেও মই তোমালোকৰ ওচৰলৈ আহিব পাৰোঁ। ১১ কিয়নো মই তোমালোকক লগ কৰিবলৈ আগ্ৰহী হৈ আছোঁ যাতে তোমালোকে মজবুত হʼবলৈ ঈশ্বৰৰ ফালৰ পৰা মই তোমালোকক আশীৰ্বাদ* দিব পাৰোঁ। ১২ অথবা মই কোৱাৰ অৰ্থ হৈছে, মই আৰু তোমালোকে নিজৰ নিজৰ বিশ্বাসৰ যোগেদি এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ।
১৩ কিন্তু ভাইসকল, এই কথাটো তোমালোকে জনাটো মই বিচাৰোঁ যে মই তোমালোকৰ ওচৰলৈ আহিবলৈ কেইবাবাৰো চেষ্টা কৰিছিলোঁ যাতে যিদৰে মই বাকী যিহূদী নোহোৱা ৰাষ্ট্ৰত ভাল পৰিণাম পাইছিলোঁ, ঠিক সেইদৰে মই তোমালোকৰ মাজতো যেন পাওঁ। কিন্তু এতিয়ালৈকে মোক বাধা দিয়া হৈছে। ১৪ মই গ্ৰীক আৰু গ্ৰীক নোহোৱা লোক, বুদ্ধিমান আৰু মূৰ্খ এই সকলোৰে ধৰুৱা হওঁ। ১৫ সেইবাবে, তোমালোক, যিসকলে ৰোমত আছা, মই তোমালোককো শুভবাৰ্তা শুনাবলৈ আগ্ৰহী হৈ আছোঁ। ১৬ মই শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ। আচলতে এয়া বিশ্বাস কৰা প্ৰতিজনক প্ৰথমে যিহূদীসকলক, তাৰ পাছত গ্ৰীকসকলক উদ্ধাৰ কৰাৰ ঈশ্বৰৰ শক্তিশালী মাধ্যম হয়। ১৭ কিয়নো এই শুভবাৰ্তাৰ যোগেদি বিশ্বাস কৰা লোকসকলৰ ওপৰত ঈশ্বৰৰ ভাল কাম প্ৰকাশ পায় আৰু ইয়াৰ পৰা তেওঁলোকৰ বিশ্বাস মজবুত হয়, যিদৰে শাস্ত্ৰত লিখা আছে, “কিন্তু যিজন ভাল মানুহ হয়, তেওঁ নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব।”
১৮ যিসকল ভক্তিহীন আৰু দুষ্ট লোকে ভুল উপায়েৰে সত্যতাক দমন কৰি আছে, সেই সকলোৰে ওপৰত স্বৰ্গৰ পৰা ঈশ্বৰৰ ক্ৰোধ প্ৰকাশ পাইছে। ১৯ কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পাৰি, সেয়া তেওঁলোকৰ মাজত স্পষ্টকৈ প্ৰকাশ হৈছে, কিয়নো ঈশ্বৰে তেওঁলোকৰ ওপৰত প্ৰকাশ কৰিছে। ২০ তেওঁৰ অদৃশ্য গুণ জগতৰ সৃষ্টিৰ কালৰে পৰা স্পষ্টকৈ দেখিবলৈ পোৱা যায় অৰ্থাৎ তেওঁৰ ওচৰত অনন্ত শক্তি আছে আৰু তেৱেঁই সঁচাকৈ ঈশ্বৰ হয়। এই গুণবোৰ তেওঁ সৃষ্টি কৰা বস্তুবোৰ চাই ভালদৰে বুজিব পাৰি। সেইবাবে, তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰিবলৈ কোনো কাৰণ দিব নোৱাৰে। ২১ কিয়নো তেওঁলোকে ঈশ্বৰক জানিছিল, তথাপিও তেওঁলোকে তেওঁৰ প্ৰশংসা যিদৰে কৰিব লাগিছিল, সেইদৰে কৰা নাছিল আৰু তেওঁক ধন্যবাদো দিয়া নাছিল, ইয়াৰ পৰিৱৰ্তে অনৰ্থক তৰ্ক কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ অবুজ মন অন্ধকাৰেৰে ভৰি পৰিছিল। ২২ তেওঁলোকে নিজকে বুদ্ধিমান বুলি দাবী কৰিছিল, কিন্তু তেওঁলোক আচলতে মূৰ্খ ২৩ আৰু তেওঁলোকে অবিনাশী ঈশ্বৰৰ মহিমা কৰাৰ পৰিৱৰ্তে বিনাশী মানুহ, চৰাই, চাৰিঠেঙীয়া আৰু বগাই ফুৰা জীৱ-জন্তুৰ মূৰ্তিবোৰৰ মহিমা কৰিলে।
২৪ সেইবাবে, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ বেয়া ইচ্ছাৰ অনুসৰি তেওঁলোকক অশুচি কাম কৰিবলৈ এৰি দিলে যাতে তেওঁলোকে নিজৰ শৰীৰক অনাদৰ কৰে। ২৫ তেওঁলোকে ঈশ্বৰৰ সত্যতাৰ সলনি মিছাৰ ওপৰত বিশ্বাস কৰিলে আৰু সৃষ্টিকৰ্তাৰ পৰিৱৰ্তে তেওঁৰ সৃষ্টিৰ ভক্তি আৰু পূজা কৰিলে। সেই সৃষ্টিকৰ্তাৰ সদায় প্ৰশংসা হওক। আমেন। ২৬ ঈশ্বৰে সেই লোকসকলক নিজৰ অনাদৰযুক্ত কামভাৱ পূৰ কৰিবলৈ এৰি দিলে। কিয়নো তেওঁলোকৰ তিৰোতাবিলাকে তিৰোতাৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ ধৰিলে, যি অস্বাভাৱিক হয়। ২৭ ঠিক সেইদৰে পুৰুষবিলাকেও তিৰোতাৰ লগত স্বাভাৱিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ এৰি দিলে আৰু পুৰুষে পুৰুষৰ প্ৰতি কামভাৱৰ জুইত প্ৰজ্বলিত হৈ শাৰীৰিক সম্পৰ্ক ৰাখিলে। পুৰুষে পুৰুষৰ লগত অশ্লীল কাম কৰিলে আৰু নিজৰ বেয়া কামৰ সম্পূৰ্ণ পৰিণাম ভুগিলে।
২৮ সেই লোকসকলে ঈশ্বৰক জনাটো* প্ৰয়োজন বুলি নাভাবিলে। সেইবাবে, তেওঁলোকে বেয়া কাম কৰিবলৈ ঈশ্বৰেও তেওঁলোকৰ মন ভ্ৰষ্ট অৱস্থাতে এৰি দিলে। ২৯ তেওঁলোক সকলো ধৰণৰ পাপ, দুষ্টতা, লোভ আৰু মন্দৰে পৰিপূৰ্ণ আৰু তেওঁলোকে ঈৰ্ষা, হত্যা, কাজিয়া আৰু ছল কৰে আৰু আনৰ ভাল হোৱাটো নিবিচাৰে। তেওঁলোক পৰচৰ্চা কৰা, ৩০ আনৰ নিন্দা কৰা, ঈশ্বৰক ঘৃণা কৰা, অভদ্ৰ, অহংকাৰী, ফিতাহি মৰা, বেয়া কথাবোৰ পৰিকল্পনা কৰা, মা-দেউতাৰ কথা নুশুনা, ৩১ নিৰ্বোধ, নিজৰ কথা নৰখা, মৰম-স্নেহ নকৰা আৰু নিৰ্দয় লোক হয়। ৩২ যি লোকসকলে এনে কামবোৰত লাগি থাকে, তেওঁলোক মৃত্যুৰ শাস্তি পোৱাৰ যোগ্য বুলি ঈশ্বৰৰ এই ন্যায়সংগত আইনৰ বিষয়ে তেওঁলোকে ভালদৰে জানে। তথাপি তেওঁলোকে নিজেই এই কামবোৰত লাগি থকাৰ উপৰিও এনে কাম কৰা লোকসকলক সঠিক বুলিও কয়।
২ হে নিন্দা কৰাজন, তুমি যোনেই নোহোৱা কিয়, যদি তুমি আনৰ নিন্দা কৰা, তেনেহʼলে তুমি নিজকেও সঠিক বুলি কʼব নোৱাৰিবা। যেতিয়া তুমি আনৰ নিন্দা কৰা, তেতিয়া তুমিও শাস্তি পোৱাৰ যোগ্য হোৱা, কিয়নো তুমি যিবোৰ কামৰ বাবে আনৰ নিন্দা কৰা, সেইবোৰ কাম তুমি নিজেও কৰি থাকা। ২ আমি জানোঁ যে ঈশ্বৰৰ ন্যায় সত্য হয় আৰু যিসকলে এই কামবোৰত লাগি থাকে, তেওঁ তেওঁলোকক শাস্তি দিব।
৩ কিন্তু হে মানুহ, তুমি এনে কাম কৰা লোকসকলক নিন্দা কৰা, কিন্তু নিজেই এই কামবোৰতে লাগি থাকা, তুমি ঈশ্বৰৰ শাস্তিৰ পৰা বাচি যাম বুলি ভাবিছা নে? ৪ তুমি ঈশ্বৰৰ কৃপা, তেওঁৰ সহনশীল আৰু ধৈৰ্যেৰে ব্যৱহাৰ কৰা গুণক তুচ্ছ বুলি গণ্য কৰিছা নে? ঈশ্বৰে তোমাৰ ওপৰত কৃপা কৰি তোমাক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰি আছে বুলি তুমি নাজানা নে? ৫ কিন্তু তোমালোকৰ হৃদয় কঠোৰ আৰু অনুতাপ কৰিবলৈ সাজু নথকাৰ বাবে তোমালোকে নিজলৈ সেই দিনৰ বাবে ঈশ্বৰৰ ক্ৰোধ সাঁচি থৈছা, যেতিয়া তেওঁ নিজৰ সঠিক মানদণ্ডৰ অনুসৰি ন্যায় কৰিব। ৬ তেওঁ প্ৰতিজনকে তেওঁলোকৰ কামৰ অনুসৰি ফল দিব। ৭ যিসকলে মহিমা, আদৰ আৰু অবিনাশী শৰীৰ পাবলৈ ধৈৰ্যেৰে ভাল কামত লাগি থাকে, তেওঁলোকক তেওঁ অনন্ত জীৱন দিব। ৮ কিন্তু যিসকলে কাজিয়া কৰে আৰু সত্যতাক মনাৰ পৰিৱৰ্তে দুষ্ট কাম কৰে, তেওঁলোকৰ ওপৰত তেওঁৰ ক্ৰোধ আৰু খং জ্বলি উঠিব। ৯ যিসকলে বেয়া কামত লাগি থাকে, তেওঁলোকৰ ওপৰত সংকট আৰু সমস্যা আহিব। প্ৰথমে যিহূদীৰ ওপৰত আৰু তাৰ পাছত যিহূদী নোহোৱা লোকসকলৰ ওপৰত। ১০ কিন্তু যিসকলে ভাল কাম কৰে, তেওঁলোকক ঈশ্বৰে মহিমা, আদৰ আৰু শান্তি দিব। প্ৰথমতে যিহূদীসকলক আৰু তাৰ পাছত যিহূদী নোহোৱা লোকসকলক। ১১ কাৰণ ঈশ্বৰে পক্ষপাত নকৰে।
১২ যিসকলে ঈশ্বৰৰ নিয়ম নাজানি পাপ কৰিলে, সেই সকলোৰে নিয়মৰ অবিহনে মৃত্যু হʼব। কিন্তু যিসকলে নিয়ম জানিও পাপ কৰিলে, তেওঁলোকৰ ন্যায় নিয়মৰ অনুসৰি হʼব। ১৩ কিয়নো যিসকলে নিয়ম শুনে, তেওঁলোকক নহয়, কিন্তু যিসকলে নিয়ম পালন কৰে, তেওঁলোককহে ঈশ্বৰৰ আগত ভাল মানুহ বুলি গণ্য কৰা হʼব। ১৪ যিহূদী নোহোৱা লোকসকলে* ঈশ্বৰৰ নিয়ম নজনাৰ সত্ত্বেও নিয়মৰ অনুসৰি কাম কৰে, যদিও তেওঁলোকে নিয়ম নাজানে, তথাপি সেই নিয়ম তেওঁলোকৰ হৃদয়ত আছে। ১৫ নিয়মৰ কথাবোৰ তেওঁলোকৰ হৃদয়ত লিখা আছে বুলি তেওঁলোকে দেখুৱায় আৰু তেওঁলোকৰ বিবেকেও সাক্ষ্য দিয়ে আৰু তেওঁলোকৰ চিন্তাধাৰাই তেওঁলোকক দোষী বা নিৰ্দোষী বুলি অনুভৱ কৰিবলৈ সহায় কৰে। ১৬ এয়া সেই সময়ত হʼব, যেতিয়া ঈশ্বৰে খ্ৰীষ্ট যীচুৰ যোগেদি মানুহবিলাকৰ লুকাই থকা কথাৰ ন্যায় কৰিব আৰু এই ন্যায় সেই শুভবাৰ্তাৰ অনুসৰি কৰা হʼব, যি মই শুনাই আছোঁ।
১৭ যদি তুমি নিজকে যিহূদী বুলি কোৱা আৰু ঈশ্বৰৰ নিয়মৰ ওপৰত ভৰসা কৰা আৰু তুমি ঈশ্বৰৰ লগত থকা নিজৰ সম্পৰ্কক লৈ গৰ্ব কৰা ১৮ আৰু জানা যে তেওঁৰ ইচ্ছা কি আৰু তোমাক নিয়ম শিকোৱা হৈছে,* যাৰ বাবে তুমি উত্তম কথাবোৰ বুজি পোৱা, ১৯ তোমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তুমি অন্ধক পথ দেখুৱাওঁতা আৰু অন্ধকাৰত থকা লোকসকলৰ কাৰণে পোহৰ হোৱা, ২০ তুমি মূৰ্খক শুধৰণি কৰাওঁতা আৰু শিশুসকলৰ* গুৰু হোৱা আৰু নিয়মত পোৱা জ্ঞান আৰু সত্যৰ প্ৰাথমিক শিক্ষা বুজি পোৱা। ২১ তেনেহʼলে তুমি যি আনক শিকোৱা, তুমি নিজকে নিশিকোৱা নে? তুমি যি “চুৰ নকৰিবা” বুলি প্ৰচাৰ কৰা, তুমি নিজে চুৰ কৰা নে? ২২ তুমি কোৱা যে “ব্যভিচাৰ* নকৰিবা,” কিন্তু তুমি নিজেই এইদৰে কৰা নে? তুমি মূৰ্তিবোৰক ঘিণ কৰা, তুমি নিজেই মন্দিৰ লুট কৰা নে? ২৩ তুমি যি নিয়মক লৈ অহংকাৰ কৰা, তুমি নিজেই নিয়মৰ বিৰুদ্ধে গৈ ঈশ্বৰক অনাদৰ কৰা নে? ২৪ কিয়নো শাস্ত্ৰত লিখা আছে, “তোমালোকৰ কাৰণে ৰাষ্ট্ৰৰ মাজত ঈশ্বৰৰ নাম বদনাম হৈ আছে।”
২৫ তোমাৰ কাৰণে চুন্নৎ তেতিয়াহে লাভজনক হʼব, যেতিয়া তুমি নিয়ম পালন কৰা। কিন্তু যদি তুমি নিয়ম পালন নকৰা, তেনেহʼলে তোমাৰ চুন্নৎ, চুন্নৎ নোহোৱাৰ দৰে হʼব। ২৬ সেইবাবে, চুন্নৎ নোহোৱা ব্যক্তিজনে যদি নিয়মত কোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰে, তেনেহʼলে তেওঁৰ চুন্নৎ নোহোৱাটো, চুন্নৎ হোৱাৰ দৰে নুবুজাব নে? ২৭ আৰু শাৰীৰিকভাৱে চুন্নৎ নোহোৱা সেই ব্যক্তিজনে নিয়ম পালন কৰি তোমাক দোষী কৰে, কিয়নো তোমাৰ ওচৰত লিখিতভাৱে নিয়ম আছে আৰু তোমাৰ চুন্নৎ হৈছে, তথাপি তুমি নিয়ম পালন নকৰা। ২৮ কিয়নো বাহিৰৰ পৰা যিহূদী হʼলেই যে তেওঁ প্ৰকৃত যিহূদী হʼব, এনে নহয় আৰু শাৰীৰিকভাৱে চুন্নৎ কৰা হʼলেই যে সেয়া প্ৰকৃত চুন্নৎ হʼব, এনে নহয়। ২৯ কিন্তু প্ৰকৃত যিহূদী তেওঁ হয়, যিজন ভিতৰৰ পৰা যিহূদী আৰু প্ৰকৃত চুন্নৎ লিখিত নিয়মৰ অনুসৰি হোৱা চুন্নৎ নহয়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰ অনুসৰি হোৱা হৃদয়ৰ চুন্নৎ হয়। এনে ব্যক্তিয়ে লোকসকলৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ পৰা প্ৰশংসা পায়।
৩ তেনেহʼলে এজন ব্যক্তি যিহূদী হোৱা বা চুন্নৎ হোৱাৰ কি লাভ? ২ বহুত লাভ আছে। প্ৰথমটো হৈছে, যিহূদীসকলকহে ঈশ্বৰৰ পবিত্ৰ বাক্য দিয়া হৈছিল। ৩ কিন্তু যিহূদীসকলৰ মাজৰ কিছুমানে বিশ্বাস নকৰিলেও কি হʼল? তেওঁলোকে বিশ্বাস নকৰাৰ কাৰণে এয়া প্ৰমাণ হয় নে যে ঈশ্বৰ বিশ্বাসযোগ্য নহয়? ৪ কেতিয়াও নহয়! সকলো মানুহ মিছলীয়া বুলি প্ৰমাণিত হʼলেও যিকোনো পৰিস্থিতিত ঈশ্বৰ সত্য হয় বুলি প্ৰমাণিত হয়। যিদৰে শাস্ত্ৰত লিখাও আছে, “যাতে তুমি যি কোৱা, সেয়া সঠিক বুলি প্ৰমাণিত হওক আৰু তুমি নিজৰ মোকৰ্দ্দমাত জয়ী হোৱা।” ৫ কিছুমান লোকে কয় যে আমি বেয়া কাম কৰি এয়া দেখুৱাই আছোঁ যে ঈশ্বৰে কৰা সকলো কাম সঠিক হয়। যদি তেওঁলোকৰ কথা সঠিক হয়, তেনেহʼলে ঈশ্বৰে তেওঁলোকক শাস্তি দি অন্যায় কৰা নাই নে? (মই এজন ব্যক্তিৰ দৃষ্টিভংগীৰে কৈ আছোঁ।) ৬ নহয়, তেওঁ অন্যায় কৰিব নোৱাৰে! যদি এইদৰে হয়, তেনেহʼলে তেওঁ গোটেই জগতৰ ন্যায় কেনেকৈ কৰিব?
৭ কিন্তু মোৰ মিছা কথাৰ যোগেদি যদি ঈশ্বৰ সত্য হয় আৰু তেওঁৰ মহিমা হয় বুলি স্পষ্টকৈ দেখা যায়, তেনেহʼলে ঈশ্বৰে মোক কিয় পাপী বুলি কয়? ৮ তেনেহʼলে আমিও কিয় নকওঁ, “বʼলা আমি বেয়া কাম কৰোঁ যাতে ইয়াৰ পৰা ভাল বিষয় ওলাই পৰে,” যিদৰে আমি এয়া শিকাওঁ বুলি কিছুমান লোকে আমাৰ ওপৰত মিছা অভিযোগ লগায়। এনে লোকসকলে ন্যায়ৰ অনুসৰি উচিত শাস্তি পাব।
৯ তেনেহʼলে আমি কি কʼম? আমি যিহূদীসকল আনতকৈ শ্ৰেষ্ঠ নে? কেতিয়াও নহয়! কিয়নো আমি আগতে এয়া প্ৰমাণ কৰিলোঁ* যে যিহূদী আৰু যিহূদী নোহোৱা সকলোৱে পাপৰ অধীনত আছে। ১০ যিদৰে শাস্ত্ৰত লিখা আছে, “ঈশ্বৰৰ দৃষ্টিত ভাল কাম কৰা এনে কোনো মানুহ নাই, এজনো নাই। ১১ এনে কোনো নাই, যাৰ অলপো অন্তৰ্দৃষ্টি আছে, এনে কোনো নাই, যিজনে ঈশ্বৰক বিচাৰে। ১২ সকলো মানুহে সঠিক পথৰ পৰা আঁতৰি গৈছে। তেওঁলোক কোনো কামৰ নহয়। কোনেও ভাল কাম নকৰে, এজনেও নকৰে।” ১৩ “তেওঁলোকৰ ডিঙি এটা মুকলি কবৰৰ দৰে হয়, তেওঁলোকৰ জিভা কপটেৰে ভৰি আছে।” “তেওঁলোকৰ ওঁঠৰ পিছফালে সাপৰ বিষ আছে।” ১৪ “তেওঁলোকৰ মুখ অভিশাপ আৰু তিতা বাক্যৰে ভৰি আছে।” ১৫ “তেওঁলোকৰ ভৰি হত্যা কৰিবলৈ বেগেৰে আগবাঢ়ি যায়।” ১৬ “লোকসকলক ক্ষতি কৰা আৰু কষ্ট দিয়াই তেওঁলোকৰ কাম। ১৭ আৰু শান্তিৰ পথ কʼত আছে, তেওঁলোকে নাজানেই।” ১৮ “তেওঁলোকৰ চকুত ঈশ্বৰৰ প্ৰতি অলপো ভয় নাই।”
১৯ আমি জানোঁ যে নিয়মৰ সকলো কথা সেই লোকসকলক জনোৱা হৈছে, যিসকল নিয়মৰ অধীনত আছে যাতে সকলো মানুহৰ মুখ বন্ধ কৰিব পাৰি আৰু গোটেই জগত ঈশ্বৰৰ পৰা শাস্তি পোৱাৰ যোগ্য হয়। ২০ কিয়নো নিয়মত কোৱা কামবোৰৰ আধাৰত কোনো মানুহে ঈশ্বৰৰ আগত ভাল মানুহ বুলি গণ্য হʼব নোৱাৰে। কাৰণ পাপ কি হয়, ইয়াৰ সঠিক জ্ঞান নিয়মত পোৱা যায়।
২১ কিন্তু এতিয়া এয়া প্ৰকাশ কৰা হৈছে যে নিয়ম নমনাকৈ এজন মানুহ ঈশ্বৰৰ দৃষ্টিত ভাল ব্যক্তি বুলি গণ্য হʼব পাৰে, যিদৰে নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপেও সাক্ষ্য দিয়ে। ২২ হয়, যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিলে এজন মানুহ ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি গণ্য হʼব পাৰে। বিশ্বাস কৰা সকলো মানুহ ভাল মানুহ হʼব পাৰে আৰু ইয়াত কোনো পক্ষপাত কৰা নহয়। ২৩ কাৰণ সকলোৱে পাপ কৰিলে আৰু তেওঁলোকে ঈশ্বৰৰ আচৰিত গুণ* দেখুৱাব নোৱাৰিলে। ২৪ কিন্তু এয়া ঈশ্বৰৰ মহা-কৃপা হয় যে তেওঁ আমাক ভাল মানুহ বুলি গণ্য কৰে আৰু এয়া তেওঁ দিয়া দান হয়। যীচু খ্ৰীষ্টই আমাক উদ্ধাৰ কৰিবলৈ যি মুক্তিৰ মূল্য দিলে, তাৰ কাৰণে ঈশ্বৰে আমাক ভাল মানুহ বুলি গণ্য কৰে। ২৫ ঈশ্বৰে খ্ৰীষ্টক বলিদান হিচাপে দিলে যাতে খ্ৰীষ্টৰ তেজৰ ওপৰত বিশ্বাস কৰি যেন পাপৰ প্ৰায়শ্চিত্ত* হয়। তেওঁ ন্যায়ী হয় বুলি প্ৰমাণ কৰিবলৈ তেওঁ এইদৰে কৰিলে, কিয়নো প্ৰাচীন সময়ত তেওঁ লোকসকলৰ পাপবোৰ সহন কৰিলে আৰু তেওঁলোকক ক্ষমা কৰি থাকিল। ২৬ আমাৰ সময়তো ঈশ্বৰ ন্যায়ী হয় বুলি এইদৰে কৰিলে যাতে যি মানুহে যীচুৰ ওপৰত বিশ্বাস কৰে, তেওঁ ভাল মানুহ বুলি গণ্য হোৱাৰ সময়ত তেওঁ নিজেও ন্যায়ী হয় বুলি প্ৰমাণিত হয়।
২৭ তেনেহʼলে অহংকাৰ কৰাৰ কোনো কাৰণ থাকিল নে? নাই, কোনো কাৰণ নাই। কোনটো নিয়মক লৈ অহংকাৰ কৰোঁ? সেই নিয়মক লৈ যিয়ে কামক গুৰুত্ব দিয়ে? কেতিয়াও নহয়, ইয়াৰ পৰিৱৰ্তে সেই নিয়মক লৈ যিয়ে বিশ্বাসক গুৰুত্ব দিয়ে। ২৮ সেইবাবে, আমি বুজি পালোঁ যে এজন মানুহ নিয়মত কোৱা কামবোৰৰ যোগেদি নহয়, কিন্তু বিশ্বাসৰ যোগেদিহে ভাল মানুহ বুলি গণ্য হয়। ২৯ তেওঁ কেৱল যিহূদীসকলৰ ঈশ্বৰ নে? তেওঁ আন ৰাষ্ট্ৰৰ লোকসকলৰো ঈশ্বৰ নহয় নে? হয়, তেওঁ তেওঁলোকৰো ঈশ্বৰ হয়। ৩০ ঈশ্বৰ এজনেই, সেইবাবে তেৱেঁই চুন্নৎ হোৱা লোকসকলক তেওঁলোকৰ বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰে আৰু যিসকলৰ চুন্নৎ হোৱা নাই, তেওঁলোকক তেওঁলোকৰ বিশ্বাসৰ যোগেদি ভাল মানুহ বুলি গণ্য কৰে। ৩১ আমি নিজৰ বিশ্বাসৰ যোগেদি নিয়মক লুপ্ত কৰিছোঁ নে? নহয়, ইয়াৰ পৰিৱৰ্তে আমি নিয়মক সঠিক বুলি প্ৰমাণ কৰিছোঁ।
৪ যদি এইদৰে হয়, তেনেহʼলে আমি কি কʼম? আমাৰ পূৰ্বপুৰুষ অব্ৰাহামে কি পাইছিল? ২ অব্ৰাহামক তেওঁৰ কামৰ আধাৰত ভাল মানুহ বুলি গণ্য কৰা হʼলে তেওঁৰ ওচৰত ফিতাহি মৰাৰ কাৰণ থাকিলেহেঁতেন, কিন্তু তেওঁৰ ঈশ্বৰৰ আগত ফিতাহি মৰাৰ কোনো কাৰণ নাছিল। ৩ শাস্ত্ৰত কি কোৱা হৈছে? “অব্ৰাহামে যিহোৱাৰ* ওপৰত বিশ্বাস কৰিলে আৰু ইয়াৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।” ৪ যি মানুহে কাম কৰে, তেওঁক মজুৰি দিয়াটো তেওঁৰ ওপৰত মহা-কৃপা কৰা হৈছে বুলি নুবুজায়, ইয়াৰ পৰিৱৰ্তে সেয়া তেওঁৰ অধিকাৰ বুলি গণ্য কৰা হয়। ৫ আনহাতে, যিজন মানুহে নিজৰ কামৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে পাপীক ভাল মানুহ বুলি গণ্য কৰা ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে, সেই মানুহজনক তেওঁৰ বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হয়। ৬ দায়ূদেও এনে মানুহক সুখী বুলি কৈছিল, যিজনে নিয়মক সম্পূৰ্ণৰূপে পালন কৰা নাছিল, তথাপি ঈশ্বৰে তেওঁক ভাল মানুহ বুলি গণ্য কৰিলে। তেওঁ কʼলে, ৭ “সুখী তেওঁলোক, যিসকলৰ বেয়া কাম ক্ষমা কৰা হʼল আৰু যিসকলৰ পাপ ঢাকি দিয়া হʼল।* ৮ সুখী সেই মানুহ, যিজনৰ পাপ যিহোৱাই* কেতিয়াও ধৰি নাৰাখিব।”
৯ তেনেহʼলে, এই সুখ কেৱল চুন্নৎ হোৱা লোকসকলেহে পায় নে, নে চুন্নৎ নোহোৱা লোকসকলেও পায়? কিয়নো আমি কওঁ, “অব্ৰাহামৰ বিশ্বাসৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।” ১০ তেওঁক কেতিয়া ভাল মানুহ বুলি গণ্য কৰা হৈছিল? চুন্নৎ হোৱাৰ পাছত নে চুন্নৎ হোৱাৰ আগত? যেতিয়া তেওঁৰ চুন্নৎ হোৱাই নাছিল, তেতিয়াই তেওঁক ভাল মানুহ বুলি গণ্য কৰা হৈছিল। ১১ চুন্নৎ নোহোৱাকৈ তেওঁ যি বিশ্বাস দেখুৱালে, সেই বিশ্বাসৰ কাৰণেই ঈশ্বৰে তেওঁক ভাল মানুহ বুলি গণ্য কৰিলে। আৰু তেওঁ যে ভাল মানুহ হয়, তাৰ চিন* হিচাপে ঈশ্বৰে তেওঁক চুন্নৎ কৰিবলৈ কʼলে যাতে তেওঁ সেই সকলোৰে পিতৃ হয়, যিসকলৰ চুন্নৎ নোহোৱাৰ সত্ত্বেও বিশ্বাস দেখুৱাৰ কাৰণে ঈশ্বৰে তেওঁলোকক ভাল মানুহ বুলি গণ্য কৰে। ১২ লগতে অব্ৰাহাম, চুন্নৎ হোৱা লোকসকলৰো পিতৃ হয় অৰ্থাৎ সেই লোকসকলৰ, যিসকলে চুন্নৎ হোৱাৰ লগতে আমাৰ পিতৃ অব্ৰাহামৰ নিচিনা বিশ্বাস দেখুৱায় আৰু সেই বিশ্বাসৰ অনুসৰি চলে আৰু অব্ৰাহামে চুন্নৎ হোৱাৰ আগতে যিদৰে বিশ্বাস দেখুৱাইছিল, সেই একে বিশ্বাস তেওঁলোকেও দেখুৱায়।
১৩ অব্ৰাহাম আৰু তেওঁৰ বংশৰ* লগত প্ৰতিজ্ঞা কৰা হৈছিল যে তেওঁলোকে জগতৰ উত্তৰাধিকাৰী হʼব। নিয়ম পালন কৰাৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰাৰ বাবে ভাল মানুহ বুলি গণ্য কৰাৰ কাৰণেহে তেওঁলোকৰ লগত এই প্ৰতিজ্ঞা কৰা হৈছিল। ১৪ কাৰণ কেৱল নিয়ম পালন কৰা লোকসকলে উত্তৰাধিকাৰী হোৱা হʼলে বিশ্বাস কৰাৰ কোনো লাভ নহʼলহেঁতেন আৰু প্ৰতিজ্ঞা অৰ্থহীন হʼলহেঁতেন। ১৫ আচলতে নিয়মে ক্ৰোধ উৎপন্ন কৰে, কিন্তু যʼত কোনো নিয়ম নাই, তাত নিয়ম ভঙাৰ কোনো প্ৰশ্নই নাহে।
১৬ অব্ৰাহামে তেওঁৰ বিশ্বাসৰ কাৰণে সেই প্ৰতিজ্ঞা লাভ কৰিছিল আৰু ইয়াৰ যোগেদি ঈশ্বৰৰ মহা-কৃপা প্ৰকাশ পাইছে। সেইবাবে, তেওঁৰ বংশয়ো এই প্ৰতিজ্ঞা লাভ কৰিছে। এই প্ৰতিজ্ঞা নিয়ম পালন কৰা লোকসকলৰ লগতে যিসকলৰ অব্ৰাহামৰ দৰে বিশ্বাস আছে, তেওঁলোকেও লাভ কৰে। আৰু অব্ৰাহাম আমাৰ সকলোৰে পিতৃ। ১৭ (এয়া ঠিক সেইদৰে হʼল, যিদৰে শাস্ত্ৰত লিখা আছে, “মই তোমাক বহুতো জাতিৰ পিতৃ কৰিলোঁ।”) ঈশ্বৰৰ আগত এয়া হʼল, যিজনৰ ওপৰত অব্ৰাহামে বিশ্বাস কৰিছিল আৰু যিজনে মৃতবিলাকক আকৌ জীয়াই তোলে আৰু এতিয়ালৈকে যিবোৰ কথা পূৰ হোৱা নাই, সেইবোৰৰ বিষয়ে এইদৰে কয় যেন সেইবোৰ পূৰ হʼল।* ১৮ যদিও অব্ৰাহামৰ কাৰণে গোটেই আশা নাইকিয়া হৈছিল, তথাপি তেওঁ আশা ৰাখি বিশ্বাস কৰিলে যে তেওঁ বহুতো জাতিৰ পিতৃ হʼব, যিদৰে তেওঁক প্ৰতিজ্ঞা কৰা হৈছিল: “তোমাৰ বংশ এইদৰেই অসংখ্য হʼব।” ১৯ অব্ৰাহামে জানিছিল যে তেওঁৰ আৰু সন্তান নহʼব (কিয়নো তেওঁৰ বয়স প্ৰায় ১০০ বছৰ হৈছিল) আৰু তেওঁ এয়াও জানিছিল যে চাৰাৰো সন্তান জন্ম দিয়াৰ ক্ষমতা নাই, তথাপি তেওঁৰ বিশ্বাস দুৰ্বল নহʼল। ২০ কিন্তু ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত তেওঁৰ বিশ্বাস আছিল, সেইবাবে তেওঁ সন্দেহ নকৰিলে, ইয়াৰ পৰিৱৰ্তে বিশ্বাসৰ কাৰণে তেওঁ বলৱান হʼল আৰু তেওঁ ঈশ্বৰৰ মহিমা কৰিলে। ২১ তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিজন ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, সেই প্ৰতিজ্ঞা পূৰ কৰাৰ তেওঁৰ ক্ষমতাও আছে। ২২ “এই কাৰণেই তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।”
২৩ কিন্তু ‘তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল,’ এই কথা কেৱল তেওঁৰ বিষয়ে লিখা হোৱা নাই। ২৪ কিন্তু আমাৰ বিষয়েও লিখা হৈছে। আমাকো ভাল মানুহ বুলি গণ্য কৰা হʼব। কিয়নো আমি সেই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ, যিজনে আমাৰ প্ৰভু যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে। ২৫ আমাৰ পাপৰ কাৰণে যীচুক মৃত্যুৰ হাতত গতাই দিয়া হʼল আৰু আমাক ভাল মানুহ বুলি গণ্য কৰিবলৈ জীৱিত কৰা হʼল।
৫ সেইবাবে, যিহেতু আমাক বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হৈছে, গতিকে আহা আমি নিজৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত শান্তিৰ সম্পৰ্ক বজাই ৰাখোঁ।* ২ তেওঁৰ যোগেদিয়েই আমি বিশ্বাসৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ যাবলৈ অনুমতি পাইছোঁ যাতে আমি তেওঁৰ মহা-কৃপা পাব পাৰোঁ, যি এতিয়া আমাৰ ওপৰত আছে। আৰু আহা আমি ঈশ্বৰৰ পৰা মহিমা পোৱাৰ আশাৰ বাবে আনন্দ কৰোঁ। ৩ ইয়াৰ উপৰিও, আহা আমি দুখ-কষ্ট ভুগিও আনন্দ কৰোঁ। কিয়নো আমি জানোঁ যে দুখ-কষ্টৰ পৰা ধৈৰ্য উৎপন্ন হয়। ৪ আৰু ধৈৰ্য ধৰিলে ঈশ্বৰৰ অনুমোদন আমাৰ ওপৰত থাকে আৰু ইয়াৰ বাবে আমি আশা লাভ কৰোঁ। ৫ এই আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে। কাৰণ আমাক যি পবিত্ৰ শক্তি দিয়া হৈছে, সেই পবিত্ৰ শক্তিৰ যোগেদি ঈশ্বৰৰ প্ৰেম আমাৰ হৃদয়ত ভৰাই দিয়া হৈছে।
৬ সঁচাকৈ যেতিয়া আমি দুৰ্বলেই আছিলোঁ, তেতিয়া খ্ৰীষ্টই নিৰ্ধাৰিত কৰাৰ সময়ত ভক্তিহীন মানুহবিলাকৰ কাৰণে মৰিল। ৭ কিয়নো সঠিক কাম কৰা এজন মানুহৰ কাৰণে প্ৰায় কোনেও নিজৰ জীৱন নিদিয়ে। হয়তো কোনো এজন ভাল ব্যক্তিৰ কাৰণে কোনোবাই নিজৰ জীৱন দিবলৈ সাহস কৰিবও পাৰে। ৮ কিন্তু ঈশ্বৰে আমাৰ কাৰণে নিজৰ প্ৰেমৰ প্ৰমাণ এইদৰে দিলে যে যেতিয়া আমি পাপীয়েই আছিলোঁ, তেতিয়া খ্ৰীষ্টই আমাৰ কাৰণে মৰিল। ৯ যিহেতু এতিয়া আমি তেওঁৰ তেজৰ যোগেদি ভাল মানুহ বুলি গণিত হৈছোঁ। গতিকে, আমি তেওঁৰ যোগেদি ঈশ্বৰৰ ক্ৰোধৰ পৰাও কিয় নাবাচিম? ১০ আমি ঈশ্বৰৰ শত্ৰু হৈ থাকোঁতেই যদি তেওঁৰ পুত্ৰৰ মৃত্যুৰ আধাৰত ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিল, তেনেহʼলে এতিয়া যিহেতু আমাৰ সম্পৰ্ক গঢ়ি উঠিল, গতিকে আমি তেওঁৰ জীৱনৰ যোগেদি উদ্ধাৰ পাবলৈ আৰু বেছি ভৰসা ৰাখিব পাৰোঁ। ১১ ইয়াৰ উপৰিও, আমি ঈশ্বৰৰ লগত নিজৰ সম্পৰ্কৰ কাৰণে আনন্দ কৰোঁ, যি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি স্থাপন হৈছে, যাৰ যোগেদি ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে।
১২ সেইবাবে, এজন মানুহৰ পৰা পাপ জগতলৈ আহিল আৰু পাপৰ পৰা মৃত্যু আহিল আৰু এইদৰে মৃত্যু সকলো মানুহলৈ বিয়পি গʼল, কিয়নো সকলোৱে পাপ কৰিলে। ১৩ মোচিৰ নিয়ম দিয়াৰ আগতে পাপ জগতত আছিল, কিন্তু নিয়ম নথকা হʼলে কাকো পাপী বুলি গণ্য কৰা নহʼলহেঁতেন। ১৪ তথাপি মৃত্যুৱে আদমৰ পৰা লৈ মোচিৰ সময়লৈকে ৰজা হৈ ৰাজত্ব কৰিলে। সেই লোকসকলৰ ওপৰতো ৰাজত্ব কৰিলে, যিসকলে আদমৰ দৰে নিয়ম ভাঙি পাপ কৰা নাছিল। আদম সেই ব্যক্তিৰ দৰেই আছিল, যিজন আহিবলগীয়া আছিল।
১৫ কিন্তু ঈশ্বৰৰ দান পাপৰ দৰে নহয়, এজন মানুহৰ পাপৰ কাৰণে বহুতো লোক মৰিল, কিন্তু ঈশ্বৰৰ মহা-কৃপা আৰু তেওঁৰ দানৰ পৰা বহুতো লোকে অধিক মাত্ৰাত লাভৱান হʼল। এই দান মহা-কৃপাৰ সৈতে এজন ব্যক্তি অৰ্থাৎ যীচু খ্ৰীষ্টৰ যোগেদি দিয়া হʼল। ১৬ দানৰ পৰা পোৱা লাভ এজন মানুহৰ পাপৰ পৰিণামৰ দৰে নহয়, কিয়নো এটা পাপৰ কাৰণে মানুহক দোষী কৰা হয়। কিন্তু বহুতো পাপৰ পাছতো যি দান পোৱা যায়, তাৰ কাৰণে মানুহবিলাকক ভাল মানুহ বুলি গণ্য কৰা হয়। ১৭ যদি এজন মানুহৰ পাপৰ কাৰণে মৃত্যুৱে ৰজা হৈ ৰাজত্ব কৰিলে, তেনেহʼলে যি লোকসকলে মহা-কৃপা আৰু ভাল মানুহ বুলি গণিত হোৱাৰ দান প্ৰচুৰ পৰিমাণে পায়, তেওঁলোকে এজন ব্যক্তি অৰ্থাৎ যীচু খ্ৰীষ্টৰ যোগেদি নিশ্চয় জীৱন পাব আৰু ৰজা হৈ ৰাজত্ব কৰিব।
১৮ সেইবাবে, যিদৰে এটা পাপৰ কাৰণে সকলো ধৰণৰ মানুহে শাস্তি পোৱাৰ যোগ্য হয়, ঠিক সেইদৰে এটা ভাল কামৰ কাৰণে সকলো ধৰণৰ লোকে ভাল মানুহ বুলি গণিত হয় যাতে জীৱন পায়। ১৯ আৰু যিদৰে এজন মানুহে আজ্ঞা পালন নকৰাৰ কাৰণে বহুতো লোক পাপী হʼল, ঠিক সেইদৰে এজন মানুহে আজ্ঞা পালন কৰাৰ কাৰণে বহুতো লোক ভাল মানুহ বুলি গণিত হʼব। ২০ তাৰ পাছত মোচিৰ নিয়ম আহিল, যিয়ে পাপক আৰু বেছিকৈ প্ৰকাশ কৰিলে। কিন্তু যʼত পাপ বাঢ়িল, তাত মহা-কৃপা আৰু বেছি বাঢ়িল। ২১ কিয় বাৰু? যিদৰে পাপে মৃত্যুৰ সৈতে ৰজা হৈ ৰাজত্ব কৰিলে, ঠিক সেইদৰে মহা-কৃপাও যেন ভাল কামৰ যোগেদি ৰজা হৈ ৰাজত্ব কৰে আৰু ইয়াৰ বাবে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি যেন অনন্ত জীৱন পায়।
৬ তেনেহʼলে এতিয়া আমি কি কʼম? আৰু বেছিকৈ মহা-কৃপা পাবলৈ আমি পাপ কৰি থাকিম নে? ২ কেতিয়াও নহয়! যদি আমি পাপৰ কাৰণে মৰিলোঁ, তেনেহʼলে এয়া কেনেকৈ হʼব পাৰে যে আমি পাপ কৰাত লাগি থাকোঁ? ৩ অথবা তোমালোকে নাজানা নে যে আমি, যিসকলে খ্ৰীষ্ট যীচুত বাপ্তিষ্মা লৈছোঁ, আমি তেওঁৰ মৃত্যুতো বাপ্তিষ্মা লৈছোঁ? ৪ সেইবাবে, তেওঁৰ মৃত্যুতো বাপ্তিষ্মা লোৱাৰ কাৰণে আমাকো তেওঁৰ লগত কবৰ দিয়া হʼল, যেন পিতৃৰ মহিমাৰ যোগেদি খ্ৰীষ্টক যেনেকৈ মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেনেকৈ আমিও যেন নতুনকৈ জীৱন-যাপন কৰিব পাৰোঁ। ৫ যদি আমি তেওঁৰ দৰে মৃত্যু হৈ তেওঁৰ লগত এক হʼলোঁ, তেনেহʼলে তেওঁৰ দৰে জীৱিত হৈও তেওঁৰ লগত এক হʼম। ৬ কিয়নো আমি জানোঁ যে আমাৰ পুৰণি ব্যক্তিত্বক তেওঁৰ লগত কাঠত গজাল মাৰি দিয়া হʼল যাতে আমাৰ পাপী শৰীৰে আমাৰ ওপৰত অধিকাৰ চলাব নোৱাৰে আৰু এতিয়াৰ পৰা আমি পাপৰ দাস হৈ নাথাকোঁ। ৭ কাৰণ যিজন মৰিল, তেওঁ নিজৰ পাপৰ পৰা মুক্ত* হʼল।
৮ ইয়াৰ উপৰিও, যদি আমি খ্ৰীষ্টৰ লগত মৰিলোঁ, তেনেহʼলে আমাৰ বিশ্বাস আছে যে আমি তেওঁৰ লগত জীয়াইয়ো উঠিম। ৯ কাৰণ আমি জানোঁ যে খ্ৰীষ্ট, যিজনক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেওঁ আকৌ নমৰিব, এতিয়া তেওঁৰ ওপৰত মৃত্যুৰ কোনো অধিকাৰ নাই। ১০ কাৰণ খ্ৰীষ্টই যি মৃত্যু ভোগ কৰিলে, সেয়া পাপক নাইকিয়া কৰাৰ কাৰণে আছিল আৰু তেওঁ এবাৰেই মৰিল যাতে আকৌ মৰিবলগীয়া নহয়। কিন্তু তেওঁ যি জীৱন জীয়াই আছে, সেয়া ঈশ্বৰৰ উদ্দেশ্যে জীয়াই আছে। ১১ এইদৰে তোমালোকেও এয়া বুজি লোৱা যে তোমালোকে পাপৰ কাৰণেতো মৃত্যু হʼলা, কিন্তু খ্ৰীষ্ট যীচুৰ যোগেদি ঈশ্বৰৰ কাৰণে জীয়াই আছা।
১২ সেইবাবে, তোমালোকে পাপক নিজৰ বিনাশী শৰীৰত ৰজা হৈ ৰাজত্ব কৰিবলৈ নিদিবা আৰু শৰীৰৰ ইচ্ছাবোৰৰ দাস হৈ তাৰ কথা নামানিবা। ১৩ তোমালোকে নিজৰ শৰীৰক* দুষ্ট কামৰ অস্ত্ৰ-শস্ত্ৰ হʼবলৈ পাপক গতাই নিদিবা। ইয়াৰ পৰিৱৰ্তে, মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা ব্যক্তি হিচাপে নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰা, লগতে নিজৰ শৰীৰক যি সঠিক, তাৰ অস্ত্ৰ-শস্ত্ৰ হʼবলৈ ঈশ্বৰলৈ গতাই দিয়া। ১৪ এতিয়া পাপ তোমালোকৰ মালিক নহওক, কিয়নো তোমালোক নিয়মৰ অধীন নোহোৱা, কিন্তু মহা-কৃপাৰ অধীন হোৱা।
১৫ তেনেহʼলে এতিয়া আমি কি কʼম? আমি নিয়মৰ অধীনত নাই আৰু মহা-কৃপাৰ অধীনত আছোঁ বুলি পাপ কৰিম নে? কেতিয়াও নহয়! ১৬ তোমালোকে নাজানা নে যদি তোমালোকে কাৰোবাৰ আজ্ঞা পালন কৰিবলৈ নিজকে দাস হিচাপে তেওঁলৈ গতাই দিয়া, তেনেহʼলে তেওঁৰেই দাস হৈ যোৱা। সেইবাবে, তোমালোকে যদি পাপৰ দাস হৈ থাকা, তেনেহʼলে তোমালোকৰ মৃত্যু হʼব। কিন্তু তোমালোকে যদি ঈশ্বৰৰ দাস হৈ থাকা আৰু তেওঁৰ আজ্ঞা পালন কৰি থাকা, তেনেহʼলে তোমালোক ভাল মানুহ বুলি গণ্য হʼবা। ১৭ যদিও তোমালোকে আগতে পাপৰ দাস হৈ আছিলা, তথাপি যিধৰণে তোমালোকক শিক্ষা দিয়া হৈছিল, সেয়া তোমালোকে হৃদয়েৰে পালন কৰি আছা, সেইবাবে ঈশ্বৰৰ ধন্যবাদ হওক। ১৮ হয়, তোমালোকক পাপৰ পৰা মুক্ত কৰা হৈছিল, সেইবাবে তোমালোকে সঠিক কামৰ দাস হোৱা। ১৯ মই তোমালোকৰ পাপী শৰীৰৰ দুৰ্বলতাক মনত ৰাখি সহজ ভাষাত কৈ আছোঁ। যিদৰে এটা সময়ত তোমালোকে দুষ্ট কাম কৰিবলৈ নিজৰ অংগবোৰক অশুচি আৰু দুষ্ট কামৰ দাস বনাইছিলা, তেনেকৈ এতিয়া তোমালোকে পবিত্ৰ কাম কৰিবলৈ নিজৰ অংগবোৰক সঠিক কামৰ দাস বনোৱা। ২০ কিয়নো যেতিয়া তোমালোকে পাপৰ দাস হৈ আছিলা, তেতিয়া তোমালোকে সঠিক কাম কৰাৰ পৰা মুক্ত আছিলা।
২১ তেনেহʼলে সেই সময়ত তোমালোকে কেনেধৰণৰ ফল উৎপন্ন কৰিছিলা, তোমালোকে এনে কাম কৰিছিলা, যাৰ বিষয়ে ভাবি এতিয়া তোমালোকে লাজ অনুভৱ কৰা। এনে কামবোৰৰ শেষ পৰিণাম হৈছে মৃত্যু। ২২ কিন্তু এতিয়া তোমালোকে পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হৈছা। সেইবাবে, তোমালোকে পবিত্ৰতাৰ ফল উৎপন্ন কৰি আছা আৰু ইয়াৰ শেষ পৰিণাম হৈছে অনন্ত জীৱন। ২৩ কিয়নো পাপে যি মজুৰি দিয়ে, সেয়া হৈছে মৃত্যু, কিন্তু ঈশ্বৰে যি উপহাৰ দিয়ে, সেয়া হৈছে আমাৰ প্ৰভু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱন।
৭ ভাইসকল, (যিসকলে নিয়ম জানে মই তেওঁলোকক কৈ আছোঁ) তোমালোকে নাজানা নে যে এজন ব্যক্তি তেতিয়ালৈকে নিয়মৰ অধীনত থাকে, যেতিয়ালৈকে তেওঁ জীয়াই থাকে? ২ উদাহৰণস্বৰূপে, এগৰাকী বিবাহিতা তিৰোতাই তেওঁৰ স্বামী জীয়াই থকালৈকে তেওঁৰ লগত আইনেৰে বন্ধা থাকে, কিন্তু স্বামীৰ মৃত্যু হʼলে তেওঁ সেই আইনৰ পৰা মুক্ত হয়। ৩ যদি তেওঁ নিজৰ স্বামী জীয়াই থাকোঁতেই আন এজন পুৰুষৰ লগত বিয়া হয়, তেনেহʼলে তেওঁ ব্যভিচাৰ* কৰিছে বুলি কোৱা হʼব। কিন্তু যদি তেওঁৰ স্বামীৰ মৃত্যু হয়, তেনেহʼলে তেওঁ সেই আইনৰ পৰা মুক্ত হৈ যায়। ইয়াৰ পাছত তেওঁ আন এজন পুৰুষৰ লগত বিয়া হʼলেও তেওঁ ব্যভিচাৰ কৰিছে বুলি কোৱা নহʼব।
৪ ঠিক সেইদৰে মোৰ ভাইসকল, তোমালোকে খ্ৰীষ্টৰ শৰীৰৰ যোগেদি নিয়মৰ কাৰণে মৃত্যু হৈছা যাতে তোমালোকে খ্ৰীষ্টৰ হৈ যোৱা, যিজনক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হৈছে। এইদৰে হোৱাৰ কাৰণ হৈছে যাতে আমি ঈশ্বৰৰ কাৰণে ফল উৎপন্ন কৰিব পাৰোঁ। ৫ কিয়নো আমি যেতিয়া শৰীৰৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিছিলোঁ, তেতিয়া নিয়মে আমাক নিজৰ পাপেৰে ভৰা কামভাৱৰ অনুভৱ কৰোৱালে, যিয়ে আমাৰ শৰীৰত* কাম কৰি আছিল যে আমি এনে ফল উৎপন্ন কৰোঁ, যাৰ পৰিণাম মৃত্যু হয়। ৬ কিন্তু এতিয়া আমি এই নিয়মৰ পৰা মুক্ত হʼলোঁ, কিয়নো আমি যাৰ বান্ধোনত আছিলোঁ, তাৰ কাৰণে মৃত্যু হʼলোঁ যাতে আমি লিখিত নিয়মৰ যোগেদি পুৰণি উপায়েৰে নহয়, কিন্তু পবিত্ৰ শক্তিৰ যোগেদি এক নতুন উপায়েৰে দাস হওঁ।
৭ তেনেহʼলে আমি কি কʼম? নিয়মত খুঁত আছে নে?* কেতিয়াও নহয়! আচলতে নিয়ম নথকা হʼলে মই পাপৰ বিষয়ে কেতিয়াও জানিব নোৱাৰিলোঁহেঁতেন। উদাহৰণস্বৰূপে, “লোভ নকৰিবা” বুলি নিয়মত নোকোৱা হʼলে লোভ কি হয়, এয়া মই নাজানিলোঁহেঁতেন। ৮ কিন্তু পাপে নিয়মৰ সুযোগ লৈ মোৰ ভিতৰত সকলো ধৰণৰ লোভ জন্মালে, কিয়নো নিয়মৰ অবিহনে পাপ মৰা আছিল। ৯ আচলতে এনে এটা সময় আছিল, যেতিয়া মই নিয়মৰ অবিহনে জীয়াই আছিলোঁ, কিন্তু যেতিয়া নিয়ম আহিল, তেতিয়া পাপ আকৌ জীৱিত হʼল আৰু মই মৰি গʼলোঁ। ১০ আৰু যি আজ্ঞা জীৱনৰ কাৰণে আছিল, মই দেখিলোঁ যে সেয়া মোৰ বাবে মৃত্যুৰ কাৰণ হʼল। ১১ কিয়নো পাপে নিয়মৰ সুযোগ লৈ মোক ভুলালে আৰু ইয়াৰ যোগেদি মোক হত্যা কৰিলে। ১২ নিয়ম পবিত্ৰ হয় আৰু আজ্ঞা পবিত্ৰ, সঠিক আৰু ভাল হয়।
১৩ তেনেহʼলে যি ভাল হয়, সেয়া মোৰ মৃত্যুৰ কাৰণ হʼল নে? কেতিয়াও নহয়! ইয়াৰ পৰিৱৰ্তে, পাপ মোৰ মৃত্যুৰ কাৰণ হʼল যাতে যি ভাল, তাৰ পৰা প্ৰকাশ হওক যে পাপে মোৰ ভিতৰত কাম কৰি মোক মৃত্যুৰ ফালে লৈ গৈ আছে আৰু পাপ বহুত বেয়া হয় বুলি নিয়মে প্ৰকাশ কৰে। ১৪ আমি জানোঁ যে নিয়ম ঈশ্বৰৰ ফালৰ পৰা হয়, কিন্তু মই পাপী* হওঁ আৰু পাপৰ দাস হিচাপে বিক্ৰী হৈছোঁ। ১৫ মই যি কৰোঁ, মই বুজি নাপাওঁ যে মই এইদৰে কিয় কৰোঁ। কিয়নো মই যি কৰিব বিচাৰোঁ, সেয়া নকৰোঁ, কিন্তু মই যি ঘিণ কৰোঁ, সেয়াই কৰোঁ। ১৬ কিন্তু মই যদি সেয়াই কৰোঁ, যি মই কৰিব নিবিচাৰোঁ, তেনেহʼলে নিয়ম যে উত্তম, সেয়া মই স্বীকাৰ কৰোঁ। ১৭ সেইবাবে, মই যি কৰোঁ, সেয়া মই নহওঁ, ইয়াৰ পৰিৱৰ্তে মোৰ ভিতৰত থকা পাপে কৰে। ১৮ মই জানোঁ যে মোৰ মাজত অৰ্থাৎ মোৰ শৰীৰত অলপো ভাল নাই, কিয়নো ভাল কাম কৰাৰ ইচ্ছাতো মোৰ ভিতৰত আছে, কিন্তু ভাল কাম মোৰ দ্বাৰা নহয়। ১৯ কিয়নো যি ভাল কাম মই কৰিব বিচাৰোঁ, সেয়া মই নকৰোঁ, কিন্তু যি বেয়া কাম মই কৰিব নিবিচাৰোঁ, সেয়াই কৰি থাকোঁ। ২০ গতিকে, মই যদি সেয়াই কৰোঁ, যি কৰিব নিবিচাৰোঁ, তেনেহʼলে এইবোৰ কৰাজন মই নহওঁ, ইয়াৰ পৰিৱৰ্তে মোৰ ভিতৰত থকা পাপেহে সেই কাম কৰে।
২১ তেনেহʼলে মই নিজৰ ক্ষেত্ৰত এই নিয়ম পাওঁ: যেতিয়া মই ভাল কাম কৰিব বিচাৰোঁ, তেতিয়া মই বেয়া কাম কৰাৰ ফালে ঢাল খাওঁ। ২২ মই সঁচাকৈ হৃদয়ৰ পৰা ঈশ্বৰৰ নিয়মত আনন্দ পাওঁ, ২৩ কিন্তু মোৰ শৰীৰত আৰু এটা নিয়মে কাম কৰি থকা পাওঁ, যিয়ে মোৰ মনৰ নিয়মৰ বিৰুদ্ধে যুঁজে আৰু মোক পাপৰ সেই নিয়মৰ দাস কৰি লয়, যি মোৰ শৰীৰত আছে। ২৪ মই কিমান যে নিঃসহায় মানুহ হওঁ! মৃত্যুৰ ফালে লৈ যোৱা এই শৰীৰৰ পৰা মোক কোনে বচাব? ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰলৈ ধন্যবাদ হওক। মই নিজৰ মনততো ঈশ্বৰৰ নিয়মৰ দাস হওঁ, কিন্তু মোৰ শৰীৰ পাপৰ নিয়মৰ দাস হয়।
৮ সেইবাবে, খ্ৰীষ্ট যীচুৰ লগত একতাত থকাসকলক দোষী কৰা নহয়। ২ কিয়নো খ্ৰীষ্ট যীচুৰ শিষ্য হোৱাৰ বাবে তোমালোকক জীৱন দিয়া পবিত্ৰ শক্তিৰ নিয়মে তোমালোকক পাপ আৰু মৃত্যুৰ নিয়মৰ পৰা মুক্ত কৰিলে। ৩ পাপী মানুহৰ কাৰণে নিয়ম দুৰ্বল হৈ পৰিল, সেইবাবে নিয়মে যি কৰিব নোৱাৰিলে, সেয়া ঈশ্বৰে কৰিলে। ঈশ্বৰে নিজৰ পুত্ৰক মানুহৰ ৰূপত পঠালে যাতে তেওঁ পাপক নাইকিয়া কৰে আৰু এইদৰে ঈশ্বৰে শৰীৰত থকা পাপক দোষী কৰিলে ৪ যাতে আমি শৰীৰৰ অনুসৰি নহয়, পবিত্ৰ শক্তিৰ অনুসৰি চলি নিয়মৰ উচিত প্ৰয়োজনীয়তা পূৰ কৰিব পাৰোঁ। ৫ যিসকলে শৰীৰৰ অনুসৰি জীৱন-যাপন কৰে, তেওঁলোকে শৰীৰৰ কথাবোৰৰ ওপৰত ধ্যান দিয়ে। কিন্তু যিসকলে পবিত্ৰ শক্তিৰ অনুসৰি জীৱন-যাপন কৰে, তেওঁলোকে পবিত্ৰ শক্তিৰ কথাবোৰৰ ওপৰত ধ্যান দিয়ে। ৬ কাৰণ শৰীৰৰ কথাবোৰৰ ওপৰত ধ্যান দিয়াৰ অৰ্থ হৈছে মৃত্যু, কিন্তু পবিত্ৰ শক্তিৰ কথাবোৰৰ ওপৰত ধ্যান দিয়াৰ অৰ্থ হৈছে জীৱন আৰু শান্তি। ৭ শৰীৰৰ কথাৰ ওপৰত ধ্যান দিয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ লগত শত্ৰুতা কৰা, কিয়নো শৰীৰ ঈশ্বৰৰ নিয়মৰ অধীনত নাই আৰু হʼবও নোৱাৰে। ৮ সেইবাবে, যিসকলে শৰীৰৰ অনুসৰি চলে, তেওঁলোকে ঈশ্বৰক আনন্দিত কৰিব নোৱাৰে।
৯ ঈশ্বৰৰ পবিত্ৰ শক্তি সঁচাকৈ যদি তোমালোকৰ হৃদয়ত থাকে, তেনেহʼলে তোমালোকে শৰীৰৰ অনুসৰি নহয়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰ অনুসৰি চলা। কিন্তু কাৰোবাৰ যদি খ্ৰীষ্টৰ স্বভাৱ নাই, তেনেহʼলে তেওঁ খ্ৰীষ্টৰ নহয়। ১০ কিন্তু খ্ৰীষ্টই যদি তোমালোকৰ লগত একতাত আছে, তেনেহʼলে তোমালোকৰ শৰীৰ পাপৰ কাৰণে যদিও মৰা, তথাপি পবিত্ৰ শক্তিয়ে তোমালোকক জীৱন দিয়ে, কিয়নো তোমালোকক ভাল মানুহ বুলি গণ্য কৰা হৈছে। ১১ যিজন ঈশ্বৰে যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, তেওঁৰ পবিত্ৰ শক্তি যদি তোমালোকৰ হৃদয়ত আছে, তেনেহʼলে যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা ঈশ্বৰে তোমালোকৰ হৃদয়ত থকা তেওঁৰ পবিত্ৰ শক্তিৰ যোগেদি তোমালোকৰ বিনাশী শৰীৰকো জীয়াই তুলিব।
১২ সেইবাবে ভাইসকল, আমি শৰীৰৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আৰু তাৰ কাম কৰিবলৈ বাধ্য নহওঁ। ১৩ যদি তোমালোকে শৰীৰৰ অনুসৰি জীৱন-যাপন কৰা, তেনেহʼলে তোমালোকে নিশ্চয় মৰিবা, কিন্তু তোমালোকে যদি পবিত্ৰ শক্তিৰ যোগেদি শৰীৰৰ কামবোৰক মাৰি পেলোৱা, তেনেহʼলে তোমালোক জীয়াই থাকিবা। ১৪ কাৰণ যিসকলে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ অনুসৰি চলে, তেওঁলোক সঁচাকৈ ঈশ্বৰৰ পুত্ৰ হয়। ১৫ ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে আমাক দাসো নবনায় আৰু ভয়ো নোখোৱায়, কিন্তু ইয়াৰ যোগেদি আমাক ঈশ্বৰৰ পুত্ৰ হিচাপে তুলি লোৱা হয় আৰু এই পবিত্ৰ শক্তিৰ দ্বাৰা আমি “আব্বা,* হে পিতৃ!” বুলি মাতোঁ। ১৬ আমি ঈশ্বৰৰ সন্তান হওঁ বুলি পবিত্ৰ শক্তিয়ে আমাৰ অন্তৰৰ অনুভূতিৰ লগত মিলি সাক্ষ্য দিয়ে। ১৭ যদি আমি তেওঁৰ সন্তান হওঁ, তেনেহʼলে উত্তৰাধিকাৰীও হওঁ। হয়, ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টৰ সংগী উত্তৰাধিকাৰী হওঁ। যদি আমি তেওঁৰ লগত দুখভোগ কৰোঁ, তেনেহʼলে আমি তেওঁৰ লগত মহিমাও পাম।
১৮ কাৰণ মই জানোঁ, আমি পাবলগীয়া মহিমাৰ তুলনাত বৰ্তমান সময়ত ভুগি থকা দুখ-কষ্ট একোৱেই নহয়। ১৯ সৃষ্টিয়ে সেই সময়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, যেতিয়া ঈশ্বৰৰ পুত্ৰসকলৰ মহিমা প্ৰকাশিত হʼব। ২০ কাৰণ সৃষ্টিক ব্যৰ্থতাৰ অধীন কৰা হʼল, কিন্তু তাক নিজৰ ইচ্ছাৰে নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে আশাৰ আধাৰত ইয়াক অধীন কৰিলে। ২১ এই আশাৰ আধাৰত যে সৃষ্টিয়েও ভ্ৰষ্টতাৰ দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান হোৱাৰ প্ৰতাপমূলক স্বাধীনতা পাব। ২২ আমি জানোঁ যে সকলো সৃষ্টিয়ে এতিয়ালৈকে একেলগে কেঁকাই আৰু দুখ ভুগি আছে। ২৩ ইয়াৰ উপৰিও, আমিও যিসকলে প্ৰথম ফল অৰ্থাৎ পবিত্ৰ শক্তি পাইছোঁ, নিজৰ হৃদয়ত কেঁকাই আছোঁ। এই সময়ছোৱাত মুক্তিৰ মূল্যৰ দ্বাৰা নিজৰ শৰীৰৰ পৰা মুক্ত হৈ ঈশ্বৰৰ তুলি লোৱা পুত্ৰ হʼবলৈ আমি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ২৪ যেতিয়া ঈশ্বৰে আমাক পাপৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া আমি এই আশা পালোঁ। কিন্তু এবাৰ দেখাৰ পাছত আশা, আশা হৈ নাথাকে, কিয়নো এজন ব্যক্তিয়ে কিবা দেখাৰ পাছত তাৰ কাৰণে আশা ৰাখে নে? ২৫ কিন্তু যি আমি দেখা নাই, তাৰ কাৰণে যদি আশা ৰাখোঁ, তেনেহʼলে আমি ধৈৰ্য ধৰি আগ্ৰহেৰে তাৰ কাৰণে অপেক্ষা কৰোঁ।
২৬ ইয়াৰ উপৰিও, ঈশ্বৰৰ পবিত্ৰ শক্তিয়েও আমাৰ দুৰ্বলতাত আমাক সহায় কৰে। কিয়নো সমস্যা এয়া যে যেতিয়া আমি প্ৰাৰ্থনা কৰিবলগীয়া হয়, তেতিয়া আমি বুজি নাপাওঁ যে আমি প্ৰাৰ্থনাত কি কʼম। সেই সময়ত আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা কেঁকনিৰে সৈতে পবিত্ৰ শক্তিয়ে নিজেই আমাৰ কাৰণে মিনতি কৰে। ২৭ আৰু হৃদয়ক পৰীক্ষা কৰোঁতাজনে জানে যে পবিত্ৰ শক্তিয়ে কি কʼব বিচাৰিছে, কিয়নো ইয়ে ঈশ্বৰৰ ইচ্ছা অনুসৰি পবিত্ৰ ব্যক্তিসকলৰ কাৰণে মিনতি কৰে।
২৮ আমি জানোঁ যে যিসকলে ঈশ্বৰক প্ৰেম কৰে আৰু তেওঁৰ উদ্দেশ্যৰ অনুসৰি যিসকলক মতা হৈছে, তেওঁলোকৰ ভালৰ কাৰণে ঈশ্বৰে নিজৰ সকলো কাম সংগঠিতভাৱে কৰিছে। ২৯ কিয়নো যিসকলৰ ওপৰত প্ৰথমে তেওঁ ধ্যান দিছিল, তেওঁলোকৰ কাৰণে আগতেই এয়াও নিৰ্ণয় লʼলে যে তেওঁলোকে যেন তেওঁৰ পুত্ৰৰ প্ৰতিৰূপ হয় আৰু তেওঁৰ পুত্ৰ, ভাইসকলৰ মাজত যেন প্ৰথম সন্তান হয়। ৩০ আৰু যিসকলক আগেয়ে নিযুক্ত কৰিলে, তেওঁলোকক তেওঁ নিমন্ত্ৰণো কৰিলে। যিসকলক নিমন্ত্ৰণ কৰিলে, তেওঁলোকক ভাল মানুহ বুলি গণ্য কৰিলে আৰু যিসকলক ভাল মানুহ বুলি গণ্য কৰিলে, তেওঁলোকৰ তেওঁ মহিমাও কৰিলে।
৩১ তেনেহʼলে এই কথাবোৰৰ বিষয়ে আমি কি কʼম? যদি ঈশ্বৰ আমাৰ ফলীয়া হয়, তেনেহʼলে কোনোবাই আমাৰ বিৰুদ্ধে থিয় হʼব পাৰে নে? ৩২ যিজনে নিজৰ পুত্ৰকো আমাৰ কাৰণে মৃত্যু হʼবলৈ দিলে, তেওঁ আৰু তেওঁৰ পুত্ৰই আমাক কৃপা কৰি বাকী সকলো বস্তু নিদিব নে? ৩৩ ঈশ্বৰে বাছনি কৰাসকলৰ ওপৰত কোনে অভিযোগ লগাব পাৰে? তেওঁলোকক ভাল মানুহ বুলি গণ্য কৰাজনতো ঈশ্বৰেই হয়। ৩৪ কোনে তেওঁলোকক দোষী কৰিব পাৰে? কোনেও নোৱাৰে। কিয়নো খ্ৰীষ্ট যীচুৱে নিজৰ জীৱন দিলে, ইয়াৰ উপৰিও তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেওঁ ঈশ্বৰৰ সোঁহাতে বহি আছে আৰু তেৱেঁই আমাৰ কাৰণে মিনতিও কৰে।
৩৫ কোনে আমাক খ্ৰীষ্টৰ প্ৰেমৰ পৰা পৃথক কৰিব পাৰে? সংকটে, দুখ-কষ্টই, অত্যাচাৰে, ভোকে, বস্ত্ৰহীনতাই, বিপদে নে তৰোৱালে? ৩৬ যিদৰে লিখা আছে, “তোমাৰ কাৰণে আমি গোটেই দিন মৃত্যুৰ সন্মুখীন হওঁ, আমাৰ অৱস্থা বলি দিবলৈ নিয়া ভেড়াবোৰৰ দৰে হয়।” ৩৭ ইয়াৰ পৰিৱৰ্তে, যিজনে আমাক প্ৰেম কৰিলে, আমি তেওঁৰ সহায়ত এই সকলো সমস্যাত সম্পূৰ্ণৰূপে জয়ী হওঁ। ৩৮ কিয়নো মোৰ বিশ্বাস আছে যে মৃত্যু বা জীৱন বা স্বৰ্গদূত বা চৰকাৰ বা আজিৰ বস্তু বা আহিবলগীয়া বস্তু বা কোনো শক্তি ৩৯ বা ওখ বা গভীৰ বা আন কোনো সৃষ্টিয়ে আমাক ঈশ্বৰৰ সেই প্ৰেমৰ পৰা পৃথক কৰিব নোৱাৰে, যি আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আছে।
৯ মই খ্ৰীষ্টত সঁচা কৈছোঁ, মই মিছা কোৱা নাই, কিয়নো পবিত্ৰ শক্তিৰ লগত মিলি মোৰ বিবেকে সাক্ষ্য দিয়ে ২ যে মোৰ হৃদয়ত বহুত দুখ আছে আৰু এনে বেদনা আছে, যি কেতিয়াও শেষেই নহয়। ৩ মই মোৰ যিহূদী ভাইসকলক, যিসকলৰ লগত মোৰ তেজৰ সম্পৰ্ক আছে, তেওঁলোকক সহায় কৰিবলৈ অভিশপ্ত হৈ খ্ৰীষ্টৰ পৰা পৃথক হʼবলৈও সাজু আছোঁ। ৪ এওঁলোক ইস্ৰায়েলী হয়, যিসকলক পুত্ৰ হিচাপে তুলি লোৱা হৈছিল। তেওঁলোককেই মহিমা দিয়া হৈছিল, তেওঁলোকৰ লগত চুক্তি কৰা হৈছিল আৰু তেওঁলোকক নিয়ম আৰু পবিত্ৰ সেৱা কৰিবলৈ দিয়া হৈছিল আৰু তেওঁলোকৰ লগতে প্ৰতিজ্ঞা কৰা হৈছিল। ৫ আমাৰ পূৰ্বপুৰুষৰ পৰাই তেওঁলোক আহিছিল আৰু তেওঁলোকৰ বংশৰ পৰাই খ্ৰীষ্ট আহিল। সকলোৰে ওপৰত শাসন কৰা ঈশ্বৰৰ সদায় মহিমা হৈ থাকক। আমেন।
৬ কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে ঈশ্বৰৰ বাক্য ব্যৰ্থ হৈ গʼল। আচলতে ইস্ৰায়েলৰ বংশৰ পৰা অহা সকলো লোক সঁচাকৈ ইস্ৰায়েলী নহয়। ৭ অব্ৰাহামৰ বংশৰ হোৱাৰ বাবে তেওঁলোক সকলোৱে সঁচাকৈ তেওঁৰ সন্তান হʼব, এনে নহয়। কিন্তু যিদৰে লিখা আছে, “যি বংশক, তোমাৰ বংশ বুলি কোৱা হʼব, সেয়া ইচহাকৰ যোগেদি আহিব।” ৮ ইয়াৰ অৰ্থ হৈছে যে যিসকল তেজৰ সম্পৰ্কেৰে অব্ৰাহামৰ সন্তান হয়, তেওঁলোক আচলতে ঈশ্বৰৰ সন্তান নহয়। ইয়াৰ পৰিৱৰ্তে, যিসকল ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি তেওঁৰ সন্তান হয়, তেওঁলোককহে অব্ৰাহামৰ বংশ বুলি কোৱা হয়। ৯ কিয়নো ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছিল, “মই অহা বছৰ এই সময়তে আহিম আৰু চাৰাৰ এটা লʼৰা জন্ম হʼব।” ১০ কিন্তু এই প্ৰতিজ্ঞা কেৱল সেই সময়তে কৰা হৈছিল, এনে নহয়। ইয়াৰ পৰিৱৰ্তে যেতিয়া ৰিবেকাই আমাৰ পূৰ্বপুৰুষ ইচহাকৰ যোগেদি গৰ্ভৱতী হৈছিল আৰু তেওঁৰ গৰ্ভত যঁজা সন্তান আছিল, তেতিয়াও ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল। ১১ সিহঁত জন্ম নহওঁতেই আৰু সিহঁতে ভাল বা বেয়া কাম নকৰাৰ আগতেই ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছিল যাতে বাছনি কৰা কাম ঈশ্বৰৰ উদ্দেশ্যৰ অনুসৰি হয়, মানুহৰ কামৰ অনুসৰি নহয়। ঈশ্বৰে যিজনক বিচাৰে, তেওঁকেই বাছনি কৰে। ১২ ঈশ্বৰে ৰিবেকাক কৈছিল, “ডাঙৰজন সৰুজনৰ দাস হʼব।” ১৩ যিদৰে লিখাও আছে, “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”
১৪ তেনেহʼলে আমি কি কʼম? ঈশ্বৰে অন্যায় কৰে নে? কেতিয়াও নহয়! ১৫ কিয়নো তেওঁ মোচিক কৈছিল, “মই যিজনক, দয়া দেখুৱাব বিচাৰোঁ, তেওঁক দয়া দেখুৱাম আৰু যিজনক কৰুণা কৰিব বিচাৰোঁ, তেওঁক কৰুণা কৰিম।” ১৬ তেনেহʼলে ঈশ্বৰে কাক বাছনি কৰিব, এয়া মানুহৰ ইচ্ছাৰ ওপৰত আৰু তেওঁৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে।* ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰে, যিজনে দয়া দেখুৱায়। ১৭ কাৰণ শাস্ত্ৰই ফৰৌণৰ বিষয়ে কৈছে, “মই নিজৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত নিজৰ নাম ঘোষণা কৰিবলৈ তোমাক আজিলৈকে জীয়াই ৰাখিছোঁ।” ১৮ গতিকে, ঈশ্বৰে যাক ইচ্ছা কৰে, তাৰ ওপৰত দয়া দেখুৱায় আৰু যাকে ইচ্ছা কৰে, তাক কঠোৰ হʼবলৈ দিয়ে।
১৯ কিন্তু এতিয়া তুমি মোক কʼবা, “তেনেহʼলে তেওঁ মানুহক এতিয়াও কিয় দোষী কৰে? তেওঁৰ উদ্দেশ্যৰ বিৰুদ্ধে কোনে থিয় হʼব পাৰিছে?” ২০ কিন্তু হে মানুহ, তুমিনো কোন যে ঈশ্বৰক উত্তৰ দিবলৈ তুমি সাহস কৰিছা? নিৰ্মাণ হৈ যোৱা বস্তুৱে নিৰ্মাণ কৰোঁতাজনক কʼব পাৰিব নে “আপুনি মোক এইদৰে কিয় বনালে?” ২১ একে লদা মাটিৰে এটা পাত্ৰ আদৰৰ কামৰ কাৰণে আৰু আন এটা পাত্ৰ সাধাৰণ কামৰ* কাৰণে বনোৱাটো কুমাৰৰ অধিকাৰ নাই নে? ২২ ঈশ্বৰেও দুষ্ট লোকসকলৰ ওপৰত ক্ৰোধ প্ৰকাশ কৰাটো আৰু নিজৰ শক্তি দেখুৱাটো বিচাৰে, তথাপি তেওঁ বহুত ধৈৰ্য ধৰে আৰু নিজৰ ক্ৰোধৰ পাত্ৰ অৰ্থাৎ দুষ্ট লোকসকলক সহন কৰিছে, যিসকল বিনাশৰ যোগ্য হয়। ২৩ তেওঁ এয়া কৰাৰ কাৰণ হৈছে যাতে নিজৰ প্ৰচুৰ মহিমা দয়াৰ পাত্ৰক দেখুৱাব পাৰে, যিবোৰক তেওঁ মহিমা পাবলৈ আগৰে পৰা তৈয়াৰ কৰিছে। ২৪ অৰ্থাৎ আমাক, যিসকলক তেওঁ কেৱল যিহূদীসকলৰ পৰাই নহয়, কিন্তু যিহূদী নোহোৱা ৰাষ্ট্ৰবোৰৰ পৰাও নিমন্ত্ৰণ কৰিছে। ২৫ এয়া সেইদৰেই হয়, যিদৰে যিচয়াৰ কিতাপত লিখা আছে, “যিসকল মোৰ লোক নাছিল, তেওঁলোকক মই ‘নিজৰ লোক’ বুলি কʼম আৰু যিজনীক মই প্ৰেম কৰা নাছিলোঁ, তেওঁক মই ‘প্ৰিয়’ বুলি কʼম। ২৬ আৰু যি ঠাইত তেওঁলোকক কোৱা হৈছিল, ‘তোমালোক মোৰ লোক নোহোৱা,’ সেই ঠাইত তেওঁলোকক ‘জীৱিত ঈশ্বৰৰ পুত্ৰ’ বুলি কোৱা হʼব।”
২৭ ইয়াৰ উপৰিও, যিচয়াই ইস্ৰায়েলৰ বিষয়ে চিঞৰি কয়, “ইস্ৰায়েলৰ সন্তানসকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ সমান হয়, তথাপি কেৱল কম সংখ্যক লোকেহে* উদ্ধাৰ পাব। ২৮ কাৰণ যিহোৱাই* পৃথিৱীত থকা লোকসকলৰ বিচাৰ কৰিব আৰু অতি সোনকালে এই কাম পূৰ কৰিব।” ২৯ লগতে যিচয়াই আগতে যিদৰে কৈছিল, “বাহিনীবিলাকৰ যিহোৱাই* আমাৰ কিছুমান বংশক জীয়াই নৰখা হʼলে আমি চদোমৰ নিচিনা হʼলোঁহেঁতেন আৰু আমাৰ অৱস্থা ঘমোৰাৰ দৰে হʼলহেঁতেন।”
৩০ তেনেহʼলে আমি কি কʼম? যিহূদী নোহোৱা ৰাষ্ট্ৰই যদিও ভাল মানুহ হʼবলৈ চেষ্টা কৰা নাই, তথাপি ঈশ্বৰে তেওঁলোকক ভাল মানুহ বুলি গণ্য কৰি আছে, কিয়নো তেওঁলোকৰ বিশ্বাস আছে। ৩১ কিন্তু ইস্ৰায়েলে নিয়মৰ অনুসৰি ভাল মানুহ হʼবলৈ চেষ্টা কৰিলে, তথাপি তেওঁলোকে সম্পূৰ্ণৰূপে নিয়ম পালন কৰিব নোৱাৰিলে। ৩২ কাৰণ কি আছিল? তেওঁলোকে বিশ্বাসেৰে নহয়, কিন্তু নিজৰ কামৰ যোগেদি ভাল মানুহ হʼবলৈ চেষ্টা কৰিলে। “যি শিলে উজুটি খোৱায়, সেই শিলত” তেওঁলোকে উজুটি খালে। ৩৩ যিদৰে লিখাও আছে, “চোৱা! যি শিলে উজুটি খোৱায়, সেই শিল আৰু যি শিলাই আঘাত কৰে, সেই শিলা মই চিয়োনত থৈছোঁ, কিন্তু যিজনে তাৰ ওপৰত বিশ্বাস কৰে, তেওঁ নিৰাশ নহʼব।”
১০ ভাইসকল, মই হৃদয়ৰ পৰা এয়াই বিচাৰোঁ আৰু ইস্ৰায়েলীসকলৰ কাৰণে ঈশ্বৰলৈ মোৰ এয়াই প্ৰাৰ্থনা যে তেওঁলোকে যেন উদ্ধাৰ পায়। ২ কাৰণ মই তেওঁলোকৰ বিষয়ে সাক্ষ্য দিওঁ যে ঈশ্বৰৰ সেৱাৰ কাৰণে তেওঁলোকৰ উৎসাহতো আছে, কিন্তু সঠিক জ্ঞানৰ অনুসৰি নহয়। ৩ তেওঁলোকে জনা নাছিল যে ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি গণিত হʼবলৈ কিহৰ প্ৰয়োজন। সেইবাবে, তেওঁলোকে নিজৰ অনুসৰি নিজে ভাল মানুহ বুলি গণিত হʼবলৈ চেষ্টা কৰি থাকিল আৰু ঈশ্বৰৰ সঠিক মানদণ্ডৰ অনুসৰি নচলিলে। ৪ খ্ৰীষ্টৰ মৃত্যুৰ যোগেদি নিয়মৰ অন্ত হʼল যাতে যি কোনোৱে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে, তেওঁ ভাল মানুহ বুলি গণিত হয়।
৫ মোচিয়ে নিয়মৰ যোগেদি ভাল মানুহ বুলি গণিত হোৱাৰ বিষয়ে লিখিলে, “যিজন মানুহে এই কামবোৰ কৰে, তেওঁ জীয়াই থাকিব।” ৬ কিন্তু বিশ্বাসেৰে ভাল মানুহ বুলি গণিত হোৱাৰ বিষয়ে শাস্ত্ৰত লিখা আছে, “নিজৰ মনতে এইদৰে নকʼবা, ‘কোনে স্বৰ্গলৈ যাব?’ অৰ্থাৎ খ্ৰীষ্টক তললৈ আনিবলৈ কোনে স্বৰ্গলৈ যাব। ৭ বা, ‘কোনে অগাধ ঠাইলৈ* যাব?’ অৰ্থাৎ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা লৈ আনিবলৈ কোনে অগাধ ঠাইলৈ যাব।” ৮ কিন্তু শাস্ত্ৰই কি কয়? “এই বাৰ্তা তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে,” অৰ্থাৎ বিশ্বাসৰ “বাৰ্তা,” যাৰ বিষয়ে আমি প্ৰচাৰ কৰোঁ। ৯ যীচুৱেই প্ৰভু হয় বুলি যদি তুমি সকলোৰে আগত মুখেৰে ঘোষণা কৰা আৰু নিজৰ হৃদয়ত এয়া বিশ্বাস কৰা যে ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, তেনেহʼলে তুমি উদ্ধাৰ পাবা। ১০ কাৰণ এজন ব্যক্তি ভাল মানুহ বুলি গণিত হʼবলৈ হৃদয়েৰে বিশ্বাস কৰিব লাগিব। কিন্তু উদ্ধাৰ পাবলৈ সকলোৰে আগত নিজৰ বিশ্বাসৰ ঘোষণা কৰিব লাগিব।
১১ কিয়নো শাস্ত্ৰই কয়, “যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ নিৰাশ নহʼব।” ১২ কাৰণ যিহূদী আৰু গ্ৰীকসকলৰ মাজত কোনো পাৰ্থক্য নাই, কিয়নো সকলোৰে এজনেই প্ৰভু আছে আৰু যিসকলে তেওঁক সহায় বিচাৰে, তেওঁ তেওঁলোকক উদাৰতাৰে সহায় কৰে। ১৩ কিয়নো “যি কোনোৱে যিহোৱাৰ* নাম লয়, তেওঁ উদ্ধাৰ পাব।” ১৪ কিন্তু তেওঁলোকে তেওঁৰ নাম কেনেকৈ লʼব, যদি তেওঁলোকে তেওঁৰ ওপৰত বিশ্বাসেই নকৰে? আৰু তেওঁলোকে তেওঁৰ ওপৰত বিশ্বাস কেনেকৈ কৰিব, যদি তেওঁলোকে তেওঁৰ বিষয়ে শুনাই নাই? আৰু তেওঁলোকে তেওঁৰ বিষয়ে কেনেকৈ শুনিব, যদি তেওঁলোকক কোনেও প্ৰচাৰেই কৰা নাই? ১৫ আৰু প্ৰচাৰ কৰাসকলে কেনেকৈ প্ৰচাৰ কৰিব, যেতিয়ালৈকে তেওঁলোকক পঠোৱা নহয়। যিদৰে লিখা আছে, “যিসকলে ভাল কথাৰ শুভবাৰ্তা শুনায়, তেওঁলোকৰ ভৰি কিমান যে সুন্দৰ!”
১৬ তথাপি তেওঁলোকৰ মাজৰ সকলোৱে শুভবাৰ্তাৰ অনুসৰি নচলিলে। যিচয়াই কয়, “হে যিহোৱা,* কোনে আমাৰ বাৰ্তাৰ ওপৰত বিশ্বাস কৰিলে?” ১৭ তেনেহʼলে, বাৰ্তা শুনাৰ পাছতহে বিশ্বাস কৰা যায় আৰু বাৰ্তা তেতিয়া শুনা হয়, যেতিয়া কোনোবাই খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰে। ১৮ কিন্তু মই সোধোঁ, তেওঁলোকে বাৰ্তা শুনিবলৈ নাপালে নে? নিশ্চয় পালে, কিয়নো শাস্ত্ৰত লিখা আছে, “বাৰ্তা শুনাওঁতাবিলাকৰ মাত গোটেই পৃথিৱীত শুনা গʼল আৰু তেওঁলোকৰ বাৰ্তা পৃথিৱীৰ চুকে-কোণে থকা লোকসকলে শুনিবলৈ পালে।” ১৯ কিন্তু মই তোমালোকক সোধোঁ, ইস্ৰায়েলীয়ে বুজি নাপালে নে? প্ৰথমে মোচিয়ে কৈছিল, “মই যিহূদী নোহোৱা লোকৰ যোগেদি তোমালোকৰ মনত ঈৰ্ষা জগাম আৰু মই এক মূৰ্খ জাতিৰ যোগেদি তোমালোকৰ খং তোলাম।” ২০ তাৰ পাছত যিচয়াই সাহসেৰে কয়, “যিসকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে আৰু যিসকলে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই নিজকে প্ৰকাশ কৰিলোঁ।” ২১ কিন্তু ইস্ৰায়েলীসকলৰ বিষয়ে তেওঁ কয়, “মই গোটেই দিনটো এনে লোকসকলৰ আগত হাত মেলিলোঁ, যিসকলে মোৰ আজ্ঞা নামানে আৰু যিসকলৰ হৃদয় কঠোৰ হয়।”
১১ তেনেহʼলে মই সোধোঁ, ঈশ্বৰে নিজৰ লোকসকলক ত্যাগ কৰিলে নে? কেতিয়াও নহয়! কিয়নো ময়োতো এজন ইস্ৰায়েলী হওঁ আৰু অব্ৰাহামৰ বংশৰ* আৰু বিন্যামীন গোষ্ঠীৰ হওঁ। ২ ঈশ্বৰে নিজৰ লোকসকলক ত্যাগ কৰা নাই, যিসকলৰ প্ৰতি তেওঁ প্ৰথমে ধ্যান দিছিল। তোমালোকে নাজানা নে শাস্ত্ৰই এলিয়াৰ বিষয়ে কি কয়? তেওঁ ঈশ্বৰলৈ ইস্ৰায়েলীসকলৰ বিষয়ে এই অভিযোগ কৰিছিল: ৩ “হে যিহোৱা,* সিহঁতে তোমাৰ ভৱিষ্যবক্তাসকলক হত্যা কৰিলে আৰু তোমাৰ বেদীবোৰ ভাঙি পেলালে আৰু মই অকলেই বাচি আছোঁ আৰু এতিয়া সিহঁতে মোক হত্যা কৰিবলৈ চেষ্টা কৰি আছে।” ৪ কিন্তু ঈশ্বৰে তেওঁক কি উত্তৰ দিলে? “মোৰ এতিয়াও এনে ৭,০০০ জন লোক আছে, যিসকলে বালৰ আগত আঁঠুকাঢ়ি উপাসনা কৰা নাই।” ৫ ঠিক সেইদৰে, এতিয়াও কিছুমান লোক বাকী আছে, যিসকলক ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে বাছনি কৰা হৈছে। ৬ যদি এই বাছনি মহা-কৃপাৰ কাৰণে হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে, এয়া তেওঁলোকৰ কামৰ কাৰণে হোৱা নাই। নহʼলে মহা-কৃপা, মহা-কৃপা হৈ নাথাকিলেহেঁতেন।
৭ তেনেহʼলে আমি কি কʼম? ইস্ৰায়েলীয়ে যি বস্তুক মনে-প্ৰাণে বিচাৰিছিল, সেয়া তেওঁলোকে নাপালে, কিন্তু এয়া বাছনি কৰা লোকসকলে পালে। বাকী লোকসকলৰ হৃদয় কঠোৰ হৈ গʼল, ৮ যিদৰে লিখা আছে, “ঈশ্বৰে যেন তেওঁলোকক গভীৰ টোপনিত পেলাই দিছে, ঈশ্বৰে তেওঁলোকক চাব নোৱাৰা চকু আৰু শুনিব নোৱাৰা কাণ দিছে। আজিলৈকে তেওঁলোক এই অৱস্থাতে আছে।” ৯ আৰু দায়ূদেও কৈছে, “তেওঁলোকৰ মেজ তেওঁলোকলৈ ফান্দ, জাল, উজুটি খুউৱা শিল আৰু শাস্তিৰ কাৰণ হওক। ১০ তেওঁলোকৰ চকু আন্ধাৰেৰে আৱৰি ধৰক যাতে তেওঁলোকে চাব নোৱাৰে আৰু তেওঁলোকৰ কঁকাল সদায়ৰ কাৰণে কুঁজ খাই থাকক।”
১১ সেইবাবে, মই সোধোঁ, তেওঁলোকে একেবাৰে পৰি যোৱাকৈ উজুটি খালে নে? কেতিয়াও নহয়! কিন্তু তেওঁলোকৰ ভুল পদক্ষেপৰ কাৰণে যিহূদী নোহোৱা লোকসকলে উদ্ধাৰ পালে যাতে যিহূদীসকলৰ মনত ঈৰ্ষা ভাৱ আহে। ১২ এতিয়া যদি তেওঁলোকে ভুল পদক্ষেপ লোৱাৰ বাবে জগতে আশীৰ্বাদ পালে আৰু তেওঁলোকৰ সংখ্যা কম হোৱাৰ বাবে যিহূদী নোহোৱা লোকসকলে আশীৰ্বাদ পালে, তেনেহʼলে তেওঁলোকৰ সংখ্যা পূৰ হʼলে আৰু কিমান লাভ হʼব!
১৩ এতিয়া মই তোমালোক, যিহূদী নোহোৱা লোকসকলৰ লগত কথা পাতি আছোঁ। মই যিহূদী নোহোৱা ৰাষ্ট্ৰবোৰৰ কাৰণে পাঁচনি* হওঁ অৰ্থাৎ মোক তেওঁলোকৰ কাৰণে পঠিওৱা হৈছে। সেইবাবে, মই নিজৰ সেৱাক বহুত সন্মান* কৰোঁ ১৪ যাতে নিজৰ লোকসকলৰ মনত কোনোমতে ঈৰ্ষা ভাৱ আনিব পাৰোঁ আৰু তেওঁলোকৰ মাজৰ কিছুমানক উদ্ধাৰ কৰিব পাৰোঁ। ১৫ কাৰণ তেওঁলোকক ত্যাগ কৰাৰ বাবে যদি জগতৰ কাৰণে ঈশ্বৰৰ লগত মিল হʼবলৈ বাট মুকলি হʼল, তেনেহʼলে চিন্তা কৰা, তেওঁলোকক গ্ৰহণ কৰিলে কেনেকুৱা হʼব! এয়া এনে হʼব যেন তেওঁলোকে আগতে মৰি গৈছিল, কিন্তু এতিয়া জীৱিত হʼল। ১৬ ইয়াৰ উপৰিও, প্ৰথম ফল হিচাপে লোৱা আটাৰ সৰু লদা যদি পবিত্ৰ হয়, তেনেহʼলে সানি থোৱা গোটেই আটাখিনিও পবিত্ৰ হয় আৰু যদি শিপা পবিত্ৰ হয়, তেনেহʼলে ডালবোৰো পবিত্ৰ হয়।
১৭ ভাল জলফাই গছৰ কিছুমান ডাল কাটি দিয়া হʼল আৰু বনৰীয়া জলফাই গছ হোৱাৰ সত্ত্বেও তোমাক তাৰ বাকী ডালবোৰৰ মাজত কলম লগোৱা হʼল আৰু তুমি তাৰ শিপাৰ উত্তম ৰসৰ ভাগ হʼলা। ১৮ সেইবাবে, তুমি অহংকাৰেৰে ভৰি* সেই কাটি দিয়া ডালবোৰক তল চকুৰে নাচাবা। যদি তুমি অহংকাৰ কৰা,* তেনেহʼলে তুমি মনত ৰাখা যে তুমি শিপাক ধৰি ৰখা নাই, ইয়াৰ পৰিৱৰ্তে শিপাই তোমাক ধৰি ৰাখিছে। ১৯ তুমি কʼবা, “ডালবোৰ কটাৰ কাৰণ হৈছে যাতে মোক সেই গছত কলম লগোৱা হয়।” ২০ তুমি ঠিকেই কৈ আছা! কিন্তু সেই ডালবোৰক কটাৰ কাৰণ হৈছে, তেওঁলোকৰ বিশ্বাস কম আছিল, কিন্তু তুমি নিজৰ বিশ্বাসৰ কাৰণে স্থিৰ হৈ আছা। অহংকাৰ কৰিবলৈ বন্ধ কৰা, ইয়াৰ পৰিৱৰ্তে সাৱধানে থাকা। ২১ কাৰণ ঈশ্বৰে যদি আচল জলফাই গছৰ ডালবোৰকে থাকিবলৈ নিদিলে, তেনেহʼলে তেওঁ তোমালোককো থাকিবলৈ নিদিব। ২২ সেইবাবে, ধ্যান দিয়া যে ঈশ্বৰে কেনেকৈ কৃপা কৰিলে আৰু কঠোৰতাৰে ব্যৱহাৰ কৰিলে। পৰি যোৱা লোকসকলৰ লগত তেওঁ কঠোৰতাৰে ব্যৱহাৰ কৰিলে, কিন্তু তোমাৰ ওপৰত কৃপা কৰিলে। এতিয়া তুমি তেওঁৰ কৃপাৰ যোগ্য হৈ থাকা। নহʼলে তোমাকো কাটি দিয়া হʼব। ২৩ আৰু যদি তেওঁলোকে আকৌ বিশ্বাস কৰিবলৈ ধৰে, তেনেহʼলে তেওঁলোককো গছত কলম লগোৱা হʼব, কিয়নো ঈশ্বৰে তেওঁলোকক পুনৰ লগাব পাৰে। ২৪ কাৰণ যদি তোমাক বনৰীয়া গছৰ পৰা কাটি বাগিছাত লগোৱা আচল জলফাই গছত কলম লগোৱা হয়, যি সাধাৰণতে এইদৰে কৰা নহয়, তেনেহʼলে এই আচল ডালবোৰক নিজৰ জলফাই গছতে আৰু সহজভাৱে লগাব নোৱাৰি নে!
২৫ ভাইসকল, মই নিবিচাৰোঁ যে তোমালোকে নিজৰ দৃষ্টিতে নিজকে বুদ্ধিমান বুলি ভাবা আৰু এই পবিত্ৰ ৰহস্যৰ পৰা নজনাকৈ থাকা: যিহূদী নোহোৱা লোকসকলৰ সংখ্যা পূৰ নোহোৱালৈকে কিছুমান ইস্ৰায়েলী কঠোৰ হৈ থাকিল। ২৬ আৰু এইদৰে গোটেই ইস্ৰায়েলে উদ্ধাৰ পাব। যিদৰে লিখা আছে, “উদ্ধাৰকৰ্তা চিয়োনৰ পৰা আহিব আৰু যাকোবৰ পৰা এনে কাম নাইকিয়া কৰিব, যাৰ পৰা ঈশ্বৰৰ অনাদৰ হয়। ২৭ যেতিয়া মই তেওঁলোকৰ পাপ দূৰ কৰিম, তেতিয়া মই তেওঁলোকৰ লগত এই চুক্তি কৰিম।” ২৮ এয়া সঁচা যে তেওঁলোকে শুভবাৰ্তাক গ্ৰহণ নকৰি ঈশ্বৰৰ শত্ৰু হʼল আৰু ইয়াৰ পৰা তেওঁলোকৰ লাভ হʼল, কিন্তু ঈশ্বৰে তেওঁলোকৰ পূৰ্বপুৰুষৰ লগত যি প্ৰতিজ্ঞা কৰিছিল, তাৰ কাৰণে তেওঁলোকৰ মাজৰ কিছুমানক তেওঁ নিজৰ বন্ধু বাছনি কৰিলে। ২৯ কাৰণ বৰদান আৰু নিমন্ত্ৰণৰ ক্ষেত্ৰত ঈশ্বৰে নিজৰ নিৰ্ণয় সলনি নকৰিব। ৩০ এনে এক সময় আছিল, যেতিয়া তোমালোকে ঈশ্বৰৰ আজ্ঞা পালন কৰা নাছিলা, কিন্তু তেওঁলোকে আজ্ঞা নমনাৰ কাৰণে তোমালোকৰ ওপৰত দয়া দেখুৱা হʼল। ৩১ যিদৰে তেওঁলোকে আজ্ঞা নমনাৰ কাৰণে তোমালোকৰ ওপৰত দয়া দেখুৱা হʼল, ঠিক সেইদৰে তেওঁলোকৰ ওপৰতো দয়া দেখুৱাব পাৰি। ৩২ কাৰণ ঈশ্বৰে সেই সকলোকে আজ্ঞা নমনাৰ কয়দী হʼবলৈ দিলে যাতে সেই সকলোৰে ওপৰত দয়া দেখুৱাব পাৰে।
৩৩ বাঃ! ঈশ্বৰৰ সম্পত্তি, বুদ্ধি আৰু জ্ঞানৰ গভীৰতাৰ কোনো সীমা নাই! তেওঁৰ নিৰ্ণয়বোৰ কোনে জানিব পাৰে আৰু তেওঁৰ পথবোৰ কোনে বুজিব পাৰে! ৩৪ কাৰণ “যিহোৱাৰ* চিন্তাধাৰা কোনে জানিব পাৰিলে বা তেওঁৰ পৰামৰ্শদাতা কোনে হʼব পাৰিলে?” ৩৫ অথবা “কোনে প্ৰথমে ঈশ্বৰক কিবা দিছে যে ঈশ্বৰে তেওঁক ঘূৰাই দিব?” ৩৬ কিয়নো সকলো তেওঁৰ ফালৰ পৰা, তেওঁৰ যোগেদি আৰু তেওঁৰ কাৰণেই হয়। তেওঁৰ মহিমা সদায় হৈ থাকক। আমেন।
১২ সেইবাবে ভাইসকল, ঈশ্বৰৰ কৰুণাৰ আধাৰত মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে নিজৰ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰে গ্ৰহণ কৰা বলিদান হিচাপে অৰ্পণ কৰা। এইদৰে তোমালোকে নিজৰ চিন্তা কৰা শক্তি ব্যৱহাৰ কৰি পবিত্ৰ সেৱা কৰিব পাৰিবা। ২ এই জগতক* অনুকৰণ নকৰিবা, কিন্তু নিজকে সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিবলৈ নিজৰ চিন্তাধাৰা সলনি কৰা যাতে তুমি চালি-জাৰি চাব পাৰা যে ঈশ্বৰৰ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ ইচ্ছা কি হয়।
৩ মোৰ ওপৰত যি মহা-কৃপা দেখুওৱা হৈছে, তাৰ যোগেদি মই তোমালোক প্ৰতিজনকে কৈছোঁ যে কোনেও নিজকে যিমান ভাবিব লাগে, তাতকৈ বেছি নাভাবক। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰে প্ৰতিজনকে যিমান বিশ্বাস দিছে,* তাৰ অনুসৰি সঠিক চিন্তাধাৰা বজাই ৰাখা। ৪ কাৰণ যিদৰে আমাৰ একেটা শৰীৰত বহুতো অংগ আছে আৰু প্ৰতিটো অংগৰ কাম বেলেগ বেলেগ। ৫ ঠিক সেইদৰে, আমিও বহুত হৈও খ্ৰীষ্টত একতাত এক শৰীৰ হওঁ আৰু এজনে-আনজনৰ লগত যোগ হৈ থকা অংগ হওঁ। ৬ আমাৰ ওপৰত মহা-কৃপা দেখুৱাই বেলেগ বেলেগ বৰদান দিয়া হৈছে। সেইবাবে, যদি আমি ভৱিষ্যবাণী কৰাৰ বৰদান পাইছোঁ, তেনেহʼলে আহা আমাক যি বিশ্বাস দিয়া হৈছে, তাৰ অনুসৰি ভৱিষ্যবাণী কৰোঁ, ৭ বা যদি আমি সেৱা কৰাৰ বৰদান পাইছোঁ, তেনেহʼলে আহা আমি সেৱাত লাগি থাকোঁ। আৰু যিজনে শিকোৱাৰ বৰদান পাইছে, তেওঁ শিকোৱাৰ কামত লাগি থাকক। ৮ বা যিজনে উৎসাহিত কৰাৰ বৰদান পাইছে, তেওঁ এইদৰে কৰাত লাগি থাকক। যিজনে দান দিয়ে, তেওঁ হৃদয় খুলি দান দিয়ক, যিজনে নেতৃত্ব লয়, তেওঁ মনে-প্ৰাণে* এইদৰে কৰি থাকক। যিজনে দয়া দেখুৱায়, তেওঁ আনন্দেৰে দয়া দেখুৱাওক।
৯ তোমালোকৰ প্ৰেমত কপট নহওক। বেয়া কথাবোৰক ঘিণ কৰা, ভাল কথাবোৰত লাগি থাকা। ১০ এজনে-আনজনক ভাইৰ দৰে প্ৰেম কৰা আৰু কোমল স্নেহ ৰাখা। নিজে আগবাঢ়ি গৈ আনক আদৰ কৰা। ১১ পৰিশ্ৰমী* হোৱা, এলেহুৱা নহʼবা।* পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ উৎসাহী হোৱা। যিহোৱাৰ* দাস হৈ তেওঁৰ সেৱা কৰা। ১২ নিজৰ আশাৰ কাৰণে আনন্দ কৰা। সমস্যাৰ সময়ত ধৈৰ্য ধৰা। প্ৰাৰ্থনাত লাগি থাকা। ১৩ পবিত্ৰ জনৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সহায় কৰা। অতিথি-সৎকাৰ কৰিবলৈ অভ্যাস কৰা। ১৪ যিসকলে তোমালোকক অত্যাচাৰ কৰে, তেওঁলোকৰ কাৰণে ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰা। হয়, আশীৰ্বাদ বিচাৰা, তেওঁলোকক অভিশাপ নিদিবা। ১৫ যিসকলে আনন্দ কৰে, তেওঁলোকৰ লগত আনন্দ কৰা; যিসকলে কান্দে, তেওঁলোকৰ লগত কান্দা। ১৬ নিজৰ বিষয়ে তোমালোকে যি চিন্তাধাৰা ৰাখা, আনৰ বিষয়েও সেই একেই চিন্তাধাৰা ৰাখা। ডাঙৰ ডাঙৰ বিষয়বোৰৰ কাৰণে চিন্তা নকৰিবা, ইয়াৰ পৰিৱৰ্তে যিবোৰ বিষয় সৰু আৰু সাধাৰণ বুলি ভবা হয়, সেইবোৰত লাগি থাকা। নিজকে বৰ বুদ্ধিমান বুলি নাভাবিবা।
১৭ অপকাৰৰ সলনি, কাৰো অপকাৰ নকৰিবা। মন কৰা যে সকলোৰে দৃষ্টিত কি ভাল আৰু সেয়াই কৰা। ১৮ যিমান পাৰি সিমান সকলোৰে লগত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা। ১৯ মৰমৰ ভাইসকল, প্ৰতিশোধ নলʼবা, কিন্তু ক্ৰোধক* সুযোগ দিয়া, কিয়নো শাস্ত্ৰত লিখা আছে, “যিহোৱাই* কয়, ‘প্ৰতিশোধ লোৱা মোৰ কাম, ময়েই প্ৰতিশোধ লʼম।’” ২০ কিন্তু “যদি তোমালোকৰ শত্ৰু ভোকত আছে, তেনেহʼলে তেওঁক খাবলৈ দিয়া। যদি তেওঁ পিয়াহত আছে, তেনেহʼলে তেওঁক পানী খাবলৈ দিয়া। কিয়নো এইদৰে কৰিলে তোমালোকে তেওঁৰ মূৰত জ্বলি থকা কয়লা দʼম কৰি থʼবা।”* ২১ বেয়া কামৰ দ্বাৰাই পৰাজিত নহৈ ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয় কৰা।
১৩ প্ৰতিজন মানুহে উচ্চ পদত থকা অধিকাৰীৰ অধীনত থাকে, কাৰণ এনে কোনো অধিকাৰ নাই, যি ঈশ্বৰৰ ফালৰ পৰা নহয়। যিসকল অধিকাৰী আছে, তেওঁলোকক ঈশ্বৰে নিজৰ অধীনত বেলেগ বেলেগ পদ দিছে। ২ সেইবাবে, যিজনে অধিকাৰীক বিৰোধ কৰে, তেওঁ ঈশ্বৰৰ ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিয়ে। যিজনে এই ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিয়ে, তেওঁ শাস্তি পাব। ৩ ভাল কাম কৰা লোকসকলে নহয়, কিন্তু যিসকলে বেয়া কাম কৰে, তেওঁলোকে শাসন কৰা লোকসকলক ভয় কৰে। অধিকাৰীসকলক ভয় কৰি জীয়াই থকাটো তুমি বিচাৰা নে? তেনেহʼলে ভাল কাম কৰি থাকা আৰু তুমি তেওঁলোকৰ পৰা প্ৰশংসা পাবা। ৪ কাৰণ অধিকাৰীসকল তোমাৰ ভালৰ কাৰণে ঈশ্বৰৰ সেৱক হয়। কিন্তু তুমি যদি বেয়া কাম কৰি থাকা, তেনেহʼলে ভয় কৰা, কিয়নো তেওঁলোকে বিনা কাৰণত তৰোৱাল নচলায়। তেওঁলোক ঈশ্বৰৰ সেৱক হয় আৰু যিসকলে বেয়া কাম কৰে, তেওঁলোকক শাস্তি দিয়ে।*
৫ সেইবাবে, তোমালোকৰ কাৰণে এয়া প্ৰয়োজন আছে যে তোমালোকে শাস্তিৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ বিবেকৰ কাৰণে তেওঁৰ অধীনত থাকা। ৬ এই কাৰণে তোমালোকে কৰো দিয়া, কিয়নো তেওঁলোক মানুহৰ সেৱা কৰাৰ কাৰণে ঈশ্বৰে নিযুক্ত কৰা সেৱক হয় আৰু এই কামত তেওঁলোকে লাগি থাকে। ৭ সেইবাবে, যাৰ যি পাবলগীয়া, সেয়া তেওঁক দিয়া। কৰ দিবলগীয়াক কৰ দিয়া, মাচুল দিবলগীয়াক মাচুল দিয়া, ভয় কৰিবলগীয়াজনক ভয় কৰা, সন্মান কৰিবলগীয়াজনক সন্মান কৰা।
৮ প্ৰেমৰ বাহিৰে আন কোনো বিষয়ত এজনে-আনজনৰ ধৰুৱা নহʼবা। সেইবাবে, যিজনে আনক প্ৰেম কৰে, তেওঁ সঠিকভাৱে ঈশ্বৰৰ নিয়ম পালন কৰিছে। ৯ কিয়নো “ব্যভিচাৰ* নকৰিবা, হত্যা নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আৰু ইয়াৰ লগতে যিবোৰ আজ্ঞা আছে, সেই সকলোৰে সাৰাংশ এই আজ্ঞাত পোৱা যায়, “তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” ১০ প্ৰেমে চুবুৰীয়াৰ হানি নকৰে, সেইবাবে প্ৰেম কৰাটো সঠিক অৰ্থত নিয়ম পালন কৰা হয়।
১১ তোমালোকে এইদৰে কৰা, কিয়নো তোমালোক জানা যে তোমালোকে কোনটো সময়ত জীয়াই আছা। এতিয়া তোমালোকে টোপনিৰ পৰা সাৰ পোৱাৰ সময় আহি পৰিছে, কিয়নো যেতিয়া আমি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তাৰ তুলনাত আজি আমাৰ উদ্ধাৰৰ সময় একেবাৰে ওচৰ চাপি আহিছে। ১২ ৰাতিৰ অধিক ভাগ গʼল, পোহৰ হʼবলৈ হৈছে। সেইবাবে, আহা আমি অন্ধকাৰৰ কামবোৰ এৰি, পোহৰৰ অস্ত্ৰ-শস্ত্ৰবোৰ পিন্ধি লওঁ। ১৩ দিনৰ সময়ত লোকসকলে যিদৰে ভদ্ৰভাৱে জীৱন-যাপন কৰে, আহা আমি সেইদৰেই জীৱন-যাপন কৰোঁ, নিয়ন্ত্ৰণ নোহোৱাকৈ আনন্দ-ফূৰ্তি নকৰোঁ, মতলীয়া হৈ নাথাকোঁ, অনৈতিক শাৰীৰিক সম্পৰ্ক নাৰাখোঁ, নিৰ্লজ্জভাৱে কৰা পাপ কামত* লাগি নাথাকোঁ, কাজিয়া নকৰোঁ আৰু ঈৰ্ষা নকৰোঁ। ১৪ ইয়াৰ পৰিৱৰ্তে, প্ৰভু যীচু খ্ৰীষ্টৰ মনোভাৱক কাপোৰৰ নিচিনা পিন্ধি লোৱা আৰু শৰীৰৰ ইচ্ছা পূৰ কৰাৰ পৰিকল্পনা নকৰিবা।
১৪ যিজনৰ বিশ্বাস দুৰ্বল, তেওঁক গ্ৰহণ কৰা। কিন্তু তেওঁৰ চিন্তাধাৰা তোমাতকৈ বেলেগ হোৱাৰ কাৰণে* তেওঁক ভুল বুলি নকʼবা। ২ যিজনৰ বিশ্বাস দৃঢ়, তেওঁ সকলো বস্তু খায়, কিন্তু যিজনৰ বিশ্বাস দুৰ্বল, তেওঁ কেৱল শাক-পাচলি খায়। ৩ যিজন লোকে সকলো খায়, তেওঁ নোখোৱাজনক নীচ চকুৰে নাচাওক আৰু যিজনে নাখায়, তেওঁ খোৱাজনক দোষী বুলি নকওক, কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰে। ৪ আনৰ সেৱকক দোষী বুলি কোৱাজন তুমি কোন হোৱা? তেওঁ থিয় থাকিব নে পৰি যাব, ইয়াৰ নিৰ্ণয় তেওঁৰ মালিকে কৰিব। আচলতে, তেওঁক থিয় কৰা হʼব, কিয়নো যিহোৱাই* তেওঁক থিয় কৰাব পাৰে।
৫ কোনো মানুহে এটা দিনক, আন দিনতকৈ বিশেষ বুলি ভাবে। আনহাতে, কোনোবাই সকলো দিনক সমান বুলি ভাবে। প্ৰতিজন মানুহে সেয়াই কৰক, যাৰ বিষয়ে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। ৬ যি মানুহে কোনো এটা দিনক বিশেষ বুলি ভাবে, তেওঁ যিহোৱাৰ* কাৰণে ভাবে আৰু যি মানুহে খায়, তেওঁ যিহোৱাৰ* কাৰণে খায়, কিয়নো তেওঁ ঈশ্বৰক ধন্যবাদ দি খায়। আৰু যিজনে নাখায়, তেওঁ যিহোৱাৰ* কাৰণে নাখায়, তথাপিও তেওঁ ঈশ্বৰক ধন্যবাদ দিয়ে। ৭ আচলতে, আমাৰ মাজৰ কোনেও কেৱল নিজৰ কাৰণে জীয়াই নাথাকে আৰু কোনেও নিজৰ কাৰণে নমৰে। ৮ কিয়নো যদি আমি জীয়াই থাকোঁ, তেনেহʼলে যিহোৱাৰ* কাৰণে জীয়াই থাকোঁ। আৰু যদি আমি মৰোঁ, তেনেহʼলে যিহোৱাৰ* কাৰণে মৰোঁ। সেইবাবে, আমি জীওঁ বা মৰোঁ, আমি যিহোৱাৰেই* হওঁ। ৯ এই কাৰণেই খ্ৰীষ্টই নিজৰ জীৱন দিলে আৰু আকৌ জীৱিত হʼল যাতে তেওঁ মৃত আৰু জীৱিত দুয়োৰে প্ৰভু হয়।
১০ কিন্তু তুমি নিজৰ ভাইক কিয় দোষী বুলি কোৱা? বা নিজৰ ভাইক কিয় নীচ চকুৰে চোৱা? আমি সকলোৱে ঈশ্বৰৰ ন্যায়ৰ আসনৰ আগত থিয় হʼব লাগিব। ১১ কিয়নো শাস্ত্ৰত লিখা আছে, “যিহোৱাই* কৈছে, ‘মই নিজৰ জীৱনৰ শপত খাই কৈছোঁ, প্ৰতিজনে মোৰ আগত আঁঠুকাঢ়িব আৰু প্ৰতিজনে নিজৰ জিভাৰে সকলোৰে আগত মানি লʼব যে ময়েই ঈশ্বৰ হওঁ।’” ১২ তেনেহʼলে, আমাৰ মাজৰ প্ৰতিজনে ঈশ্বৰক নিজৰ হিচাপ দিব লাগিব।
১৩ সেইবাবে আহা, আমি এজনে-আনজনক দোষী বুলি নকওঁ। ইয়াৰ পৰিৱৰ্তে, থিৰাং কৰি লোৱা যে তুমি কোনো ভাইক উজুটি নোখোৱাবা আৰু তেওঁ বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ নহʼবা। ১৪ মই জানোঁ আৰু প্ৰভু যীচুত মোৰ বিশ্বাস আছে যে কোনো বস্তু অশুচি নহয়, কিন্তু যিজনে তাক অশুচি বুলি ভাবে, তেওঁৰ কাৰণে সেই বস্তু অশুচি হয়। ১৫ যদি তুমি খোৱাৰ কাৰণে তোমাৰ ভায়ে উজুটি খাইছে, তেনেহʼলে তুমি এতিয়া প্ৰেমৰ পথত চলা নাই। তোমাৰ খোৱাৰ কাৰণে সেই ব্যক্তিক ধ্বংস হʼবলৈ নিদিবা, যিজনৰ কাৰণে খ্ৰীষ্টই নিজৰ জীৱন দিলে। ১৬ সেইবাবে, তুমি যি কামক সঠিক বুলি ভাবা, সেয়া কৰি লোকসকলৰ মাজত তোমাৰ বদনাম নহওক। ১৭ কাৰণ ঈশ্বৰৰ ৰাজ্যৰ অৰ্থ খোৱা-বোৱা নহয়, ইয়াৰ পৰিৱৰ্তে ভাল কাম কৰা, শান্তি আৰু সেই আনন্দ হয়, যি পবিত্ৰ শক্তিৰ পৰা পোৱা যায়। ১৮ যি কোনোৱে এইদৰে খ্ৰীষ্টৰ দাস হৈ তেওঁৰ সেৱা কৰে, তেওঁক ঈশ্বৰে গ্ৰহণ কৰে আৰু তেওঁ মানুহৰ পৰাও প্ৰশংসা পায়।
১৯ গতিকে আহা, আমি এজনে-আনজনৰ লগত শান্তি বজাই ৰাখিবলৈ আৰু এজনে-আনজনক উৎসাহিত কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থাকোঁ। ২০ কেৱল খোৱাৰ কাৰণে ঈশ্বৰৰ কামক নষ্ট নকৰিবা। এয়া সঁচা যে সকলো বস্তু শুচি হয়, কিন্তু এজন ব্যক্তিৰ খোৱা-বোৱাই যেতিয়া আন এজনৰ কাৰণে উজুটি খোৱাৰ কাৰণ হয়, তেতিয়া সেয়া হানিকাৰক* হৈ পৰে। ২১ মাংস খোৱা বা দ্ৰাক্ষাৰস খোৱা বা আন যি কামৰ যোগেদি তোমাৰ ভাই উজুটি খায়, সেইবোৰ নকৰাই ভাল। ২২ এই বিষয়বোৰত তোমাৰ যি বিশ্বাস আছে, সেয়া ঈশ্বৰ আৰু তোমাৰ মাজত ৰাখা। সুখী সেই ব্যক্তি, যিজনে কোনো কামক সঠিক বুলি ভাবে আৰু সেয়া কৰাৰ পাছত নিজকে দোষী বুলি নকয়। ২৩ কিন্তু তেওঁৰ মনত যদি সন্দেহ আছে, তথাপিও তেওঁ খায়, তেনেহʼলে তেওঁ দোষী হয়, কিয়নো তেওঁ বিশ্বাসেৰে খোৱা নাই। সঁচাকৈ, বিশ্বাসেৰে নকৰা সকলো কাম পাপ হয়।
১৫ কিন্তু আমি যিসকল বিশ্বাসত মজবুত আছোঁ, আমি নিজকে আনন্দিত কৰাৰ বিষয়ে নাভাবি, যিসকল বিশ্বাসত দুৰ্বল আছে, তেওঁলোকৰ দুৰ্বলতাবোৰ সহন কৰা উচিত। ২ আহা, আমি প্ৰতিজনে চুবুৰীয়াৰ কাৰণে ভাল কাম কৰি তেওঁলোকক মজবুত কৰোঁ। ৩ কাৰণ খ্ৰীষ্টও নিজকে আনন্দিত কৰা নাছিল, যিদৰে শাস্ত্ৰত লিখা আছে, “যিসকলে তোমাৰ নিন্দা কৰে, তেওঁলোকৰ নিন্দাজনক কথা মোৰ ওপৰত আহি পৰিল।” ৪ কাৰণ আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমাৰ শিক্ষাৰ কাৰণে লিখা হৈছিল যাতে আমি শাস্ত্ৰৰ পৰা ধৈৰ্য ধৰিবলৈ সহায় পাওঁ আৰু আমাৰ ওচৰত আশা আছে বুলি যেন আমি শান্ত্বনা পাওঁ। ৫ ধৈৰ্য ধৰা আৰু শান্ত্বনা দিওঁতা ঈশ্বৰে তোমালোকক এনে আশীৰ্বাদ দিয়ক যেন তোমালোকৰ চিন্তাধাৰা আৰু তোমালোকৰ দৃষ্টিভংগী খ্ৰীষ্ট যীচুৰ দৰে হয় ৬ যাতে তোমালোক সকলোৱে একতাত থাকি আৰু এক মাতেৰে* আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ আৰু পিতৃৰ মহিমা কৰিব পাৰা।
৭ সেইবাবে, খ্ৰীষ্টই যিদৰে আমাক গ্ৰহণ কৰিলে,* তোমালোকেও এজনে-আনজনক গ্ৰহণ কৰা যাতে ঈশ্বৰৰ মহিমা হয়। ৮ কাৰণ মই তোমালোকক কওঁ, খ্ৰীষ্ট চুন্নৎ হোৱা লোকসকলৰ সেৱক হʼল যাতে ঈশ্বৰ সত্য হয় আৰু ঈশ্বৰে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লগত কৰা প্ৰতিজ্ঞা ভৰসাযোগ্য হয় বুলি প্ৰমাণ কৰিব পাৰে ৯ আৰু যিহূদী নোহোৱা ৰাষ্ট্ৰও যেন ঈশ্বৰৰ দয়াৰ কাৰণে মহিমা কৰিব পাৰে। যিদৰে শাস্ত্ৰত লিখা আছে, “সেইবাবে, মই ইস্ৰায়েলী নোহোৱা লোকসকলৰ মাজত তোমাৰ প্ৰশংসা কৰিম আৰু তোমাৰ নামৰ প্ৰশংসাত গীত গাম।” ১০ তাৰ পাছত তেওঁ কয়, “যিহূদী নোহোৱা লোকসকল, ঈশ্বৰৰ প্ৰজাৰ লগত আনন্দ কৰা।” ১১ আৰু এটা শাস্ত্ৰপদত কৈছে, “যিহূদী নোহোৱা সকলো লোকে যিহোৱাৰ* প্ৰশংসা কৰক আৰু সকলো মানুহে তেওঁৰ প্ৰশংসা কৰক।” ১২ আন এটা পদত যিচয়াই কয়, “যিচয়ৰ পৰা বংশ* আহিব অৰ্থাৎ যিজনে যিহূদী নোহোৱা লোকসকলৰ ওপৰত শাসন কৰিবলৈ থিয় হʼব আৰু যিহূদী নোহোৱা লোকসকলে তেওঁৰ ওপৰত আশা ৰাখিব।” ১৩ মোৰ প্ৰাৰ্থনা এইয়ে যে আশা দিওঁতা ঈশ্বৰে তোমালোকক প্ৰচুৰ শান্তি আৰু আনন্দ দিয়ক, কিয়নো তোমালোকে তেওঁৰ ওপৰত ভৰসা ৰাখা আৰু এইদৰে পবিত্ৰ শক্তিৰ ক্ষমতাৰ যোগেদি তোমালোকৰ আশা মজবুত হৈ গৈ থাকক।
১৪ ভাইসকল, তোমালোকৰ বিষয়ে মোৰ বিশ্বাস আছে যে তোমালোকে ভাল কাম আৰু জ্ঞানেৰে পৰিপূৰ্ণ হোৱা আৰু এজনে-আনজনক বুজোৱাত* যোগ্য হোৱা। ১৫ তথাপি মই তোমালোকক কিছুমান কথা আকৌ মনত পেলাই দিবৰ কাৰণে স্পষ্টকৈ লিখিছোঁ, কিয়নো ঈশ্বৰে মোৰ ওপৰত মহা-কৃপা কৰিলে। ১৬ মোৰ ওপৰত এই মহা-কৃপা কৰাৰ কাৰণ হৈছে যাতে মই যিহূদী নোহোৱা লোকসকলৰ কাৰণে খ্ৰীষ্ট যীচুৰ এজন সেৱক হওঁ। মই ঈশ্বৰৰ শুভবাৰ্তা শুনোৱাৰ পবিত্ৰ কাম কৰোঁ যাতে যিহূদী নোহোৱা লোকসকলক এনে বলিদান হিচাপে ঈশ্বৰলৈ আগবঢ়োৱা হয়, যি ঈশ্বৰে গ্ৰহণ কৰে আৰু যাক পবিত্ৰ শক্তিৰে পবিত্ৰ কৰা হৈছে।
১৭ সেইবাবে, খ্ৰীষ্ট যীচুৰ শিষ্য হৈ ঈশ্বৰৰ সেৱা কৰি মই গৰ্ব অনুভৱ কৰোঁ। ১৮ যিহূদী নোহোৱা লোকসকলক আজ্ঞাকাৰী বনাবলৈ খ্ৰীষ্টই মোৰ যোগেদি যি যি কাম কৰিছিল, সেইবোৰৰ বাহিৰে মই আৰু কোনো কথা নকওঁ। তেওঁ মোৰ বাক্য আৰু কামৰ যোগেদি ১৯ আৰু চমৎকাৰ আৰু আশ্চৰ্য্যজনক কামৰ শক্তিৰ যোগেদি আৰু পবিত্ৰ শক্তিৰ ক্ষমতাৰ যোগেদি এইদৰে কৰিলে। মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা ভালদৰে প্ৰচাৰ কৰিলোঁ। ২০ সঁচাকৈ এইদৰে মই থিৰাং কৰিছোঁ যে মই এনে এলেকাত শুভবাৰ্তা নুশুনাওঁ, যʼত খ্ৰীষ্টৰ নামৰ বিষয়ে আগতেই প্ৰচাৰ কৰা হৈছে যাতে কোনো মানুহে যি কাম আৰম্ভ কৰিছে, সেই কাম মই কৰিবলগীয়া নহয়। ২১ ইয়াৰ পৰিৱৰ্তে, শাস্ত্ৰত যিদৰে লিখা আছে, মই সেইদৰেই কৰিবলৈ লক্ষ্য ৰাখিছোঁ, “যিসকলক তেওঁৰ বিষয়ে কেতিয়াও কোৱা হোৱা নাই, তেওঁলোকে চাব আৰু যিসকলে শুনা নাই, তেওঁলোকে বুজিব।”
২২ সেইবাবে, তোমালোকৰ ওচৰলৈ আহিবলৈ মোক বহু বাৰ বাধাও দিয়া হʼল। ২৩ কিন্তু এতিয়া এই এলেকাবোৰত এনে কোনো ঠাই নাই, যʼত প্ৰচাৰ হোৱা নাই আৰু মই বহু* বছৰৰ পৰা তোমালোকৰ ওচৰলৈ আহিবলৈ ইচ্ছাও কৰি আছিলোঁ। ২৪ সেইবাবে, মই আশা কৰিছোঁ যে যেতিয়া মই স্পেইনৰ কাৰণে যাত্ৰা কৰিম, তেতিয়া ৰাস্তাত তোমালোকক লগ কৰিম আৰু কিছু সময় তোমালোকৰ লগত সংগতিৰ আনন্দ লʼম। তাৰ পাছত তোমালোকে মোক কিছু দূৰ এৰিবলৈ আহিবা। ২৫ কিন্তু এতিয়া মই পবিত্ৰ লোকসকলৰ সেৱা কৰিবলৈ যিৰূচালেমলৈ যাত্ৰা কৰিম। ২৬ যিৰূচালেমত থকা পবিত্ৰ লোকসকলৰ মাজৰ যিসকল দুখীয়া, তেওঁলোকৰ কাৰণে মাকিদনিয়া আৰু আখায়াৰ লোকসকলে নিজৰ সম্পত্তিৰ পৰা আনন্দেৰে দান দিছে। ২৭ এয়া সঁচা যে তেওঁলোকে দান দি আনন্দিত হৈছিল, কিন্তু প্ৰকৃততে তেওঁলোক যিৰূচালেমত থকা পবিত্ৰ লোকসকলৰ ধৰুৱা আছিল, কিয়নো পবিত্ৰ লোকসকলে ঈশ্বৰৰ পৰা যি পাইছিল, সেয়া তেওঁলোকে যিহূদী নোহোৱা লোকসকলকো দিছিল। সেইবাবে, পবিত্ৰ লোকসকলৰ খোৱা-বোৱাৰ প্ৰয়োজনীয়তাৰ কাৰণে দান দি তেওঁলোকৰ সেৱা কৰাটো এই লোকসকলৰো কৰ্তব্য হয়। ২৮ সেইবাবে, এই দান পবিত্ৰ লোকসকলক দিয়াৰ পাছত মই তোমালোকক লগ কৰি স্পেইনলৈ যাম। ২৯ আৰু মই জানোঁ যে যেতিয়া মই তোমালোকৰ ওচৰলৈ আহিম, তেতিয়া খ্ৰীষ্টৰ ফালৰ পৰা প্ৰচুৰ পৰিমাণে আশীৰ্বাদ লৈ আহিম।
৩০ এতিয়া মোৰ ভাইসকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টত তোমালোকৰ যি বিশ্বাস আছে আৰু পবিত্ৰ শক্তিয়ে তোমালোকৰ মাজত যি প্ৰেম উৎপন্ন কৰিলে, তাৰ দ্বাৰাই মই তোমালোকক উৎসাহিত কৰিছোঁ যে মোৰ দৰে তোমালোকেও মনে-প্ৰাণে মোৰ কাৰণে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি থাকা ৩১ যে ঈশ্বৰে মোক যীচুৰ ওপৰত বিশ্বাস নকৰা যিহূদীসকলৰ হাতৰ পৰা যেন বচায় আৰু যিৰূচালেমৰ পবিত্ৰ লোকসকলে যেন মোৰ সেৱা গ্ৰহণ কৰে। ৩২ যাতে যেতিয়া মই ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি আনন্দেৰে তোমালোকৰ ওচৰলৈ আহিম, তেতিয়া তোমালোকৰ লগত সংগতি কৰি ময়ো উৎসাহিত হʼম। ৩৩ প্ৰাৰ্থনা কৰিছোঁ যে শান্তি দিওঁতা ঈশ্বৰ তোমালোক সকলোৰে লগত থাকক। আমেন।
১৬ মই কিংক্ৰিয়া মণ্ডলীত সেৱা কৰা আমাৰ ভনী ফৈবীৰ বিষয়ে তোমালোকক কʼব বিচাৰোঁ ২ যাতে পবিত্ৰ লোকসকলক যিদৰে আদৰণি জনাব লাগে, ঠিক সেইদৰে প্ৰভুত তেওঁকো আদৰণি জনোৱা। আৰু কোনো কামত যদি তেওঁক তোমালোকৰ সহায়ৰ প্ৰয়োজন হয়, তেনেহʼলে তেওঁক সহায় কৰিবা। কিয়নো তেওঁ নিজেই বহুতো লোকক আৰু মোকো সহায় কৰিছিল।
৩ প্ৰিষ্কা আৰু আক্কিলাক, যিসকল খ্ৰীষ্ট যীচুত মোৰ সহকৰ্মী হয়, তেওঁলোকলৈ মোৰ নমস্কাৰ। ৪ তেওঁলোকে মোৰ জীৱন বচাবলৈ নিজৰ জীৱন* বিপদত পেলালে। আৰু কেৱল ময়েই নহয়, মোৰ লগতে যিহূদী নোহোৱা লোকসকলৰ সকলো মণ্ডলীও তেওঁলোকক ধন্যবাদ দিছে। ৫ তেওঁলোকৰ ঘৰত একগোট হোৱা মণ্ডলীকো নমস্কাৰ। মোৰ মৰমৰ ইপেনিতকো নমস্কাৰ, যিজন খ্ৰীষ্টৰ কাৰণে এচিয়াৰ প্ৰথম ফল হয়। ৬ মৰিয়মক নমস্কাৰ, যিগৰাকীয়ে তোমালোকৰ কাৰণে বহুত পৰিশ্ৰম কৰিলে। ৭ মোৰ সম্বন্ধীয় আন্দ্ৰনীক আৰু যুনিয়ক নমস্কাৰ, যিসকল মোৰ লগত জেলত আছিল আৰু পাঁচনিসকলৰ* মাজত যিসকলৰ ভাল নাম আছে আৰু যিসকল মোতকৈ আগৰে পৰা খ্ৰীষ্টৰ শিষ্য হয়।*
৮ প্ৰভুত মোৰ মৰমৰ আমপ্লিয়াতক নমস্কাৰ। ৯ খ্ৰীষ্টত আমাৰ সহকৰ্মী উৰ্ব্বাণক আৰু মোৰ মৰমৰ স্তাখুক নমস্কাৰ। ১০ আপিল্লিক মোৰ নমস্কাৰ, যিজনৰ ওপৰত খ্ৰীষ্টৰ অনুমোদন আছে। আৰিষ্টবুলৰ পৰিয়ালক মোৰ নমস্কাৰ। ১১ মোৰ সম্বন্ধীয় হেৰোদিয়োনক মোৰ নমস্কাৰ। নাৰ্কিচৰ পৰিয়ালৰ, যিসকল প্ৰভুত আছে, তেওঁলোকক মোৰ নমস্কাৰ। ১২ প্ৰভুত কঠোৰ পৰিশ্ৰম কৰা ত্ৰুফেণা আৰু ত্ৰুফোচাক মোৰ নমস্কাৰ। আমাৰ মৰমৰ পৰ্চীক মোৰ নমস্কাৰ, যিজনে প্ৰভুত কঠোৰ পৰিশ্ৰম কৰিলে। ১৩ ৰূফক মোৰ নমস্কাৰ, যিজন প্ৰভুত ভাল সেৱক হয়। তেওঁৰ মাকো নমস্কাৰ, যিগৰাকী মোৰ মাৰ দৰে হয়। ১৪ অচুংকৃত, ফ্লিগোন, হৰ্মি, পাত্ৰোবা, হৰ্মা আৰু তেওঁলোকৰ লগৰ ভাইসকলক মোৰ নমস্কাৰ। ১৫ ফিললগ, যুলিয়া, নীৰিয় আৰু তেওঁৰ ভনী আৰু ওলুম্প আৰু তেওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোকক মোৰ নমস্কাৰ। ১৬ পবিত্ৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে তোমালোকক নমস্কাৰ জনাইছে।
১৭ ভাইসকল, এতিয়া মই তোমালোকক অনুৰোধ কৰিছোঁ যে যিসকল, তোমালোকে লাভ কৰা শিক্ষাৰ বিৰুদ্ধে হয়, মণ্ডলীত বিভেদ সৃষ্টি কৰে আৰু কাৰোবাৰ কাৰণে বিশ্বাসৰ পথ এৰি যোৱাৰ কাৰণ* হয়, তেওঁলোকৰ ওপৰত চকু ৰাখা আৰু তেওঁলোকৰ পৰা আঁতৰি থাকা। ১৮ কিয়নো এনেধৰণৰ মানুহ আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দাস নহয়। ইয়াৰ পৰিৱৰ্তে, নিজৰ বেয়া ইচ্ছাৰ* দাস হয় আৰু তেওঁলোকে নিজৰ মিঠা মিঠা কথা আৰু প্ৰশংসাৰে সহজ-সৰল লোকসকলৰ মন ভুলায়। ১৯ সকলো লোকে জানিব পাৰিলে যে তোমালোক কিমান আজ্ঞাকাৰী হোৱা। সেইবাবে, মই তোমালোকৰ কাৰণে আনন্দ কৰিছোঁ। কিন্তু মই বিচাৰোঁ যে তোমালোকে ভাল বিষয়বোৰত বুদ্ধিমান হোৱা, কিন্তু বেয়া বিষয়বোৰত নজনা নিচিনা হৈ থাকিবা। ২০ শান্তি দিওঁতা ঈশ্বৰে অতি সোনকালে চয়তানক তোমালোকৰ ভৰিৰ তলত ধ্বংস কৰি দিব। আমাৰ প্ৰভু যীচুৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।
২১ মোৰ সহকৰ্মী তীমথিয় আৰু মোৰ সম্বন্ধীয় লুকীয়, যাচোন আৰু চোচিপাত্ৰই তোমালোকক নমস্কাৰ জনাইছে।
২২ মই তৰ্ত্তিয়, যিজনে এই চিঠি লিখিছোঁ, ময়ো প্ৰভুত তোমালোকক নমস্কাৰ জনাইছোঁ।
২৩ মোৰ আৰু গোটেই মণ্ডলীৰ আলহীৰ সেৱা-শুশ্ৰূষা কৰোঁতা গায়ে তোমালোকক নমস্কাৰ জনাইছে। চহৰৰ ধন-ভঁৰালী* ইৰাস্তচ আৰু তেওঁৰ ভাই ক্বাৰ্ত্তই তোমালোকক নমস্কাৰ জনাইছে। ২৪* —
২৫ মই যি শুভবাৰ্তা শুনাইছোঁ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰিছোঁ, তাৰ যোগেদি ঈশ্বৰে তোমালোকক মজবুত কৰিব পাৰে। এই শুভবাৰ্তা সেই পবিত্ৰ ৰহস্যৰ অনুসৰি হয়, যাক মুকলি কৰা হৈছে। এই পবিত্ৰ ৰহস্য প্ৰাচীন সময়ৰ পৰা গোপনে ৰখা হৈছিল। ২৬ কিন্তু এতিয়া ইয়াক প্ৰকাশ কৰা হৈছে। অনন্ত কালৰ ঈশ্বৰৰ আদেশৰ অনুসৰি এই ৰহস্য শাস্ত্ৰত লিখা ভৱিষ্যবাণীবোৰৰ যোগেদি সকলো ৰাষ্ট্ৰক জনোৱা হৈছে যাতে তেওঁলোকেও বিশ্বাস কৰে আৰু আজ্ঞা পালন কৰে। ২৭ যীচু খ্ৰীষ্টৰ যোগেদি সেই একমাত্ৰ বুদ্ধিমান ঈশ্বৰৰ সদায় মহিমা হৈ থাকক। আমেন।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “বীজ।”
বা “উপহাৰ।”
বা “ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান লোৱাটো।”
আক্ষ., “ৰাষ্ট্ৰ।”
বা “মৌখিকভাৱে শিকোৱা হৈছে।”
এয়া হয়তো সেই লোকসকলক বুজাইছে, যিসকলে জ্ঞান আৰু বুজা শক্তি বঢ়োৱাৰ প্ৰয়োজন।
ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।
আক্ষ., “দায় দিলোঁ।”
আক্ষ., “মহিমা।”
বা “ঈশ্বৰৰ লগত শান্তি।”
অতি. ক৫ চাওক।
বা “ক্ষমা কৰা হʼল।”
অতি. ক৫ চাওক।
আক্ষ., “মোহৰ।” বা “গেৰাণ্টি।”
আক্ষ., “বীজ।”
বা হয়তো, “যি অস্তিত্বত নাই, তাৰ বিষয়ে এনেদৰে কথা কয় যেন সেয়া অস্তিত্বত আছে।”
বা হয়তো, “আমাৰ ওচৰত শান্তি আছে।”
বা “মুকলি; ক্ষমা কৰা।”
আক্ষ., “অংগবোৰক।”
ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।
আক্ষ., “অংগবোৰ।”
আক্ষ., “নিয়ম পাপ হয় নে?”
আক্ষ., “শাৰীৰিক।”
এয়া হিব্ৰু বা অৰামী ভাষাৰ শব্দ হয়, যাৰ অৰ্থ হৈছে “হে পিতৃ!”
আক্ষ., “যি ব্যক্তিয়ে ইচ্ছা কৰে বা যি ব্যক্তিয়ে দৌৰে, তেওঁৰ ওপৰত নিৰ্ভৰ নকৰে।”
আক্ষ., “অনাদৰৰ।”
বা “বাকী থকা লোকসকলেহে।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অৰ্থাৎ এক গভীৰ গাঁত। শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
আক্ষ., “বীজ।”
অতি. ক৫ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “প্ৰশংসা।”
বা “ফিতাহি মাৰি।”
বা “ফিতাহি মাৰা।”
অতি. ক৫ চাওক।
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
বা “তেওঁৰ ভাগত দিয়া হৈছে; ভাগ কৰা হৈছে।”
বা “সম্পূৰ্ণ উৎসাহেৰে।”
বা “উৎসাহী।”
বা “কামক অৱহেলা নকৰিবা।”
অতি. ক৫ চাওক।
অৰ্থাৎ ঈশ্বৰৰ ক্ৰোধ।
অতি. ক৫ চাওক।
অৰ্থাৎ তেওঁৰ কঠোৰ হৃদয়ক গলাই দিয়া আৰু তেওঁৰ খং শান্ত কৰা।
বেয়া কাম কৰা লোকসকলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰকাশ হয়।
ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।
গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।
বা হয়তো, “ব্যক্তিগত প্ৰশ্নবোৰৰ আধাৰত।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “ভুল।”
আক্ষ., “এক মুখেৰে।”
বা “আমাক আদৰণি জনালে।”
অতি. ক৫ চাওক।
আক্ষ., “শিপা।”
বা “শিকোৱাত।”
বা হয়তো, “কিছু।”
আক্ষ., “নিজৰ ডিঙি।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “লগত একতাত আছে।”
আক্ষ., “উজুটি খোৱাৰ কাৰণ।”
বা “নিজৰ পেটৰ।”
বা “প্ৰবন্ধক।”
অতি. ক৩ চাওক।