গালাতীয়াসকললৈ চিঠি
১ মই পৌল এজন পাঁচনি,* মই কোনো মানুহৰ দ্বাৰা নিযুক্ত হোৱা নাই। ইয়াৰ পৰিৱৰ্তে, যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰৰ দ্বাৰা নিযুক্ত হৈছোঁ, যিজনে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিছিল। ২ মই আৰু মোৰ লগত থকা সকলো ভায়ে গালাতিয়া প্ৰদেশৰ মণ্ডলীবোৰলৈ এই চিঠি লিখি আছোঁ:
৩ আমাৰ পিতৃ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক। ৪ আমাৰ ঈশ্বৰ আৰু পিতৃৰ ইচ্ছা অনুসৰি খ্ৰীষ্টই আমাৰ পাপৰ কাৰণে নিজকে দি দিলে যাতে আমি এই দুষ্ট জগতৰ ব্যৱস্থাৰ পৰা ৰক্ষা পাওঁ। ৫ ঈশ্বৰৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।
৬ মই আচৰিত হৈছোঁ যে তোমালোকে ইমান সোনকালে সেই ঈশ্বৰৰ পৰা আঁতৰি গৈছা, যিজনে তোমালোকক খ্ৰীষ্টৰ মহা-কৃপা দেখুৱাই মাতিছিল আৰু এতিয়া তোমালোক আন এক শুভবাৰ্তাৰ ফালে গৈ আছা। ৭ কিন্তু আন কোনো শুভবাৰ্তা নাই। আচলতে তাত এনে কিছুমান লোক আছে, যিসকলে তোমালোকৰ কাৰণে সমস্যা সৃষ্টি কৰি আছে আৰু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা ৰহণ লগাই কʼব বিচাৰে। ৮ কিন্তু আমি তোমালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন কোনো শুভবাৰ্তা, আমিয়েই হওঁ বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে, তেনেহʼলে তেওঁ অভিশপ্ত হওক। ৯ মই আকৌ এবাৰ সেই একে কথাই কৈছোঁ, যি আমি এইমাত্ৰ কৈছিলোঁ। তোমালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিছিলা, তাৰ নামত যদি কোনোবাই কিবা বেলেগ কথা শিকায়, তেনেহʼলে তেওঁ অভিশপ্ত হওক।
১০ এতিয়া মই মানুহৰ অনুমোদন লাভ কৰিবলৈ চেষ্টা কৰিছোঁ, নে ঈশ্বৰৰ? বা মই মানুহক আনন্দিত কৰিবলৈ চেষ্টা কৰিছোঁ নে? যদি মই এতিয়াও মানুহক আনন্দিত কৰাত লাগি আছোঁ, তেনেহʼলে মই খ্ৰীষ্টৰ দাস নহওঁ। ১১ মোৰ ভাইসকল, এয়া জানি লোৱা যে মই তোমালোকক যি শুভবাৰ্তা শুনাইছিলোঁ, সেয়া মানুহৰ ফালৰ পৰা নহয়। ১২ কিয়নো এয়া মই কোনো মানুহৰ পৰা পোৱা নাই আৰু কোনো মানুহৰ পৰাও শিকা নাই, ইয়াৰ পৰিৱৰ্তে যীচু খ্ৰীষ্টই নিজেই ইয়াক মোৰ ওপৰত প্ৰকাশ কৰিছিল।
১৩ তোমালোকে নিশ্চয় শুনিছা যে যেতিয়া মই আগতে যিহূদী ধৰ্ম পালন কৰিছিলোঁ, তেতিয়া মোৰ ব্যৱহাৰ কেনেকুৱা আছিল। মই ঈশ্বৰৰ মণ্ডলীৰ ওপৰত বেয়াকৈ অত্যাচাৰ কৰিছিলোঁ আৰু তাক শেষ কৰিবলৈ চেষ্টা কৰিছিলোঁ। ১৪ আৰু মই যিহূদী ধৰ্ম, নিজৰ ৰাষ্ট্ৰ আৰু নিজৰ বয়সৰ বহুতো লোকতকৈ বেছি উন্নতি কৰিছিলোঁ, কিয়নো মই নিজৰ পূৰ্বপুৰুষসকলৰ পৰম্পৰাবোৰ পালন কৰাৰ ক্ষেত্ৰত বহুত উৎসাহী আছিলোঁ। ১৫ কিন্তু ঈশ্বৰ, যাৰ যোগেদি মই এই জগতলৈ আহিছোঁ আৰু যিজনে মোৰ ওপৰত মহা-কৃপা কৰি মোক মাতিলে। তেওঁৰ এয়া ভাল লাগিলে ১৬ যে তেওঁ মোৰ যোগেদি নিজৰ পুত্ৰক প্ৰকাশ কৰে যাতে মই যিহূদী নোহোৱা লোকসকলক তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা শুনাওঁ। তেতিয়া মই লগে লগে কোনো মানুহৰ ওচৰলৈ এই বিষয়ে পৰামৰ্শ লʼবলৈ নগʼলোঁ ১৭ আৰু মই যিৰূচালেমত তেওঁলোকৰ ওচৰলৈও নগʼলোঁ, যিসকল মোতকৈ আগৰে পৰা পাঁচনি আছিল। কিন্তু মই আৰব দেশলৈ গুচি গʼলোঁ আৰু পাছত দম্মেচকলৈ উভতি আহিলোঁ।
১৮ তাৰ পাছত মই কৈফাক* লগ কৰিবলৈ তিনি বছৰৰ পাছত যিৰূচালেমলৈ গʼলোঁ আৰু ১৫ দিনলৈকে তেওঁৰ লগতে থাকিলোঁ। ১৯ তাত মই প্ৰভুৰ ভায়েক যাকোবকো লগ পালোঁ। তেওঁলোকৰ বাহিৰে আন কোনো পাঁচনিক মই লগ নাপালোঁ। ২০ ঈশ্বৰ এই কথাৰ সাক্ষী হয় যে মই যিবোৰ কথা তোমালোকলৈ লিখি আছোঁ, সেইবোৰ মিছা নহয়।
২১ ইয়াৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ এলেকাবোৰলৈ গʼলোঁ। ২২ কিন্তু যিহূদিয়াৰ খ্ৰীষ্টান মণ্ডলীবোৰে মোক আগতে কেতিয়াও দেখা নাছিল। ২৩ সেই মণ্ডলীবোৰে কেৱল মোৰ বিষয়ে শুনিছিল, “যিজন মানুহে আগতে আমাক অত্যাচাৰ কৰিছিল, তেওঁ এতিয়া এই বিশ্বাসৰ বিষয়ে শুভবাৰ্তা শুনাই আছে, যাক তেওঁ আগতে শেষ কৰিবলৈ চেষ্টা কৰি আছিল।” ২৪ সেইবাবে, তেওঁলোকে মোৰ কাৰণে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।
২ ইয়াৰ ১৪ বছৰৰ পাছত মই বাৰ্ণব্বাৰ লগত আকৌ এবাৰ যিৰূচালেমলৈ গʼলোঁ আৰু মই তীতকো নিজৰ লগত লৈ গʼলোঁ। ২ মই তালৈ যাব লাগিব বুলি মোৰ ওপৰত প্ৰকাশ কৰা হৈছিল। সেইবাবে, মই তালৈ গʼলোঁ। তাত মই কʼলোঁ যে মই যিহূদী নোহোৱা লোকসকলক শুভবাৰ্তা শুনাওঁ। এই কথা মই কেৱল সেই ভাইসকলক কʼলোঁ, যিসকলক বহুত সন্মান কৰা হয়। কাৰণ মই যি প্ৰচাৰ কৰি আছোঁ বা কৰিলোঁ, সেয়া ব্যৰ্থ হোৱাটো মই নিবিচাৰোঁ। ৩ কিন্তু তীত, যিজন মোৰ লগত আছিল, গ্ৰীক হোৱাৰ সত্ত্বেও তেওঁক চুন্নৎ কৰিবলৈ বাধ্য কৰা নহʼল। ৪ এই বিষয়টো সেই মিছলীয়া ভাইসকলৰ কাৰণে সৃষ্টি হৈছিল, যিসকলে মনে মনে আমাৰ ওপৰত নজৰ ৰাখিবলৈ মণ্ডলীত সোমাই আহিছিল। খ্ৰীষ্ট যীচুৰ শিষ্য হিচাপে আমি যি স্বাধীনতা পাইছোঁ, তাক তেওঁলোকে কাঢ়ি লʼব বিচাৰিছিল যাতে তেওঁলোকে সম্পূৰ্ণৰূপে আমাক নিজৰ দাস কৰি লয়। ৫ কিন্তু আমি অলপ সময়ৰ* বাবেও তেওঁলোকৰ কথা নামানিলোঁ আৰু তেওঁলোকৰ অধীনো নহʼলোঁ যাতে শুভবাৰ্তাৰ যি সত্যতা তোমালোকে পাইছা, সেয়া তোমালোকৰ লগত থাকে।
৬ কিন্তু সেই ভাইসকল, যিসকলক বিশেষ বুলি ভবা হৈছিল, হয়, আনতকৈ ডাঙৰ বুলি ভবা সেই ভাইসকলে মোক এনে একো কথা নকʼলে, যি মোৰ কাৰণে নতুন হয়। তেওঁলোকক যিয়েই ভবা নহওক কিয়, সেয়া মোৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, কাৰণ ঈশ্বৰে মানুহৰ বাহিৰৰ ৰূপ চাই ন্যায় নকৰে। ৭ ইয়াৰ পৰিৱৰ্তে, সেই ভাইসকলে দেখিলে যে মোক যিহূদী নোহোৱা লোকসকলক* শুভবাৰ্তা শুনাবলৈ নিযুক্ত কৰা হৈছে, যিদৰে যিহূদীসকলক* শুভবাৰ্তা শুনাবলৈ পিতৰক নিযুক্ত কৰা হৈছিল। ৮ কাৰণ যিজনে পিতৰক যিহূদীসকলৰ কাৰণে পাঁচনি পদৰ দায়িত্ব পালন কৰিবলৈ শক্তি দিছে, তেৱেঁই মোক যিহূদী নোহোৱা লোকসকলৰ কাৰণে এই দায়িত্ব পালন কৰিবলৈ শক্তি দিছে। ৯ তেওঁলোকে এয়াও বুজি পালে যে মোৰ ওপৰত কেনেকৈ মহা-কৃপা কৰা হʼল। তেতিয়া যাকোব, কৈফা* আৰু যোহনে, যিসকল মণ্ডলীত স্তম্ভৰ দৰে আছিল, মোৰ আৰু বাৰ্ণব্বাৰ লগত নিজৰ সোঁহাত মিলাই দেখুৱালে যে আমি সকলোৱে সহভাগী হওঁ, যেন আমি আন ৰাষ্ট্ৰৰ লোকসকলৰ ওচৰলৈ যাওঁ আৰু তেওঁলোকে যিহূদীসকলৰ ওচৰলৈ যায়। ১০ দুখীয়া ভাইসকলকো ধ্যান দিবলৈ আমাক কোৱা হʼল। মই মনে-প্ৰাণে এইদৰে কৰিবলৈ চেষ্টা কৰিলোঁ।
১১ কিন্তু কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই সকলোৰে আগত তেওঁৰ বিৰোধ কৰিলোঁ, কিয়নো এয়া স্পষ্ট আছিল যে তেওঁ দোষী হয়। ১২ যাকোবে পঠোৱা কিছুমান লোক অহাৰ আগলৈকে কৈফাই যিহূদী নোহোৱা লোকসকলৰ লগত খোৱা-বোৱা কৰিছিল। কিন্তু যেতিয়া সেই ভাইসকল আহিল, তেতিয়া তেওঁ চুন্নৎ হোৱা লোকসকলৰ ভয়ত যিহূদী নোহোৱা লোকসকলৰ পৰা আঁতৰি আঁতৰি থাকিবলৈ ধৰিলে। ১৩ আন যিহূদীসকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিলে। আনকি বাৰ্ণব্বায়ো তেওঁলোকৰ দৰে কৰিবলৈ ধৰিলে। ১৪ কিন্তু যেতিয়া মই দেখিলোঁ যে তেওঁলোকে শুভবাৰ্তাৰ সত্যতাৰ অনুসৰি চলা নাই, তেতিয়া মই সকলোৰে আগত কৈফাক কʼলোঁ, “যদি তুমি এজন যিহূদী হৈও যিহূদীৰ দৰে নহয়, কিন্তু যিহূদী নোহোৱা লোকসকলৰ দৰে ব্যৱহাৰ কৰিছা, তেনেহʼলে তুমি যিহূদী নোহোৱা লোকসকলক যিহূদীৰ ৰীতি-নীতিবোৰ মানিবলৈ কেনেকৈ বাধ্য কৰাব পাৰা?”
১৫ আমি জন্মৰে পৰা যিহূদী হওঁ আৰু আমি যিহূদী নোহোৱা লোকসকলৰ দৰে নহওঁ, যিসকলে পাপ কৰে। ১৬ তথাপিও আমি জানোঁ যে এজন মানুহক নিয়মত লিখা কামবোৰ কৰাৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে কেৱল যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণেহে ভাল মানুহ বুলি গণ্য কৰা হয়। সেইবাবে, আমি খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিলোঁ যাতে আমাক নিয়মত লিখা কামবোৰৰ আধাৰত নহয়, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে ভাল মানুহ বুলি গণিত কৰা হয়। কিয়নো মোচিৰ নিয়মত লিখা কামবোৰৰ আধাৰত কোনো মানুহে ভাল মানুহ বুলি গণ্য হʼব নোৱাৰে। ১৭ আমি খ্ৰীষ্টৰ যোগেদি ভাল মানুহ বুলি গণিত হʼবলৈ চেষ্টা কৰি থাকোঁতেও যদি আমাক পাপী বুলি কোৱা হয়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নে যে খ্ৰীষ্ট পাপৰ সেৱক হয়? কেতিয়াও নহয়! ১৮ মই যাক এবাৰ ধ্বংস কৰিলোঁ, তাক যদি আকৌ বনাবলৈ ধৰোঁ, তেনেহʼলে মই নিজকে এজন অপৰাধী বুলি প্ৰমাণ কৰিম। ১৯ নিয়মৰ অনুসৰি মই মৰিলোঁ যাতে ঈশ্বৰৰ কাৰণে জীৱিত হʼব পাৰোঁ। ২০ খ্ৰীষ্টৰ লগত মোক কাঠত গজাল মাৰি দিয়া হৈছে। সেইবাবে, এতিয়া মই নিজৰ কাৰণে জীয়াই থকা নাই, ইয়াৰ পৰিৱৰ্তে এনে জীৱন জীয়াই আছোঁ, যি খ্ৰীষ্টৰ লগত একতাত আছে।* এতিয়া মই মানুহ হিচাপে যি জীৱন জীয়াই আছোঁ, সেয়া কেৱল সেই বিশ্বাসেৰে জীয়াই আছোঁ, যি মই ঈশ্বৰৰ পুত্ৰৰ ওপৰত কৰোঁ, যিজনে মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজৰ জীৱন দিলে। ২১ মই ঈশ্বৰৰ মহা-কৃপাক অস্বীকাৰ নকৰোঁ, কাৰণ যদি নিয়ম পালন কৰিলে এজন ব্যক্তি ভাল মানুহ বুলি গণিত হয়, তেনেহʼলে খ্ৰীষ্টৰ মৃত্যু হোৱাটো কোনো লাভ নহʼল।
৩ হে অবুজ গালাতীয়া লোকসকল, কোনে তোমালোকক ভুলালে? তোমালোককতো স্পষ্টকৈ বুজোৱা হৈছিল যে যীচু খ্ৰীষ্টক কিয় কাঠত গজাল মাৰি দিয়া হʼল। ২ মই তোমালোকক কেৱল এটা কথা সুধিব* বিচাৰোঁ। তোমালোকে পবিত্ৰ শক্তি, নিয়মত লিখা কামবোৰ কৰাৰ কাৰণে পাইছিলা, নে শুভবাৰ্তা শুনি বিশ্বাস কৰাৰ কাৰণে? ৩ তোমালোকে ইমানেই অবুজ নে? তোমালোকে পবিত্ৰ শক্তিৰ অনুসৰি চলিবলৈ আৰম্ভ কৰিছিলা, এতিয়া শেষত মানুহৰ চিন্তাধাৰা অনুসৰি চলিব বিচাৰা নে? ৪ তোমালোকে ইমান দুখ এনেই সহন কৰিছিলা নে? নহয়, তোমালোকে এনেই সহন কৰা নাছিলা। ৫ সেইবাবে, যিজনে পবিত্ৰ শক্তি দিয়ে আৰু তোমালোকৰ মাজত ডাঙৰ ডাঙৰ কাম কৰে, তেওঁ এইদৰে তোমালোকে নিয়মত লিখা কামবোৰ কৰাৰ কাৰণে কৰে, নে তোমালোকে শুভবাৰ্তা শুনি তাৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে কৰে? ৬ অব্ৰাহামেও “যিহোৱাৰ* ওপৰত বিশ্বাস কৰিলে আৰু ইয়াৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল।”
৭ নিশ্চয় তোমালোকে জানা যে যিজনে বিশ্বাসেৰে চলে, কেৱল তেৱেঁই অব্ৰাহামৰ বংশৰ হয়। ৮ যিহেতু ঈশ্বৰে তেওঁৰ শাস্ত্ৰৰ যোগেদি বহুত আগতেই ঘোষণা কৰিছিল যে যিহূদী নোহোৱা লোকসকলক তেওঁলোকৰ বিশ্বাসৰ যোগেদি ভাল মানুহ বুলি গণিত কৰা হʼব, সেইবাবে তেওঁ অব্ৰাহামক এই শুভবাৰ্তা দিছিল, “তোমাৰ যোগেদি সকলো জাতিয়ে আশীৰ্বাদ পাব।” ৯ সেইবাবে, যিসকলে বিশ্বাসেৰে চলে, তেওঁলোকে অব্ৰাহামৰ দৰেই আশীৰ্বাদ পায়, যিজনৰ বিশ্বাস আছিল।
১০ যিসকলে কেৱল নিয়মত লিখা কামবোৰৰ ওপৰত ভৰসা কৰে, তেওঁলোক অভিশপ্ত, কিয়নো লিখা আছে, “যি কোনোৱে নিয়মৰ কিতাপত লিখা সকলো কথা পালন নকৰে, তেওঁ অভিশপ্ত।” ১১ ইয়াৰ উপৰিও, এই কথা স্পষ্ট যে নিয়মৰ যোগেদি কাকো ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি গণ্য কৰিব নোৱাৰি, কিয়নো লিখা আছে, “যিজন ভাল মানুহ হয়, তেওঁ নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব।” ১২ নিয়মৰ লগত বিশ্বাসৰ কোনো সম্পৰ্ক নাছিল। তাত কেৱল এয়া কোৱা আছিল, “যি কোনোৱে এই কামবোৰ কৰে, তেওঁ জীয়াই থাকিব।” ১৩ খ্ৰীষ্টই আমাক কিনি নিয়মৰ অভিশাপৰ পৰা মুকলি কৰিলে আৰু আমাৰ ঠাইত তেওঁ নিজেই অভিশপ্ত হʼল, কিয়নো লিখা আছে, “যিজনক কাঠত আঁৰি দিয়া হয়, তেওঁ অভিশপ্ত।” ১৪ এইদৰে হোৱাৰ কাৰণ হৈছে যে অব্ৰাহামে যি আশীৰ্বাদ পাইছিল, সেয়া খ্ৰীষ্ট যীচুৰ যোগেদি যেন আন ৰাষ্ট্ৰৰ লোকসকলে পায় আৰু আমি নিজৰ বিশ্বাসৰ যোগেদি সেই পবিত্ৰ শক্তি যেন পাওঁ, যাৰ প্ৰতিজ্ঞা কৰা হৈছিল।
১৫ ভাইসকল, মই দৈনন্দিন জীৱনৰ এটা উদাহৰণ দি বুজাইছোঁ: কোনো চুক্তি, লাগিলে সেয়া মানুহে কৰাই নহওক কিয়, এবাৰ যেতিয়া কাৰ্যকৰী কৰি দিয়া হয়, তেনেহʼলে তাক কোনেও সলনি কৰিব নোৱাৰে আৰু তাত কোনো কথা যোগো দিব নোৱাৰে। ১৬ অব্ৰাহাম আৰু তেওঁৰ বংশৰ* লগত প্ৰতিজ্ঞা কৰা হৈছিল। বহুতো লোকক প্ৰতিজ্ঞা কৰাৰ দৰে শাস্ত্ৰই এইদৰে কোৱা নাই, “আৰু তোমাৰ বংশবোৰ,”* ইয়াৰ পৰিৱৰ্তে কেৱল এজনক কোৱাৰ দৰে কৈছিল, “আৰু তোমাৰ বংশ,” যি খ্ৰীষ্ট হয়। ১৭ মই এয়াও কৈছোঁ: ঈশ্বৰে যি চুক্তি বা প্ৰতিজ্ঞা আগতে কৰিছিল, তাক সেই নিয়মে সলনি কৰি নিদিয়ে, যি ৪৩০ বছৰৰ পাছত আহিছিল। ১৮ কাৰণ যদি উত্তৰাধিকাৰ নিয়মৰ আধাৰত দিয়া হয়, তেনেহʼলে এয়া প্ৰতিজ্ঞাৰ কাৰণে দিয়া নহʼলহেঁতেন। কিন্তু আচলতে ঈশ্বৰে দয়া দেখুৱাই এই উত্তৰাধিকাৰ অব্ৰাহামক এই প্ৰতিজ্ঞাৰ যোগেদি দিছিল।
১৯ তেনেহʼলে এই নিয়ম কিয় দিয়া হʼল? পাপ প্ৰকাশ কৰিবলৈ দিয়া হʼল আৰু এই নিয়ম সেই প্ৰতিজ্ঞা কৰা বংশ* নহালৈকে বৰ্তি থাকিবলৈ দিয়া হʼল। এই নিয়ম স্বৰ্গদূতৰ যোগেদি এজন মধ্যস্থতাকাৰীৰ হাতত দিয়া হৈছিল। ২০ যʼত কেৱল এটা পক্ষ থাকে, তাত মধ্যস্থতাকাৰীৰ প্ৰয়োজন নহয়, কাৰণ ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ সময়ত তেওঁ অকলেই কৰিছিল। ২১ তেনেহʼলে, নিয়ম ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিৰুদ্ধে হয় নে? কেতিয়াও নহয়! কিয়নো জীৱন দিব পৰা নিয়ম দিয়া হʼলে এজন মানুহে নিয়ম পালন কৰিয়েই ভাল মানুহ বুলি গণিত হʼব পাৰিলেহেঁতেন। ২২ কিন্তু শাস্ত্ৰই সকলোকে পাপৰ হাতত গতাই দিলে যাতে যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ যোগেদি পোৱা প্ৰতিজ্ঞা সেই লোকসকলৰ কাৰণে হয়, যিসকলে যীচুৰ ওপৰত বিশ্বাস কৰে।
২৩ কিন্তু বিশ্বাস অহাৰ আগলৈকে আমি নিয়মৰ অধীনত সুৰক্ষিত আৰু বন্দী হৈ আছিলোঁ আৰু সেই বিশ্বাসৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, যি প্ৰকাশ হʼবলগীয়া আছিল। ২৪ এইদৰে নিয়মে আমাক খ্ৰীষ্টলৈকে লৈ যাবলৈ আমাৰ চোৱা-চিতা কৰোঁতা* হʼল যাতে আমি বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণিত হওঁ। ২৫ এতিয়া বিশ্বাস আহি পালে, সেইবাবে আমি কোনো চোৱা-চিতা কৰাজনৰ অধীনত নাই।
২৬ আচলতে তোমালোক সকলোৱে খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰৰ পুত্ৰ হোৱা। ২৭ কাৰণ তোমালোক সকলোৱে, যিসকলে খ্ৰীষ্টত বাপ্তিষ্মা লৈছা, তোমালোকে খ্ৰীষ্টক পিন্ধি লৈছা। ২৮ যিহূদী বা গ্ৰীক, দাস বা স্বাধীন লোক, পুৰুষ বা স্ত্ৰী কাৰো মাজত কোনো পাৰ্থক্য নাই, কাৰণ তোমালোক খ্ৰীষ্ট যীচুৰ শিষ্য হিচাপে একতাত আছা। ২৯ আৰু যদি তোমালোক খ্ৰীষ্টৰ হোৱা, তেনেহʼলে তোমালোক সঁচাকৈ অব্ৰাহামৰ বংশৰ হোৱা আৰু প্ৰতিজ্ঞাৰ অনুসৰি উত্তৰাধিকাৰী হোৱা।
৪ কিন্তু মই তোমালোকক কৈছোঁ এজন উত্তৰাধিকাৰী সকলো বস্তুৰ মালিক হʼলেও যেতিয়ালৈকে তেওঁ সৰু হৈ থাকে, তেতিয়ালৈকে দাস আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য নাথাকে। ২ তেওঁ নিজৰ পিতৃয়ে নিৰ্ধাৰিত কৰা দিনলৈকে চোৱা-চিতা কৰোঁতা আৰু প্ৰবন্ধকবিলাকৰ অধীনত থাকে। ৩ ঠিক সেইদৰে আমিও যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া জগতৰ সাধাৰণ বিষয়বোৰৰ দাস হৈ আছিলোঁ। ৪ কিন্তু যেতিয়া নিৰ্ধাৰিত সময় পূৰ হʼল, তেতিয়া ঈশ্বৰে নিজৰ পুত্ৰক পঠিয়ালে, যিজন এগৰাকী তিৰোতাৰ পৰা জন্ম হৈছিল আৰু যিজন নিয়মৰ অধীনত আছিল। ৫ ঈশ্বৰে এইদৰে কৰাৰ কাৰণ হৈছে যে যিসকলে নিয়মৰ অধীনত আছে, তেওঁলোকক কিনি মুকলি কৰিব পাৰে আৰু আমাক পুত্ৰ হিচাপে তুলি লʼব পাৰে।
৬ যিহেতু তোমালোক ঈশ্বৰৰ পুত্ৰ, সেইবাবে ঈশ্বৰে আমাৰ হৃদয়ত পবিত্ৰ শক্তি দিছে, সেই একেই পবিত্ৰ শক্তি তেওঁৰ পুত্ৰৰ হৃদয়তো দিয়া হৈছে আৰু এই পবিত্ৰ শক্তিৰ দ্বাৰা পৰিচালিত হৈ আমি “আব্বা,* পিতৃ!” বুলি মাতোঁ। ৭ গতিকে এতিয়া তোমালোক দাস নোহোৱা। কিন্তু পুত্ৰ হোৱা আৰু যদি পুত্ৰ হোৱা, তেনেহʼলে ঈশ্বৰে তোমালোকক উত্তৰাধিকাৰো দিছে।
৮ যেতিয়া তোমালোকে ঈশ্বৰক জনা নাছিলা, তেতিয়া তোমালোকে যিবোৰ ঈশ্বৰ নাছিল, সেইবোৰৰ দাস আছিলা। ৯ কিন্তু এতিয়া যিহেতু তোমালোকে ঈশ্বৰক জানা বা কʼবলৈ গʼলে ঈশ্বৰে তোমালোকক জানে, তেনেহʼলে তোমালোকে আকৌ কিয় জগতৰ সেই সাধাৰণ বিষয়বোৰৰ ফালে উভতি যাব বিচাৰিছা, যি ব্যৰ্থ হয় আৰু কিয় আকৌ সেইবোৰৰ দাস হʼব বিচাৰিছা? ১০ তোমালোকে বহুত যত্নেৰে বিশেষ দিন, মাহ, সময় আৰু বছৰ পালন কৰা। ১১ মোৰ ভয় আছে যে মই তোমালোকৰ কাৰণে যি কঠিন পৰিশ্ৰম কৰিলোঁ, সেয়া ব্যৰ্থতো হোৱা নাই।
১২ ভাইসকল, তোমালোকে আজি যেনেকুৱা আছা, ময়ো আগতে তেনেকুৱাই আছিলোঁ। কিন্তু এতিয়া মই তেনেকুৱা নহওঁ আৰু মই তোমালোকক মিনতি কৰোঁ যে তোমালোকেও মোৰ দৰে হোৱা। তোমালোকে মোৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাছিলা। ১৩ কিন্তু তোমালোকে জানা যে নিজৰ বেমাৰৰ কাৰণে মই প্ৰথমবাৰ তোমালোকক শুভবাৰ্তা শুনাবলৈ সুযোগ পাইছিলোঁ। ১৪ আৰু যদিও মোৰ বেমাৰ তোমালোকৰ কাৰণে এটা পৰীক্ষা আছিল, তথাপি তোমালোকে মোক তুচ্ছ বুলি নাভাবিলা আৰু মোক ঘিণো নকৰিলা।* কিন্তু তোমালোকে মোক ঈশ্বৰৰ এজন স্বৰ্গদূতৰ দৰে, আনকি খ্ৰীষ্ট যীচুৰ দৰে গ্ৰহণ কৰিলা। ১৫ এতিয়া তোমালোকৰ আনন্দ কʼত গʼল? মই এই কথাৰ সাক্ষী হওঁ যে সম্ভৱ হোৱা হʼলে তোমালোকে নিজৰ চকু উলিয়াই মোক দিলাহেঁতেন। ১৬ মই সঁচা কথা কোৱাৰ কাৰণে এতিয়া মই তোমালোকৰ শত্ৰু হʼলোঁ নে? ১৭ তেওঁলোকে তোমালোকৰ মন জয় কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে, কিন্তু তেওঁলোকৰ উদ্দেশ্য ভাল নহয়। তেওঁলোকে মোৰ পৰা তোমালোকক দূৰ কৰিব বিচাৰে যাতে তোমালোকে উৎসাহেৰে যেন তেওঁলোকৰ পিছে পিছে যোৱা। ১৮ যদি কোনোবাই ভাল উদ্দেশ্যেৰে তোমালোকৰ মন জয় কৰিবলৈ চেষ্টা কৰে, তেনেহʼলে এয়া ভাল কথা। যেতিয়া মই তোমালোকৰ মাজত থাকোঁ, কেৱল সেই সময়তে তেওঁলোকে এইদৰে নকৰক, ইয়াৰ পৰিৱৰ্তে সকলো সময়তে কৰক। ১৯ মোৰ মৰমৰ সন্তানসকল, মই তোমালোকৰ কাৰণে তেতিয়ালৈকে প্ৰসৱ বেদনা সহন কৰি থাকিম, যেতিয়ালৈকে তোমালোকৰ স্বভাৱ খ্ৰীষ্টৰ নিচিনা হৈ নাযায়। ২০ মই এতিয়া তোমালোকৰ লগত থকা হʼলে আৰু মৰমেৰে তোমালোকৰ লগত কথা পাতিব পৰা হʼলে ভাল হʼলহেঁতেন। কাৰণ তোমালোকৰ কাৰণে মই কি কৰিম, সেয়া বুজি পোৱা নাই।
২১ তোমালোক, যিসকলে নিয়মৰ অধীনত থাকিব বিচাৰা, মোক কোৱাচোন, নিয়মে কি কৈছে, সেয়া তোমালোকে শুনা নাই নে? ২২ উদাহৰণস্বৰূপে লিখা আছে, অব্ৰাহামৰ দুজন লʼৰা আছিল, এজন দাসীৰ লʼৰা আছিল আৰু আনজন স্বাধীন তিৰোতাৰ লʼৰা। ২৩ কিন্তু দাসীৰ লʼৰাজনৰ জন্ম স্বাভাৱিকভাৱে হৈছিল আৰু স্বাধীন তিৰোতাৰ লʼৰাৰ জন্ম ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি হৈছিল। ২৪ এই কথাবোৰৰ আঁৰত এটা অৰ্থ লুকাই আছে।* এই দুগৰাকী তিৰোতাৰ অৰ্থ দুটা চুক্তি হয়। এটা চুক্তি চীনয় পাহাৰত কৰা হৈছিল, যিসকলে এই চুক্তিৰ অধীনত থাকে, তেওঁলোক দাস হয় আৰু এই চুক্তিক হাগাৰৰ লগত তুলনা কৰা হয়। ২৫ হাগাৰে আৰব দেশত থকা চীনয় পাহাৰক চিত্ৰিত কৰে আৰু ইয়াৰ পৰিস্থিতি বৰ্তমান সময়ৰ যিৰূচালেমৰ দৰে হয়, কিয়নো যিৰূচালেম নিজৰ সন্তানৰ সৈতে দাস হৈ আছে। ২৬ কিন্তু ওপৰৰ যিৰূচালেম স্বাধীন হয় আৰু তেওঁ আমাৰ মা হয়।
২৭ কিয়নো লিখা আছে, “লʼৰা-ছোৱালী নোহোৱা হে বাঁজী তিৰোতা, আনন্দ কৰা। প্ৰসৱ বেদনা নোহোৱা হে তিৰোতা, বৰ মাতেৰে আনন্দ কৰা। কিয়নো স্বামী থকা তিৰোতাৰ লʼৰা-ছোৱালীতকৈ স্বামীয়ে এৰি দিয়া তিৰোতাৰ লʼৰা-ছোৱালীৰ সংখ্যা বেছি।” ২৮ ভাইসকল, তোমালোকেও ইচহাকৰ দৰে সেই সন্তান হোৱা, যিসকলৰ জন্ম প্ৰতিজ্ঞাৰ অনুসৰি হৈছে। ২৯ কিন্তু যিদৰে স্বাভাৱিকভাৱে জন্ম হোৱাজনে, পবিত্ৰ শক্তিৰ যোগেদি জন্ম হোৱাজনক অত্যাচাৰ কৰিবলৈ ধৰিলে, ঠিক সেইদৰে আজিও হৈছে। ৩০ কিন্তু শাস্ত্ৰই কি কয়? “এই দাসী আৰু ইয়াৰ লʼৰাজনক ঘৰৰ পৰা উলিয়াই দিয়া, কিয়নো দাসীৰ লʼৰাই স্বাধীন তিৰোতাৰ লʼৰাৰ লগত কেতিয়াও উত্তৰাধিকাৰী নাপাব।” ৩১ সেইবাবে ভাইসকল, আমি দাসীৰ নহয়, কিন্তু স্বাধীন তিৰোতাৰ সন্তান হওঁ।
৫ এই স্বাধীনতা পাবলৈ খ্ৰীষ্টই আমাক মুকলি কৰিলে। সেইবাবে, দৃঢ় হৈ থাকা আৰু নিজকে আকৌ দাসত্বৰ যুঁৱলিত বান্ধিবলৈ নিদিবা।
২ চোৱা! মই পৌল, তোমালোকক কৈ আছোঁ যে যদি তোমালোকে চুন্নৎ কৰোৱা, তেনেহʼলে খ্ৰীষ্টই তোমালোকৰ কাৰণে যি কৰিলে, তাৰ একো লাভ নহʼব। ৩ মই চুন্নৎ কৰিবলৈ যোৱা সকলো পুৰুষক আকৌ এবাৰ কৈছোঁ যে যদি কোনোবাই চুন্নৎ কৰায়, তেনেহʼলে তেওঁ মোচিৰ বাকী সকলো নিয়ম পালন কৰিব লাগিব। ৪ তোমালোক, যিসকলে নিয়ম পালন কৰি ভাল মানুহ বুলি গণিত হʼবলৈ চেষ্টা কৰি আছা, তোমালোকে খ্ৰীষ্টৰ পৰা বেলেগ হৈ গৈছা। তোমালোকে তেওঁৰ মহা-কৃপা হেৰুৱাই পেলাইছা। ৫ কিন্তু আমি পবিত্ৰ শক্তিৰ যোগেদি বিশ্বাসেৰে ভাল মানুহ বুলি গণিত হোৱাৰ আশা কৰোঁ আৰু সেয়া আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ৬ কিয়নো যিজন খ্ৰীষ্ট যীচুৰ লগত একতাত আছে, তেওঁৰ কাৰণে চুন্নৎ কৰা বা নকৰাটো কোনো অৰ্থ নাৰাখে, ইয়াৰ পৰিৱৰ্তে প্ৰেমেৰে বিশ্বাসৰ কাম কৰাটোহে অৰ্থ ৰাখে।
৭ তোমালোকে সত্যৰ পথত ভালদৰেই চলি* আছিলা। তেনেহʼলে কোনে তোমালোকক সত্যতা পালন কৰিবলৈ বাধা দিলে? ৮ এনেধৰণৰ শিক্ষা সেই ঈশ্বৰৰ ফালৰ পৰা নহয়, যিজনে তোমালোকক মাতিছে। ৯ অলপ খমিৰে* সানি থোৱা গোটেই আটাখিনি খমিৰ কৰি দিয়ে। ১০ তোমালোক, যিসকল প্ৰভুৰ লগত একতাত আছা, তোমালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে তোমালোকে আন কোনো চিন্তাধাৰাক গ্ৰহণ নকৰা। কিন্তু যিজনে তোমালোকৰ কাৰণে সমস্যা সৃষ্টি কৰি আছে, তেওঁ যোনেই নহওক কিয়, তেওঁ নিশ্চয় শাস্তি পাব, যি তেওঁ পোৱাৰ যোগ্য। ১১ ভাইসকল, যদি মই এতিয়াও চুন্নৎ কৰাৰ বিষয়ে প্ৰচাৰ কৰি আছোঁ, তেনেহʼলে মোৰ ওপৰত এতিয়ালৈকে কিয় অত্যাচাৰ কৰা হৈছে? মই এইদৰে কৰা হʼলে যাতনাৰ কাঠৰ* কাৰণে লোকসকলে উজুটি খোৱাৰ কোনো সম্ভাৱনা নাথাকিলেহেঁতেন। ১২ যিজনে তোমালোকক চিন্তিত কৰিব বিচাৰে, তেওঁ নিজৰ অংগ কাটি পেলোৱাটোৱেই ভাল।*
১৩ ভাইসকল, তোমালোকক স্বাধীন হʼবলৈ মতা হৈছিল, কিন্তু এই স্বাধীনতা শৰীৰৰ বেয়া ইচ্ছা পূৰ কৰাৰ সুযোগ বুলি নাভাবিবা, ইয়াৰ পৰিৱৰ্তে দাস হৈ প্ৰেমেৰে এজনে-আনজনৰ সেৱা কৰা। ১৪ কাৰণ গোটেই নিয়মৰ মূল কথা এই এটা আজ্ঞাত আছে,* “তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” ১৫ কিন্তু যদি তোমালোকে এজনে-আনজনক আঘাত আৰু আক্ৰমণ কৰাত লাগি থাকা, তেনেহʼলে তোমালোকে সাৱধানে থাকিবা যেন তোমালোকে এজনে-আনজনক ধ্বংস কৰি নিদিয়া।
১৬ কিন্তু মই কৈছোঁ, পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলি থাকা আৰু তোমালোকে শৰীৰৰ বেয়া ইচ্ছা কেতিয়াও পূৰ নকৰিবা। ১৭ কাৰণ শৰীৰৰ ইচ্ছা পবিত্ৰ শক্তিৰ বিৰুদ্ধে হয় আৰু পবিত্ৰ শক্তি শৰীৰৰ ইচ্ছাৰ বিৰুদ্ধে হয়। এই দুয়োটাই ইটোৱে-সিটোৰ বিৰুদ্ধে হয়, সেইবাবে তোমালোকে যি কৰিব বিচাৰা, সেয়া নকৰা। ১৮ যদি তোমালোকে পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা, তেনেহʼলে তোমালোক নিয়মৰ অধীনত নাই।
১৯ শৰীৰৰ কামবোৰতো স্পষ্টকৈ দেখা পোৱা যায়। সেইবোৰ হৈছে, অনৈতিক শাৰীৰিক সম্পৰ্ক,* অশুচিতা, নিৰ্লজ্জভাৱে কৰা পাপ কাম,* ২০ মূৰ্তিপূজা, যাদুবিদ্যা,* শত্ৰুতা, বিবাদ, হিংসা, খঙেৰে জ্বলি-পকি উঠা, কাজিয়া, বিভেদ, ধৰ্মীয় গোট,* ২১ ঈৰ্ষা, মতলীয়া, নিয়ন্ত্ৰণ নকৰাকৈ আনন্দ-ফূৰ্তি কৰা আৰু এনেধৰণৰ আৰু বেয়া কামবোৰ। মই এই বেয়া কামবোৰৰ বিষয়ে তোমালোকক সাৱধান কৰিছোঁ, যিদৰে মই আগতেও কৰিছিলোঁ যে যিসকল লোকে এনে কামবোৰত লাগি থাকে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব।
২২ আনহাতে, পবিত্ৰ শক্তিৰ ফল হৈছে: প্ৰেম, আনন্দ, শান্তি, ধৈৰ্য, কৃপা, ভাল কাম, বিশ্বাস, ২৩ কোমলতা, আত্মনিয়ন্ত্ৰণ। এনে বিষয়বোৰৰ বিৰুদ্ধে কোনো নিয়ম নাই। ২৪ যিসকল খ্ৰীষ্ট যীচুৰ হয়, তেওঁলোকে নিজৰ শৰীৰক তাৰ কামভাৱ আৰু ইচ্ছাৰ সৈতে কাঠত গজাল মাৰি দিলে।
২৫ যদি আমি পবিত্ৰ শক্তিৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে আহা, আমি এইদৰেই পবিত্ৰ শক্তিৰ অনুসৰি সঠিকভাৱে চলি থাকোঁ। ২৬ আমি অহংকাৰী নহওঁ, এজনে-আনজনৰ লগত প্ৰতিযোগিতা কৰিবলৈ উৎসাহিত নকৰোঁ আৰু এজনে-আনজনক ঈৰ্ষা নকৰোঁ।
৬ হে ভাইসকল, যদি কোনোবাই নজনাকৈ কিবা ভুল পদক্ষেপ লয়, তেনেহʼলে তোমালোক, যিসকল পৰিপক্ক খ্ৰীষ্টান, তোমালোকে সেই মানুহজনক কোমলতাৰে শুধৰণি কৰিবলৈ চেষ্টা কৰা। কিন্তু তোমালোকে নিজৰ বিষয়েও সতৰ্ক হৈ থাকা যাতে তোমালোক যেন প্ৰলোভনত নপৰা। ২ এজনে-আনজনৰ ভাৰ উঠাই থাকা আৰু এইদৰে খ্ৰীষ্টৰ নিয়ম পালন কৰা। ৩ কোনোৱে যদি একো নোহোৱাৰ সত্ত্বেও নিজকে ডাঙৰ বুলি ভাবে, তেনেহʼলে তেওঁ নিজকে ভুলাইছে। ৪ কিন্তু প্ৰতিজনে নিজৰ কাম চালি-জাৰি চাওক। তেতিয়া তেওঁ আনৰ লগত নিজৰ তুলনা কৰি নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ কামত আনন্দিত হʼব। ৫ কাৰণ প্ৰতিজনে নিজৰ বোজা* নিজেই উঠাব।
৬ ইয়াৰ উপৰিও, যিজনক ঈশ্বৰৰ বাক্য শিকোৱা* হৈছে, তেওঁ নিজৰ শিক্ষকৰ লগত সকলো ভাল বস্তুৰ সহভাগীতা হওক।
৭ ভুল ধাৰণাত নাথাকিবা: ঈশ্বৰক ঠগিব নোৱাৰি। কাৰণ এজন মানুহে যি বয়, তাকেই দাব। ৮ কিয়নো যিজনে শৰীৰৰ কাৰণে বয়, তেওঁ শৰীৰৰ পৰা বিনাশৰ শস্য দাব, কিন্তু যিজনে পবিত্ৰ শক্তিৰ কাৰণে বয়, তেওঁ পবিত্ৰ শক্তিৰ পৰা অনন্ত জীৱনৰ শস্য দাব। ৯ সেইবাবে, আহা আমি উত্তম কাম কৰিবলৈ হাৰ নামানোঁ। কিয়নো যদি আমি হাৰ নামানোঁ,* তেনেহʼলে সঠিক সময়ত নিশ্চয় ফল পাম। ১০ সেইবাবে, যেতিয়ালৈকে আমাৰ ওচৰত সুযোগ* আছে, আহা আমি সকলোৰে কাৰণে ভাল কাম কৰোঁ, বিশেষকৈ সেই লোকসকলৰ কাৰণে যিসকল বিশ্বাসত আমাৰ ভাই-ভনী হয়।
১১ চোৱা, মই নিজ হাতেৰে কিমান ডাঙৰ ডাঙৰ আখৰেৰে তোমালোকলৈ এই চিঠি লিখিছোঁ।
১২ যিসকল লোকে মানুহক আনন্দিত কৰিব বিচাৰে, তেওঁলোকে চুন্নৎ কৰিবলৈ তোমালোকক জোৰ কৰিবলৈ চেষ্টা কৰে যাতে খ্ৰীষ্টৰ যাতনাৰ কাঠৰ* কাৰণে তেওঁলোকে অত্যাচাৰ ভুগিবলগীয়া নহয়। ১৩ কাৰণ যিসকলে চুন্নৎ কৰে, তেওঁলোকে নিজেই নিয়ম পালন নকৰে। কিন্তু তোমালোকে চুন্নৎ কৰাটো তেওঁলোকে বিচাৰে যাতে তোমালোকৰ শৰীৰৰ অৱস্থা দেখি তেওঁলোকে যেন ফিতাহি মাৰিব পাৰে। ১৪ কিন্তু মই প্ৰভু যীচু খ্ৰীষ্টৰ যাতনাৰ কাঠৰ বাহিৰে আন কোনো বিষয়ক লৈ ফিতাহি নামাৰোঁ। মোৰ দৃষ্টিত খ্ৰীষ্টৰ যোগেদি জগত মৰিল আৰু জগতৰ দৃষ্টিত মই মৰিলোঁ। ১৫ চুন্নৎ কৰা বা নকৰা কোনো অৰ্থ নাৰাখে, কিন্তু নতুন সৃষ্টিয়েহে অৰ্থ ৰাখে। ১৬ যিসকলে এই নিয়মৰ অনুসৰি সঠিক উপায়েৰে চলে, তেওঁলোকৰ ওপৰত অৰ্থাৎ ঈশ্বৰৰ ইস্ৰায়েলৰ ওপৰত দয়া আৰু শান্তি হওক।
১৭ এতিয়াৰ পৰা মই এয়া কৈছোঁ, কোনেও মোৰ কাৰণে সমস্যাৰ সৃষ্টি নকৰক, কিয়নো মই নিজৰ শৰীৰত সেই দাগ লৈ ফুৰিছোঁ, যি এই কথাৰ চিন হয় যে মই যীচুৰ এজন দাস হওঁ।
১৮ ভাইসকল, তোমালোকে যি সঠিক মনোভাৱ দেখুৱাইছা, তাৰ কাৰণে প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক। আমেন।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
পিতৰ বুলিও কোৱা হৈছিল।
আক্ষ., “এঘণ্টাৰ।”
বা “চুন্নৎ নোহোৱা লোকসকলক।”
বা “চুন্নৎ হোৱা লোকসকলক।”
পিতৰ বুলিও কোৱা হৈছিল।
আক্ষ., “এতিয়া মই জীয়াই থকা নাই, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্ট মোৰ মাজত জীয়াই আছে।”
আক্ষ., “জানিব।”
অতি. ক৫ চাওক।
আক্ষ., “বীজ।”
আক্ষ., “বীজবোৰ।”
আক্ষ., “বীজ।”
বা “অভিভাৱক।”
এয়া হিব্ৰু বা অৰামী ভাষাৰ শব্দ হয়, যাৰ অৰ্থ হৈছে “হে পিতৃ!”
বা “মোৰ ওপৰত থু নেপেলালা।”
বা “এয়া এক লাক্ষণিক নাটক হয়।”
আক্ষ., “ভালদৰেই দৌৰিছিলা।”
বা “বেকিং পাউদাৰে।”
বা “নপুংসক হোৱাটোৱেই ভাল” যাতে তেওঁলোকে সেই নিয়মক পালন কৰিবলৈ অযোগ্য হয়, যাক পালন কৰিবলৈ তেওঁলোকে উৎসাহিত কৰি আছিল।
বা “এই এটা কথাৰ পৰা সম্পূৰ্ণ হয়।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।
বা “মানুহৰ শিক্ষা অনুকৰণ কৰা।” শব্দকোষত “ধৰ্মীয় গোট” চাওক।
বা “নিজৰ দায়িত্বৰ বোজা।”
বা “মৌখিকভাৱে শিকোৱা।”
বা “ভাগৰি নাযাওঁ।”
আক্ষ., “নিৰ্ধাৰিত কৰা সময়।”