ইফিচীয়াসকললৈ চিঠি
১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্টৰ পাঁচনি* হওঁ, ইফিচৰ পবিত্ৰ লোকসকললৈ লিখি আছোঁ, যিসকল খ্ৰীষ্ট যীচুৰ লগত একতাত আছে আৰু বিশ্বাসযোগ্য হয়:
২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।
৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ আৰু পিতৃৰ প্ৰশংসা হওক। কিয়নো তেওঁ আমাক খ্ৰীষ্ট যীচুৰ লগত একতাত থকাৰ কাৰণে স্বৰ্গত সকলো ধৰণৰ আশীৰ্বাদ দিছে। ৪ তেওঁ জগতৰ আৰম্ভণি হোৱাৰ আগতেই তেওঁৰ লগত* একতাত থাকিবলৈ বাছনি কৰিছিল যাতে আমি ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আগত পবিত্ৰ আৰু নিষ্কলংক হওঁ। ৫ তেওঁৰ যি ভাল লাগিল, তেওঁ নিজৰ ইচ্ছাৰ অনুসৰি আগতেই নিৰ্ণয় লʼলে যে তেওঁ যীচু খ্ৰীষ্টৰ যোগেদি আমাক নিজৰ পুত্ৰ হিচাপে তুলি লʼব ৬ যাতে তেওঁৰ মহা-কৃপাৰ প্ৰশংসা হয়, যি তেওঁ আমাৰ ওপৰত দয়া কৰি নিজৰ পুত্ৰৰ যোগেদি দিছে। ৭ ঈশ্বৰে নিজৰ মহা-কৃপাৰ যোগেদি নিজৰ পুত্ৰৰ তেজেৰে মুক্তিৰ মূল্য দি আমাক মুকলি কৰিলে আৰু আমাৰ পাপবোৰ ক্ষমা কৰিলে।
৮ তেওঁ সকলো বুদ্ধি আৰু বুজি পোৱাৰ ক্ষমতা দি আমাৰ ওপৰত প্ৰচুৰ পৰিমাণে মহা-কৃপা কৰিলে ৯ অৰ্থাৎ নিজৰ ইচ্ছাৰ বিষয়ে পবিত্ৰ ৰহস্য আমাৰ ওপৰত প্ৰকাশ কৰিলে। তেওঁ এই ৰহস্য নিজৰ ইচ্ছাৰ অনুসৰি নিজেই ৰাখিছিল ১০ যে নিৰ্ধাৰিত কৰা সময় পূৰ হোৱাৰ পাছত তেওঁ যেন বিভিন্ন বিষয় পৰিচালনা কৰিবলৈ এটা ব্যৱস্থা কৰে যাতে স্বৰ্গৰেই হওক বা পৃথিৱীৰ, সকলোবোৰ খ্ৰীষ্টৰ যোগেদি একত্ৰিত কৰিব পাৰে। হয়, খ্ৰীষ্টৰ যোগেদি সকলোবোৰ একত্ৰিত কৰা হʼব, ১১ যিজনৰ লগত আমি একতাত আছোঁ আৰু আমাক উত্তৰাধিকাৰ দিবলৈ বাছনি কৰিছিল। তেওঁ নিজৰ উদ্দেশ্যৰ অনুসৰি আমাক আগতেই বাছনি কৰিছিল, কাৰণ তেওঁ নিজৰ ইচ্ছাৰ অনুসৰি যি কৰিম বুলি থিৰাং কৰে, সেই সকলো তেওঁ পূৰ কৰে ১২ যাতে আমি, যিসকলে প্ৰথমে খ্ৰীষ্টৰ ওপৰত আশা ৰাখিছোঁ, আমাৰ যোগেদি ঈশ্বৰৰ প্ৰশংসা আৰু মহিমা হয়। ১৩ তোমালোকেও যেতিয়া নিজৰ উদ্ধাৰৰ শুভবাৰ্তা অৰ্থাৎ সত্যৰ বাক্য শুনিলা, তেতিয়া খ্ৰীষ্টৰ ওপৰত আশা ৰাখিলা। যেতিয়া তোমালোকে বিশ্বাস কৰিলা, তেতিয়া খ্ৰীষ্টৰ যোগেদি তোমালোকৰ ওপৰত প্ৰতিজ্ঞা কৰা পবিত্ৰ শক্তিৰ মোহৰ মৰা হʼল। ১৪ আমি উত্তৰাধিকাৰ পোৱাৰ আগতেই এই পবিত্ৰ শক্তি এক বইনা হিচাপে* আমাক দিয়া হʼল যাতে ঈশ্বৰে নিজৰ লোকসকলক* মুক্তিৰ মূল্যৰ যোগেদি মুকলি কৰে, যাৰ পৰা তেওঁৰ মহিমা আৰু প্ৰশংসা হয়।
১৫ সেইবাবে, যেতিয়াৰে পৰা মই শুনিলোঁ যে প্ৰভু যীচুৰ ওপৰত তোমালোকে কিমান বিশ্বাস কৰা আৰু সকলো পবিত্ৰ লোকসকলক কিমান প্ৰেম কৰা, ১৬ তেতিয়াৰে পৰা মই তোমালোকৰ কাৰণে প্ৰাৰ্থনাত ধন্যবাদ দিবলৈ এৰি দিয়া নাই। মই সদায় তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ ১৭ যে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ, সেই পিতৃ, যিজন মহিমাৰে পৰিপূৰ্ণ, তেওঁ তোমালোকক সেই কথাবোৰ বুজিবলৈ বুদ্ধি দিয়ক, যিবোৰ তেওঁ তোমালোকৰ ওপৰত প্ৰকাশ কৰে যাতে তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে সঠিক জ্ঞান থাকে। ১৮ তেওঁ তোমালোকৰ মনৰ চকু খুলি দিলে যাতে তোমালোকে বুজিব পাৰা যে তেওঁ তোমালোকক কেনেধৰণৰ আশা দিবলৈ মাতিছে, সেই গৌৰৱময় সম্পত্তি কি হয়, যি তেওঁ পবিত্ৰ লোকসকলক উত্তৰাধিকাৰ হিচাপে দিবলৈ ৰাখিছে ১৯ আৰু আমি যিসকল বিশ্বাসী হওঁ, আমাৰ ক্ষেত্ৰত তেওঁৰ শক্তি কিমান মহান। তেওঁৰ এই মহান শক্তি সেই সময়ত দেখা গৈছিল, ২০ যেতিয়া তেওঁ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিছিল আৰু স্বৰ্গত নিজৰ সোঁহাতে বহুৱাইছিল। ২১ তেওঁক কেৱল এই জগতত* নহয়, কিন্তু আহিবলগীয়া জগততো খ্ৰীষ্টক সকলো চৰকাৰ, অধিকাৰ, শক্তি, শাসক আৰু নামবোৰতকৈ ওখ কৰা হʼব। ২২ ইয়াৰ উপৰিও, ঈশ্বৰে সকলো তেওঁৰ ভৰিৰ তল কৰিলে আৰু তেওঁক মণ্ডলীৰ লগত জড়িত সকলো বিষয়ৰ ওপৰত মুৰব্বী নিযুক্ত কৰিলে। ২৩ মণ্ডলী খ্ৰীষ্টৰ শৰীৰ হয়, যʼত তেওঁ সম্পূৰ্ণৰূপে পৰিপূৰ্ণ আৰু তেৱেঁই সকলো বিষয়ত সকলো পূৰ কৰে।
২ ইয়াৰ উপৰিও, ঈশ্বৰে তোমালোকক জীয়াই তুলিলে, যদিও তোমালোকে নিজৰ অপৰাধ আৰু পাপবোৰৰ কাৰণে মৰি আছিলা। ২ আৰু এসময়ত তোমালোকে এইবোৰেই কৰি আছিলা, এই জগতৰ* অনুসৰি জীৱন-যাপন কৰিছিলা। তোমালোকে সেই ৰজাৰ ইচ্ছাৰ অনুসৰি চলি আছিলা, যিয়ে জগতৰ মনোভাৱৰ ওপৰত শাসন কৰে। এই মনোভাৱ চাৰিওফালে বতাহৰ নিচিনা বিয়পি আছে আৰু আজ্ঞা পালন নকৰা লোকসকলৰ ওপৰত প্ৰভাৱ পেলায়। ৩ হয়, এসময়ত আমিও এই লোকসকলৰ মাজত নিজৰ শৰীৰৰ ইচ্ছাবোৰৰ অনুসৰি চলিছিলোঁ। আমি সেয়াই কৰিছিলোঁ, যি আমাৰ শৰীৰে বিচাৰিছিল আৰু চিন্তা কৰিছিল। আৰু আমি জন্মৰে পৰা সেই লোকসকলৰ দৰে আছিলোঁ, যিসকলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আছে।* ৪ কিন্তু ঈশ্বৰ, যিজন দয়াৰ ধনেৰে ধনী, তেওঁ আমাক বহুত প্ৰেম কৰিলে। ৫ সেইবাবে, আমাক জীয়াই তুলিলে আৰু খ্ৰীষ্টৰ লগত এক কৰিলে, যদিও আমি নিজৰ অপৰাধবোৰৰ কাৰণে মৰি গৈছিলোঁ। (তেওঁৰ মহা-কৃপাৰ কাৰণেই তোমালোকৰ উদ্ধাৰ হʼল।) ৬ সেইজন ঈশ্বৰেই আমাক খ্ৰীষ্ট যীচুৰ লগত একতাত জীয়াই তুলিলে আৰু তেওঁৰ লগত স্বৰ্গত বহুৱালে ৭ যাতে আহিবলগীয়া সময়ত* ঈশ্বৰে উদাৰতাৰে নিজৰ প্ৰচুৰ মহা-কৃপা আমাৰ ওপৰত দেখুৱায়, যিসকল খ্ৰীষ্ট যীচুৰ লগত একতাত আছে।
৮ তোমালোকৰ উদ্ধাৰ এই মহা-কৃপাৰ কাৰণে বিশ্বাসৰ যোগেদি কৰা হৈছে। এয়া তোমালোকৰ কাৰণে হোৱা নাই, ইয়াৰ পৰিৱৰ্তে এয়া ঈশ্বৰৰ উপহাৰ হয়। ৯ হয়, এয়া তোমালোকৰ কামবোৰৰ কাৰণে হোৱা নাই যাতে কোনো মানুহৰ ওচৰত ফিতাহি মৰাৰ কোনো কাৰণ নাথাকে। ১০ আমি ঈশ্বৰৰ সৃষ্টি হওঁ আৰু খ্ৰীষ্ট যীচুৰ লগত একতাত আছোঁ, সেইবাবে ভাল কাম কৰিবলৈ আমাক সৃষ্টি কৰা হৈছিল। আমি এই কাম কৰিম বুলি ঈশ্বৰে আগতেই নিৰ্ণয় লৈছিল।
১১ সেইবাবে, মনত ৰাখা যে তোমালোক, যিসকল জন্মৰে পৰা আন ৰাষ্ট্ৰৰ লোক হোৱা, তোমালোকক এটা সময়ত সেই লোকসকলে চুন্নৎ নোহোৱা লোক বুলি কৈছিল, যিসকলে মানুহৰ হাতেৰে নিজৰ শৰীৰৰ চুন্নৎ কৰাইছিল। ১২ সেই সময়ত তোমালোকে খ্ৰীষ্টৰ অবিহনে আছিলা, ইস্ৰায়েল ৰাষ্ট্ৰৰ পৰা পৃথকে আছিলা, প্ৰতিজ্ঞাৰ চুক্তিবোৰত তোমালোকৰ কোনো ভাগ নাছিল, তোমালোকৰ ওচৰত কোনো আশা নাছিল আৰু তোমালোকে এই জগতত ঈশ্বৰৰ অবিহনে আছিলা। ১৩ কিন্তু এতিয়া তোমালোক খ্ৰীষ্ট যীচুৰ লগত একতাত আছা। তোমালোকে এটা সময়ত ঈশ্বৰৰ পৰা বহুত দূৰত আছিলা, এতিয়া খ্ৰীষ্টৰ তেজৰ যোগেদি তেওঁৰ ওচৰলৈ আহিলা। ১৪ কাৰণ খ্ৰীষ্টই আমাৰ কাৰণে শান্তি স্থাপন কৰিলে। তেৱেঁই দুটা সমূহক এক কৰিলে আৰু তেওঁলোকৰ মাজত থকা দেৱালক ভাঙি দিলে, যিয়ে তেওঁলোকক পৃথক কৰি ৰাখিছিল। ১৫ তেওঁ নিজৰ শৰীৰ বলিদান দি সেই শত্ৰুতা শেষ কৰিলে অৰ্থাৎ নিয়ম শেষ কৰিলে, যʼত বহুতো আজ্ঞা আছিল যাতে সেই দুয়োটা সমূহক নিজৰ লগত একতাত আনি এক নতুন মানুহ কৰে আৰু শান্তি স্থাপন কৰে ১৬ আৰু যাতনাৰ কাঠৰ* যোগেদি সেই দুয়োধৰণৰ লোকক এক শৰীৰ বনায় আৰু ঈশ্বৰৰ লগত তেওঁলোকৰ এক শান্তিপূৰ্ণ সম্পৰ্ক সম্পূৰ্ণৰূপে গঢ়ি তোলে, কিয়নো তেওঁ নিজৰ বলিদান দি সেই শত্ৰুতাক শেষ কৰিলে। ১৭ তেওঁ আহি তোমালোকক, যিসকল ঈশ্বৰৰ পৰা দূৰত আছিলা আৰু তোমালোককো, যিসকল তেওঁৰ ওচৰত আছিলা, শান্তিৰ শুভবাৰ্তা শুনালে। ১৮ কিয়নো তেওঁৰ যোগেদিয়েই আমি দুয়োধৰণৰ লোক, একেই পবিত্ৰ শক্তিৰ যোগেদি কোনো বাধা নোহোৱাকৈ পিতৃৰ ওচৰলৈ যাব পাৰোঁ।
১৯ সেইবাবে, এতিয়া তোমালোক অচিনাকী আৰু বিদেশী নোহোৱা, কিন্তু পবিত্ৰ লোকসকলৰ সহনাগৰিক হোৱা আৰু ঈশ্বৰৰ পৰিয়ালৰ সদস্য হোৱা। ২০ তোমালোক পাঁচনি* আৰু ভৱিষ্যবক্তাসকলৰ ভিত্তিৰ ওপৰত নিৰ্মাণ কৰা ভৱন হোৱা আৰু সেই ভিত্তিৰ চুকৰ শিল খ্ৰীষ্ট যীচু হয়। ২১ এই গোটেই ভৱন, যি খ্ৰীষ্টৰ লগত একতাত আছে আৰু যাৰ গোটেই অংশ ইটোৱে-সিটোৰ লগত দৃঢ়ভাৱে সংযুক্ত হৈ যিহোৱাৰ* কাৰণে এক পবিত্ৰ মন্দিৰ হৈ উঠিছে। ২২ খ্ৰীষ্টৰ লগত একতাত থকাৰ কাৰণে তোমালোক সকলোকে এনে এক স্থানৰ ৰূপত নিৰ্মাণ কৰা হৈ আছে, যʼত ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি বাস কৰিব।
৩ সেইবাবে মই পৌল, খ্ৰীষ্ট যীচুৰ কাৰণে আৰু তোমালোক, যি আন ৰাষ্ট্ৰৰ লোক হোৱা, তোমালোকৰ কাৰণে বন্দী হৈ আছোঁ . . . ২ তোমালোকে হয়তো নিশ্চয় শুনিছা যে তোমালোকৰ কাৰণে মোক ঈশ্বৰৰ মহা-কৃপাৰ প্ৰবন্ধক হোৱাৰ দায়িত্ব দিয়া হৈছিল ৩ অৰ্থাৎ মোৰ ওপৰত পবিত্ৰ ৰহস্য প্ৰকাশ কৰা হৈছিল, যিদৰে আগতে মই চমুকৈ লিখিছিলোঁ। ৪ সেইবাবে, তোমালোকে যেতিয়া এয়া পঢ়িবা, তেতিয়া খ্ৰীষ্টৰ বিষয়ে সেই পবিত্ৰ ৰহস্য যে মই জানোঁ, সেয়া তোমালোকে বুজি পাবা। ৫ প্ৰাচীন সময়ত কোনো প্ৰজন্মৰ* ওপৰত ঈশ্বৰে এই পবিত্ৰ ৰহস্য স্পষ্টভাৱে প্ৰকাশ কৰা নাছিল, যিদৰে আজি পবিত্ৰ শক্তিৰ যোগেদি তেওঁৰ পবিত্ৰ পাঁচনি* আৰু ভৱিষ্যবক্তাসকলৰ ওপৰত স্পষ্টভাৱে প্ৰকাশ কৰিছে। ৬ এই পবিত্ৰ ৰহস্য হৈছে: আন ৰাষ্ট্ৰৰ লোকসকলে খ্ৰীষ্ট যীচুৰ লগত একতাত থাকিব আৰু শুভবাৰ্তাৰ যোগেদি আমাৰ লগত উত্তৰাধিকাৰ লাভ কৰিব আৰু আমাৰ লগত একে শৰীৰৰ অংগ হʼব আৰু ঈশ্বৰৰ প্ৰতিজ্ঞাত আমাৰ লগত সহভাগী হʼব। ৭ মই ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে এই পবিত্ৰ ৰহস্যৰ সেৱক হʼলোঁ, তেওঁ মোক নিজৰ শক্তিৰ যোগেদি এই দান দিছে।
৮ মই সকলো পবিত্ৰ লোকৰ মাজত সকলোতকৈ সৰু হোৱাৰ সত্ত্বেও মোৰ ওপৰত এই মহা-কৃপা দেখুৱা হৈছে যে মই আন ৰাষ্ট্ৰৰ লোকসকলক খ্ৰীষ্টৰ অসংখ্য* আশীৰ্বাদৰ বিষয়ে শুভবাৰ্তা শুনাওঁ ৯ আৰু সকলোকে পবিত্ৰ ৰহস্যৰ সেই ব্যৱস্থাৰ বিষয়ে বুজাওঁ, যাক সকলো বস্তুৰ সৃষ্টিকৰ্তা ঈশ্বৰে দীঘলীয়া সময় ধৰি গোপনে ৰাখিছে। ১০ এইদৰে কৰাৰ কাৰণ হৈছে যাতে এতিয়া মণ্ডলীৰ যোগেদি স্বৰ্গৰ চৰকাৰ আৰু অধিকাৰীয়ে ঈশ্বৰৰ বুদ্ধিৰ গণিব নোৱাৰা উপায় জানিব পাৰে। ১১ এয়া যুগে যুগে চলি অহা সেই উদ্দেশ্যৰ অনুসৰি হয়, যি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ষেত্ৰত তেওঁ নিৰ্ধাৰিত কৰিছে। ১২ খ্ৰীষ্টৰ যোগেদিয়েই আমি এইদৰে সংকোচ নকৰাকৈ কʼবলৈ সাহস পাইছোঁ আৰু তেওঁৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে আমি সম্পূৰ্ণ ভৰসাৰে ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ। ১৩ সেইবাবে, মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকৰ কাৰণে মই দুখভোগ কৰিছোঁ বুলি তোমালোকে নিৰুৎসাহ নহʼবা, কিয়নো ইয়াৰ পৰা তোমালোকৰ মহিমা হʼব।
১৪ সেইবাবে, মই সেই পিতৃৰ আগত আঁঠুকাঢ়ি তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। ১৫ যিজনৰ যোগেদি স্বৰ্গত আৰু পৃথিৱীত সকলো পৰিয়াল অস্তিত্বত আহিছে।* ১৬ মই প্ৰাৰ্থনা কৰিছোঁ যে ঈশ্বৰ, যিজনৰ ওচৰত প্ৰচুৰ মহিমা আছে তেওঁ নিজৰ পবিত্ৰ শক্তিৰ যোগেদি তোমালোকক সেই শক্তি দিয়ক, যিয়ে তোমালোকৰ হৃদয় আৰু মনক শক্তিশালী কৰি তোলে। ১৭ আৰু তোমালোকৰ বিশ্বাসৰ কাৰণে খ্ৰীষ্টই প্ৰেমেৰে তোমালোকৰ হৃদয়ত বাস কৰক। মোৰ প্ৰাৰ্থনা এয়াই যে যিদৰে এজোপা গছে নিজৰ গভীৰ শিপাৰ কাৰণে দৃঢ় হৈ থাকে, ঠিক সেইদৰে তোমালোকেও বিশ্বাসৰ ভেটিৰ ওপৰত দৃঢ়তাৰে থিয় হৈ থাকা ১৮ যাতে সকলো পবিত্ৰ লোকৰ লগত তোমালোকেও সত্যৰ বহল, দীঘল, ওখ আৰু গভীৰতাক ভালদৰে বুজিব পাৰা ১৯ আৰু খ্ৰীষ্টৰ প্ৰেমৰ বিষয়েও জানিব পাৰা, যি জ্ঞানতকৈ বহুত শ্ৰেষ্ঠ আৰু এইদৰে তোমালোকে যেন ঈশ্বৰৰ পৰা তেওঁৰ সকলো গুণ লাভ কৰিব পাৰা।
২০ ঈশ্বৰৰ শক্তি আমাৰ হৃদয়ত কাম কৰি আছে আৰু আমি তেওঁৰ পৰা যি খোজোঁ বা আমি যিমান চিন্তা কৰিব পাৰোঁ, তেওঁ তাতকৈ বহুগুণে বেছি কৰিব পাৰে। ২১ মণ্ডলীৰ যোগেদি আৰু খ্ৰীষ্টৰ যোগেদি যুগে যুগে সদায় কাললৈকে সেইজন ঈশ্বৰৰেই মহিমা হৈ থাকক। আমেন।
৪ সেইবাবে মই পৌল, প্ৰভুৰ এজন শিষ্য হোৱাৰ কাৰণে বন্দী হৈ আছোঁ আৰু তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকৰ আচাৰ-ব্যৱহাৰ সেই নিমন্ত্ৰণৰ যোগ্য হওক, যি তোমালোকক দিয়া হৈছে। ২ নম্ৰতা, কোমলতা আৰু ধৈৰ্যেৰে সৈতে প্ৰেমেৰে এজনে-আনজনক সহন কৰি থাকা, ৩ নিজৰ মাজত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা, যিয়ে তোমালোকক একতাৰ সেই বান্ধোনত বান্ধি ৰাখে, যি তোমালোকে পবিত্ৰ শক্তিৰে লাভ কৰা। ৪ শৰীৰ এক আৰু পবিত্ৰ শক্তিও এক, যিদৰে সেই আশাও এক, যাক পাবলৈ তোমালোকক নিমন্ত্ৰণ কৰা হৈছিল। ৫ এজনেই প্ৰভু, এটাই বিশ্বাস, এটাই বাপ্তিষ্মা। ৬ আৰু সকলোৰে এজনেই ঈশ্বৰ আৰু পিতৃ আছে, যিজন সকলোৰে ওপৰত আছে আৰু সকলোৰে যোগেদি আৰু সকলোতে কাম কৰে।
৭ খ্ৰীষ্টই প্ৰতিজনকে যি দান দিছে, তাৰ অনুসৰি আমাৰ মাজৰ প্ৰতিজনকে মহা-কৃপা দেখুৱা হৈছে। ৮ সেইবাবে, শাস্ত্ৰই কয়, “যেতিয়া তেওঁ ওপৰলৈ উঠিল, তেতিয়া বন্দীবিলাকক লৈ গʼল। তেওঁ মানুহৰ ৰূপত উপহাৰ দিলে।” ৯ ‘তেওঁ ওপৰলৈ উঠিল,’ এই কথাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে, তেওঁ তলত অৰ্থাৎ পৃথিৱীতো নামি আহিছিল। ১০ যিজন নামি আহিছিল, তেৱেঁই স্বৰ্গতকৈয়ো ওপৰলৈ উঠিল যাতে তেওঁ সকলো কথা পূৰ কৰে।
১১ আৰু তেওঁ কিছুমানক পাঁচনি,* কিছুমানক ভৱিষ্যবক্তা, কিছুমানক প্ৰচাৰক,* কিছুমানক ৰখীয়া আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে ১২ যাতে পবিত্ৰ লোকসকলৰ শুধৰণি হয়* আৰু তেওঁলোকে সেৱাৰ কাম কৰে আৰু খ্ৰীষ্টৰ শৰীৰ তেতিয়ালৈকে বাঢ়ি গৈ থাকে, ১৩ যেতিয়ালৈকে আমি সকলোৱে বিশ্বাসত আৰু ঈশ্বৰৰ পুত্ৰৰ সঠিক জ্ঞানৰ একতা লাভ নকৰোঁ আৰু সম্পূৰ্ণৰূপে ডাঙৰ* হোৱা মানুহৰ দৰে নহওঁ অৰ্থাৎ খ্ৰীষ্টৰ পূৰ্ণতা লাভ নকৰোঁ। ১৪ সেইবাবে, আমি এতিয়াৰে পৰা সৰু লʼৰা-ছোৱালীৰ দৰে নহওঁ, যিসকলক মিছা কথাবোৰৰ ঢৌৰে ঢলং-পলং কৰা হয় আৰু সকলো ধৰণৰ শিক্ষাৰ বতাহত ইফাল-সিফাললৈ নিয়া হয়। কিয়নো সিহঁতে এনে মানুহবিলাকৰ কথা শুনে, যিসকলে ছলেৰে আৰু বৰ চতুৰতাৰে বিশ্বাসঘাত কৰি সিহঁতক ফুচলায়। ১৫ গতিকে, আহা আমি সঁচা কথা কওঁ আৰু সকলো কথাত প্ৰেমেৰে খ্ৰীষ্টত বাঢ়ি গৈ থাকোঁ, যিজন আমাৰ মূৰ* হয়। ১৬ খ্ৰীষ্টৰ যোগেদি শৰীৰৰ গোটেই অংগ ইটোৱে-সিটোৰ লগত সংযুক্ত হৈ আছে আৰু গুৰুত্বপূৰ্ণ কাম কৰা প্ৰতিটো জোৰাই ইটোৱে-সিটোক সহযোগ কৰে। যেতিয়া শৰীৰৰ প্ৰতিটো অংগই ভালদৰে কাম কৰে, তেতিয়া ইয়াৰ পৰা শৰীৰ বাঢ়ি গৈ থাকে আৰু প্ৰেমত মজবুত হৈ গৈ থাকে।
১৭ সেইবাবে, মই প্ৰভুৰ আগত তোমালোকক এয়া কৈছোঁ আৰু তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে এতিয়াৰে পৰা জগতৰ লোকসকলৰ দৰে নহʼবা, যিসকলে নিজৰ অনৰ্থক* চিন্তাধাৰাৰ অনুসৰি চলে। ১৮ তেওঁলোকৰ মন অন্ধকাৰ হৈ আছে আৰু ঈশ্বৰে আমাক যি জীৱন দিব বিচাৰে, সেয়া তেওঁলোকে গ্ৰহণ নকৰে, কাৰণ তেওঁলোকে ঈশ্বৰক জানিব নিবিচাৰে আৰু তেওঁলোকৰ হৃদয় কঠোৰ। ১৯ তেওঁলোকে নিৰ্লজ্জতাৰ সকলো সীমা পাৰ কৰিলে* আৰু নিজকে নিৰ্লজ্জভাৱে কৰা পাপ কামত* গতাই দিলে যাতে সকলো ধৰণৰ অশুচি কাম কৰি থাকে আৰু তেওঁলোকে বেছিতকৈ বেছি সেইদৰে কৰিবলৈ হাবিয়াহ কৰে।
২০ কিন্তু তোমালোকে খ্ৰীষ্টৰ বিষয়ে এনেধৰণৰ শিক্ষা পোৱা নাই। ২১ যীচুৱে সত্যৰ বিষয়ে শিকাইছিল আৰু তোমালোকে যদি তেওঁৰ পৰা শুনিছা আৰু তেওঁৰ দ্বাৰা শিক্ষা লাভ কৰিছা, তেনেহʼলে তোমালোকে সেইবোৰ ভালদৰে বুজি পাবা। ২২ তোমালোকক শিকোৱা হৈছিল যে তোমালোকে নিজৰ পুৰণি ব্যক্তিত্বক উলিয়াই পেলোৱা উচিত, যি তোমালোকৰ আগৰ আচাৰ-ব্যৱহাৰৰ অনুসৰি হয় আৰু যি বিশ্বাসঘাত কৰা ইচ্ছাবোৰৰ কাৰণে ভ্ৰষ্ট হৈ গৈ আছে। ২৩ আৰু তোমালোকে যেন নিজৰ চিন্তাধাৰা দিনক দিনে নতুন কৰা ২৪ আৰু নতুন ব্যক্তিত্বক পিন্ধি লোৱা উচিত, যি ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি সৃষ্টি কৰা হৈছে আৰু এই ব্যক্তিত্ব সঠিক মানদণ্ড আৰু প্ৰকৃত বিশ্বাসৰ ওপৰত আধাৰিত।
২৫ সেইবাবে, যিহেতু এতিয়া তোমালোকে ঠগবাজিৰ কামবোৰ এৰি দিছা, গতিকে তোমালোকৰ মাজৰ প্ৰতিজনে নিজৰ চুবুৰীয়াক সঁচা কথা কোৱা, কাৰণ আমি একেটা শৰীৰৰ বেলেগ বেলেগ অংগ হওঁ। ২৬ ক্ৰোধিত হʼলেও পাপ নকৰিবা। বেলি মাৰ নোযোৱাৰ আগতেই তোমালোকৰ খং শান্ত হওক ২৭ আৰু চয়তানক* সুযোগ নিদিবা।* ২৮ যিজনে চুৰ কৰে, তেওঁ এতিয়াৰে পৰা চুৰ নকৰক। ইয়াৰ পৰিৱৰ্তে, তেওঁ কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ হাতে ভাল কাম কৰক যাতে অভাৱ হোৱা কোনো ব্যক্তিক দিবলৈ তেওঁৰ হাতত কিবা থাকে। ২৯ তোমালোকৰ মুখৰ পৰা একো বেয়া* কথা নোলাওক, কিন্তু প্ৰয়োজন অনুসৰি এনে কথা ওলাওক, যাৰ পৰা শুনা লোকসকলে উৎসাহিত হয় আৰু লাভৱান হয়। ৩০ আৰু তোমালোকে ঈশ্বৰৰ পবিত্ৰ শক্তিক দুখিত নকৰিবা, যি শক্তিৰ যোগেদি তোমালোকক সেই দিনৰ কাৰণে মোহৰ মৰা হৈছে, যেতিয়া মুক্তিৰ মূল্যৰ দ্বাৰা তোমালোকক মুকলি কৰা হʼব।
৩১ সকলো ধৰণৰ ঈৰ্ষা, খং, ক্ৰোধ, আনৰ ওপৰত চিঞৰা আৰু গালি-শপনি লগতে হানি কৰা সকলো ধৰণৰ কথাক নিজৰ পৰা দূৰ কৰা। ৩২ ইয়াৰ পৰিৱৰ্তে, এজনে-আনজনৰ লগত কৃপাৰে ব্যৱহাৰ কৰা আৰু কোমলতাৰে কৰুণা দেখুৱাই এজনে-আনজনক হৃদয়েৰে ক্ষমা কৰা, যিদৰে ঈশ্বৰেও খ্ৰীষ্টৰ যোগেদি তোমালোকক হৃদয়েৰে ক্ষমা কৰিলে।
৫ সেইবাবে, ঈশ্বৰৰ প্ৰিয় লʼৰা-ছোৱালীৰ দৰে তেওঁৰ উদাহৰণত চলা ২ আৰু প্ৰেমৰ পথত চলি থাকা, যিদৰে খ্ৰীষ্টয়ো আমাক* প্ৰেম কৰিলে আৰু আমাৰ* কাৰণে ঈশ্বৰৰ আগত সুগন্ধি বলিদান আৰু উছৰ্গা হিচাপে নিজকে দি দিলে।
৩ যিদৰে পবিত্ৰ লোকসকলৰ কাৰণে উচিত, তোমালোকৰ মাজত অনৈতিক শাৰীৰিক সম্পৰ্ক* আৰু কোনো ধৰণৰ অশুচি বা লোভৰ বিষয়ে কথা-বতৰা নহওক। ৪ আৰু তোমালোকৰ মাজত লজ্জাজনক আচৰণ, মূৰ্খতাৰে ভৰা কথাবোৰ, অশ্লীল ধেমালিও নহওক, কিয়নো এইবোৰ পবিত্ৰ লোকসকলৰ কাৰণে উপযুক্ত নহয়। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰক ধন্যবাদ দিয়া। ৫ কিয়নো তোমালোকে জানা আৰু এই কথা সম্পূৰ্ণৰূপে বুজিও পোৱা যে এনে কোনো মানুহ, যিজনে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখে বা অশুচি কাম কৰে বা লোভ কৰে অৰ্থাৎ যিবোৰ মূৰ্তিপূজা কৰাৰ দৰে হয়, তেওঁ খ্ৰীষ্ট আৰু ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব।
৬ কোনো মানুহে অনৰ্থক কথাৰে তোমালোকৰ লগত বিশ্বাসঘাত নকৰক, কিয়নো এই বেয়া কামবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ আজ্ঞা নমনা লোকসকলৰ ওপৰত আহি আছে। ৭ সেইবাবে, তেওঁলোকৰ সহভাগী নহʼবা, ৮ কিয়নো এটা সময়ত তোমালোকেও অন্ধকাৰত আছিলা। কিন্তু এতিয়া তোমালোক প্ৰভুৰ লগত একতাত হোৱাৰ কাৰণে পোহৰত আছা। পোহৰৰ সন্তান হিচাপে চলি থাকা, ৯ কিয়নো পোহৰত চলাৰ অৰ্থ হৈছে সকলো বিষয়ত হিত কাম* কৰা, ভাল কাম কৰা আৰু সত্যৰে জীৱন-যাপন কৰা। ১০ চালি-জাৰি চাই নিশ্চিত কৰি থাকা যে প্ৰভুৱে কি বিষয়বোৰ গ্ৰহণ কৰে ১১ আৰু তেওঁলোকৰ লগত মিলি অন্ধকাৰৰ ব্যৰ্থ কামবোৰ কৰিবলৈ এৰি দিয়া। ইয়াৰ পৰিৱৰ্তে সেইবোৰ প্ৰকাশ কৰা। ১২ কাৰণ তেওঁলোকে গোপনে যি কৰে, তাৰ বিষয়ে কোৱাটোও লাজৰ কথা। ১৩ যি বিষয়বোৰ প্ৰকাশ কৰা হৈছে, সেইবোৰ পোহৰৰ যোগেদি প্ৰকাশ কৰা হৈছিল। কিয়নো প্ৰকাশ কৰা সকলো বিষয় পোহৰ হয়। ১৪ সেইবাবে, কোৱা হৈছে, “হে টোপনি যোৱা লোকসকল, সাৰ পোৱা আৰু মৃতবিলাকৰ মাজৰ পৰা* জীৱিত হোৱা, তেতিয়া খ্ৰীষ্টৰ পোহৰ তোমালোকৰ ওপৰত জিলিকিব।”
১৫ সেইবাবে, তোমালোকে কিদৰে চলিছা, তাৰ ওপৰত ভালদৰে ধ্যান দিয়া। মূৰ্খ ব্যক্তিৰ দৰে নহয়, ইয়াৰ পৰিৱৰ্তে বুদ্ধিমান ব্যক্তিৰ দৰে চলা। ১৬ নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰা,* কিয়নো আমি বেয়া সময়ত জীয়াই আছোঁ। ১৭ সেইবাবে, মূৰ্খতাৰ কামবোৰ কৰিবলৈ এৰি দিয়া। ইয়াৰ পৰিৱৰ্তে, যিহোৱাৰ* ইচ্ছা কি হয়, সেয়া বুজিবলৈ চেষ্টা কৰি থাকা। ১৮ লগতে, মদ খাই মতলীয়া নহʼবা, যিয়ে অনৈতিক জীৱনৰ ফালে লৈ যায়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ থাকা। ১৯ গীত গাই* ঈশ্বৰৰ প্ৰশংসা কৰি আৰু উপাসনাৰ গীত গাই এজনে-আনজনক উৎসাহিত কৰা আৰু হৃদয়েৰে যিহোৱাৰ* উদ্দেশ্যে প্ৰশংসাৰ গীত গাই থাকা। ২০ আৰু সকলো বিষয়ৰ কাৰণে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আমাৰ ঈশ্বৰ আৰু পিতৃক ধন্যবাদ দি থাকা।
২১ খ্ৰীষ্টৰ প্ৰতি ভয় ৰাখি এজনে-আনজনৰ অধীনত থাকা। ২২ হে পত্নীসকল, তোমালোকে যিদৰে প্ৰভুৰ অধীনত থাকা, তেনেকৈ নিজ নিজ স্বামীৰো অধীনত থাকা, ২৩ কিয়নো স্বামী নিজৰ পত্নীৰ মূৰ হয়, যিদৰে খ্ৰীষ্টয়ো নিজৰ শৰীৰ অৰ্থাৎ মণ্ডলীৰ মূৰ হয় আৰু সেই শৰীৰৰ উদ্ধাৰকৰ্তা হয়। ২৪ যিদৰে মণ্ডলী খ্ৰীষ্টৰ অধীনত থাকে, ঠিক সেইদৰে পত্নীসকলেও সকলো বিষয়ত নিজৰ নিজৰ স্বামীৰ অধীনত থকা উচিত। ২৫ হে স্বামীসকল, নিজৰ নিজৰ পত্নীক প্ৰেম কৰি থাকা, যিদৰে খ্ৰীষ্টয়ো মণ্ডলীক প্ৰেম কৰিলে আৰু মণ্ডলীৰ কাৰণে নিজকে দি দিলে ২৬ যাতে তেওঁ মণ্ডলীক ঈশ্বৰৰ বাক্যৰ পানীৰে ধুই শুচি আৰু পবিত্ৰ কৰিব পাৰে ২৭ আৰু মণ্ডলী তেওঁৰ দৃষ্টিত যেন সুন্দৰ হৈ উঠিব পাৰে, ইয়াত কোনো দাগ বা খুঁত বা এনেধৰণৰ একো নাথাকক, ইয়াৰ পৰিৱৰ্তে এয়া যেন পবিত্ৰ আৰু নিষ্কলংক হওক।
২৮ এইদৰে স্বামীসকলেও নিজৰ নিজৰ পত্নীক নিজৰ শৰীৰৰ নিচিনা প্ৰেম কৰা উচিত। যিজনে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ নিজকে প্ৰেম কৰে। ২৯ কাৰণ কোনো মানুহেই নিজৰ শৰীৰক কেতিয়াও ঘিণ নকৰে, ইয়াৰ পৰিৱৰ্তে তাক খোৱায় আৰু মৰমেৰে তাৰ যত্ন লয়, যিদৰে খ্ৰীষ্টই মণ্ডলীৰ যত্ন লয়, ৩০ কিয়নো আমি তেওঁৰ শৰীৰৰ অংগ হওঁ। ৩১ “সেইবাবে, পুৰুষে নিজৰ মা-দেউতাক এৰি দিব আৰু নিজৰ পত্নীৰ লগত থাকিব আৰু তেওঁলোক দুয়োজন একদেহ হʼব।” ৩২ এই পবিত্ৰ ৰহস্য মহান হয়। মই খ্ৰীষ্ট আৰু মণ্ডলীৰ বিষয়ে কৈ আছোঁ। ৩৩ তথাপি তোমালোকেও প্ৰতিজনে নিজ নিজ পত্নীক সেইদৰেই প্ৰেম কৰা, যিদৰে নিজকে প্ৰেম কৰা আৰু পত্নীও নিজৰ স্বামীক গভীৰ সন্মান কৰক।
৬ লʼৰা-ছোৱালীবিলাক, প্ৰভুত নিজৰ মা-দেউতাৰ কথা শুনা, কিয়নো এয়া ঈশ্বৰৰ দৃষ্টিত সঠিক হয়। ২ “নিজৰ মা-দেউতাক সন্মান কৰিবা।” এয়া প্ৰথম আজ্ঞা হয়, যাৰ লগত এই প্ৰতিজ্ঞাও কৰা হৈছে: ৩ “যাতে তুমি ভাল জীৱন লাভ কৰিব পাৰা* আৰু পৃথিৱীত বহু দিনলৈকে জীয়াই থাকিব পাৰা।” ৪ আৰু হে পিতৃসকল, নিজৰ লʼৰা-ছোৱালীক খং নোতোলাবা, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ* ইচ্ছাৰ অনুসৰি সিহঁতক বুজাই* আৰু শিক্ষা দি ডাঙৰ-দীঘল কৰা।
৫ হে দাসবিলাক, তোমালোকে যেনেকৈ খ্ৰীষ্টৰ আজ্ঞা পালন কৰা, ঠিক সেইদৰে সন্মানেৰে আৰু ভয়েৰে জগতত থকা তোমালোকৰ মালিকবিলাকৰ সম্পূৰ্ণ হৃদয়েৰে আজ্ঞা পালন কৰা। ৬ কিন্তু মানুহক আনন্দিত কৰিবলৈ কেৱল তেওঁলোকৰ সন্মুখতেই আজ্ঞা পালন নকৰিবা, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ দাসসকলৰ নিচিনা মনে-প্ৰাণে ঈশ্বৰৰ ইচ্ছা পূৰ কৰা। ৭ সঠিক মনোবৃত্তিৰে কাম কৰা যেন এই সেৱা মানুহৰ কাৰণে নহয়, কিন্তু যিহোৱাৰ* কাৰণে কৰিছা। ৮ কিয়নো তোমালোকে জানা যে দাসেই হওক বা স্বাধীন ব্যক্তিয়েই হওক, যিজনে ভাল কাম কৰে, তেওঁ যিহোৱাৰ* পৰা পুৰস্কাৰ পাব। ৯ আৰু হে মালিকবিলাক, তোমালোকেও নিজৰ দাসবিলাকৰ লগত ভালদৰে ব্যৱহাৰ কৰা আৰু তেওঁলোকক ধমকি নিদিবা। কিয়নো তোমালোকে জানা যে তোমালোকৰ আৰু সিহঁতৰ মালিক এজনেই, যিজন স্বৰ্গত আছে আৰু তেওঁ পক্ষপাত নকৰে।
১০ অৱশেষত, মই তোমালোকক উৎসাহিত কৰিছোঁ যে প্ৰভুত তেওঁৰ মহাশক্তি পাই শক্তি লাভ কৰি থাকা। ১১ ঈশ্বৰে দিয়া গোটেই অস্ত্ৰ-শস্ত্ৰ পিন্ধি লোৱা যাতে তোমালোকে চয়তানৰ চতুৰালিৰ* সন্মুখীন হʼব পাৰা। ১২ কাৰণ আমাৰ যুদ্ধ* হাড়-মাংসৰ* মানুহৰ লগত নহয়, ইয়াৰ পৰিৱৰ্তে এই অন্ধকাৰ জগতৰ চৰকাৰ, নেতা, শাসক আৰু দুষ্ট স্বৰ্গদূতৰ লগত হয়। ১৩ সেইবাবে, ঈশ্বৰে দিয়া গোটেই অস্ত্ৰ-শস্ত্ৰ পিন্ধি লোৱা যাতে যেতিয়া বেয়া দিন আহে, তেতিয়া তোমালোকে তাৰ সন্মুখীন হʼব পাৰা আৰু যি কৰা উচিত, সেই সকলো কৰাৰ পাছত থিৰে থাকিব পাৰা।
১৪ সেইবাবে, সত্যৰ পেটীৰে নিজৰ কঁকাল বান্ধা আৰু ঈশ্বৰৰ দৃষ্টিত যি সঠিক, তাৰে বুকুবৰি পিন্ধি থিৰে থাকা ১৫ আৰু ভৰিত শান্তিৰ শুভবাৰ্তাৰ জোতা পিন্ধি তোমালোক সাজু থাকা। ১৬ এইবোৰৰ উপৰিও, বিশ্বাসৰ ডাঙৰ ঢাল লোৱা, যাৰ যোগেদি তোমালোকে চয়তানৰ* জ্বলি থকা সকলো কাঁড়ক নুমাব পাৰিবা। ১৭ আৰু উদ্ধাৰৰ টুপী পিন্ধা আৰু পবিত্ৰ শক্তিৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য হাতত লোৱা। ১৮ সকলো সময়তে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ দ্বাৰা পৰিচালিত হৈ সকলো ধৰণৰ প্ৰাৰ্থনা আৰু মিনতি কৰি থাকা। আৰু এইদৰে কৰিবলৈ জাগি থাকা আৰু সকলো পবিত্ৰ লোকৰ কাৰণে মিনতি কৰি থাকা। ১৯ মোৰ কাৰণেও প্ৰাৰ্থনা কৰা যাতে কথা কোৱাৰ সময়ত মোৰ মুখত সঠিক শব্দ আহে আৰু মই শুভবাৰ্তাৰ পবিত্ৰ ৰহস্য শুনোৱাৰ সময়ত সাহসেৰে কথা কʼব পাৰোঁ। ২০ সেই শুভবাৰ্তাৰ কাৰণে মই শিকলিৰে বান্ধ খাই থকা ৰাজদূত হওঁ। মোৰ কাৰণে প্ৰাৰ্থনা কৰা যেন মই সাহসেৰে শুভবাৰ্তাৰ বিষয়ে কʼব পাৰোঁ, যিদৰে মই কোৱা উচিত।
২১ আমাৰ মৰমৰ ভাই আৰু প্ৰভুত বিশ্বাসযোগ্য সেৱক তুখিকে তোমালোকক মোৰ বিষয়ে সকলো কথা কʼব যাতে তোমালোকে জানিব পাৰা যে মই কেনে আছোঁ আৰু কি কৰি আছোঁ। ২২ মই এই উদ্দেশ্যেৰেই তেওঁক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ যাতে তোমালোকে জানিব পাৰা যে আমি ইয়াত কেনে আছোঁ আৰু তেওঁ তোমালোকৰ হৃদয়ত শান্ত্বনা দিব পাৰে।
২৩ আমাৰ ঈশ্বৰ আৰু পিতৃ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা ভাইসকললৈ বিশ্বাসৰ সৈতে শান্তি আৰু প্ৰেম হওক। ২৪ সেই সকলোৰে ওপৰত মহা-কৃপা থাকক, যিসকলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টক এনে প্ৰেম কৰে, যি কেতিয়াও নাইকিয়া নহয়।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
অৰ্থাৎ খ্ৰীষ্টৰ লগত।
বা “চিন হিচাপে; প্ৰমাণ হিচাপে; গেৰাণ্টি হিচাপে।”
আক্ষ., “নিজৰ সম্পত্তি।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
আক্ষ., “আমি ক্ৰোধৰ সন্তান আছিলোঁ।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
অতি. ক৫ চাওক।
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “অগাধ।”
বা “সকলো পৰিয়ালে নাম পাইছে।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “শুভবাৰ্তা শুনাওঁতা।”
বা “লোকসকলে প্ৰশিক্ষণ পায়।”
বা “পৰিপক্ক; পূৰ্ণবয়স্ক।”
অৰ্থাৎ মুৰব্বী।
বা “ব্যৰ্থ।”
আক্ষ., “তেওঁলোকৰ অনুভৱ নাইকিয়া হʼল।”
গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
বা “দিয়াবলক ঠাই নিদিবা।”
আক্ষ., “পচি যোৱা।”
বা হয়তো, “তোমালোকক।”
বা হয়তো, “তোমালোকৰ।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “ভাল কাম।”
অৰ্থাৎ মৃত অৱস্থাৰ পৰা।
আক্ষ., “নিৰ্ধাৰিত সময়ক কিনি লোৱা।”
অতি. ক৫ চাওক।
বা হয়তো, “নিজৰ কাৰণে গীত গাই।”
অতি. ক৫ চাওক।
বা “যাতে তুমি সুখী হোৱা।”
অতি. ক৫ চাওক।
বা “নিৰ্দেশনা দি।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “ষড়যন্ত্ৰৰ।”
আক্ষ., “মালযুদ্ধ।”
আক্ষ., “তেজ আৰু মাংস।”
আক্ষ., “সেই দুষ্ট।”