ফিলিপীয়াসকললৈ চিঠি
১ খ্ৰীষ্ট যীচুৰ দাস আমি অৰ্থাৎ পৌল আৰু তীমথিয়ই ফিলিপীত থকা সকলো পবিত্ৰ লোকসকলক, যিসকল খ্ৰীষ্ট যীচুৰ লগত একতাত আছে, লগতে অধ্যক্ষ আৰু সহায়ক সেৱকসকললৈ এই চিঠি লিখি আছোঁ:
২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।
৩ মই যেতিয়াই তোমালোকক মনত পেলাওঁ, তেতিয়াই মই নিজৰ ঈশ্বৰক ধন্যবাদ দিওঁ। ৪ মই তোমালোক সকলোৰে কাৰণে সদায় আনন্দেৰে মিনতি কৰোঁ। ৫ কাৰণ যিদিনা তোমালোকে শুভবাৰ্তা গ্ৰহণ কৰিছিলা, সেই দিনাৰ পৰা আজিলৈকে তোমালোকে শুভবাৰ্তা বিয়পাত ভালদৰে সহযোগ কৰি আহিছা। ৬ মোৰ এই কথাৰ ওপৰত বিশ্বাস আছে যে ঈশ্বৰ, যিজনে তোমালোকৰ মাজত এটা ভাল কাম কৰিবলৈ আৰম্ভ কৰিছে, তেওঁ খ্ৰীষ্ট যীচুৰ দিনলৈকে সেয়া পূৰো কৰিব। ৭ তোমালোক সকলোৰে বিষয়ে এইদৰে ভবাটো মোৰ কাৰণে একেবাৰে সঠিক হয়, কিয়নো তোমালোক মোৰ হৃদয়ত আছা। মই শিকলিত বান্ধ খাই থকাৰ সময়তেই হওক বা শুভবাৰ্তাৰ পক্ষত থিয় হৈ তাক আইনৰ মান্যতা দিয়াৰ সময়তেই হওক, তোমালোকে মোক লগ দিছিলা। সেইবাবে, তোমালোক সকলোৱে মোৰ লগত ঈশ্বৰৰ মহা-কৃপাৰ সহভাগী হোৱা।
৮ ঈশ্বৰ মোৰ সাক্ষী হয় যে মই তোমালোক সকলোকে লগ কৰিবলৈ কিমান আগ্ৰহী হৈ আছোঁ, কিয়নো খ্ৰীষ্ট যীচুৱে যিদৰে কোমল স্নেহ ৰাখে, ঠিক সেইদৰে ময়ো তোমালোকৰ প্ৰতি কোমল স্নেহ ৰাখোঁ। ৯ আৰু মই এয়াই প্ৰাৰ্থনা কৰি থাকোঁ যে সঠিক জ্ঞান আৰু বিবেচনাৰে সৈতে তোমালোকৰ প্ৰেম আৰু বাঢ়ি থাকক ১০ যাতে তোমালোকে বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰিব পাৰা। এইদৰে খ্ৰীষ্টৰ দিনলৈকে তোমালোকৰ অন্তৰত কোনো খুঁত নহওক আৰু তোমালোকে আনৰ বিশ্বাসৰ কাৰণে বাধা নোহোৱা* ১১ আৰু ভাল ফলেৰে উপচি পৰা, যিবোৰ তোমালোকে যীচু খ্ৰীষ্টৰ যোগেদি উৎপন্ন কৰিব পাৰা যাতে ঈশ্বৰৰ মহিমা আৰু প্ৰশংসা হয়।
১২ ভাইসকল, তোমালোকে এয়া জনাটো মই বিচাৰোঁ যে আজি মই যি পৰিস্থিতিত আছোঁ, তাৰ যোগেদি শুভবাৰ্তা বিয়পাত সহায়হে পাইছোঁ। ১৩ সম্ৰাটৰ দেহৰক্ষী দলৰ সকলো লোক আৰু বাকী লোকসকলেও জানিলে যে মই খ্ৰীষ্টৰ কাৰণে শিকলিত বান্ধ খাই আছোঁ। ১৪ এতিয়া প্ৰভুত বেছিভাগ ভায়ে মই বন্দী হৈ থকাৰ কাৰণে সাহস পাইছে আৰু তেওঁলোকে আগতকৈ বেছি সাহসেৰে ঈশ্বৰৰ বাক্য শুনাই আছে।
১৫ এয়া সঁচা যে কিছুমান লোকে ঈৰ্ষা আৰু প্ৰতিযোগিতাৰ ভাৱনাৰে খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰি আছে, কিন্তু আনে ভাল ভাৱনাৰে প্ৰচাৰ কৰি আছে। ১৬ যিসকলে ভাল ভাৱনাৰে প্ৰচাৰ কৰে, তেওঁলোকে প্ৰেমৰ কাৰণে খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰে। কিয়নো তেওঁলোকে জানে যে মোক শুভবাৰ্তাৰ পক্ষত থিয় হʼবলৈ নিযুক্ত কৰা হৈছে। ১৭ কিন্তু যিসকলে ভাল উদ্দেশ্যেৰে নহয়, ইয়াৰ পৰিৱৰ্তে কাজিয়া কৰাৰ উদ্দেশ্যেৰে প্ৰচাৰ কৰে, তেওঁলোকে এইদৰে কৰাৰ কাৰণ হৈছে যাতে মই বন্দী অৱস্থাত আৰু কষ্ট পাওঁ। ১৮ কিন্তু ইয়াৰ পৰিণাম কি হʼল? এয়াই যে কোনোবাই বেয়া উদ্দেশ্যেৰে বা ভাল উদ্দেশ্যেৰে নকৰক কিয়, কিন্তু খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰতো হৈয়ে আছে আৰু ইয়াৰ পৰা মই আনন্দ লাভ কৰিছোঁ। আচলতে, মই আনন্দ কৰি থাকিম, ১৯ কিয়নো মই জানোঁ যে তোমালোকৰ মিনতিৰ কাৰণে আৰু যীচু খ্ৰীষ্টৰ পৰা পোৱা পবিত্ৰ শক্তিৰ সহায়ত মোৰ উদ্ধাৰ হʼব। ২০ আৰু মই হৃদয়েৰে এয়াই ইচ্ছা আৰু আশা কৰোঁ যে মই কোনো বিষয়ত লাজ অনুভৱ কৰিবলগীয়া নহয়। ইয়াৰ পৰিৱৰ্তে, এতিয়ালৈকে মই যিদৰে কৈ আহিছোঁ, ঠিক সেইদৰে সংকোচ নকৰাকৈ সাহসেৰে কোৱাৰ কাৰণে মোৰ* যোগেদি খ্ৰীষ্টৰ মহিমা হওক, লাগিলে মই জীওঁ বা মৰোঁ।
২১ মোৰ ক্ষেত্ৰত কʼবলৈ গʼলে যদি মই জীয়াই থাকোঁ, তেনেহʼলে খ্ৰীষ্টৰ সেৱাত লাগি থাকিম আৰু যদি মই মৰি যাওঁ, তেনেহʼলে এয়াও মোৰ লাভৰ কাৰণে হʼব। ২২ যেতিয়ালৈকে মই জগতত জীয়াই আছোঁ, মই নিজৰ কামৰ যোগেদি আৰু বেছি ফল উৎপন্ন কৰিব পাৰিম। মই নকওঁ যে মই কি বাছনি কৰিম। ২৩ মই বৰ চিন্তিত হৈ আছোঁ যে মই এই দুয়োটাৰ মাজত কি বাছনি কৰিম। মই মুকলি হৈ খ্ৰীষ্টৰ লগত থকাটোৱেই বিচাৰোঁ, কিয়নো এয়াই ভাল হʼব। ২৪ কিন্তু তোমালোকৰ কাৰণে এই জগতত মই জীয়াই থকাটোৱেই বেছি প্ৰয়োজন। ২৫ মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মই জানোঁ যে মই জীয়াই থাকিম আৰু তোমালোক সকলোৰে লগত থাকিম যাতে তোমালোকে উন্নতি কৰা আৰু বিশ্বাসত আনন্দ কৰা। ২৬ আৰু যেতিয়া মই আকৌ তোমালোকৰ লগত থাকিম, তেতিয়া খ্ৰীষ্ট যীচুত তোমালোকৰ আনন্দ বাঢ়ি থাকক।
২৭ কেৱল এই কথাৰ ওপৰত ধ্যান ৰাখা যে তোমালোকৰ আচাৰ-ব্যৱহাৰ খ্ৰীষ্টৰ শুভবাৰ্তাৰ অনুসৰি হওক* যাতে মই আহি তোমালোকক লগ কৰোঁ বা দূৰত থাকোঁ, মই তোমালোকৰ বিষয়ে এয়াই শুনো আৰু জানিবলৈ পাওঁ যে তোমালোক সকলোৱে একেই চিন্তাধাৰা ৰাখি দৃঢ়তাৰে থিয় হৈ আছা আৰু শুভবাৰ্তাৰ ওপৰত তোমালোকৰ বিশ্বাস বজাই ৰাখিবলৈ একলগ হৈ সংঘৰ্ষ কৰি আছা ২৮ আৰু কোনো কথাত বিৰোধীসকলক ভয় নকৰা। এয়াই তেওঁলোকৰ কাৰণে বিনাশ আৰু তোমালোকৰ কাৰণে উদ্ধাৰৰ প্ৰমাণ হয়। এয়া ঈশ্বৰৰ ফালৰ পৰা হয়। ২৯ কিয়নো খ্ৰীষ্টৰ কাৰণে তোমালোকক এই সন্মান দিয়া হৈছে যে তোমালোকে কেৱল তেওঁৰ ওপৰত বিশ্বাস কৰা এনে নহয়, কিন্তু তেওঁৰ কাৰণে দুখো সহন কৰা। ৩০ তোমালোকেও সেইদৰেই সংঘৰ্ষ কৰি আছা, যিদৰে মই সংঘৰ্ষ কৰা তোমালোকে দেখিছিলা আৰু যিদৰে তোমালোকে শুনিছা, মই এতিয়াও সংঘৰ্ষ কৰি আছোঁ।
২ যদি তোমালোকে খ্ৰীষ্টত এজনে-আনজনক উৎসাহিত কৰিব বিচাৰা, প্ৰেমেৰে শান্ত্বনা দিব বিচাৰা, সহানুভূতি দেখুৱাব বিচাৰা, এজনে-আনজনৰ প্ৰতি কোমল স্নেহ ৰাখিব বিচাৰা আৰু এজনে-আনজনক কৰুণা কৰিব বিচাৰা, ২ তেনেহʼলে তোমালোকে এক মন ৰাখা আৰু তোমালোকৰ মাজত একেই প্ৰেম হওক, তোমালোকৰ মাজত সম্পূৰ্ণ একতা থাকক আৰু তোমালোকৰ চিন্তাধাৰা একেই হওক। এইদৰে কৰি তোমালোকে মোক সম্পূৰ্ণৰূপে আনন্দ দিয়া। ৩ কাজিয়া কৰাৰ মনোভাৱ বা অহংকাৰৰ কাৰণে একো নকৰিবা, কিন্তু নম্ৰতাৰে নিজতকৈ আনক শ্ৰেষ্ঠ বুলি ভাবা। ৪ আৰু প্ৰতিজনে কেৱল নিজৰ বিষয়ে চিন্তা নকৰক, ইয়াৰ পৰিৱৰ্তে আনৰ বিষয়েও চিন্তা কৰক।
৫ খ্ৰীষ্ট যীচুৰ যি চিন্তাধাৰা আছিল, তোমালোকেও সেই একেই চিন্তাধাৰা ৰাখা। ৬ তেওঁ ঈশ্বৰৰ প্ৰতিৰূপ হোৱাৰ সত্ত্বেও তেওঁ ঈশ্বৰৰ সমান হʼবলৈ কেতিয়াও চিন্তা কৰা নাছিল। ৭ ইয়াৰ পৰিৱৰ্তে, তেওঁ নিজৰ সকলো ত্যাগ কৰিলে* আৰু এজন দাস হিচাপে মানুহৰ ৰূপত জন্ম লʼলে। ৮ ইয়াৰ উপৰিও, যেতিয়া তেওঁ মানুহ হিচাপে আহিছিল,* তেতিয়া নিজকে নম্ৰ কৰিলে আৰু মৃত্যুলৈকে, হয়, যাতনাৰ কাঠত* মৃত্যুলৈকে আজ্ঞা পালন কৰিলে। ৯ সেই কাৰণে ঈশ্বৰে তেওঁক আগতকৈ বেছি ওখ পদ দি মহান কৰিলে আৰু কৃপা কৰি তেওঁক সেই নাম দিলে, যি আন সকলো নামতকৈ মহান হয় ১০ যাতে যিসকল স্বৰ্গত আছে আৰু যিসকল পৃথিৱীত আৰু যিসকল মাটিৰ তলত আছে, সকলোৱে যীচুৰ নামেৰে আঁঠু কাঢ়ে। ১১ আৰু যীচু খ্ৰীষ্টই প্ৰভু হয় বুলি প্ৰত্যেকে মুকলিভাৱে স্বীকাৰ কৰক যাতে আমাৰ পিতৃ ঈশ্বৰৰ মহিমা হয়।
১২ মোৰ মৰমৰ ভাইসকল, তোমালোকে সদায় আজ্ঞা পালন কৰি আহিছা। যেতিয়া মই তোমালোকৰ লগত আছিলোঁ, তেতিয়াও পালন কৰিছিলা আৰু এতিয়া মই তোমালোকৰ পৰা দূৰত থাকোঁতেও তোমালোকে আৰু বেছি আনন্দেৰে আজ্ঞা পালন কৰা। তোমালোকে এইদৰেই সন্মান আৰু ভয়েৰে নিজৰ উদ্ধাৰৰ কাৰণে কাম কৰি গৈ থাকা। ১৩ কাৰণ ঈশ্বৰেই নিজৰ ইচ্ছাৰ অনুসৰি তোমালোকক মজবুত কৰে আৰু তোমালোকৰ অন্তৰত ইচ্ছা জগায় আৰু তাক পূৰ কৰিবলৈ শক্তিও দিয়ে। ১৪ ভোৰভোৰাই নথকাকৈ আৰু তৰ্ক-বিতৰ্ক নকৰাকৈ সকলো কাম কৰি থাকা ১৫ যাতে তোমালোক নিৰ্দোষী আৰু সৰল হোৱা আৰু ঈশ্বৰৰ সন্তান হোৱা আৰু এক দুষ্ট আৰু ভ্ৰষ্ট প্ৰজন্মৰ* মাজত নিষ্কলংক হৈ থাকা, যাৰ মাজত তোমালোক এই জগতত পোহৰৰ দৰে জিলিকি আছা। ১৬ আৰু জীৱনৰ বাক্যক দৃঢ়তাৰে ধৰি থাকা। তেতিয়া খ্ৰীষ্টৰ দিনত মই এই কথাৰ কাৰণে আনন্দ কৰিব পাৰিম যে মোৰ দৌৰ বা পৰিশ্ৰম এনেই ব্যৰ্থ নহʼল। ১৭ তোমালোকৰ বিশ্বাসৰ কাৰণে তোমালোকে যি বলিদান আৰু পবিত্ৰ সেৱা* কৰিবলৈ অনুপ্ৰাণিত হৈছা, তাৰ উদ্দেশ্যে মোক যদি দ্ৰাক্ষাৰস উৎসৰ্গ কৰাৰ নিচিনা ঢালি দিয়াও হয়, তথাপিও মই আনন্দিত হওঁ আৰু তোমালোক সকলোৰে সৈতে আনন্দ কৰোঁ। ১৮ এইদৰে তোমালোকেও মোৰ সৈতে সুখী হোৱা উচিত আৰু আনন্দ কৰা উচিত।
১৯ এতিয়া মই আশা কৰোঁ যে যদি প্ৰভু যীচুৰ ইচ্ছা হয়, তেনেহʼলে অতি সোনকালে মই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠাম যাতে তোমালোকৰ বিষয়ে শুনি মই উৎসাহিত হওঁ। ২০ কাৰণ তোমালোকৰ ওচৰলৈ পঠিয়াবলৈ তীমথিয়ৰ নিচিনা আৰু কোনো নাই, যিজনে প্ৰকৃততে তোমালোকৰ বিষয়ে চিন্তা কৰিব। ২১ কিয়নো বাকী সকলোৱে নিজৰ বিষয়ে চিন্তা কৰে, কোনেও যীচু খ্ৰীষ্টৰ কামৰ বিষয়ে চিন্তা নকৰে। ২২ তোমালোকে নিজেও তেওঁৰ বিষয়ে জানা যে যিদৰে এজন লʼৰাই নিজৰ দেউতাকক সহায় কৰে, ঠিক সেইদৰে তেওঁ শুভবাৰ্তা বিয়পাবলৈ মোৰ লগত কঠিন পৰিশ্ৰম কৰিলে। ২৩ সেইবাবে, মই আশা কৰোঁ যে মোৰ লগত কি হʼবলগীয়া আছে, সেয়া গʼম পোৱাৰ লগে লগে মই তেওঁকেই তোমালোকৰ ওচৰলৈ পঠাম। ২৪ আৰু প্ৰভুত মোৰ বিশ্বাস আছে যে মই নিজেও সোনকালেই তোমালোকৰ ওচৰলৈ আহিম।
২৫ কিন্তু এতিয়া মই ইপাফ্ৰদীতক তোমালোকৰ ওচৰলৈ পঠোৱাটো প্ৰয়োজন বুলি ভাবোঁ। তেওঁ মোৰ ভাই, সহকৰ্মী আৰু সহসেনা হয় আৰু তোমালোকে পঠোৱা দূত হয় আৰু এজন সেৱক হিচাপে মোৰ সহায় কৰে। ২৬ তেওঁ তোমালোক সকলোকে চাবলৈ আগ্ৰহী হৈ আছে আৰু বহুত নিৰাশ হৈ পৰিছে, কিয়নো তেওঁৰ বেমাৰ হৈছে বুলি তোমালোকে শুনিছিলা। ২৭ তেওঁৰ ইমানেই বেমাৰ হৈছিল যে তেওঁৰ মৰো মৰো অৱস্থা হৈছিল। কিন্তু ঈশ্বৰে তেওঁক দয়া কৰিলে আৰু কেৱল তেওঁকেই দয়া কৰিলে এনে নহয়, কিন্তু তেওঁ মোকো দয়া কৰিলে যাতে মই বেছি দুখ ভুগিবলগীয়া নহয়। ২৮ সেইবাবে, মই তেওঁক যিমান পাৰোঁ, সিমান সোনকালে পঠিয়াই আছোঁ যাতে তেওঁক দেখি তোমালোকে আকৌ আনন্দিত হোৱা আৰু মোৰ চিন্তাও অলপ কমি যায়। ২৯ সেইবাবে, প্ৰভুৰ লোকসকলক যিদৰে আদৰণি জনোৱা হয়, তেনেকৈ তোমালোকে তেওঁকো আনন্দেৰে আদৰণি জনোৱা আৰু এনে ভাইসকলক মূল্যৱান বুলি ভাবা। ৩০ কিয়নো খ্ৰীষ্টৰ কামৰ* কাৰণে তেওঁ নিজৰ জীৱন বিপদত পেলালে আৰু তেওঁ মৰো মৰো অৱস্থাত আছিল যাতে তোমালোকে ইয়াত নথকাৰ সময়ত তোমালোকৰ সলনি তেওঁ মোৰ সেৱা কৰে।
৩ অৱশেষত মোৰ ভাইসকল, তোমালোকে প্ৰভুত আনন্দ কৰি থাকা। তোমালোকক সেই কথাবোৰ আকৌ লিখিবলৈ মোৰ কাৰণে কোনো কষ্ট হোৱা নাই। কিন্তু ইয়াৰ পৰা তোমালোকৰেই সুৰক্ষা হʼব।
২ অশুচি লোকসকলৰ* পৰা সাৱধানে থাকা, আনৰ ক্ষতি কৰা লোকসকলৰ পৰা সাৱধানে থাকা আৰু যিসকলে চুন্নৎ কৰিবলৈ জোৰ কৰে,* তেওঁলোকৰ পৰা সাৱধানে থাকা। ৩ আমিয়েইতো প্ৰকৃত চুন্নৎ কৰা লোক হওঁ। কাৰণ আমি ঈশ্বৰৰ পবিত্ৰ শক্তিৰ যোগেদি পবিত্ৰ সেৱা কৰোঁ আৰু খ্ৰীষ্ট যীচুক লৈ গৰ্ব কৰোঁ আৰু শৰীৰৰ ওপৰত ভৰসা নকৰোঁ। ৪ কিন্তু যদি কাৰোবাৰ ওচৰত শৰীৰৰ ওপৰত ভৰসা কৰাৰ কাৰণ আছে, তেনেহʼলে সকলোতকৈ বেছি মোৰ ওচৰত আছে।
যদি কোনো মানুহে ভাবে যে তেওঁৰ ওচৰত শৰীৰৰ ওপৰত ভৰসা কৰাৰ কাৰণ আছে, তেনেহʼলে তেওঁতকৈ বেছি মোৰ ওচৰত আছে: ৫ অষ্টম দিনা মোৰ চুন্নৎ হʼল। মই ইস্ৰায়েল ৰাষ্ট্ৰৰ বিন্যামীন গোষ্ঠীৰ হওঁ। জন্মৰে পৰা ইব্ৰী হওঁ আৰু মোৰ মা-দেউতাও ইব্ৰী আছিল। নিয়মৰ অনুসৰি মই এজন ফৰীচী হওঁ। ৬ মই মণ্ডলীৰ ওপৰত অত্যাচাৰ কৰাৰ ক্ষেত্ৰত বহুত উৎসাহী আছিলোঁ আৰু নিয়মৰ অনুসৰি যি সঠিক, সেয়া ভালদৰে পালন কৰিছিলোঁ। ৭ তথাপিও যিবোৰ কথা মোৰ লাভৰ কাৰণে আছিল, সেইবোৰ মই খ্ৰীষ্টৰ কাৰণে ব্যৰ্থ বুলি ভাবিলোঁ।* ৮ মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ বিষয়ে জ্ঞান ইমানেই শ্ৰেষ্ঠ যে ইয়াৰ কাৰণে মই সকলোকে মূল্যহীন বুলি ভাবোঁ। তেওঁৰ কাৰণে মই সকলো বিষয়ক ত্যাগ কৰিলোঁ আৰু মই সেইবোৰক জাৱৰ বুলি ভাবোঁ যাতে খ্ৰীষ্টৰ অনুগ্ৰহ লাভ কৰিব পাৰোঁ ৯ আৰু তেওঁৰ লগত মোক একতাত পোৱা যায়। আৰু নিয়ম পালন কৰাৰ কাৰণে মোক ভাল মানুহ বুলি ভবা হৈছিল এনে নহয়, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰে মোক ভাল মানুহ বুলি গণ্য কৰিলে। ১০ মোৰ লক্ষ্য এয়াই যে মই খ্ৰীষ্টক আৰু যিজনে তেওঁক আকৌ জীয়াই তুলিছিল, তেওঁৰ শক্তিৰ বিষয়ে জানিব পাৰোঁ আৰু তেওঁৰ দৰে দুখ-কষ্ট সহন কৰিব পাৰোঁ আৰু তেওঁৰ দৰে মৃত্যু হʼবলৈ নিজকে দি দিওঁ ১১ যাতে মই কোনোমতে তেওঁলোকৰ মাজৰ যেন এজন হʼব পাৰোঁ, যিসকলক প্ৰথমতে জীয়াই তুলিব।
১২ এনে কথা নহয় যে মই এতিয়াৰে পৰা এই পুৰস্কাৰ পাইছোঁ বা মই সিদ্ধ হʼলোঁ, ইয়াৰ পৰিৱৰ্তে মই সম্পূৰ্ণৰূপে চেষ্টা কৰি আছোঁ যাতে মই যিকোনো পৰিস্থিতিত সেই পুৰস্কাৰ লাভ কৰিব পাৰোঁ, যাৰ কাৰণে খ্ৰীষ্ট যীচুৱে মোক বাছনি কৰিছে। ১৩ ভাইসকল, সেই পুৰস্কাৰ পালোঁ বুলি মই নাভাবোঁ, কিন্তু এটা কথা নিশ্চিত: পিছফালে থাকি অহা বিষয়বোৰ পাহৰি আগফালে ৰখা বিষয়বোৰ লাভ কৰিবলৈ মই মনে-প্ৰাণে আগবাঢ়ি গৈ আছোঁ। ১৪ আৰু ঈশ্বৰে খ্ৰীষ্ট যীচুৰ যোগেদি ওপৰৰ যি নিমন্ত্ৰণ দিছে, সেই পুৰস্কাৰৰ লক্ষ্যত পাবলৈ মই সম্পূৰ্ণৰূপে চেষ্টা কৰি আছোঁ। ১৫ সেইবাবে, আমি সকলোৱে যিসকল পৰিপক্ক হওঁ, আমাৰ চিন্তাধাৰা আৰু দৃষ্টিভংগী এইদৰেই হওক। আৰু কোনো বিষয়ত যদি তোমালোকৰ বেলেগ চিন্তাধাৰা আৰু দৃষ্টিভংগী থাকে, তেনেহʼলে সঠিক চিন্তাধাৰা আৰু দৃষ্টিভংগী কি হয়, সেয়া ঈশ্বৰে তোমালোকক প্ৰকাশ কৰিব। ১৬ আৰু আমি যিমান উন্নতি কৰিলোঁ, আহা আমি এই পথত সংগঠিতভাৱে চলি থাকোঁ।
১৭ ভাইসকল, তোমালোক সকলোৱে মিলি মোৰ উদাহৰণত চলা আৰু আমি তোমালোকৰ কাৰণে যি উদাহৰণ ৰাখিছোঁ, সেইদৰে যিসকলে চলে, তেওঁলোকৰ ওপৰত ধ্যান দিয়া। ১৮ কিয়নো এনে বহুতো লোক আছে, যিসকলৰ বিষয়ে মই আগতে প্ৰায়েই উল্লেখ কৰিছিলোঁ। কিন্তু এতিয়া তেওঁলোকৰ বিষয়ে উল্লেখ কৰাৰ সময়ত মোৰ চকুপানী ওলাই আহে, কিয়নো তেওঁলোক খ্ৰীষ্টৰ যাতনাৰ কাঠৰ* শত্ৰু হৈ গʼল। ১৯ তেওঁলোকৰ পৰিণাম বিনাশ হয় আৰু তেওঁলোকৰ পেটেই তেওঁলোকৰ ঈশ্বৰ হয় আৰু যিবোৰ কথাৰ বাবে তেওঁলোকে লাজ অনুভৱ কৰা উচিত, সেইবোৰ কথাতেই তেওঁলোকে অহংকাৰ কৰে আৰু পৃথিৱীৰ কথাবোৰৰ বিষয়ে ভাবি থাকে। ২০ কিন্তু আমাৰ নাগৰিকত্ব স্বৰ্গৰ হয় আৰু সেই ঠাইৰ পৰাই আমি এজন উদ্ধাৰকৰ্তা অৰ্থাৎ প্ৰভু যীচু খ্ৰীষ্টৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ২১ তেওঁ যি মহাশক্তিৰে সকলো অধীন কৰিব পাৰে, সেই শক্তিৰে তেওঁ আমাৰ তুচ্ছ শৰীৰক সলনি কৰি নিজৰ শৰীৰৰ দৰে মহিমাৰে পূৰ কৰিব।
৪ সেইবাবে মোৰ ভাইসকল, তোমালোক যিসকল মোৰ আনন্দ আৰু মোৰ কিৰীটি হোৱা আৰু যিসকলক মই প্ৰেম কৰোঁ আৰু যিসকলক লগ কৰিবলৈ মই আগ্ৰহী হৈ আছোঁ, তোমালোকে প্ৰভুত এইদৰেই দৃঢ়তাৰে থিৰে থাকা।
২ মই ইবদিয়াক আৰু চুন্তুখীক অনুৰোধ কৰিছোঁ যে তোমালোক প্ৰভুত একেই চিন্তাধাৰা ৰাখা। ৩ হয়, মোৰ প্ৰকৃত সহকৰ্মী মই তোমাকো অনুৰোধ কৰিছোঁ যে এই দুজনী ভনীৰ সহায় কৰি থাকা, কিয়নো তেওঁলোকে শুভবাৰ্তা শুনোৱাত মোৰ লগত আৰু ক্লীমেন্ত আৰু মোৰ বাকী সহকৰ্মীৰ লগত একেলগে মিলি কঠোৰ পৰিশ্ৰম কৰিলে।* এওঁলোক সকলোৰে নাম জীৱনৰ পুস্তকত লিখা আছে।
৪ প্ৰভুত সদায় আনন্দ কৰা। মই আকৌ এবাৰ কৈছোঁ, আনন্দ কৰা! ৫ সকলোৱে যেন জানিব পাৰে যে তোমালোক নিজৰ মতামতত লাগি নাথাকা। প্ৰভু কাষত আছে। ৬ কোনো বিষয়ক লৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়ত প্ৰাৰ্থনা আৰু মিনতি আৰু ধন্যবাদেৰে সৈতে ঈশ্বৰলৈ নিবেদন কৰা। ৭ তেতিয়া ঈশ্বৰে সেই শান্তি দিব, যি মানুহে বুজিব নোৱাৰে। এই শান্তিয়ে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকৰ হৃদয় আৰু মগজুক* ৰক্ষা কৰিব।
৮ অৱশেষত ভাইসকল, যিবোৰ বিষয় সত্য, যিবোৰ বিষয় গুৰুত্বপূৰ্ণ, যিবোৰ বিষয় ঈশ্বৰৰ দৃষ্টিত সঠিক, যিবোৰ বিষয় শুদ্ধ, যিবোৰ বিষয় প্ৰিয়, যিবোৰ বিষয় ভাল বুলি ভবা হয়, যিবোৰ বিষয় সদগুণ হয় আৰু যিবোৰ প্ৰশংসাৰ যোগ্য হয়, সেইবোৰৰ ওপৰত ধ্যান দি থাকা।* ৯ যিবোৰ কথা তোমালোকে মোৰ পৰা শিকিলা আৰু গ্ৰহণ কৰিলা, লগতে মোৰ পৰা শুনিলা আৰু মই কৰা দেখিলা, সেইবোৰ পালন কৰি থাকা আৰু শান্তিৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।
১০ মই প্ৰভুত বহুত আনন্দত আছোঁ যে এতিয়া আকৌ তোমালোকে মোৰ ভালৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিছা। তোমালোকে আগতেও মোৰ বিষয়ে চিন্তা কৰিছিলা, কিন্তু তোমালোকে এয়া দেখুৱাবলৈ সুযোগ পোৱা নাছিলা। ১১ মোৰ কিবা বস্তুৰ প্ৰয়োজন আছে বুলি এইদৰে কৈ আছোঁ এনে নহয়, কিয়নো মই যিয়েই পৰিস্থিতিত নাথাকোঁ কিয়, মই তাতেই সন্তুষ্ট হʼবলৈ শিকিলোঁ। ১২ মই জানোঁ যে কম বস্তুৰে কেনেকৈ জীৱন-যাপন কৰিব পাৰি আৰু এয়াও জানোঁ যে বহুত বস্তুত কেনেকৈ জীৱন-যাপন কৰিব পাৰি। জীৱনত মোৰ যিয়েই পৰিস্থিতি নহওক, মোৰ কিবা খাবলৈ হওক বা নহওক, মোৰ ওচৰত বহুত থাকক বা মোৰ অভাৱেই হওক মই সকলো বিষয়ত সন্তুষ্ট হোৱাৰ ৰহস্য শিকিলোঁ। ১৩ কাৰণ যিজনে মোক শক্তি দিয়ে, তেওঁৰ যোগেদিয়েই মই সকলো কৰিবলৈ শক্তি পাওঁ।
১৪ তথাপিও মোৰ দুখত লগ দি তোমালোকে ভাল কৰিলা। ১৫ ফিলিপীৰ ভাইসকল, তোমালোকে এয়াও জানা যে যেতিয়া তোমালোকে প্ৰথমবাৰ শুভবাৰ্তা শুনিছিলা আৰু মই মাকিদনিয়াৰ পৰা গুচি গৈছিলোঁ, তেতিয়া তোমালোকৰ বাহিৰে আন কোনো মণ্ডলীয়ে মোক সহায় কৰা নাছিল আৰু মোৰ পৰা সহায়ো লোৱা নাছিল। ১৬ কিয়নো যেতিয়া মই থিচলনীকীত আছিলোঁ, তেতিয়া তোমালোকে মোৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ মোলৈ এবাৰ নহয়, কিন্তু দুবাৰ কিবা পঠাইছিলা। ১৭ মই তোমালোকৰ পৰা উপহাৰ পাব বিচাৰোঁ এনে নহয়, ইয়াৰ পৰিৱৰ্তে মই বিচাৰোঁ যেন ঈশ্বৰৰ দৃষ্টিত তোমালোকৰ ভাল কামবোৰ আৰু বৃদ্ধি হয়। ১৮ কিন্তু মোৰ ওচৰত প্ৰয়োজনীয় সকলো বস্তু আছে আৰু প্ৰচুৰ পৰিমাণে আছে। এতিয়া মোৰ কোনো অভাৱ নাই, কিয়নো তোমালোকে ইপাফ্ৰদীতৰ হাতত উপহাৰ পঠাইছা। এই উপহাৰ ঈশ্বৰে গ্ৰহণ কৰা এনে সুগন্ধি বলিদান হয়, যাৰ পৰা তেওঁ বহুত আনন্দিত হয়। ১৯ ইয়াৰ বিনিময়ত মোৰ ঈশ্বৰেও নিজৰ মহিমাৰ সম্পত্তিৰে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব। ২০ আমাৰ ঈশ্বৰ আৰু পিতৃৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।
২১ প্ৰতিজন পবিত্ৰ লোকক, যিসকল খ্ৰীষ্ট যীচুৰ লগত একতাত আছে, মোৰ নমস্কাৰ জনাবা। যিসকল ভাই মোৰ লগত আছে, তেওঁলোকে তোমালোকক নমস্কাৰ জনাইছে। ২২ সকলো পবিত্ৰ লোক, বিশেষকৈ যিসকল সম্ৰাটৰ* ঘৰত থাকে, তোমালোকক নমস্কাৰ জনাইছে।
২৩ তোমালোকে যি সঠিক মনোবৃত্তি দেখুৱাইছা, তাৰ কাৰণে প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক। আমেন।
আক্ষ., “আনক উজুটি নোখোৱাবা।”
আক্ষ., “মোৰ শৰীৰৰ।”
বা “তোমালোকে নাগৰিকৰ দৰে ব্যৱহাৰ কৰা।”
আক্ষ., “তেওঁ নিজকে শূন্য কৰিলে।”
আক্ষ., “যেতিয়া তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হʼল।”
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
বা “জনসেৱা।”
বা হয়তো, “প্ৰভুৰ কামৰ।”
আক্ষ., “কুকুৰবিলাকৰ।”
বা “যিসকলে শৰীৰত কাট-কূট কৰে।”
বা হয়তো, “আনন্দেৰে এৰি দিলোঁ।”
বা “কঠোৰ সংঘৰ্ষ কৰিলে।”
বা “তোমালোকৰ চিন্তাধাৰাক।”
বা “ভাবি থাকা।”
গ্ৰীক ভাষাত “কৈচৰ।”