কলচীয়াসকললৈ চিঠি
১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্ট যীচুৰ পাঁচনি* হওঁ আৰু আমাৰ ভাই তীমথিয়, ২ কলচীৰ পবিত্ৰ লোকসকলক আৰু বিশ্বাসযোগ্য ভাইসকলক, যিসকলে খ্ৰীষ্টৰ লগত একতাত আছে, তেওঁলোকলৈ লিখি আছোঁ।
আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।
৩ আমি যেতিয়াই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেতিয়াই আমি ঈশ্বৰৰ অৰ্থাৎ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃৰ সদায় ধন্যবাদ কৰোঁ, ৪ কিয়নো খ্ৰীষ্ট যীচুৰ ওপৰত থকা তোমালোকৰ বিশ্বাসৰ বিষয়ে আমি শুনিছোঁ আৰু এয়াও শুনিছোঁ যে তোমালোকে সকলো পবিত্ৰ লোকক কিমান প্ৰেম কৰা। ৫ এয়া সেই আশাৰ কাৰণে হয়, যি স্বৰ্গত তোমালোকৰ বাবে পূৰ হʼবলগীয়া আছে। এই আশাৰ বিষয়ে তোমালোকে সেই সময়ত শুনিছিলা, যেতিয়া তোমালোকক সত্য অৰ্থাৎ এই শুভবাৰ্তা শুনোৱা হৈছিল, ৬ যি শুভবাৰ্তা এতিয়া তোমালোকৰ ওচৰলৈ আহি পাইছে। এই শুভবাৰ্তাই গোটেই জগতত ফল উৎপন্ন কৰি আছে আৰু বাঢ়ি গৈ আছে। আৰু তোমালোকৰ মাজতো সেই দিনাৰে পৰা এইদৰে হৈ আছে, যিদিনা তোমালোকে ঈশ্বৰৰ প্ৰকৃত মহা-কৃপাৰ বিষয়ে শুনিছিলা আৰু তাক সঠিকভাৱে জানিছিলা। ৭ তোমালোকে আমাৰ মৰমৰ সহদাস ইপাফ্ৰাৰ পৰা এয়াই শিকিছিলা, যিজন আমাৰ ফালৰ পৰা খ্ৰীষ্টৰ এজন বিশ্বাসযোগ্য সেৱক হয়। ৮ তেৱেঁই আমাক জনালে যে পবিত্ৰ শক্তিয়ে তোমালোকৰ অন্তৰত কেনে প্ৰেম উৎপন্ন কৰিছে।
৯ সেইবাবে, আমিও যিদিনা তোমালোকৰ এই প্ৰেম আৰু বিশ্বাসৰ বিষয়ে শুনিছিলোঁ, সেই দিনাৰে পৰা তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আৰু এয়া খুজিবলৈ এৰি দিয়া নাই যে তোমালোকে সকলো বুদ্ধি আৰু পবিত্ৰ শক্তিৰ পৰা পোৱা বুজি পোৱাৰ ক্ষমতাৰ সৈতে তেওঁৰ ইচ্ছাৰ বিষয়ে সঠিক জ্ঞানেৰে পৰিপূৰ্ণ হোৱা ১০ যাতে তোমালোকৰ আচাৰ-ব্যৱহাৰ এইদৰে হওক, যিদৰে যিহোৱাৰ* সেৱকৰ হোৱা উচিত, যাৰ যোগেদি তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আনন্দিত কৰিব পাৰা আৰু তোমালোকে সকলো ধৰণৰ ভাল কাম কৰি ফল উৎপন্ন কৰি গৈ থাকা আৰু ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান বঢ়াই গৈ থাকা। ১১ আৰু ঈশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ শক্তিৰে তোমালোক মজবুত হৈ গৈ থাকা যাতে তোমালোকে সকলো বিষয় ধৈৰ্যেৰে আৰু আনন্দেৰে সহন কৰিব পাৰা। ১২ আৰু পিতৃৰ ধন্যবাদ কৰা, যিজনে তোমালোকক সেই পবিত্ৰ লোকসকলৰ লগত উত্তৰাধিকাৰ লাভ কৰিবলৈ যোগ্য কৰি তুলিছে, যিসকলে পোহৰত আছে।
১৩ তেওঁ আমাক অন্ধকাৰৰ অধিকাৰৰ পৰা উদ্ধাৰ কৰিলে আৰু নিজৰ প্ৰিয় পুত্ৰৰ ৰাজ্যত লৈ আনিলে, ১৪ যাৰ যোগেদি তেওঁ মুক্তিৰ মূল্য দি আমাক উদ্ধাৰ কৰিলে অৰ্থাৎ আমাক পাপৰ ক্ষমা দিলে। ১৫ তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিৰূপ হয় আৰু গোটেই সৃষ্টিত প্ৰথম সন্তান হয়, ১৬ কিয়নো স্বৰ্গ আৰু পৃথিৱীত যি দেখা পোৱা যায় আৰু যি দেখা পোৱা নাযায় অৰ্থাৎ সেয়া সিংহাসনেই হওক বা সাম্ৰাজ্য, চৰকাৰেই হওক বা অধিকাৰেই হওক, বাকী সকলোবোৰ তেওঁৰ যোগেদিয়েই সৃষ্টি কৰা হৈছে। হয়, বাকী সকলোবোৰ তেওঁৰ যোগেদিয়েই আৰু তেওঁৰ কাৰণেই সৃষ্টি কৰা হৈছে। ১৭ লগতে তেওঁ বাকী সকলো বস্তুতকৈ প্ৰথমে আছিল আৰু তেওঁৰ যোগেদিয়েই বাকী সকলো বস্তু অস্তিত্বত অনা হʼল ১৮ আৰু তেৱেঁই শৰীৰ অৰ্থাৎ মণ্ডলীৰ মূৰ হয়। তেৱেঁই সকলো বস্তুৰ আৰম্ভণি হয়, তেৱেঁই মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠা প্ৰথম সন্তান হয় যাতে তেওঁ সকলো বিষয়ত প্ৰথম হয়, ১৯ কিয়নো ঈশ্বৰে বিচাৰিছিল যে সকলো ধৰণৰ পূৰ্ণতা খ্ৰীষ্টত যেন বাস কৰে, ২০ ঈশ্বৰে এয়াও বিচাৰিছিল যে পৃথিৱীৰ হওক বা স্বৰ্গৰ, সকলোকে তেওঁৰ যোগেদিয়েই ঈশ্বৰে যেন নিজৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰে। ঈশ্বৰে এই শান্তি সেই তেজৰ আধাৰত স্থাপন কৰিলে, যি খ্ৰীষ্টই যাতনাৰ কাঠত* দিছিল।
২১ তোমালোকে এসময়ত ঈশ্বৰৰ পৰা দূৰত আছিলা আৰু তেওঁৰ শত্ৰু আছিলা, কিয়নো তোমালোকে দুষ্ট কামবোৰৰ বিষয়ে ভাবি আছিলা। ২২ কিন্তু যিজনে নিজকে মৃত্যুৰ হাতত গতাই দিলে, সেই খ্ৰীষ্টৰ মানৱীয় শৰীৰৰ যোগেদি ঈশ্বৰে এতিয়া তোমালোকৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিলে যাতে তোমালোক তেওঁৰ দৃষ্টিত পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী হʼব পাৰা। ২৩ কিন্তু ইয়াৰ কাৰণে প্ৰয়োজন আছে যে তোমালোকে বিশ্বাসৰ অনুসৰি জীৱন-যাপন কৰা, ভিত্তিৰ ওপৰত থিৰে থাকা আৰু দৃঢ় হৈ থাকা আৰু সেই শুভবাৰ্তাৰ পৰা পোৱা আশা নেৰিবা, যি তোমালোকে শুনিছা আৰু যাৰ বিষয়ে গোটেই পৃথিৱীত প্ৰচাৰ কৰা হৈছে। মই পৌল, এই শুভবাৰ্তাৰ এজন সেৱক হৈছোঁ।
২৪ মই তোমালোকৰ কাৰণে যি কষ্ট ভুগি আছোঁ, তাৰ কাৰণে এতিয়া আনন্দ কৰি আছোঁ আৰু খ্ৰীষ্টৰ শৰীৰৰ ভাগ হোৱাৰ কাৰণে সেই দুখ-কষ্ট সহন কৰি আছোঁ, যিবোৰ সহন কৰিবলৈ বাকী আছে। সেই সকলো মই খ্ৰীষ্টৰ শৰীৰ অৰ্থাৎ মণ্ডলীৰ কাৰণে সহন কৰি আছোঁ। ২৫ মই ঈশ্বৰৰ পৰা পোৱা প্ৰবন্ধকৰ দায়িত্বৰ অনুসৰি তোমালোকৰ কাৰণে এই মণ্ডলীৰ সেৱক হৈছোঁ যাতে ঈশ্বৰৰ বাক্য সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰোঁ, ২৬ এই বাক্যত সেই পবিত্ৰ ৰহস্য আছে, যি অতীতৰ জগতৰ* পৰা আৰু বিগত প্ৰজন্মৰ* পৰা লুকুৱাই ৰখা হৈছিল। কিন্তু এতিয়া সেই ৰহস্য তেওঁৰ পবিত্ৰ লোকসকলৰ ওপৰত প্ৰকাশ কৰা হৈছে। ২৭ ঈশ্বৰে তেওঁলোকৰ ওপৰত এয়াও প্ৰকাশ কৰিব বিচাৰিছিল যে এই পবিত্ৰ ৰহস্যৰ গৌৰৱময় সম্পত্তি কি হয়, যি আন ৰাষ্ট্ৰৰ লোকসকলৰ ওপৰত প্ৰকাশ কৰা হৈছে। এই ৰহস্য খ্ৰীষ্ট হয়, যিজনে তোমালোকৰ লগত একতাত আছে আৰু যাৰ লগত তোমালোকে মহিমা পাবলৈ আশা ৰাখিছা। ২৮ আমি তেওঁৰ বিষয়েই প্ৰচাৰ কৰি আছোঁ অৰ্থাৎ প্ৰতিজনক তেওঁৰ সকলো বুদ্ধিৰে সৈতে বুজাওঁ আৰু শিক্ষা দিওঁ যাতে আমি প্ৰতিজনক খ্ৰীষ্টৰ লগত একতাত এজন পৰিপক্ক মানুহ হিচাপে ঈশ্বৰৰ আগত উপস্থিত কৰাব পাৰোঁ। ২৯ এই কামকে পূৰ কৰিবলৈ মই কঠোৰ পৰিশ্ৰম কৰি সংঘৰ্ষ কৰি আছোঁ আৰু এয়া মই সেই শক্তিৰে কৰি আছোঁ, যি মোৰ ভিতৰত সম্পূৰ্ণৰূপে কাম কৰি আছে।
২ মই তোমালোকৰ কাৰণে, লায়দিকেয়াত থকা লোকসকলৰ কাৰণে আৰু সেই লোকসকলৰ কাৰণে যিসকলে মোক কেতিয়াও দেখা নাই, তেওঁলোকৰ কাৰণে কিমান সংঘৰ্ষ কৰি আছোঁ, এয়া তোমালোকে জনাটো মই বিচাৰোঁ। ২ মই এইদৰে কৰাৰ কাৰণ হৈছে যাতে তেওঁলোকে শান্ত্বনা পায় আৰু তেওঁলোকে প্ৰেমৰ দ্বাৰা এজনে-আনজনৰ লগত একতাত থাকে আৰু তেওঁলোকে সেই সম্পত্তি লাভ কৰে, যি এই কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হʼলে পোৱা যায় যে তেওঁলোকৰ বুজাবুজি সঠিক হয়, তেতিয়া তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ ৰহস্য অৰ্থাৎ খ্ৰীষ্টৰ সঠিক জ্ঞান লাভ কৰিব পাৰিব। ৩ তেওঁতেই বুদ্ধি আৰু জ্ঞানৰ সকলো ৰত্ন সাৱধানেৰে লুকুৱাই থোৱা আছে। ৪ মই এইদৰে কোৱাৰ কাৰণ হৈছে যাতে কোনো মানুহে চতুৰতাৰে ভৰা কথাৰে তোমালোকক ভুলাব নোৱাৰে। ৫ যদিও মই তোমালোকৰ তাত নাই, কিন্তু মনৰ পৰা তোমালোকৰ লগত আছোঁ। এয়া দেখি মই আনন্দিত হওঁ যে তোমালোকৰ মাজত ভাল ব্যৱস্থা আছে আৰু খ্ৰীষ্টৰ ওপৰত তোমালোকৰ বিশ্বাস বহুত মজবুত আছে।
৬ সেইবাবে, যিদৰে তোমালোকে প্ৰভু যীচু খ্ৰীষ্টক গ্ৰহণ কৰিলা, ঠিক সেইদৰে তেওঁৰ লগত একতাত চলি থাকা। ৭ এজোপা গছৰ শিপা যেনেকৈ দৃঢ় হৈ থাকে, তেনেকৈ খ্ৰীষ্ট যীচুৰ ওপৰত তোমালোকৰ বিশ্বাস দৃঢ় হৈ থাকক, যিদৰে তোমালোকক শিকোৱা হৈছিল, লগতে তোমালোকে সকলো সময়ত ঈশ্বৰক ধন্যবাদ দি থাকা।
৮ কোনোৱে যেন তোমালোকক দৰ্শন-বিদ্যা আৰু অনৰ্থক কথাৰে বন্দী কৰি* নিনিয়ে, এই কাৰণে সাৱধানে থাকা। এইবোৰ খ্ৰীষ্টৰ অনুসৰি নহয়, ইয়াৰ পৰিৱৰ্তে মানুহৰ পৰম্পৰা আৰু জগতৰ সাধাৰণ বিষয়বোৰৰ অনুসৰি হয়। ৯ কিয়নো খ্ৰীষ্টতেই ঈশ্বৰৰ সকলো গুণ সম্পূৰ্ণৰূপে পোৱা যায়। ১০ সেইবাবে, তেওঁৰ যোগেদিয়েই তোমালোকে সকলোবোৰ সম্পূৰ্ণৰূপে পাইছা, যিজন সকলো চৰকাৰ আৰু অধিকাৰৰ মুৰব্বী হয়। ১১ তেওঁৰ লগত তোমালোকৰ সম্পৰ্ক হোৱাৰ কাৰণে তোমালোকক চুন্নৎ কৰা হৈছে, তোমালোকৰ এই চুন্নৎ কোনো মানুহৰ যোগেদি হোৱা নাই, ইয়াৰ পৰিৱৰ্তে পাপী শৰীৰক সোলোকাই পেলোৱাৰ যোগেদি হৈছে, কিয়নো খ্ৰীষ্টৰ সেৱকসকলৰ এইদৰেই চুন্নৎ হোৱা উচিত। ১২ কাৰণ তেওঁৰ বাপ্তিষ্মাত তোমালোকক তেওঁৰ লগত কবৰ দিয়া হৈছিল আৰু তেওঁৰ লগত সম্পৰ্ক থকাৰ কাৰণে তোমালোকক তেওঁৰ লগত জীৱিতও কৰা হৈছিল, কিয়নো তোমালোকে সেই ঈশ্বৰৰ ডাঙৰ ডাঙৰ কামবোৰৰ ওপৰত বিশ্বাস কৰিছিলা, যিজনে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে।
১৩ ইয়াৰ উপৰিও, ঈশ্বৰে তোমালোকক জীয়াই তুলি তেওঁৰ লগত এক কৰিলে, যদিও তোমালোকে নিজৰ অপৰাধবোৰৰ কাৰণে মৃত্যু হৈছিলা আৰু তোমালোকৰ শৰীৰ চুন্নৎ নোহোৱা অৱস্থাত আছিল। তেওঁ কৃপা দেখুৱাই আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। ১৪ আৰু হাতেৰে লিখা সেই নিয়মক মচি পেলালে, যʼত আমাৰ বিৰুদ্ধে বহুতো আদেশ আছিল। তেওঁ যাতনাৰ কাঠত* তাক গজাল মাৰি আমাৰ ওচৰৰ পৰা দূৰ কৰি দিলে। ১৫ তেওঁ যাতনাৰ কাঠৰ যোগেদি* সকলো চৰকাৰ আৰু অধিকাৰীক পৰাজয় কৰি সকলোৰে আগত তেওঁলোকক লজ্জিত কৰিলে আৰু বিজয়যাত্ৰাত নিজৰ পিছে পিছে নিলে।
১৬ সেইবাবে, কোনো মানুহে তোমালোকৰ কাৰণে নিৰ্ণয় নলওক যে তোমালোকে কি খোৱা-বোৱা কৰা উচিত বা কোনো উৎসৱ, নতুন জোন বা বিশ্ৰাম-বাৰ* পালন কৰা উচিত হয় নে নহয়। ১৭ কিয়নো এইবোৰ আহিবলগীয়া বিষয়ৰ ছাঁ আছিল, কিন্তু এই ছাঁৰ বাস্তৱ হৈছে যীচু। ১৮ এনে কোনো মানুহ, যিজনে নম্ৰ হোৱাৰ ভাও ধৰে আৰু স্বৰ্গদূতৰ উপাসনা কৰি ভাল পায়, তেওঁ তোমালোকক সেই পুৰস্কাৰৰ পৰা দূৰলৈ নিনিয়ক, যি তোমালোকে পাবলগীয়া আছা। এনে মানুহে সেই দৰ্শনৰ ওপৰত “লাগি থাকে,”* যিবোৰ দেখিছোঁ বুলি তেওঁলোকে দাবী কৰে। তেওঁ নিজৰ শাৰীৰিক চিন্তাধাৰাক লৈ ফিতাহি মাৰে, যদিও তেওঁৰ ওচৰত এনে কৰাৰ কোনো কাৰণ নাথাকে। ১৯ সেই মানুহজন সেই মূৰৰ লগত দৃঢ়তাৰে সংযুক্ত হৈ নাথাকে, যিয়ে গোটেই শৰীৰৰ প্ৰয়োজনীয়তা পূৰ কৰে আৰু জোৰা আৰু মাংসপেশীৰ যোগেদি গোটেই শৰীৰক একেলগে সংযুক্ত কৰি ৰাখে আৰু শৰীৰক বঢ়ায়, যিদৰে ঈশ্বৰে বিচাৰে।
২০ এবাৰ যেতিয়া তোমালোকে জগতৰ সাধাৰণ বিষয়বোৰত খ্ৰীষ্টৰ লগত মৃত্যু হৈছিলা, তেনেহʼলে এতিয়া আকৌ তোমালোকে কিয় জগতৰ লোকসকলৰ দৰে নিজকে এই আদেশবোৰৰ দাস বনাইছা: ২১ “তাক নধৰিবা, ইয়াক চাকি নাচাবা, তাক নুচুবা”? ২২ এই আদেশ এনে বস্তুবোৰৰ বিষয়ে হয়, যিবোৰ ব্যৱহাৰ কৰোঁতে কৰোঁতে নাইকিয়া হৈ যায়। এইবোৰ মানুহে শিকোৱা শিক্ষা আৰু আজ্ঞা হয়। ২৩ এইবোৰে নিজৰ ইচ্ছামতে উপাসনা কৰিবলৈ, নম্ৰতাৰ ভাও ধৰিবলৈ আৰু নিজৰ শৰীৰক তাড়না দিবলৈ উৎসাহিত কৰে। যদিও এইবোৰ জ্ঞানৰ কথা যেন লাগে, কিন্তু ইয়াৰ পৰা শৰীৰৰ কামভাৱৰ বিৰুদ্ধে যুঁজিবলৈ কোনো সহায় পোৱা নাযায়।
৩ কিন্তু যদি তোমালোকক খ্ৰীষ্টৰ লগত জীয়াই তোলা হৈছিল, তেনেহʼলে স্বৰ্গৰ বিষয়বোৰ বিচৰাত লাগি থাকা যʼত খ্ৰীষ্ট, ঈশ্বৰৰ সোঁহাতে বহি আছে। ২ তোমালোকে পৃথিৱীৰ বিষয়বোৰৰ ওপৰত নহয়, কিন্তু স্বৰ্গৰ বিষয়বোৰৰ ওপৰত ধ্যান দিয়া। ৩ কাৰণ তোমালোকৰ মৃত্যু হৈছিল আৰু ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি তোমালোকৰ জীৱন খ্ৰীষ্টত লুকাই আছে। ৪ আমাৰ জীৱন অৰ্থাৎ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হʼব, তেতিয়া তেওঁৰ লগত তোমালোককো মহিমাত প্ৰকাশিত কৰা হʼব।
৫ সেইবাবে, নিজৰ শৰীৰৰ সেই অংগবোৰক* মাৰি পেলোৱা, যʼত এনেধৰণৰ ইচ্ছা উৎপন্ন হয়: অনৈতিক শাৰীৰিক সম্পৰ্ক,* অশুচি, নিয়ন্ত্ৰণ নোহোৱাকৈ কামভাৱ পূৰ কৰা, বেয়া ইচ্ছা আৰু লোভ, যি মূৰ্তিপূজাৰ সমান হয়। ৬ এইবোৰৰ কাৰণেই ঈশ্বৰৰ ক্ৰোধ আহি আছে। ৭ তোমালোকেও আগতে এনে কামবোৰত লাগি আছিলা আৰু এয়াই তোমালোকৰ জীৱন-প্ৰণালী আছিল।* ৮ কিন্তু এতিয়া তোমালোকে নিজৰ পৰা ক্ৰোধ, খং, দুষ্টতা, গালি-শপনি আৰু অশ্লীল কথা-বতৰা সম্পূৰ্ণৰূপে দূৰ কৰা। ৯ এজনে-আনজনক মিছা কথা নকʼবা। পুৰণি ব্যক্তিত্বক* তাৰ অভ্যাসৰ সৈতে উলিয়াই পেলোৱা। ১০ আৰু সেই নতুন ব্যক্তিত্বক পিন্ধি লোৱা, যাৰ সৃষ্টি ঈশ্বৰে কৰে আৰু তাক সঠিক জ্ঞানেৰে ঈশ্বৰৰ প্ৰতিৰূপ অনুসৰি নতুন কৰি গৈ থাকা, ১১ যʼত কোনো গ্ৰীক বা যিহূদী, চুন্নৎ হোৱা বা চুন্নৎ নোহোৱা, বিদেশী, স্কুথীয়া,* দাস বা স্বাধীন এনে কোনো নাই, কিন্তু খ্ৰীষ্টই সকলো হয় আৰু সকলোতে আছে।
১২ সেইবাবে, ঈশ্বৰে বাছনি কৰা লোক হিচাপে তোমালোক, যিসকল পবিত্ৰ আৰু প্ৰিয় হোৱা, কৰুণাৰে পৰিপূৰ্ণ, কোমল স্নেহ, কৃপা, নম্ৰতা, কোমলতা আৰু ধৈৰ্যক কাপোৰৰ দৰে পিন্ধি লোৱা। ১৩ কাৰোবাৰ বিৰুদ্ধে যদি কিবা অভিযোগ কৰাৰ কাৰণো থাকে, তেতিয়াও এজনে-আনজনক সহন কৰি থাকা আৰু এজনে-আনজনক হৃদয় খুলি ক্ষমা কৰি থাকা। যিহোৱাই* যিদৰে তোমালোকক হৃদয় খুলি ক্ষমা কৰিলে, তোমালোকেও সেইদৰেই কৰা। ১৪ কিন্তু এইবোৰৰ উপৰিও, প্ৰেমক কাপোৰৰ দৰে পিন্ধি লোৱা, কিয়নো প্ৰেমে সকলোকে সম্পূৰ্ণৰূপে একতাত বান্ধি ৰাখে।
১৫ লগতে খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত শাসন কৰক,* কিয়নো এই শান্তিৰ কাৰণেই তোমালোকক মতা হৈছে যাতে তোমালোক এক শৰীৰ হৈ থাকা। তোমালোক কিমান কৃতজ্ঞ সেয়া দেখুওৱা। ১৬ খ্ৰীষ্টৰ বাক্য তোমালোকৰ ভিতৰত সম্পূৰ্ণৰূপে কাম কৰক আৰু তোমালোকক বুদ্ধিমান কৰি তোলক। গীত গাই, ঈশ্বৰৰ প্ৰশংসা কৰি আৰু কৃতজ্ঞতাৰে ভৰা হৃদয়েৰে উপাসনাৰ গীত গাই এজনে-আনজনক শিকাই থাকা আৰু এজনে-আনজনক উৎসাহিত কৰি থাকা* আৰু নিজৰ হৃদয়ত যিহোৱাৰ* কাৰণে গীত গাই থাকা। ১৭ আৰু তোমালোকে যিয়েই কোৱা বা কৰা, সকলো প্ৰভু যীচুৰ নামেৰে কৰা আৰু তেওঁৰ যোগেদি ঈশ্বৰ অৰ্থাৎ পিতৃক ধন্যবাদ দিয়া।
১৮ হে পত্নীসকল, নিজৰ নিজৰ স্বামীৰ অধীনত থাকা, কিয়নো খ্ৰীষ্টৰ শিষ্যসকলে এইদৰেই কৰা উচিত। ১৯ হে স্বামীসকল, নিজৰ নিজৰ পত্নীক প্ৰেম কৰি থাকা আৰু তেওঁলোকৰ ওপৰত খঙত জ্বলি-পকি নুঠিবা।* ২০ হে লʼৰা-ছোৱালীবিলাক, সকলো কথাত নিজৰ মা-দেউতাৰ কথা শুনা, কিয়নো প্ৰভুৱে ইয়াৰ পৰা আনন্দিত হয়। ২১ হে পিতৃসকল, নিজৰ লʼৰা-ছোৱালীক খং নোতোলাবা, নহʼলে সিহঁতে নিৰাশ হৈ যাব। ২২ হে দাসবিলাক, জগতত যিসকল তোমালোকৰ মালিক হয়, সকলো কথাত তেওঁলোকৰ আজ্ঞা পালন কৰা, কিন্তু মানুহক আনন্দিত কৰিবলৈ কেৱল তেওঁলোকৰ সন্মুখতে আজ্ঞা পালন নকৰিবা, ইয়াৰ পৰিৱৰ্তে সম্পূৰ্ণ হৃদয়েৰে আৰু যিহোৱালৈ* ভয় ৰাখি এইদৰে কৰা। ২৩ তোমালোকে যিয়েই কাম কৰা মনে-প্ৰাণে এইদৰে কৰা যেন মানুহৰ কাৰণে নহয়, কিন্তু যিহোৱাৰ* কাৰণে কৰিছা। ২৪ কিয়নো তোমালোকে জানা যে যিহোৱাৰ* পৰাই তোমালোকে পুৰস্কাৰ হিচাপে উত্তৰাধিকাৰ পাবা। নিজৰ মালিক খ্ৰীষ্টৰ দাস হৈ তেওঁৰ সেৱা কৰা। ২৫ যিজনে বেয়া কাম কৰে, তেওঁ নিজৰ বেয়া কামৰ ফল পাব, কাৰণ ঈশ্বৰে পক্ষপাত নকৰে।
৪ হে মালিকসকল, নিজৰ দাসবিলাকৰ লগত সঠিকভাৱে আৰু সততাৰে* ব্যৱহাৰ কৰা, কাৰণ তোমালোকে জানা যে স্বৰ্গত তোমালোকৰো এজন মালিক আছে।
২ প্ৰাৰ্থনাত লাগি থাকা আৰু এই বিষয়ত জাগি থাকা আৰু ধন্যবাদ দি থাকা। ৩ আমাৰ কাৰণেও প্ৰাৰ্থনা কৰি থাকা যেন ঈশ্বৰে আমাৰ কাৰণে সুযোগৰ দুৱাৰ খুলি দিয়ে যাতে আমি বাক্যৰ প্ৰচাৰ কৰিব পাৰোঁ আৰু খ্ৰীষ্টৰ বিষয়ে পবিত্ৰ ৰহস্য জনাব পাৰোঁ, কিয়নো মই ইয়াৰ কাৰণেই বন্দী হৈ আছোঁ। ৪ আৰু এই বিষয়ে প্ৰাৰ্থনা কৰা যে মই ইয়াৰ বিষয়ে স্পষ্টকৈ বুজাব পাৰোঁ, যিদৰে মই বুজোৱা উচিত।
৫ নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰি* বাহিৰৰ লোকসকলৰ লগত বুদ্ধিমতাৰে ব্যৱহাৰ কৰা। ৬ যিদৰে নিমখে আহাৰৰ সোৱাদ বঢ়ায়, ঠিক সেইদৰে সদায় নম্ৰতাৰে কথা পাতিলে তোমালোকৰ কথা শুনোঁতাসকলে ভাল পাব। তেতিয়া তোমালোকে জানিব পাৰিবা যে প্ৰতিজনকে কেনেকৈ উত্তৰ দিব লাগে।
৭ মোৰ মৰমৰ ভাই আৰু প্ৰভুত বিশ্বাসযোগ্য সেৱক আৰু সহদাস তুখিকে তোমালোকক মোৰ বিষয়ে সকলো খবৰ দিব। ৮ মই তেওঁক তোমালোকৰ ওচৰলৈ পঠোৱাৰ কাৰণ হৈছে যাতে তোমালোকে আমাৰ খা-খবৰ জানিব পাৰা আৰু তেওঁ তোমালোকক শান্ত্বনা দিব পাৰে। ৯ মই তেওঁৰ লগত নিজৰ বিশ্বাসযোগ্য আৰু মৰমৰ ভাই ওনীচিমক পঠাই আছোঁ, যিজন তোমালোকৰ এলেকাৰে হয়। তেওঁলোক দুয়োজনে ইয়াৰ পৰিস্থিতিৰ বিষয়ে সকলো কথা জনাব।
১০ আৰিষ্টাৰ্খ, যিজন মোৰ লগত বন্দী হৈ আছে, তেওঁ তোমালোকক নমস্কাৰ জনাইছে আৰু মাৰ্ক, যিজন বাৰ্ণব্বাৰ সম্পৰ্কীয় ভাই হয়, তেওঁ তোমালোকক নমস্কাৰ জনাইছে (যিজনৰ বিষয়ে তোমালোকক নিৰ্দেশনা দিয়া হৈছিল যে যদি তেওঁ তোমালোকৰ ওচৰলৈ আহে, তেনেহʼলে তেওঁক আদৰণি জনাবা) ১১ আৰু যীচু, যাক যুষ্ট বুলি কোৱা হয়, তেওঁ তোমালোকক নমস্কাৰ জনাইছে। এওঁলোক সেই লোকসকলৰ মাজৰ হয়, যিসকলক চুন্নৎ কৰা হৈছে। কেৱল এই লোকসকলেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকৰ্মী হয় আৰু এওঁলোকৰ পৰা মই বহুত শান্ত্বনা পালোঁ।* ১২ খ্ৰীষ্ট যীচুৰ দাস ইপাফ্ৰা, যিজন তোমালোকৰ এলেকাৰে হয়, তেওঁ তোমালোকক নমস্কাৰ জনাইছে। তেওঁ সদায় তোমালোকৰ কাৰণে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰে যাতে তোমালোকে পৰিপক্ক লোক হিচাপে দৃঢ় হৈ থাকিব পাৰা আৰু ঈশ্বৰৰ সকলো ইচ্ছাৰ বিষয়ে তোমালোকৰ সম্পূৰ্ণ বিশ্বাস হয়। ১৩ হয়, মই তোমালোকৰ এই কথাৰ সাক্ষী হওঁ যে তেওঁ তোমালোকৰ কাৰণে আৰু যিসকল লায়দিকেয়াত আৰু হিয়ৰাপলিত আছে, তেওঁলোকৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰে।
১৪ আমাৰ মৰমৰ ভাই চিকিৎসক লূক আৰু দীমায়ো তোমালোকক নমস্কাৰ জনাইছে। ১৫ লায়দিকেয়াৰ ভাইসকলক আৰু ভনী নুম্ফাক আৰু তেওঁৰ ঘৰত গোট খোৱা মণ্ডলীক মোৰ নমস্কাৰ। ১৬ যেতিয়া তোমালোকৰ মাজত এই চিঠি পঢ়া হʼব, তেতিয়া ইয়াৰ পাছত ইয়াক লায়দিকেয়াৰ মণ্ডলীতো পঢ়াৰ ব্যৱস্থা কৰিবা আৰু লায়দিকেয়াৰ পৰা অহা চিঠি তোমালোকেও পঢ়িবা। ১৭ আৰু আৰ্খিপ্পক কʼবা, “তুমি এই কথাৰ ওপৰত ধ্যান দিয়া যে প্ৰভুৰ সেৱা কৰিবলৈ যি দায়িত্ব গ্ৰহণ কৰিছিলা, তাক পূৰো কৰা।”
১৮ মই পৌল নিজ হাতেৰে তোমালোকলৈ নমস্কাৰ লিখি আছোঁ। মই যে বন্দী অৱস্থাত আছোঁ, এই কথা তোমালোকে মনত ৰাখা। ঈশ্বৰৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
অতি. ক৫ চাওক।
বা “অতীতৰ জগতৰ ব্যৱস্থাৰ।” শব্দকোষ চাওক।
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
বা “তোমালোকক তেওঁলোকৰ চিকাৰ হিচাপে ধৰি।”
বা হয়তো, “খ্ৰীষ্টৰ যোগেদি।”
বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।
এই কথাষাৰ মিছা ধৰ্মৰ পৰম্পৰাৰ পৰা হয়।
আক্ষ., “সেই অংগবোৰক, যি পৃথিৱীত আছে।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “তোমালোকে এইদৰেই জীৱন অতিবাহিত কৰিছিলা।”
আক্ষ., “মানুহ।”
ইয়াত “স্কুথীয়াৰ” অৰ্থ হৈছে, অসভ্য লোক।
অতি. ক৫ চাওক।
বা “হৃদয়ক নিয়ন্ত্ৰণত ৰাখক।”
বা “বুজাই থাকা।”
অতি. ক৫ চাওক।
বা “তেওঁলোকৰ লগত কঠোৰ ব্যৱহাৰ নকৰিবা।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “সদাচাৰেৰে।”
আক্ষ., “নিৰ্ধাৰিত সময়ক কিনি লোৱা।”
বা “এওঁলোক মোক উৎসাহিত কৰা সহায়ক হয়।”