থিচলনীকীয়াসকললৈ প্ৰথম চিঠি
১ মই পৌল, চীল* আৰু তীমথিয়, আমি থিচলনীকীয়াসকলৰ মণ্ডলীলৈ লিখি আছোঁ, যিসকল আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ লগত একতাত আছে:
তোমালোকলৈ ঈশ্বৰৰ মহা-কৃপা আৰু শান্তি হওক।
২ আমি যেতিয়াই প্ৰাৰ্থনাত তোমালোকৰ বিষয়ে উল্লেখ কৰোঁ, তেতিয়াই সদায় ঈশ্বৰক ধন্যবাদ দিওঁ। ৩ আমি নিজৰ পিতৃ আৰু ঈশ্বৰৰ ওচৰত সকলো সময়ত তোমালোকক মনত পেলাওঁ যে তোমালোকে কেনেকৈ বিশ্বাসেৰে সেৱা কৰা, প্ৰেমেৰে কঠোৰ পৰিশ্ৰম কৰা আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ওপৰত আশা ৰখাৰ কাৰণে ধৈৰ্য ধৰা। ৪ সেইবাবে ভাইসকল, তোমালোক যিসকল ঈশ্বৰৰ প্ৰিয় হোৱা, আমি জানোঁ যে তোমালোক তেওঁৰ বাছনি কৰা লোক হোৱা। ৫ কিয়নো আমি তোমালোকৰ মাজত যি শুভবাৰ্তাৰ প্ৰচাৰ কৰিছিলোঁ, সেয়া কেৱল কথাই নাছিল, ইয়াৰ পৰিৱৰ্তে এয়া ক্ষমতা আৰু পবিত্ৰ শক্তি আৰু সম্পূৰ্ণ নিশ্চয়তাৰে সৈতে তোমালোকক শুনোৱা হৈছিল। আৰু তোমালোকে নিজেই জানা যে আমি তোমালোকৰ কাৰণে কেনেধৰণৰ কাম কৰিছিলোঁ। ৬ তোমালোকে বহুতো সমস্যা সহন কৰি পবিত্ৰ শক্তিৰে পোৱা আনন্দেৰে সৈতে বাক্যক গ্ৰহণ কৰিলা আৰু তোমালোকে আমাক আৰু প্ৰভুক অনুকৰণ কৰোঁতা হʼলা। ৭ সেইবাবে, তোমালোকে মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকৰ কাৰণে এক উদাহৰণ হʼলা।
৮ এয়া সঁচা যে তোমালোকৰ যোগেদি যিহোৱাৰ* বাক্যৰ আলোচনা কেৱল মাকিদনিয়া আৰু আখায়াতেই বিয়পা নাই, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ওপৰত তোমালোকৰ বিশ্বাসৰ আলোচনা সকলো ঠাইতে হৈ আছে, সেইবাবে আমি আৰু একো কোৱাৰ প্ৰয়োজন নাই। ৯ কিয়নো লোকসকলে নিজেই কয় যে আমি প্ৰথমবাৰ কেনেকৈ তোমালোকক লগ কৰিছিলোঁ আৰু তোমালোকে কিদৰে নিজৰ মূৰ্তিবোৰক এৰি ঈশ্বৰৰ ওচৰলৈ উভতি আহিছা যাতে জীৱিত আৰু সত্য ঈশ্বৰৰ সেৱা কৰিব পাৰা ১০ আৰু স্বৰ্গৰ পৰা তেওঁৰ পুত্ৰ যীচু অহালৈ অপেক্ষা কৰিব পাৰা, যিজনক তেওঁ মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু যিজনে আমাক আহিবলগীয়া ঈশ্বৰৰ ক্ৰোধৰ পৰা বচাব।
২ ভাইসকল, তোমালোকে জানা যে আমি তোমালোকৰ তালৈ যোৱাটো ব্যৰ্থ নহʼল। ২ যিদৰে তোমালোকে জানা, আমি ফিলিপীত বহুত কষ্ট ভুগিছিলোঁ আৰু আমাক অপমান কৰা হৈছিল, তথাপি নিজৰ ঈশ্বৰৰ সহায়ত আমি সাহস গোটালোঁ যাতে ইমান বিৰোধ হোৱাৰ সত্ত্বেও* তোমালোকক তেওঁৰ শুভবাৰ্তা শুনাব পাৰোঁ। ৩ আমি তোমালোকক যি শিক্ষা দিওঁ, সেয়া মিছা কথাৰ ওপৰত আধাৰিত বা বেয়া উদ্দেশ্যেৰে নহয় আৰু ইয়াত কোনো ছলনাও নাই। ৪ কিন্তু ঈশ্বৰে আমাক শুভবাৰ্তা শুনোৱাৰ যোগ্য বুলি ভাবি এই দায়িত্ব দিছে, সেইবাবে আমি যিয়েই কওঁ, সেয়া মানুহক নহয়, কিন্তু ঈশ্বৰক আনন্দিত কৰিবলৈ কওঁ, যিজনে আমাৰ হৃদয়ক পৰীক্ষা কৰে।
৫ আচলতে, তোমালোকে জানা যে আমি কেতিয়াও তোমালোকৰ মিছা প্ৰশংসা কৰা নাছিলোঁ আৰু আমাৰ কোনো বস্তুৰ লোভ নাছিল, যাক লুকুৱাবলৈ আমি ভাও ধৰিবলগীয়া হʼল। ঈশ্বৰ এই কথাৰ সাক্ষী হয়। ৬ আমি তোমালোকৰ পৰাই হওক বা আনৰ পৰাই হওক, কোনো মানুহৰ পৰা প্ৰশংসা পাব বিচৰা নাছিলোঁ, আমি বিচৰা হʼলে খ্ৰীষ্টৰ পাঁচনি* হোৱাৰ বাবে তোমালোকৰ ওপৰত গধুৰ বোজা হʼব পাৰিলোঁহেঁতেন। ৭ ইয়াৰ পৰিৱৰ্তে, আমি তোমালোকৰ লগত কোমলতাৰে ব্যৱহাৰ কৰিলোঁ, যিদৰে এগৰাকী গাখীৰ খোৱাওঁতা মাকে নিজৰ সন্তানৰ প্ৰেমেৰে যত্ন লয়। ৮ তোমালোকৰ প্ৰতি কোমল স্নেহ থকাৰ বাবে আমি তোমালোকক ঈশ্বৰৰ শুভবাৰ্তা কেৱল শুনোৱাই নাছিলোঁ, কিন্তু তোমালোকৰ কাৰণে আমি নিজৰ জীৱন দিবলৈও সাজু আছিলোঁ, কিয়নো তোমালোক আমাৰ অতি প্ৰিয় আছিলা।
৯ ভাইসকল, আমি যি কঠোৰ পৰিশ্ৰম কৰিছিলোঁ আৰু যি সংঘৰ্ষ কৰিছিলোঁ, সেই সকলো তোমালোকৰ নিশ্চয় মনত আছে। যেতিয়া আমি তোমালোকক ঈশ্বৰৰ শুভবাৰ্তা শুনাইছিলোঁ, তেতিয়া দিনে-ৰাতিয়ে কাম কৰিছিলোঁ যাতে তোমালোকৰ কাৰো ওপৰত গধুৰ বোজা নহওঁ। ১০ তোমালোক, যিসকল যীচুৰ শিষ্য হৈছা, তোমালোকৰ লগত ব্যৱহাৰ কৰাৰ সময়ত আমি কেনেকৈ বিশ্বাসী, সঠিক আৰু নিৰ্দোষী বুলি প্ৰমাণিত হৈছোঁ, এই কথাৰ তোমালোক সাক্ষী হোৱা আৰু ঈশ্বৰো হয়। ১১ তোমালোকে ভালদৰে জানা যে আমি তোমালোক প্ৰতিজনকে উপদেশ দিছিলোঁ, শান্ত্বনা দিছিলোঁ আৰু শিকাই-বুজাই আছিলোঁ, যিদৰে এজন পিতৃয়ে নিজৰ সন্তানৰ লগত কৰে ১২ যাতে তোমালোকৰ আচাৰ-ব্যৱহাৰ সদায় ঈশ্বৰৰ দৃষ্টিত সঠিক হয়, যিজনে তোমালোকক নিজৰ ৰাজ্য আৰু নিজৰ মহিমাত সহভাগী হʼবলৈ মাতিছে।
১৩ সেইবাবে, আমি সকলো সময়ত ঈশ্বৰক ধন্যবাদ দিওঁ, কাৰণ যেতিয়া তোমালোকে ঈশ্বৰৰ বাক্য আমাৰ পৰা শুনিছিলা, তেতিয়া ইয়াক মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলি ভাবি গ্ৰহণ কৰিছিলা আৰু এয়া সঁচাকৈ ঈশ্বৰৰ বাক্য। আৰু তোমালোক, যিসকল যীচুৰ শিষ্য হোৱা, তোমালোকৰ ওপৰত এই বাক্যই প্ৰভাৱ পেলাইছে। ১৪ ভাইসকল, তোমালোকে ঈশ্বৰৰ সেই মণ্ডলীবোৰৰ উদাহৰণত চলিছা, যি যিহূদিয়াত খ্ৰীষ্ট যীচুৰ লগত একতাত আছে। কিয়নো তেওঁলোকে যেনেকৈ যিহূদী লোকসকলৰ হাতত দুখ-কষ্ট সহন কৰিছে, তেনেকৈ তোমালোকেও নিজৰ দেশৰ লোকসকলৰ হাতত দুখ-কষ্ট সহন কৰিছা। ১৫ সেই যিহূদীসকলে প্ৰভু যীচুক আৰু ভৱিষ্যবক্তাসকলকো হত্যা কৰিলে আৰু আমাৰ ওপৰতো অত্যাচাৰ কৰিলে আৰু তেওঁলোকে ঈশ্বৰক আনন্দিত নকৰি সকলো মানুহৰ বিৰুদ্ধে কাম কৰে। ১৬ কিয়নো তেওঁলোকে আন ৰাষ্ট্ৰৰ লোকক প্ৰচাৰ কৰাত আমাক বাধা দিছে যাতে তেওঁলোকৰ উদ্ধাৰ নহয়। এইদৰে তেওঁলোকে নিজৰ পাপ বঢ়াই গৈ থাকে। কিন্তু এতিয়া ঈশ্বৰৰ ক্ৰোধ তেওঁলোকৰ ওপৰত নামি আহিছে।
১৭ ভাইসকল, যেতিয়া আমি কিছু সময়ৰ কাৰণে তোমালোকৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল (যদিও তোমালোক আমাৰ পৰা দূৰত আছিলা, কিন্তু হৃদয়ৰ পৰা ওচৰত আছিলা), তেতিয়া তোমালোকক লগ কৰিবলৈ* আমাৰ বৰ ইচ্ছা আছিল, সেইবাবে আমি তোমালোকৰ ওচৰত আহিবলৈ সকলো ধৰণে চেষ্টা কৰিলোঁ। ১৮ আমি, হয়, মই পৌলে দুবাৰ তোমালোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু চয়তানে আমাৰ ৰাস্তাত বাধা দিলে। ১৯ আমাৰ প্ৰভু যীচুৰ উপস্থিতিৰ সময়ত আমাৰ আশা বা আনন্দ বা বিজয়ৰ কিৰীটি কোন হʼব? সেয়া তোমালোকেই নহʼবা নে? ২০ হয়, তোমালোক আমাৰ গৌৰৱ আৰু আনন্দ হোৱা।
৩ তোমালোকৰ খবৰ জানিবলৈ বেছিকৈ ইচ্ছা হোৱাৰ কাৰণে মই আথীনীত অকলে থাকিবলৈ নিৰ্ণয় লʼলোঁ ২ আৰু আমাৰ ভাই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠিয়াম, যিজন খ্ৰীষ্টৰ শুভবাৰ্তা শুনোৱা ঈশ্বৰৰ সেৱক* হয় যাতে তেওঁ তোমালোকক শান্ত্বনা দিয়ে আৰু তোমালোকৰ বিশ্বাস মজবুত কৰে। ৩ আৰু তোমালোকৰ মাজৰ কোনেও যেন এই দুখ-কষ্টৰ কাৰণে দুৰ্বল নহয়। তোমালোকে নিজেই জানা যে আমি এই দুখ-কষ্টৰ পৰা হাত সাৰিব নোৱাৰোঁ।* ৪ যেতিয়া আমি তোমালোকৰ লগত আছিলোঁ, তেতিয়া আমি তোমালোকক প্ৰায়েই কৈছিলোঁ যে আমি দুখ-কষ্ট ভুগিব লাগিব। আৰু তোমালোকে যিদৰে জানা, ঠিক সেইদৰেই ঘটিছে। ৫ সেইবাবে, মই যেতিয়া তোমালোকৰ খবৰ জানিবলৈ আগ্ৰহী হৈ আছিলোঁ, তেতিয়া মই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠিয়ালোঁ যাতে তোমালোক বিশ্বাসযোগ্য হৈ আছা, নে নাই, সেয়া জানিব পাৰোঁ, কিয়নো মোৰ ভয় আছিল যে ফুচুলোৱা লোকসকলে তোমালোকক ফুচুলোৱাতো নাই আৰু আমাৰ পৰিশ্ৰম ব্যৰ্থতো হোৱা নাই।
৬ কিন্তু এতিয়া তীমথিয় তোমালোকৰ তাৰ পৰা আমাৰ ওচৰলৈ আহিছে আৰু তেওঁ আমাক তোমালোকৰ প্ৰেম আৰু ঈশ্বৰৰ ওপৰত থকা ভৰসাৰ বিষয়ে ভাল খবৰ জনাইছে। তেওঁ এয়াও জনাইছে যে তোমালোকে আমাক বহুত মনত পেলোৱা আৰু আমাক চাবলৈ আগ্ৰহী হৈ আছা, ঠিক যেনেকৈ আমিও তোমালোকক চাবলৈ আগ্ৰহী হৈ আছোঁ। ৭ সেইবাবে ভাইসকল, যদিও আমি বহুতো দুখ-কষ্ট* আৰু সমস্যাৰ সন্মুখীন হৈ আছোঁ, তথাপি তোমালোকৰ বিষয়ে আৰু ঈশ্বৰৰ ওপৰত থকা তোমালোকৰ ভৰসাৰ বিষয়ে শুনি আমি বহুত শান্ত্বনা পাইছোঁ। ৮ তোমালোকে প্ৰভুত দৃঢ়তাৰে থিয় হৈ আছা বুলি জানি আমি নতুন শক্তি লাভ কৰোঁ।* ৯ তোমালোকৰ কাৰণে ঈশ্বৰৰ আগত আমি যি আনন্দ অনুভৱ কৰিছোঁ, তাৰ বাবে আমি ঈশ্বৰক কেনেকৈ কৃতজ্ঞতা দেখুৱাম? ১০ আমি দিনে-ৰাতিয়ে আন্তৰিকতাৰে ঈশ্বৰলৈ মিনতি কৰোঁ যেন আমি তোমালোকক সঁচাকৈ দেখা পাওঁ আৰু তোমালোকৰ বিশ্বাস দৃঢ় কৰাৰ কাৰণে যি প্ৰয়োজন, সেয়া কৰিব পাৰোঁ।
১১ আমি প্ৰাৰ্থনা কৰোঁ যে নিজেই আমাৰ ঈশ্বৰ আৰু পিতৃ, লগতে আমাৰ প্ৰভু যীচুৱে আমাৰ কাৰণে কোনো ৰাস্তা উলিয়ায়, যেন আমি তোমালোকৰ ওচৰলৈ যাব পাৰোঁ। ১২ আমি এয়াও প্ৰাৰ্থনা কৰোঁ যে যিদৰে তোমালোকৰ প্ৰতি আমাৰ প্ৰেম বাঢ়ি গৈ আছে, তেনেকৈ প্ৰভুৱে তোমালোকৰ প্ৰেম বঢ়াই থাকক, হয়, এজনে-আনজনৰ প্ৰতি আৰু সকলোৰে প্ৰতি তোমালোকৰ প্ৰেম বাঢ়ি থাকক। ১৩ এইদৰে আমাৰ প্ৰভু যীচু নিজৰ সকলো পবিত্ৰ লোকৰ লগত উপস্থিত হোৱাৰ সময়ত আমাৰ ঈশ্বৰ আৰু পিতৃৰ আগত তেওঁ তোমালোকৰ হৃদয় মজবুত কৰক আৰু তোমালোকক পবিত্ৰ আৰু নিৰ্দোষী কৰক।
৪ ভাইসকল, তোমালোকে আমাৰ পৰা শিকিছিলা যে ঈশ্বৰক আনন্দিত কৰিবলৈ তোমালোকৰ আচাৰ-ব্যৱহাৰ কেনে হোৱা উচিত আৰু সঁচাকৈ তোমালোকৰ আচাৰ-ব্যৱহাৰ এইদৰেই হয়। এতিয়া আমি প্ৰভু যীচুৰ নামেৰে তোমালোকক অনুৰোধ কৰোঁ আৰু তোমালোকক উৎসাহিত কৰোঁ যে তোমালোকে সম্পূৰ্ণৰূপে এইদৰে কৰি থাকা। ২ তোমালোকে জানা যে আমি প্ৰভু যীচুৰ ফালৰ পৰা তোমালোকক কি কি নিৰ্দেশনা* দিছিলোঁ।
৩ ঈশ্বৰৰ ইচ্ছা এয়েই যে তোমালোক পবিত্ৰ হৈ থাকা আৰু অনৈতিক শাৰীৰিক সম্পৰ্কৰ* পৰা দূৰত থাকা। ৪ আৰু তোমালোক প্ৰতিজনে পবিত্ৰতা আৰু আদৰেৰে সৈতে নিজৰ শৰীৰক* নিয়ন্ত্ৰণত ৰাখিবলৈ শিকিব লাগিব। ৫ তোমালোকে ঈশ্বৰক নজনা ৰাষ্ট্ৰৰ লোকসকলৰ দৰে নহʼবা, যিসকলে লোভেৰে আৰু নিয়ন্ত্ৰণ নোহোৱাকৈ নিজৰ কামভাৱ পূৰ কৰে। ৬ কোনেও এই ক্ষেত্ৰত নিজৰ সীমা পাৰ নকৰক আৰু নিজৰ ভাইৰ ক্ষতি নকৰক, কিয়নো যিহোৱাই* এই সকলো কামৰ শাস্তি দিয়ে, যিদৰে আমি তোমালোকক আগতেও কৈছিলোঁ আৰু কঠোৰ সাৱধানবাণী দিছিলোঁ। ৭ কাৰণ ঈশ্বৰে আমাক অশুচি কামৰ কাৰণে নহয়, কিন্তু পবিত্ৰ হʼবলৈ মাতিছে। ৮ সেইবাবে, যিজন মানুহে এই কথাক অস্বীকাৰ কৰে, তেওঁ কোনো মানুহক নহয়, ইয়াৰ পৰিৱৰ্তে সেইজন ঈশ্বৰক অস্বীকাৰ কৰে, যিজনে তোমালোকক নিজৰ পবিত্ৰ শক্তি দিয়ে।
৯ কিন্তু ভাতৃপ্ৰেমৰ বিষয়ে তোমালোকলৈ মই একো লিখাৰ প্ৰয়োজন নাই, কিয়নো তোমালোকক ঈশ্বৰে নিজেই এজনে-আনজনক প্ৰেম কৰিবলৈ শিকাইছে। ১০ আৰু সঁচাকৈ তোমালোকে মাকিদনিয়াৰ সকলো ভাইসকলক প্ৰেম কৰি আছা। কিন্তু ভাইসকল, আমি তোমালোকক উৎসাহিত কৰিছোঁ যে তোমালোকে আৰু বেছিকৈ এইদৰে কৰি থাকা। ১১ আৰু যিদৰে মই তোমালোকক নিৰ্দেশনা দিছিলোঁ, সেই অনুসৰি তোমালোকে শান্তিৰে জীৱন-যাপন কৰিবলৈ, আনৰ বিষয়ত নোসোমাবলৈ আৰু নিজৰ হাতেৰে পৰিশ্ৰম কৰিবলৈ লক্ষ্য ৰাখা ১২ যাতে বাহিৰৰ লোকসকলৰ দৃষ্টিত তোমালোকৰ আচাৰ-ব্যৱহাৰ ভদ্ৰ হয় আৰু তোমালোকৰ বস্তুৰ কোনো অভাৱ নহয়।
১৩ ইয়াৰ উপৰিও ভাইসকল, যিসকলে মৃত্যুৰ টোপনিত আছে, তেওঁলোকৰ ভৱিষ্যৎ কি হʼব, এই কথা তোমালোকে নজনাকৈ থকাটো মই নিবিচাৰোঁ যাতে তোমালোকে সেই লোকসকলৰ দৰে শোক নকৰা, যিসকলৰ ওচৰত কোনো আশা নাই। ১৪ যদি আমাৰ বিশ্বাস আছে যে যীচু মৰিল আৰু জীয়াই উঠিল, তেনেহʼলে আমাৰ এয়াও বিশ্বাস আছে যে যিসকল যীচুৰ লগত একতাত মৃত্যুৰ টোপনিত গʼল, তেওঁলোকক ঈশ্বৰে যীচুৰ যোগেদি জীয়াই তুলিব। ১৫ কিয়নো আমি যিহোৱাৰ* বাক্যৰে তোমালোকক কওঁ যে আমাৰ মাজৰ যিসকলে প্ৰভুৰ উপস্থিতিৰ সময়ছোৱাত জীয়াই থাকিব, তেওঁলোক কোনোপধ্যেই সেই লোকসকলতকৈ আগেয়ে স্বৰ্গলৈ নাযাব, যিসকল ইতিমধ্যে মৃত্যুৰ টোপনিত গৈছে। ১৬ কিয়নো প্ৰভু নিজেই প্ৰধান স্বৰ্গদূতৰ ডাঙৰ মাতেৰে মাত লগাই স্বৰ্গৰ পৰা নামিব আৰু ঈশ্বৰৰ তূৰী বজোৱা হʼব আৰু যিসকলৰ খ্ৰীষ্টৰ লগত একতাত মৃত্যু হৈছে, তেওঁলোক প্ৰথমে জীয়াই উঠিব। ১৭ ইয়াৰ পাছত আমি, যিসকল জীৱিত আৰু বাচি থাকিম, তেওঁলোকৰ লগত আমাক মেঘৰ মাজত উঠাই নিয়া হʼব যাতে আমি বতাহত প্ৰভুক লগ পাম। এইদৰে আমি সদায় প্ৰভুৰ লগত থাকিম। ১৮ সেইবাবে, এই সকলো কথাৰ যোগেদি এজনে-আনজনক শান্ত্বনা দি থাকা।
৫ ভাইসকল, এইবোৰ কেতিয়া হʼব, আমি ইয়াৰ কাল আৰু সময়ৰ বিষয়ে তোমালোকক একো লিখাৰ প্ৰয়োজন নাই। ২ কাৰণ তোমালোকে নিজেই ভালদৰে জানা যে যিহোৱাৰ* দিন ঠিক সেইদৰে আহি আছে, যিদৰে ৰাতি চোৰ আহে। ৩ যেতিয়া লোকসকলে “শান্তি আৰু সুৰক্ষা” বুলি কʼব, তেতিয়া গৰ্ভৱতী তিৰোতাৰ হঠাতে প্ৰসৱ বেদনা হোৱাৰ দৰে তোমালোকৰ ওপৰত হঠাতে বিনাশ আহি পৰিব আৰু তোমালোকে কোনোপধ্যেই তাৰ পৰা বাচিব নোৱাৰা। ৪ কিন্তু হে ভাইসকল, তোমালোকে অন্ধকাৰত নাই যে সেই দিন তোমালোকৰ ওপৰত এনেদৰে আহি পৰিব, যিদৰে দিনৰ পোহৰ চোৰৰ ওপৰত আহি পৰে। ৫ কাৰণ তোমালোক সকলোৱে পোহৰৰ পুত্ৰ আৰু দিনৰ পুত্ৰ হোৱা। আমি ৰাতিৰো নহওঁ আৰু অন্ধকাৰৰো নহওঁ।
৬ তেনেহʼলে আহা, আমি বাকী লোকসকলৰ দৰে শুই নাথাকোঁ, ইয়াৰ পৰিৱৰ্তে জাগি থাকোঁ আৰু সচেতন হৈ থাকোঁ। ৭ যিসকলে শোৱে, তেওঁলোকে ৰাতি শোৱে আৰু যিসকলে মতলীয়া হয়, তেওঁলোকে ৰাতিৰ সময়ত মতলীয়া হয়। ৮ কিন্তু আমি যিসকল দিনৰ হওঁ, আহা আমি সচেতন হৈ থাকোঁ আৰু বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি আৰু উদ্ধাৰৰ আশাৰ টুপী পিন্ধি থাকোঁ। ৯ কিয়নো ঈশ্বৰে আমাক তেওঁৰ ক্ৰোধ সহিবলৈ নহয়, কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি উদ্ধাৰ পাবলৈ বাছনি কৰিছে। ১০ খ্ৰীষ্ট আমাৰ কাৰণে মৰিল যাতে আমি যদিও জাগি থাকোঁ বা শুই* থাকোঁ, আমি তেওঁৰ লগতে জীৱিত থাকোঁ। ১১ সেইবাবে, এজনে-আনজনক উৎসাহিত কৰি থাকা* আৰু এজনে-আনজনক মজবুত কৰি থাকা, যিদৰে তোমালোকে কৰিও আছা।
১২ ভাইসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকৰ মাজত যিসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ নেতৃত্ব লয় আৰু তোমালোকক শিকায়-বুজায়, তেওঁলোকক সন্মান কৰা। ১৩ আৰু তেওঁলোকৰ কামৰ কাৰণে প্ৰেমেৰে তেওঁলোকক আৰু বেছি সন্মান কৰা। এজনে-আনজনৰ লগত শান্তি স্থাপন কৰোঁতা হোৱা। ১৪ আৰু ভাইসকল, আমি তোমালোকক উৎসাহিত কৰিছোঁ যে যিসকলে কথা নুশুনে, তেওঁলোকক বুজোৱা,* যিসকল নিৰাশাত আছে, তেওঁলোকক নিজৰ কথাৰে শান্ত্বনা দিয়া, দুৰ্বলক সহায় কৰা আৰু সকলোৰে লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰা। ১৫ এই কথাৰ ওপৰতো ধ্যান দিয়া যে কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে, কিন্তু তোমালোকে সদায় এজনে-আনজনৰ কাৰণে আৰু বাকী সকলোৰে কাৰণে ভাল কাম কৰাত লাগি থাকা।
১৬ সদায় আনন্দত থাকা। ১৭ নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। ১৮ প্ৰতিটো কথাত ধন্যবাদ দিয়া। খ্ৰীষ্ট যীচুত তোমালোকৰ কাৰণে ঈশ্বৰৰ এয়েই ইচ্ছা। ১৯ পবিত্ৰ শক্তিৰ কামত বাধা নিদিবা।* ২০ ভৱিষ্যবাণীবোৰক তুচ্ছ বুলি নাভাবিবা। ২১ সকলো কথা চালি-জাৰি চোৱা, যি আটাইতকৈ ভাল তাক ধৰি ৰাখা। ২২ সকলো ধৰণৰ দুষ্টতাৰ পৰা আঁতৰি থাকা।
২৩ মোৰ প্ৰাৰ্থনা এয়েই যে শান্তিৰ ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক। তোমালোকৰ মন, প্ৰাণ* আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ উপস্থিতিৰ সময়ছোৱাত সকলো ফালৰ পৰা নিৰ্দোষী হৈ থাকক। ২৪ যিজনে তোমালোকক মাতিছে, তেওঁ বিশ্বাসযোগ্য হয় আৰু তেওঁ নিশ্চয় এইদৰে কৰিব।
২৫ ভাইসকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা।
২৬ পবিত্ৰ চুমাৰে সকলো ভাইক নমস্কাৰ কৰা।
২৭ মই প্ৰভুৰ নামেৰে তোমালোকক দায়িত্ব দিছোঁ যে সকলো ভাইৰ আগত যেন এই চিঠি পঢ়ি শুনোৱা হয়।
২৮ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।
বা “চীলবান।”
অতি. ক৫ চাওক।
বা হয়তো, “কঠোৰ সংঘৰ্ষ কৰি।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “তোমালোকৰ মুখ চাবলৈ।”
বা হয়তো, “ঈশ্বৰৰ সহকৰ্মী।”
বা “আমাৰ কাৰণে দুখ-কষ্ট নিশ্চিত।”
আক্ষ., “অভাৱ।”
আক্ষ., “আমি জীয়াই আছোঁ।”
বা “আদেশ।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
আক্ষ., “পাত্ৰক।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “মৃত্যুৰ টোপনিত শুই।”
বা “শান্ত্বনা দি থাকা।”
বা “সাৱধানবাণী দিয়া।”
আক্ষ., “পবিত্ৰ শক্তিৰ জুইক নুনুমাবা।”
শব্দকোষত “জীৱন” চাওক।