থিচলনীকীয়াসকললৈ দ্বিতীয় চিঠি
১ মই পৌল, চীল* আৰু তীমথিয়ৰ লগত মিলি থিচলনীকীয়াসকলৰ মণ্ডলীলৈ লিখি আছোঁ, যিসকল আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ লগত একতাত আছে:
২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।
৩ ভাইসকল, আমি তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ দিয়াটো আমাৰ কৰ্তব্য হয়। এইদৰে কৰা সঠিকো হয়, কিয়নো তোমালোকৰ বিশ্বাস বেগেৰে বাঢ়ি গৈ আছে আৰু এজনে-আনজনৰ কাৰণে তোমালোকৰ প্ৰেমো বাঢ়ি গৈ আছে। ৪ এই কাৰণে আমি ঈশ্বৰৰ মণ্ডলীবোৰত তোমালোকক লৈ গৌৰৱ অনুভৱ কৰোঁ, কিয়নো তোমালোকে ইমান অত্যাচাৰ আৰু কষ্ট* ভুগি ধৈৰ্য ধৰি আছা আৰু বিশ্বাসত মজবুত হৈ আছা। ৫ এয়া ঈশ্বৰৰ প্ৰকৃত ন্যায়ৰ প্ৰমাণ হয় আৰু এই কাৰণে তোমালোকক ঈশ্বৰৰ ৰাজ্যৰ যোগ্য বুলি গণ্য কৰা হʼব, যি ৰাজ্যৰ কাৰণে তোমালোকে ইমান কষ্ট ভুগি আছা।
৬ ঈশ্বৰৰ দৃষ্টিত এয়া সঠিক যে তেওঁ সেই লোকসকলৰ ওপৰত সংকট আনে, যিসকলে তোমালোকৰ ওপৰত সংকট আনে। ৭ কিন্তু তোমালোক, যিসকলে সংকট ভুগি আছা, তোমালোকে আমাৰ লগত সেই সময়ত ৰেহাই পাবা, যেতিয়া প্ৰভু যীচুৱে নিজৰ শক্তিশালী দূতৰ লগত স্বৰ্গৰ পৰা প্ৰকাশিত হʼব। ৮ তেওঁ সেই লোকসকলৰ পৰা প্ৰতিশোধ লʼব, যিসকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্ৰভু যীচুৰ বিষয়ে শুভবাৰ্তাৰ অনুসৰি নচলে। ৯ তেওঁলোকক প্ৰভুৰ ওচৰৰ পৰা আৰু তেওঁৰ শক্তিৰ মহিমাৰ পৰা দূৰ কৰা হʼব আৰু তেওঁলোকক শাস্তি দি সদায় কালৰ কাৰণে ধ্বংস কৰা হʼব। ১০ এয়া সেই সময়ত হʼব, যেতিয়া তেওঁ নিজৰ পবিত্ৰ লোকসকলৰ লগত মহিমা পাবলৈ আহিব আৰু সেই দিনা সেই সকলোৱে তেওঁৰ প্ৰশংসা কৰিব, যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিছে। কিয়নো আমি যি সাক্ষ্য দিছিলোঁ, তাৰ ওপৰত তোমালোকে বিশ্বাস কৰিলা।
১১ সেইবাবে, আমি তোমালোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰোঁ যে আমাৰ ঈশ্বৰে তোমালোকক তেওঁৰ নিমন্ত্ৰণৰ যোগ্য বুলি ভাবক আৰু নিজৰ শক্তিৰে তেওঁ যি যি ভাল কাম কৰিব বিচাৰে, সেই সকলো কৰক আৰু তোমালোকে বিশ্বাসৰ কাৰণে যিমান কাম কৰা, সেইবোৰ সফল কৰক। ১২ এইদৰে আমাৰ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপাৰ অনুসৰি তোমালোকৰ যোগেদি আমাৰ প্ৰভু যীচুৰ নাম মহিমা হওক আৰু তেওঁৰ লগত একতাত থাকি তোমালোকৰো মহিমা হওক।
২ কিন্তু ভাইসকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ উপস্থিতি আৰু তেওঁৰ লগত একত্ৰিত হোৱাৰ বিষয়ে আমি তোমালোকক অনুৰোধ কৰিছোঁ ২ যে যদি কোনোবাই কয় যিহোৱাৰ* দিন আহি গʼল, তেতিয়া সোনকালে অস্থিৰ নহʼবা আৰু চিন্তিতও নহʼবা, যদিও কোনোবাই সেয়া ঈশ্বৰৰ প্ৰেৰণাৰে লিখা বাৰ্তা বুলি নকওক কিয়, তোমালোকে মৌখিকভাৱে শুনা বাৰ্তা নহওক কিয় বা সেয়া আমি পঠোৱা চিঠিৰ দৰে নালাগক কিয়।
৩ কোনেও যেন কোনো উপায়েৰে তোমালোকক ভুল পথলৈ নিনিয়ে,* কিয়নো সেই দিন অহাৰ আগেয়ে প্ৰথমে ঈশ্বৰক বিদ্ৰোহ* কৰা হʼব আৰু সেই পাপী অৰ্থাৎ বিনাশৰ সন্তান প্ৰকাশ পাব। ৪ সি বিৰোধ কৰে আৰু ঈশ্বৰ নামেৰে জনাজাত এনে প্ৰতিজন লোকতকৈ আৰু উপাসনাৰ যোগ্য সকলো বস্তুতকৈ* নিজকে ওখত ৰাখে আৰু এইদৰে সি ঈশ্বৰৰ মন্দিৰত বহি সকলোৰে আগত নিজকে ঈশ্বৰ বুলি কয়। ৫ তোমালোকৰ মনত নাই নে, যেতিয়া মই তোমালোকৰ লগত আছিলোঁ, তেতিয়া এইবোৰ হʼব বুলি মই প্ৰায়েই তোমালোকক কৈছিলোঁ?
৬ এতিয়া তোমালোকে জানা যে কোনে তাক বাধা দি আছে যাতে নিৰ্ধাৰিত সময়ত তাক প্ৰকাশ কৰা হয়। ৭ এয়া সঁচা যে সেই পাপীৰ দুষ্টতা, যি এক ৰহস্য হয়, ইতিমধ্যে কাম কৰি আছে, কিন্তু যিজনে তাক বাধা দিছে, তেওঁ যেতিয়ালৈকে আঁতৰি নাযায়, তেতিয়ালৈকে এই দুষ্টতা ৰহস্য হৈয়ে থাকিব। ৮ ইয়াৰ পাছত সেই পাপী প্ৰকাশিত হʼব আৰু যেতিয়া প্ৰভু যীচুৱে নিজৰ উপস্থিতি প্ৰকাশ কৰিব, তেতিয়া তেওঁ সেই পাপীক নিজৰ মুখেৰে ফু মাৰি ধ্বংস কৰিব আৰু তাক ভষ্ম কৰি দিব। ৯ কিন্তু সেই পাপী উপস্থিত হোৱাটো চয়তানৰ ফালৰ পৰা হয়। সেই পাপীয়ে সকলো ধৰণৰ শক্তিশালী কাম, মিছা চিন আৰু চমৎকাৰ ১০ আৰু সকলো ধৰণৰ দুষ্টতা আৰু ছলনাৰ কাম কৰিব। আৰু এইবোৰে সিহঁতক ভুল পথলৈ পৰিচালিত কৰিব, যি ধ্বংসৰ ফালে গৈ আছে। এয়াই সিহঁতৰ শাস্তি হয়, কিয়নো সিহঁতে সত্যক প্ৰেম নকৰিলে, যাৰ যোগেদি সিহঁতে উদ্ধাৰ পালেহেঁতেন। ১১ সেইবাবে, ঈশ্বৰে সিহঁতক মিছা শিক্ষাৰ প্ৰভাৱত পৰিবলৈ দিয়ে যাতে সিহঁতে মিছাৰ ওপৰত বিশ্বাস কৰে। ১২ আৰু সেই সকলোকে শাস্তি দিয়া হয়, কিয়নো সিহঁতে সত্যৰ ওপৰত বিশ্বাস নকৰিলে, ইয়াৰ পৰিৱৰ্তে দুষ্টতাত আনন্দিত হʼল।
১৩ কিন্তু ভাইসকল, তোমালোক যিসকল যিহোৱাৰ প্ৰিয় হোৱা, তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ কৰাটো আমাৰ কৰ্তব্য হয়, কিয়নো ঈশ্বৰে তোমালোকক আৰম্ভণিৰে পৰা বাছনি কৰিছে। তেওঁ নিজৰ পবিত্ৰ শক্তিৰে তোমালোকক শুদ্ধ কৰাৰ যোগেদি আৰু সত্যৰ ওপৰত তোমালোকৰ বিশ্বাসৰ যোগেদি তোমালোকক উদ্ধাৰ কৰিবলৈ বাছনি কৰিছে। ১৪ আৰু সেই শুভবাৰ্তাৰ যোগেদি তোমালোকক মতা হৈছে, যি আমি শুনাওঁ যাতে তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমা পাব পাৰা। ১৫ সেইবাবে ভাইসকল, দৃঢ়তাৰে থিয় হৈ থাকা আৰু যিবোৰ কথা* তোমালোকক শিকোৱা হৈছিল, সেইবোৰ পালন কৰি থাকা, যদিও সেয়া তোমালোকক মৌখিকভাৱে শিকোৱা হৈছিল বা আমাৰ চিঠিৰ যোগেদি। ১৬ আমাৰ প্ৰভু যীচু খ্ৰীষ্ট আৰু আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ, যিজনে আমাক প্ৰেম কৰে আৰু নিজৰ মহা-কৃপাৰ যোগেদি আমাক সদায় বৰ্তি থকা শান্ত্বনা দিছে আৰু এটা ভাল আশা দিছে, ১৭ তেওঁলোকে তোমালোকৰ হৃদয়ক শান্ত্বনা দিয়ক আৰু সকলো ভাল কাম আৰু বাক্যৰ কাৰণে তোমালোকক মজবুত কৰক।
৩ ভাইসকল, মই শেষত এয়াই কৈছোঁ যে আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা যাতে যিহোৱাৰ* বাক্য বেগেৰে বিয়পি গৈ থাকে আৰু মহিমা পাই থাকে, যিদৰে তোমালোকৰ মাজত হৈও আছে। ২ এয়াও প্ৰাৰ্থনা কৰা যে আমি এনে লোকসকলৰ পৰা বাচি থাকোঁ, যিসকল অনিষ্টকাৰী আৰু দুষ্ট হয়, কিয়নো সকলোৰে মাজত বিশ্বাস নাথাকে। ৩ কিন্তু প্ৰভু বিশ্বাসযোগ্য হয় আৰু তেওঁ তোমালোকক মজবুত কৰিব আৰু চয়তানৰ* পৰা ৰক্ষা কৰিব। ৪ আৰু প্ৰভুত তোমালোকৰ বিষয়ে আমাৰ ভৰসা আছে যে আমি তোমালোকক যিবোৰ নিৰ্দেশনা দিছোঁ, সেইবোৰ তোমালোকে পালন কৰি আছা আৰু আগলৈয়ো পালন কৰি থাকিবা। ৫ আমি প্ৰাৰ্থনা কৰোঁ যে প্ৰভুৱে তোমালোকৰ হৃদয়ক সঠিক পথ দেখুৱায় থাকক যাতে তোমালোকে ঈশ্বৰক প্ৰেম কৰি থাকা আৰু খ্ৰীষ্টৰ কাৰণে ধৈৰ্য ধৰি থাকিব পাৰা।
৬ ভাইসকল, আমি প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে তোমালোকক নিৰ্দেশনা দিওঁ যে এনে প্ৰতিজন ভাইৰ পৰা আঁতৰি থাকা, যিসকলে আজ্ঞা পালন নকৰে আৰু সেই নিৰ্দেশনাবোৰৰ* অনুসৰি নচলে, যিবোৰ আমি তোমালোকক* কৈছিলোঁ। ৭ তোমালোকে নিজে জানা যে তোমালোকে কেনেকৈ আমাৰ উদাহৰণত চলা উচিত। কিয়নো আমি তোমালোকৰ মাজত থকাৰ সময়ত তেওঁলোকৰ দৰে আজ্ঞা নমনা লোক নাছিলোঁ ৮ বা আমি বিনা পইচাৰে* কাৰো পৰা খোৱাবস্তু খোৱা নাছিলোঁ। ইয়াৰ পৰিৱৰ্তে, আমি দিনে-ৰাতিয়ে কঠোৰ পৰিশ্ৰম আৰু সংঘৰ্ষ কৰিছিলোঁ যাতে আমি তোমালোক কাৰো ওপৰত গধুৰ বোজা নহওঁ। ৯ এনে নহয় যে আমাৰ অধিকাৰ নাই, কিন্তু আমি তোমালোকৰ কাৰণে এনে উদাহৰণ ৰাখিব বিচাৰিছিলোঁ, যি তোমালোকে অনুকৰণ কৰা। ১০ আচলতে যেতিয়া আমি তোমালোকৰ লগত আছিলোঁ, তেতিয়া আমি প্ৰায়ে এই আদেশ দিছিলোঁ: “যদি কোনোবাই কাম কৰিব নিবিচাৰে, তেনেহʼলে তেওঁৰ খোৱাৰো অধিকাৰ নাই।” ১১ আমি শুনিছোঁ যে তোমালোকৰ মাজত কিছুমান লোকে আজ্ঞা পালন নকৰে। তেওঁলোকে কোনো কাম-বন নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সেই বিষয়বোৰত সোমায়, যি বিষয়বোৰৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। ১২ এনে লোকসকলক আমি প্ৰভু যীচু খ্ৰীষ্টত আদেশ দিওঁ আৰু বুজাওঁ যে তেওঁলোকে শান্তিৰে নিজৰ কাম-বন কৰক আৰু নিজৰ খোৱা-বোৱাৰ যোগাৰ নিজে কৰক।
১৩ ভাইসকল, তোমালোকে ভাল কাম কৰিবলৈ হাৰ নামানিবা। ১৪ কিন্তু কোনোবাই যদি সেই কথাবোৰ পালন নকৰে, যিবোৰ আমি এই চিঠিখনত কৈছোঁ, তেনেহʼলে এনে মানুহৰ ওপৰত দৃষ্টি ৰাখা* আৰু তেওঁৰ লগত সংগতি কৰিবলৈ এৰি দিয়া যাতে তেওঁ লাজ পায়। ১৫ তথাপি তেওঁক শত্ৰু বুলি নাভাবিবা, কিন্তু তেওঁক এজন ভাই হিচাপে শিকাই-বুজাই থাকা।
১৬ আমাৰ প্ৰাৰ্থনা এয়াই যে শান্তিৰ প্ৰভুৱে তোমালোকক সকলো ধৰণে শান্তি দি থাকক। প্ৰভু তোমালোক সকলোৰে লগত থাকক।
১৭ মই পৌলে নিজ হাতেৰে তোমালোকলৈ নমস্কাৰ লিখি আছোঁ, যি মোৰ সকলো চিঠিৰ পৰিচয় হয়। মোৰ লিখাৰ ধৰণ এয়াই হয়।
১৮ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।
বা “চীলবান।”
বা “সংকট।”
অতি. ক৫ চাওক।
বা “নুভুলায়।”
বা “সত্য উপাসনাৰ পৰা আঁতৰি যোৱা।”
বা “শ্ৰদ্ধাৰ সকলো বস্তুতকৈ।”
বা “নিয়ম।”
অতি. ক৫ চাওক।
আক্ষ., “সেই দুষ্টৰ।”
বা “নিয়মবোৰৰ।”
বা হয়তো, “তেওঁলোকক।”
বা “বিনামূল্যে।”
আক্ষ., “ওপৰত চিন দিয়া।”