তীমথিয়লৈ প্ৰথম চিঠি
১ আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ আৰু আমাৰ আশা খ্ৰীষ্ট যীচুৰ আজ্ঞাৰ অনুসৰি মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি* হওঁ। ২ আৰু মই বিশ্বাসত মোৰ প্ৰকৃত লʼৰা তীমথিয়লৈ* এই চিঠি লিখি আছোঁ:
আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা, দয়া আৰু শান্তি হওক।
৩ যেতিয়া মই মাকিদনিয়া যাবলগীয়া আছিল, তেতিয়া মই তোমাক ইফিচত থাকিবলৈ উৎসাহিত কৰিছিলোঁ। এতিয়া মই তোমাক উৎসাহিত কৰিছোঁ যে তাত যিসকল লোকে বেলেগ ধৰণৰ শিক্ষা দি আছে, তেওঁলোকক আজ্ঞা দিয়া যে তেওঁলোকে যেন এইদৰে নকৰে ৪ আৰু মিছা কাহিনী আৰু বংশাৱলীৰ ওপৰত যেন ধ্যান নিদিয়ে। তাৰ পৰা একো লাভ নহয়, ইয়াৰ পৰিৱৰ্তে এইবোৰে কেৱল মনে সজা ধাৰণা সৃষ্টি কৰে আৰু এইবোৰ ঈশ্বৰৰ সেই ব্যৱস্থাৰ অনুসৰি নহয়, যাৰ সম্পৰ্ক বিশ্বাসৰ লগত আছে। ৫ সঁচাকৈ এই নিৰ্দেশনাৰ* উদ্দেশ্য এই যে আমি শুদ্ধ মন আৰু শুদ্ধ বিবেকেৰে আৰু সেই বিশ্বাসৰ অনুসৰি প্ৰেম কৰোঁ, যʼত কোনো কপট নাই। ৬ ইয়াৰ পৰা বিচলিত হৈ কিছুমান লোকে অপ্ৰয়োজনীয় কথাবোৰত ব্যস্ত হৈ পৰিছে। ৭ তেওঁলোকে নিয়ম শিকাওঁতা হʼবলৈতো বিচাৰে, কিন্তু যিবোৰ কথা তেওঁলোকে কয় আৰু যিবোৰ কথাত লাগি থাকে, সেইবোৰ তেওঁলোকে নিজেই বুজি নাপায়।
৮ আমি জানোঁ যে নিয়ম ভাল হয়, যদি কোনোবাই তাক সঠিকভাৱে পালন কৰে। ৯ এই সত্যতাক মনত ৰাখি নিয়ম ভাল মানুহৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে এনে লোকসকলৰ কাৰণে বনোৱা হয়, যিসকল দুষ্ট আৰু বিদ্ৰোহী হয়, ভক্তিহীন আৰু পাপী হয়, যিসকল বিশ্বাসী নহয়,* পবিত্ৰ কথাবোৰক তুচ্ছ বুলি ভাবে, মা-দেউতাক হত্যা কৰে, হত্যাকাৰী, ১০ অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখা লোক, পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা পুৰুষ, অপহৰণ কৰা লোক, মিছলীয়া, প্ৰতিজ্ঞা পূৰ নকৰা লোক,* আৰু এনেধৰণৰ সকলো কাম কৰা লোকসকল আছে, যি লাভজনক* শিক্ষাৰ বিৰুদ্ধে হয়। ১১ এই লাভজনক শিক্ষা আনন্দিত ঈশ্বৰৰ সেই মহিমাপূৰ্ণ শুভবাৰ্তাৰ অনুসৰি হয়, যি শুনোৱাৰ দায়িত্ব মোক দিয়া হৈছে।
১২ আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ প্ৰতি মই কৃতজ্ঞ, যিজনে মোক শক্তি দিছে, কিয়নো তেওঁ মোক বিশ্বাসযোগ্য বুলি ভাবি নিজৰ সেৱাৰ কাৰণে নিযুক্ত কৰিছে। ১৩ যদিও মই আগতে ঈশ্বৰক নিন্দা কৰোঁতা আৰু অত্যাচাৰ কৰোঁতা আৰু অহংকাৰী আছিলোঁ, তথাপি মোৰ ওপৰত দয়া কৰা হʼল, কিয়নো মই অজানিতে আৰু বিশ্বাস নথকাৰ কাৰণে এইবোৰ কৰিছিলোঁ। ১৪ কিন্তু আমাৰ প্ৰভুৱে মোৰ ওপৰত প্ৰচুৰ পৰিমাণে মহা-কৃপা দেখুৱালে আৰু মই খ্ৰীষ্ট যীচুৰ পৰা বিশ্বাস আৰু প্ৰেম লাভ কৰিলোঁ। ১৫ এই কথা ভৰসাযোগ্য আৰু সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ যোগ্য হয় যে খ্ৰীষ্ট যীচুৱে পাপীবিলাকক উদ্ধাৰ কৰিবলৈ জগতলৈ আহিছিল। আৰু সেই পাপীবিলাকৰ ভিতৰত ময়েই আটাইতকৈ ডাঙৰ পাপী হওঁ। ১৬ তথাপিও মোৰ ওপৰত দয়া কৰা হʼল, যাতে এই মহা-পাপীৰ যোগেদি খ্ৰীষ্ট যীচুৱে দেখুৱায় যে তেওঁ কিমান ধৈৰ্য ধৰে আৰু মই সেই সকলোৰে কাৰণে এক উদাহৰণ হওঁ, যিসকলে অনন্ত জীৱন পাবলৈ তেওঁৰ ওপৰত বিশ্বাস কৰে।
১৭ চিৰকালৰ ৰজা, অবিনাশী, অদৃশ্য আৰু একমাত্ৰ ঈশ্বৰৰ আদৰ আৰু তেওঁৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।
১৮ হে মোৰ লʼৰা তীমথিয়, তোমাৰ বিষয়ে যি ভৱিষ্যবাণী কৰা হৈছিল, সেইবোৰৰ ওপৰত ধ্যান দি মই তোমাক নিৰ্দেশনা দিছোঁ যে তুমি ইয়াৰ অনুসৰি ভালদৰে সংঘৰ্ষ কৰি থাকা। ১৯ আৰু নিজৰ বিশ্বাস আৰু শুদ্ধ বিবেক বজাই ৰাখা, এই শুদ্ধ বিবেকৰ কথা নুশুনাৰ কাৰণে কিছুমান লোকৰ বিশ্বাসৰ জাহাজ ভাঙি গৈছে। ২০ তেওঁলোকৰ মাজত হুমিনায় আৰু আলেকজেন্দাৰো আছে আৰু মই তেওঁলোকক চয়তানৰ হাতত গতাই দিলোঁ, এইদৰে যেন তেওঁলোকে ঈশ্বৰক নিন্দা কৰিব নালাগে বুলি শিকিব পাৰে।
২ সেইবাবে, প্ৰথমতে মই তোমালোকক উৎসাহিত কৰিছোঁ যে সকলো ধৰণৰ লোকসকলৰ কাৰণে মিনতি, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা। ২ ৰজা আৰু উচ্চ পদত* থকা সেই সকলোৰে কাৰণে প্ৰাৰ্থনা কৰা যাতে আমি সম্পূৰ্ণ গম্ভীৰতাৰে আৰু ঈশ্বৰৰ ভক্তি কৰি শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ। ৩ এই কথা আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰৰ দৃষ্টিত ভাল আৰু গ্ৰহণযোগ্য হয়। ৪ তেওঁৰ ইচ্ছা এয়েই যে সকলো ধৰণৰ মানুহে যেন উদ্ধাৰ আৰু সত্যৰ সঠিক জ্ঞান পায়। ৫ ঈশ্বৰ এজনেই আৰু ঈশ্বৰ আৰু মানুহৰ মাজত এজনেই মধ্যস্থতা আছে, তেওঁ হৈছে এজন মানুহ অৰ্থাৎ খ্ৰীষ্ট যীচু। ৬ তেওঁ সকলোৰে* কাৰণে মুক্তিৰ মূল্য হিচাপে নিজৰ জীৱন দিলে। আৰু এই কথাৰ সাক্ষ্য সঠিক সময়ত নিশ্চয় দিয়া হʼব। ৭ এই সাক্ষ্য দিবলৈ মোক এজন প্ৰচাৰক আৰু পাঁচনি* হিচাপে নিযুক্ত কৰা হৈছে যাতে মই বিশ্বাস আৰু সত্যৰ বিষয়ে যিহূদী নোহোৱা লোকসকলক শিক্ষা দিব পাৰোঁ। মই সঁচা কথা কৈ আছোঁ, মিছা কথা কোৱা নাই।
৮ সেইবাবে, মই বিচাৰোঁ যে সকলো ঠাইতে পুৰুষে ক্ৰোধ আৰু তৰ্ক-বিতৰ্ক নকৰি বিশ্বাসী হৈ ওপৰলৈ হাত দাঙি যেন প্ৰাৰ্থনাত লাগি থাকে। ৯ ঠিক সেইদৰে, তিৰোতাসকলেও ভাবি-চিন্তি* আৰু মৰ্য্যদাৰে সৈতে পৰিপাটিকৈ* কাপোৰ পিন্ধক, লগতে তেওঁলোকে বিভিন্ন ধৰণে চুলি গোঁঠা বা সোণ, মুকুতা বা দামী দামী কাপোৰ পিন্ধি নিজকে সজোৱাৰ বিষয়ে চিন্তিত নহওক। ১০ তেওঁলোকে ভাল কামেৰে সৈতে নিজকে সজোৱা উচিত, কিয়নো ঈশ্বৰৰ ভক্তি কৰা তিৰোতাসকলক এয়াই শোভা দিয়ে।
১১ শিক্ষা লাভ কৰাৰ সময়ত এগৰাকী তিৰোতাই যেন শান্ত* হৈ থাকে আৰু সম্পূৰ্ণৰূপে অধীনতা দেখুৱায়। ১২ মই তিৰোতাসকলক শিকাবলৈ বা পুৰুষৰ ওপৰত অধিকাৰ চলাবলৈ অনুমতি নিদিওঁ, ইয়াৰ পৰিৱৰ্তে তেওঁ শান্ত হৈ থকা উচিত। ১৩ কাৰণ আদমক প্ৰথমে সৃষ্টি কৰা হৈছিল, তাৰ পাছতহে হৱাক। ১৪ আৰু আদমক ভুলোৱা নহʼল, কিন্তু তিৰোতাগৰাকীক সম্পূৰ্ণৰূপে ভুলোৱা হৈছিল, যাৰ বাবে তেওঁ পাপ কৰিলে। ১৫ কিন্তু এগৰাকী তিৰোতাই সন্তান জন্ম দিলে সুৰক্ষিত থাকিব, যদি তেওঁ* নিজৰ বিশ্বাস আৰু প্ৰেম বজাই ৰাখে, পবিত্ৰ হৈ থাকে, লগতে বুদ্ধিমতাৰে কাম কৰে।
৩ এই কথা ভৰসাযোগ্য হয়: যদি কোনো পুৰুষে অধ্যক্ষ হোৱাৰ কাৰণে চেষ্টা কৰি আগবাঢ়ি আহে, তেনেহʼলে তেওঁ এক উত্তম কাম কৰাৰ ইচ্ছা ৰাখে। ২ সেইবাবে, এজন অধ্যক্ষ নিৰ্দোষী হোৱা উচিত, তেওঁৰ এজনীয়েই পত্নী থকা উচিত, তেওঁ সকলো বিষয়ত আত্মনিয়ন্ত্ৰণ ৰখা, বুদ্ধিমতাৰে কাম কৰা, সংগঠিতভাৱে চলা আৰু অতিথি-সৎকাৰ কৰা ব্যক্তি হোৱা উচিত, শিক্ষা দিয়াত নিপুণ হোৱা উচিত, ৩ মতলীয়া, মাৰ-পিট কৰা ব্যক্তি, নিজৰ মতামতত লাগি থকা ব্যক্তি, কাজিয়া কৰা ব্যক্তি, টকা-পইচাৰ প্ৰতি লোভ কৰা ব্যক্তি হোৱা উচিত নহয়, ৪ নিজৰ পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰা ব্যক্তি হোৱা উচিত,* যিজনৰ লʼৰা-ছোৱালী সম্পূৰ্ণ গম্ভীৰতাৰে যেন তেওঁৰ অধীনত থাকে। ৫ (কিয়নো যদি এজন পুৰুষে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব নাজানে, তেনেহʼলে তেওঁ ঈশ্বৰৰ মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰিব?) ৬ নতুনকৈ খ্ৰীষ্টান হোৱা ব্যক্তি হোৱা উচিত নহয় যাতে তেওঁ অহংকাৰেৰে ভৰি নপৰে আৰু চয়তানে পোৱা সেই শাস্তি যেন তেওঁ নাপায়। ৭ ইয়াৰ উপৰিও, বাহিৰৰ লোকসকলৰ পৰা তেওঁ ভাল নাম অৰ্জন কৰা উচিত যাতে তেওঁৰ অপমান* নহয় আৰু তেওঁ যেন চয়তানৰ ফান্দত নপৰে।
৮ ঠিক সেইদৰে, সহায়ক সেৱকসকলেও গম্ভীৰ হোৱা উচিত। তেওঁলোকে দুতলীয়া কথা* কোৱা ব্যক্তি, অধিক পৰিমাণে মদ খোৱা ব্যক্তি আৰু লোভ কৰি আনৰ সুযোগ লোৱা ব্যক্তি হোৱা উচিত নহয়। ৯ আৰু তেওঁলোকে শুদ্ধ বিবেকেৰে সৈতে বিশ্বাস আৰু পবিত্ৰ ৰহস্যক ধৰি ৰখা উচিত।
১০ ইয়াৰ উপৰিও, প্ৰথমে তেওঁলোকক চালি-জাৰি চোৱা উচিত যে তেওঁলোকে যোগ্য হয় নে নহয়, তাৰ পাছত যেতিয়া তেওঁলোক নিৰ্দোষী বুলি প্ৰমাণিত হʼব, তেতিয়া তেওঁলোকক সেৱকৰ কাম দিয়া উচিত।
১১ ঠিক সেইদৰে, তিৰোতাসকলেও গহীন হোৱা উচিত। তেওঁলোকে আনক বদনাম কৰোঁতা হোৱা উচিত নহয়, প্ৰতিটো কথাত আত্মনিয়ন্ত্ৰণ ৰাখোঁতা আৰু বিশ্বাসযোগ্য হোৱা উচিত।
১২ সহায়ক সেৱকৰ এজনীয়েই পত্নী হোৱা উচিত, নিজৰ লʼৰা-ছোৱালী আৰু পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰোঁতা* ব্যক্তি হোৱা উচিত। ১৩ কাৰণ যিসকলে ভালদৰে সেৱা কৰে, তেওঁলোকে ভাল নাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুৰ ওপৰত যি বিশ্বাস আছে, তাৰ বিষয়ে সংকোচ নকৰাকৈ কʼবলৈ সাহস পায়।
১৪ যদিও মই তোমাৰ ওচৰলৈ সোনকালে আহিবলৈ আশা কৰি আছোঁ, তথাপি মই তোমালৈ এইবোৰ কথা লিখি আছোঁ ১৫ যাতে যদিও মোৰ আহিবলৈ দেৰি হয়, তথাপি তুমি আগতীয়াকৈ জানিবা যে ঈশ্বৰৰ পৰিয়ালৰ লগত তুমি কিদৰে ব্যৱহাৰ কৰা উচিত। এই পৰিয়াল জীৱিত ঈশ্বৰৰ মণ্ডলী হয় আৰু সত্যৰ স্তম্ভ আৰু সহায়ক হয়। ১৬ সঁচাকৈ, ঈশ্বৰৰ কাৰণে ভক্তিৰ এই পবিত্ৰ ৰহস্য বহুত মহান হয়: ‘হাড়-মাংসৰ শৰীৰত যীচুক প্ৰকাশ কৰা হʼল, অদৃশ্য শৰীৰ দি তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল, তেওঁ স্বৰ্গদূতসকলৰ ওচৰত প্ৰকাশিত হʼল, আন ৰাষ্ট্ৰৰ লোকসকলক তেওঁৰ বিষয়ে প্ৰচাৰ কৰা হʼল, জগতৰ লোকসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে আৰু তেওঁক মহিমা দি স্বৰ্গলৈ উঠাই নিয়া হʼল।’
৪ ঈশ্বৰৰ প্ৰেৰণাৰে কোৱা বাক্যই স্পষ্টকৈ কয় যে আগলৈ এনে সময় আহিব, যেতিয়া ভুল পথলৈ নিয়া মিছা বাৰ্তা আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ শিক্ষাৰ ওপৰত ধ্যান দিয়াৰ কাৰণে কিছুমান লোকে বিশ্বাস কৰিবলৈ এৰি দিব। ২ কিয়নো তেওঁলোকে এনে কপটীয়াবিলাকৰ মিছা কথাত ভুল যাব, যিসকলৰ বিবেক অচেতন হৈ গৈছে, যিদৰে গৰম লোহাৰে দাগ দিলে ছাল অচেতন হৈ যায়। ৩ তেওঁলোকে বিয়া কৰিবলৈ মানা কৰিব আৰু কিছুমান বস্তু নাখাবলৈ লোকসকলক আজ্ঞা দিব, কিন্তু ঈশ্বৰে সেই খোৱা বস্তুবোৰ সৃষ্টি কৰিছে যাতে যিসকলে বিশ্বাস কৰে আৰু সত্যক সঠিকভাৱে জানে তেওঁলোকে ধন্যবাদ দি সেইবোৰ যেন খাব পাৰে। ৪ কিয়নো ঈশ্বৰৰ প্ৰতিটো সৃষ্টি উত্তম হয় আৰু ধন্যবাদ দি খালে, খাব নোৱাৰা বস্তু এনে একোৱেই নাই। ৫ কাৰণ ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ কাৰণে সেই খোৱা বস্তু পবিত্ৰ হৈ যায়।
৬ ভাইসকলক এই পৰামৰ্শ দিলে তুমি খ্ৰীষ্ট যীচুৰ এজন ভাল সেৱক হʼবা আৰু তুমি বিশ্বাসৰ বাক্য আৰু সেই উত্তম শিক্ষাৰে নিজকে প্ৰতিপালন কৰি থাকিবা, যি তুমি বহুত যত্নেৰে পালন কৰি আহিছা। ৭ কিন্তু ঈশ্বৰক নিন্দা কৰা মিছা কাহিনীবোৰৰ পৰা আঁতৰি থাকা, যিদৰে সেইবোৰ বৃদ্ধ তিৰোতাবিলাকে শুনায়। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ভক্তি কৰিবলৈ লক্ষ্য ৰাখা আৰু সেই লক্ষ্যত উপনীত হʼবলৈ নিজকে প্ৰশিক্ষণ দি থাকা। ৮ কাৰণ শৰীৰৰ ব্যায়াম কেৱল কিছু পৰিমাণে লাভজনক হয়, কিন্তু ঈশ্বৰৰ ভক্তি সকলো কথাৰ কাৰণে লাভজনক, কিয়নো এয়া আজি আৰু আহিবলগীয়া সময়তো জীৱন দিবলৈ প্ৰতিজ্ঞা কৰে। ৯ এই কথাৰ ওপৰত ভৰসা কৰিব পাৰি আৰু এয়া সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ যোগ্য। ১০ সেইবাবে, আমি কঠোৰ পৰিশ্ৰম কৰি সংঘৰ্ষ কৰি আছোঁ, কিয়নো আমি এজন জীৱিত ঈশ্বৰৰ ওপৰত আশা ৰাখিছোঁ, যিজন সকলো ধৰণৰ লোকসকলৰ উদ্ধাৰকৰ্তা হয়, বিশেষকৈ সেই লোকসকলৰ, যিসকল বিশ্বাসযোগ্য হয়।
১১ এই কথাবোৰৰ আজ্ঞা দি থাকা আৰু এইবোৰৰ বিষয়ে শিকাই থাকা। ১২ কোনেও যেন তোমাৰ কম বয়সৰ কাৰণে তোমাক তল চকুৰে নাচাওক। ইয়াৰ পৰিৱৰ্তে কথা কোৱাত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতা বজাই ৰখাত বিশ্বাসযোগ্য লোকসকলৰ কাৰণে এক উদাহৰণ হোৱা। ১৩ যেতিয়ালৈকে মই নাহোঁ, তেতিয়ালৈকে লোকসকলৰ আগত পঢ়ি শুনাবলৈ, তেওঁলোকক উৎসাহিত কৰিবলৈ আৰু শিক্ষা দিবলৈ মনে-প্ৰাণে লাগি থাকা। ১৪ প্ৰাচীন গোষ্ঠীয়ে যেতিয়া তোমাৰ ওপৰত হাত ৰাখিছিল, তেতিয়া ভৱিষ্যবাণীৰ যোগেদি তোমাক যি বৰদান দিয়া হৈছিল, সেই বৰদানক অৱহেলা নকৰিবা। ১৫ এই কথাবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি থাকা* আৰু এইবোৰত লাগি থাকা যাতে তোমাৰ উন্নতি সকলোৱে স্পষ্টকৈ দেখা পায়। ১৬ নিজৰ ওপৰত আৰু নিজৰ শিক্ষাৰ ওপৰত সদায় ধ্যান দি থাকা। এইবোৰ কথাতেই লাগি থাকা, কিয়নো এনে কৰিলে তুমি নিজৰ আৰু তোমাৰ কথা শুনা লোকসকলৰো উদ্ধাৰ কৰিবা।
৫ কোনো বৃদ্ধ পুৰুষক টানকৈ নকʼবা। ইয়াৰ পৰিৱৰ্তে, তেওঁক নিজৰ পিতৃ বুলি ভাবি প্ৰেমেৰে বুজোৱা, ডেকাসকলক ভাই, ২ বৃদ্ধ তিৰোতাসকলক মা আৰু কম বয়সৰ তিৰোতাসকলক ভনী বুলি ভাবি সম্পূৰ্ণ পবিত্ৰতাৰে সৈতে বুজোৱা।
৩ যিসকল বিধৱাক সঁচাকৈ সহায়ৰ প্ৰয়োজন আছে,* তেওঁলোকৰ যত্ন লোৱা।* ৪ কিন্তু যদি কোনো বিধৱাৰ লʼৰা-ছোৱালী বা নাতি-নাতিনী আছে, তেনেহʼলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোকসকলৰ চোৱা-চিতা কৰি ঈশ্বৰলৈ নিজৰ ভক্তি দেখুৱাওক। তেওঁলোকে নিজৰ মা-দেউতা আৰু ককা-আইতাই যি পাবলগীয়া আছে, সেয়া দিয়ক, কিয়নো এনে কৰিলে ঈশ্বৰ আনন্দিত হয়। ৫ যিগৰাকী বিধৱাক সঁচাকৈ সহায়ৰ প্ৰয়োজন আছে আৰু তেওঁক সহায় কৰিবলৈ কোনো নাই, তেওঁ ঈশ্বৰৰ ওপৰত আশা ৰাখে আৰু দিনে-ৰাতিয়ে মিনতি আৰু প্ৰাৰ্থনাত লাগি থাকে। ৬ কিন্তু যিগৰাকী বিধৱাই শৰীৰৰ ইচ্ছা পূৰ কৰাত লাগি থাকে, তেওঁ জীয়াই থাকিও মৰাৰ নিচিনা হয়। ৭ সেইবাবে, তেওঁলোকক এইবোৰ নিৰ্দেশনা* দি থাকা যাতে কোনেও তেওঁলোকৰ ওপৰত আঙুলি টোৱাব নোৱাৰে। ৮ কোনোৱে যদি নিজৰ পৰিয়ালৰ, বিশেষকৈ নিজৰ ঘৰৰ লোকসকলৰ চোৱা-চিতা নকৰে, তেনেহʼলে তেওঁ বিশ্বাসৰ পৰা আঁতৰি গৈছে আৰু তেওঁ বিশ্বাস নকৰা লোকতকৈও বেয়া।
৯ বিধৱাসকলৰ তালিকাত কেৱল তেওঁৰেই নাম লিখা হওক, যিগৰাকীৰ বয়স ৬০ বছৰতকৈ বেছি, যিগৰাকী এজন স্বামীৰেই পত্নী আছিল, ১০ ভাল কাম কৰাৰ কাৰণে জনাজাত, যিগৰাকীয়ে নিজৰ সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিছে, যিগৰাকীয়ে অতিথি-সৎকাৰ কৰিছে, পবিত্ৰ লোকসকলৰ ভৰি ধুৱাইছে, সমস্যাত থকা লোকসকলক সহায় কৰিছে আৰু যিগৰাকীয়ে প্ৰতিটো ভাল কাম কৰাত পৰিশ্ৰম কৰিছে।
১১ আনহাতে, যুৱতী বিধৱাসকলৰ নাম তালিকাত নিলিখিবা, কিয়নো যেতিয়া তেওঁলোকৰ যৌন-ইচ্ছাবোৰ খ্ৰীষ্টৰ সেৱা কৰাত বাধা হৈ যায়, তেতিয়া তেওঁলোকে বিয়া কৰিব বিচাৰে। ১২ তেওঁলোকে দোষী হʼব, কিয়নো তেওঁলোকে আগতে যি বিশ্বাস প্ৰকাশ কৰিছিল,* এতিয়া তেওঁলোকে তাৰ বিৰুদ্ধে গৈছে। ১৩ লগতে কাম-বন নকৰা আৰু ঘৰে ঘৰে ঘূৰি ফুৰাৰ তেওঁলোকৰ অভ্যাস হৈ যায়। হয়, তেওঁলোকে কেৱল কাম-বন নকৰে এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ পৰচৰ্চা কৰাৰ অভ্যাস হৈ যায় আৰু তেওঁলোকে আনৰ বিষয়ত দখল দি থাকে। তেওঁলোকে এনে বিষয়বোৰ কয়, যিবোৰ তেওঁলোকে কোৱা উচিত নহয়। ১৪ সেইবাবে, যুৱতী বিধৱাসকলে বিয়া কৰা, সন্তান জন্ম দিয়া আৰু ঘৰ চম্ভালাটো মই বিচাৰোঁ যাতে বিৰোধীসকলে আমাৰ বিষয়ে বেয়াকৈ কʼবলৈ সুযোগ নাপায়। ১৫ কাৰণ কিছুমান বিধৱাই ইতিমধ্যে সত্য ত্যাগ কৰি চয়তানক অনুকৰণ কৰিছে। ১৬ কোনো বিশ্বাসী তিৰোতাৰ পৰিয়ালত যদি কোনো বিধৱা আছে, তেনেহʼলে সেই তিৰোতাই বিধৱাগৰাকীক সহায় কৰক আৰু মণ্ডলীক তেওঁৰ বোজা নিদিয়ক। তেতিয়া মণ্ডলীয়ে এনে বিধৱাসকলক সহায় কৰিব পাৰিব, যিসকলক সঁচাকৈ সহায়ৰ প্ৰয়োজন আছে।
১৭ যিসকল প্ৰাচীনে ভালদৰে চোৱা-চিতা কৰে,* তেওঁলোকক দুগুণ আদৰ পোৱাৰ যোগ্য বুলি ভবা হওক, বিশেষকৈ যিসকলে ঈশ্বৰৰ বাক্য কোৱা আৰু শিকোৱাত কঠোৰ পৰিশ্ৰম কৰে। ১৮ কাৰণ শাস্ত্ৰত লিখা আছে, “তুমি মৰণা মাৰোঁতে ষাঁড় গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু এয়াও লিখা আছে “কাম কৰা লোকসকলে মজুৰি পোৱাৰ যোগ্য।” ১৯ কোনো বৃদ্ধ পুৰুষৰ* ওপৰত লগোৱা অভিযোগ, তেতিয়ালৈকে বিশ্বাস নকৰিবা, যেতিয়ালৈকে দুজন বা তিনিজন সাক্ষীয়ে প্ৰমাণ নিদিয়ে। ২০ যিসকলে পাপ কৰাত লাগি আছে, তেওঁলোকক সকলোৰে আগত শুধৰণি কৰা যাতে আন লোকসকলে সতৰ্কবাণী পায়।* ২১ মই তোমাক ঈশ্বৰ আৰু খ্ৰীষ্ট যীচু আৰু বাছনি কৰা স্বৰ্গদূতৰ আগত সম্পূৰ্ণ দৃঢ়তাৰে আদেশ দিছোঁ যে আগতীয়াকৈ কোনো মতামত নিদিয়াকৈ আৰু পক্ষপাত নকৰাকৈ এই নিৰ্দেশনাবোৰ পালন কৰা।
২২ কেতিয়াও কোনো পুৰুষক দায়িত্ব দিবলৈ* খৰ-ধৰ নকৰিবা। আনৰ পাপৰ সহভাগী নহʼবা, নিজৰ চৰিত্ৰ শুদ্ধ কৰি ৰাখা।
২৩ এতিয়াৰ পৰা পানী নাখাবা,* ইয়াৰ পৰিৱৰ্তে নিজৰ পেটৰ কাৰণে আৰু বাৰে বাৰে হৈ থকা বেমাৰৰ কাৰণে অলপ দ্ৰাক্ষাৰস খাবা।
২৪ কিছুমান লোকৰ পাপ সকলোৰে আগত প্ৰকাশ পায় আৰু তেওঁলোকে লগে লগে শাস্তি পায়, কিন্তু আন কিছুমানৰ পাপ পাছত প্ৰকাশ পায়। ২৫ ঠিক সেইদৰে, ভাল কামো সকলোৰে আগত প্ৰকাশ পায় আৰু যি ভাল কামবোৰ প্ৰকাশ নাপায়, সেইবোৰো লুকুৱাই ৰাখিব নোৱাৰি।
৬ দাসসকলে সকলো সময়ত নিজৰ মালিকসকলক সম্পূৰ্ণ আদৰৰ যোগ্য বুলি ভাবক যাতে ঈশ্বৰৰ নাম আৰু খ্ৰীষ্টৰ শিক্ষাৰ কেতিয়াও বদনাম নহয়। ২ আৰু যিসকল দাসৰ মালিক খ্ৰীষ্টান হয়, তেওঁলোকে নিজৰ মালিকসকলক অনাদৰ নকৰক, কিয়নো তেওঁলোক তেওঁলোকৰ ভাই হয়। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে আৰু বেছি আনন্দেৰে তেওঁলোকৰ সেৱা কৰক, কিয়নো যিসকলে তেওঁলোকৰ ভাল সেৱাৰ পৰা লাভৱান হৈ আছে, তেওঁলোক খ্ৰীষ্টান আৰু প্ৰিয় ভাই হয়।
এইবোৰ কথাই শিকাই থাকা আৰু এইবোৰ পালন কৰিবলৈ উৎসাহিত কৰি থাকা। ৩ যদি কোনোবাই বেলেগ শিক্ষা শিকায় আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ লাভজনক* শিক্ষাৰ লগত সন্মত নহয় আৰু ঈশ্বৰৰ ভক্তিৰ লগত মিল খোৱা শিক্ষাৰ লগত সন্মত নহয়, ৪ তেনেহʼলে তেওঁলোকে অহংকাৰেৰে ভৰি পৰে আৰু তেওঁলোকৰ কোনো বুদ্ধি নাই। তেওঁলোকে তৰ্ক-বিতৰ্ক কৰা আৰু অনৰ্থক কথাবোৰক লৈ কাজিয়া কৰাত লাগি থাকে। এইদৰে কৰি তেওঁলোকে ঈৰ্ষা, কাজিয়া আৰু এজনে-আনজনক বদনাম কৰে,* তেওঁলোকে বেয়া উদ্দেশ্যেৰে সন্দেহ কৰে। ৫ সেই লোকসকলে সৰু সৰু কথাত কাজিয়া কৰে, এই সকলো কাম সেই লোকসকলে কৰে, যিসকলৰ মন ভ্ৰষ্ট হৈ গৈছে আৰু যিসকলে সত্যৰ পৰা আঁতৰি গৈছে। তেওঁলোকে ভাবে যে ঈশ্বৰক ভক্তি কৰাটো উপাৰ্জন কৰাৰ উপায় হয়। ৬ কিন্তু এয়া সঁচা যে সন্তুষ্ট থাকি ঈশ্বৰৰ ভক্তি কৰিলে আমি বেছিকৈ লাভৱান হʼব পাৰিম। ৭ কিয়নো আমি জগতলৈ একো লৈ অহা নাই আৰু ইয়াৰ পৰাও একো লৈ যাব নোৱাৰোঁ। ৮ সেইবাবে, যদি আমাৰ ওচৰত খাবলৈ আৰু পিন্ধিবলৈ* আছে, তেনেহʼলে আমি তাতেই সন্তুষ্ট হোৱা উচিত।
৯ কিন্তু যিসকল লোকে যিকোনো পৰিস্থিতিত ধনী হʼব বিচাৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰি যায় আৰু মূৰ্খতাৰে ভৰা আৰু বিপদজনক ইচ্ছাবোৰত সোমাই পৰে, যিয়ে মানুহক ধ্বংস আৰু বিনাশৰ ফালে লৈ যায়। ১০ টকা-পইচাৰ প্ৰতি থকা প্ৰেম সকলো ধৰণৰ দুষ্টতাৰ শিপা হয় আৰু ইয়াত পৰি কিছুমান লোকে ভ্ৰান্ত হৈ বিশ্বাসৰ পৰা আঁতৰি গৈছে আৰু তেওঁলোকে বহুতো দুখ-কষ্টেৰে নিজকে খোঁচা মাৰিছে।
১১ কিন্তু হে ঈশ্বৰৰ সেৱক, তুমি এইবোৰ কথাৰ পৰা দূৰলৈ পলোৱা। ইয়াৰ পৰিৱৰ্তে সঠিক কাম, ঈশ্বৰৰ ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য আৰু কোমলতাৰ গুণ বিকশিত কৰাত লাগি থাকা। ১২ বিশ্বাসৰ কাৰণে ভালদৰে যুঁজি থাকা, সেই অনন্ত জীৱনক দৃঢ়ভাৱে ধৰি ৰাখা, যাৰ কাৰণে তোমাক মতা হৈছিল আৰু যাৰ বিষয়ে তুমি বহুতো লোকৰ আগত সাক্ষ্য দিছিলা।
১৩ সকলোকে জীয়াই ৰাখোঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যিজনে পন্তীয় পীলাতৰ আগত ভালদৰে সাক্ষ্য দিছিল, সেই যীচু খ্ৰীষ্টৰ সাক্ষাতে মই তোমাক এই আদেশ দিছোঁ ১৪ যে যি আজ্ঞা তোমাক দিয়া হৈছে, সেয়া নিষ্কলংক আৰু নিৰ্দোষী হৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্ট প্ৰকাশ নোহোৱালৈকে পালন কৰি থাকা। ১৫ প্ৰভু যীচু খ্ৰীষ্টই নিৰ্ধাৰিত সময়ত নিজকে প্ৰকাশ কৰিব। তেওঁ ধন্য আৰু একমাত্ৰ শক্তিশালী সম্ৰাট, ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু হয়। ১৬ কেৱল তেওঁৰেই ওচৰত অমৰতা আছে, তেওঁ সেই পোহৰত থাকে, যʼত কোনেও যাব নোৱাৰে আৰু যাক কোনো মানুহে দেখাও নাই আৰু চাবও নোৱাৰে। তেওঁৰ আদৰ হৈ থাকক আৰু তেওঁৰ শক্তি সদায় থাকক। আমেন।
১৭ যিসকলে এই জগতত* ধনী হয়, তেওঁলোকক নিৰ্দেশনা* দিয়া যে তেওঁলোকে যেন অহংকাৰী হৈ নপৰে আৰু নিজৰ আশা ধন-সম্পত্তিৰ ওপৰত যেন নাৰাখে, যি আজি আছে কাইলৈ নাথাকিব, ইয়াৰ পৰিৱৰ্তে নিজৰ আশা ঈশ্বৰৰ ওপৰত যেন ৰাখে, যিজনে প্ৰচুৰ পৰিমাণে সেই সকলো দিয়ে, যিবোৰৰ আমি আনন্দ লওঁ। ১৮ তেওঁলোকক এয়াও কোৱা যে তেওঁলোকে যেন ভাল কাম কৰে আৰু ভাল কামত ধনী হয়, উদাৰশীল হয় আৰু তেওঁলোকৰ ওচৰত যি আছে, সেয়া আনক দিবলৈ সাজু থাকে। ১৯ এইদৰে তেওঁলোকে যেন ঈশ্বৰৰ দৃষ্টিত ৰত্ন জমা কৰি আছে অৰ্থাৎ ভৱিষ্যতৰ কাৰণে এক ভাল ভিত্তি স্থাপন কৰিছে যাতে প্ৰকৃত জীৱনক দৃঢ়তাৰে ধৰি ৰাখিব পাৰে।
২০ হে তীমথিয়, তোমাক যি সম্পত্তি দিয়া হৈছে তাক চম্ভালি ৰাখা। সেই অনৰ্থক কথাবোৰৰ পৰা দূৰত থাকা, যি পবিত্ৰ কথাবোৰৰ বিৰুদ্ধে হয় আৰু মিছা জ্ঞানৰ ধাৰণাৰ পৰাও দূৰত থাকা। ২১ এনেধৰণৰ জ্ঞানক অনুকৰণ কৰাৰ কাৰণে কিছুমান লোকে বিশ্বাসৰ পৰা আঁতৰি গৈছে।
ঈশ্বৰৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
ইয়াৰ অৰ্থ হৈছে, “ঈশ্বৰক আদৰ কৰা ব্যক্তি।”
বা “আদেশৰ; আজ্ঞাৰ।”
বা “যিসকলৰ অন্তৰত অটুট প্ৰেম নাই।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “মিছা শপত খোৱা লোক।”
বা “স্বাস্থ্যকৰ।”
বা “অধিকাৰৰ পদত।”
বা “সকলো ধৰণৰ লোকসকলৰ।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “বুদ্ধিমতাৰে।”
বা “আদৰৰ যোগ্য।”
বা “মনে মনে।”
আক্ষ., “তেওঁলোকে।”
বা “নেতৃত্ব লোৱা; পৰিয়ালৰ কাৰণে ভাল ব্যৱস্থা কৰা ব্যক্তি হোৱা উচিত।”
বা “বদনামী।”
বা “ছলনা।”
বা “নেতৃত্ব লোৱা; পৰিয়ালৰ কাৰণে ভাল ব্যৱস্থা কৰা ব্যক্তি।”
বা “ধ্যান কৰি থাকা।”
অৰ্থাৎ যিসকলক সহায় কৰিবলৈ কোনো নাই।
আক্ষ., “আদৰ কৰা।”
বা “আজ্ঞা।”
বা “আগতে যি প্ৰতিজ্ঞা কৰিছিল।”
বা “নেতৃত্ব লয়।”
বা “প্ৰাচীনৰ।”
আক্ষ., “আন লোকসকলেও ভয় কৰে।”
বা “পুৰুষৰ ওপৰত হাত ৰাখিবলৈ।”
বা “কেৱল পানী নাখাবা।”
বা “স্বাস্থ্যকৰ।”
বা “নিন্দাজনক কথা কয়।”
বা হয়তো, “মূৰ ঢাকিবলৈ ঠাই।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
বা “আদেশ।”